Join WhatsApp

Join Now

Join Telegram

Join Now

শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা Essay in Assamese 2026

By Rabbi Masrur

Published On:

শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী Essay in Assamese

শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা Essay in Assamese

শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী, ছাত্ৰ-ছাত্ৰীসকলৰ সুস্থভাৱে শিক্ষা লাভ কৰাৰ বাবে উপযুক্ত পৰিৱেশ একান্তই প্রয়োজনীয়। পৰিয়াল, সমাজ, বিদ্যালয়, শিক্ষক, অর্থনৈতিক অৱস্থা, নৈতিকতা, ৰাজনৈতিক অৱস্থা, মানৱ মূল্যবোধ, শিক্ষানীতি আদি বিভিন্ন কাৰকে শৈক্ষিক পৰিৱেশ নিৰ্ধাৰণ কৰে।

👉 Read Also:

পৰিয়াল আৰু সমাজৰ ভূমিকাঃ

শিশুৰ শিক্ষাৰ আৰম্ভণি পৰিয়াল আৰু সমাজৰ পৰা হয়। পিতৃ- মাতৃ তথা অভিভাৱকসকলে শিশুৰ বাবে ঘৰতে সুস্থ পৰিৱেশ গঠন কৰা উচিত যাতে শিশুৱে মনোযোগ সহকাৰে লেখাপড়াত মনোনিবেশ কৰিব পাৰে। যদি পৰিয়াল বা সমাজত কাজিয়া, সাম্প্রদায়িকতা, লিঙ্গ বৈষম্য, বিশৃঙ্খলতা আদি থাকে, তেন্তে শিশুরে লেখাপড়াত বিতৃষ্ণা অনুভব কৰিব পাৰে।

বিদ্যালয় আৰু শিক্ষকৰ ভূমিকাঃ

শৈক্ষিক পৰিৱেশ গঠনত বিদ্যালয় আৰু শিক্ষকৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। বিদ্যালয়ৰ শান্তিপূর্ণ, পৰিষ্কাৰ- পৰিচ্ছন্ন পৰিৱেশ আৰু উপযুক্ত দৃশ্য-শ্রাব্য সা-সঁজুলি শিক্ষাৰ বাবে প্রয়োজনীয়। শিক্ষকসকলে বিদ্যালয়ৰ নীতি-নিয়ম, শৃঙ্খলাবদ্ধতা, নৈতিকতা মানি চলিলে ছাত্র-ছাত্রীসকলে তেওঁলোকৰ পৰা আৰ্হি গ্ৰহণ কৰিব পাৰে। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰসকলৰ বাবে বন্ধু, অভিভাৱক, পৰামৰ্শদাতা আৰু দার্শনিকৰ পালন কৰিব লাগে।

ছাত্ৰ-ছাত্ৰীসকলৰ দায়িত্বঃ

লিখা-পঢ়াৰ লগতে ছাত্র-ছাত্রীসকলে নিয়মানুবর্তিতা, শৃঙ্খলা, পৰিষ্কাৰ- পৰিচ্ছন্নতা, নৈতিকতা আদি মানি চলিব লাগে। সংস্কৃতত এষাৰ কথা আছে ‘ছাত্রানং অধ্যয়নং তপঃ’, অর্থাৎ অধ্যয়নেই ছাত্ৰসকলৰ তপস্যা। শিক্ষানীতি আৰু ৰাজনৈতিক পৰিৱেশঃ দেশৰ শিক্ষানীতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো শিক্ষাৰ অনুকূল হ’ব লাগিব। অন্যথা সুস্থ শিক্ষাৰ পৰিৱেশ গঢ়ি উঠিব নোৱাৰে। HSLC ’20

👉 Read Also:

সামৰণিঃ

একবিংশ শতিকাত বিশ্ব অর্থনৈতিকভাবে বহুদূৰ আগবাঢ়ি গৈছে যদিও সেই অনুপাতে শিক্ষাৰ পৰিৱেশ উন্নত হোৱা নাই। ইয়াৰ মূল কাৰণ হৈছে সমাজত মানৱতা, সাধুতা, ন্যায়পৰায়ণতা আদি মানৱীয় প্রমূল্যসমূহ অৱনমিত হৈছে। পৰিয়াল, সমাজ, তথা ৰাষ্ট্ৰই একত্ৰিত হৈ এক সুস্থ শৈক্ষিক পৰিৱেশ গঢ়িবলৈ বিপ্লৱ আৰম্ভ কৰা উচিত। তৎসত্বেও আমি আশাবাদী যে মানৱজাতিৰ ভৱিষ্যৎ প্রজন্ম সুশিক্ষাৰে শিক্ষিত হব।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment