Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Economics Chapter 2 Solutions আয় আৰু নিয়োগ নিৰ্ধাৰণ 2026

By Rabbi Masrur

Published On:

আয় আৰু নিয়োগ নিৰ্ধাৰণ Class 12 Economics Chapter 2 Solutions

Class 12 Economics Chapter 2 Solutions আয় আৰু নিয়োগ নিৰ্ধাৰণ

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অৰ্থনীতি বিষয়ৰ Class 12 Economics Chapter 2 Solutions আয় আৰু নিয়োগ নিৰ্ধাৰণ পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

প্রথম খণ্ড

দ্বিতীয় অধ্যায়

আয় আৰু নিয়োগ নিৰ্ধাৰণ

ক. অতি চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-১)

👉 Read Also:

১। সামগ্রীক চাহিদাই কি বুজায়?

উত্তৰ: সামগ্ৰীক চাহিদা বুলিলে এটা বছৰত সৰ্বমুঠ দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদাক বুজায়।

২। যদি পৰিকল্পিত ব্যয় পৰিকল্পিত উৎপন্নতকৈ অধিক হয়, তেন্তে উৎপাদন প্রতিষ্ঠানৰ উদ্ভাৱনৰ ওপৰত কি প্রভাৱ পৰিব?

উত্তৰ উদ্ভাৱনৰ মজুত হ্রাস হ’ব।

৩। নির্দিষ্ট দৰ আৰু স্থিৰ সুদৰ হাৰত পূর্বকালীন সর্বমুঠ চাহিদা কিদৰে নিৰ্ণয় কৰা হয়?

উত্তৰ: পূর্বকালীন সৰ্বমুঠ উপভোগ ব্যয় আৰু পূর্বকালীন সর্বমুঠ বিনিয়োগ ব্যয় যোগ কৰিলে পূর্বকালীন সৰ্বমুঠ চাহিদা পোৱা যায়।

৪। বিনিয়োগ গুণকৰ সৰ্বোচ্চ আৰু সর্বনিম্ন মান কি? H. S. ’19

উত্তৰ: সর্বোচ্চ মান অসীম আৰু সর্বনিম্ন মান ১ হ’ব।

৫। বিনিয়োগ গুণকৰ সংজ্ঞা দিয়া? H. S. ’19

উত্তৰ: সামগ্ৰীক আয়ৰ পৰিৱৰ্তন আৰু বিনিয়োগৰ পৰিৱৰ্তনৰ অনুপাতক বিনিয়োগ গুণক বুলি কোৱা হয়।

৬। সঞ্চয় কৰাৰ প্ৰদত্ত প্রান্তিক আসক্তি হ’ল 0.3, আয় গুণক নির্ণয় কৰা।

সঞ্চয় কৰাৰ প্ৰদত্ত প্রান্তিক আসক্তি হ'ল 0.3, আয় গুণক নির্ণয় কৰা।

৭। বিনিয়োগ চাহিদা ফলনৰ অৰ্থ প্ৰকাশ কৰা।

উত্তৰ: বিনিয়োগ চাহিদা আৰু সুদৰ হাৰৰ মাজৰ সম্পৰ্ককেই ‘বিনিয়োগ চাহিদা ফলন’ বুলি কোৱা হয়।

৮। উপভোগ ফলন কি?

উত্তৰ: উপভোগ আৰু উপাৰ্জনৰ মাজৰ ফলনীয় সম্পর্কই হ’ল ‘উপভোগ ফলন’।

৯। পূর্ণ নিয়োগকালীন ভাৰসমতা বুলিলে কি বুজা?

উত্তৰ: পূৰ্ণ নিয়োগকালীন ভাৰসাম্য অৱস্থা হৈছে এনে এক ভাৰসাম্য অৱস্থা য’ত অর্থনীতিৰ সমুদায় সম্পদ পূর্ণভাবে নিয়োজিত হৈ থাকে।

১০। ভাৰসাম্য সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদা কিদৰে নিৰ্ধাৰিত হয়?

উত্তৰ যিটো বিন্দুত সৰ্বমুঠ যোগান আৰু সৰ্বমুঠ চাহিদা সমান হয়, সেই বিন্দুতে ভাৰসাম্য সৰ্বমুঠ যোগান আৰু ভাৰসাম্য সৰ্বমুঠ চাহিদা নির্ধাৰিত হয়।

১১। সর্বমুঠ যোগান কি?

উত্তৰ: কোনো এটা বছৰত এটা অর্থনীতিত ক্রয়-বিক্রয়ৰ বাবে থকা মুঠ উৎপন্নকেই সর্বমুঠ যোগান বুলি কোৱা হয়।

১২। ভাৰসাম্য আয় কিদৰে নিৰ্ধাৰিত হয়?

উত্তৰ: সৰ্বমুঠ চাহিদা আৰু সৰ্বমুঠ যোগান সমান হোৱা অৱস্থাত ভাৰসাম্য আয় নির্ধাৰিত হয়- য’ত পৰিকল্পিত সঞ্চয় পৰিকল্পিত বিনিয়োগৰ সমান হয়।

১৩। শুদ্ধনে অশুদ্ধ লিখা।

(ক) অর্থনীতিৰ ভাৰসাম্য অৱস্থাত যেতিয়া চূড়ান্ত দ্ৰব্যৰ বজাৰ ভাৰসাম্য অৱস্থাত থাকে, তেতিয়া পূর্ববর্তী যোগান পূর্বাপৰ চাহিদাৰ সমান হয়।

উত্তৰ: শুদ্ধ।

(খ) এটা প্রদত্ত বর্ষত জনসাধাৰণে যি ব্যৱহাৰ কৰে, তাকে উপভোগ বোলে। কিন্তু একে সময়তে জনসাধাৰণে যি ব্যৱহাৰ কৰিবলৈ পৰিকল্পনা কৰে তাক ই সূচাব নোৱাৰে।

উত্তৰ: শুদ্ধ।

১৪। খালী ঠাই পূৰণ কৰাঃ

(ক) জনসাধাৰণ অধিক মিতব্যয়ী হোৱা আৰু পূৰ্বৰ দৰে একে অৱস্থাতে সঞ্চয় সমাপ্ত কৰা পৰিস্থিতিটোক —– বুলি কোৱা হয়।

উত্তৰ: সঞ্চয়ৰ প্ৰৱণতা।

(খ) প্রকৃত মূল্যৰ বিৰোধিতা কৰা হিচাপে এটা চলকৰ পৰিকল্পিত মুদ্ৰাক কোৱা হয় —–

উত্তৰ: সম্পদ তালিকা।

(গ) সঠিক আয়েৰে অতিৰিক্ত উপভোগৰ অনুপাতক কোৱা হয় —–

উত্তৰ: প্রান্তিক আসক্তি।

(ঘ) এটা বেষ্টনীৰ মূল্যত পৰিবৰ্তনৰ ফলত হোৱা এখন লেখচিত্ৰ পৰিৱৰ্তনক কোৱা হয় —–

উত্তৰ: বেষ্টনীগত পৰিৱৰ্তন।

খ. চমু উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক- ২)

১। উপভোগৰ খৰচ কি?

উত্তৰ: এখন অর্থনীতিত পৰিয়ালৰ সকলো ব্যক্তিগত উপভোগৰ উদ্দেশ্যে দ্রব্য আৰু সেৱা ক্ৰয় কৰাত হোৱা মুঠ ব্যয়ক ‘উপভোগ ব্যয়’ বোলে।

২। দীর্ঘকালতহে অকল দামৰ তাৰতম্য হয় বুলি কিয় কোৱা হয়?

উত্তৰ: দীর্ঘকালীন অৱস্থাটো এনে এক অৱস্থা য’ত সামগ্ৰীৰ যোগান আৰু চাহিদাৰ পৰিৱৰ্তন ঘটোতে দুয়োটা ক্ষেত্ৰত পৰিৱৰ্তন ঘটিব পাৰে। চাহিদা অনুসৰি যোগান বৃদ্ধি হ’ব পাৰে। আকৌ যোগান বৃদ্ধিয়ে চাহিদাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। কেৱল দীর্ঘকালীন অৱস্থাতহে ঠিক তেনে এটা পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

৩। সঞ্চয়ৰ প্ৰতি প্ৰান্তিক প্রবণতা কি?

উত্তৰ: সঞ্চয়ৰ প্রতি প্রান্তিক প্রবণতাই জাতীয় আয়ৰ পৰিৱৰ্তনৰ অনুপাতে সঞ্চয় যি হাৰত পৰিৱর্তন ঘটে তাকে বুজোৱা হয়। ই আয় আৰু সঞ্চয়ৰ পৰিৱৰ্তনৰ অনুপাতক বুজায়।

৪। উপভোগৰ ধাৰণাটো ব্যাখ্যা কৰা।

উত্তৰ: প্রতিজন উপভোক্তাই নিজৰ আয়ৰ এটা অংশ উপভোগ কার্যত ব্যয় কৰে। এনে ব্যয় ব্যক্তিজনৰ বাবে এক পৰিকল্পিত ব্যয় য’ত তেওঁ পূর্বতেই সকলো সিদ্ধান্ত কৰি থয়। আকৌ সেই উপভোগ ব্যয়ৰ বাকী অংশ সঞ্চয় কার্যত খটুৱায়। এনেদৰে ব্যক্তিজনে পৰিকল্পিতভাবে ভোগ কৰা কাৰ্যত আয়ৰ মুঠ পৰিমাণৰ পৰা সঞ্চয়ৰ অংশ বাদ দি পোরা অংশকে ‘প্রত্যাশিত উপভোগ’ বুলি কোৱা হয়।

৫। প্রান্তীয় উপভোগ প্রবণতা 0.9 হ’লে আয় গুণক কিমান? H. S. ’15

প্রান্তীয় উপভোগ প্রবণতা 0.9 হ'লে আয় গুণক কিমান

৬। আয় আৰু নিয়োগ নিৰ্দ্ধাৰণৰ প্ৰসংগত অতিৰিক্ত চাহিদাৰ সংজ্ঞা দিয়া। H. S. ’18

উত্তৰ: অতিৰিক্ত চাহিদা হৈছে এনে এক চাহিদা যি অৱস্থাত এক নির্দিষ্ট দামত বজাৰ চাহিদা বজাৰ যোগানতকৈ বেছি হয়। এনে অৱস্থাই দ্ৰব্যৰ বজাৰ দাম বৃদ্ধিত অৰিহণা যোগায়। আনহাতে নিয়োগ আৰু আয়ৰ পৰিমাণ বৃদ্ধি পায়।

৭। প্রত্যাশিত আৰু প্রকৃত (শেহান্ত) বিনিয়োগৰ মাজৰ পাৰ্থক্য কি? H. S. ’18

উত্তৰ: আয় স্তৰৰ ওপৰত নিৰ্ভৰ কৰা বিনিয়োগকে প্রত্যাশিত বিনিয়োগ বা পৰিকল্পিত বিনিয়োগ বোলে। অর্থাৎ প্রত্যাশিত বিনিয়োগ হৈছে বিনিয়োগৰ এটা সম্ভাব্য মান। আনহাতে প্রকৃত বিনিয়োগ হ’ল বিনিয়োগৰ এটা বাস্তৱ মান। সেয়েহে প্রত্যাশিত বিনিয়োগ আৰু প্রকৃত বিনিয়োগ একে নহ’ব পাৰে।

👉 Read Also:

৮। এখন অর্থনীতিৰ অত্যধিক চাহিদাৰ সমস্যা সমাধান কৰাৰ বাবে যিকোনো দুটা ৰাজকোষীয় ব্যবস্থা ব্যাখ্যা কৰা। H. S. ’19

উত্তৰ : এখন অর্থনীতিৰ অত্যধিক চাহিদাৰ সমস্যা সমাধান কৰাৰ বাবে নিম্নোল্লেখিত ৰাজকীয় ব্যবস্থা গ্ৰহণ কৰিব পাৰি –

(ক) ৰাজকোষীয় নীতিৰ আয়-ব্যয়ৰ জৰিয়তে চৰকাৰী কাম-কাজ যেনে- ঘাট-পথ, বিজুলী, জলসিঞ্চন ইত্যাদিত জনসাধাৰণৰ উপাৰ্জন কাৰ্যৰ দ্বাৰা দ্রব্য সামগ্ৰীৰ অতিৰিক্ত চাহিদা হ্রাস কৰিব পাৰি।

(খ) মুদ্রানীতিৰ জৰিয়তে মুদ্ৰা আৰু ঋণৰ যোগান হ্রাস কৰি অতিৰিক্ত চাহিদা কমাব পাৰি।

৯। এখন অর্থনীতিত MPC ৰ মান 0.4। অর্থনীতিখনত নতুনকৈ 500 কোটি টকা আয় প্রবাহিত কৰাৰ বাবে কি পৰিমাণৰ নতুন প্রয়োজন হ’ব? H. S. ’19

এখন অর্থনীতিত MPC ৰ মান 0.4।

১০। স্বায়ত্ব (স্বতন্ত্র) বিনিয়োগ আৰু অভিপ্রেত (প্রলোভিত) বিনিয়োগৰ মাজৰ পাৰ্থক্য দেখুৱা। H. S. ’16

উত্তৰ: স্বায়ত্ব বা স্বতন্ত্র বিনিয়োগৰ ধাৰণাটো চৰকাৰী খণ্ডই নিৰূপণ কৰে। স্বতন্ত্র বিনিয়োগ হ’ল সেইটো বিনিয়োগ যি আয়ৰ পৰিবৰ্তনৰ লগত পৰিৱৰ্তন নহয়। সেয়ে ই আয়ৰ ওপৰত নিৰ্ভৰশীল নহয়। বিভিন্ন সময়ত দেখা দিয়া ৰাজহুৱা সামগ্ৰীৰ প্ৰয়োজনীয়তা, জনসংখ্যাৰ পৰিৱৰ্তন, চৰকাৰে সমাজ কল্যাণৰ বাবে প্রয়োজনীয় আঁচনি আদিৰ দৰে উপাদানসমূহৰ ওপৰত ই নিৰ্ভৰ কৰে। সেয়ে স্বতন্ত্র বিনিয়োগ কোনো কাৰণতে আয়ৰ ওপৰত নিৰ্ভৰশীল নহয় আৰু স্বতন্ত্র বিনিয়োগ ৰেখা আনুভূমিক আকৃতিৰ হয়।

আনহাতে আয়, উৎপাদন, বিক্ৰী, মজুৰি, মুনাফা আদিৰ দ্বাৰা প্রভাবিত হোৱা বিনিয়োগক অভিপ্রেত বিনিয়োগ বোলে। সাধাৰণতে ব্যক্তিগত খণ্ডৰ বিনিয়োগ অভিপ্রেত বিনিয়োগ। জাতীয় আয় বৃদ্ধি পালে অভিপ্রেত বিনিয়োগ বৃদ্ধি পায়। অভিপ্রেত বিনিয়োগ ৰেখাডাল সদায় উর্দ্ধগামী হয়।

১০। যদি 200 কোটি নতুন বিনিয়োগৰ ফলস্বৰূপে এটি অর্থ ব্যৱস্থাৰ জাতীয় আয় 1,000 কোটি টকা পায় তেন্তে (i) MPC আৰু (ii) গুণক (K) ৰ মান নির্ণয় কৰা। H. S. ’19

যদি 200 কোটি নতুন বিনিয়োগৰ ফলস্বৰূপে এটি অর্থ ব্যৱস্থাৰ জাতীয় আয় 1,000 কোটি টকা পায়

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

১। বিনিয়োগ চাহিদাৰ নিৰ্ধাৰকবোৰ কি কি? ব্যাখ্যা কৰা।

উত্তৰ: বিনিয়োগ চাহিদা কার্যক্ষম কৰি তুলিবলৈ কেইটামান নির্ধাৰক আছে। তাৰে দুটামান তলত ব্যাখ্যা কৰা হ’লঃ

(ক) বিনিয়োগ ব্যয়: যিকোনো বিনিয়োগৰ বাবে পুঁজিৰ প্রয়োজন হয়। উৎপাদন কার্যত বিনিয়োগৰ বাবে প্রয়োজনীয় পুঁজি বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হয়। বিশেষকৈ পুঁজিসমূহ ঋণৰ ৰূপত লোৱা হয়। ঋণৰ বাবদ সুদ পৰিশোধ কৰিবলগা হয়। এই সুদ বিনিয়োগ ব্যয়ৰ অন্তৰ্ভূক্ত।

(খ) ব্যবসায়িক প্রত্যাশা: বিনিয়োগ কৰিবলৈ যাওঁতে উৎপাদন প্রতিষ্ঠানসমূহে ভবিষ্যত সম্পর্কে অনুমান কৰি লয়। ভবিষ্যত অনিশ্চিত। গতিকে ভবিষ্যতে কি ঘটিব সেই বিষয়ে উদ্যোক্তাই কৰা অনুমানৰ ওপৰতো বিনিয়োগৰ চাহিদা নিৰ্ভৰ কৰে। কোনো ব্যবসায়ত বার্ষিক নিগুট ধনাত্মক হ’লেহে বিনিয়োগ লাভজনক হয়। সাধাৰণতে উদ্যোক্তাই লাভজনক প্রকল্পসমূহতহে বিনিয়োগ কৰে। আকৌ সুদৰ হাৰ বৃদ্ধি পালে বার্ষিক নিগুট লাভ হ্রাস পায়।

৩। পূর্ববর্তী বিনিয়োগৰ ধাৰণা ব্যাখ্যা কৰা।

উত্তৰ: পূর্ববর্তী বিনিয়োগ হ’ল উৎপাদন প্রতিষ্ঠান আৰু অর্থনীতিৰ পৰিকল্পনাকাৰীসকলে আৰম্ভণিতে কোনো এক বিশেষ সময়ত গ্রহণ কৰা বিনিয়োগৰ ইচ্ছা। ইয়াৰ বিপৰীতে উত্তৰকালীন বা প্রকৃত বিনিয়োগ হ’ল নির্দিষ্ট সময়ৰ অন্তত পৰিমাপ কৰা বিনিয়োগ। উদাহৰণস্বৰূপে এজন ব্যক্তি বা এটা ব্যৱসায়িক প্রতিষ্ঠানে, ধৰা হ’ল বছৰটোৰ শেষত উৎপাদন কৰা দ্ৰব্যৰ মজুত ১০০ একক বৃদ্ধি কৰাৰ কাৰণে পৰিকল্পনা কৰিলে। এই ক্ষেত্ৰত বছৰটোৰ বাবে পূর্বকালীন বা পৰিকল্পিত বিনিয়োগ হ’ব ১০০ একক। কিন্তু বজাৰত অপ্রত্যাশিতভাবে দ্রব্যটোৰ চাহিদা বৃদ্ধি পোৱাত পৰিকল্পিত বিক্রীতকৈ তেওঁ ২০ একক অতিৰিক্ত বিক্ৰিী কৰিলে। গতিকে বছৰটোৰ শেষত প্রতিষ্ঠানটোৰ উদ্ভাবনীয় দ্রব্য হ’ব (১০০-২০= ৮০) একক। ইয়াত উৎপাদনকাৰীৰ পৰিকল্পিত বিনিয়োগ হ’ব ১০০ একক আৰু উত্তৰকালীন বিনিয়োগ হ’ব ৮০ একক।

ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)

১। সামগ্ৰীৰ চাহিদাৰ উপাদানবোৰ কি কি? চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ: চাহিদা বুলিলে কোনো সামগ্ৰীৰ প্ৰতি থকা আকর্ষণ বা প্রয়োজনীয়তাক বুজায়। চহিদাৰ কেইটামান উপাদান আছে। যেনেঃ

(ক) ব্যক্তিগত উপভোগ চাদিহা: ব্যক্তিগত উপভোগ চাহিদাই ঘৰুৱা খণ্ডৰ ক্ৰয় ক্ষমতা আৰু ক্ৰয় কৰাৰ ইচ্ছা প্রকাশ কৰাৰ দ্ৰব্য আৰু সেৱাৰ মানক বুজায়।

(খ) ব্যক্তিগত বিনিয়োগ চাহিদা: ব্যক্তিগত উদ্যোগ প্রতিষ্ঠানত ব্যৱহৃত বিভিন্ন যন্ত্রপাতি, গৃহ, কেঁচামাল আদিত পৰিকল্পিতভাৱে ব্যয় কৰাক ব্যক্তিগত চাহিদা বোলে। ই হ’ল পৰিকল্পিতভাবে সংগঠিত এক কার্য ব্যৱস্থা। ই দুই প্ৰকাৰৰ হয় যেনেঃ স্বতন্ত্র বিনিয়োগ আৰু অভিপ্রেত বিনিয়োগ।

(গ) দ্রব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা: সমাজৰ সাধাৰণ অভাৱ পুৰণৰ বাবে উপভোগ্য আৰু মূলধনী দ্রব্যত চৰকাৰৰ পৰিকল্পিত ব্যয়কে দ্রব্য আৰু সেৱাৰ প্ৰতি চৰকাৰী চাহিদা বোলে। ই জনসাধাৰণৰ সেৱাৰ বাবে স্থাপিত বিদ্যালয়, পৰিবহন ব্যবস্থা, চিকিৎসালয়, ৰাস্তা-ঘাট আদিত কৰা ব্যয়ক সামৰি লয়।

(ঘ) নিগুট বা প্রকৃত ৰপ্তানি চাহিদা: দেশ এখনে বিদেশী দ্রব্য আৰু সেৱাৰ প্ৰতি কৰা চাদিহাৰ ও পৰত অন্য দেশে সেই দেশখনৰ দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা চাহিদাৰ অতিৰিক্ত খিনিকে নিগুট ৰপ্তানি চাহিদা বোলে। ই বৈদেশিক বিনিময় হাৰ, বাণিজ্য নীতি, পৰিশোধৰ সমতাৰ অৱস্থান আদিৰ ওপৰত নিৰ্ভৰ কৰে। সংক্ষেপতে, নিগুট ৰপ্তানি চাহিদা ৰপ্তানি আমদানি।

২। সামগ্রীক যোগান কি? সামগ্রীক যোগানৰ উপাদানবোৰ চমুকৈ ব্যাখ্যা কৰা।

উত্তৰ : এক নির্দিষ্ট সময় সীমাৰ ভিতৰত এখন দেশত ক্ৰয়ৰ বাবে যিবিলাক সামগ্ৰী বা সেৱাৰ মুঠ যোগান উপলব্ধ হয় তেনে সামগ্রী বা সেৱাৰ মুদ্রাগত মানকে ‘সামগ্রীক যোগান’ বুলি কোৱা হয়। সামগ্রীক যোগানৰ প্ৰধান উপাদান দুটা, যেনেঃ

(ক) উপভোগ ব্যয়: উপভোগ ব্যয় হ’ল এখন অর্থনীতিত প্রতিটো পৰিয়াল তথা ব্যক্তিয়ে উপভোগৰ
বাবে প্রয়োজনীয় সামগ্রী বা সেৱাত ক্রয় কৰা মুঠ ব্যয়।

(খ) সঞ্চয়: আয়ৰ এক বৃহৎ অংশ দ্রব্য আৰু সেৱাৰ উপভোগত ব্যয় কৰা হয় আৰু বাকী থকা অংশটো সঞ্চয় কৰা হয়। গতিকে সামগ্রীক যোগান উপভোগ সঞ্চয়।

৩। প্রান্তিক উপভোগ প্রবণতা (MPC) আৰু প্রান্তিক সঞ্চয় প্রবণতা (MPS) ৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা। H. S. ’16

প্রান্তিক উপভোগ প্রবণতা (MPC) আৰু প্রান্তিক সঞ্চয় প্রবণতা (MPS) ৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment