Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত আটলাণ্টিক চনদ Atlantic Charterৰ বিষয়

By Nzmina Begum

Published On:

আটলাণ্টিক চনদ

অসমীয়াত আটলাণ্টিক চনদ Atlantic Charterৰ বিষয়

দ্বিতীয় মহাসমৰৰ সময়ত বিশ্বত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে ১৯৪১ চনত মাৰ্কিন ৰাষ্ট্রপতি ৰুছভেল্ট আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইষ্টন চাৰ্চিলে যৌভাৱে ৰচনা কৰা এক ঘোষণাপত্ৰৰ নাম হ’ল ‘আটলান্টিক চনদ’।

এই চনদত ঘোষিত নীতিবোৰ এনেধৰণৰঃ পৰস্পৰৰ ক্ষেত্ৰত সম্প্ৰসাৰণ নীতি ত্যাগ, পৰাধীন জাতিৰ স্বাধীনতা আৰু স্বায়ত্ত শাসনৰ অধিকাৰ স্বীকাৰ, চৰকাৰ নিৰ্বাচন আৰু ব্যৱসায়-বাণিজ্য প্ৰৱেশৰ ক্ষেত্ৰত জনসাধাৰণৰ অধিকাৰক মৰ্যাদা দান আৰু যুদ্ধোত্তৰ পৃথিৱীত সকলো জাতিৰ মাজত শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে নিৰস্ত্ৰীকৰণৰ প্ৰতিশ্ৰুতি।

ৰুছভেল্ট আৰু চাৰ্চিলে আটলাণ্টিক মহাসগৰৰ এখন জাহাজত মিলিত হৈ এই চনদ বা ঘোষণাপত্ৰ ৰচনা কৰিছিল বাবে ইয়াক আটলাণ্টিক চনদ বুলি কোৱা হয়। ১৯৪২ চনত জাতিসংঘৰ ঘোষণাত এই চনদক স্বীকৃতি দিয়া হয় আৰু বহু দেশে ঘোষাণাপত্ৰখনত স্বাক্ষৰ কৰে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment