আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ অসমৰ সংক্ষিপ্ত ইতিহাস (প্রাক ঐতিহাসিক যুগৰ পৰা বৰ্তমানলৈ) Class 12 History Chapter 5 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
অসমৰ সংক্ষিপ্ত ইতিহাস Class 12 History Chapter 5 Solutions
অসমৰ সংক্ষিপ্ত ইতিহাস (প্রাক ঐতিহাসিক যুগৰ পৰা বৰ্তমানলৈ)
পঞ্চম অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ১)
১। অসমৰ প্ৰাচীন নাম কি? H. S. ’17
উত্তৰ: প্রাগজ্যোতিষপুৰ।
২। প্রাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ: মহীৰঙ্গ দানব।
৩। ‘হৰগৌৰী সংবাদ’ৰ ৰচক কোন?
উত্তৰ: হেম সৰস্বতী।
৪। ‘ভুক্তি’ বুলিলে কি বুজায়?
উত্তৰ: প্রাচীন অসমৰ প্ৰশাসনীয় কাম-কাজ সুচাৰুৰূপে চলাবলৈ ৰাজ্যখনক কিছুমান অঞ্চলত ভাগ কৰা হৈছিল। সেই একো একোটা ভাগক ‘ভুক্তি’ বোলা হৈছিল।
৫। উত্তৰ ভাৰতৰ সম্ৰাট হৰ্ষবন্ধনৰ সমসাময়িক কামৰূপৰ ৰজাজন কোন আছিল?
উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন।
৬। কোচ বংশৰ সর্বশ্রেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰ: মহাৰাজ নৰনাৰায়ণ।
৭। ‘ফাতহিয়া-ই-ইব্রিয়া’ৰ লিখক কোন?
উত্তৰ: চিহাবুদ্দিন তালিচ।
৮। ‘বেবিহুৱাইট কলেজ’ ক’ত স্থাপন কৰা হৈছিল?
উত্তৰ: ডিব্ৰুগড়ত।
৯। কোন চনত মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল?
উত্তৰ: ১৮৫৮ চনত।
১০। আজান পীৰৰ দৰগাহ ক’ত?
উত্তৰ শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰীত।
১১। হাজোৰ পুৰণি নাম কি?
উত্তৰ: কোচ হাজো।
১২। শুক্লধ্বজৰ আন নাম কি আছিল?
উত্তৰ : চিলাৰায়।
১৩। শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? H. S. ’15
উত্তৰ: ভাগৱতী বৈষ্ণৱ ধর্ম।
১৪। শংকৰদেৱৰ উত্তৰাধিকাৰী কোন আছিল?
উত্তৰ: মাধৱদের।
১৫। হাজোত কোনে মছজিদ নির্মাণ কৰাইছিল?
উত্তৰ: গিয়াচুদ্দিন আওলিয়াই।
১৬। কোনে গড়গাওঁত আহোম ৰাজধানী স্থাপন কৰিছিল?
উত্তৰ চুক্লেংমং (গড়গয়া) ৰজাই।
১৭। ‘পথৰুঘাটৰ কৃষক বিদ্রোহ’ কেতিয়া হৈছিল?
উত্তৰ: ১৮৯২ চনত।
১৮। কোন চনত কানিংহাম চাকুলাৰ জাৰি কৰা হৈছিল?
উত্তৰ: ১৯৩০ চনত।
১৯। স্বাধীনতা সংগ্রামত জড়িত সুৰমা উপত্যকাৰ ছাত্ৰ সংগঠনটোৰ নাম কি আছিল?
উত্তৰ : সুৰমা উপত্যকা ছাত্র সংগঠন।
২০। জগন্নাথ বৰুৱাৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ: ১৯০৭ চনত।
২১। কোন ঠাইৰ পৰা ‘অৰুনোদয়’ কাকত প্রকাশিত হৈছিল?
উত্তৰ শিৱসাগৰৰ পৰা।
২২। ‘চকৰীফেটা বুৰঞ্জী ‘খনৰ ৰচক কোন আছিল? H. S. ’15
উত্তৰ: নুমলী বৰগোহাঁই।
২৩। ‘আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা নিয়ন্ত্রণ আইন’খন কেতিয়া লিপিবদ্ধ কৰা হৈছিল?
উত্তৰঃ ১৮৭৩ চনত।
২৪। কেপ্তেইন বেলচ কিয় অসমলৈ আহিছিল?
উত্তৰ: মোৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ।
২৫। ব্ৰিটিছৰ বিৰুদ্ধে প্রথম বিদ্রোহ ঘোষণা কৰা প্ৰথমজন অসমীয়া কোন আছিল?
উত্তৰ: গোমধৰ কোঁৱৰ।
২৬। কোন চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৮২৬ চনত।
২৭। বানাপুৰ কোন আছিল?
উত্তৰ: শোণিতপুৰৰ ৰজা আছিল।
২৮। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত কাৰ পক্ষত যুদ্ধ কৰিছিল?
উত্তৰ: কৌৰৱৰ পক্ষত।
২৯। বৰ্মন বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: পুষ্য বৰ্মন।
৩০। কোনখন শিলালিপিত কামৰূপ নামটো প্রথম উল্লেখ কৰা হৈছিল?
উত্তৰ: সমুদ্রগুপ্তৰ এলাহাবাদ শিলালিপিত।
৩১। চৰণ্ডবাত কোনে আহোমৰ ৰাজধানী স্থাপন কৰিছিল?
উত্তৰ: চূডাংফা বা বামুণী কোঁৱৰে।
৩২। চুকাফাই ক’ত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল?
উত্তৰ শিৱসাগৰৰ চৰাইদেউত।
৩৩। আহোমসকল কোন গোষ্ঠীৰ লোক আছিল?
উত্তৰ: থাই বা টাই গোষ্ঠীৰ।
৩৪। কিমান বছৰ ৰাজত্ব কৰাৰ পিছত চুকাফাৰ মৃত্যু হৈছিল?
উত্তৰ চল্লিশ বছৰ।
৩৫। শালস্তম্ভ বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: স্নেহুসকলৰ ৰজা শালস্তম্ভ।
৩৬। কোনজন ৰজাই প্রথমে ব্রাহ্মণক উত্তৰ বংগত ভূমিদান কৰিছিল?
উত্তৰ: পাল বংশৰ ৰজা ৰত্নপালে।
৩৭। কাৰ সৈতে কুমাৰ ভাস্কৰ বৰ্মনে এক মিত্র জোঁট স্থাপন কৰিছিল?
উত্তৰ: উত্তৰ ভাৰতৰ শক্তিশালী সম্রাট হর্ষবর্ধনৰ সৈতে।
৩৮। ভূমিদানৰ নথিপত্র তৈয়াৰ কৰা বিষয়াজনৰ নাম কি আছিল?
উত্তৰ কৰণিকা।
৩৯। কোনজন আহোম ৰজাক ‘খোৰা ৰজা’ বুলি কোৱা হয়?
উত্তৰ: চুখামফাক।
৪০। মীৰজুমলাৰ লগত অসমলৈ অহা বুৰঞ্জীবিদজনৰ নাম কি?
উত্তৰ: চিহাবুদ্দিন তালিচ।
৪১। গদাপাণি কোন ফৈদৰ ৰজা আছিল?
উত্তৰ: তুংখুঙীয়া ফৈদৰ।
৪২। শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: ১৬৭১ চনত।
৪৩। ইটাখুলীৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ: ১৬৮১ খ্রীষ্টাব্দত।
৪৪। ‘দন্দোবাদ্রোহ’ৰ নায়ক কোন আছিল?
উত্তৰ হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভাই-ককাই।
৪৫। ‘অসমীয়া ল’ৰাৰ মিত্র’ নামৰ কিতাপখনৰ লিখক কোন আছিল?
উত্তৰ: আনন্দৰাম ঢেকীয়াল ফুকন।
৪৬। মানসকলে কিমানবাৰ অসম আক্রমণ কৰিছিল?
উত্তৰ তিনিবাৰ।
৪৭। ‘মহাগড় ৰণ’ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ: আহোম আৰু মানসকলৰ মাজত।
৪৮। পাণ্ডু কংগ্রেছ মহাসভাৰ অভ্যর্থনা সমিতিৰ সভাপতি কোন আছিল?
উত্তৰ তৰন ৰাম ফুকন।
৪৯। কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি জনা যায়?
উত্তৰ: চুডাংফাক।
৫০। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ: ১৯২১ চনত।
৫১। কোন চনত কটন কলেজ স্থাপন কৰা হয়?
উত্তৰ: ১৯০১ চনত।
৫২। কোন চনত ক্রিপচ মিচন ভাৰতলৈ আহে?
উত্তৰ: ১৯৪২ চনত।
৫৩। কোন চনত গোমধৰ কোঁৱৰে বিদ্ৰোহ কৰিছিল?
উত্তৰ: ১৮২৮ চনত।
৫৪। মহাৰাজ নৰনাৰয়ণে কোন চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল?
উত্তৰ: ১৫৬৬ চনত।
৫৫। বৰৰজা’ কাক কোৱা হয়?
উত্তৰ : ৰাণী ফুলেশ্বৰীক।
৫৬। অসমত কোনে চাহ গছ আবিষ্কাৰ কৰে?
উত্তৰ : ৰবাৰ্ট ব্রুড চাহাবে।
৫৭। শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল?
উত্তৰ: অম্বৰৰ ৰজা ৰামসিংহ।
৫৮। আহোম বংশৰ সৰ্বশ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ।
৫৯। চাৰ চাদুল্লাই শেষবাৰৰ বাবে কোন চনত মন্ত্রীসভা গঠন কৰিছিল?
উত্তৰঃ ১৯৪১ চনত।
৬০। কাৰ ৰাজত্বকালত হিউয়েনচাং অসমলৈ আহিছিল?
উত্তৰ কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত।
৬১। স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্রী কোন আছিল।
উত্তৰ: লোকপ্রিয় গোপীনাথ বৰদলৈ।
৬২। সতী সাধনী কোন ফৈদৰ আছিল?
উত্তৰ: চুতিয়া ফৈদৰ।
৬৩। কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠি ৰাজ পাটত আৰোহণ কৰিছিল?
উত্তৰ: চূডাংফা বা বামুণী কোঁৱৰে।
৬৪। কোনজন আহোম ৰজাৰ দিনত প্ৰথম ৰূপৰ মুদ্রা প্রচলন হৈছিল?
উত্তৰ : গড়গয়া ৰজাৰ দিনত।
৬৫। শৰাইঘাটৰ ৰণৰ সময়ত আহোম সেনাপতি কোন আছিল?
উত্তৰ লাচিত বৰফুকন।
৬৬। ডেভিদ স্কটৰ উত্তৰাধিকাৰী কোন আছিল?
উত্তৰ: ৰবাৰ্টচন।
৬৭। কোন চনত কনকলতা শ্বহীদ হৈছিল?
উত্তৰ: ১৯৪২ চনত।
৬৮। কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল?
উত্তৰ: গদাধৰ সিংহ।
৬৯। শুক্লেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নির্মাণ কৰা হৈছিল?
উত্তৰ: প্রমত্ত সিংহ।
৭০। কোন চনত লুচাই পাহাৰ ইংৰাজসকলৰ দখললৈ যায়?
উত্তৰ: ১৮২৬ চনত।
৭১। মণিৰাম দেৱানক কোনে দেৱান পদত নিযুক্তি দিছিল?
উত্তৰ: পুৰন্দৰ সিংহই।
৭২। টিৰুৎ সিং কোন ৰাজ্যৰ নেতা আছিল?
উত্তৰ: খাচী ৰাজ্যৰ।
৭৩। ‘প্রাগজ্যোতিষপুৰ’ শব্দৰ অৰ্থ কি?
উত্তৰ: পূৱৰ জ্যোতিষ চৰ্চাৰ নগৰ।
৭৪। দলি পুৰাণৰ বিষয়বস্তু কি?
উত্তৰ: দলি পুৰাণত পথৰুঘাট কৃষক বিদ্ৰোহৰ বৰ্ণনা আছে।
৭৫। নৰকাসুৰৰ পিছত কোনে প্রাগজ্যোতিষপুৰৰ ৰজা হয়?
উত্তৰ: ভগদত্ত।
৭৬। কামৰূপ কমতাৰ ৰজাৰ উপাধি কি আছিল?
উত্তৰ: কমতেশ্বৰ বা কামেশ্বৰ।
৭৭। কোনজন কমতা ৰাজ্যৰ ৰজাই আহোম ৰজা চুখাংফালৈ নিজৰ জীয়েক ৰাজনীক বিয়া দিয়ে?
উত্তৰ: প্রতাপধ্বজে।
৭৮। খেন বংশৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ: নীলধ্বজ।
৭৯। আহোম ৰজা চুকাফাই কেতিয়া চৰাইদেউত ৰাজধানী পাতে?
উত্তৰ: ১২৫৩ খ্ৰীষ্টাব্দত।
৮০। চুকাফাৰ পিছত কোন আহোম ৰজা হয়?
উত্তৰ চুকাফাৰ পুত্র চুতেউফা।
৮১। কোনজন আহোম ৰজাই প্রথম ‘স্বর্গদেউ’ উপাধি গ্রহণ কৰে?
উত্তৰ: চুহুংমুং (দিহিঙীয়া) ৰজাই।
৮২। কোচ ৰাজ্যৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: বিশ্ব সিংহ।
৮৩। কোনজন আহোম ৰজাক ‘বুঢ়া ৰজা’ বুলি কোৱা হয়?
উত্তৰ: চুচেনফা বা প্রতাপ সিংহক।
৮৪। আহোম ৰজা চুতামলাৰ আহোম নাম কি আছিল?
উত্তৰ: জয়ধ্বজ সিংহ।
৮৫। কোনজন আহোম ৰজাক ‘নৰিয়া ৰজা’ বুলি কোৱা হয়?
উত্তৰ: চুত্যনফাক।
৮৬। কোনজন আহোম ৰজাক ‘ভগা বজা’ বুলি কোৱা হয়?
উত্তৰ: চুৰামফাক।
৮৭। ধোদৰ আলি কোনে নির্মাণ কৰাইছিল?
উত্তৰ: গদাধৰ সিংহই।
৮৮। কবিৰাজ চক্ৰৱতীয়ে কোনজন আহোম ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?
উত্তৰ : ৰুদ্ৰ সিংহৰ।
৮৯। কোনজন আহোম ৰজাই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰাইছিল?
উত্তৰ : ৰুদ্ৰ সিংহই।
৯০। ফাকুৱা দৌল কোনে নির্মাণ কৰাইছিল?
উত্তৰ: আহোম ৰজা ৰুদ্ৰ সিংহই।
৯১। কোনজন আহোম ৰজাৰ দিনত অসমীয়া সাজ-পোছাকত মোগল আৰ্হিৰ প্রভাৱ পৰে?
উত্তৰ : ৰুদ্ৰসিংহৰ দিনত।
৯২। কোনজন আহোম ৰজাই ডিমৌৰ শিলৰ সাঁকো নির্মাণ কবে?
উত্তৰ : ৰুদ্ৰ সিংহই।
৯৩। বৰৰজা ফুলেশ্বৰীৰ আগৰ নাম কি আছিল?
উত্তৰ: ফুলমতি নাচনী।
৯৪। ৰংপুৰত কোনে ‘বৰৰজাৰ পঢ়াশালি’ নামেৰে এখন টোল প্রতিষ্ঠা কৰিছিল?
উত্তৰ: বৰৰজা ফুলেশ্বৰীয়ে।
৯৫। কোনে শিৱদৌল নির্মাণ কবে?
উত্তৰ : ৰাণী অম্বিকাই (শিৱসিংহৰ দিনত)।
৯৬। গড়গাঁৱৰ শিলৰ দুৱাৰ কোনে নির্মাণ কবে?
উত্তৰ: প্রমত্ত সিংহই।
৯৭। গুৱাহাটীৰ শুক্লেশ্বৰ মন্দিৰ কোনে নির্মাণ কৰে?
উত্তৰ: প্রমত্ত সিংহই।
৯৮। কোনজন আহোম ৰজাৰ দিনত কীর্তি চন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী দাহ কৰে?
উত্তৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত।
৯৯। আহোম বুৰঞ্জীত কাক ‘নকল আহোম’ (জলম বঁটা) বুলি কোৱা হয়?
উত্তৰ কীৰ্তি চন্দ্ৰ বৰবৰুৱা।
১০০। কোনজন আহোম ৰজাৰ দিনত তলাতল ঘৰ নিৰ্মাণ কৰা হয়?
উত্তৰ ৰাজেশ্বৰ সিংহৰ দিনত।
১০১। কোনজন আহোম ৰজাৰ দিনত যোৰহাটত অসমৰ স্থায়ী ৰাজধানী পতা হয়?
উত্তৰ: কমলেশ্বৰ সিংহৰ দিনত।
১০২। কেপ্তেইন বেলচ কেতিয়া অসমলৈ আহে?
উত্তৰ: ১৭৯২ চনত।
১০৩। মানৰ প্ৰথম অসম আক্রমণ কিমান চনত হয়?
উত্তৰঃ ১৮১৭ চনত।
১০৪। মানসকলে দ্বিতীয়বাৰ কেতিয়া অসম আক্রমণ কবে?
উত্তৰ: ১৮১৯ চনত।
১০৫। মানসকলৰ তৃতীয় অসম আক্রমণ কেতিয়া হয়?
উত্তৰঃ ১৮২১ চনত।
১০৬। বক্তিয়াৰ খিলজিয়ে কেতিয়া অসম আক্রমণ কৰে?
উত্তৰ: ১২০৫ খ্রীষ্টাব্দত।
১০৭। তুৰ্বকৰ অসম আক্রমণ কিমান চনত সংঘটিত হয়?
উত্তৰ: ১৫৩২ খ্ৰীষ্টাব্দত।
১০৮। ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া হয়?
উত্তৰ: ১৬৬৩ খ্রীষ্টাব্দত।
১০৯। ইংৰাজ পৰিব্রাজক ৰালফ ফিটচ কেতিয়া কোচবিহাৰ ভ্ৰমণ কৰে?
উত্তৰ: কোচ ৰজা মহাৰাজ নৰানৰায়ণৰ ৰাজত্ব কালত।
১১০। ষ্টিফেন কেচেলা নামৰ পর্তুগীজ ধর্মযাজক কেতিয়া অসমলৈ আহে?
উত্তৰ: ১৬২৬ খৃঃত।
১১১। হলেণ্ডৰ পৰিব্রাজক গ্লেনিয়াচ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ: ১৬৬২ খৃঃত।
১১২। ‘এ হিষ্টুৰী অৱ আসাম’ নামৰ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰ : এডবার্ড গেইট।
১১৩। ফুলগুৰিৰ কৃষক বিদ্রোহ কেতিয়া হৈছিল?
উত্তৰ: ১৮৬১ চনত।
১১৪। ‘আসাম এছ’চিয়েছন’ কেতিয়া প্রতিষ্ঠা কৰা হয়?
উত্তৰ: ১৯০৩ চনত।
১১৫। অসমৰ প্ৰথমে ক’ত কৃষক বিদ্রোহ হৈছিল? H. S. ’17
উত্তৰ: নগাওঁৰ ফুলগুৰিত।
১১৬। সাতবাহন বংশৰ শ্ৰেষ্ঠ বুলি জনাজাত শাসনকর্তাজন কোন আছিল? H. S. ’19
উত্তৰ: সাতকর্ণী।
১১৭। ‘ত্রিপিটক’ৰ যিকোনো এখনৰ নাম লিখা। H. S. ’19
উত্তৰ: সূত্ৰপটিকা।
১১৮। অসমৰ প্ৰথমজন বৃটিছ আয়ুক্ত (কমিচনাৰ) কোন আছিল? H. S. ’19
উত্তৰ: ডেভিদ স্কট।
১১৯। মহাত্মা গান্ধীয়ে বৃটিছৰ বিৰুদ্ধে চলোবা তৃতীয়টো বৃহৎ আন্দোলন কি আছিল? H. S. ’19
উত্তৰ ভাৰত ত্যাগ আন্দোলন।
১২০। খান আব্দুল গফৰ খান কি নামেৰে জনাজাত হৈছিল? H. S. ’19
উত্তৰ: সীমান্ত গান্ধী।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)
১। প্রাচীন কামৰূপৰ ভাগ চাৰিটাৰ নাম লিখা।
উত্তৰ: প্রাচীন কামৰূপৰ ভাগ চাৰিটা আছিল: কামপীঠ, ৰত্নপীঠ, স্বর্ণপীঠ আৰু সৌমাৰপীঠ।
২। ‘হস্তীবিদ্যার্ণর’ পুথিৰ চিত্ৰশিল্পী দুজনৰ নাম লিখা।
উত্তৰ : দিলৱৰ আৰু দোচাই।
৩। কোনে কেতিয়া কোচ ৰাজ্য স্থাপন কৰে। এই ৰাজ্যৰ সৰ্বশ্রেষ্ঠ ৰজাজন কোন আছিল?
উত্তৰ : বিশু নামৰ এজন লোকে ১৫১৫ খৃঃত কোচ ৰাজ্য স্থাপন কৰে। এই ৰাজ্যৰ সৰ্বশ্রেষ্ঠ ৰজাজন আছিল মহাৰাজ নৰনাৰয়াণ।
৪। ‘কীচক বধ’ নামৰ নাটকখন কোনে ৰচনা কৰিছিল? ইয়াৰ বাবে তেওঁক কি উপাধি দিযা হৈছিল?
উত্তৰ: ‘কীচক বধ’ নামৰ নাটকখন আহোম ৰজা ৰাজেশ্বৰ সিংহই ৰচনা কৰিছিল। ইয়াৰ বাবে তেওঁক ‘কবি চূড়ামণি’ উপাধি দিয়া হৈছিল।
৫। ‘ময়ামৰা’ বা ‘মোৱামৰীয়া’ বুলি কাক কোৱা হৈছিল?
উত্তৰ: ষোল্ল শতিকাৰ শেষ ভাগত শ্ৰীশংকৰদেৱৰ সম্বন্ধীয় অনিৰুদ্ধদের নামৰ লোক এজনে ময়ামাৰা সত্র প্রতিষ্ঠা কৰে। এই সত্ৰৰ শিষ্যসকলক ময়ামাৰা বা মোৱামৰীয়া বুলি কোৱা হৈছিল।
৬। অসমীয়া সাহিত্যৰ পৃষ্ঠপোষকতা কৰা দুজন আহোম ৰজাৰ নাম উল্লেখ কৰা।
উত্তৰ : ৰুদ্র সিংহ আৰু শিৱ সিংহ।
৭। ১৮৫৭ চনৰ বিদ্ৰোহৰ বিষয়ে কলিকতাৰ পৰা অসমলৈ প্ৰেৰণ কৰা পত্ৰ লাভ কৰা যিকোনো দুজন ব্যক্তিৰ নাম লিখা।
উত্তৰ: পিয়লি বৰুৱা আৰু কন্দপেশ্বৰ সিংহ।
৮। ‘জোনাকী’ কাকতৰ প্রথম প্রকাশ কেতিয়া হৈছিল? ইয়াৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ: জোনাকী কাকতৰ প্রথম প্রকাশ হৈছিল ১৮৮৯ চনত। ইয়াৰ প্রথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
৯। কোনে কেতিয়া অসমত প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল?
উত্তৰ ইংৰাজসকলে ১৮৩৫ চনত গুৱাহাটীত প্রথম ইংৰাজী মাধ্যমৰ বিদ্যালয় ‘ইংলিছ ছেমিনাৰী’ প্রতিষ্ঠা কৰে।
১০। ভাৰত ত্যাগ আন্দোলনত অসমৰ দুগৰাকী মহিলা শ্বহীদৰ নাম লিখা।
উত্তৰ: কনকলতা আৰু ভোগেশ্বৰী ফুকননী।
১১। প্রাচীন কামৰূপৰ বিভাজন চাৰিটাৰ নাম লিখা। H. S. ’16
উত্তৰ: প্রাচীন কামৰূপৰ চাৰিটা বিভাজন নদীকেন্দ্রিক আছিল। এই বিভাজন হ’ল- কামপীঠ, ৰত্নপীঠ, স্বর্ণপীঠ আৰু সৌমাৰ পীঠ।
১২। ‘দেৱলীয়া পাইক’ কোন আছিল? কোনে তেওঁলোকক নিযুক্তি দিছিল?
উত্তৰ : আহোম ৰজাসকলে মন্দিৰ আৰু দেৱালয়লৈ নিযুক্তি দিয়া পাইকসলক ‘দেৱলীয়া পাইক’ বুলি কোৱা হৈছিল।
১৩। ‘চকৰীফেটী বুৰঞ্জী’ৰ লিখক কোন আছিল? কীর্তিচন্দ্ৰ বৰবৰুৱাই এই বুৰঞ্জীসমূহ কিয় ধ্বংস কৰিছিল? H. S. ’15
উত্তৰ: নুমলী বৰগোহাঁইয়ে ‘চকৰীফেটী’ বুৰঞ্জী ৰচনা কৰিছিল। এই বুঞ্জীখনত তেওঁ কীর্তিচন্দ্র বৰবৰুৱাক ‘জলম বঁটা’ (নকল আহোম) বুলি আখ্যা দিয়াত কীর্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জীসমূহ দাহ কৰিছিল।
১৪। ১৮৫৮ চনত বৃটিছে ফাঁচী দিয়া অসমৰ বিদ্ৰোহী দুগৰাকীৰ নাম লিখা। H. S. ’18
উত্তৰ: মণিৰাম দেৱান আৰু পিয়লি বৰুৱা।
১৫। বুৰঞ্জী কি? আহোম যুগত ৰচিত এখন বুৰঞ্জীৰ নাম লিখা। H. S. ’18
উত্তৰ : ঐতিহাসিক ক্রম অনুসৰি ঘটনাবোৰ লিখি ৰখা প্রথাকে ‘বুৰঞ্জী’ বুলি কোৱা হয়। আহোম ৰাজত্ব কালত অসমত বুৰঞ্জী লিখা প্রথা আৰম্ভ হয়। আহোম যুগত লিখা এখন বুৰঞ্জীৰ নাম ‘তুংখুঙীয়া বুৰঞ্জী’।
১৬। গোমধৰ কোঁৱৰ কোন আছিল? তেওঁৰ এজন সহযোগী বিদ্ৰোহৰ নাম লিখা। H. S. ’20
উত্তৰঃ অসমত সংঘটিত ইংৰাজ বিৰোধী আন্দোলনৰ প্ৰথমজন নেতা আছিল গোমধৰ কোঁৱৰ। তেওঁৰ এজন সহযোগীৰ নাম আছিল ধনঞ্জয় বৰগোহাঁই।
১৭। উনবিংশ শতিকাত অসমত সংঘটিত হোৱা দুটা কৃষক বিদ্রোহৰ নাম উল্লেখ কৰা। H. S. ’19
উত্তৰ লাচিমা কৃষক বিদ্রোহ আৰু পথৰুঘাটৰ কৃষক বিদ্রোহ।
গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
১। বংগভংগ আন্দোলনৰ চাৰিটা ফলাফল লিখা।
উত্তৰ : বংগভংগ আন্দোলনৰ চাৰিটা ফলাফল হ’ল:
(ক) এই আন্দোলনৰ ফলত ইংৰাজ চৰকাৰে বংগ বিভাজন আঁচনি প্রত্যাহাৰ কৰিবলৈ বাধ্য হয়।
(খ) এই আন্দোলনে ভাৰতীয় লোকসকলৰ মাজত জাতীয় চেতনা জাগৃত কৰে।
(গ) বংগ ভংগ আন্দোলনৰ ফলত ভাৰতত সাম্প্রদায়িক ঐক্য বিশেষকৈ হিন্দু আৰু মুছলমানৰ মাজত ঐক্য আৰু সযোগিতা বুদ্ধি পায়।
(ঘ) এই আন্দেলনৰ ফলত ইংৰাজসকলে উপলব্ধি কৰিলে যে জনসাধাৰণৰ দাবীক অগ্রাহ্য কৰিব নোৱাৰি।
২। ঘিলাঝাৰী সন্ধি কেতিয়া সংঘটিত হৈছিল? এই সন্ধিৰ চাৰিটা চৰ্ত উল্লেখ কৰা।
উত্তৰ: মোগল সেনাপতি মিৰজুমলা আৰু আহোম ৰজা জয়ধ্বজ সিংহৰ মাজত ১৬৬৩ খ্রীষ্টাব্দত ঘিলাঝাৰী সন্ধি সংঘটিত হয়। এই সন্ধিৰ দুটা চর্ত হ’ল:
(ক) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে ভৰলী নদী আৰু দক্ষিণফালে কলং নদীৰ পশ্চিম অঞ্চল মোগল সাম্রাজ্যৰ অন্তর্ভুক্ত হয়।
(খ) আহোম ৰজাই তৎকালীনভাবে ২০,০০০ তোলা সোণ, ১,২০,০০০ তোলা ৰূপ আৰু ৪০ টা হাতী মোগলক দিবলৈ সন্মত হয়।
(গ) আহোম ৰজাৰ বাৰ্ষিক কৰ ২০ টা হাতী নির্ধাৰণ হয়।
(ঘ) স্বর্গদেউ জয়ধ্বজ সিংহৰ জীয়েক ৰমণী গাভৰুক মোগলৰ হেৰেমলৈ পঠাব লগা হ’ল।
৩। শৰাইঘাটৰ যুদ্ধ কেতিয়া কাৰ দিনত সংঘটিত হৈছিল? এই যুদ্ধত কোন জয়ী হৈছিল? এই যুদ্ধৰ সময়ত আহোমসকলৰ সেনাপতি কোন আছিল?
উত্তৰ: আহোম ৰজা উদয়াদিত্য সিংহ আৰু মোগলৰ মাজত ১৬৭১ খ্রীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল।
এই যুদ্ধত মোগলৰ বিৰুদ্ধে আহোমসকলৰ জয় হৈছিল।
এই যুদ্ধত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন।
৩। পাইক প্ৰথাৰ বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা। H. S. ’20
উত্তৰ: অসমত আহোম ৰজা স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত মোমাই তামুলী বৰবৰুৱাই প্ৰথমে সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰৱৰ্তন কৰে। এই প্রথামতে অভিজাত শ্ৰেণীৰ লগতে ব্রাহ্মণ, পুৰোহিত, উচ্চ শ্রেণীব লোক আৰু তেওঁলোকৰ চাকৰসকলৰ বাহিৰে পোন্ধৰ বছৰৰ পৰা পঞ্চাশ বছৰ বয়সৰ সকলো প্ৰজাই বনুৱা বা ৰণুৱা হিচাপে ৰজাৰ কাম কৰিব লাগিছিল। এনেদৰে কাম কৰা লোকসকলক ‘পাইক’ বুলি কোৱা হৈছিল। তিনিজন বা চাৰিজন পাইক মিলি একোটা গোট হৈছিল। ৰজা ঘৰত প্ৰত্যেক গোটৰ পৰা এজন লোক সদায় উপস্থিত থাকিব লাগিছিল। তিনিজনীয়া গোটৰ পাইকৰ প্ৰথমজনক ‘মূল’, দ্বিতীয় জনক ‘দেৱাল’ আৰু তৃতীয়জনক ‘তেবাল’ বোলা হৈছিল। গোটৰ কোনোৱা এজনে ৰজাৰ ঘৰত পাল খাটিবলৈ যোৱাৰ সময়ত গোটৰ বাকী দুজনে পাল খাটিবলৈ যোৱা পাইকজনৰ খেতি পথাৰত কাম কৰাৰ উপৰিও তেওঁৰ পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব ল’ব লগা হৈছিল।
ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
১। হিউয়েনচাঙে কামৰূপৰ বিষয়ে তেওঁৰ ভ্ৰমণ বৃত্তান্ত কি লিখি থৈ গৈছে চমুকৈ আলোচনা কৰা।
উত্তৰ: উত্তৰ ভাৰতৰ হিন্দু সম্রাট হৰ্ষ বন্ধনৰ ৰাজত্ব কালত, ৬৩০ খ্ৰীষ্টাব্দত, চীনা পৰিব্রাজক হিউবেনচাং ভাৰতলৈ আহিছিল। তেওঁ সূদীর্ঘকাল নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ শাস্ত্র অধ্যয়ন কৰিছিল। হিউয়েনচাঙৰ গুণ গৰিমাৰ কথা জানিব পাৰি কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণে হিউয়েনচাঙক কমৰূপ ভ্ৰমণ কৰিবলৈ আমন্ত্রণ জনায়। এই আমন্ত্রণক্রমে হিউবেনচাঙে ৬৪৩ খ্রীষ্টাব্দত কামৰূপলৈ আহে। তেওঁৰ কামৰূপ ভ্রমণৰ সবিশেষ ‘চি-ইউ কি’ নামৰ গ্ৰন্থত লিপিবদ্ধ কৰিছে। এই গ্রন্থখনত তেওঁ সেই সময়ৰ অসমৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ বাস্তৱ বিৱৰণ দাঙি ধৰিছিল।
হিউয়েনচাঙে তেওঁৰ ভ্ৰমণ বৃত্তান্তত লিখিছে যে কামৰূপ ৰাজ্যৰ পৰিধি আছিল ১৭০০ মাইল আৰু ইয়াৰ ৰাজধানী চহৰৰ পৰিধি আছিল ৬ মাইল। ইয়াৰ মাটি দ আৰু সাৰুৱা। ইয়াত গোটেই বছৰ খেতি-বাতি হয়। নাৰিকল, কঠাল, অনাৰস আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হয়। ইয়াৰ মানুহবোৰ সৎ আৰু সৰল, চুটি-চাপৰ আৰু গাৰ ৰং মলিয়ন, হালধীয়া ৰঙৰ। তেওঁলোকৰ ভাষা মধ্য ভাৰতৰ ভাষাৰ পৰা বেলেগ। তেওঁলোকৰ স্মৃতি শক্তি বৰ প্ৰখৰ আৰু পঢ়া-শুনাৰ প্ৰতি মনোযোগী। ইয়াত যুদ্ধৰ সময়ত হাতী ব্যৱহাৰ কৰা হয়।
কামৰূপৰ ধৰ্মৰ সম্পর্কে তেওঁ লিখিছে যে ইয়াৰ মানুহে দেৱ-দেৱীৰ পূজা কৰে। অসংখ্য দেৱ-দেৱীৰ মন্দিৰ আছে। ইয়াত বৌদ্ধ ধৰ্মৰ প্রভাব প্রায় নাই।
কামৰূপ ৰাজ ভাস্কৰ বৰ্মনৰ বিষয়ে হিউয়েনচাঙে লিখিছে যে ৰজাজন বৰ বিদ্যোৎসাহী আছিল। প্রজাসকলে এই ক্ষেত্ৰত তেওঁক অনুসৰণ কৰিছিল। দূৰ-দূৰণিৰ পৰা মেধাসম্পন্ন ব্যক্তিয়ে কর্মসংস্থান বিচাৰি কামৰূপ ৰাজ্য ভ্রমণ কৰিছিল। হিউয়েনচাঙে কামৰূপ ৰাজ্যৰ প্ৰাকৃতিক বিৱৰণো সুন্দৰভাৱে দাঙি ধৰিছিল। তেওঁৰ বিৱৰণি মতে কামৰূপ ৰাজ্যৰ তিনিওফালে সৰু-ডাঙৰ পাহাৰ আছিল। এই পাহাৰবোৰে দক্ষিণ-পশ্চিম চীনৰ সীমা চুইছিলগৈ। পাহাৰ অঞ্চলত বাস কৰা লোকসকল মান আৰু লাও জাতিৰ মানুহ আছিল।
২। চিহাবুদ্দিন তালিচৰ টোকাৰ এটি বিৱৰণ দিয়া। H. S. ’16, ’18
উত্তৰঃ ১৬৬২-৬৩ চনত মোগল সেনাপতি মীৰজুমলাৰ অসম আক্ৰমণৰ সময়ত তেওঁৰ লগত চিহাবুদ্দিন তালিচ নামৰ এজন পণ্ডিত অসমলৈ আহিছিল। তেওঁৰ প্রকৃত নাম আছিল ইবন মহম্মদ আলী আহমেদ। তেওঁ মীৰজুমলাৰ অসম অভিযান আৰু অসমৰ বিষয়ে এক মূল্যৱান টোকা ‘ফাতহিয়া-ই-ইব্রিয়া’ নামৰ গ্ৰন্থত লিপিবদ্ধ কৰি থৈ গৈছে।
অসমৰ বিষয়ে তেওঁ লিখিছে যে অসম এখন হাবি-জংঘলেৰে ভৰা ভয়াবহ ৰাজ্য। কলিয়াবৰৰ পৰা গড়গাঁৱলৈকে ঘৰ-দুৱাৰ আৰু ফল-মূলেৰে ভৰা। ৰাস্তাৰ কাষে কাষে ওখ ওখ বাঁহ গছ আৰু ছাঁ দিয়া জোপোহা গছ আছে। ৰাজ্যখনত সুগন্ধি গেৰুৱা দ্রব্য আৰু বনৰীয়া ফুল পোৱা যায়। ইয়াৰ জলবায়ু বাহিৰৰ মানুহে সহিবলৈ টান পায়। বছৰৰ আঠ মাহেই বৰষুণ হয়। অতিপাত ঘামে বিদেশীসকলক জুৰুলা কৰে। ইয়াত কুষ্ঠৰোগ, গৰল ৰোগ, চৰ্মৰোগ আদি ঘিণ লগা বেমাৰ নহয়।
ৰাজধানী গড়গাওঁৰ বিষয়ে তেওঁ লিখিছে যে ৰজাই সাক্ষাৎ দান কৰা ঘৰটোক ‘হোলোং ঘৰ’ বোলে। ঘৰটো ১২০ হাত দীঘল আৰু ৩০ হাত বহল। ই চাৰিহাত বেৰৰ ৬৬ টা খুঁটাৰে সজা হৈছে। খুটাবোৰ ইমান মিহিকৈ কটা হৈছে যে এইবোৰ কুন্দত কটা যেন লাগে। ৰাজকাৰেংটোৰ কাৰ-কাৰ্য আৰু কাঠত কটা ভাস্কর্য চিত্র বর্ণনাতীত। এনে কাৰু-কার্য খচিত কাঠৰ ঘৰ পৃথিৱীত বিৰল। ৰাজকাৰেঙৰ চাৰিবেৰৰ নানা ধৰণৰ নক্সা আৰু কাঠৰ ছিলিং থকা। ইয়াৰ প্ৰতিফলনে চকু ছাট মাৰি ধৰে।
৩। আহোম ৰাজ্যৰ পতনৰ কাৰণ সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: ১২২৮ খ্রীষ্টাব্দত টাই জনগোষ্ঠীৰ এজন নেতা চুকাফাই অসমলৈ প্ৰব্ৰজন কৰি আহোম ৰাজবংশৰ পাতনি মেলে। এই ৰাজবংশটোৱে ১২২৮ খ্রীষ্টাব্দৰ পৰা ১৮২৬ খ্রীষ্টাব্দলৈ প্রায় ছয়শ বছৰ অসমত ৰাজত্ব কৰে। কিন্তু ১৮২৬ চনত আহোম ৰাজ্যখন ইংৰাজৰ হাতলৈ যায় আৰু তাৰ লগে লগে আহোম ৰাজবংশৰ যৱনিকা পৰে লগতে অসমৰ স্বাধীনতাও চিৰদিনলৈ স্তিমিত হয়। আহোম ৰাজ্যৰ পতনৰ কেইবাটাও কাৰণ আছে। যেনে-
(১) আহোম ৰাজ্যৰ পতনৰ প্ৰথম কাৰণ হিচাপে ইয়াৰ শাসনতন্ত্ৰৰ সাংগঠনিক দুর্বলতাক দায়ী কৰিব পাৰি। আহোম পৰম্পৰা মতে কোনো অংগক্ষত ৰাজকুমাৰক সিংহাসন প্রাপ্তিৰ পৰা বঞ্চিত কৰা হৈছিল। তাৰেই সুবিধা গ্রহণ কৰি পৰৱৰ্তী কালত সুস্থ আৰু যোগ্য ৰাজকুমাৰক অংগক্ষত কৰি সিংহাসনৰ পৰা বঞ্চিত কৰা হৈছিল। ফলত ৰাজ্যখনে যোগ্য নেতৃত্ব পোৱাৰ পৰা বঞ্চিত হৈ পতনৰ পিনে আগবাঢ়ি গৈছিল।
(২) আহোম ৰাজত্বৰ পতনৰ দ্বিতীয় কাৰণ আছিল ইয়াৰ তিনিজন মন্ত্ৰীৰ মাজত দেখা দিয়া ক্ষমতা-লিপ্সা। সিহঁতে ক্ষমতাৰ বাবে পাৰস্পৰিক কাজিয়া আৰু ঈর্ষাজনক শত্রুতাত পৰিণত হৈ দেশৰ শাসন কার্যত খেলিমেলি লগাই শাসনতন্ত্র দুর্বল কৰি পেলাইছিল।
(৩) আহোম ৰাজত্বকালৰ শেহৰ পিনে আহোম ৰজাসকল দুর্ব্বল অকর্মন্য আৰু স্বেচ্ছাচাৰী হৈ উঠিছিল।
উদাহৰণস্বৰূপে শিবসিংহ, ৰাজেশ্বৰ সিংহ, গৌৰীনাথ সিংহ আদি ৰজাসকলৰ দুৰ্বল ব্যক্তিত্ব আৰু স্বেচ্ছাচাৰীতাই আহোম ৰাজ শক্তিক দুর্বল কৰি তুলিছিল।
(৪) মোৱামৰীয়া বিদ্রোহ আহোম ৰাজ্যৰ পতনৰ এক উল্লেখযোগ্য কাৰণ। মোৱামৰীয়াসকলে প্রায় দুকুৰি বছৰ ধৰি আহোম স্বৰ্গদেউসকলৰ প্ৰতি কৰা বিদ্রোহী আচৰণে আহোম ৰাজবংশৰ ৰাজহাড় ভাঙি পেলাইছিল।
(৫) কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত প্রধানমন্ত্রী পূর্ণানন্দ বুঢ়াগোঁহাই অতি ক্ষমতালিপ্সা, স্বেচ্ছাচাৰী আৰু অত্যাচাৰী হৈ উঠে। তেওঁৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰীতাত অতিষ্ট হৈ কেইবাজনে বিদ্রোহ কৰে যদিও বুঢ়াগোঁহায়ে সিহঁতক কঠোৰ হাতেৰে দমন কৰে। ফলত ৰজাঘৰৰ প্ৰতি জনসাধাৰণ শ্রদ্ধা আৰু আস্থাৰ ভাব হ্রাস পায়।
(৬) বদন চন্দ্ৰ বৰফুকনৰ দ্বাৰা মানসকলক অসমলৈ আমন্ত্ৰণ আৰু অসমত মানসকলৰ দ্বাৰা চলোৱা বিভীষিকা আৰু হত্যালীলাৰ ফলস্বৰপে ১৮২৬ চনত অসমলৈ ইংৰাজসকলৰ আগমন হয় আৰু তাৰ লগে লগে আহোম ৰাজ্য সম্পূর্ণরূপে পতন হয়।
৪। পূৰ্বৰ আহোম ৰাজ্যক কেন্দ্ৰ কৰি ইংৰাজে গঢ়ি তোলা অসম সম্পর্কে এটি টোকা লিখা।
উত্তৰ: প্রথম ইংগ-বর্মী যুদ্ধৰ পিছত ইয়াণ্ডাবু সন্ধিৰ চৰ্তমতে ইংৰাজসকলে মানসকলৰ পৰা অসমৰ শাসনভাৰ গ্ৰহণ কৰে। সেই সময়ত আহোম ৰাজ্যৰ আশে-পাশে বহুতো ক্ষুদ্র ক্ষুদ্র ৰাজ্য আছিল। মানসকলৰ লগত যুদ্ধ ঘোষণা কৰাৰ পূৰ্বে ইংৰাজসকলে অসমবাসীক এই বুলি আশ্বাস দিছিল যে ইংৰাজসকলে অসম অধিকাৰ কৰি ৰাজ্য বিস্তাৰ কৰাৰ কোনো অভিপ্রায় নাই। কিন্তু মানসকলৰ হাতৰ পৰা অসমখন অধিকাৰ কৰাৰ পিছত ইংৰাজে সিহঁতৰ প্ৰতিশ্ৰুতি ৰক্ষা নকৰি ক্রমান্বয়ে গোটেই অসমখনকে নিজৰ অধীনলৈ নি আধিপত্য বিস্তাৰ কৰিবলৈ লয়। ইংৰাজসকলে পূৰ্বৰ আহোম ৰাজ্যক কেন্দ্ৰ কৰি তলত উল্লেখ কৰা ধৰণে অসমত ৰাজ্য বিস্তাৰ কৰে ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত ডেভিদ স্কট নামৰ এজন ইংৰাজ বিষয়া অসমৰ প্রশাসক নিযুক্ত হয়। তেওঁ ১৯২৮ চনত নামনি অসমখনক ইংৰাজৰ অধীন কৰে আৰু ইংৰাজক বছৰি ৫০,০০০ টকা পৰিশোধ কৰাৰ চৰ্তত উজনি অসমত আহোম ৰজা পুৰন্দৰ সিংহক স্থাপন কৰে। কিন্তু পুৰন্দৰ সিংহই ইংৰাজক কৰ পৰিশোধ কৰাত ব্যর্থ হোৱাত ১৮৩৮ চনত উজনি অসম খণ্ড বৃটিছ-ভাৰত সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰে।
১৮৮৫ চনত শদিয়াখোৱা গোঁহাইৰ মৃত্যু হোৱাত তেওঁৰ পুতেক এই পদত অধিষ্ঠিত হয়। কিন্তু খামটিসকলে তেওঁক ভাল নোপোৱাত বিদ্রোহ কৰি ৮০ জন ইংৰাজ চিপাহীক বধ কৰে। এই কার্যত ইংৰাজসকেলে অসন্তুষ্ট হৈ শদিয়া ৰাজ্যখন বৃটিছৰ লগত চামিল কৰে।
১৮৩০ চনত কাছাৰী ৰজা গোবিন্দ চন্দ্ৰ আততায়ীৰ হাতত নিহত হয়। তেওঁ অপুত্রক আছিল আৰু ইয়াৰ চেলু লৈ ইংৰাজে কাছাৰ ৰাজ্যখন বৃটিছ সাম্ৰাজ্যৰ অর্ন্তভুক্ত কৰে।
মটক আৰু মৰাণসকলৰ মাজত বহু দিনৰ পৰা সংঘাত চলি থকাৰ অজুহাত দেখুৱাই ইংৰাজসকলে ১৮৪২ চনত মটক আৰু মৰাণসকলৰ ৰাজ্য অধিকাৰ কৰি লয়।
মানৰ আক্ৰমণৰ সময়ত জয়ন্তীয়া ৰজা ৰামসিংহ ইংৰাজৰ আশ্রিত ৰজা হিচাপে ৰাজ্য শাসন কৰিছিল। কিন্তু ইংৰাজসকলৰ অনাহক হস্তক্ষেপত অসন্তুষ্ট হৈ গোভা ৰজাৰ লগলাগি ইংৰাজৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হয়। ইংৰাজসকলে এই ষড়যন্ত্ৰৰ কথা গম পাই জয়ন্তীয়া ৰাজ্য বৃটিছ সাম্রাজ্যৰ লগত চামিল কৰে।
এনেদৰে বিভিন্ন অজুহাত দেখুৱাই ইংৰাজসকলে ১৮৪৩ চনত চিংফৌ ৰাজ্য, ১৮৫৪ চনত উত্তৰ কাছাৰ, ১৮৬৬ চনত নগা অঞ্চল, ১৮৬৯ চনত গাৰো পাহাৰ আৰু ১৮৯৫ চনত লুচাই পাহাৰ ইংৰাজ সাম্ৰাজ্যৰ অন্তর্ভুক্ত কৰে।
৫। ইংৰাজে খাচী ৰাজ্য অধিগ্রহণ সম্পর্কে এটি চমু আলোচনা লিখা।
উত্তৰ: ইংৰাজসকলে অসমৰ শাসনভাৰ নিজৰ হাতলৈ লোৱাৰ সময়ত খাচী পাহাৰত মুঠ ২৫ খন ক্ষুদ্র ক্ষুদ্র খাচী ৰাজ্য আছিল। এই সৰু সৰু খাচী বাজ্যৰ মুখিয়ালসকলক ডহাদাদাৰ, লিংডো, ছিয়াম, চৰ্দাৰ আদি নামেৰে জনা গৈছিল। এই ৰাজ্যৰ মুখিয়ালসকল গণতান্ত্রিক পদ্ধতিৰে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত খাচীসকল ইংৰাজসকলৰ সংস্পৰ্শলৈ আহিছিল।
অসমৰ প্ৰথমজন প্রশাসনীয় বিষয়া ডেভিড স্কটে খাচী পাহাৰৰ মাজেৰে এটি ৰাস্তা নির্মাণ কৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সংলগ্ন কৰিবলৈ নাংখৌলৰ ছিয়াম ছাত্তাৰ সিঙৰ সৈতে এখন চুক্তি কৰি ৰাস্তা নিৰ্মাণৰ কাম আৰম্ভ কৰে।
ইংৰাজসকলৰ ৰাস্তা নির্মাণ কার্যত বহুতো খাচী নেতা অসন্তুষ্ট হৈছিল আৰু এই কাৰ্যৰ দ্বাৰা ইংৰাজসকলে সিহঁতৰ স্বাধীনতাত হস্তক্ষেপ কৰিব বুলি ভাবি খাচী নেতা টিৰুৎ সিঙৰ নেতৃত্বত ১৮২৯ চনত খাচীসকলে ইংৰাজসকলৰ বিৰুদ্ধে প্রকাশ্যে বিদ্রোহ আৰম্ভ কৰে। সিহঁতে দুজন বিষয়াৰ লগতে পঞ্চাশজন ইংৰাজ লোকক হত্যা কৰে।
খাচী সকলৰ এই বিদ্রোহ দমন কৰাৰ কাৰণে ইংৰাজসকলে কেপ্তেইন ফ্রেডেৰিক লিষ্টাৰৰ নেতৃত্বত এটি বাহিনী পঠায়। লিষ্টাৰে অতি সহজেই এই বিদ্রোহ দমন কৰে। বিদ্ৰোহৰ মূল নেতা টিকৎ সিঙে আত্মসমর্পণ কৰে। ইয়াৰ লগে লগে আন আন খাচী নেতায়ো আত্মসমর্পণ কৰে। টিৰুৎ সিঙক ইংৰাজে মাহিলী ৬৩ টকা পেঞ্চন দি ঢাকা জেলত বন্ধী কৰি ৰাখে। বন্ধী অৱস্থাতে ১৮৩৪ চনত টিকৎ সিঙৰ মৃত্যু ঘটে।
এনদৰে খাচী ৰাজ্যত ইংৰাজসকলৰ কতৃত্ব স্থাপন হয়।
৬। ছাৰ ফ্রেঞ্চিছ জেনকিন্সে অসমত প্রবর্তন কৰা ব্ৰিটিছ শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা।
উত্তৰ: কেপ্তেইন ফ্রেঞ্চিছ জেনকিন্সে ১৮৩৪ চনৰ পৰা ১৮৬১ চনলৈ সুদীর্ঘ ২১ বছৰকাল অসম তথা উত্তৰ-পূৱ সীমান্তৰ প্রশাসনিক দায়িত্বত আছিল। আৰু এই দীর্ঘ সময়ছোৱাত তেওঁ ভালেমান প্রশাসনিক সংস্কাৰমূলক কার্য সম্পাদন কৰিছিল। জেনকিন্সে অসমৰ জিলাসমূহ পুনৰ গঠন কৰি সেইবিলাকৰ কিছু সালসলনি ঘটায়। তেওঁৰ আমোলত অসমত জিলাৰ সংখ্যা হৈছিলগৈ ৬ খন।
তেওঁ বিচাৰ বিভাগত আমিন আৰু মুঞ্চিফ পদবীৰ সৃষ্টি কৰে। ১৯৩৫ চনত অসমৰ বিভিন্ন জিলাত মুঠতে এজন মুখ্য সদৰ আমিন, ৬ জন সদৰ আমিন আৰু ১৩ জন মুঞ্চিফ আছিল। তেওঁ পুলিচ বিভাগতো ভালেমান সংস্কাৰ সাধন কৰিছিল। তেওঁ এজন দাৰোগা, এজন জামাদাৰ, এজন বা তাতোধিক মহৰী লৈ পুলিচ প্রশাসনৰ থানা নামে নিম্নতম গোটটো গঠন কৰিছিল।
জেনকিন্সৰ আমোলত ভালেমান শিতানত নতুনকৈ কৰ-কাটল প্ৰৱৰ্তন কৰা হৈছিল। নদীৰ বালিৰ পৰা সোণ কমোৱাৰ বাবে ঠিকাদাৰী ব্যৱস্থা, নদীৰ পৰা মাছ মৰাৰ বাবে জলকৰ ধাৰ্য কৰিছিল। তাৰোপৰি কাঠৰ ওপৰত গোৰখাটি, খেৰ-ইকৰাৰ ওপৰত বনকৰ, আৰু চৰণীয়া পথাৰৰ ওপৰত ‘খুছাৰী কৰ’ বহুৱাইছিল। ১৮৫৮ চনত তেওঁ টিকট শুল্ক প্রবর্তন কৰি চৰকাৰী আয়ৰ পথ মোকলাইছিল। এনদবে জেনকিন্সে শাসন সম্পর্কীয় বহুতো সংস্কাৰ প্ৰৱৰ্তন কৰিছিল।
৭। ১৮২৮ চনৰ পৰা ১৮৩০ চনলৈ ব্রিটিছৰ বিৰুদ্ধে সংঘটিত হোৱা অসমৰ ৰাজনৈতিক বিদ্রোহ লানিৰ বিষয়ে উল্লেখ কৰা।
উত্তৰঃ ১৮২৮ চনত ইংৰাজসকলে অসমৰ পৰা মানসকলক খেদি অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পৰা অসমত ইংৰাজসকলৰ কর্তৃত্ব স্থাপন হয়। এই কার্যত অসমীয়াসকল অসন্তুষ্ট হয়। ইয়াৰ উপৰিও ইংৰাজসকলে অসমবাসীৰ ওপৰত নানা ধৰণৰ কৰ-কাটল আৰোপ কৰাত অসমীয়াসকল ইংৰাজসকলৰ ওপৰত ক্ষুব্ধ হৈ অসমৰ পৰা ইংৰাজসকলক খেদি পঠাবলৈ কেইবালানি বিদ্রোহ কৰে। ১৮২৮ চনৰ পৰা ১৮৩০ চনৰ ভিতৰত সংঘটিত হোৱা বিদ্রোহসমূহৰ ভিতৰত গোমধৰ কোঁৱৰৰ বিদ্ৰোহ, তিৰুৎ সিঙৰ বিদ্ৰোহ আৰু ধনঞ্জয় বৰগোঁহাইৰ বিদ্ৰোহ উল্লেখযোগ্য। তলত এই বিদ্রোহৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হ’ল-
গোমধৰ কোঁৱৰৰ বিদ্ৰোহ: অসমত ইংৰাজসকলৰ বিৰুদ্ধে উদ্ভব হোৱা প্রথম বিদ্রোহটো আছিল গোমধৰ কোঁৱৰৰ বিদ্ৰোহ। তেওঁ আছিল স্বৰ্গদেউ চুহুংমুঙৰ বংশধৰ ফেনা কোঁৱৰৰ পুত্ৰ। তেওঁ অসমৰ স্বতন্ত্রতা উদ্ধাৰ কৰাৰ বাবে নিজকে ‘স্বর্গদেউ’ বুলি ঘোষণা কৰি বিদ্ৰোহ আৰম্ভ কৰে। এই বিদ্রোহত তেওঁৰ সহযোগী আছিল-ধনঞ্জয় বৰগোঁহাই, হৰনাথ, পিয়লি ফুকন, দহা ফুকন আৰু বহুতো। ১৮২৮ চনত গোমধৰে ইংৰাজসকলক অসম ত্যাগ কৰিবলৈ আবেদন জনায়। কিন্তু ইংৰাজ চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াত তেওঁৰ সহযোগীসকলক লৈ গোমধৰে মৰিয়ণিৰ ফালে অগ্ৰসৰ হয়। কিন্তু ইংৰাজ সেনা বিষয়া লেফটেনেন্ট ৰাডাৰফৰ্ডৰ হাতত পৰাভূত হৈ বহুকেইজন বিদ্রোহীয়ে আত্মসমর্পণ কৰে। গোমধৰ কোঁৱৰে কেইজনমান সতীর্থক লৈ নগা পাহাৰলৈ পলাই যায়। পিছত মাকৰ প্ৰচেষ্টাত ইংৰাজ চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰে। বিচাৰত তেওঁক সাত বছৰ কাৰাদণ্ড বিহা হয়। ইমানতে গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰ অন্ত পৰে।
তিৰুৎ সিঙৰ বিদ্ৰোহঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পিছত লংথলাও নামে খাচী ৰাজ্যৰ চিয়েমৰ মৃত্যু হোৱাত সিংহাসনক লৈ দুটা পক্ষৰ মাজত বিবাদ লাগে। শেষত ইংৰাজৰ হস্তক্ষেপত তিৰুৎ সিঙ নামৰ এজন খাচী লোকে চিয়েম পদ লাভ কৰিবলৈ সক্ষম হয়। তিৰুৎ সিঙে শাসনভাৰ গ্ৰহণ কৰিয়েই ভৈয়ামৰ দুৱাৰ অঞ্চলত কৰ আদায় কৰিবলৈ লোৱাত ইংৰাজসকলে বাধা প্রদান কৰে। ইয়াৰ উপৰিও তিৰুৎ সিঙৰ লগত হোৱা ইংৰাজৰ চুক্তি অমান্য কৰি ইংৰাজসকলে ৰাণী-ৰজাৰ লগত হোৱা তিৰুৎ সিঙৰ যুদ্ধত তিৰুৎ সিঙৰ বিৰুদ্ধে ইংৰাজসকলে ৰাণী-ৰজাক সহায় কৰে। এইবোৰ কাৰণত তিৰুৎ সিঙ ইংৰাজৰ ওপৰত অসন্তুষ্ট হয় আৰু ইংৰাজক খেদিবলৈ সিদ্ধান্ত লৈ বিদ্রোহ আৰম্ভ কৰে।
১৮২৯ চনত তিৰুৎ সিঙৰ বিদ্রোহী বাহিনীয়ে নংখলাও নামৰ ঠাইত থকা ইংৰাজসকলৰ স্বাস্থ্য নিবাস আৰু আন চৰকাৰী ভৱনৰ ওপৰত আক্রমণ চলায়। এই আক্রমণত দুজন সামৰিক বিষয়াৰ লগতে ৫০ জন চিপাহী নিহত হয়। খবৰ পাই ডেভিদ স্কটে এদল চিপাহী পঠাই দিয়ে। চিপাহী দলে নগা গাওঁ ধ্বংস কৰাৰ লগতে তেওঁলোকৰ খাদ্য সামগ্রী হস্তগত কৰে। উপায়ান্তৰ হৈ বহুতো বিদ্রোহীয়ে ইংৰাজসকলৰ ওচৰত আত্মসমর্পণ কৰে।
ধনঞ্জয় গোঁহাইৰ বিদ্ৰোহ: গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰ সময়ত গোমধৰ কোঁৱৰৰ এজন সহযোগীৰ নাম আছিল ধনঞ্জয় বৰগোঁহাই। গোমধৰ কোঁৱৰৰ লগত ধনঞ্জয় বৰগোঁহায়েও ইংৰাজসকলৰ হাতত ধৰা পৰিছিল। ইংৰাজে তেওঁক জেলত বন্দী কৰি থৈছিল। কিন্তু কিছুদিন পিছত তেওঁ জেলৰ পৰা পলাই নগাপাহাৰত আশ্রয় লয়। তাত তেওঁ কেইজনমান সহযোগী গোটাই পুনৰ ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। এইবাৰ তেওঁৰ লগত তেওঁৰ পুত্ৰ হৰকান্ত, হৰনাথ আৰু হেমনাথো আছিল। ইয়াৰ উপৰিও জিউৰাম দিহিঙীয়া ফুকন, পিয়লি ফুকন, শদিয়াখোৱা গোঁহাই আদি তেওঁৰ সহযোগী আছিল। এইসকল সহযোগীয়ে ৰূপচান্দ কোঁৱৰ নামৰ এজন লোকক ৰজা পাতি আহোম ৰাজতন্ত্র পুনৰুদ্ধাৰৰ চেষ্টা কৰে। কিন্তু ইংৰাজৰ লগত হোৱা সংঘৰ্ষত সৰহভাগ বিদ্রোহী ইংৰাজৰ হাতত ধৰা পৰে। আন কিছুমানে নগা পাহাৰলৈ পলাই যায়। ধনঞ্জয় বৰগোঁহাইক মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়।
এনেদৰে ১৮২৮ চনৰ পৰা ১৮৩০ চনৰ ভিতৰত অসমত ইংৰাজ শাসনৰ বিৰুদ্ধে উদ্ভৱ হোৱা বিদ্রোহসমূহ ইংৰাজে কঠোৰ হাতেৰে দমন কৰি অসমত ইংৰাজ আধিপত্যৰ দুৱাৰ মেলে।
৮। গোমধৰ কোঁৱৰৰ বিদ্ৰোহ সম্পর্কে আলোচনা কৰা। H. S. ’17, ’20
উত্তৰ ওপৰৰ ৭ নং প্রশ্নোত্তৰৰ গোমধৰ কোঁৱৰ অনুচ্ছেদটো চোৱা।
৯। অসমৰ ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: ১৮৫৭ চনত সমগ্ৰ ভাৰতবৰ্ষত ইংৰাজসকলৰ বিৰুদ্ধে চিপাহী বিদ্রোহ আৰম্ভ হয়। অসমকো এই বিদ্ৰোহৰ বতাহে চুই যায়। কিন্তু অসমৰ ক্ষেত্ৰত এই বিদ্রোহৰ পটভূমি অলপ বেলেগ আছিল। তলত ইয়াৰ কাৰণ চমুকৈ আলোচনা কৰা হ’ল-
(ক) সাধাৰণ শ্ৰেণীৰ ক্ষোভ: ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিয়েই প্রজা সাধাৰণৰ ওপৰত নানান ধৰণৰ কৰৰ বোজা জাপি দিয়ে। আনহাতে নামনি অসমৰ শাসনভাৰ ইংৰাজসকলে নিজৰ হাতত ৰাখি আহোম সকলকসন্তুষ্ট কৰিবলৈ পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পাতে এই চৰ্তত যে পুৰন্দৰ সিংহই বছৰি ইংৰাজ চৰকাৰক ৫০,০০০ টকা কৰ হিচাপে পৰিশোধ কৰিব। এই কৰৰ পৰিমাণটো আছিল যথেষ্ট বেছি। ইয়াৰ হেচাঁটো প্রত্যক্ষভাবে প্রজাসাধাৰণৰ ওপৰত পৰিছিল। বহু প্রজাই নতুন কৰৰ বোজা সহিব নোৱাৰি ৰাজ্য এৰি পলায়ন কৰিছিল। শেষলৈ এই বিক্ষুব্ধ লোকসকলে অসমৰ পৰা ইংৰাজসকলক খেদিবলৈ চিপাহী বিদ্রোহত যোগদান কৰিছিল।
(খ) মধ্যবিত্ত আৰু অভিজাত শ্ৰেণীৰ ক্ষোভ: আহোম যুগত অসমৰ মধ্যবিত্ত আৰু অভিজাত শ্রেণীবে কিছুমান বিশেষ সুবিধা ভোগ কৰিছিল। যেনে সিহঁতে যুগ যুগ ধৰি লগুৱা-লিকচৌ, চাকৰ-বাকৰ আদিৰ ওপৰত নিৰ্ভৰ কৰি বিনা কষ্টে জীৱন নিৰ্বাহ কৰিছল। কিন্তু ইংৰাজ ৰাজত্ব আৰম্ভ হোৱাৰ লগে লগে সিহঁতে এই বিশেষ সুবিধাসমূহ হেৰুৱাব ধৰিলে। ফলত ক্ষুদ্ধ হৈ এই শ্ৰেণীটোৱে ইংৰাজৰ বিৰুদ্ধে বিদ্রোহত যোগ দিয়ে।
(গ) ইংৰাজসকলৰ নিয়োগ নীতিঃ ইংৰাজসকলে সিহঁতৰ প্ৰশাসনীয় কামত সহায় কৰিবলৈ ইংৰাজী জনা শিক্ষিত বঙালী লোক বংগদেশৰ পৰা অসমলৈ আমদানি কৰিছিল। ফলত অসমীয়া বিষয়-ববীয়া আৰু আহোম যুগৰ পৰা বিষয়-বাব ভোগ কৰি থকা অভিজাত শ্রেণীটো অসন্তুষ্ট হৈ ইংৰাজসকলৰ বিৰুদ্ধে জাগি উঠিছিল।
(ঘ) দাস প্রথাৰ অৱসান: প্রাচীন কালৰ পৰা অসমত দাস প্রথা চলি আহিছিল আৰু অভিজাত শ্রেণীটোবে এই দাস প্রথাৰ সুবিধা গ্রহণ কৰিছিল। কিন্তু ইংৰাজসকলে ১৮৪৩ চনত দাস প্রথা নিষিদ্ধ কৰে। ফলত ব্রাহ্মণ, পুৰোহিত আদি উচ্চ শ্ৰেণীৰ লোকসকলে অসন্তুষ্ট হৈ ইংৰাজৰ বিৰুদ্ধে ১৮৫৭ চনৰ বিদ্ৰোহৰ সূচনা কৰে।
১০। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: মণিৰাম দেৱান অসমৰ এজন প্রভাবশালী ব্যক্তি আছিল। তেওঁৰ পিতৃ ৰামদেউ আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দোলাকাষৰী বৰুৱা আছিল। মানৰ আক্ৰমণৰ সময়ত মণিৰাম দেৱান পৰিয়ালৰ সৈতে কলিকতাত আছিল। তাতে তেওঁ ঘৰুৱা শিক্ষকৰ অধীনত শিক্ষা লাভ কৰিছিল। মানসকলে অসমত অবর্ণনীয় অত্যাচাৰ আৰম্ভ কৰাত মণিৰাম দেৱান অসমৰ পৰা মানক খেদিবলৈ কেপ্তেইন ডেভিড স্কটৰ লগত পদ-প্রদর্শক হিচাপে অসমলৈ আহিছিল।
ইংৰাজসকলে অসমৰ পৰা মানসকলৰক খেদি পঠাই অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত মণিৰাম দেৱান চিৰস্তাদাৰ পদ লাভ কৰিছিল। ১৮৩৩ চনত ইংৰাজে পুৰন্দৰ সিংহক উজনি অসমৰ কৰতলীয়া ৰজা পতাত মণিৰাম দেৱান ৰজাৰ ঘাই মন্ত্ৰী হৈছিল। মণিৰাম দেৱানৰ এই উন্নতি ইংৰাজে সহ্য কৰিব পৰা নাছিল। ইতিমধ্যে জেনকিন্স চাহাব অসমৰ কমিচনাৰ হৈ আহি মণিৰামৰ দায়িত্বত থকা মৌজা কেইখনমান বাজেয়াপ্ত কৰে। এই কাৰ্যৰ বাবে মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ভিতৰি ভিতৰি ক্ষুন্ন হৈ থাকে। ১৮৪৫ চনত মণিৰামে দেৱান পদৰ পৰা ইস্তফা দিয়ে। মণিৰামে অসমত চাহ বাগিছা স্থাপন কৰাৰ বাবে প্রয়োজন হোৱা আবাদী মাটি সংগ্রহ কৰাতো ইংৰাজসকলে বাধা দিয়ে। ইত্যাদি কাৰণত মণিৰাম দেৱান ইংৰাজৰ বিৰুদ্ধে ক্ষোভিত হৈ অসমৰ পৰা ইংৰাজসকলক খেদি অসমত পুনৰ ৰাজতন্ত্ৰ ঘুৰাই আনিবলৈ দৃঢ়সংকল্প হয়।
ইতিমধ্যে ১৮৫৭ চনৰ চিপাহী বিদ্রোহ সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল। মণিৰাম দেৱান সেই সময়ত কলিকতাত আছিল। তেওঁ কলিকতাত থাকোতে দিল্লী, লক্ষ্মৌ, কানপুৰ আদি ঠাইত হোৱা বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্ৰহণৰ খবৰে মণিৰাম দেৱানক উৎসাহিত কৰিছিল। তেওঁ তেতিয়া উপলব্ধি কৰিছিল যে আবেদন-নিবেদনৰ দ্বাৰা কৰিব নোৱাৰা কাম বিদ্ৰোহৰ দ্বাৰা কৰিব পাৰি।
মণিৰাম দেৱানে কলিকতাৰ পৰা চাৰিং ৰজা কন্দপেশ্বৰ সিংহ, তেওঁৰ সহযোগী পিয়লি বৰুৱা আৰু যোৰহাটত থকা আন আন বিশ্বাসী লোকলৈ গোপনে ইংৰাজৰ বিৰুদ্ধে সশস্ত্র বিদ্রোহৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দি পত্ৰ প্ৰেৰণ কৰে। ইফালে যোৰহাট আৰু গোলাঘাটত থকা ইংৰাজ বিৰোধী সৈনিকসকলে গোপনে চাৰিং ৰজা কন্দপেশ্বৰৰ সৈতে গোপনে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা সম্পর্কে আলোচনা কৰি কলিকতাৰ পৰা মণিৰাম দেৱান আহি পোৱাৰ লগে লগেই বিদ্রোহ আৰম্ভ কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰে।
দুর্ভাগ্যবশতঃ মণিৰাম দেৱানে কলিকতাৰ পৰা প্ৰেৰণ কৰা কেইখনমান পত্ৰ ইংৰাজসকলৰ হাতত পৰাত ইংৰাজসকল সন্ত্রস্ত হৈ কলিকতাত থকা মণিৰাম দেৱানক তাতেই গ্ৰেপ্তাৰ কৰি আলিপুৰ জেলত আবদ্ধ কৰি ৰাখে। অসমতো কন্দপের্শ্বৰ সিংহৰ লগতে দূতিৰাম বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, পিয়লি ফুকন, মধুৰাম কোচ শেখ ফৰমুদ আলি আদি নেতাকো গ্ৰেপ্তাৰ কৰে। কিছুদিন পিছত তেওঁক ‘কোলাডাইন’ নামৰ জাহাজেবে অসমলৈ আনি যোৰহাটত ৰাজদ্রোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লী ফুকনক ফাঁচী দি হত্যা কৰে। এনেদৰে মণিৰাম দেৱানে ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত দুঃসাহসী ভূমিকা গ্রহণ কৰিছিল।
১১। কি কি কাৰণত অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ব্যর্থ হৈছিল আলোচনা কৰা।
উত্তৰ: ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ ভাৰতৰ অন্যান্য ঠাইৰ লগতে অসমতো ব্যর্থ হৈছিল। ইয়াৰ কাৰণ তলত উল্লেখ কৰা হ’ল-
(ক) ১৮৫৭-৫৮ চনৰ বিদ্ৰোহ বা চিপাহী বিদ্রোহ ব্যর্থ হোৱাৰ প্ৰধান কাৰণ আছিল এই বিদ্রোহ সর্বাত্মক বিদ্রোহ নাছিল। ইয়াত কিছুসংখ্যক চিপাহীয়ে যোগদান কৰিছিল যদিও সাধাৰণ নাগৰিকসকলে এই বিদ্রোহত পূর্ণ সঁহাৰি দিয়া নাছিল। অসমত গোর্খা ৰেজিমেন্টৰ সৈনিকসকলে বিদ্রোহত যোগদান নকৰি চৰকাৰক সহায় কৰি বিদ্রোহীসকলৰ সাংগঠনিক দিশ দুর্বল কৰি তুলিছিল।
(খ) মণিৰাম দেৱানৰ বিদ্ৰোহী তৎপৰতা নেতাসকলৰ মাজতে আবদ্ধ আছিল। তেওঁ জনসাধাৰণৰ লগত যোগাযোগ কৰি সিহঁতৰ সঁহাৰি আৰু আনুগত্য লাভ কৰাত সময় আৰু সুবিধা পোৱা নাছিল।
(গ) এই বিদ্রোহ মাথো শিৱসাগৰ আৰু যোৰহাটতে সীমাবদ্ধ আছিল। নগাওঁ, কামৰূপ, গুৱাহাটী আদি অঞ্চলত এই বিদ্রোহৰ কোনো প্রভাৱ পৰা নাছিল।
(ঘ) নেতাসকলৰ সময়ৰ জ্ঞান নাছিল। সময়মতে কার্যসূচী গ্রহণ কৰাত নেতাসকল ব্যর্থ হৈছিল। ফলত চৰকাৰে ক্ষীপ্র গতিত বিদ্রোহ দমন কৰাত সফল হৈছিল।
(ঙ) বিদ্রোহীসকলৰ বিশেষ সমূহীয়া উদ্দেশ্য নাছিল। প্ৰায়বোৰ নেতাই ব্যক্তিগত স্বার্থক আগস্থান দি বিদ্রোহত অংশ গ্রহণ কৰিছিল। ফলত এই বিদ্রোহ বিফল হৈছিল।
১২। ১৮৩৬ চনৰ পৰা ১৮৬৮ চনলৈ অসমত সংঘটিত হোৱা কৃষক বিদ্রোহৰ এটি চমু খতিয়ান দাঙি ধৰা।
উত্তৰ: ইংৰাজসকলে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিব চর্তমতে অসমখন ব্ৰহ্মদেশৰ ৰজাৰ পৰা লাভ কৰাৰ পিছৰে পৰা অসমত ইংৰাজসকলে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে। অসমৰ সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক পৰম্পৰা পৰিৱৰ্তন হ’বলৈ আৰম্ভ কৰে। বিশেষকৈ ইংৰাজসকলে প্রজা সাধাৰণৰ ওপৰত নানান ধৰণৰ কৰ-কাটল ধাৰ্য কৰিবলৈ লয়। উদাহৰণ স্বৰূপে ১৮৫৮ চনত ‘ষ্টাম্প এক্ট’, ১৮৬০ চনত ‘আয় কৰ’ আৰু ‘আমদানি কৰ’ প্ৰৱৰ্তন কৰে। আনকি সোণ কমোৱা, বিলত মাছ মাৰি ব্যৱসায় কৰা, চৰণীয়া পথাৰত গৰু চৰোৱাৰ ওপৰতো কৰ ধাৰ্য কৰিছিল। ফলত সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ কৃষকসকল ইংৰাজ চৰকাৰৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল। কৃষকসকলে স্থানীয় মুখিয়াল লোক বা গাওঁবুঢ়াসকলৰ তত্বাবধানত ‘ৰাইজৰ মেল’ পাতি এনেবোৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। ইংৰাজসকলৰ অর্থনৈতিক শোষণ বৃদ্ধিৰ লগে লগে ৰাইজৰ মেলসমূহ অধিক সক্রিয় হৈ ইংৰাজৰ বিৰুদ্ধে অধিক প্রতিবাদমুখৰ হৈ উঠে। ফলস্বৰূপে ১৮৩৬ চনৰ পৰা ১৮৬৮ চনলৈ কেইবাটাও কৃষক বিদ্রোহ সংঘটিত হয়। তাৰ ভিতৰত ১৮৬১ চনৰ ফুলগুৰিৰ বিদ্ৰোহ আৰু ১৮৬৮ চনৰ কৃষক বিদ্রোহ উল্লেখযোগ্য। তলত এই বিদ্রোহ দুটাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-
(ক) ১৮৬১ চনৰ ফুলগুৰিৰ বিদ্ৰোহঃ ইংৰাজ চৰকাৰৰ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে বর্তমান নগাওঁ চহৰৰ ফুলগুৰি নামে ঠাইত ১৮৬১ চনত এক কৃষক বিদ্ৰোহৰ সূচনা হয়। এই বিদ্রোহ সংঘটিত হয় বিশেষকৈ আফু খেতিক কেন্দ্র কৰি। ১৮৬০ চনত চৰকাৰে আফু খেতিৰ প্ৰচলন বন্ধ কৰে। ফলত নগাওঁৰ খেতিয়কসকলৰ অশেষ ক্ষতি হয়। ইতিমধ্যে চৰকাৰে তামোল-পানৰ ওপৰতো কৰ বহুৱাৰ প্ৰস্তুতি চলায়। এই সকলোবোৰ সমস্যা সমাধানার্থে ১৮৬১ চনৰ অক্টোবৰ মাহত ১৫০০ কৃষকে নগাওঁৰ ডেপুটি কমিচনাৰৰ ওচৰত এক আবেদন দাখিল কৰে। কিন্তু কমিচনাৰে কোনো সঁহাৰি নিদিয়াত ফুলগুৰিৰ ৰাইজে ৰাইজৰ মেল পাতি চৰকাৰী নীতিৰ প্রতিবাদ জনাই থাকে। ক্রমান্বয়ে পৰিস্থিতি জটিল হোৱাত পুলিচ আৰু কৃষকৰ মাজত সংঘর্ষ হয়। বিদ্রোহী কৃষকসকলে ইংৰাজ কমিচনাৰজনক হত্যা কৰে। চৰকাৰ এই কার্যত ক্ষুন্ন হৈ কৃষকৰ ওপৰত অত্যাচাৰ চলাই ৫৪ জন কৃষকক হত্যা কৰে। ৬ জনক দ্বীপান্তৰিত কৰে আৰু কেইবাজনক কাৰাদণ্ডৰে দণ্ডিত কৰে। এই বিদ্রোহ ইমানতে অন্ত পৰে।
(খ) ১৮৬৮ চনৰ কৃষক বিদ্রোহ: ১৮৬১ চনত হেনৰী হ’পকিন্স অসমৰ কমিচনাৰ ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰি ভূমি ৰাজহৰ পৰিমাণ ৬১.২৩ শতাংশ বৃদ্ধি কৰে। এনে কার্যত কৃষকসকল ক্ষুব্ধ হয়। কৃষকে ৰাইজৰ মেল পাতি চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে সৰৱ হৈ উঠে। এনেদৰে ৰাইজ মেলৰ নেতৃত্বত দৰং, পথৰুঘাট, বজালী, গোবিন্দপুৰ আদি অঞ্চলৰ কৃষকে চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ লয়। এনে ঘটনাই চৰকাৰক সন্ত্রস্ত কৰি তুলিছিল যদিও চৰকাৰ ৰাইজৰ মেলৰ ওচৰ চাপিবলৈ সাহস কৰা নাছিল। পিছলৈ ইংৰাজ চৰকাৰে সামৰিক শক্তি প্রয়োগেৰে এনে কৃষক বিদ্রোহ দমন কৰিছিল।
১৩। ১৮৯৪ চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে উল্লেখ কৰা।
উত্তৰঃ ১৮৯২ চনত সেই সময়ৰ অসমৰ চীফ কমিচনাৰ উইলিয়াম আৰস্কাইন বার্ডে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভূমিৰ নতুন শ্রেণী বিভাজন কৰি ভূমি ৰাজহ ৩৫ শতাংশ বৃদ্ধি কৰে। এই খাজনা বৃদ্ধিৰ প্রতিবাদ কৰি কৃষকসকলে সমবেত হৈ চৰকাৰৰ ওচৰত লিখিত আবেদন দাখিল কৰে। কিন্তু কৃষকৰ তীব্র প্রতিবাদ সত্বেও চৰকাৰে খাজনা বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰি খাজনা আদায় কৰিবলৈ লোবাত কৃষকসকলে চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। এই বিদ্রোহ অসমৰ বিভিন্ন ঠাইত গা কৰি উঠে। এই বিদ্রোহ প্রথমতে উত্তৰ কামৰূপত দেখা দিয়ে। এই অঞ্চলৰ শ শ কৃষকে ৰাইজমেলত মিলিত হৈ বন্ধিত হাৰত খাজনা নিদিবলৈ সংকল্পবদ্ধ হৈছিল।
১৮৯৩ চনৰ ডিচেম্বৰ মাহত ৰঙিয়া আৰু ইয়াৰ আশে-পাশে কেবাশ কৃষকে ৰঙিয়া আৰু তামোলপুৰত মিলিত হৈ তামোলপুৰৰ ইংৰাজ বিষয়া ৰাধানাথ বৰুৱাক লাঞ্ছনা কৰিছিল। কৃষকসকলে ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ ভাঙি-ছিঙি লণ্ড-ভণ্ড কৰিছিল। ইয়াৰ উপৰিও মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্র লুট কৰিছিল।
১৮৯৪ চনত নলবাৰীত হাজাৰ হাজাৰ কৃষক সমবেত হৈ চৰকাৰৰ বিৰুদ্ধে ৰাইজমেল অনুষ্ঠিত কৰে। ৰাইজমেলক বাধা প্ৰদান কৰিবলৈ চৰকাৰ পূৰ্বৰে পৰা সাজু হৈ আছিল। ফলত দুয়ো পক্ষৰ মাজত সংঘর্ষ হয়। সংঘর্ষত কেইবাজনো কৃষকৰ মৃত্যু হয়। নলবাৰী জিলাৰ বৰমাতো এক শক্তিশালী প্রতিবাদী ৰাইজমেল অনুষ্ঠিত হৈছিল। এই বাইজমেলৰ নেতৃত্বত লাঠিয়াল বাহিনীও গঢ়ি তোলা হৈছিল। বাইজে নিজস্ব চোৰংচোৱা ব্যবস্থাও গঢ়ি তুলিছিল।
নলবাৰী অঞ্চলৰ আটাইতকৈ ডাঙৰ ৰাইজমেলখন হৈছিল পানীগাওঁৰ চাপৰিত। ইয়াত সৰ্থেবাৰী, পাটাছাৰকুছি, ধৰ্মপুৰ, বজালী আদি নানান ঠাইৰ কৃষক সমবেত হৈছিল। পানীগাওঁৰ ৰাইজমেলত পুষ্পৰাম কলিতাই মুখ্য ভূমিকা গ্রহণ কৰিছিল।
চৰকাৰে এই আটাইবোৰ কৃষক বিদ্রোহ কঠোৰভাৱে দমন কৰিছিল। বহুতো কৃষকক হত্যা কৰিছিল। কিছুমানক কাৰাদণ্ড বিহিছিল।
১৪। ১৮৯৪ চনত দৰং জিলাৰ পাথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্রোহ সম্পর্কে আলোচনা কৰা।
উত্তৰ: ১৮৯৪ চনত এক শক্তিশালী কৃষক বিদ্রোহ সংঘটিত হৈছিল দৰং জিলাৰ পাথৰুঘাট নামে ঠাইত। অন্যান্য কৃষক বিদ্রোহৰ দৰে চৰকাৰৰ বৰ্দ্ধিত হাৰত খাজনা ধাৰ্য আৰু চৰকাৰৰ শোষণ নীতিৰ বিৰুদ্ধে এই বিদ্রোহ হৈছিল। এই বিদ্রোহত কৃষকসকল ১৮৯৪ চনৰ ২৬ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ দৰং জিলাৰ পাথৰুঘাটত মিলিত হৈছিল। সেই সময়ত দৰং জিলাৰ মহকুমাধিপতি আছিল জে. এণ্ডাৰচন। তেওঁ কৃষকসকলক মোকাবিলা কৰাৰ উদ্দেশ্যে সামৰিক বাহিণী প্ৰেৰণ কৰে। ফলত দুয়োপক্ষৰ মাজত তয়াময়া সংঘৰ্ষৰ সৃষ্টি হয়। অৱশেষত হাজাৰ হাজাৰ কৃষক ৰাইজৰ ওপৰত জিলাধিপতিয়ে গুলিবর্ষণ কৰিবলৈ আদেশ দিয়ে। ১৪০ জন কৃষকৰ থিতাতে মৃত্যু হয় আৰু ৭৫০ জন আহত আৰু ঘূণীয়া হয়। পাথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে নবোত্তম দাসে ৰচিত ‘দলি পৰাণ’ নামৰ পুথিত বিস্তাৰিত বর্ণনা পোৱা যায়।
১৫। ১৮৬০ চনত ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ এক খতিয়ান দাঙি ধৰা।
উত্তৰ : ১৮৩৫ চনত ইংৰাজসকলে জয়ন্তীয়া পাহাৰ ইংৰাজ সাম্ৰাজ্যৰ অধীন কৰে। এই কার্যত জয়ন্তীয়াসকলে অসন্তুষ্ট হয়। ইয়াৰ উপৰিও ইংৰাজ চৰকাৰে ১৮৬১ চনত জয়ন্তীয়াসকলৰ ওপৰত ‘ঘৰমুৰি কৰ’ আৰু ‘আয়কৰ’ প্ৰবৰ্তন কৰে। এই কৰ ধাৰ্যকৰণৰ বিৰুদ্ধে জয়ন্তীয়াসকলে বিদ্রোহৰ পাতনি মেলে। জয়ন্তীয়াসকলৰ এই বিদ্রোহৰ নেতৃত্ব দিছিল ওকিয়াং নংবাহ নামৰ এজন জয়ন্তীয়া মুখিয়ালে।
১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে জোৱাই নামে ঠাইত থকা বৃটিছৰ চাউনীত আক্রমণ কৰে। বিদ্রোহীসকল আৰু চৰকাৰৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো বিদ্রোহী মৃত্যু মুখত পৰে। বিদ্রোহীহঁতেও কেইবাজনো পুলিচক হত্যা কৰে।
চৰকাৰী আক্ৰমণত বিদ্রোহীসকলৰ প্রতাপ লাহে লাহে কমি আহিল। বিদ্রোহী নেতা ওকিয়াং নংবাহ বৃটিছ সেনাৰ হাতত ধৰা পৰে। চৰকাৰে তেওঁক অপৰাধী সাব্যস্ত কৰি ফাঁচী দিয়ে। ইমানতে জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে।
১৬। ওকিয়াং নংবাহৰ নেতৃত্বত সংঘটিত ব্ৰিটিছ বিৰোধী জয়ন্তীয়া বিদ্ৰোহৰ ইতিহাস বিবৃত কৰা।
উত্তৰ ওপৰৰ ১৪ নং প্রশ্নোত্তৰ চোৱা।
চমু টোকা লিখা:
(ক) গোৱালপাৰা (খ) ডেভিদ স্কট (গ) লাখেৰাজ ভূমি (ঘ) গোমধৰ কোঁৱৰ (ঙ) মধুৰাম কোঁচ (চ) কন্দর্পেশ্বৰ সিংহ (ছ) সম্বোধন কছাৰীব বিদ্রোহ (জ) দলি পুৰাণ (ঝ) ওকিয়াং নংবাহ (ঞ) জে. ডব্লিউ কুইন্টন।
উত্তৰ: (ক) গোৱালপাৰা: গোৱালপাৰা পশ্চিম প্রান্তত থকা অসমৰ এখন জিলাৰ নাম। এই জিলাখন ১৭৬৫ চনত ইংৰাজসকলে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰাৰ সময়ত বংগদেশৰ ৰংপুৰ জিলাৰ অন্তর্ভুক্ত আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত গোৱালপাৰা বংগদেশৰ পৰা আঁতৰাই আনি অসমৰ লগত সংলগ্ন কৰা হয়।
(খ) ডেভিদ স্কট: ডেভিদ স্কট আছিল বৃটিছ-অসমৰ প্ৰথমজন ইংৰাজ প্রশাসনীয় বিষয়া। অসমলৈ অহাৰ আগতে তেওঁ উত্তৰ প্রদেশ, বংগদেশ আৰু বিহাৰৰ কোনো কোনো ঠাইত প্রশাসনীয় বিষয়া হিচাপে কার্য নির্বাহ কৰিছিল। ১৮২২ চনত তেওঁক ইংৰাজ চৰকাৰে উত্তৰ-পূৱ সীমান্তৰ বাবে ‘গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট’ রূপে নিযুক্তি দিয়ে। অসমৰ প্ৰশাসনীয় দিশৰ পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত তেওঁ বিশেষ ভূমিকা গ্রহণ কৰিছিল।
(গ) লাখেৰাজ ভূমি: নিষ্কৰ অৰ্থাৎ কৰবিহীন ভূমিক ‘লাখেৰাজ ভূমি’ বুলি কোৱা হয়। আহোম ৰাজত্ব কালত ধর্মীয় কাৰণত এনে ভূমি ব্রাহ্মণ-পুৰোহিতক দান কৰিছিল। কিন্তু ইংৰাজ ৰাজত্বকালত এনে ভূমিৰ ওপৰত কৰ আৰোপ কৰাৰ ব্যৱস্থা কৰা হয়। অসমৰ প্ৰশাসনীয় বিষয়া জেনকিন্সে এই সম্বন্ধে ব্যাপক অনুসন্ধান কৰি লাখেৰাজ ভূমিক তলত দিয়া ধৰণে তিনি শ্রেণীত ভাগ কৰিছিল। যেনে-
(ক) ব্রহ্মোত্তৰ ভূমি: এই ভূমিবোৰ মঠ-মন্দিৰ আৰু সত্রানুষ্ঠানলৈ দান কৰা হৈছিল। এই শ্ৰেণীৰ ভূমিৰ ওপৰত কোনো কৰ বা খাজনা ধাৰ্য কৰা নহৈছিল।
(খ) ধর্মোত্তৰ ভূমি: এই শ্ৰেণীৰ ভূমি ধর্মীয় বা দাতব্য কাৰ্যৰ বাবে দান কৰা হৈছিল। এই বিধ ভূমিৰ ওপৰত আধা কৰ ধাৰ্য কৰা হৈছিল।
(গ) ব্রহ্মোত্তৰ ভূমি: এইশ্রেণীৰ ভূমি ব্রাহ্মণ বা পুৰোহিতক দান কৰা হৈছিল। এনে ভূমিৰ ওপৰত আধা কৰ আৰোপ কৰা হৈছিল।
(ঘ) গোমধৰ কোঁৱৰ গোমধৰ কোঁৱৰ আছিল স্বৰ্গদেউ চুহুংমুঙৰ বংশধৰ ফেনা কোঁৱৰৰ পুত্ৰ। তেওঁ অসমৰ স্বতন্ত্রতা উদ্ধাৰ কৰাৰ বাবে নিজকে স্বর্গদেউ বুলি ঘোষণা কৰি বিদ্ৰোহ আৰম্ভ কৰে। এই বিদ্রোহত তেওঁৰ সহযোগী আছিল ধনঞ্জয় বৰগোঁহাই, হৰনাথ, পিয়লি ফুকন, দহা ফুকন আৰু বহুতো। ১৮২৮ চনত গোমধৰে ইংৰাজসকলক অসম ত্যাগ কৰিবলৈ আবেদন জনায়। কিন্তু ইংৰাজ চৰকাৰে কোনো ধৰণৰ সঁহাৰি নিদিয়াত তেওঁৰ সহযোগীসকলক লৈ গোমধৰে মৰিয়ণিৰ ফালে অগ্ৰসৰ হয়। কিন্তু ইংৰাজ সেনা বিষয়া লেফটেনেন্ট ৰাডাৰফৰ্ডৰ হাতত পৰাভূত হৈ বহুকেইজন বিদ্রোহীয়ে আত্মসমর্পণ কৰে। গোমধৰ কেইজনমান সতীর্থক লৈ নগা পাহাৰলৈ পলাই যায়। পিছত মাকৰ প্ৰচেষ্টাত ইংৰাজ চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰে। বিচাৰত তেওঁক সাত বছৰৰ কাৰাদণ্ড বিহা হয়। ইমানতে গোমধৰ কোঁৱৰৰ বিদ্ৰোহৰ অন্ত পৰে।
(ঙ) মধুৰাম কোঁচ: মধুৰাম কোঁচ নাজিৰাৰ আসাম টি কোম্পানীৰ ঠিকাদাৰ আছিল। অসমৰ পৰা ইংৰাজসকলক খেদি অসমৰ স্বাধীনতা ঘুৰাই অনাৰ বাবে মণিৰাম দেৱানৰ নেতৃত্বত আৰম্ভ হোৱা বিদ্ৰোহৰ এজন সহযোগী হিচাপে মধুৰাম কোঁচে যোগদান দিছিল। ইংৰাজসকলে এই বিদ্রোহ বৰ কঠোৰ হাতেৰে দমন কৰিছিল। মনিৰাম দেৱান আৰু পিয়লি ফুকনক ফাঁচী দি হত্যা কৰিছিল। মধুৰাম কোঁচক সাত বছৰৰ কাৰাদণ্ড বিহিছিল।
(চ) কন্দপেশ্বৰ সিংহ: কন্দর্পেশ্বৰ সিংহ আছিল আহোম ৰজা কামেশ্বৰ সিংহৰ পুত্র। কামেশ্বৰ সিংহৰ মৃত্যুৰ পিছত তেওঁ ৰজা হ’ব বিচাৰিছিল। কিন্তু ইংৰাজে তেওঁক ৰজা পাতিবলৈ অস্বীকাৰ কৰাত কন্দপেশ্বৰ সিংহ অসন্তুষ্ট হৈ ইংৰাজ বিৰোধী হৈ উঠিছিল। ইতিমধ্যে মণিৰাম দেৱানে ইংৰাজসকলৰ দমনমূলক কার্য-কলাপত অতীষ্ট হৈ ইংৰাজসকলক অসমৰ পৰা খেদি কন্দপেশ্বৰ সিংহক ৰজা পাতি অসমত পুনৰ ৰাজতন্ত্র প্রতিষ্ঠা কৰিবলৈ সংকল্প গ্রহণ কৰে। এই উদ্দেশ্যে তেওঁ কলিকতালৈ যায়।
ইতিমধ্যে ১৮৫৭ চনৰ চিপাহী বিদ্রোহ সমগ্ৰ ভাৰততে আৰম্ভ হৈছিল। মণিৰাম দেৱান সেই সময়ত কলিকতাত আছিল। তেওঁ কলিকতাত থাকোতে দিল্লী, লক্ষ্মৌ, কানপুৰ আদি ঠাইত হোৱা বিদ্ৰোহৰ সৈতে সাধাৰণ লোকৰ অংশ গ্ৰহণৰ খবৰে মণিৰাম দেৱানক উৎসাহিত কৰিছিল। তেওঁ তেতিয়া উপলব্ধি কৰিছিল যে আবেদন-নিবেদনৰ দ্বাৰা কৰিব নোৱাৰা কাম বিদ্ৰোহৰ দ্বাৰা কৰিব পাৰি।
মণিৰাম দেৱানে কলিকতাৰ পৰা চাৰিং ৰজা কন্দপেশ্বৰ সিংহ, তেওঁৰ সহযোগী পিয়লি বৰুৱা আৰু যোৰহাটত থকা আন আন বিশ্বাসী লোকলৈ গোপনে ইংৰাজৰ বিৰুদ্ধে সশস্ত্র বিদ্রোহৰ বাবে সাজু হৈ থাকিবলৈ নির্দেশ দি পত্ৰ প্ৰেৰণ কৰে। ইফালে যোৰহাট আৰু গোলাঘাটত থকা ইংৰাজ বিৰোধী সৈনিকসকলে গোপনে চাৰিং ৰজা কন্দপেশ্বৰৰ সৈতে মিলিত হৈ বিদ্ৰোহৰ পৰিকল্পনা সম্পর্কে আলোচনা কৰি কলিকতাৰ পৰা মণিৰাম দেৱান আহি পোৱাৰ লগে লগেই বিদ্রোহ আৰম্ভ কৰিব বুলি সিদ্ধান্ত গ্রহণ কৰে।
দুভার্গবশতঃ মণিৰাম দেৱানে কলিকতাৰ পৰা প্ৰেৰণ কৰা কেইখনমান পত্ৰ ইংৰাজসকলৰ হাতত পৰাত ইংৰাজসকল সন্ত্রস্ত হৈ কলিকতাত থকা মণিৰাম দেৱানক তাতেই গ্রেপ্তাৰ কৰি আলিপুৰ জেলত আবদ্ধ কৰি ৰাখে। অসমতো কন্দপেশ্বৰ সিংহৰ লগতে দুতিৰাম বৰুৱা, বাহাদুৰ গাওঁবুঢ়া, পিয়লি ফুকন, মধুৰাম কোচ, শেখ ফৰমুদ আলি আদি নেতাকো গ্রেপ্তাৰ কৰে। কিছুদিন পিছত তেওঁক ‘কোলাডাইন’ নামৰ জাহাজেৰে অসমলৈ আনি যোৰাহাটত ৰাজদ্রোহৰ অপৰাধত দোষী সাব্যস্ত কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লী ফুকনক ফাঁচী দি হত্যা কৰে। কন্দপেশ্বৰ সিংহক কলিকতাৰ আলিপুৰ জেলত ৰাজবন্দী হিচাপে কাৰাৰুদ্ধ কৰি ৰাখে। ১৮৬৩ চনত তেওঁক ৫০০ টকাৰ এটি মাহিলী পেঞ্চন দিয়া হৈছিল। ১৮৮০ চনত গুৱাহাটীত কন্দপেশ্বৰ সিংহৰ মৃত্যু হয়।
(ছ) সম্বোধন কছাৰীৰ বিদ্ৰোহ: ইংৰাজসকলৰ দমন আৰু শোষণমূলক নীতিত অসন্তুষ্ট হৈ অসমত বহুতো সৰু-ডাঙৰ বিদ্ৰোহ হৈছিল। এই বিদ্রোহবোৰৰ ভিতৰত এটি উল্লেখযোগ্য বিদ্রোহ আছিল ‘সম্বোধন কছাৰীৰ বিদ্ৰোহ’। তেওঁ আছিল উত্তৰ কাছাৰৰ এজন কছাৰী নেতা। ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় লোকসকলক বশ কৰাৰ কাৰণে ইংৰাজ চৰকাৰে মাইবঙত এজন ইংৰাজ বিষয়া নিয়োগ কৰিছিল। কিছুমান কাছাৰী লোকে এই কার্য ভাল নাপাই ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ আৰম্ভ কৰে। বিদ্রোহীসকলে সম্বোধন কছাৰীৰ নেতৃত্বত ইংৰাজসকলে বিভিন্ন ঠাইত নির্মাণ কৰা ঘৰ-দুৱাৰ ধ্বংস কৰে। এনে অৱস্থাত উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ডেপুটি কমিচনাৰ মেজৰ ফয়দে এজন ইউৰোপীয় বিষয়া আৰু ২৫ জনমান পুলিচ লগত লৈ বিদ্রোহ দমন কৰিবলৈ যোৱাত বিদ্রোহীসকলৰ লগত চৰকাৰী বাহিনীৰ লগত তয়াময়া সংঘর্ষ হয়। এই সংঘৰ্ষত মেজৰ ফয়েদ ভীষণভাবে আঘাতপ্রাপ্ত হৈ সেই আঘাততে পিছলৈ মৃত্যু মুখত পৰে। কেইজনমান বিদ্রোহী চৰকাৰী বাহিনীৰ হাতত ধৰা পৰে। সম্বোধন কছাৰী পলাই সাৰে। ইয়াৰ পিছত তেওঁৰ বিষয়ে একো জনা নাযায়।
(জ) দলি পুৰাণ: উনবিংশ শতাব্দীৰ শেষ দহকটোত নৰোত্তম দাস নামৰ এজন লোকে ৰচনা কৰা এখন পুথি হ’ল ‘দলি পুৰাণ’। এই পুথিখনত ঐতিহাসিক পাথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে সবিশেষ বর্ণনা আছে।
(ঝ) ওকিয়াং নংবাহ: ১৮৩৫ চনত ইংৰাজসকলে জয়ন্তীয়া পাহাৰ ইংৰাজ সাম্ৰাজ্যৰ অন্তর্ভুক্ত কৰে। এই কার্যত জয়ন্তীয়াসকলে অসন্তুষ্ট হয়। ইয়াৰ উপৰিও ইংৰাজ চৰকাৰে ১৮৬১ চনত জয়ন্তীয়াসকলৰ ওপৰত ‘ঘৰমুৰি কৰ’ আৰু ‘আয়কৰ’ প্ৰৱৰ্তন কৰে। এই কৰ ধাৰ্যকৰণৰ বিৰুদ্ধে জয়ন্তীয়াসকল বিদ্রোহৰ পাতনি মেলে। জয়ন্তীয়াসকলৰ এই বিদ্ৰোহৰ নেতৃত্ব দিছিল ওকিয়াং নংবাহ নামৰ এজন জয়ন্তীয়া মুখিয়ালে।
১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে ওকিয়াং নংবাহৰ নেতৃত্বত জয়ন্তীয়াসকলে জোৱাই নামে ঠাইত থকা বৃটিছৰ চাউনীত আক্রমণ কৰে। বিদ্রোহীসকল আৰু চৰকাৰৰ মাজত হোৱা সংঘৰ্ষত কেইবাজনো বিদ্রোহী মৃত্যু মুখত পৰে। বিদ্রোহীহতেঁও কেইবাজনো পুলিচক হত্যা কৰে।
চৰকাৰী আক্ৰমণত বিদ্রোহীসকলৰ প্রতাপ লাহে লাহে কমি আহিল। বিদ্রোহী নেতা ওকিয়াং নংবাহ বৃটিছ সেনাৰ হাতত ধৰা পৰে। চৰকাৰে তেওঁক অপৰাধী সাব্যস্ত কৰি ফাঁচী দিয়ে। ইমানতে জয়ন্তীয়া বিদ্ৰোহৰ অন্ত পৰে।
(ঞ) জে. ডব্লিউ কুইনন্টন: তেওঁ ইংৰাজ শাসিত অসমৰ এজন চীফ কমিচনাৰ আছিল। তেওঁ মণিপুৰৰ ৰাজকুমাৰ ট্রিকেন্দ্রজিতৰ বিদ্ৰোহ দমন কৰাৰ কাৰণে সসৈন্যে মণিপুৰলৈ যায়। ট্রিকেন্দ্রজিতৰ বিদ্রোহী বাহিনীৰ লগত কুইন্টন বাহিনীৰ সংঘর্ষ হয়। সংঘৰ্ষত কুইন্টন বাহিনীৰ সৰহভাগ সেনা মৃত্যু মুখত পৰে। কুইন্টনক শিৰচ্ছেদ কৰা হয়। পিছত এই ঘটনাটোৰ বাবে টিকেন্দ্রজিতক চৰকাৰে দোষী সাব্যস্ত কৰি ফাঁচী দিয়ে।
১৭। প্রাচীন অসমৰ সামাজিক জীৱনৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: প্রাচীন অসমৰ সামাজিক জীবন হিন্দু ধৰ্মৰ ওপৰত প্রতিষ্ঠিত আছিল। ইয়াত হিন্দু ধৰ্মৰ বৰ্ণাশ্ৰমৰ অস্তিত্ব আছিল। জনসাধাৰণৰ সামাজিক অৱস্থা কৰ্মৰ ভিত্তিত কৰা হৈছিল। সমাজৰ ওপৰত শ্ৰেণীত ব্রাহ্মণসকল আছিল। সিহঁতে সমাজৰ ধৰ্মীয় ক্রিয়া-কাণ্ডত মুখ্য ভূমিকা গ্রহণ কৰিছিল। সিহঁতে সমাজত অধিক সুবিধা ভোগ কৰিছিল। ৰজাসকলওে সিহঁতক পৃষ্ঠপোষকতা দান কৰিছিল। ব্রাহ্মণসকলৰ পিছত দৈৱজ্ঞসকলে স্থান পাইছিল। আর্যসকলৰ বাহিৰে অন্যান্য জাতিৰ লোকক ম্লেচ, দানব, কায়স্থ, শূদ্র, বৈদ্য আদি নাম দিয়া হৈছিল। প্রাচীন কামৰূপত কেইজনমান কায়স্থ আৰু শূদ্র বংশৰ ৰজাই ৰাজত্ব কৰাৰ প্ৰমাণ পোৱা যায়। বৈদ্যসকলে প্রশাসনীয় সেৱাত অংশ গ্রহণ কৰিছিল। প্রাচীন অসমত আঠ প্ৰকাৰৰ বিবাহৰ প্ৰচলন আছিল। সমাজত তিৰোতাৰ স্থান উচ্চ আছিল। সিহঁতক গৃহলক্ষ্মী আখ্যা দিয়া হৈছিল। অসমীয়া তিৰোতাসকল হস্ততাঁত শিল্পত পাকৈত আছিল। অসমীয়া লোকৰ প্রধান খাদ্য আছিল ভাত। সিহঁতে কলখাৰ লোণ হিচাপে ব্যৱহাৰ কৰিছিল।
১৮। প্রাচীন অসমৰ অৰ্থনৈতিক অবস্থাৰ এটি বিৱৰণ দাঙি ধৰা। H. S. ’17
উত্তৰ : প্ৰাচীন অসমৰ অৰ্থনৈতিক ব্যৱস্থা কৃষি নির্ভৰ আছিল। কৃষিয়েই আছিল ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি। অসমত ধান, মৰাপাট, কঁঠাল, কল, আদা, জলকীয়া, সৰিয়হ আদি প্ৰচুৰ পৰিমাণে উৎপন্ন হৈছিল। ইয়াত নানা ধৰণৰ ৰং কৰা সামগ্ৰী আৰু লা উৎপাদন কৰা হৈছিল। প্রাচীন অসমত শ্রম শিল্পৰ ভিতৰত বস্ত্র শিল্প, বঞ্জন শিল্প, হাতদাঁতৰ শিল্প আদিত আগৰণুৱা আছিল। অসমৰ প্ৰতিজন তিৰোতাই হস্ততাঁত শিল্পত পাকৈত আছিল। অসমীয়া তিৰোতাসকলে তাঁতশালত পাট, কপাহী, মুগা আৰু এৰি কাপোৰ তৈয়াৰ কৰিছিল। অসমীয়া তিৰোতাই তাঁতশালত বোৱা কাপোৰ ভাৰতৰ অন্যান্য প্রদেশলৈয়ো ৰপ্তানি হৈছিল। অসমীয়া তিৰোতাই নীল, লা, গছৰ শিপা, পাত আদি সংমিশ্রণত নানা বং তৈয়াৰ কৰি ৰঙীণ কাপোৰ বৈছিল।
১৯। প্রাচীন অসমৰ ব্যৱসায়-বাণিজ্যৰ ওপৰত এটি টোকা লিখা।
উত্তৰ: প্রাচীন অসম কৃষি প্রধান আছিল যদিও অসমৰ পৰা সোণ, তাম, পাট কাপোৰ, গড়ৰ খৰ্গ, হাতী দাঁতৰ সামগ্ৰী আদি অসমৰ বাহিৰলৈ ৰপ্তানি কৰা হৈছিল। সৰহভাগ বেহা-বেপাৰ জলপথত চলিছিল। বেহাবেপাৰৰ বাবে ব্যৱসায়ীসকলে ডাঙৰ ডাঙৰ নাও তৈয়াৰ কৰিছিল। প্রাচীন তথ্য মতে কুমাৰ ভাস্কৰবৰ্মাৰ সামৰিক কাৰ্যত ব্যৱহাৰ কৰাৰ বাবে ৩০ হাজাৰ নাও আছিল। অসমৰ নদীসমূহৰ পৰা সংগ্ৰহ কৰা সোণ চীন দেশলৈয়ো ৰপ্তানি কৰা হৈছিল। তিৰ্বতৰ লগতো অসমৰ ব্যৱসায় চলিছিল। চীন আৰু তিৰ্বতৰ পৰা অসমলৈ ৰূপ আমদানি কৰা হৈছিল। আহোম যুগত বৈদেশিক বাণিজ্যৰ প্ৰসাৰ ঘটিছিল। প্রধান ব্যৱসায়িক স্থানসমূহত আহোম ৰজাসকলে চকী স্থাপন কৰিছিল।
২০। ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ উল্লেখ কৰা। অসমে এই আন্দোলনত কি ভূমিকা গ্রহণ কৰিছিল লিখা। H. S. ’15
উত্তৰ: ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ‘ভাৰত ত্যাগ আন্দোলন’ এক মাইলৰ খুটি। এই আন্দোলন ১৯৪২ চনত সংঘটিত হৈছিল। মহাত্মা গান্ধীৰ নেতৃত্বত এই আন্দোলন সৰ্বভাৰতীয় আন্দোলনত পৰিণত হৈছিল। এই আন্দোলনৰ প্ৰধান শ্লোগান আছিল ইংৰাজসকলে ভাৰত ত্যাগ কৰিব লাগে। মহাত্মা গান্ধীৰ আহ্বানত জনসাধাৰণে এই আন্দোলনত সক্রিয় ভূমিকা গ্রহণ কৰিছিল। ইংৰাজ চৰকাৰে প্ৰথমৰ পৰাই এই আন্দোলন দমন কৰাৰ বাবে উঠি-পৰি লাগিছিল আৰু কংগ্রেছ নেতাসকলক গ্রেফতাৰ কৰি জেলত ভৰাইছিল। কংগ্ৰেছক বে-আইনী সংগঠন বুলি ঘোষণা কৰা হৈছিল। কিন্তু আন্দোলনৰ প্ৰধান প্রধান নেতাসকলৰ গ্রেপ্তাৰে জনসাধাৰণক বিক্ষুব্ধ কৰি তুলিছিল। ফলত আন্দোলন অতি সোনকালেই সর্বাত্মক ৰূপ পৰিগ্ৰহণ কৰিছিল।
ভাৰতৰ বিভিন্ন প্রদেশত এই আন্দোলন সিচৰতি হৈ পৰাৰ লগে লগে অসমকো এই আন্দোলনৰ প্ৰৱল বতাহে জোঁকাৰি গৈছিল। অসমীয়াসকলে সর্বান্তকৰণে এই আন্দোলন সমর্থন কৰিছিল আৰু ইংৰাজৰ শাসনৰ বিৰুদ্ধে বিক্ষোভ, ধর্ণা আদি সংঘটিত কৰিছিল। এই আন্দোলনত অসমৰ গোপীনাথ বৰদলৈ, সিদ্ধিৰাম শৰ্মা আদি নেতা গ্রেপ্তাৰ হৈছিল। কিন্তু মহেন্দ্র মোহন, শংকৰ বৰুৱা, বিমলা প্রসাদ চলিহা, ব্রজ শর্মা আদি নেতাসকলে পুলিচৰ চকুত ধূলি দি আত্মগোপন কৰি তলে তলে এই আন্দোলন অধিক ব্যাপক কৰি তুলিছিল। কামৰূপ, দৰং, নগাওঁ আদি ঠাইত বেল লাইন উঠাই দিয়া হৈছিল। বৰপেটা, সৰভোগ, নগাওঁ আদি অঞ্চলত থকা সামৰিক ঘাটিবোৰত অংগ্নি সংযোগ কৰা হৈছিল। যুব ছাত্রসকলেও এই আন্দোলনত অংশ গ্রহণ কৰি গাঁৱে-ভূয়ে এই আন্দোলন সিঁচৰতি কৰি দিছিল। মুঠতে ১৯৪২ চনৰ ভাৰত ত্যগ আন্দোলনত অসমে এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল।
২২। অসমত অসহযোগ আন্দোলনৰ প্ৰভাৱ সম্পর্কে আলোচনা কৰা।
উত্তৰ: ভাৰতত ইংৰাজ শাসনৰ বিৰুদ্ধে ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত অহযোগ আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল ভাৰতত ইংৰাজ শাসন অচল কৰিবলৈ চৰকাৰৰ লগত অসহযোগ কৰা। এই অসহযোগ আন্দোলন ভাৰতৰ প্ৰায় সকলো প্রদেশতে সিঁচৰিত লাভ কৰে। অসমো এই আন্দোলনৰ প্রভাৱৰ পৰা মুক্ত নাছিল। এই আন্দোলনত বহুতো ভাৰতীয় বিষয়ববীয়াই সিহঁতৰ চৰকাৰী পদৰ পৰা ইস্তফা দিছিল। জনসাধাৰণে বিদেশী সামগ্রী বর্জন কৰিছিল। বিলাতী কপোৰৰ দ’মত অগ্নি সংযোগ কৰিছিল। দেশী ব্যৱসায়ীসকলে বিদেশী সামগ্রী বিক্রি কৰা বন্ধ কৰা দিছিল। এই অসহযোগ আন্দোলনৰ প্ৰভাৱত কংগ্ৰেছ দলৰ প্ৰতি জণসাধাৰণ অতিকৈ আকর্ষিত হয় আৰু দলে দলে মানুহ এই দলৰ সক্রিয় সদস্য হিচাপে ভর্তি হয়। অসমত অসম প্রাদেশিক কংগ্রেছ কমিটি গঠন কৰা হয়। এই আন্দোলনত অসমৰ যুৱ ছাত্ৰ-ছাত্ৰীসকল অধিকভাৱে অভিপ্রেত হৈছিল। সিহঁতে স্কুল, কলেজ ত্যাগ কৰি শোভাযাত্ৰা কৰা, সভা সমিতি অনুষ্ঠিত কৰা আদিত সক্রিয়ভাবে ভূমিকা গ্রহণ কৰিছিল। উকিলসকলওে উকালতি এৰি আন্দোলনত জঁপিয়াই পৰিছিল। অসৰ চাহ জনজাতিসকলেও এই আন্দোলনৰ দ্বাৰা প্রভাবিত হৈছিল।
২৩। অৰুনোদয়ৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰ: ‘অৰুণোদয়’ আছিল অসমীয়া ভাষাৰ প্ৰথম আলোচনী। এইখন অসমত খ্রীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ অহা আমেৰিকান বেপ্তিষ্ট মিছনাৰীসকলৰ দ্বাৰা ১৮৪৬ চনৰ পৰা প্ৰকাশ পাবলৈ ধৰে আৰু ই ১৮৮০ চনলৈ প্রকাশ পাই থাকে। ইয়াৰ প্ৰথম সম্পাদকজন আছিল অলিভাৰ থমাচ কট্টৰ। এইখন আলোচনী প্রকাশৰ মূল উদ্দেশ্য আছিল খ্ৰীষ্ট্ৰৰ বাণী প্ৰচাৰ কৰা। অৱশ্যে ইয়াৰ লগে লগে ই বিভিন্ন জ্ঞান বিজ্ঞানমূলক প্ৰৱন্ধ, সাধু কথা, বাইবেলৰ সাধু, বিভিন্ন জনজাতিৰ বিৱৰণ, ভৌগোলিক বিৱৰণ, বুৰঞ্জী বিষয়ক প্রবন্ধ আদি প্রকাশ পাইছিল। খৃষ্টান মিছনেৰীসকলৰ লিখনিৰ লগতে কেইজনমান অসমীয়া লেখকেও আলোচনীখনত নিয়মিত লিখা-মেলা কৰিছিল। আলোচনীখনৰ ভাষা অসমীয়া হ’লেও এই ভাষা আছিল অতি সৰল আৰু কথিত ভাষাৰ ওচৰ। পিছলৈ অসমীয়া লেখকসকলে অৰুণোদয়ৰ অসমীয়া ভাষাক সমালোচনা কৰি ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। যিয়েই নহওঁক কিয় আলোচনীখনে অসমীয় ভাষাত আলোচনী প্ৰকাশৰ এক পৰম্পৰা সৃষ্টি কৰে।
২৪। অসহযোগ আন্দোলনত অসমৰ চাহ শ্রমিকসকলৰ ভূমিকা আলোচনা কৰা।
উত্তৰ: ভাৰতত ইংৰাজ শাসনৰ বিৰুদ্ধে ১৯২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত অহযোগ আন্দোলন আৰম্ভ হয়। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল ভাৰতত ইংৰাজ শাসন অচল কৰিবলৈ চৰকাৰৰ লগত অসহযোগ কৰা। এই অসহযোগ আন্দোলন ভাৰতৰ প্ৰায় সকলো প্রদেশতে সিঁচৰিত লাভ কৰে। অসমো এই আন্দোলনৰ প্রভাৱৰ পৰা মুক্ত নাছিল। অসমৰ বিভিন্ন অঞ্চলৰ চাহ জনগোষ্ঠীৰ লোকসকলেও এই আন্দোলনত যোগদান কৰিছিল।
ডিব্ৰু-দৰং চাহ বাগিছাৰ বনুৱা অর্জুন ঘাটোৱাৰে অসহযোগ আন্দোলন বাণী ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ অভিযোগত দহমাহ কাৰাবাস খাটিছিল। সেইদৰে সোনাজুলি, চান্দাই, কাছাৰ, চিলেট আদি অঞ্চলৰ চাহ বাগিছাৰ বনুৱাসকলেও এই অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল। ইংৰাজ চৰকাৰে এই আন্দোলন দমন কৰিবলৈ সেনা বাহিনী নিয়োগ কৰিছিল আৰু বহুতোক গ্ৰেপ্তাৰ কৰি এই আন্দোলন কঠোৰভাৱে দমন কৰিছিল।
২৫। অসম বুৰঞ্জীৰ সমলৰ ওপৰত এটি চমু টোকা লিখা।
উত্তৰ বুৰঞ্জী প্রণয়নৰ বাবে সমলৰ প্ৰয়োজন। আধুনিক যুগৰ বুৰঞ্জী ৰচনাৰ বাবে সমলৰ অভাব নাই যদিও মধ্য বা প্রাচীন যুগৰ বুৰঞ্জী প্রণয়ন কৰিবলৈ যথেষ্ট সমলৰ অভাৱ। তথাপি ইতিহাসবিদসকলে প্রধানতঃ তিনি প্ৰকাৰৰ সমলৰ ওপৰত ভিত্তি কৰি বুৰঞ্জী ৰচনা কৰে। সেই সমলকেইটা হ’ল- প্রত্নতাত্বিক সমল, সাহিত্যিক সমল আৰু বিদেশী ভ্রমণকাৰী লেখকসকলৰ টোকা।
(ক) প্রত্নতাত্ত্বিক সমল: প্রত্নতাত্ত্বিক সমলৰ ভিতৰত শিলালিপি, মুদ্রা, ভাস্কর্য, স্থাপত্য শিল্প আদি উল্লেখযোগ্য। অসমৰ ইতিহাস ৰচনাৰ বাবে এই সমলবোৰে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। পঞ্চম শতিকাৰ পৰা কামৰূপৰ ৰজাসকলে মুদ্রা তৈয়াৰ কৰাৰ প্ৰমাণ আছে আৰু বৰ্মন বংশ, পাল বংশ, শালস্তম্ভবংশ আদি ৰাজবংশৰ দিনত প্রচলন থকা কিছুমান মুদ্রা আবিষ্কাৰ হৈছে। ইয়াৰ উপৰিও অসমত প্রাচীন ৰজাসকলৰ দ্বাৰা প্ৰস্তুত কৰা শিলালিপি, তাম্রলিপি আদিও বুৰঞ্জীৰ সমল বিবেচিত হয়। উল্লেখ্য যে এতিয়ালৈ অসমত কেইবাটাও শিলালিপি যেনে-উমাচল শিলালিপি, ভূতি বৰ্মনৰ বৰ গংগা ফলি, কানাই বৰশীবোবা শিলালিপি, চামধৰা গড়ৰ ফলি, নিদানপুৰ তামৰ ফলি আদি আৱিষ্কাৰ হৈছে। এইবোৰ অধ্যয়ন কৰি প্রাচীন অসমৰ সামাজিক, অর্থনৈতিক, ধর্মীয় দিশ আদিৰ বিষয়ে ধাৰণা কৰিব পাৰি।
(খ) সাহিত্যগত সমল: বুৰঞ্জী প্ৰণয়নৰ আন এক উল্লেখযোগ্য সমল হৈছে সাহিত্য। অসম বুৰঞ্জী প্রণয়নৰ ক্ষেত্রত সাহিত্যই প্রধান ভূমিকা গ্রহণ কৰে। অসম বুৰঞ্জীৰ সাহিত্যগত সমলৰ ভিতৰত ৰামায়ণ, মহাভাৰত, পুৰাণ, বৌদ্ধ সাহিত্য, তান্ত্রিক সাহিত্য, বুৰঞ্জী সাহিত্য, ৰাজবংশৱলী, চৰিত পুথি, গীত, ফকৰা যোজনা আদি উল্লেখযোগ্য।
(গ) বিদেশী ভ্রমণকাৰীসকলৰ টোকা: ইতিহসৰ বিভিন্ন সময়ত বিভিন্ন কাৰণত বহুতো বিদেশী ভ্রমণকাৰীসকলৰ অসমলৈ আগমন হৈছিল। উদাহৰণ স্বৰূপে মেগাস্থিনিচ, হিউবেন চাঙ, চিহাবুদ্দিন, মিনহাজুদ্দিন, ফাহিয়েন আৰু বহুতো। সিহঁতে অসমৰ বিভিন্ন অঞ্চল ঘুৰি-ফুৰি অসমৰ বিষয়ে এক প্রত্যক্ষ বর্ণনা সিহঁতৰ ভ্ৰমণ বৃত্তান্তত লিখি গৈছিল। এই ক্ষেত্রত হিউবেন চাঙৰ ‘চি ইউ কি’, মেগাস্থিনিচৰ ইণ্ডিকা’, চিহাবুদ্দিন তালিচৰ “ফাতহিয়া-ই-ইব্রিয়া’ মিনহাজুদ্দিন চিৰাজৰ ‘তবকাৎ ই নাচিৰি’ আদি অসম বুৰঞ্জীৰ বিশ্বস্ত সমল।
২৬। আহোমসকলৰ শাসন ব্যৱস্থাৰ ওপৰত এটি টোকা লিখা। H. S. ’17
উত্তৰ : ব্ৰহ্মদেশৰ পৰা প্ৰব্ৰজন কৰা টাই সম্প্ৰদায়ৰ এটা ঠালে চুকাফাৰ নেতৃত্বত ১২২৮ খৃষ্টাব্দত অসমত আহোম ৰাজ্যৰ পাতনি মেলি ১৮২৮ খৃষ্টাব্দলৈ প্রায় ছয়শ বছৰ ৰাজত্ব কৰে। সিহঁতৰ শাসন প্রণালী অসমৰ স্থানীয় ৰজাসকলৰ শাসন ব্যৱস্থাৰ পৰা কিছু পৃথক আৰু সুশৃঙ্খল আছিল। তলত আহোমসকলৰ শাসন ব্যৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল।
(ক) কেন্দ্রীয় শাসন ব্যৱস্থাঃ অসমত আহোমসকলৰ শাসন ব্যৱস্থাৰ শীৰ্ষত আছিল ৰজা। টাই ভাষাত ৰজাক ‘চাওকা’ আৰু হিন্দুমতে ‘স্বর্গদেউ’ বোলা হৈছিল। অৱশ্যে ৰজাক শাসন কার্যত সহায় কৰিবলৈ ৰজাৰ তিনিজন ঘাই মন্ত্রী আছিল। ৰজাৰ পদ বংশানুক্রমিক আছিল। ৰাজৰ মৃত্যুৰ পিছত ৰজাৰ বৰ পুত্ৰ নাইবা ভায়কেহে ৰজা হ’ব পাৰিছিল।
(খ) মন্ত্রীসভা: স্বর্গদেউক শাসনকার্যত সহায় কৰিবলৈ পৰামৰ্শদাতা হিচাপে ৰজাৰ অধীনত তিনিজন মন্ত্রী আছিল। মন্ত্রী তিনিজনক ‘বুঢ়া গোহাঁই’, ‘বৰগোহাঁই’ আৰু ‘বৰপাত্র গোহাঁই’ বুলি কোৱা হৈছিল। সিহঁৰ স্থান ৰজাৰ তলতে আছিল। আহোম ৰাজত্বৰ শেষৰ পিনে এই তিনিজন গোহাঁইৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছিল আৰু সিহঁতে ৰজা ভঙা-পতাও কৰিব পাৰিছিল। ৰজাৰ অবিহনে সিহঁতে ৰাজ্যৰ শাসন কার্যও পৰিচালনা কৰিব লগা হৈছিল।
(গ) বৰবৰুৱা আৰু বৰফুকন উপৰিউক্ত তিনিজন গোহাঁইৰ উপৰিও ৰজাক সহায় কৰিবলৈ বৰবৰুৱা আৰু বৰফুকন নামৰ দুগৰাকী বিষয়া আছিল। বৰবৰুৱা আছিল উজনি অসমৰ কাৰ্যবাহী বিষয়া। তেওঁ ৰাজহ সংগ্ৰহ কৰাৰ দায়িত্বত আছিল। বৰবৰুৱাৰ অধীনত প্রায় ১৪,০০০ পাইক আছিল আৰু সিহঁতে ৰাজ্যত জৰুৰীকালীন অৱস্থাত ৰজাৰ হৈ কাম কৰিব লাগিছিল আৰু যুদ্ধ-বিগ্রহত অংশ গ্রহণ কৰিব লাগিছিল।
(ঘ) বিচাৰ বিভাগ: আহোম ৰজাজনেই আছিল বিচাৰ বিভাগৰ মুৰব্বী। অৱশ্যে ৰজাৰ তিনিজন প্রধান গোহাঁইয়ে বিচাৰ বিভাগ পৰিচালনা কৰিছিল। দোষীক চকু কঢ়া, অঙ্গ ক্ষত কৰা, শালত চেঁপা দিয়া, তপত তেল দি সেক দিয়া, হাতীৰে গচকোৱা, অনাহাৰত ৰাখি মৃত্যুদণ্ড দিয়া, ডিঙিত বান্ধি ওলোমাই ৰখা, ভূৰত তুলি নদীত উটুবাই দিয়া, পানীত ডুবাই মৰা আদি শাস্তি দিয়া হৈছিল। H. S. ’19
২৭। অসমৰ প্ৰাচীন কালৰ মন্দিৰসমূহৰ অবশিষ্টবোৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ: প্রাচীন অসম মঠ মন্দিৰ, স্থাপত্য, ভাস্কর্য আদিৰ দ্বাৰা সমৃদ্ধ আছিল। অসমৰ ঠায়ে ঠায়ে নানান মঠ মন্দিৰ, পীঠ, দৌল আদিৰ অস্তিত্ব বর্তমানেও উপলব্ধ। উদাহৰণস্বৰূপে কামাখ্যা মন্দিৰ, শদিয়াৰ কেঁচাইখাইতি মন্দিৰ, উমানন্দ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ ইত্যদি। মধ্যযুগত আহোম ৰজাসকলে বহুতো মন্দিৰ আৰু দৌল নির্মাণ কৰিছিল। উদাহৰণস্বৰূপে গদাধৰ সিংহৰ দিনত সজোৱা উমানন্দ মন্দিৰ, শিৱ সিংহৰ দিনত শিৱদৌল, ৰুদ্ৰ সিংহৰ দিনত ৰুদ্ৰ সাগৰ, দেৱী দৌল ইত্যাদি। এইবোৰৰ উপৰিও গুৱাহাটীৰ নৱ মন্দিৰ, বশিষ্ট মন্দিৰ, মণি কৰ্ণেশ্বৰ মন্দিৰ আদি উল্লেখযোগ্য। ইয়াতে উল্লেখ্য যে আহোম যুগত নির্মাণ কৰা ৰং ঘৰ, তলালত ঘৰ প্ৰাচীন অসমৰ ঐতিহ্য এতিয়াও বহন কৰি আছে।
এই ঐতিহ্যবোৰৰ সৰহভাগ এতিয়া ধ্বংসাবশেষত পৰিণত হৈছে। চৰকাৰে এইবোৰ সংৰক্ষণৰ উপযুক্ত ব্যবস্থা গ্ৰহণৰ দ্বাৰা ৰক্ষণাবেক্ষণ দিয়া উচিত।