SEBA নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰথম খণ্ডৰ ইতিহাস (Part 1: History) বিষয়ৰ অধ্যায় ১-ৰ Class 9 Social Science MCQ Chapter 1 Solutions গুৰুত্বপূৰ্ণ বহুবিকল্পী প্ৰশ্নোত্তৰ (MCQ) ইয়াত সহজ অসমীয়া ভাষাত আগবঢ়োৱা হৈছে। এই অধ্যয়ন সামগ্ৰীত অধ্যায়টোৰ মূল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰি প্ৰয়োজনীয় প্ৰশ্ন আৰু শুদ্ধ উত্তৰসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে এই MCQসমূহ অনুশীলন কৰি পাঠটোৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ ভালদৰে বুজিব পাৰিব আৰু পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰিব। নিয়মীয়া অনুশীলন আৰু পুনৰাবৃত্তিৰ বাবে এই প্ৰশ্নোত্তৰসমূহ সহায়ক হ’ব।
SEBA Class 9 Social Science MCQ Chapter 1 Solutions
প্রথম খণ্ড: ইতিহাস
অধ্যায় -১
ভাৰতলৈ ইউৰোপীয়সকলৰ আগমন
অতি চমু প্রশ্নোত্তৰ (VSA)
১। ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰা প্রথম ব্যক্তিজন কোন আছিল?
উঃ ভাৰতীয় লোকসেৱাৰ পদবী লাভ কৰা প্ৰথম ব্যক্তি আছিল সত্যেন্দ্রনাথ ঠাকুৰ।
২। কিমান চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল?
উঃ পলাচীৰ যুদ্ধ ১৭৫৭ চনত সংঘটিত হৈছিল।
৩। কলিকতাত স্থাপন কৰা ইংৰাজৰ বাণিজ্য কেন্দ্ৰটোৰ নাম কি আছিল?
উঃ কলিকতাত স্থাপিত ইংৰাজসকলৰ বাণিজ্য কেন্দ্ৰটোৰ নাম আছিল ফ’র্ট উইলিয়াম।
৪। কেতিয়া ভাৰতবৰ্ষত দ্বৈত শাসন প্ৰৱৰ্তন কৰা হয়?
উঃ ভাৰতবৰ্ষত ১৭৬৫ চনত দ্বৈত শাসন প্ৰৱৰ্তন কৰা হৈছিল।
৫। মোগল সম্রাট ফাৰুকছিয়াৰক কোনে চিকিংসা কৰিছিল?
উঃ মোগল সম্রাট ফাৰুকছিয়াৰৰ চিকিৎসা ডাঃ হেমিলটনে কৰিছিল।
৬। কিমান চনত কনষ্টান্টিনোপল তুর্কী বাহিনীৰ হস্তগত হৈছিল?
উঃ কনষ্টান্টিনোপল ১৪৫৩ চনত তুর্কী বাহিনীৰ অধীনলৈ গৈছিল।
৭। লোকসেৱা পৰীক্ষাত অবতীর্ণ হোৱা প্ৰথমজন অসমীয়া কোন আছিল?
উঃ লোকসেৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰথম অসমীয়া আছিল পণ্ডিত আনন্দৰাম বৰুৱা।
৮। কোনজন ভাইচৰয়ৰ দিনত উডৰ শিক্ষা সংস্কাৰ আঁচনিখন ভাৰতত প্ৰৱৰ্তন কৰা হৈছিল?
উঃ উডৰ শিক্ষা সংস্কাৰ আঁচনি লর্ড কেনিঙৰ শাসনকালত ভাৰতত কাৰ্যকৰী কৰা হৈছিল।
৯।১৫৯৯চনত ইংলণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধপত্ৰ লৈ ভাৰতত উপস্থিত হোৱা ইংৰাজ নাবিকজন কোন আছিল?
উঃ ইংলণ্ডৰ ৰাণী এলিজাবেথৰ অনুৰোধপত্ৰ লৈ ভাৰতলৈ অহা ইংৰাজ নাবিকজন আছিল জেমছ মিলডেন হল।
১০। হকিন্সে কোনখন নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল?
উঃ হকিন্স তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল।
১১। কিমান চনত চিপাহী বিদ্রোহ সংঘটিত হৈছিল?
উঃ চিপাহী বিদ্রোহ ১৮৫৭ চনত সংঘটিত হৈছিল।
১২। ভাৰতবৰ্ষত কোনে স্বায়ত্ব শাসনৰ ভেটি নির্মাণ কৰিছিল?
উঃ ভাৰতত স্বায়ত্ব শাসনৰ ভেটি নিৰ্মাণ কৰিছিল লর্ড ৰিপনে।
১৩। ব্ৰিটিছ সংসদে ভাৰতীয় পৰিষদ আইনখন কেতিয়া প্রণয়ন কৰিছিল?
উঃ ব্রিটিছ সংসদে ১৮৬১ চনত ভাৰতীয় পৰিষদ আইন প্রণয়ন কৰিছিল।
১৪। ইংলণ্ডৰ কোনজন ৰজাই পৰ্টুগীজ ৰাজকন্যা বিয়া কৰাই বোম্বাই চহৰখন যৌতুক হিচাপে লাভ কি ৰছিল?
উঃ ইংলণ্ডৰ ৰজা দ্বিতীয় চার্লছে পর্তুগীজ ৰাজকন্যাক বিয়া কৰি বোম্বাই চহৰখন যৌতুক হিচাপে লাভকৰিছিল।
১৫। পর্তুগীজ নাবিক ভাস্ক’-ডা-গামাই কিমান চনত ভাৰতবৰ্ষত উপস্থিত হৈছিল?
উঃ ভাস্ক’-ডা-গামা ১৪৯৮ চনত ভাৰতবৰ্ষত উপস্থিত হৈছিল।
১৬। ভাৰত সচিবক সহায় কৰিবৰ কাৰণে কিমানজন সদস্যৰে পৰিষদ গঠন কৰা হৈছিল?
উঃ ভাৰত সচিবক সহায় কৰাৰ বাবে ১৫ জন সদস্যৰে এখন পৰিষদ গঠন কৰা হৈছিল।
১৭। লর্ড ডেলহাউচীৰ পিছত কোনে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয়?
উঃ লর্ড ডেলহাউচীৰ পিছত লর্ড কেনিঙে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ দায়িত্ব গ্রহণ কৰিছিল।
১৮। কেতিয়াৰ পৰা ‘বিত্তীয় বিকেন্দ্ৰীয়কৰণ ভাৰতবৰ্ষত কাৰ্যকৰী হয়?
উঃ ভাৰতবৰ্ষত ১৮৭০ চনৰ পৰা বিত্তীয় বিকেন্দ্ৰীকৰণ কাৰ্যকৰী কৰা হৈছিল।
১৯। কোন চনত পোনপ্রথমবাৰৰ বাবে কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল।
উঃ ১৮৩৫ চনত প্ৰথমবাৰৰ বাবে কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নাম আঁতৰোৱা হৈছিল।
২০। কিমান চনত চিপাহী বিদ্রাহ সংঘটিত হৈছিল?
উঃ চিপাহী বিদ্রোহ ১৮৫৭ চনত সংঘটিত হৈছিল।
বহুবিকল্পী প্রশ্নোত্তৰ (MCQ)
১। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পর্তুগীজ নাবিকজন কোন আছিল?
(ক) কলম্বাছ
(খ) ভাস্ক’-ডা-গামা
(গ) মেগেলান
(ঘ) কেপ্তেইন কুক
উঃ (খ) ভাস্ক’-ডা-গামা
২। ভাস্ক’-ডা-গামা কেতিয়া ভাৰতত উপস্থিত হৈছিল?
(ক) ১৪৫৩ চনত
(খ) ১৫২৬ চনত
(গ) ১৪৯৮ চনত
(ঘ) ১৬০০ চনত
উঃ (গ) ১৪৯৮ চনত
৩। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৫৯৯ চনত
(খ) ১৬০০ চনত
(গ) ১৬০৮ চনত
(ঘ) ১৬১৫ চনত
উঃ (খ) ১৬০০ চনত
৪। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী ক’ত গঠন হৈছিল?
(ক) চুৰাট
(খ) মাদ্রাজ
(গ) লণ্ডন
(ঘ) বোম্বাই
উঃ (গ) লণ্ডন
৫। ভাৰতত ইংৰাজসকলৰ প্ৰথম বাণিজ্য কেন্দ্ৰ ক’ত স্থাপন হৈছিল?
(ক) কলিকতা
(খ) বোম্বাই
(গ) মছলিপট্টম
(ঘ) দিল্লী
উঃ (গ) মছলিপট্টম
৬। মছলিপট্টমত ইংৰাজসকলৰ প্ৰথম বাণিজ্য কেন্দ্র কেতিয়া স্থাপন হৈছিল?
(ক) ১৬১১ চনত
(খ) ১৬৩৯ চনত
(গ) ১৬৬১ চনত
(ঘ) ১৬৯০ চনত
উঃ (ক) ১৬১১ চনত
৭। কেপ্তেইন উইলিয়াম হকিন্সে কাৰ দৰবাৰত বাণিজ্যিক সুবিধা লাভৰ চেষ্টা কৰিছিল?
(ক) আকবৰ
(খ) ঔৰংজেব
(গ) জাহাঙ্গীৰ
(ঘ) ফাৰুকছিয়াৰ
উঃ (গ) জাহাঙ্গীৰ
৮। ১৬১৫ চনত মোগল দৰবাৰলৈ অহা ইংৰাজ দূতজন কোন আছিল?
(ক) জন ছাৰমান
(খ) ৰবাৰ্ট ক্লাইব
(গ) টমাচ ৰ’
(ঘ) জব চার্ণক
উঃ (গ) টমাচ ৰ’
৯। মোগল সম্রাট ফাৰুকছিয়াৰক চিকিৎসা কৰি সুস্থ কৰা চিকিৎসকজন কোন আছিল?
(ক) ডাঃ কটন
(খ) ডাঃ হেমিলটন
(গ) ডাঃ বেন্টিং
(ঘ) ডাঃ ৰয়
উঃ (খ) ডাঃ হেমিলটন
১০। ফট উইলিয়াম ক’ত অৱস্থিত আছিল?
(ক) মাদ্রাজ
(খ) বোম্বাই
(গ) কলিকতা
(ঘ) আগ্রা
উঃ (গ) কলিকতা
১১। ফ’ৰ্ট চেন্ট জর্জ ক’ত স্থাপন কৰা হৈছিল?
(ক) মাদ্রাজ
(খ) দিল্লী
(গ) লাহোৰ
(ঘ) পাটনা
উঃ (ক) মাদ্রাজ
১২। বোম্বাই যৌতুক হিচাপে লাভ কৰা ইংলণ্ডৰ ৰজাজন কোন আছিল?
(ক) প্রথম জেমছ
(খ) দ্বিতীয় চার্লছ
(গ) তৃতীয় উইলিয়াম
(ঘ) অষ্টম হেনৰী
উঃ (খ) দ্বিতীয় চার্লছ
১৩। কলিকতাৰ ভেটি স্থাপনৰ সৈতে জড়িত কোম্পানীৰ বিষয়াজন কোন আছিল?
(ক) জব চার্ণক
(খ) হকিন্স
(গ) টমাচ ৰ’
(ঘ) ক্লাইব
উঃ (ক) জব চার্ণক
১৪। পলাশীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
(ক) ১৭১৫ চনত
(খ) ১৭৫৭ চনত
(গ) ১৭৬৫ চনত
(ঘ) ১৮৫৭ চনত
উঃ (খ) ১৭৫৭ চনত
১৫। পলাশীৰ যুদ্ধত চিৰাজউদ্দৌলাক কোনে পৰাস্ত কৰিছিল?
(ক) লর্ড ডেলহাউচি
(খ) লর্ড ৰিপন
(গ) ৰবাৰ্ট ক্লাইব
(ঘ) লর্ড কেনিং
উঃ (গ) ৰবাৰ্ট ক্লাইব
১৬। দ্বৈত শাসন ব্যৱস্থা ভাৰতত কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল?
(ক) ১৭৫৭ চনত
(খ) ১৭৬৫ চনত
(গ) ১৮৫৭ চনত
(ঘ) ১৮৬১ চনত
উঃ (খ) ১৭৬৫ চনত
১৭। চিপাহী বিদ্রোহ কেতিয়া সংঘটিত হৈছিল?
(ক) ১৮৩৫ চনত
(খ) ১৮৫৮ চনত
(গ) ১৮৫৭ চনত
(ঘ) ১৮৭০ চনত
উঃ (গ) ১৮৫৭ চনত
১৮। চিপাহী বিদ্রোহৰ তাৎক্ষণিক কাৰণ কি আছিল?
(ক) খাজনা বৃদ্ধি
(খ) স্বত্ববিলোপ নীতি
(গ) এনফিল্ড ৰাইফলৰ কার্টিজ
(ঘ) ইংৰাজী শিক্ষা
উঃ (গ) এনফিল্ড ৰাইফলৰ কার্টিজ
১৯। ‘স্বত্ববিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?
(ক) লর্ড কেনিং
(খ) লর্ড ৰিপন
(গ) লর্ড ডেলহাউচি
(ঘ) লর্ড কার্জন
উঃ (গ) লর্ড ডেলহাউচি
২০। ‘ভাৰত চৰকাৰ আইন’ কেতিয়া প্রণয়ন কৰা হৈছিল?
(ক) ১৮৫৮ চনত
(খ) ১৮৬১ চনত
(গ) ১৯০৯ চনত
(ঘ) ১৯১৯ চনত
উঃ (ক) ১৮৫৮ চনত
২১। ‘ভাৰত চৰকাৰ আইন, ১৮৫৮’ অনুসৰি গৱৰ্ণৰ জেনেৰেলক কি উপাধি দিয়া হৈছিল?
(ক) নবাব
(খ) ভাইচৰয
(গ) কমিচনাৰ
(ঘ) সচিব
উঃ (খ) ভাইচৰয়
২২। ভাৰতীয় পৰিষদ আইন কেতিয়া প্রণয়ন কৰা হৈছিল?
(ক) ১৮৫৮ চনত
(খ) ১৮৬১ চনত
(গ) ১৮৭০ চনত
(ঘ) ১৯৩৫ চনত
উঃ (খ) ১৮৬১ চনত
২৩। স্থানীয় স্বায়ত্ব শাসনৰ জনক বুলি কাক কোৱা হয়?
(ক) লর্ড কেনিং
(খ) লর্ড লিটন
(গ) লর্ড ৰিপন
(ঘ) লর্ড ডেলহাউচি
উঃ (গ) লর্ড ৰিপন
২৪। ভাৰতীয় লোকসেৱাত নিযুক্ত হোৱা প্ৰথম ভাৰতীয়জন কোন আছিল?
(ক) আনন্দৰাম বৰুৱা
(খ) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়
(গ) সত্যেন্দ্ৰনাথ ঠাকুৰ
(ঘ) ৰমেশ চন্দ্র দত্ত
উঃ (গ) সত্যেন্দ্ৰনাথ ঠাকুৰ
২৫। ভাৰতীয় পৰিষদ আইনৰ এটা উদ্দেশ্য কি আছিল?
(ক) ভাৰতক স্বাধীন কৰা
(খ) শিক্ষিত ভাৰতীয়সকলক প্ৰশাসনৰ লগত পৰিচয়
(গ) মোগল শাসন পুনৰ স্থাপন কৰা
(ঘ) দ্বৈত শাসন প্ৰৱৰ্তন কৰা
উঃ (খ) শিক্ষিত ভাৰতীয়সকলক প্ৰশাসনৰ সৈতে পৰিচয়।
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): ভাস্কো-দা-গামাই ১৪৯৮ চনত সমুদ্রপথত ভাৰতত উপস্থিত হৈছিল।
কাৰণ (R): তেওঁ কালিকট বন্দৰত উপস্থিত হৈ ভাৰতলৈ ইউৰোপীয়সকলৰ সমুদ্রপথত আগমনৰ পথ মুকলি কৰিছিল।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
প্রশ্নঃ তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত বাণিজ্যিক কেন্দ্ৰ স্বপন কৰিছিল।
কাৰণ (R): কোম্পানীটোৰ মূল উদ্দেশ্য আছিল ভাৰতত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰা।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
উঃ (ক) (A) সত্য, কিন্তু (R) অসত্য
প্রশ্নঃ তলত দিয়া স্তম্ভ ‘ক’ৰ লগত স্তম্ভ ‘খ’ মিলোৱাঃ
স্তম্ভ ‘ক’
(A) ভাস্কো-দা-গামা
(B) ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী
(C) ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী
(D) ডাচ ইষ্ট ইন্ডিয়া কোম্পানী
স্তম্ভ ‘খ’
(i) ১৬০২ চনত স্থাপিত
(ii) ১৬৬৪ চনত স্থাপিত
(iii) ১৬০০ চনত স্থাপিত
(iv) ১৪৯৮ চনত কালিকটত উপস্থিত
(a) A-iii, B-ii, C-i, D-iv
(b) A-iv, B-iii, C-ii, D-i
(c) A-i, B-iv, C-iii, D-ii
(d) A-ii, B-i, C-iv, D-iii
উঃ (b) A-iv, B-iii, C-ii, D-i
