Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 9 Social Science MCQ Chapter 3 Solutions

By Rabbi Masrur

Published On:

SEBA নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ ইতিহাস বিষয়ৰ অধ্যায় ৩-ৰ SEBA Class 9 Social Science MCQ Chapter 3 Solutions গুৰুত্বপূৰ্ণ বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQ) ইয়াত সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। এই অধ্যয়ন সামগ্ৰীত অধ্যায়টোৰ মূল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু শুদ্ধ উত্তৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই MCQসমূহ অনুশীলন কৰি গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনা, তথ্য আৰু ধাৰণাসমূহৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব। নিয়মীয়া অনুশীলন আৰু পুনৰাবৃত্তিৰ জৰিয়তে পৰীক্ষাৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰিব।

SEBA Class 9 Social Science MCQ Chapter 3 Solutions

অধ্যায়-৩

মোৱামৰীয়া গণ বিদ্রোহ

অতি চমু প্রশ্নোত্তৰ (VSA)

১। মোৱামৰীয়াসকল কোন সত্ৰৰ শিষ্য আছিল?

উঃ মোৱামৰীয়াসকল মায়ামৰা সত্ৰৰ শিষ্য আছিল।

২। মোৱামৰীয়া বিদ্রোহ কিমান বছৰ ধৰি চলিছিল?

উঃ মোৱামৰীয়া বিদ্রোহ প্রায় ৩৬ বছৰ ধৰি চলিছিল।

৩। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক কোন ৰজাৰ সময়ত হত্যা কৰা হৈছিল?

উঃ চুৰুমফা ভগা ৰজাৰ সময়ত নিত্যানন্দদেৱক হত্যা কৰা হৈছিল।

৪। গদাধৰ সিংহই কিয় মোৱামৰীয়া সত্ৰসমূহৰ ওপৰত দমনমূলক নীতি গ্রহণ কৰিছিল?

উঃ তেওঁ মোৱামৰীয়া সত্ৰসমূহক সম্ভাব্য ৰাজনৈতিক প্রতিদ্বন্দ্বী বুলি সন্দেহ কৰিছিল।

৫। বৰৰজা ফুলেশ্বৰী কোন ধৰ্মৰ অনুগামী আছিল?

উঃ বৰৰজা ফুলেশ্বৰী শাক্ত ধৰ্মৰ অনুগামী আছিল।

৬। জয়ধ্বজ সিংহই কাৰ ওচৰত শৰণ লৈছিল?

উঃ জয়ধ্বজ সিংহই নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল।

৭। আহোমসকলৰ মুখ্য উপাস্য দেৱতা কোন আছিল?

উঃ আহোমসকলৰ মুখ্য ডপাস্য দেৱতা আছিল ছোমদেউ।

৮। পাইকসকল কিমানটা ভাগত বিভক্ত আছিল?

উঃ পাইকসকল দুটা ভাগত বিভত্ত আছিল।

৯। পাইকসকলৰ দুটা ভাগৰ নাম কি কি?

উঃ কাড়ী পাইক আৰু চমুৱা পাইক।

১০। কাড়ী পাইকসকলে কি সুবিধা লাভ কৰিছিল?

উঃ তেওঁলোকে খাজনাবিহীন ভূমি লাভ কৰিছিল।

১১। মোৱামৰীয়াসকলে ১৭৮৮ চনত কাক ৰজা পাতিছিল?

উঃ মোৱামৰীয়াসকলে ভৰত সিংহক ৰজা পাতিছিল।

১২। মোৱামৰীয়া নেতা ৰাঘৱ মৰাণক কোনে হত্যা কৰিছিল?

ডঃ আহোমসকলে ৰাঘৱ মৰাণক হত্যা কৰিছিল।

১৩। আহোম ৰজা গৌৰীনাথ সিংহই কাৰ সহায় বিচাৰিছিল?

উঃ তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰিছিল।

১৪। কেপ্তেইন ওৱেলছ কেতিয়া অসমলৈ আহিছিল?

উঃ কেপ্তেইন ওরেলছ ১৭৯২ চনত অসমলৈ আহিছিল।

১৫। কেপ্তেইন ওৱেলছৰ অসম অভিযানৰ এটা মুখ্য উদ্দেশ্য কি আছিল?

উঃ আহোম ৰজাক পুনৰ সিংহাসন ঘূৰাই পোৱাত সহায় কৰা।

১৬। কোন গৱৰ্ণৰ জেনেৰেলে কেপ্তেইন ওৱেলছক উভতি যাবলৈ নির্দেশ দিছিল?

উঃ ছাৰ জন ছোৰে উভতি যাবলৈ নির্দেশ দিছিল।

১৭। পূর্ণানন্দ বুঢ়াগোহাঁই কাৰ পুত্ৰ আছিল?

উঃ পূর্ণানন্দ বুঢ়াগোহাঁই ঘনশ্যাম বুঢ়াগোহাঞিৰ পুত্ৰ আছিল।

১৮। সর্বানন্দ কোন আছিল?

উঃ সর্বানন্দ এজন চিংফৌ নেতা আছিল।

১৯। ৰংপুৰ নগৰ কিহৰ বাবে বিখ্যাত?

উঃ ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়সাগৰ আৰু জয়দৌলৰ বাবে ৰংপুৰ নগৰ বিখ্যাত।

২০। ভৰত সিংহ কেতিয়া পুনৰ আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল?

উঃ ভৰত সিংহে ১৮০২ চনত পুনৰ বিদ্ৰোহ কৰিছিল।

বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)

১। মোৱামৰীয়াসকল কোন সত্ৰৰ শিষ্য আছিল?

(ক) আউনীআটী সত্র

(খ) দখিনপাট সত্র

(গ) মায়ামৰা সত্ৰ

(ঘ) গৰামূৰ সত্ৰ

উঃ (গ) মায়ামৰা সত্র

২। মোৱামৰীয়া বিদ্রোহ কেতিয়াৰ পৰা কেতিয়ালৈ চলিছিল?

(ক) ১৭৬৯-১৮০৫

(খ) ১৭৫০-১৭৮০

(গ) ১৭৮৮-১৮১০

(ঘ) ১৭৭০-১৮২৬

উঃ (ক) ১৭৬৯-১৮০৫

৩। মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্গত আছিল?

(ক) নিকা সংহতি

(খ) কাল সংহতি

(গ) ব্রহ্ম সংহতি

(ঘ) পুৰুষ সংহতি

উঃ (খ) কাল সংহতি

৪। মোৱামৰীয়া বিদ্রোহ কোন আহোম ৰজাৰ সময়ত আৰম্ভ হৈছিল?

(ক) শিৱসিংহ

(খ) গদাধৰ সিংহ

(গ) লক্ষ্মী সিংহ

(ঘ) কমলেশ্বৰ সিংহ

উঃ (গ) লক্ষ্মী সিংহ

৫। মোৱামৰীয়া বিদ্রোহ কোন ৰজাৰ সময়ত সমাপ্ত হৈছিল?

(ক) গৌৰীনাথ সিংহ

(খ) ৰাজেশ্বৰ সিংহ

(গ) শিৱসিংহ

(ঘ) কমলেশ্বৰ সিংহ

উঃ (ঘ) কমলেশ্বৰ সিংহ

৬। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক কোনে হত্যা কৰিছিল?

(ক) শিৱসিংহ

(খ) চুৰুমফা ভগা ৰজা

(গ) গৌৰীনাথ সিংহ

(ঘ) ৰাজেশ্বৰ সিংহ

উঃ (খ) চুৰুমফা ভগা ৰজা

৭। আহোমসকলৰ মুখ্য উপাস্য দেবতা কোন আছিল?

(ক) বিষুও

(খ) শিৱ

(গ) ছোমদেউ

(ঘ) কৃষ্ণ

উঃ (গ) ছোমদেউ

৮। জয়ধ্বজ সিংহই কাৰ ওচৰত শৰণ লৈছিল?

(ক) কেশৱ মহন্ত

(খ) চতুর্ভুজ মহন্ত

(গ) নিৰঞ্জন দেৱ

(ঘ) নিত্যানন্দদের

উঃ (গ) নিৰঞ্জন দেৱ

৯। ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল?

(ক) নিৰঞ্জন দেৱ

(খ) কেশৱ মহন্ত

(গ) নিত্যানন্দদের

(ঘ) চতুর্ভুজ মহন্ত

উঃ (খ) কেশৱ মহন্ত

১০। বৰৰজা ফুলেশ্বৰী কোন ধৰ্মৰ অনুগামী আছিল?

(ক) বৈষ্ণৱ

(খ) বৌদ্ধ

(গ) শাক্ত

(ঘ) জৈন

উঃ (গ) শাক্ত

১১। কৃষ্ণৰাম ভট্টাচাৰ্য পিছলৈ কি নামে পৰিচিত হৈছিল?

(ক) পর্বতীয়া গোসাঁই

(খ) মহন্তদের

(গ) নিৰঞ্জন দেৱ

(ঘ) কেশৱ মহন্ত

উঃ (ক) পর্বতীয়া গোসাঁই

১২। কৃষ্ণৰাম ভট্টাচাৰ্য কোন ঠাইৰ লোক আছিল?

(ক) মিথিলা

(খ) নবদ্বীপ

(গ) নদীয়া

(ঘ) কাশী

উঃ (গ) নদীয়া

১৩। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোম ৰাজধানী কোনখন আছিল?

(ক) গুৱাহাটী

(খ) যোৰহাট

(গ) শিৱসাগৰ

(ঘ) ৰংপুৰ

উঃ (ঘ) ৰংপুৰ

১৪। ১৭৮৮ চনত মোৱামৰীয়াসকলে কাক ৰজা পাতিছিল?

(ক) গৌৰীনাথ সিংহ

(খ) ভৰত সিংহ

(গ) সর্বানন্দ

(ঘ) ৰাঘৱ মৰাণ

উঃ (খ) ভৰত সিংহ

১৫। আহোম ৰজা গৌৰীনাথ সিংহই কাৰ সহায় বিচাৰিছিল?

(ক) মানসকলৰ

(খ) মটকসকলৰ

(গ) ইষ্ট ইণ্ডিয়া কোম্পানীৰ

(ঘ) চিংফৌসকলৰ

উঃ (গ) ইষ্ট ইন্ডিয়া কোম্পানীৰ

১৬। কেপ্তেইন ওৱেলছ কেতিয়া অসমলৈ আহিছিল?

(ক) ১৭৮৮ চনত

(খ) ১৭৯২ চনত

(গ) ১৮০২ চনত

(ঘ) ১৮২৬ চনত

উঃ (খ) ১৭৯২ চনত

১৭। কেপ্তেইন ওৱেলছক অসমৰ পৰা উভতি যাবলৈ কোনে নির্দেশ দিছিল?

(ক) লর্ড কর্ণৱালিছ

(খ) লর্ড হেষ্টিংছ

(গ) ছাৰ জন ছোৰ

(ঘ) লর্ড বেন্টিঙ্ক

উঃ (গ) ছাৰ জন ছোৰ

১৮। পূর্ণানন্দ বুঢ়াগোহাঁই কাৰ পুত্ৰ আছিল?

(ক) কীৰ্তিচন্দ্ৰ বৰবৰুৱা

(খ) ঘনশ্যাম বুঢ়াগোহাঁঞি

(গ) ৰূপচন্দ্ৰ বৰবৰুৱা

(ঘ) কৃষ্ণনাৰায়ণ

উঃ (খ) ঘনশ্যাম বুঢ়াগোহাঞি

১৯। পাইকসকল কিমান ভাগত বিভক্ত আছিল?

(ক) ২ ভাগত

(খ) ৩ ভাগত

(গ) ৪ ভাগত

(ঘ) ৫ ভাগত

উঃ (ক) ২ ভাগত

২০। কাড়ী পাইকসকলে কি কাম কৰিব লাগিছিল?

(ক) কেৱল সৈন্যসেৱা

(খ) ব্যৱসায়

(গ) ৰাজকৰ সংগ্ৰহ

(ঘ) গড়বন্ধা, পুখুৰী খন্দা আদি

উঃ (ঘ) গড়বন্ধা, পুখুৰী খন্দা আদি

২১। চমুৱা পাইকসকল কোন শ্ৰেণীৰ লোক আছিল?

(ক) নিম্ন শ্ৰেণীৰ

(খ) সম্ভ্রান্ত শ্ৰেণীৰ

(গ) বিদেশী

(ঘ) ভিক্ষুক

উঃ (খ) সম্ভ্রান্ত শ্ৰেণীৰ

২২। সর্বানন্দ কোন আছিল?

(ক) মৰাণ নেতা

(খ) আহোম ৰজা

(গ) চিংফৌ নেতা

(ঘ) বৰবৰুৱা

উঃ (গ) চিংফৌ নেতা

২৩। সৰ্বানন্দৰ অধীনত গঠিত ৰাজ্যখনৰ নাম কি?

(ক) আহোম ৰাজ্য

(খ) কছাৰী ৰাজ্য

(গ) মটক ৰাজ্য

(ঘ) জয়ন্তীয়া ৰাজ্য

উঃ (গ) মটক ৰাজ্য

২৪। ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্যিক চুক্তি কেতিয়া সম্পাদিত হৈছিল?

(ক) ১৭৮৮ চনত

(খ) ১৭৯০ চনত

(গ) ১৭৯৩ চনত

(ঘ) ১৮০২ চনত

উঃ (গ) ১৭৯৩ চনত

২৫। ভৰত সিংহে পুনৰ কেতিয়া আহোম ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল?

(ক) ১৭৯৩ চনত

(খ) ১৮০২ চনত

(গ) ১৮০৫ চনত

(ঘ) ১৮২৬ চনত

উঃ (খ) ১৮০২ চনত।

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A)ঃ মোৱামৰীয়া বিদ্রোহ আহোম শাসনৰ বিৰুদ্ধে সংঘটিত হোৱা এক গুৰুত্বপূৰ্ণ গণ বিদ্রোহ আছিল।

কাৰণ (R)ঃ আহোম শাসকসকলৰ অত্যাচাৰ আৰু বৈষম্যমূলক নীতিৰ ফলত মোৱামৰীয়াসকল অসন্তুষ্ট হৈছিল।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ

দাবী (A): মোৱামৰীয়া বিদ্রোহে আহোম ৰাজ্যৰ ভেটি দুৰ্বল কৰি তুলিছিল।

কাৰণ (R): বিদ্ৰোহৰ সময়ত আহোম ৰাজ্যৰ কোনো ক্ষতি হোৱা নাছিল আৰু শাসন ব্যৱস্থা সম্পূর্ণ অক্ষুণ্ণ আছিল।

(ক) (A) সত্য, কিন্তু (R) অসত্য

(খ) (A) অসত্য, কিন্তু (R) সত্য

(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা

(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়

উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য

প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱাঃ

স্তম্ভ ‘ক’

(A) নিত্যানন্দ

(B) ৰাঘৱ নেওগ

(C) লক্ষ্মী সিংহ

(D) মোৱামৰীয়া বিদ্রোহ

স্তম্ভ ‘খ’

(i) আহোম স্বৰ্গদেউ

(ii) মায়ামৰা বৈষ্ণৱ সম্প্ৰদায়ৰ গুৰু

(iii) আহোম ৰাজ্যৰ দুৰ্বলতাৰ অন্যতম কাৰণ

(iv) বিদ্ৰোহৰ অন্যতম নেতা

স্তম্ভ ‘খ’

(a) A-ii, B-iv, C-i, D-iii

(b) A-i, B-ii, C-iii, D-iv

(c) A-iv, B-iii, C-ii, D-i

(d) A-iii, B-i, C-iv, D-ii

উঃ (a) A-ii, B-iv, C-i, D-iii

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment