Class 11 Education Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক মানৱৰ বিকাশৰ স্তৰ Class 11 Education Chapter 2 Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
মানৱৰ বিকাশৰ স্তৰ Class 11 Education Chapter 2 Solutions
👉 Read Also:
- শিক্ষাৰ ধাৰণা আৰু লক্ষ্য প্রশ্ন উত্তৰ
- বিদ্যালয় আৰু ইয়াৰ সংগঠন প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু শিক্ষা প্রশ্ন উত্তৰ
- মনোবিজ্ঞান আৰু ইয়াৰ অধ্যয়নৰ গুৰুত্ব প্রশ্ন উত্তৰ
মানৱৰ বিকাশৰ স্তৰ
দ্বিতীয় অধ্যায়
অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক -১)
১। UNESCO ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ United Nations Educational Scientific and Cultural Organisation
২। UNESCO কোন চনত গঠন কৰা হয়?
উত্তৰঃ ১৯৪৫ চনত।
৩। NCERTৰ সম্পূৰ্ণ ৰূপেটো কি?
উত্তৰঃ National Council of Educational Re-search and Training
৪। মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা?
উত্তৰ চাৰিটা।
৫। শৈশৱ কালত কি শিক্ষা দিয়া হয়?
উত্তৰঃ প্রাক্-প্রাথমিক শিক্ষা।
৬। বাল্যকালত কি শিক্ষা দিয়া হয়?
উত্তৰঃ প্রাথমিক শিক্ষা।
৭। কৈশোৰ কালত কি শিক্ষা দিয়া হয়?
উত্তৰঃ মাধ্যমিক শিক্ষা।
৮। আনুষ্ঠানিক শিক্ষাৰ প্ৰথম পর্যায়টো কি?
উত্তৰঃ প্রাথমিক শিক্ষা।
৯। প্রাথমিক শিক্ষা কিমান বয়সৰ পৰা আৰম্ভ কৰা হয়?
উত্তৰঃ ৬ বছৰ বয়সৰ পৰা।
১০। জীৱনৰ কোনটো সময়ক ‘ধুমুহা আৰু পীড়ন’ৰ সময় বুলি কোৱা হয়?
উত্তৰঃ কৈশোৰ কালছোৱাক।
১১। কোন চনত দিল্লীত ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা
উত্তৰঃ ১৯৮৫ চনত।
১২। কেতিয়া ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰুপ্ৰশিক্ষণ পৰিষদ গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৬১ চনত।
১৩। শুদ্ধ-অশুদ্ধ বিচাৰ কৰাঃ
(ক) কচোৰ মতে কৈশোৰ কালটো জীৱনৰ গঠনাত্মক সময়।
উত্তৰঃ শুদ্ধ।
(খ) কচোৰ মতে বাল্যকাল হ’ল ৬ বছৰ বয়স ৰ পৰা ১২ বছৰ বয়সলৈ।
উত্তৰঃ শুদ্ধ।
(গ) বাল্যকালৰ এক প্রধান বৈশিষ্ট্য হ’ল বিপৰীত লিংগকামিতা।
উত্তৰঃ অশুদ্ধ।
(ঘ) কৈশোৰ কালৰ এক প্রধান সমস্যা হ’ল যৌন সমস্যা।
উত্তৰঃ শুদ্ধ।
(ঙ) কঠোৰ অনুশাসনেৰে কৈশোৰ কালৰ সমস্যা সমাধান কৰা উচিত।
উত্তৰঃ অশুদ্ধ।
(চ) প্রাক-প্রাথমিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ প্ৰস্তুতি শিক্ষা বুলিও জনা যায়।
উত্তৰঃ শুদ্ধ।
(ছ) প্রাক-প্রাথমিক শিক্ষা আনুষ্ঠানিক শিক্ষাৰ প্ৰথম স্তৰ।
উত্তৰঃ অশুদ্ধ।
(জ) প্ৰতিখন ৰাজ্যৰ শিক্ষামন্ত্ৰীসকল ‘ৰাষ্ট্ৰীয় শৈক্ষিক গবেষণা আৰুপ্ৰশিক্ষণ পৰিষদ’ৰ সদস্য।
উত্তৰঃ শুদ্ধ।
(ঝ) দূৰদৰ্শন আৰু ৰেডিঅ’ই শিক্ষাদানৰ মাধ্যম হিচাপে এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে।
উত্তৰঃ শুদ্ধ।
(ঞ) কৈশোৰ কালৰ ছাত্ৰ-ছাত্ৰীসকলক ভিন্নমুখী পাঠ্যক্ৰমৰ শিক্ষা দান কৰা হয়।
উত্তৰঃ শুদ্ধ।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২।৩)
কৰা। ১। শৈশব কাল আৰু বাল্যকালৰ মাজৰ দুটা প্রধান পার্থক্য উল্লেখ
উত্তৰঃ শৈশৱকাল আৰু বাল্যকালৰ মাজৰ দুটা প্রধান পার্থক্য হ’লঃ
(ক) শৈশৱ কালত শিশু পৰনিৰ্ভৰশীল। কিন্তু বাল্যকালত পৰনিৰ্ভৰশীল নহয়।
(খ) শৈশৱ কালত শিশু আত্মকেন্দ্রিক হয়। কিন্তু বাল্যকালত আত্মকেন্দ্রিক নহয়।
২। মানৱ জীৱনৰ বিকাশৰ প্ৰধান স্তৰ কেইটা কি কি?
উত্তৰঃ মানৱ জীৱনৰ বিকাশৰ প্ৰধান স্তৰ কেইটা হ’ল: (ক) শৈশৱ কাল
(খ) বাল্য কাল
(গ) কৈশোৰ কাল আৰু
(ঘ) প্রাপ্তবয়স্ক কাল।
৩। শিশুয়ে কিয় সঘনে প্রশ্ন কৰে?
উত্তৰঃ শিশুৱে নিজৰ চাৰিওফালে থকা বস্তু, বিষয় আৰু পৰিস্থিতি সম্পর্কে কৌতূহলী হৈ উঠে। ফলত সেইবোৰ জানিবলৈ শিশুবে সঘনে প্রশ্ন কৰিবলৈ লয়।
৪। কল্পনা বিলাস মানে কি?
উত্তৰঃ ‘কল্পনা বিলাস’ মানে হ’ল কল্পনা কৰি ভালপোৱা অবস্থা। শিশুৰ শৈশৱ কালৰ এটি বৈশিষ্ট্য হ’ল কল্পনা বিলাস। ৰঙীন কল্পনা কৰি সিহঁতে ভাল পায়। অতি কল্পনা প্ৰৱণ হোৱা বাবে কেতিয়াবা শিশুয়ে মিছাৰ আশ্রয় লোৱাও দেখা যায়। মনোবিজ্ঞানীসকলৰ মতে শিশুৰ কল্পনা বিকাশ হ’বলৈ দিয়া উচিত।
৫। কৈশোৰ কালৰ চাহিদাসমূহ কি কি?
উত্তৰঃ কৈশোৰ কালৰ চাহিদাসমূহ হ’লঃ
(ক) নতুন জ্ঞানৰ চাহিদা।
(খ) সমাজ জীৱনৰ চাহিদা।
(গ) মুক্ত সক্ৰিয়তাৰ চাহিদা।
(ঘ) অভিব্যক্তিৰ চাহিদা।
(ঙ) প্রবৃত্তি উন্নয়নৰ চাহিদা।
(চ) জীৱন দৰ্শনৰ চাহিদা।
(ছ) স্বীকৃতি পোৱাৰ চাহিদা।
(জ) স্বাধীনতাৰ চাহিদা।
(ঝ) যৌন তৃপ্তিৰ চাহিদা।
৬। বৃদ্ধি আৰু বিকাশ বুলিলে কি বুজা?
উত্তৰঃ ‘বৃদ্ধি’ অকল শাৰীৰিক বিকাশৰ ক্ষেত্ৰতহে ব্যৱহাৰ হয়। ই দেহৰ আকৃতি, ওজন, উচ্চতা আদি ক্রমাগতভাবে বাঢ়ি যোৱা অৱস্থাক সূচায়।
আনহাতে, ‘বিকাশ’ বুলিলে শাৰীৰিক বৃদ্ধিয়ে সৃষ্টি কৰা কৰ্ম ক্ষমতা, পাৰদৰ্শিতা, মানসিক ক্ষমতা আদি বৃদ্ধিক বুজায়।
৭। বিকাশৰ প্ৰধান উপাদান কেইটা কি কি?
উত্তৰঃ বিকাশৰ প্ৰধান উপাদান কেইটা হ’ল:
(ক) বৃদ্ধি
(খ) পৰিপক্কতা
(গ) অভিজ্ঞতা
(ঘ) সামাজিক স্থানান্তৰিতকৰণ।
৮। বৃদ্ধি আৰু বিকাশৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰঃ বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য আছে। বৃদ্ধি শাৰীৰিক ক্ষেত্ৰতহে ব্যৱহাৰ হয়। অর্থাৎ ই দেহৰ আকৃতি, ওজন, উচ্চতা আদি ক্রমাগতভাবে বাঢ়ি যোৱা অৱস্থাক সূচায়। বিকাশ বুলিলে শাৰীৰিক বৃদ্ধিয়ে সৃষ্টি কৰা কৰ্ম ক্ষমতা, পাৰদৰ্শিতা, মানসিক ক্ষমতা আদি বৃদ্ধিক বুজায়।
৯। শৈশৱ কালৰ দুটা দৈহিক বৈশিষ্ট্য লিখা।
উত্তৰঃ শৈশৱ কালৰ দুটা দৈহিক বৈশিষ্ট্য হ’লঃ
(ক) দ্রুত শাৰীৰিক বিকাশ আৰু
(খ) অঙ্গ সঞ্চালন ক্ষমতা।
মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। বিকাশৰ তিনিটা মৌলিক নীতি লিখা।
উত্তৰঃ বিকাশৰ তিনিটা মৌলিক নীতি হ’ল:
(ক) বিকাশ এক বিৰামহীন প্রক্রিয়া।
(খ) বিকাশে পৰিৱৰ্তনক সাঙুৰি লয়।
(গ) বিকাশে সাধাৰণ দিশৰ পৰা বিশিষ্ট দিশলৈ গতি কৰে।
২। বিকাশৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ বিকাশৰ তিনিটা বৈশিষ্ট্য হ’ল:
(ক) বিকাশ এক নিৰৱচ্ছিন্ন দীর্ঘম্যাদী প্রক্রিয়া।
(খ) বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে। কেতিয়াবা ই দ্রুততৰ আৰু কেতিয়াৱা ই মন্থৰ হয়।
(গ) বিকাশ বংশগতি আৰু পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰে।
৩। বিকাশ বুলিলে কি বুজা? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ বিকাশ বুলিলে শাৰীৰিক আৰু মানসিক পূর্ণতা লাভ কৰা অবস্থাক বুজায়। বিকাশৰ কিছুমান বৈশিষ্ট্য হ’ল:
(ক) বিকাশ পৰিবেশৰ লগত হোৱা ক্রিয়া-প্রতিক্ৰিয়াৰ ফলত অবিৰতভাৱে চলি থাকে।
(খ) বিকাশৰ গতি সকলো সময়তে স্বাভাবিক নহয়। কেতিয়াবা ই দ্রুত আৰু কেতিয়াবা মন্থৰ হয়।
(গ) বিকাশৰ গতিৰ ক্ষেত্ৰত লিংগ প্রভেদৰ প্ৰশ্ন জড়িত হৈ থাকে।
(ঘ) দৈহিক, মানসিক, সামাজিক, আবেগিক আৰু নৈতিক দিশত হোৱা পৰিৱৰ্তনৰ এক সমন্বয় সাধনত বিকাশ সংঘটিত হয়।
(ঙ) বিকাশ হ’ল এক অবিৰাম, অবিচ্ছিন্ন দীর্ঘম্যাদী প্রক্রিয়া। ব্যক্তিৰ শাৰীৰিক, মানসিক আৰু সামাজিক বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি মানৱ জীৱনৰ কালছোৱাক চাৰিটা স্তৰ বা কালত ভাগ কৰা হৈছে।
যেনেঃ
(ক) শৈশব কালঃ জন্মৰ পৰা ৫ বছৰ বয়সলৈকে।
(খ) বাল্যকাল: ৬ বছৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈকে।
(গ) কৈশোৰ কাল বা যৌৱন কাল: ১৩ ৰ পৰা ১৮ বছৰ বয়সলৈকে।
(ঘ) বয়ঃপ্রাপ্তি কালঃ ১৯ বছৰৰ পিছৰছোৱা।
৪। শৈশব কাল কাক বোলে? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ শিশুৰ জন্মৰ পৰা ৫ বছৰ বয়সলৈকে শৈশৱ কাল বুলি কোৱা হয়। এই কালছোৱা মানৱ জীৱনৰ প্ৰথম স্তৰ। শৈশৱ কালৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:
(ক) শৈশৱ কালত দ্রুত শাৰীৰিক বিকাশ হয়।
(খ) শৈশৱ কালত শিশু পৰনিৰ্ভৰশীল হৈ থাকে।
(গ) খেলা-ধূলাৰ প্ৰতি আকৃষ্ট হয়।
(ঘ) শৈশৱ কালত শিশু অনুকৰণপ্রিয় হয়।
(ঙ) এই কালছোৱাৰ শিশু অত্যন্ত ভাৱপ্ৰৱণ হয়।
(চ) শৈশৱ কালত শিশুয়ে ভাষা আয়ত্ব কৰে।
(ছ) এই কালছোৱাত শিশু কৌতূহলপ্রিয় হয়। সেয়ে ডাঙৰসকলক নানান ধৰণৰ প্ৰশ্ন সুধি থাকে।
(জ) শৈশৱ কালত শিশু আত্মকেন্দ্রিক মনোভাবাপন্ন হয়। এই কালছোৱাত শিশুয়ে নিজ স্বার্থ আৰু প্রয়োজন পূৰণ কৰাত গুৰুত্ব দিয়ে।
৫। শৈশব কালৰ শিক্ষা ব্যবস্থা কেনে হোৱা উচিত? চমুকৈ লিখা।
উত্তৰঃ শিশুৰ জন্মৰ পৰা ৫ বছৰ বয়সলৈ ‘শৈশৱ কাল’ বুলি কোৱা হয়। এই সময়ত শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ হয়। এই সময়ছোৱাত শিশুক বিশেষ যত্ন সহকাৰে তলত উল্লেখ কৰা ধৰণে ব্যৱস্থা গ্রহণ কৰিব লাগে।
(ক) ডাঙৰসকলে শিশুৰ বিকাশৰ প্ৰতি নজৰ দিব লাগে।
(খ) শিশুৰ চিন্তা-ভাবনা, কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।
(গ) শিশুৰ কৌতূহল প্রবৃত্তিৰ প্ৰতি গুৰুত্ব দি সকলো প্ৰশ্নৰ সঠিক উত্তৰ দিব লাগে।
(ঘ) শিশুক মাতৃভাষা শিকোৱাত গুৰুত্ব দিব লাগে।
(ঙ) শিশুৰ আশা-আকাঙ্খা, ৰুচি-অভিৰুচি আদি পূৰণ কৰিবলৈ চেষ্টা কৰিব লাগে।
(চ) শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে খেলা-ধূলা, নাচ-গান আদিৰ ব্যৱস্থা কৰিব লাগে।
(ছ) শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিপূর্ণ পৰিবেশ গঢ়ি তুলিব লাগে।
(জ) শিশুৰ সুপ্ত প্রতিভা বিকাশৰ প্ৰতি গুৰুত্ব দিব লাগে।
৬। বাল্যকাল কাক বোলে? এইকালছোৱাৰ বৈশিষ্ট্যসমূহ কি কি?
উত্তৰঃ সাধাৰণতে শিশুৰ ৬ বছৰৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ ‘বাল্যকাল’ বুলি কোৱা হয়। এই কালছোৱা ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। বাল্যকালক দুটা ভাগত ভাগ কৰা হৈছে। যেনেঃ (ক) আগতীয়া বাল্যকাল: ৬ বছৰৰ পৰা ৮ বছৰলৈ আৰু (খ) শেহতীয়া বাল্যকাল: ৯ বছৰৰ পৰা ১২ বছৰলৈ। বাল্যকালৰ বৈশিষ্ট্যসমূহ হ’ল:
(ক) বাল্যকালত শিশুৰ দৈহিক বিকাশ ক্ষীপ্ৰতৰ হয়। উচ্চতা আৰু ওজন বাড়ে। পেশী সঞ্চালনৰ ক্ষমতা বৃদ্ধি পায়।
(খ) এই সময়ছোৱাত স্মৃতি, মনোযোগ, কল্পনা শক্তি, চিন্তাশক্তি আদিৰ বিকাশ হয়।
(ঙ) শিশু বহির্মুখী হয়। বাহিৰত খেলা-ধূলা, ফুৰা-চকা কৰি ভাল পায়।
(গ) এই সময়ছোৱাত শিশু ক্রীড়া প্রৱণ হয়।
(ঘ) এই সময়ছোৱাত শিশুৰ মনত দলীয় আনুগত্য প্রকাশ পায়।
(চ) এই স্তৰত শিশুৰ মনত সামাজিক চেতনাৰ ভাৱ জাগি উঠে।
(ছ) সমকামিতা এই স্তৰৰ আন এক বৈশিষ্ট্য।
(জ) এই স্তৰত ল’ৰা-ছোৱালীৰ আত্মপ্ৰতিষ্ঠাৰ আকাংখা জাগি উঠে।
৭। বাল্যকালৰ শিক্ষা ব্যবস্থা কেনে হোৱা উচিত?
উত্তৰঃ সাধাৰণতে শিশুৰ ৬ বছৰৰ বয়সৰ পৰা ১২ বছৰ বয়সলৈ বাল্যকাল বুলি কোৱা হয়। এই কালছোৱা ব্যক্তিৰ বিকাশৰ দ্বিতীয় স্তৰ। বাল্যকালত শিশুৰ শিক্ষা ব্যৱস্থা তলত উল্লেখ কৰা ধৰণৰ হোৱা উচিত। যেনেঃ
(ক) বাল্যকালছোৱাত ল’ৰা-ছোৱালীৰ নিজৰ ৰুচি আৰু অভিৰুচি মতে শিক্ষা দিয়া উচিত।
(খ) এই কালছোৱাত শিক্ষা ব্যৱস্থা বাস্তৱ অভিজ্ঞতা ভিত্তিক হোৱা প্রয়োজন। সেয়ে কামৰ মাজেদি শিক্ষা দিয়া উচিত।
(গ) শিশুৰ শাৰীৰিক বিকাশৰ বাবে খেলা-ধূলা আদিৰ ব্যৱস্থা কৰিব লাগে।
(ঘ) এই সময়ছোৱাত পৰিবেশ সম্পর্কীয় শিক্ষা প্রদান কৰিব লগে।
(ঙ) চাফ-চিকুন, পৰিস্কাৰ-পৰিচ্ছন্নতা আদিৰ জ্ঞান শিকোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।
(চ) বাল্যকালৰ কৌতূহল প্রবৃত্তি পূৰণৰ অৰ্থে ভ্রমণসূচীৰ ব্যৱস্থা কৰিব লাগে।
(ছ) বাল্যকালৰ এক বৈশিষ্ট্য হৈছে সমকামিতা। সেয়ে সহ-শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।
৮। কৈশোৰ কাল কাক বোলে? এইকালছোৱাৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ মানৱ জীৱনৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ কৈশোৰ কাল বুলি কোৱা হয়। এই কালছোৱাত ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি সকলো দিশত বিকাশ হৈ পৰিপূৰ্ণতা লাভ কৰে। ইমানৱ জীৱনৰ আটাইতকৈ জটিল সময়। কৈশোৰ কালৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল:
(ক) দৈহিক বিকাশ: কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্র হয়। মাংসপেশী শক্তিশালী হয়। ওজন আৰু শাৰীৰিক শক্তি বৃদ্ধি পায়।
(খ) মানসিক বিকাশ: এই সময়ছোৱাত শাৰীৰিক বিকাশৰ লগে
লগে মানসকি বিকাশেও পূর্ণতালৈ গতি কৰে। চিন্তা শক্তি, কল্পনা শক্তি, বিজ্ঞানসন্মত যুক্তি আদি বৃদ্ধি পায়।
(গ) আবেগিক বিকাশঃ আবেগিক বিকাশ কৈশোৰ কালৰ এক
গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। এই সময়ত আবেগৰ প্ৰৱণতাই ব্যক্তিক কেতিয়াবা নিয়ন্ত্রণহীন কৰি তোলে। ফলত অপৰাধ প্ৰৱণতা, হতাশা আদি সমস্যাই দেখা দিয়ে।
(ঘ) আত্মনিৰ্ভৰশীলতা: কৈশোৰ কালছোৱাত ব্যক্তিৰ মনত
আত্মনিৰ্ভৰশীলতাৰ ভাৱ জাগি উঠে। এই ভাৱ কাম-কাজ, চিন্তা-চর্চা, আদিৰ মাজেদি প্রকাশ পায়।
(ঙ) বিপৰীত লিংগকামিতা: এই সময়ছোৱাত ব্যক্তি বিপৰীত
লিংগৰ প্ৰতি আকর্ষিত হয়। জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফলত দেহৰ যৌন গ্রন্থি সক্রিয় হৈ উঠে।
(চ) বীৰ পূজা: এই কালছোৱাত ল’ৰা-ছোৱালীয়ে কোনো ব্যক্তিক আদর্শ হিচাপে লৈ তেওঁক মনে মনে শ্রদ্ধা কৰিবলৈ লোৱাৰ লগতে তেওঁৰ কাম-কাজ বা আদর্শ অনুকৰণ কৰিবলৈ লয়।
(ছ) সামাজিক সচেতনতা: কৈশোৰ কালছোৱাত ব্যক্তিৰ সমাজ
সচেতনতা বৃদ্ধি পায়। সমাজিক সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আগ্রহ দেখুৱাই সামাজিক কাম-কাজৰ লগত জড়িত হৈ পৰে।
মুঠতে কৈশোৰ কাল হৈছে জীৱনৰ আটাইতকৈ জটিল সময়। এই সময়ত শাৰীৰিক-মানসিক বিকাশে পূর্ণতা লাভ কৰে। ফলত ব্যক্তিয়ে বহু জটিলতাৰ সন্মুখীন হয়। সেয়ে এইকালছোৱাক ‘ধুমুহা আৰু পীড়নৰ কাল’ বুলি অভিহিত কৰা হৈছে।
৯। কৈশোৰ কাল কাক বোলে? এই কালছোৱাৰ মূল চাহিদা বা প্রয়োজনসমূহ কি কি?
উত্তৰঃ মানৱ জীৱনৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ কৈশোৰ কাল বুলি কোৱা হয়। এই কালছোৱাত ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি সকলো দিশত বিকাশ হৈ পৰিপূৰ্ণতা লাভ কৰে। ইমানৱ জীৱনৰ আটাইতকৈ জটিল সময়।
কৈশোৰ কালৰ প্ৰধান প্রয়োজন বা চাহিদাসমূহ হ’লঃ
(ক) দৈহিক চাহিদা: এই কালছোৱাত দৈহিক বিকাশ ক্ষিপ্ৰতৰ হোৱা বাবে পৰিমিত খাদ্য, খেলা-ধূলা, কাম-কাজ আদিৰ প্ৰয়োজন হয়।
(খ) অর্থনৈতিক চাহিদা: কৈশোৰ কালছোৱাত ল’ৰা-ছোৱালীয়ে অর্থনৈতিক দিশত স্বাৱলম্বী হ’বলৈ বিচাৰে।
(গ) সামাজিক চাদিহা: এই কালছোৱাত ল’ৰা-ছোৱালী সামাজিক
হৈ উঠে। সামাজিক কাম-কাজৰ লগত জড়িত হৈ পৰে। ইয়াৰ লগে লগে সামাজিক নিৰাপত্তাবোধৰ চাহিদা অনুভৱ কৰে।
(ঘ) যৌন তৃপ্তিৰ চাহিদা: এই কালছোৱাত যৌন গ্রন্থি সক্রিয় হৈ উঠে। ফলত বিপৰীত লিংগৰ প্ৰতি চাহিদা অনুভৱ কৰে।
(ঙ) সামাজিক স্বীকৃতিৰ চাহিদা: এই সময়ছোৱাত ল’ৰা-ছোৱালীয়ে
প্রশংসা, পুৰস্কাৰ, বঁটা আদিৰ জৰিয়তে সামাজিক স্বীকৃতি বিচাৰে। ফলত কিশোৰ-কিশোৰীয়ে নানান প্রতিযোগিতা যেনেঃ খেলা-ধূলা, কুইজ, তর্ক আদিত অংশ গ্রহণ কৰিবলৈ আগ্রহ প্রকাশ কৰে।
(চ) স্বাধীনতাৰ চাহিদা এই কালছোৱাত কিশোৰ-কিশোৰী স্বাধীনতাপ্রিয় হয়। সিহঁতে নিজ ইচ্ছানুযায়ী চিন্তা আৰু ক্ৰিয়া কৰিব বিচাৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৫। ৬)
১। কৈশোৰ কালক কিয় ‘ধুমুহা আৰু পীড়ন’ৰকাল বুলি কোৱা হয়? কৈশোৰ কালৰ শিক্ষা ব্যৱস্থা কেনেকুৱা হোৱা উচিত চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানৱ জীৱনৰ ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সলৈ ‘কৈশোৰ কাল’ বুলি কোৱা হয়। এই কালছোৱাত ব্যক্তিৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, আবেগিক আদি সকলো দিশত বিকাশ হৈ পৰিপূৰ্ণতা লাভ কৰে। ইমানৱ জীৱনৰ আটাইতকৈ জটিল সময়। এই সময়ছোৱাত কিশোৰ-কিশোৰীয়ে শাৰীৰিক আৰু মানসিকভাৱে অফুৰন্তশক্তিৰ গৰাকী হয়। ফলত আবেগ, অনুভূতি, কল্পনা শক্তি, যৌন আকাংখা, সামাজিক স্বীকৃতি, অর্থনৈতিকভাবে স্বাৱলম্বী হোৱাৰ ইচ্ছা আদি প্রবৃত্তি বৃদ্ধি পায় আৰু সিহঁতে উচ্চাকাংখী হৈ উঠে। ফলত সিহঁতে নানান সমস্যাৰ সমম্মুখীন হয়। এই সময়ত সিহঁতৰ চাদিহা পূৰণ নহ’লে বহু সময়ত সিহঁতে বিদ্রোহী হৈ সমাজত নানান অঘটন ঘটায়। সেয়ে এই সময়ছোৱাক ‘সংকটপূর্ণ কাল’ বা ‘ধুমুহা পীড়নৰ কাল’ বুলি অভিহিত কৰা হয়। কৈশোৰকালৰ জটিল বৈশিষ্ট্যসমূহ অনুধাৱন কৰি সিহঁতৰ শাৰীৰিক আৰু মানসিক চাদিহাসমূহ পূৰণ হোৱাকৈ তলত দিয়া ধৰণৰ শিক্ষা ব্যৱস্থা গ্রহণ কৰিব লাগে। যেনেঃ
(ক) কৈশোৰ কালৰ শাৰীৰিক দ্রুত বিকাশৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত শাৰীৰিক শিক্ষা প্রদান কৰিব লাগে।
(খ) এই কালছোৱাত কিশোৰ-কিশোৰীৰ আগ্রহ, ৰুচি, দক্ষতা অনুযায়ী স্বাধীনতা প্রদান কৰিব লাগে আৰু বিভাজিত পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
(গ) কৈশোৰ কালছোৱাত কিশোৰ-কিশোৰী মাধ্যমিক শিক্ষাৰ প্রতি উপযুক্ত হয়। এই শিক্ষাত জাতীয় সংহতি শিবিৰ, স্কাউট গাইড আদিৰ যোগেদি নেতৃত্ব, অনুশাসন, আনুগত্য আদি মনোভাৱৰ বিকাশ কৰিব লাগে।
(ঘ) এই সময়ছোৱাত জ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে বিভিন্ন পৰিবেশৰ লগত সমযোজনাৰ শিক্ষা লাভ কৰিবৰ বাবে ভ্রমণ, ক্ষেত্র ভিত্তিক অধ্যয়ন, সামাজিক কাম-কাজ আদিৰ ব্যৱস্থা কৰিব লাগে।
(ঙ) যৌন সমস্যা কৈশোৰ কালৰ এক ডাঙৰ সমস্যা। সিহঁতে যাতে বিপথে পৰিচালিত নহয় তাৰ বাবে যৌন শিক্ষা দিয়া প্রয়োজন।
(চ) এইকালছোৱাত কিশোৰ-কিশোৰীয়ে সামাজিক স্বীকৃতি বিচাৰে সেয়ে সিহঁতক নানান প্রতিয়োগিতামূলক কাম-কাজত অংশ গ্ৰহণ কৰাৰ বাবে অনুপ্রাণিত কৰিব লাগে।
(ছ) সিহঁতক পৰিবেশ সম্পর্কে, আন্তর্জাতিক বুজাপৰা, সহনশীলতা, ধর্মীয় ঐক্য, সাংস্কৃতিক সমন্বয় আদিৰ শিক্ষা প্রদান কৰিব লাগে।
👉 Read Also:
- মানসিক জীৱনৰ শাৰীৰিক ভিত্তি প্রশ্ন উত্তৰ
- মানৱ আচৰণৰ ভিত্তিসমূহ আৰু ইয়াৰ দিকদর্শন প্রশ্ন উত্তৰ
- ভাৰতবৰ্ষ আৰু অসমৰ প্ৰাথমিক শিক্ষা প্রশ্ন উত্তৰ