Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 9 Social Science MCQ Chapter 6 Solutions

By Rabbi Masrur

Published On:

SEBA Class 9 Social Science MCQ Chapter 6 Solutions – Part 2: Geography 2026–27-ৰ অধীনত নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ অধ্যায় ৬-ৰ গুৰুত্বপূৰ্ণ বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQ) সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। ইয়াত অধ্যায়টোৰ মূল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু শুদ্ধ উত্তৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই MCQসমূহ অনুশীলন কৰি গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা, তথ্য আৰু ধাৰণাসমূহ ভালদৰে বুজিব পাৰিব। নিয়মীয়া অনুশীলন আৰু পুনৰাবৃত্তিৰ জৰিয়তে পৰীক্ষাৰ প্ৰস্তুতি অধিক উন্নত কৰিব পাৰিব।

SEBA Class 9 Social Science MCQ Chapter 6 Solutions

দ্বিতীয় খণ্ড: ভূগোল

অধ্যায় -১

ভূ-পৃষ্ঠৰ পৰিৱৰ্তন

অতি চমু প্রশ্নোত্তৰ (VSA)

১। ভূ-পৃষ্ঠৰ কিমান শতাংশ জলভাগে আৱৰি আছে?

উঃ ভূ-পৃষ্ঠব ৭১ শতাংশ জলভাগে আৱৰি আছে।

২। ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ দুটা আভ্যন্তৰীণ কাৰক কি কি?

উঃ ভূমিকম্প আৰু আগ্নেয়গিৰিৰ উদ্‌গীৰণ।

৩। নদী অৱবাহিকা বুলিলে কি বুজায়?

উঃ এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে, সেই অঞ্চলক নদী অৱবাহিকা বোলা হয়।

৪। ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম লিখা।

উঃ মানাহ আৰু ধনশিৰি।

৫। নদীৰ পাৰ্শ্বখনন কি?

উঃ নদীৰ দুয়োপাৰ খহি যোৱা প্রক্রিয়াক নদীৰ পার্শ্বখনন বোলা হয়।

৬। অশ্বখুৰা হ্রদ কেনেকৈ সৃষ্টি হয়?

উঃ নদীয়ে পুৰণি বক্র পথ এৰি নতুন পোন পথ ল’লে এৰি যোৱা অংশত পানী জমা হৈ অশ্বখুৰা হ্রদ সৃষ্টি হয়।

৭। ব-দ্বীপ কি?

উঃ নদীয়ে সাগৰত গেদ জমা কৰি সৃষ্টি কৰা ‘ব’ আকৃতিৰ দ্বীপক ‘ব-দ্বীপ’ বোলা হয়।

৮। ইন্‌লেবার্গ কি?

উঃ মৰুভূমিত থকা ক্ষয়প্রাপ্ত একাকী চাপৰ পাহাৰক ইন্‌লেবার্গ বোলা হয়।

৯। উপকূল কাক বোলা হয়?

উঃ সাগৰ বা মহাসাগৰৰ তীৰ বা পাৰক উপকূল বোলা হয়।

১০। ছুনামি কি?

উঃ সমুদ্র তলিৰ ভূমিকম্পৰ ফলত সৃষ্টি হোৱা ধ্বংসাত্মক বৃহৎ ঢৌক ছুনামি বোলা হয়।

১১। ভূমিকম্প কাক বোলা হয়?

উঃ ভূ-পৃষ্ঠৰ অভ্যন্তৰত সংঘটিত বিভিন্ন প্রাকৃতিক কাৰণ, যেনে আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ বা ভূ-স্তৰৰ স্থানচ্যুতিৰ ফলত ভূমিত সৃষ্টি হোৱা কম্পনক ভূমিকম্প বুলি কোৱা হয়।

১২। ব্ৰহ্মপুত্ৰ নৈৰ বুকুত থকা ‘ব-দ্বীপ’খনৰ নাম কি?

উঃ ব্ৰহ্মপুত্ৰ নৈৰ বুকুত অৱস্থিত ব-দ্বীপখনৰ নাম মাজুলী।

১৩। উপকূল ৰেখা কাক বোলা হয়?

উঃ মহাদেশৰ স্থলভাগ আৰু সাগৰ বা মহাসাগৰৰ জলভাগ যি সীমাৰেখাত মিলিত হয়, সেই একাঁধেকা সীমাৰেখাক উপকূল ৰেখা বুলি কোৱা হয়।

১৪। ইয়াৰদাং কি?

উঃ ইয়াৰদাং হৈছে বতাহৰ ক্ষয়কাৰ্যৰ ফলত গঠিত এক বিশেষ ভূ-অবয়ব। ইয়াত দীঘলীয়া শিৰা আৰু অগভীৰ দীঘলীয়া গাঁতৰ সমাহাৰ দেখা যায়।

১৫। সমুদ্ৰ গৰা কাক বোলা হয়?

উঃ উপকূল অঞ্চলত থকা কঠিন শিলৰ ওপৰত সাগৰৰ ঢৌয়ে দীর্ঘদিন ধৰি ক্ষয়কাৰ্য চলোৱাৰ ফলত সৃষ্টি হোৱা থিয় বা খাড়া গৰাক সমুদ্ৰ গৰা বুলি কোৱা হয়।

১৬। ছুনামি কি?

উঃ সমুদ্র বা মহাসাগৰৰ তলিত হোৱা প্ৰবল ভূমিকম্প, আগ্নেয়গিৰিৰ উদ্‌দ্গীৰণ অথবা অন্য কোনো বৃহৎ ভূ-তাত্ত্বিক ঘটনাৰ ফলত সৃষ্টি হোৱা বিশাল আৰু ধ্বংসাত্মক ঢৌক ছুনামি বুলি কোৱা হয়।

১৭। জাপানত হোৱা প্রলয়ংকৰী ছুনামিটো কিমান চনত হৈছিল?

উঃ জাপানত হোৱা প্রলয়ংকৰী ছুনামিটো ২০১১ চনত সংঘটিত হৈছিল।

বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)

১। ভূ-পৃষ্ঠৰ কিমান শতাংশ স্থলভাগ?

(ক) ২১%

(খ) ২৯%

(গ) ৪১%

(ঘ) ৫১%

উঃ (খ) ২৯%

২। ভূ-পৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক কোনটো?

(ক) ভূমিকম্প

(খ) আগ্নেয়গিৰি

(গ) বতাহ

(ঘ) লাভা

উঃ (গ) বতাহ

৩। আভ্যন্তৰীণ কাৰক কোনটো?

(ক) বৰষুণ

(খ) হিমবাহ

(গ) নদী

(ঘ) ভূমিকম্প

উঃ (ঘ) ভূমিকম্প

৪। ব্ৰহ্মপুত্ৰৰ উপনদী কোনখন?

(ক) গংগা

(খ) মানাহ

(গ) মহানদী

(ঘ) কাবেৰী

উঃ (খ) মানাহ

৫। নদীৰ পাৰ ভাঙি নিয়াৰ কাৰ্যক কি বোলা হয়?

(ক) অৱক্ষেপণ

(খ) প্লাবন

(গ) খনন কার্য

(ঘ) অৱনমন

উঃ (গ) খনন কার্য

৬। সাধাৰণতে কেতিয়া নদীৰ খনন কার্য বেছি হয়?

(ক) শীতকালত

(খ) বাৰিষাকালত

(গ) বসন্তকালত

(ঘ) শৰৎকালত

উঃ (খ) বাৰিষাকালত

৭। নদীৰ দুয়োপাৰ খহি যোৱাকে কি বোলা হয়?

(ক) পার্শ্বখনন

(খ) প্লাবন

(গ) অৱক্ষেপণ

(ঘ) ক্ষয়

উঃ (ক) পার্শ্বখনন

৮। অশ্বখুৰা হ্ৰদৰ আকৃতি কেনে?

(ক) বর্গাকাৰ

(খ) ত্রিভুজাকাৰ

(গ) ঘোঁৰাৰ খুৰাৰ দৰে

(ঘ) গোলাকাৰ

উঃ (গ) ঘোঁৰাৰ খুৰাৰ দৰে

৯। প্লাবন ভূমি কিহৰ দ্বাৰা সৃষ্টি হয়?

(ক) আগ্নেয়গিৰি

(খ) বানপানী

(গ) ভূমিকম্প

(ঘ) হিমবাহ

উঃ (খ) বানপানী

১০। বালিচৰ ক’ত সৃষ্টি হয়?

(ক) পাহাৰত

(খ) মৰুভূমিত

(গ) নদীৰ বুকুত

(ঘ) হিমবাহত

উঃ (গ) নদীৰ বুকুত

১১। ব-দ্বীপ ক’ত সৃষ্টি হয়?

(ক) মৰুভূমিত

(খ) নদীৰ উৎসত

(গ) অগভীৰ সাগৰত

(ঘ) পাহাৰত

উঃ (গ) অগভীৰ সাগৰত

১২। মৰুভূমিত বতাহৰ ক্ৰিয়া প্ৰৱল হোৱাৰ কাৰণ কি?

(ক) অধিক বৰষুণ

(খ) অধিক নদী

(গ) গছ-গছনিৰ অভাৱ

(ঘ) অধিক হিমবাহ

উঃ (গ) গছ-গছনিৰ অভাৱ

১৩। বালি উৰুৱাই নিয়াৰ প্ৰক্ৰিয়াক কি বোলা হয়?

(ক) অৱনমন

(খ) অৱক্ষেপণ

(গ) প্লাবন

(ঘ) খনন

উঃ (ক) অৱনমন

১৪। বালিয়াৰি কিহৰ দ্বাৰা গঠিত হয়?

(ক) শিল

(খ) বালি

(গ) বৰফ

(ঘ) পানী

উঃ (খ) বালি

১৫। ইন্‌লেবার্গ ক’ত দেখা যায়?

(ক) নদীত

(খ) উপকূলত

(গ) মৰুভূমিত

(ঘ) বিলত

উঃ (গ) মৰুভূমিত

১৬। হিমবাহ ক’ত সৃষ্টি হয়?

(ক) শীতপ্রধান অঞ্চলত

(খ) মৰুভূমিত

(গ) সমভূমিত

(ঘ) উপকূলত

ডঃ (ক) শীতপ্রধান অঞ্চলত

১৭। হিমবাহে কঢ়িয়াই অনা পদার্থসমূহক কি বোলা হয়?

(ক) গেদ

(খ) গ্রাব

(গ) পলস

(ঘ) অৱক্ষেপ

উঃ (খ) গ্রাব

১৮। গ্ৰাবৰ কিমান প্ৰকাৰ?

(ক) ২

(খ) ৩

(গ) ৪

(ঘ) ৫

উঃ (গ) ৪

১৯। জোঙা শৃঙ্গ কিহৰ ক্ৰিয়াৰ ফলত সৃষ্টি হয়?

(ক) নদী

(খ) বতাহ

(গ) হিমবাহ

(ঘ) বৰষুণ

উঃ (গ) হিমবাহ

২০। সাগৰ-মহাসাগৰৰ তীৰক কি বোলা হয়?

(ক) উপত্যকা

(খ) উপকূল

(গ) মালভূমি

(ঘ) অৱবাহিকা

উঃ (খ) উপকূল

২১। বালিয়াতট ক’ত সৃষ্টি হয়?

(ক) পাহাৰত

(খ) উপকূলত

(গ) নদীত

(ঘ) মৰুভূমিত

উঃ (খ) উপকূলত

২২। মাজুলী কি ধৰণৰ ভূ-অবয়ব?

(ক) বালিয়াৰি

(খ) উপদ্বীপ

(গ) ব-দ্বীপ

(ঘ) মালভূমি

উঃ (গ) ব-দ্বীপ

২৩। ইয়াৰদাং কিহৰ ক্ৰিয়াৰ ফল?

(ক) বতাহ

(খ) নদী

(গ) হিমবাহ

(ঘ) বৰষুণ

উঃ (ক) বতাহ

২৪। সমুদ্ৰ গৰা কিহৰ দ্বাৰা সৃষ্টি হয়?

(ক) বতাহ

(খ) সাগৰৰ ঢৌ

(গ) নদী

(ঘ) হিমবাহ

উঃ (খ) সাগৰৰ ঢৌ

২৫। জাপানৰ বিধ্বংসী ছুনামি কেতিয়া হৈছিল?

(ক) ২০০৪

(খ) ২০০৮

(গ) ২০১১

(ঘ) ২০১৫

উঃ (গ) ২০১১

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A):-পৃষ্ঠৰ পৰিৱৰ্তন অন্তৰ্জাত আৰু বহির্জাত শক্তিৰ ফলত সংঘটিত হয়।

কাৰণ (R): অন্তৰ্জাত শক্তিযে পৃথিৱীৰ অভ্যন্তৰত কাম কৰে আৰু বহিৰ্জাত শক্তিয়ে ভূ-পৃষ্ঠত কাম কৰে।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): নদীয়ে ক্ষয়, পৰিবহণ আৰু অৱক্ষেপণৰ জৰিয়তে ভূ-আকৃতিৰ পৰিৱৰ্তন ঘটায়।

কাৰণ (R): নদীৰ পানীয়ে সদায় একে গতিৰে প্ৰৱাহিত হয়।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱা-

স্তম্ভ ‘ক’

(A) অন্তর্জাত শক্তি

(B) বহির্জাত শক্তি

(C) আগ্নেয়গিৰি

(D) নদী

স্তম্ভ ‘খ’

(i) অৱক্ষেপণ কার্য

(ii) পৃথিৱীৰ ভিতৰৰ শক্তি

(iii) লাভা উদ্‌গীৰণ

(iv) বতাহ, পানী আদি বাহ্যিক কাৰক

(ক) A-ii, B-iv, C-iii, D-i

(খ) A-i, B-ii, C-iv, D-iii

(গ) A-iii, B-i, C-ii, D-iv

(ঘ) A-iv, B-iii, C-i, D-ii

উঃ (ক) A-ii, B-iv, C-iii, D-i

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment