Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া ভাষাৰ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন 2026

By Nzmina Begum

Published On:

অসমীয়া ভাষাৰ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন

অসমীয়া ভাষাৰ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন

অসমীয়া ভাষাৰ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন: ভাষাত উচ্চাৰণৰ সময়ত বৰ্ণসমূহ মুখগুহাৰ বিভিন্ন অংশৰ সহায়ত উচ্চাৰিত হয়। উচ্চাৰণৰ এই স্থানৰ ভিত্তিত বৰ্ণক বিভিন্ন ভাগত বিভাজন কৰা হয়।

👉 Read also:

ভাষাৰ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন, অসমীয়া বৰ্ণমালাৰ বৰ্ণবোৰ উচ্চাৰণ কৰোতে বৰ্ণ ভেদে আমাৰ মুখৰ ভিন ভিন স্থানৰ পৰা উচ্চাৰিত হয়। উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া বৰ্ণবোৰকৰ ৬ ভাগত ভাগ কৰা হৈছে —

(১) কণ্ঠ্য বৰ্ণ (Guttural),

(২) তালৱ্য বৰ্ণ (Palatal),

(৩) মূৰ্দ্ধণ্য বৰ্ণ (Cerebral),

(৪) দন্ত্য বৰ্ণ (Dental),

(৫) ঔষ্ঠ্য বৰ্ণ (Labial) আৰু

(৬) অনুনাসিক বৰ্ণ (Nasal),

তলত এই ভাগবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।

(১) কণ্ঠ্য বৰ্ণ (Guttural)

যিবোৰ বর্ণ উচ্চাৰণৰ স্থান কণ্ঠ সেইবোৰ বৰ্ণক কণ্ঠ্য বৰ্ণ বোলে। কণ্ঠ বৰ্ণ কেইটা হ’ল– অ, আ, ক, গ, ঘ, হ আদি।

(২) তালৱ্য বৰ্ণ (Palatal)

যিবোৰ বৰ্ণৰ উচ্চাৰণৰ স্থান তালু  সেইবোৰ বৰ্ণক তালব্য বৰ্ণ বোলে। ই,  ঈ,  এ,  ঐ, চ, ছ, জ, ঝ, ঞ, ষ, শ আদি তালব্য বৰ্ণ।

(৩) মূৰ্দ্ধণ্য বৰ্ণ (Cerebral)

যিবোৰ বৰ্ণৰ উচ্চাৰণ মূৰ্দ্ধ বা মূৰ সেইবোৰ  বৰ্ণক মূৰ্দ্ধণ্য বৰ্ণ বোলে। মূৰ্দ্ধণ্য বৰ্ণবোৰ হ’ল– ঋ, ট, ঠ, ড, ঢ, ণ, ৰ, আৰু য।

(৪) দন্ত্য বৰ্ণ (Dental)

যিবোৰ বৰ্ণৰ উচ্চাৰণৰ স্থান দন্ত বা দাঁত সেইবোৰ বৰ্ণক দন্ত্য বৰ্ণ বোলে। দন্ত বৰ্ণবোৰ হ’ল– ত, থ, দ, ধ আৰু ল।

(৫) ঔষ্ঠ্য  বৰ্ণ (Labial)

যিবোৰ বর্ণৰ উচ্চাৰণৰ স্থান ওঁঠ সেইবোৰ বৰ্ণক ঔষ্ঠ্য বৰ্ণ বোলে।  ঔষ্ঠ্য বৰ্ণবোৰ  হ’ল– উ, ঊ, ও, ঔ, প, ফ, ব, ভ, আৰু ম।

(৬) অনুনাসিক বৰ্ণ (Nasal)

অসমীয়া বৰ্ণমালাত এনে কিছুমান বৰ্ণ আছে যিবোৰ কণ্ঠ, তালু, দাঁত আদিৰ পৰা উচ্চাৰিত হ’লেও নাকী সুৰত উচ্চাৰণ হয়। এনেদৰে নাকী সুৰত বা নাকৰ পৰা উচ্চাৰিত হোৱা বৰ্ণক  অনুনাসিক বৰ্ণ বোলে। অনুনাসিক বৰ্ণবোৰ হ’ল– ঙ, ঞ, ম, ন আৰু ং ।

অনুশীলনী

(১) মূৰ্দ্ধণ্য বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(২) দন্ত্য  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৩) ঔষ্ঠ্য  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৪) অনুনাসিক  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি ?

(৫) উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া বৰ্ণক কেই ভাগত ভাগ কৰা হৈছে?

(৬) কণ্ঠ্য  বৰ্ণ কাক বোলে ? ই কেইটা আৰু কি কি ?

(৭) তালব্য  বৰ্ণ কাক বোলে? ই কেইটা আৰু কি কি?

সামৰণি:

ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ উচ্চাৰণৰ স্থান অনুযায়ী বৰ্ণ বিভাজন যদি এই অনুচ্ছেদ টো পঢ়ি আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment