Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক

By Nzmina Begum

Published On:

অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক

অসমীয়াত চুতীয়া ৰাজ্যৰ ইতিহাসৰ বিষয়ে জানক

ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্দ্ধত আহোমসকলে শিৱসাগৰৰ দক্ষিণ-পূৱ কোণত ৰাজ্য পতাৰ সময়ত আহোম ৰাজ্যৰ নিচেই কাষত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে সোৱণশিৰী আৰু দাক্ষিণপাৰে দিচাং নৈৰ পূবে থকা প্ৰায় সমগ্ৰ ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্গত আছিল।

চুতীয়া জনশ্ৰুতি মতে আনুমানিক ১১৮৯ চনত চুতীয়া ৰজা বীৰপালে পোনতে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল। বীৰপালৰ পাছত ১০ জন চুতীয়া ৰজাই  ৰাজত্ব কৰে।

ইয়াৰে অষ্টম ৰজা বীৰনাৰায়ণ বা ধৰ্মৰজাৰ পুত্ৰৰ নাম আছিল সাধক নাৰায়ণ আৰু কন্যাৰ নাম আছিল সাধনী। বৃদ্ধ বয়সত ৰজা বীৰনাৰায়ণে তেওঁৰ জোঁৱায়েক নিতাইক নাবালক সাধক নাৰায়ণক চোৱা-চিতা কৰাৰ ভাৰ দিয়ে।

ৰজা হৈ নিতায়ে নীতিপাল বা নিত্যপাল নাম লয়। পাছলৈ তেওঁ অনীতিপৰায়ণ হোৱাত ৰাজ্যত বিশৃংখলতাই দেখা দিয়ে। সেই সুযোগতে আহোম ৰজা চুহুংমুং বা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধতে নীতিপাল পত্নী সাধনী সহিতে আত্মহত্যা কৰে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment