Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত অন্তৰক Insulator অৰ্থ কি?

By Nzmina Begum

Published On:

অসমীয়াত অন্তৰক Insulator অৰ্থ কি? সহজ বুজাবলৈ

অসমীয়াত অন্তৰক Insulator অৰ্থ কি?

(অন্তৰক Insulator) হৈছে এবিধ প্ৰতিৰোধক বা অ-পৰিবাহী পদাৰ্থ। ইংৰাজীত অন্তৰকক ‘ইনছুলেটৰ’ বোলা হয়। ‘ইনছুলেট” মানে বাধা দিয়া বা প্ৰতিৰোধ কৰা। যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিত নহয়, তেনে পদাৰ্থক বৈদ্যুতিক অন্তৰক বা ইলেকট্রিকাল ইনছুলেটৰ বোলা হয়।

যেনে– ৰবৰ, পাৰ্চিলিন আদি। বিদ্যুৎ পৰিবাহী ধাতৱ তাঁৰত ৰবৰৰ আস্তৰণ দি বিদ্যুতৰ অযথা নিৰ্গমন বা অপচয় ৰোধ, অৰ্থাৎ, অপৰিবাহী কৰা হয়। একেই উদ্দেশ্যেৰে বৈদ্যুতিক তাঁৰ থকা খুঁটাৰ ওপৰত পাৰ্চিলিনেৰে নিৰ্মিত এক ধৰণৰ বাটিৰ (কেতিয়াবা গিলাচৰ আকাৰৰ) ওপৰেদি বৈদ্যুতিক তাঁৰ টনা হয়।

সেইদৰে তাপৰ বিকীৰণ ৰোধ কৰাৰ বাবে উত্তপ্ত পদাৰ্থক এছবেষ্টছ, ফেল্ট আদিৰ আবৰণ দিয়া হয়। ইয়াৰ কাৰণ এছবেল্ট, ফেল্ট আদি তাপৰ ক্ষেত্ৰত ইনছুলেটৰ বা তাপ প্ৰতিৰোধক পদাৰ্থ।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment