সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun: ভাষাৰ গঠনমূলক অংশসমূহৰ ভিতৰত সৰ্বনাম পদ এক গুৰুত্বপূৰ্ণ পদ। এটি বাক্যত বহু সময়ত মূল বিশেষ্যৰ পুনৰাবৃত্তি এৰাই বাক্যক সুন্দৰ আৰু সুসংগত কৰিবলৈ সৰ্বনাম ব্যৱহাৰ কৰা হয়। আজি আমি এই লিখনিত সৰ্বনাম পদৰ শ্ৰেণী বিভাগৰ বিষয় আলোচনা কৰিব প্রাইস কৰিছো।
সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun
👉 Read also:
- বিশেষণ পদৰ শ্ৰেণী বিভাগ Classification of Adjective
- অসমীয়া উদ্দেশ্য অৰ্থ অনুযায়ী বাক্যৰ শ্ৰেণী বিভাগ
- অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition
- অসমীয়া ক্ৰিয়া পদৰ শ্ৰেণী বিভাগ Classification of Verb
- বিশেষ্য পদৰ শ্ৰেণী বিভাগ Classification of Noun
বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম (Pronoun) বোলে।
বৈশিষ্ট্য অনুযায়ী অসমীয়া সৰ্বনাম পদবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰি, যথা–
(১) ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)
(২) স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
(৩) কালবোধক সৰ্বনাম (Pronominal Adverb of Time) আৰু
(৪) বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
তলত এইবোৰৰ বিষয়ে আলোচনা কৰা হ’ল।
ব্যক্তিবোধক সৰ্বনাম ( Personal Pronoun)
ব্যক্তি বা প্ৰাণীবাচক বিশেষ্য পদৰ সলনি যি পদ ব্যৱহাৰ কৰা হয় তাকে ব্যক্তিবোধক সৰ্বনাম বোলে।
উদাহৰণ— মই, আমি, সি, সিহঁত, তাই, তোমালোক, তেখেত, তেখেতসকল, ইত্যাদি।
স্থানবোধক সৰ্বনাম (Pronominal Adverb of Place)
স্থানৰ নাম বুজোৱা বিশেষ্য পদৰ সলনি যি পদৰ ব্যৱহাৰ হয় তাকে স্থানবোধক সৰ্বনাম বোলে।
উদাহৰণ— ইয়াত, তাত, তালৈ, ক’লৈ, ইয়ালৈ ইত্যাদি।
কালবোধক সৰ্বনাম (Pronominal Adverb of Time)
কাল বা সময়ৰ নাম বুজোৱা বিশেষ্য পদৰ সলনি ব্যৱহাৰ হোৱা সর্বনামবোৰক কালবোধক সৰ্বনাম বোলে।
উদাহৰণ– আজি, এতিয়া, কালি, যেতিয়া, অহাকালি, পৰহি, সেইদিনা, সিদিনা ইত্যাদি।
বিশেষণবোধক সৰ্বনাম (Pronominal Adjective)
সংজ্ঞা শব্দৰ আগত যিবোৰ সৰ্বনামে সেই শব্দই বুজোৱা বস্তুক আন বস্তুৰ পৰা পৃথক কৰা বুজায় সেইবোৰক বিশেষণবোধক সৰ্বনাম বোলে।
উদাহৰণ— এনেদৰে, যিমান, তিমান, এনেকৈ, ইমান, যেনেকৈ, তেনেকৈ ইত্যাদি।
বি. দ্ৰ: ব্যক্তিবোধক সৰ্বনাম পদবোৰৰ বিভক্তি ৰূপ কৰোতে মূল শব্দৰ যি পৰিবৰ্তন ঘটে তাকে সৰ্বনামৰ তিৰ্যক ৰূপ (Oblique Form of Pronoun) বোলে। উদাহৰণ– ‘তুমি’ৰ ৰূপ ‘তোমাক’, ‘তোমালোকক’, ‘তোমাৰ’ আদি।
অনুশীলনী
(১) সৰ্বনাম কাক বোলে?
(২) বৈশিষ্ট্য অনুযায়ী সৰ্বনাম পদ কেই শ্ৰেণীত ভাগ কৰা হৈছে?
(৩) ব্যক্তিবোধক সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৪) স্থানবোধক সৰ্বনামবুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।
(৫) কালবোধক সৰ্বনাম বুলিলে কি বুজা ? উদাহৰণসহ বুজাই লিখা।।
(৬) বিশেষণবোধক সৰ্বনাম বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
(৭) সৰ্বনামৰ তিৰ্যক ৰূপ বুলিলে কি বুজা? উদাহৰণসহ বুজাই লিখা।
👉 Read also:
- বিশেষণ পদৰ শ্ৰেণী বিভাগ Classification of Adjective
- অব্যয় পদৰ শ্ৰেণী বিভাগ Classification of Preposition
- বিভক্তি Inflexion in Assamese
- অসমীয়া বাক্যাংশ Assamese Phrase
উপসংহাৰ
সৰ্বনাম পদ ভাষাৰ এক অতি প্রয়োজনীয় অংশ। ই বিশেষ্যৰ স্থান দখল কৰি বাক্যক সহজ, সুসংগত আৰু প্ৰাকৃতিক কৰি তোলে। বিভিন্ন ধৰণৰ সৰ্বনাম ব্যৱহাৰৰ জ্ঞান থাকিলে ভাষাৰ উপযুক্ত প্ৰয়োগ তথা চমুকৈ আৰু স্পষ্টভাৱে মত প্ৰকাশ কৰা সহজ হয়।
ভাষা শিক্ষাৰ্থীসকলৰ বাবে সৰ্বনামৰ সঠিক ব্যৱহাৰ শিকাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো ই ভাষাৰ মৌলিক গঠন শক্তিশালী কৰে। আশা কৰোঁ, এই প্ৰবন্ধে সৰ্বনাম পদ সম্পৰ্কে আপোনাৰ ধাৰণাসমূহ স্পষ্ট কৰিব।
ধন্যবাদ আপোনাক ইমান সময় আমাৰ Amaraxom Website দিয়াৰ বাবে, ওপৰৰ সৰ্বনাম পদৰ শ্ৰেণী বিভাগ। Classification of Assamese Pronoun যদি এই অনুচ্ছেদ টো পঢ়রী আপোনাৰ ভাল লাগিছে তেনেহলে অনুচ্ছেদ টো Social Mediaত share আৰু এটা Comment কৰি দিব।