Join WhatsApp

Join Now

Join Telegram

Join Now

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 Political Science Chapter 4 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 Political Science Chapter 4 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 Political Science Chapter 4 Solutions

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ Class 12 Political Science Chapter 4 Solutions

ক্ষমতাৰ বিকল্প কেন্দ্রস্থলসমূহ (ALTERNATIVE CENTRES OF POWER)

অধ্যায় -৪

১। অতি চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক – ১)

(ক) চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰ: মাও চে টুং।

(খ) ‘খোলা (মুক্ত) দুৱাৰৰ নীতি’ কি? H.S. ’16

উত্তৰ: ‘খোলা দুৱাৰ ‘বা মুক্ত দুৱাৰ’ হ’ল ১৯৭৮ চনত চীন দেশত ঘোষণা কৰা এক নীতি যি নীতিৰ উদ্দেশ্য হ’ল বিদেশৰ পৰা আমদনি কৰা মূলধন আৰু প্রযুক্তি বিদ্যা বিনিয়োগ কৰি উৎপাদনশীলতা বৃদ্ধি কৰা।

(গ) কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল?

উত্তৰ: ১৯৯৩ চনত একক বজাৰৰ সৃষ্টি কৰা হৈছিল।

(ঘ) কোন চনত ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীব গান্ধীয়ে চীন ভ্রমণ কৰিছিল?

উত্তৰ: ৰাজীৱ গান্ধীয়ে ১৯৮৮ চনত চীন ভ্রমণ কৰিছিল।

(ঙ) ইউৰোপীয় ইউনিয়নৰ মুদ্রা কি?

উত্তৰ: ইউৰো।

(চ) মার্শাল পৰিকল্পনা কি? H.S. ’13

উত্তৰ: ১৯৪৮ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ইউৰোপীয় অর্থনীতি পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সাহাৰ্য্য আগবঢ়োৱাৰ বাবে যি পৰিকল্পনা হাতত লৈছিল তাকে ‘মার্শাল পৰিকল্পনা’ বুলি কোৱা হয়।

(ছ) ‘বেংকক ঘোষণা পত্র’ কি?

উত্তৰ: ১৯৬৭ চনত ইণ্ডোনেচিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ডে বেংকক লগলাগি এক ঘোষণাপত্রত স্বাক্ষৰ কৰে, তাকে ‘বেংকক ঘোষণা-পত্র’ বোল।

(জ) কোন চনত ইউৰোপীয় পৰিষদ প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰ: ১৯৪৯ চনত।

(ঝ) চীন কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?

উত্তৰঃ ২০০১ চনত।

(ঞ) মিস্ট্রিখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ: ১৯৯২ চনত।

(ট) চীনৰ নিবনুৱা সমস্যাৰ বিষয়ে এটা বাক্যত লিখা।

উত্তৰ: জনসংখ্যা বৃদ্ধি চীনৰ নিবনুৱা সমস্যাৰ এক অন্যতম কাৰণ।

(ঠ) ১৯৭২ চনত চীনে কোনখন প্রধান ৰাষ্ট্ৰৰ সৈতে দ্বিপাক্ষিক সম্পর্ক স্থাপন কৰিছিল?

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে।

(ড) ১৯৫০ চনত চীনৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা কোন আছিল?

উত্তৰ: দালাই লামা।

(ঢ) কোন বছৰত ASEAN আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল?

উত্তৰ: ১৯৯৪ চনত।

(ণ) কোন চনত ARF প্রতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১৯৯৪ চনত।

(ত) ভাৰত ASEAN ৰ সদস্য হয়নে?

উত্তৰ: নহয়?

(থ) চাৰি আধুনিকীকৰণ বুলিলে কি বুজা?

উত্তৰ: ‘চাৰি আধুনিকীকৰণ’ বুলিলে উন্নয়নৰ চাৰিটা ক্ষেত্র যেনে- কৃষি, উদ্যোগ, ৰাষ্ট্ৰীয় প্রতিৰক্ষা আৰু বিজ্ঞান-প্রযুক্তিক বুজায়।

(দ) কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰঃ ১৯৬২ চনত।

(খ) ASEAN ৰ এখন প্রতিষ্ঠাপক সদস্য ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ: ফিলিপাইনছ।

(ন) মেকমোহন লাইনে কোন দুখন ৰাষ্ট্ৰক পৃথক কৰিছে?

উত্তৰ: ভাৰত আৰু চীন।

(প) SEZ ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: Special Economic Zone.

(থ) তলৰ কোনখন ৰাষ্ট্ৰ ইউৰোপীয়ান ইউনিয়নৰ সদস্যঃ

(১) ফ্রান্স

(২) বেলজিয়াম

(৩) ইটালি

(৪) আটাইকেইটা

উত্তৰ: (৪) আটাইকেইটা।

(ফ) ASEAN ৰ বৰ্তমান সদস্য সংখ্যা কেইখন?

উত্তৰ: ১০ খন।

(ভ) ASEAN কোন চনত গঠিত হৈছিল? H.S. ’18

উত্তৰ: ১৯৬৭ চনত।

(ব) চীনে মুক্ত দুৱাৰ নীতি গ্রহণকৰিছিল। (হয় নে নহয় লিখা) H.S. ’18

উত্তৰঃ হয়

(ম) আৰম্ভণিতে এছিয়ানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কেইখন আছিল? H.S. ’18 

উত্তৰঃ ৫ খন।

(ঘ) ইউৰোপীয় সংঘৰ প্ৰভাৱৰ দুটা ক্ষেত্র উল্লেখ কৰা। H.S. ’17 

উত্তৰঃ অর্থনৈতিক আৰু সামৰিক ক্ষেত্র।

(ব) ভাৰত আৰুচীনৰ মাজত হোৱা ১৯৬২ চনৰ সীমা বিবাদ মূলতঃ আৰু (খালী ঠাই পূৰণ কৰা) কলৈ হৈছিল? H.S. ’16 

উত্তৰঃ অৰুণাচল প্রদেশ আৰু লাডাখৰ আকচাই চীন।

(ব) আগ্রা শীর্ষ সম্মিলন ভাৰত আৰু পাকিস্থানৰ মাজত অনুষ্ঠিত হৈছিল। এই শীর্ষ সম্মিলনত অংশ গ্রহণ কৰা ভাৰতীয় প্রধানমন্ত্রীজনৰ নাম লিখা।

উত্তৰ: অটল বিহাৰী বাজেপেয়ী।

২। চমু প্রশ্নোত্তৰ (প্রত্যেকটোৰ মূল্যাংক- ২)

(ক) দুখন এছিয়ান ৰাষ্ট্ৰৰ নাম উল্লেখ কৰা যাৰ লগত ভাৰতে এফ. টি. এ. স্বাক্ষৰ কৰিছে। H.S. ’19

উত্তৰ: ভাৰতে এফ, টি, এ. স্বাক্ষৰ কৰা দুখন এছিয়ান ৰাষ্ট্ৰ নাম (১) থাইলেণ্ড আৰু (২) চিঙ্গাপুৰ।

(খ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় ইউনিয়নৰ পৰা থকা সদস্য ৰাষ্ট্ৰ দুটাৰ নাম লিখা।

উত্তৰ: বৃটেইন আৰু ফ্রান্স।

(গ) ইউৰোপীয় ইউনিয়নে এখন ৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আছেনে?

উত্তৰ: দেখা যায় ইউৰোপীয় ইউনিয়নে সময়ৰ লগে লগে এখন ৰাষ্ট্ৰৰ ভূমিকা পালন কৰি আছে। ইয়াৰ এখন নিজস্ব সংবিধান নাথাকিলেও, নিজৰ পতাকা, সংগীত, প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে। ইয়াৰ কিছু উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতিও আছে।

(ঘ) এচিয়া মহাদেশৰ দুখন শক্তিশালী দেশৰ নাম লিখা।

উত্তৰ: এচিয়া মহাদেশত থকা দুখন শক্তিশালী দেশ হ’ল চীন আৰু জাপান।

(ঙ) চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা আঁসোবাহ লিখা।

উত্তৰ: চীনৰ নতুন অর্থনৈতিক নীতিৰ দুটা আঁসোৱাহ হ’ল-

(খ) নিবনুৱা সমস্যা বৃদ্ধি আৰু

(চ) জনসাধাৰণৰ মাজত অর্থনৈতিক বৈষম্য বৃদ্ধি।

(চ) বৰ্তমান চীনৰ অৰ্থনীতি ইয়াৰ নিয়ন্ত্রিত অর্থনীতিৰ পৰা কিদৰে পৃথক?

উত্তৰ: (১) চীনৰ নিয়ন্ত্রিত অর্থনীতিত ব্যক্তিগত খণ্ডৰ ওপৰত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে চৰকাৰী খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। কিন্তু নতুন অর্থনীনৈতিক নীতিয়ে ব্যক্তিগত খণ্ডৰ ওৰত গুৰুত্ব দিছে।

(চ) নিয়ন্ত্রিত অর্থনীতিত বৈদেশিক বিনিয়োগক নিষিদ্ধকৰণৰ বিপৰীতে নতুন অর্থনৈতিক নীতিত বিভিন্ন খণ্ডত বৈদেশিক বিনিয়োগক অনুমতি প্রদান কৰা হৈছে।

(ছ) দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ইউৰোপত উদ্ভৱ হোৱা প্রধান প্রত্যাহ্বান সমূহ কি কি?

উত্তৰ: দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত উদ্ভৱ হোৱা প্রধান প্রত্যাহ্বানসমূহ হ’ল-

(১) দ্বিতীয় বিশ্ব যুদ্ধই ইউৰোপীয় দেশবোৰৰ মাজত একতা আৰু সংহতি বিনষ্ট কৰিছিল।

(চ) দ্বিতীয় বিশ্ব যুদ্ধই সমগ্র ইউৰোপৰ অৰ্থনীতি ৰুগ্ন কৰি পেলাইছিল।

(জ) নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলাৰ বিষয়ে চমুকৈ আলোচনা কৰা।

উত্তৰ: তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্বৰ অৰ্থনৈতিক আৰু বাণিজ্যিক পদ্ধতিৰ সংস্কাৰৰ উদ্দেশ্যে এক নতুন অর্থনৈতিক শৃঙ্খল গঢ়ি তোলাৰ প্রয়াসী আছিল। ৰাষ্ট্ৰসংঘই ১৯৭৪ চনত তৃতীয় বিশ্বৰ দেশসমূহৰ প্রয়াসক বাস্তবায়িত কৰিবলৈ এক নতুন অর্থনৈতিক শৃংখলৰ বিষয়ে ঘোষণা কৰে। ইয়াৰ উদ্দেশ্য আছিল-(১) সকলো ৰাষ্ট্ৰই নিজৰ উন্নয়নৰ অর্থে নিজৰ পছন্দ অনুযায়ী অর্থনৈতিক আৰু সামাজিক ব্যবস্থা গ্রহণ কৰিব পাৰিব।

(২) সকলো ৰাষ্ট্ৰই সমতাৰ ভিত্তিত বিশ্বৰ অর্থনৈতিক সমস্যা সমাধানত অংশ গ্রহণ কৰিব পাৰিব।

(৩) নিজৰ প্ৰাকৃতিক সম্পদ আৰু অর্থনৈতিক কাৰ্যাৱলীৰ ওপৰত প্ৰতিখন ৰাষ্ট্ৰৰ সাৰ্বভৌম অধিকাৰ থাকিব।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) ভাৰত আৰু চীনৰ মাজত বিবাদৰ চাৰিটা কাৰণ লিখা।

উত্তৰ: ভাৰত আৰু চীনৰ মাজত সময়ে সময়ে সৃষ্টি হোৱা বিবাদৰ কাৰণ হ’ল

(১) তিৰ্বতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা দালাই লামাক ভাৰতৰ আশ্রয়দান।

(২) ভাৰত আৰু চীনৰ মাজত থকা আন্তর্জাতিক সীমা বিবাদ।

(৩) ১৯৬১ আৰু ১৯৭১ চনত ভাৰত পাকিস্থান যুদ্ধৰ সময়ত চীনে পাকিস্থানক অস্ত্র-শস্ত্ৰৰ যোগান।

(৪) ১৯৯৮ চনত পাকিস্থানে সম্পূৰ্ণ কৰা পাৰমাণৱিক পৰীক্ষাত চীনৰ সহায়।

(খ) এছিয়ান গঠনৰ চাৰিটা কাৰণ লিখা।

উত্তৰ: ১৯৬৭ চনত দক্ষিণ-পূৱ এচিয়াৰ পাঁচখন ৰাষ্ট্ৰই এছিয়ান গঠন কৰে। ই গঠন হোৱাৰ চাৰিটা কাৰণ হ’ল-
(১) পশ্চিমীয়া পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাই ভিয়েটনামত হস্তক্ষেপ কৰি পুঁজিবাদ সম্প্ৰসাৰণ আৰু ভিয়েটনামত সংকট সৃষ্টি কৰা।

(২) ইন্দোনেচিয়া আৰু মালয়েছিয়াৰ মাজত থকা সংঘাত নিষ্পত্তি হোৱাত উদয় হোৱা ঐক্যভার।

(৩) বিভিন্ন কাৰণত কম্বোডিয়া, লাওচ আৰু মালয়েছিয়াত সৃষ্টি হোৱা ৰাজনৈতিক সংকট দূৰ কৰাৰ উদ্দেশ্যে ঐক্যবদ্ধ হোৱাৰ ব্যৱস্থা।

(৪) ইন্দোনেছিয়াৰ সামৰিক শাসনকর্তাই চীনদেশৰ প্ৰশাসনৰ প্রতি লোৱা কঠোৰ নীতি আৰু চীনা বিৰোধী মনোভাৱ।

(গ) ‘ইউৰোপীয় সংঘই অর্থনৈতিক সংস্থাৰ পৰিৱৰ্তে এটা ৰাজনৈতিক সংস্থা হিচাপে প্রকাশ কৰিছে’-ব্যাখ্যা কৰা।

উত্তৰ: ১৯৪৫ চনত ইউৰোপৰ ৰাষ্ট্ৰবোৰ অৰ্থনৈতিক বিপৰ্যৰ সন্মুখীন হৈছিল। আমেৰিকাই ‘মার্শ্বাল পৰিকল্পনা’ৰ অধীনত ইউৰোপীয় অর্থনীতিৰ পুনৰ উত্থানৰ বাবে প্ৰচুৰ বিত্তীয় সহায় আগবঢ়াইচিল। ১৯৪৮ চনত মার্শাল পৰিকল্পনাৰ অধীনত পশ্চিম ইউৰোপীয় ৰাষ্ট্ৰবোৰলৈ সাহাৰ্য প্রবাহৰ বাবে ইউৰোপীয় অর্থনৈতিক সহযোগিতা সংগঠন প্রতিষ্ঠা হয়। এনেদৰে বিশেষকৈ অর্থনৈতিক সংস্থা হিচাপে ১৯৯২ চনত ইউৰোপীয় সংঘ গঠন হয়। কিন্ত সময়ৰ লগে লগে ইউৰোপীয় সংঘই অর্থনৈতিক সংস্থাৰ পৰিৱৰ্তে নিজকে অধিক পৰিমাণে এটা ৰাজনৈতিক সংস্থা হিচাপেহে গঢ়ি তুলিব বিচাৰিছে। ইউৰোপীয় সংঘই ইয়াৰ বাবে এখন সংবিধান প্রস্তুত কৰিব নোৱাৰিলেও ইয়াৰ এখন নিজা পতাকা, সংগীত, প্রতিষ্ঠা দিৱস আৰু মুদ্রা আছে। আন ৰাষ্ট্ৰৰ লগত সম্পর্ক স্থাপনৰ ক্ষেত্ৰত ইয়াৰ কিছু পৰিমাণে উমৈহতীয়া বৈদেশিক আৰু প্ৰতিৰক্ষা নীতিও আছে।
সেয়ে দেখা যায় ইউৰোপীয় সংঘই এটি অর্থনৈতিক সংস্থাৰ পৰিৱৰ্তে এটা ৰাজনৈতিক সংস্থা হিচাপেহে আত্ম প্রকাশ কৰিছে।

(ঘ) এচিয়ান আঞ্চলিক-মঞ্চৰ সদস্যসমূহ কোন কোন?

উত্তৰ: এচিয়ানৰ আঞ্চলিক খণ্ড ১৯৯৪ চনত গঠন কৰা হৈছিল। এচিয়ানৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত নিৰাপত্তা আৰু বৈদেশিক নীতিৰ সমন্বয় সাধনৰ বাবে এই মঞ্চখন গঠন কৰিছিল। ইয়াৰ প্ৰতিষ্ঠাপক সদস্য ৰাষ্ট্ৰসমূহ আছিল ইন্দোনেচিয়া, মালয়েচিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। ইয়াৰ পিছত ব্রুনেই, ভিয়েটনাম, লাওচ, পি ডি আৰ, ম্যানমাৰ, কম্বোডিয়া ইয়াৰ সদস্য হয়।

(ঙ) অর্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান চমুকৈ আলোচনা কৰা। H.S. ’15

উত্তৰঃ চীন বিশ্বৰ পৰা ১৯৭৮ চনলৈকে সম্পূর্ণ আঁতৰত আছিল। ১৯৭৮ চনত চীনৰ নেতা মাও চে দঙে চীনৰ অৰ্থনৈতিক সংস্কাৰৰ বাবে ‘মুক্ত দ্বাৰ নীতি’ গ্রহণ কৰে। এই নীতি অনুসৰি বিদেশী ধন বিনিয়োগ আৰু ঔদ্যোগিক ক্ষেত্রত চীন দেশক মুক্ত কৰি দিয়া হয়। বিদেশী বিনিয়োগৰ বাবে তেতিয়া এই দেশ এক কেন্দ্রস্থলত পৰিণত হয়। চীনৰ এই মুক্ত দ্বাৰ নীতি দেশখনৰ বাবে এক আশীৰ্বাদ স্বৰূপ আছিল।
নতুন অর্থনৈতিক নীতিৰ বাবে চীন নিজৰ অৰ্থব্যৱস্থাক জড়তাৰ পৰা মুক্ত হোৱাৰ সুবিধা পায়। কৃষি খণ্ডৰ ব্যক্তিগতকৰণৰ বাবে কৃষি উৎপাদন তথা গ্রামীণ অর্থ ব্যৱস্থাৰ উন্নতি হয়। কৃষি আৰু উদ্যোগ দুয়ো ক্ষেত্রতে বর্তমান চীন বিশ্বৰ এক লেখতলবলগীয়া উন্নত দেশ।

(চ) আছিয়ান কি? আছিয়ানৰ স্তম্ভ তিনিটাৰ কি কি? H.S. ’17, ’19

উত্তৰঃ আছিয়ান হ’ল দক্ষিণ-পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ এক সংস্থা। ই ৰাছজ্জচনত বেংককত প্রতিষ্ঠা কৰা হৈছিল।
আছিয়ানে তিনিটা স্তম্ভ গঠন কৰিছে, সেয়াঃ

(ক) আছিয়ান নিৰাপত্তা পৰিষদ

(খ) আছিয়ান অর্থনৈতিক পৰিষদ

(গ) আছিয়ান সামাজিক-সাংস্কৃতিক পৰিষদ।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)

(ক) তিনিটা বিকল্প শক্তি কেন্দ্ৰৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ একক মহাশক্তিত পৰিণত হয়। এই একক শক্তিৰ বিকল্প হিচাপে আজিলৈকে কোনো এখন দেশ ওলাই আহিব পৰা নাই যদিও ইউৰোপী সংঘ, এচিয়ান ৰাষ্ট্ৰসমূহ আৰু চীনক ইয়াৰ বিকল্প শক্তি হিচাপে কিছুমান ৰাজনৈতিক বিশেষজ্ঞই ক’ব বিচাৰে।

ইউৰোপীয় সংঘ: ইউৰোপীয় সংঘ বর্তমান বিশ্বত আটাইতকৈ ধনী অর্থ ব্যৱস্থাৰ অধিকাৰী। ইউৰোপীয় সংঘৰ মুদ্রা ইউৰোই আমেৰিকাৰ ডলাৰৰ প্ৰভুত্বৰ ক্ষেত্ৰত বিপদাশংকাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ প্রভাব ওচৰ-চুবুৰীয়া দেশত পৰাৰ লগতে এচিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ ওপৰতো পৰিছে। ইউৰোপীয় সংঘৰ সম্মিলিত সামৰিক শক্তি বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ শক্তি। এই সংঘৰ প্ৰধান দুখন সদস্য বাষ্ট্র ব্রিটেইন আৰু ফ্রান্স- ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য।

এছিয়ান ৰাষ্ট্ৰসমূহ: দক্ষিণ পুর এচিয়াৰ ৰাষ্ট্ৰসমূহে ১৯৬৭ চনত এছিয়ান গঠন কৰে। এচিয়ান ৰাষ্ট্ৰবোৰে পাৰস্পৰিক সম্পৰ্ক ৰক্ষাৰ ববে অনানুষ্ঠানিক, সংঘাত বিহীন আৰু সহযোগিতাপূর্ণ এটা বিশেষ ধৰণৰ পন্থা অৱম্বন কৰি আহিছে। ২০০৩ চনত এছিয়ান নিৰাপত্তা গোষ্ঠী, এছিয়ান অর্থনৈতিক গোষ্ঠী আৰু এছিয়ান সামাজিক-সাংস্কৃতিক গোষ্ঠী এই তিনিটা স্তম্বক লৈ ইউৰোপীয় সংঘৰ পথেৰে অগ্ৰসৰ হৈছে। গতিকে ই এক শক্তিশালী ৰূপ ধাৰণ কৰি আছে আৰু সময়ত ই আমেৰিকাৰ এক বিকল্প শক্তি হিচাপে ওলাই আহিবও পাৰে।

চীন: বর্তমান চীন দেশৰ অর্থনৈতিক বিকাশ আৰু ঔদ্যোগিকৰণ অতি চমকপ্রদ। ই বিভিন্ন ৰাষ্ট্ৰৰ অর্থনৈতিক প্রগতিৰ ক্ষেত্ৰত মূল চালিকা শক্তিত পৰিণত ভৌগোলিক পৰিসৰ, জনসম্পদ, ৰাজনৈতিক ব্যৱস্থাৰ মাজত সমন্বয় সাধন কৰাৰ জৰিয়তে এচিয়াৰ অর্থনৈতিক হৈছে। ইয়াৰ অর্থনৈতিক প্রগতিৰ লগত অন্যান্য উপাদান যথা প্ৰভাৱ আদিৰ বাবে চীনক বিশ্ব ক্ষমতাৰ তৃতীয় বৈকল্পিক শক্তি হিচাপে গণ্য কৰিব পাৰি।

(খ) ভাৰত-চীন সম্পৰ্কৰ ওপৰত এটি টোকা লিখা।

উত্তৰ: অতীজৰে পৰা ভাৰত আৰু চীনৰ মাজত সম্পর্ক আছে। ভাৰতবৰ্ষই ইংৰাজৰ অধীনৰ পৰা স্বাধীনতা পোৱাৰ সময়ত দুয়োখন দেশে উন্নয়নশীল পৃথিৱীৰ বিশেষকৈ এছিয়াৰ ভৱিষ্যত গঢ় দিব বুলি আশা কৰা হৈছিল। ১৯৫৪ চনত ভাৰতে চীনৰ লগত ‘পঞ্চশীল নীতি’ত চহী কৰিছিল। এই চহীয়ে দুয়োখন দেশৰ মাজত সম্পর্ক বৃদ্ধি কৰিছিল যদিও সপ্তম দহকৰ পৰা ভাৰত আৰু চীনৰ মাজত সম্পৰ্কৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। চীন আৰু ভাৰতৰ সম্পৰ্কৰ অৱনতি ঘটাৰ কেইবাটাও কাৰণ আছে যেনে-

(১) তিৰ্বতৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা দালাই লামাক ভাৰতৰ আশ্রয়দান।

(২) ভাতৰ আৰু চীনৰ মাজত থকা আন্তর্জাতিক সীমা বিবাদ।

(৩) ১৯৬১ আৰু ১৯৭১ চনত ভাৰত পাকিস্থান যুদ্ধৰ সময়ত চীনে পাকিস্থানক অস্ত্র-শস্ত্ৰৰ যোগান।

(সাম্প্রতিক সময়ত চীন আৰু ভাৰতৰ মাজত সুসম্পর্ক গঢ়ি তোলাৰ বিশেষ প্রয়োজন আছে। এই দুয়োখন দেশৰ মাজত যদি সুসম্পর্ক স্থাপন হয় তেন্তে অনাগত দিনত দুয়োখন দেশে মিলি নিশ্চয় বিশ্ব শান্তি প্রতিষ্ঠাত

৪) ১৯৯৮ চনত পাকিস্থানে সম্পূৰ্ণ কৰা পাৰমাণৱিক পৰীক্ষাত চীনৰ সহায়।
বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব।

(গ) ইউৰোপীয় সংঘৰ প্ৰভাৱৰ ক্ষেত্ৰৰ বিষয়ে আলোচনা কৰা। H.S. ’16 

নাইবা

ইউৰোপীয় ইউনিয়নৰ ৰাজনৈতিক আৰু কূটনৈতিক প্রভাব পৰীক্ষা কৰা। H.S. ’20

উত্তৰঃ ১৯৯২ চনত গঠন হোৱা ইউৰোপীয় সংঘৰ প্ৰভাৱৰ ক্ষেত্ৰসমূহ প্রধানকৈ অর্থনৈতিক, ৰাজনৈতিক আৰু সামৰিক এই তিনিটা শিতানত আলোচনা কৰিব পাৰি। অর্থনৈতিক ক্ষেত্র: অর্থনৈতিক ক্ষেত্রত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰে ইমান দিনে বিশ্বত যি আধিপত্য বিস্তাৰ কৰিছিল তাক ইউৰোপীয় সংঘৰ উমৈহতীয়া মুদ্রা ‘ইউৰো’বে ভাবুকিৰ সৃষ্টি কৰিছে। তদুপৰি বিশ্ব বাণিজ্যত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈ ইউৰোপীয় সংঘই তিনিগুণ বেছি অংশ দখল কৰি আছে। ইউৰোপীয় সংঘৰ অৰ্থনৈতিক ক্ষমতা এতিয়া এছিয়া আৰু আফ্রিকাতো প্রভাব বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।

ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্র: ইউৰোপীয় সংঘই ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্রত বিশ্বত প্ৰভাৱ বিস্তাৰ কৰাত সক্ষম হৈছে। ইয়াৰ দুখন সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্রান্স ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য। ইয়াৰ বাবে ইউৰোপীয় সংঘই আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেতবোৰ নীতি বাষ্ট্রসংঘত বিৰোধ কৰাৰ সুযোগ গ্রহণ কৰিব পাৰিছে। ইউৰোপীয় সংঘই জোৰজবৰদন্তি বা সামৰিক শক্তি প্রয়োগ কৰাতকৈ যিকোনো সমস্যা কুটনৈতিক বা আলাপ-আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰিব বিচাৰে।

সামৰিক ক্ষেত্র: ইউৰোপীয় সংঘই সামৰিক শক্তিত বিশ্বৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিছে। ইউৰোপীয় সংঘৰ দুখন সদস্য ৰাষ্ট্ৰ বৃটেইন আৰু ফ্রান্স পাৰমাণৱিক অস্ত্ৰৰ অধিকাৰী দেশ। এই ৰাষ্ট্ৰ দুখনৰ প্রায় ৫৫০ টা পাৰমাণবিক ক্ষেপণাস্ত্র আছে। ইউৰোপীয় সংঘই মহাকাশ আৰু তথ্য প্রযুক্তি বিদ্যাত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। এনেদৰে ইউৰোপীয় সংঘই আন্তঃর্জাতিক সংস্থা হিচাপে বিশ্বৰ অর্থনীতি, ৰাজনীতি আৰু সামাজিক ক্ষেত্রত প্রভাবশালী স্থিতি ৰক্ষা কৰি আছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×