উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘শান্তি‘ পাঠটিৰ Class 11 Political Science Chapter 19 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
শান্তি Class 11 Political Science Chapter 19 Solutions Notes
👉 Read Also:
- সংবিধানঃ কিয় আৰু কেনেকৈ প্রশ্ন উত্তৰ
- ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ প্রশ্ন উত্তৰ
- নির্বাচন আৰু প্রতিনিধিত্ব প্রশ্ন উত্তৰ
- কার্যপালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ
শান্তি
শাখা-খ অধ্যায়- ৯
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)
১। শান্তি মানে কি?
উত্তৰঃ শান্তি মানে হ’ল যুদ্ধহীন অবস্থা।
২। বিশ্ব শান্তি প্রতিষ্ঠা আৰু ৰক্ষাৰ বাবে গঢ়ি উঠা দুটা অনুষ্ঠানৰ নাম লিখা।
উত্তৰঃ জাতি সংঘ আৰু ৰাষ্ট্ৰসংঘ।
৩। মহাত্মা গান্ধীৰ আন্দোলনৰ মূল নীতি কি আছিল?
উত্তৰঃ শান্তি আৰু অহিংসা।
৪। শান্তিৰ বাণী প্ৰচাৰ কৰা দুজন ভাৰতীয় ব্যক্তিৰানম লিখা।
উত্তৰঃ মহাত্মা গান্ধী আৰু মাদাৰ টেৰেচা।
৫। যুদ্ধক প্রশংসা কৰা এজন দার্শনিকৰানম লিকা।
উত্তৰঃ ফ্রেডেৰিক নিৎচে।
৬। ‘বসুধৈব কুটুম্বকম’ ৰ অৰ্থ কি?
উত্তৰঃ সার্বজনীন ভাতৃত্ববোধ।
৭। শান্তিৰ বিপৰীতে আনি কি পাওঁ?
উত্তৰঃ অশান্তি।
৮। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত দুটা বিশ্বশক্তিৰ সৃষ্টি হয়-শক্তি দুটা কি কি?
উত্তৰঃ ছোভিয়েট ৰাছিয়া আৰু মার্কিন যুক্তৰাষ্ট্ৰ।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)
১। ক্ষমতাৰ ভাৰসাম্য বুলিলে কি বুজা?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় ৰাজীনতিত ক্ষমতাৰ ভাৰসাম্য বুলিলে কোনো এখন ৰাষ্ট্ৰক অধিক শক্তিশালী হ’বলৈ নিদি ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাৰ প্ৰায় সম-বিতৰণ বা আনুপাতিক বিতৰণৰ দ্বাৰা যুদ্ধ এৰি চলোৱাৰ এক ব্যৱস্থাক বুজায়।
২। সামূহিক নিৰাপত্তা কি?
উত্তৰঃ কোনো আক্রমণকাৰী ৰাষ্ট্ৰ বা ৰাষ্ট্ৰ জোঁটৰ বিৰুদ্ধে শান্তিকামী ৰাষ্ট্ৰবোৰ একত্ৰিত হৈ আক্রমণক প্রতিহত কৰা ব্যৱস্থাকে ‘সামূহিক নিৰাপত্তা’ বুলি কব পৰা যায়।
৩। আন্তঃৰাষ্ট্ৰীয় আইন কি?
উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় আইন হৈছে আন্তঃৰাষ্ট্ৰীয় সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সম্পর্ক নিৰ্ণয়কাৰী কিছুমান নীতি-নিয়মৰ সমষ্টি।
৪। নিৰস্ত্ৰীকৰণ কি? ইয়াৰ প্ৰয়োজনীয়তা আছেনে?
উত্তৰঃ যুদ্ধত ব্যৱহৃত বিধ্বংসী অস্ত্র-শস্ত্ৰৰ পৰিমাণ হ্রাস কৰা বা তেনে অস্ত্র নির্মাণত বাধা দিয়াকেই ‘নিৰস্ত্ৰীকৰণ’ বোলে। বিশ্ব শান্তি, শৃঙ্খলা আৰু সামুহিক উন্নয়নৰ বাবে নিৰস্ত্ৰীকৰণৰ প্ৰয়োজন আছে।
👉 Read Also:
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক-৪)
১। শান্তিৰ সমসাময়িক প্রত্যাহ্বানসমূহ কি কি?
উত্তৰঃ বিশ্বত শান্তিকামী আৰু মানৱ কল্যাণকামী বহুতো অনুষ্ঠান, প্রতিষ্ঠান, সংস্থা, জোঁট, বেচৰকাৰী সংগঠন আদি থকা সত্ত্বেও সাম্প্রতিক বিশ্বত বাৰুকৈয়ে শান্তি বিঘ্নিত হৈছে। ইয়াৰ কাৰণবোৰ তলত চমুকৈ আলোচনা কৰা হ’ল-
(ক) বর্তমান বিশ্বশান্তিৰ সন্মুখত প্রত্যাহ্বান হিচাপে থিয় হোৱা প্রধান কাৰকটো হৈছে সন্ত্রাসবাদ। সন্ত্রাসবাদে গোটেই বিশ্বজুৰি সক্রিয় হৈ আন্তৰাষ্ট্ৰীয় শান্তিত কুঠাৰাঘাত কৰিছে। উদাহৰণ স্বৰূপে ২০০১ চনৰ ১১ চেপ্তেম্বৰ তাৰিখে নিউয়র্ক চহৰত অৱস্থিত বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রাসবাদীৰ আক্ৰমণ। ভাৰতৰ বম্বে মহানগৰীত কৰা পাকিস্থানী সন্ত্রাসবাদীসকলৰ দ্বাৰা আক্ৰমণ।
(খ) বিশ্বশান্তিৰ সমসাময়িক প্রত্যাহ্বানসমূহৰ আন এক জলন্ত কাৰক হ’ল কিছুমান ৰাষ্ট্ৰৰ সাম্রাজ্যবাদী মনোভাব। ৰাছিয়াৰ সাম্রাজ্যবাদী মনোভাৱৰ বাবে আফগানিস্থান, আমেৰিকাৰ সাম্রাজ্যবাদী মনোভাৱৰ বাবে ইৰাক. ইজৰাইলৰ আগ্রাসনী দৃষ্টিভংগীৰ বাবে পেলেলষ্টাইন আৰু ইজৰাইলত নৰ হত্যাজ্ঞ চলি আছে।
(গ) সাম্প্রতিক বিশ্বত অশান্তি সৃষ্টিত অৰিহনা যোগোৱা আন এক কাৰণ হৈছে অর্থনীতি। বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহে দুখীয়া ৰাষ্ট্ৰসমূহক শোষণ কৰি আছে। ফলত দুখীয়া ৰাষ্ট্ৰৰ জনসাধাৰণে অর্থনৈতিক মুক্তিৰ বাবে সংগ্রাম কৰি বিশ্বৰ শান্তি বিঘ্নিত কৰি আছে। উদাহৰণ স্বৰূপে আফ্ৰিকাৰ দেশসমূহত চলি থকা অর্থনৈতিক বৈষম্যই এক জলন্ত ৰূপ লৈছে।
(ঘ) বিশ্ব শান্তিৰ সন্মুখত প্রত্যাহ্বান হিচাপে দেখা দিয়া আন এক কাৰক হৈছে ধর্মীয় গোড়ামি। ধর্মীয় গোড়ামিক লৈ মধ্যপ্রাশ্চত, বিশেষকৈ ইছলামীয় ৰাষ্ট্ৰসমূহত শান্তি নাশ হৈছে। সেইদৰে ভাৰততো ধর্মীয় গোড়ামিৰ প্ৰভাৱত হিন্দু আৰু মুছলমানৰ মাজত সংঘাতৰ সৃষ্টি হৈছে।
২। পঞ্চশীল নীতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুৱে এক ভাষণত ভাৰত-চীন সম্পৰ্কৰ পথনির্দেশক হিচাপে পাঁচটা স্তম্ভ উল্লেখ কৰে। ইয়াকেই ‘পঞ্চশীল’ বুলি কোৱা হয়। এই নীতি পাঁচটা পিছলৈ গোষ্ঠী নিৰপেক্ষ আলোন্দালনৰ ভেটি হিচাপে পৰিগণিত হয়। পঞ্চশীল নীতিকেইটা হ’ল-
(১) অইন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্ৰদ্ধা প্রদর্শন।
(২) পাৰস্পৰিক অনাক্রমণ।
(৩) অইন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।
(৪) সমতা আৰু পাৰস্পৰিক সুবিধা।
(৫) শান্তিপূর্ণ সহাবস্থান।
৩। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য কি কি?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদত এই সংস্থাৰ মূল লক্ষ্যৰ কথা কোৱা হৈছে। সেই অনুসাৰে ইয়াৰ লক্ষ্যসমূহ হ’ল-
(১) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা।
(২) পৃথিৱীৰ জাতিসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পৰ্কৰ উন্নয়ন সাধন কৰা।
(৩) বিশ্বৰ অর্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু মানবীয় সমস্যাসমূহ সামাধান কৰাত আন্তর্জাতিক সহযোগ লাভ কৰা।
(৪) যুদ্ধৰ বিভীষিকাৰ পৰা ভৱিষ্যত প্ৰজন্মক ৰক্ষা কৰা।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)
১। শান্তি প্রতিষ্ঠাৰ বাবে থকা বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা।
উত্তৰঃ শান্তি প্রতিষ্ঠাৰ বাবে প্রধানত তিনিটা প্রচেষ্টা বা পদ্ধতি আছে। যেনে- ক্ষমতাৰ ভাৰসাম্য, আর্থ-সামাজিক সহযোগিতা আৰু অধিৰাষ্ট্ৰীয় ব্যৱস্থা। তলত এইবোৰ চমুকৈ আলোচনা কৰা হ’ল-
(১) ক্ষমতাৰ ভাৰসাম্য: শান্তি প্রতিষ্ঠাৰ প্ৰথম পদ্ধতি বা ব্যবস্থা মতে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত ক্ষমতাৰ ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰা। ক্ষমতাৰ ভাৰসাম্যই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সংঘর্ষ আতৰাই ৰখাত সহায়ক হয়। ৰাষ্ট্ৰসমূহৰ মাজত মিত্রজোঁট গঠন কৰি অশান্তিৰ সৃষ্টি কৰা কোনো ৰাষ্ট্ৰক আক্ৰমণ কৰিবলৈ ভাবুকি প্রদান কৰি সংঘাত নিয়ন্ত্রণলৈ আনিবলৈ চেষ্টা কৰা হয়।
(২) আর্থ-সামাজিক সহযোগিতা: শান্তি প্রতিষ্ঠাৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত সামাজিক আৰু অর্থনৈতিক সহযোগিতা বৃদ্ধি কৰিও শান্তি প্রতিষ্ঠা কৰিব পাৰি। কাৰণ অশান্তিৰ প্ৰধান কাৰণ অর্থনৈতিক সংকট, শোষণ আৰু সহযোগিতা বা বুজাবুজিৰ অভাৱ। এই কাৰণবোৰ আঁতৰ কৰিব পাৰিলে বহু সময়ত শান্তি প্রতিষ্ঠা সহজ হৈ উঠে। উদাহৰণ স্বৰূপে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপত অর্থনৈতিক আৰু ৰাজনৈতিক সহযোগিতাৰ দ্বাৰা শান্তি প্রতিষ্ঠা কৰা হৈছিল।
(৩) অধিৰাষ্ট্ৰীয় ব্যৱস্থা: শান্তি প্রতিষ্ঠাৰ আন এক উপায় হৈছে অধিৰাষ্ট্ৰীয় ব্যবস্থা। অধিৰাষ্ট্ৰীয় ব্যৱস্থাৰ দ্বাৰা এক ৰাষ্ট্ৰৰ ভৌগোলিক পৰিসীমা অতিক্ৰম কৰি বিশ্বজুৰি কল্যাণকামী সংগঠন গঢ়ি তুলি ৰাষ্ট্ৰ বা বিভিন্ন জাতিৰ মাজত সহযোগিতা বা বুজাপৰা গঢ়ি তুলিব পাৰি। যেনে প্রথম বিশ্ব যুদ্ধৰ পিছত গঠন হোৱা জাতিসংঘ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন কৰা ৰাষ্ট্ৰসংঘ।
👉 Read Also:
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
- স্বাধীনতা প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ