SEBA নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ ইতিহাস বিষয়ৰ অধ্যায় ৫-ৰ SEBA Class 9 Social Science MCQ Chapter 5 Solutions গুৰুত্বপূৰ্ণ বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQ) ইয়াত সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। এই অধ্যয়ন সামগ্ৰীত অধ্যায়টোৰ মূল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু শুদ্ধ উত্তৰসমূহ সন্নিৱিষ্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই MCQসমূহ অনুশীলন কৰি ঐতিহাসিক ঘটনা, তথ্য আৰু মূল ধাৰণাসমূহ ভালদৰে বুজিব পাৰিব। নিয়মীয়া অনুশীলন আৰু পুনৰাবৃত্তিৰ জৰিয়তে পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰিব।
SEBA Class 9 Social Science MCQ Chapter 5 Solutions
অধ্যায় ৫
অসমত বৃটিছ প্রশসানৰ আৰম্ভণি
অতি চমু প্রশ্নোত্তৰ (VSA)
১। ডেভিদ স্কটে নামনি অসমত কোন ব্যৱস্থা অব্যাহত ৰাখিছিল?
উঃ চৌধুৰীৰ তত্ত্বাৱধানত পৰগণা ব্যৱস্থা।
২। নগাঁও আৰু ৰহা অঞ্চলৰ ৰাজহ গোট কাৰ অধীনত ৰখা হৈছিল?
উঃ গুৱাহাটীৰ অধীনত।
৩। উজনি অসমত কোন প্রথা উঠাই দিয়া হৈছিল?
উঃ পাইক প্রথা।
৪। পাইক প্ৰথাৰ সলনি প্ৰতিজনৰ পৰা কিমান টকা খাজনা লোৱা হৈছিল?
উঃ তিনি টকা।
৫। ডেভিদ স্কটে উজনি অসমত দেৱানী বিচাৰৰ দায়িত্ব কাক দিছিল?
উঃ লম্বোদৰ বৰফুকনক।
৬। নামনি অসমত কিমানখন দেৱানী আদালত স্থাপন কৰা হৈছিল?
উঃ দুখন।
৭। ৰবাৰ্টচনৰ সময়ত খাজনা কিহৰ ভিত্তিত নিৰ্ধাৰণ কৰা হৈছিল?
উঃ মাটিৰ গুণাগুণৰ ভিত্তিত।
৮। কৃষকসকলক কি কি নথি দিয়া হৈছিল?
উঃ মাটিৰ পট্টা আৰু ৰাজহৰ ৰচিদ।
৯। ব্রহ্মপুত্র নদীত প্রথম ভাপ জাহাজ চলাচলৰ ব্যৱস্থা কোনে কৰিছিল?
উঃ মেজৰ জেনকিন্সে।
১০। জেনকিন্সে ক’ত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল?
উঃ গুৱাহাটী আৰু শিৱসাগৰত।
১১। কামৰূপ জিলাৰ পূব সীমা কোন নদী আছিল?
উঃ বৰনদী।
১২। কামৰূপ জিলাৰ পশ্চিম সীমা কোন নদী আছিল?
উঃ মানাহ নদী।
১৩। দৰং জিলাৰ প্ৰথম ৰাজধানী ক’ত আছিল?
উঃ মঙ্গলদৈত।
১৪। পিছত দৰং জিলাৰ ৰাজধানী ক’লৈ স্থানান্তৰ কৰা হৈছিল?
উঃ তেজপুৰলৈ।
১৫। কাছাৰ জিলাৰ ৰাজধানী কি আছিল?
উঃ শিলচৰ।
১৬। তিৰৎ সিং কোন আছিল?
উঃ খাচী পাহাৰৰ চিয়েম আছিল।
১৭। তিৰৎ সিঙে কেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল?
উঃ ১৮২৮ চনত।
১৮। গোমধৰ কোঁৱৰ কোন বংশৰ লোক আছিল?
উঃ স্বৰ্গদেউ চুহুংমুংৰ বংশৰ।
১৯। গোমধৰ কোঁৱৰক কিমান বছৰৰ কাৰাদণ্ড দিয়া হৈছিল?
উঃ সাত বছৰৰ।
২০। জয়ন্তীয়া ৰাজ্য কেতিয়া ব্রিটিছসকলে দখল কৰিছিল?
উঃ ১৮৩৫ চনত।
২১। কিমান চনত ‘অসম লাইট ইনফ্রোন্ট’ নামৰ বাহিনী গঠন কৰা হৈছিল?
উঃ ১৮২৬ চনত।
২২। কাৰ তত্বাৱধানত নামনি অসমৰ মাটি জৰীপ কৰা হৈছিল?
উঃ কেপ্তেইন মেথিউজৰ তত্বাৱধানত।
বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)
১। ডেভিদ স্পটে উজনি অসমত কোন প্রথা বিলুপ্ত কৰিছিল?
ক) দাস প্রথা
খ) পাইক প্রথা
গ) সতীদাহ প্রথা
ঘ) পৰগণা প্রথা
উঃ খ) পাইক প্রথা
২। পাইক প্ৰথাৰ সলনি প্ৰতিজনৰ পৰা কিমান টকা খাজনা লোৱা হৈছিল?
ক) ২ টকা
খ) ৩ টকা
গ) ৪ টকা
ঘ) ৫ টকা
উঃ খ) ৩ টকা
৩। ডেভিদ স্কটে দেৱানী বিচাৰৰ দায়িত্ব কাক দিছিল?
ক) পিয়লি ফুকন
খ) ধনঞ্জয় বৰগোঁহাই
গ) লম্বেদৰ বৰফুকন
ঘ) তিৰৎ সিং
উঃ গ) লম্বোদৰ বৰফুকন
৪। নামনি অসমত কিমানখন ফৌজদাৰী আদালত স্থাপন কৰা হৈছিল?
ক) এখন
খ) দুখন
গ) তিনিখন
ঘ) চাৰিখন
উঃ ক) এখন
৫। ৰবাৰ্টচনৰ ৰাজহ ব্যৱস্থা কিহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছিল?
ক) জনসংখ্যা
খ) মাটিৰ গুণাগুণ
গ) ব্যৱসায়
ঘ) বংশ
উঃ খ) মাটিৰ গুণাগুণ
৬। কৃষকসকলক কি প্রদান কৰা হৈছিল?
ক) উপাধি
খ) বৃত্তি
গ) পট্টা আৰু ৰচিদ
ঘ) অস্ত্র
উঃ গ) পট্টা আৰু ৰচিদ
৭। ব্রহ্মপুত্রত প্রথম ভাপ জাহাজ চলাচল কোনে আৰম্ভ কৰিছিল?
ক) ডেভিদ স্কট
খ) ৰবাৰ্টচন
গ) জেনকিন্স
ঘ) ৰাডাফৰ্ড
উঃ গ) জেনকিন্স
৮। জেনকিন্সে ক’ত ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল?
ক) গুৱাহাটী আৰু শিৱসাগৰ
খ) নগাঁও আৰু যোৰহাট
গ) ধুবুৰী আৰু বৰপেটা
ঘ) ডিব্ৰুগড় আৰু শিলচৰ
উঃ ক) গুৱাহাটী আৰু শিৱসাগৰ
৯। জেনকিন্সে ব্রহ্মপুত্র উপত্যকাক কিমানখন জিলাত ভাগ কৰিছিল?
ক) ৩
খ) ৪
গ) ৫
ঘ) ৬
উঃ খ) ৪
১০। গোৱালপাৰা আগতে কোন ঠাইৰ অংশ আছিল?
ক) ৰংপুৰ
খ) শিলচৰ
গ) তেজপুৰ
ঘ) যোৰহাট
উঃ ক) ৰংপুৰ
১১। কামৰূপ জিলাৰ পশ্চিম সীমা কোন নদী আছিল?
ক) বৰনদী
খ) সোৱণশিৰি
গ) মানাহ
ঘ) কলং
উঃ গ) মানাহ
১২। দৰং জিলাৰ প্ৰথম ৰাজধানী কি আছিল?
ক) তেজপুৰ
খ) মঙ্গলদৈ
গ) নগাঁও
ঘ) বৰপেটা
উঃ খ) মঙ্গলদৈ
১৩। কাছাৰ জিলাৰ ৰাজধানী কি আছিল?
ক) কৰিমগঞ্জ
খ) হাইলাকান্দি
গ) শিলচৰ
ঘ) বদৰপুৰ
উঃ গ) শিলচৰ
১৪। তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?
ক) জয়ন্তীয়া
খ) মটক
গ) খাচী
ঘ) কাছাৰ
উঃ গ) খাচী
১৫। তিৰৎ সিঙে কেতিয়া বিদ্রোহ আৰম্ভ কৰিছিল?
ক) ১৮২৬
খ) ১৮২৭
গ) ১৮২৮
ঘ) ১৮৩০
উঃ গ) ১৮২৮
১৬। খাচী বিদ্রোহ কেতিয়ালৈ চলিছিল?
ক) ১৮৩১
খ) ১৮৩২
গ) ১৮৩৩
ঘ) ১৮৩৪
উঃ গ) ১৮৩৩
১৭। গোমধৰ কোঁৱৰ কাৰ পুত্ৰ আছিল?
ক) পুৰন্দৰ সিংহ
খ) ফেনা কোঁৱৰ
গ) ধনঞ্জয় বৰগোঁহাই
ঘ) লুকু ডেকা ফুকন
উঃ খ) ফেনা কোঁৱৰ
১৮। গোমধৰ কোঁৱৰৰ অন্যতম সহযোগী কোন আছিল?
ক) পিয়লি ফকন
খ) ৰাজেন্দ্ৰ সিংহ
গ) তুলাৰাম
ঘ) গোবিন্দচন্দ্র
উঃ ক) পিয়লি ফুকন
১৯। গোমধৰ কোঁৱৰক কোনে পৰাজিত কৰিছিল?
ক) জেনকিন্সে
খ) ডেভিদ স্কটে
গ) লেফটেনেন্ট ৰাডাফর্ডে
ঘ) ৰবাৰ্টচনে
উঃ গ) লেফটেনেন্ট ৰাডাফর্ডে
২০। গোমধৰ কোঁৱৰক কিমান বছৰৰ কাৰাদণ্ড দিয়া হৈছিল?
ক) ৫
খ) ৬
গ) ৭
ঘ) ৮
উঃ গ) ৭
২১। চিংফৌসকলৰ মুখীয়ালক কি বুলি কোৱা হৈছিল?
ক) চিয়েম
খ) গাম
গ) বৰফুকন
ঘ) সেনাপতি
উঃ খ) গাম
২২। চিংফৌ ৰাজ্য ক’ত অৱস্থিত আছিল?
ক) মানাহ আৰু বৰনদীৰ মাজত
খ) নদিহিং আৰু টেঙাপানীৰ মাজত
গ) কলং আৰু কপিলীৰ মাজত
ঘ) ধনশিৰি আৰু ডিক্ৰঙৰ মাজত
উঃ খ) নদিহিং আৰু টেঙাপানীৰ মাজত
২৩। জয়ন্তীয়া ৰাজ্য কেতিয়া ব্রিটিছসকলে দখল কৰিছিল?
ক) ১৮৩৩
খ) ১৮৩৪
গ) ১৮৩৫
ঘ) ১৮৩৬
উঃ গ) ১৮৩৫
২৪। জয়ন্তীয়া ৰাজ্যৰ ৰজা কোন আছিল?
ক) তিৰৎ সিং
খ) ৰাজেন্দ্ৰ সিংহ
গ) গোবিন্দচন্দ্র
ঘ) পুৰন্দৰ সিংহ
উঃ খ) ৰাজেন্দ্ৰ সিংহ
২৫। জয়ন্তীয়া ৰাজ্য দখলৰ পিছত ৰাজেন্দ্র সিংহক ক’লৈ নির্বাসন দিয়া হৈছিল?
ক) গুৱাহাটী
খ) শিৱসাগৰ
গ) কলিকতা
ঘ) চিলেট
উঃ ঘ) চিলেট
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A)ঃ ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ব্ৰিটিছ প্রশাসনৰ আৰম্ভণি হৈছিল।
কাৰণ (R): ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে মানসকলে অসমৰ ওপৰত থকা দাবী ত্যাগ কৰিছিল আৰু ব্ৰিটিছসকলে অসমৰ নিয়ন্ত্রণ লাভ কৰিছিল।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): ব্রিটিছ প্রশাসনে অসমত নতুন ৰাজহ আৰু প্রশাসনিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল।
কাৰণ (R)ঃ ব্ৰিটিছসকলে অসমৰ পৰা সম্পদ আহৰণ আৰু শাসন ব্যৱস্থা সুসংগঠিত কৰাৰ লক্ষ্য লৈছিল।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱাঃ
স্তম্ভ ‘ক’
(A) ইয়াণ্ডাবু সন্ধি
(B) ডেভিদ স্কট
(C) কাছাৰ
(D) অসম
স্তম্ভ ‘খ’
(i) উত্তৰ-পূব ভাৰতৰ ব্ৰিটিছ এজেন্ট
(ii) ১৮২৬ চনত ব্রিটিছ শাসনৰ অধীনলৈ আহে
(iii) মান যুদ্ধৰ অন্ত পেলোৱা সন্ধি
(iv) ক্রমে ব্ৰিটিছ শাসনৰ অন্তর্ভুক্ত হোৱা অঞ্চল
স্তম্ভ ‘খ’
(a) A-iii, B-i, C-iv, D-ii
(b) A-i, B-iii, C-ii, D-iv
(c) A-iv, B-ii, C-i, D-iii
(d) A-ii, B-iv, C-iii, D-i
উঃ (a) A-iii, B-i, C-iv, D-ii
