Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত প্ৰত্যয় কাক বোলে Affix in Assamese 2026

By Nzmina Begum

Published On:

অসমীয়াত প্ৰত্যয় কাক বোলে Affix in Assamese

অসমীয়াত প্ৰত্যয় কাক বোলে Affix in Assamese

অসমীয়াত প্ৰত্যয় কাক বোলে Affix in Assamese: প্ৰত্যয় হৈছে ভাষাৰ এক গুৰুত্বপূর্ণ অংশ, যি মূল শব্দৰ অন্তত বা আৰম্ভণিত যোগ হৈ নতুন শব্দ গঠন কৰে। অসমীয়া ভাষাত মূলত চাৰিকাৰৰ প্রত্যয় পোৱা যায়।

👉 Read also:

প্ৰত্যয় কাক বোলে? Affix in Assamese, ই কেই প্ৰকাৰৰ আৰু কি কি? কোনো নতুন শব্দ গঠনৰ বাবে ধাতু আৰু প্ৰতিপাদিকৰ পিছত যোগ হোৱা বৰ্ণ বা বৰ্ণ সমষ্টিক প্ৰত্যয় (Affix) বোলে। উদাহৰণ–

দয়া + আলু  =  দয়ালু

চল + অন্ত   =  চলন্ত

ধান + অনি = ধাননি

ফুল + অনি = ফুলনি

প্ৰত্যয় চাৰিবিধ, যথা ঃ

(১) স্ত্ৰী প্ৰত্যয় (Feminine Affix)

(২) বিভক্তি (Inflection)

(৩) কৃত প্ৰত্যয় (Primary Affix) আৰু

(৪) তদ্ধিত প্ৰত্যয় (Secondary Affix)

তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

১। স্ত্ৰী প্ৰত্যয় (Feminine Affix)

পুংলিঙ্গবাচক শব্দক স্ত্ৰীলিংঙ্গবাচক শব্দলৈ ৰূপান্তৰ কৰোতে পুংলিঙ্গ শব্দত যোগ হোৱা প্ৰত্যয়কে স্ত্ৰীপ্ৰত্যয় বোলে।

স্ত্ৰীপ্ৰত্যয় তিনিটা, যথা– ‘ঈ’, ‘অনী’, আৰু ‘ৰী’। সাধাৰণতে ‘অনী’ প্ৰত্যয়ে ‘নী’, ‘ইনী’ বা ‘উনী’ৰ ৰূপ গ্ৰহণ কৰে। উদাহৰণ–

হৰিণ + ঈ = হৰিণী

কাউৰ + ঈ = কাউৰী

পাত্ৰ + ঈ = পাত্ৰী

দেৱ +   ঈ = দেৱী

ময়ূৰ +  ঈ = ময়ুৰী

গোপ + ঈ = গোপী

ৰাক্ষক + ঈ = ৰাক্ষকী

ভালুক + ঈ = ভালুকী

ডাক্তৰ + অনী = ডাক্তৰনী।

কায়স্থ + অনী = কায়স্থনী

নাগ + অনী =  নাগিনী। ইত্যাদি।

২। বিভক্তি (Inflection)

বাক্য গঠনৰ সময়ত ব্যৱহাৰ হোৱা আৰু শব্দৰ পাছত যুক্ত হোৱা চিনবোৰকে বিভক্তি বোলে। উদাহৰণ–

তপনে লিখিছে।

সি কলেজলৈ গ’ল।

ওপৰৰ বাক্য দুটিৰ প্ৰথমটিত ‘তপন + এ = তপনে’,  লিখ + ইছে =  লিখিছে, আৰু দ্বিতীয় বাক্যটিত কলেজ + অলৈ = কলেজলৈ’ হৈছে। এই ‘এ’, ‘ইছে’ আৰু ‘লৈ’ এইবোৰেই বিভক্তিৰ চিন।

বিভক্তি দুইবিধ, যথা–

(ক) শব্দ বিভক্তি  আৰু

(খ) ক্ৰিয়া বিভক্তি ।

বি: দ্ৰ: বিভক্তিৰ বিষয়ে বেলেগ অধ্যায়ত বহলাই আলোচনা কৰা  হৈছে।

৩। কৃত প্ৰত্যয় (Primary Affix)

ধাতু বা ক্ৰিয়াৰ মূলৰ লগত যিবোৰ প্ৰত্যয় যোগ হৈ কৃদন্ত পদ গঠিত হয় সেইবোৰ প্ৰত্যয়কে কৃত প্ৰত্যয় বোলে। উদাহৰণ–

বাচ + অনি = বাচনি

বিচ + অনি = বিচনি

ভোজ + অনীয়া =  ভোজনীয়া

চল + অন্ত = চলন্ত

কৰ + ওঁতা = কৰোঁতা

দা + ণক = দায়ক। ইত্যাদি।

৪। তদ্ধিত প্ৰত্যয় (Secondary Affix)

প্ৰতিপাদিকৰ পিছত বেলেগ বেলেগ অৰ্থত যুক্ত হৈ যি প্ৰত্যয়ে নতুন শব্দ গঠন কৰে তাকে তদ্ধিত প্ৰত্যয় বোলে।

সাধাৰণতে তদ্ধিত প্ৰত্যয়বোৰ হ’ল– অলীয়া, আৰুৱা, আঙ, আই, আল, আলি, অতি, আইত, অতিয়া, অনি, অৰি, অৰিয়া ইত্যাদি। উদাহৰণ–

হয় বা পোৱা অৰ্থত ‘অতি’ প্ৰত্যয় হয়। যেনে–

পাঁচ + অতি = পাঁচতি

বাব + অতি = বাবতি

বাপ + অতি = বাপতি

পটু অৰ্থত  ‘আইত’ প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

অঘ + আইত = অঘাইত

গভ + আইত = গভাইত । ইত্যাদি।

বিয়পি থকা  অৰ্থত  ‘অনি’ প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

বন + অনি = বননি

ধান + অনি = ধননি

মাহ + অনি = মাহনি। ইত্যাদি

গুণবাচক অৰ্থত ‘অৰি’, ’অৰী’ আদি প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

লগ + অৰি = লগৰী

ভাল + অৰি = ভালৰি।

অভ্যাস বা পেশা  অৰ্থত  ‘অৰীয়া’   প্ৰত্যয় ব্যৱহাৰ হয়। যেনে–

নাও + অৰীয়া = নাৱৰীয়া

বন + অৰীয়া = বনৰীয়া

ভাও + অৰীয়া = ভাৱৰীয়া। ইত্যাদি।

অন্যান্য তদ্ধিত প্রত্যয়বোৰ তলত দিয়া ধৰণে ব্যৱহাৰ হয়–

তেজ + আল = তেজাল

ভোগ + আলী = ভোগালী

হাট + আৰুৱা = হাটৰুৱা

গাওঁ + অলীয়া = গাঁৱলীয়া

চাফ + আই = চাফাই

আগ + অতীয়া = আগতীয়া। ইত্যাদি।

অনুশীলনী

(১) প্ৰত্যয় মানে কি ?

(২) অসমীয়াত প্ৰত্যয় কেইবিধ  আৰু কি কি?

(৩) স্ত্ৰী  প্ৰত্যয়  বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।

(৪) বিভক্তি বুলিলে কি বুজা? উদাহৰণ দিয়া।

(৫) কৃত প্ৰত্যয় বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।

(৬)  তদ্ধিত প্ৰত্যয় বুলিলে কি বুজা?  উদাহৰণসহ বুজাই লিখা।

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ প্ৰত্যয় কাক বোলে Affix in Assamese যদি এই অনুচ্ছেদ টো পড়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Media ত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

3 thoughts on “অসমীয়াত প্ৰত্যয় কাক বোলে Affix in Assamese 2026”

Leave a Comment