Join WhatsApp

Join Now

Join Telegram

Join Now

ব্যঞ্জনবৰ্ণৰ বিভাজন Classification of Assamese Consonants 2026

By Nzmina Begum

Published On:

ব্যঞ্জনবৰ্ণৰ বিভাজন Classification of Assamese Consonants

ব্যঞ্জনবৰ্ণৰ বিভাজন Classification of Assamese Consonants

👉 Read also:

ব্যঞ্জনবৰ্ণৰ বিভাজন Classification of Assamese Consonants: অসমীয়া বৰ্ণমালাত ব্যঞ্জনবৰ্ণৰ সংখ্যা মুঠতে ৩৩ টা। এই ব্যঞ্জন বৰ্ণবোৰৰ উচ্চাৰণ কৰোতে মুখৰ বিভিন্ন অংশ ব্যৱহাৰ হয়। উদাৰহণস্বৰূপে ব্যঞ্জনবৰ্ণ বিলাকৰ ভিতৰত ‘ক’ৰ পৰা ‘ম’লৈকে থকা বৰ্ণবিলাক উচ্চাৰণ কৰোতে জিভাৰ কোনো এটা অংশই মুখৰ কোনো এক অংশক স্পৰ্শ কৰে। ইহঁতক স্পৰ্শ বৰ্ণ বুলি কোৱা হয়। স্পৰ্শ বৰ্ণসমূহক পাঁচোটা বৰ্গত ভাগ কৰা হৈছে, যথাঃ

বৰ্গ বৰ্ণৰ থূপ

ক- বৰ্গ ক খ গ ঘ ঙ

চ-বৰ্গ চ ছ জ ঝ ঞ

ট-বৰ্গ ট ঠ ঢ ড ণ

ত-বৰ্গ ত থ দ ধ ন

প-বৰ্গ প ফ ভ ব ম

উল্লেখ্য যে স্পৰ্শ বৰ্ণবোৰ এই বৰ্গবিলাকৰ ভিতৰত পৰে বাবে  ইহঁতক বৰ্গীয় বৰ্ণও বোলে।

অসমীয়া ব্যঞ্জনবৰ্ণসমূহক উচ্চাৰণৰ স্থান আৰু প্ৰকৃতি অনুযায়ী ৬ ভাগত ভাগ কৰা হৈছে। যেনে– উষ্ম বৰ্ণ, অন্তঃস্থ বৰ্ণ, অল্পপ্ৰাণ বৰ্ণ, মহাপ্ৰাণ বৰ্ণ, অঘোষবৰ্ণ আৰু ঘোষ বৰ্ণ।

১। উষ্ম বৰ্ণ (Spirant)

শ, ষ, স, হ – এই বৰ্ণকেইটা উচ্চাৰণ কৰোতে মুখৰ বায়ু জোৰেৰে উলিয়াই দিব লগা হয় বাবে ইহঁতক উষ্মবৰ্ণ বোলে।

২। অন্তঃস্থ বৰ্ণ (Semi -vowel)

য, ৰ, ল, ৱ – এই বৰ্ণকেইটা স্পৰ্শ আৰু উষ্ম বৰ্ণৰ মাজত উচ্চাৰিত হয় বাবে  ইহঁতক ‘অন্তঃস্থ বৰ্ণ’ বোলে।

৩। অল্পপ্ৰাণ বৰ্ণ (Non-aspirate)

প্ৰত্যেক বৰ্গীয় বৰ্ণৰ প্ৰথম, তৃতীয় আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণৰ স্বৰ কোমল বাবে ইহঁতক অল্পপ্ৰাণবৰ্ণ বোলে। অল্পপ্ৰাণ বৰ্ণবোৰ হ’ল– ক,গ, ঙ, জ, য, ঞ, ট, ড, ণ, ত, দ, ন, প, ব  আৰু  ম ।

৪। মহাপ্ৰাণ বৰ্ণ (Aspirate)

প্ৰত্যেক বৰ্গীয় বৰ্ণৰ দ্বিতীয় আৰু চতুৰ্থ বৰ্ণৰ উচ্চাৰণৰ স্বৰ কঠিণ বাবেইহঁতক মহাপ্ৰাণ বৰ্ণ বোলে। মহাপ্ৰাণ বৰ্ণবোৰ হ’ল– খ,  ঘ,  ছ,  ঝ,  ঠ,  ঢ,  থ,  ধ,  ফ  আৰু  ভ।

৫। অঘোষবৰ্ণ (Voiceless or Unvoiced)

বৰ্গীয় বৰ্ণৰ প্ৰথম আৰু দ্বিতীয় বৰ্ণৰ উচ্চাৰণত স্বৰতন্ত্ৰীত কম্পন নুঠে বাবে ইহঁতক অঘোষ বৰ্ণ বা শ্বাস বৰ্ণ বোলে। অঘোষ বৰ্ণবোৰ হ’ল– ক,  খ,  চ,  ছ,  ট,  ঠ,  ত,  থ,  প,  আৰু  ফ।

৬। ঘোষ বৰ্ণ (Voiced)

বৰ্গীয় বৰ্ণৰ তৃতীয়, চতুৰ্থ আৰু পঞ্চম বৰ্ণৰ উচ্চাৰণত স্বৰতন্ত্ৰীত কম্পন উঠে বাবে ইহঁতক ঘোষ বৰ্ণ বা নাদ বৰ্ণ বোলে।  এই বৰ্ণবোৰ হ’ল– গ, ঘ, ঙ, জ, ঝ, ঞ, ড, ঢ, ণ, দ, ধ, ন, ব, ভ আৰু ম।

অনুশীলনী

(১) স্পৰ্শ বৰ্ণ কাক বোলে? ই কেইটা?

(২) উষ্ম বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি?

(৩) অন্তঃস্থ  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৪) অল্পপ্ৰাণ বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৫) মহাপ্ৰাণ বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৬) অঘোষ বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৭) ঘোষ  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ ব্যঞ্জনবৰ্ণৰ বিভাজন Classification of Assamese Consonants যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment