Join WhatsApp

Join Now

Join Telegram

Join Now

কৰনা ভাইৰাছ ৰচনা Covid-19 Essay in Assamese

By Nzmina Begum

Published On:

এই কৰনা ভাইৰাছ ৰচনাত কৰোনাভাইৰাছ কি, কেনেকৈ বিয়পে, লক্ষণ, সাৱধানতা, দৈনন্দিন জীৱনত প্ৰভাৱ, টিকা আৰু ৰোগ প্ৰতিৰোধৰ উপায়সমূহ সহজ ভাষাত ব্যাখ্যা কৰা হৈছে। ছাত্ৰছাত্ৰীসকলৰ বাবে এটি স্পষ্ট আৰু সহজ বুজিব পৰা লিখনী।

কৰনা ভাইৰাছ ৰচনা Covid-19 Essay in Assamese

ভূমিকা

কৰনা ভাইৰাছ বা COVID-19 হৈছে এটা নতুন ধৰণৰ ভাইৰাছ, যিয়ে 2020 চনত সমগ্ৰ বিশ্বত দ্ৰুতগতিত প্ৰসাৰ লাভ কৰিছিল। এই ভাইৰাছে লক্ষাধিক মানুহক মৃত্যু ঘটাইছিল আৰু আমাৰ দৈনন্দিন জীৱন, শিক্ষা পদ্ধতি আৰু কাম-কাজৰ ধাৰাক বহু পৰিবৰ্তন কৰি দিছিল। ই মূলতঃ নাক, ডিঙি আৰু হাওঁফাওঁক প্ৰভাৱিত কৰে।

কৰনা ভাইৰাছ কি?

কৰনা ভাইৰাছ হৈছে মানুহৰ শৰীৰত অসুখ সৃষ্টি কৰিব পৰা এটা ভাইৰাছ। COVID-19 ভাইৰাছ মানুহৰ পৰা মানুহলৈ অতি সহজে সংক্ৰমণ হয় । কাঁহ, হাঁচি বা কথা পাতোতে মুখৰ পৰা ওলোৱা থঁুৰ মাধ্যমেও বিয়পিব পাৰে। এই ভাইৰাছ থকা কোনো বস্তু স্পৰ্শ কৰি হাতখনেৰে মুখ স্পৰ্শ কৰিলেও ভাইৰাছটো দেহলৈ প্ৰৱেশ কৰিব পাৰে।

কৰনা ভাইৰাছৰ লক্ষণ

কৰনা ভাইৰাছ (COVID-19) ৰ লক্ষণ ব্যক্তি ভেদে ভিন্ন হ’ব পাৰে। সাধাৰণতে দেখা যোৱা কিছুমান লক্ষণ হ’ল—জ্বৰ, কাঁহ, দেহত ক্লান্তি অনুভৱ কৰা, মূৰ ঘূৰোৱা, মুখৰ ৰুচি লোপ পোৱা, ডিঙিত বিষ আদি। কিছুমান লোকৰ লক্ষণ সামান্য হ’ব পাৰে, যদিও বেছিভাগ আক্ৰান্ত লোকৰ অসুখ মাৰাত্মক হ’ব পাৰে। বয়সস্ত লোক আৰু ডায়বেটিছ বা হৃদৰোগ থকা লোকসকলৰ বাবে এই ভাইৰাছ অধিক বিপজ্জনক।

কৰনা ভাইৰাছৰ পৰা কেনেকৈ নিস্তাৰ পাব?

ভাইৰাছটো ৰোধ কৰা অতি প্ৰয়োজনীয়। সাধাৰণ কিছু উপায় অনুসৰণ কৰিলে এই ভাইৰাছৰ হোৱাৰ সম্ভাৱনা বহুত কমি যায়, যেনে—

  • নিয়মিত চােবানেৰে হাত ধোৱা
  • মুখত মাস্ক পিন্ধি থকা
  • আনৰ পৰা সুৰক্ষিত দূৰত্ব বজাই ৰখা
  • মুখে-নাকে হাত নলগোৱা
  • অসুস্থ অনুভৱ কৰিলে ঘৰত আন লোকৰ পৰা আঁতৰি থকা

এই সাধাৰণ নিয়মবোৰ মানিলে সংক্ৰমণৰ আশংকা কমি যায়।

দৈনন্দিন জীৱনত প্ৰভাৱ

কৰনা ভাইৰাছৰ মহামাৰীয়ে মানুহৰ জীৱনত বহু প্ৰভাৱ পেলাইছিল। বিদ্যালয়বোৰ বন্ধ হৈ ছাত্ৰছাত্ৰীয়ে অনলাইন মাধ্যমৰ জৰিয়তে পাঠ ল’ব লাগিছিল। ঘৰৰ পৰা দূৰলৈ কাম কৰি জীৱিকা উপাৰ্জন কৰা লোক কৰ্মহীন হৈছিল। উদ্যান, চিনেমা হল, বজাৰ আদিও বহুকাল বন্ধ আছিল। যাতায়াতত সীমাবদ্ধতা আছিল আৰু মানুহে ঘৰৰ ভিতৰতে অধিক সময় অতিবাহিত কৰিব লগা হৈছিল।

টিকা আৰু চিকিৎসা

বিশ্বৰ বিজ্ঞানীসকল দ্ৰুতগতিত কাম কৰি COVID-19 ৰ বিৰুদ্ধে টিকা উদ্ভাৱন কৰিছিল। টিকাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি আৰু ভাইৰাছৰ সৈতে যুঁজিবলৈ সহায় কৰিছিল। লগতে বিভিন্ন চিকিৎসা পদ্ধতি বিকাশ হৈছিল। ফলত বহু লোক এই মাৰাত্মক ভাইৰাচৰ পৰা ৰক্ষা পাইছিল।

সামৰণি:

কৰনা ভাইৰাছ আমাৰ বাবে এটা ডাঙৰ চ্যালেঞ্জ আছিল, কিন্তু ই আমাক পৰিস্কাৰ-পৰিছন্নতা, স্বাস্থ্য আৰু সুৰক্ষাৰ গুৰুত্ব শিকালে। ভাল অভ্যাস বজাই ৰাখি আৰু সতৰ্ক থাকি মানুহে নিজৰ লগতে আনকো ৰক্ষা কৰিব পাৰে। বৰ্তামন এই ভাইৰাচৰ প্ৰভাৱ যথেষ্ট পৰিমাণে হ্রাস পাইছে যদিও একেবাৰে নির্মূল হোৱা নাই, সেয়ে আমি সদায় স্বাস্থ্যৰক্ষাৰ নীতি-নিয়মেবাৰ মানি চলা উচিত।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment