Join WhatsApp

Join Now

Join Telegram

Join Now

[AHSEC] Class 12 Political Science Chapter 3 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য Class 12 Political Science Chapter 3 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

Class 12 Political Science Chapter 3 Solutions

অধ্যায় – ৩ Class 12 Political Science Chapter 3 Solutions

আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য

(USA HEGEMONY IN INTERNATIONAL POLITICS)

অধ্যায় – ৩

১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ১)

(ক) ‘এক মেৰু ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰ: পৃথিৱীৰ প্ৰায়বোৰ ক্ষমতা আৰু প্রতিপত্তি যেতিয়া এটা কেন্দ্র বা এখন দেশত কেন্দ্রীভূত হৈ পৰে, তেতিয়া তাক এককেন্দ্রিক পদ্ধতি বা ‘এক মেৰু ব্যৱস্থা’ বুলি কোৱা হয়।

(খ) তলৰ উক্তিটো শুদ্ধ কৰাঃ

‘বিশ্ব আধিপত্যৰ শিপাডাল আছে প্রাচীন ৰোমত।’

উত্তৰ: বিশ্ব আধিপত্যৰ শিপাডাল আছে প্রাচীন গ্রীচত।

(গ) ‘নমনীয় শক্তি’ কি?

উত্তৰ: এখন ৰাষ্ট্ৰই নিজৰ আদর্শ তথা চিন্তাধাৰাৰ প্ৰভাৱৰ দ্বাৰা অন্যান্য ৰাষ্ট্ৰৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হোৱাকে ‘নমনীয় শক্তি’ বোলে।

(ঘ) ‘কঠিন শক্তি’ কি?

উত্তৰ: অস্ত্র-শস্ত্ৰৰে সুসজ্জিত তথা সুগঠিত সামৰিক বাহিনীৰ সমৰ্থতাকে ‘কঠিন শক্তি’ বোলে।

(ঙ) ‘অপাৰেশ্যন ডেজার্ট স্ট্রম’ কি?

উত্তৰ: কুবেটক ইৰাকৰ কৱলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যে ১৯৯১ চনত ৬৬০,০০০ সৈনিকেৰে গঠিত ৩৪ খন ৰাষ্ট্ৰৰ সম্মিলিত গোট এটাই ইৰাকৰ বিৰুদ্ধে চলোৱা অভিযানক “অপাৰেচন ডেজার্ট স্ট্রম’ বা ‘মৰুভূমিৰ ধুমুহা অভিযান’ বুলি কোৱা হয়।

(চ) গঠনমূলক শক্তি হিচাপে আধিপত্যৰ এটি উদাহৰণ দিয়া।

উত্তৰ: যোগাযোগৰ বাবে সাগৰীয় পথ।

(ছ) কোনে কাৰ বিৰুদ্ধে ‘অপাৰেশ্যন এনডিউৰিং ফ্রিডম’ পৰিচালনা কৰিছিল?

উত্তৰ: আমেৰিকাই সন্ত্রাসবাদৰ বিৰুদ্ধে বিশেষকৈ আফগানিস্থানৰ তালিবানসকল আৰু ‘অল- কায়দা’ সংগঠনটোৰ বিৰুদ্ধে ‘অপাৰেশ্যন এনডিউৰিং ফ্রিডম’ পৰিচালনা কৰিছিল।

(জ) গোলকীয় ৰাজহুৱা পণ্যৰ এটি উদাহৰণ দিয়া।

উত্তৰ: ইন্টাৰনেট।

(ঝ) গোলকীয় গাওঁ কি?

উত্তৰ: গোলকীয় গাওঁ বুলিলে তথ্য-প্রযুক্তি আৰু সংযোগ ব্যৱস্থাৰ দ্বাৰা সংকুচিত হোৱা বৰ্তমানৰ বিশ্বখনক বুজায়।

(ঞ) ১৮৮১ চনত মার্কিন যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠা কৰা প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম কি?

উত্তৰ: হার্টন স্কুল।

(ট) মার্কিন যুক্তৰাষ্ট্ৰত কেতিয়া প্রথম এম বি এ পাঠ্যক্রম প্রবর্তন কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

(ঠ) প্রথম উপসাগৰীয় যুদ্ধৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰ: জর্জ এইচ ভব্লিউ বুশ।

(ড) কোন চনত মার্কিন সামৰিক গবেষণা প্রকল্প আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

(ঢ) কেতিয়াৰ পৰা আন্তর্জাতিক প্রেক্ষাপটত আমেৰিকাৰ আধিপত্য আৰম্ভ হৈছিল?

উত্তৰ: ১৯৯১ চনত।

(ণ) সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰসংগত ‘৯/১১’ কি সুচায়? H.S. ’19, ’20

উত্তৰ: ‘৯/১১’ য়ে ২০০১ চনৰ ১১ চেপ্তেম্বৰত আৰবীয় বিশ্ব (আলকায়দা সংগঠন)ৰ ১৯ জন অপহৰণকাৰীয়ে চাৰিখন বিমান অপহৰণ কৰি নিউয়র্ক চহৰৰ কেইটামান অতি গুৰুত্বপূর্ণ কেন্দ্রত আত্মঘাতী আক্রমণ চলোৱা ঘটনাকে বুজায়। এই আক্রমণত প্রায় ৩,০০০ লোকৰ প্রাণ হানি হয়। এই ঘটনাটোরে বিশ্ব ৰাজনীতিত এক বিরূপ প্রভাব পেলায়। আমেৰিকাই সন্ত্রাসবাদ দমনৰ বাবে উঠি পৰি লাগে আৰু ‘আল কায়দা’ সংগঠনৰ ভেটি স্বৰূপ আফগানিস্থানত অবিৰাম বোমা বর্ষণ কৰি বিধ্বস্ত কৰে আৰু বহুতো লোকক আটক কৰে।

(ত) ‘৯/১১’ আক্রমণত কিমান লোকৰ মৃত্যু হৈছিল?

উত্তৰঃ ৩,০০০ জন।

(থ) ‘অল-কাইদা’ কি?

উত্তৰ: ‘অল- কাইদা’ হ’ল আফগানিস্থিত এটা সন্ত্রাসবাদী সংগঠন। এই সংগঠনটোৱে ২০০১ চনৰ ১১ চেপ্তেম্বত আমেৰিকাত বিমানেৰে আক্ৰমণ চলাই প্রায় ৩,০০০ জন লোকৰ মৃত্যু ঘটাইছিল।।

(দ) সাম্প্রতিক বিশ্ব ৰাজনীতিত ‘এক ধ্রুবী’ বা এক মেৰু’য়ে কি সুচায়?

উত্তৰ: সাম্প্রতিক বিশ্বত আমেৰিকা যুক্তৰাষ্ট্ৰই একচেতীয়া আধিপত্য বিস্তাৰ কৰিছে ইয়াকে ‘এক ধ্রুবী’ বা ‘এক মেৰু’ বোলা হয়।

(ধ) NATO ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: North Atlantic Treaty Organisation.

(ন) প্রথম ইউৰোপীয় যুদ্ধক ‘মৰুভূমি ধুমুহা অভিযান’ বুলিও জনা যায়। (হয়নে নহয় লিখা) H.S. ’19

উত্তৰঃ হয়।

(প) ১৯৮৫ চনত ছোভিয়েট ইউনিয়নত য়ে সংস্কাৰ সাধন কৰিছিল। (খালী ঠাই পূৰণ কৰা।) H.S. ’19

উত্তৰ: মিখাইল গর্বাচেভে।

(ফ) ‘কিমান চনত ইৰাকে করেইট আক্ৰমণ কৰিছিল? H.S. ’20

উত্তৰঃ ১৯৯০ চনত।

(ব) ‘মৰুভূমি ধুমুহা অভিযান’ মানে কি? H.S. ’20

উত্তৰ: ১৯৯০ চনত ৰাষ্ট্ৰসংঘই ইৰাকৰ বিৰুদ্ধে কৰা সামৰিক অভিযানক ‘মৰুভূমিৰ ধুমুহা অভিযান’ বুলি কোৱা হয়।

২। চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ২)

(ক) ‘অপাৰেচন ইনফিনিট বীচ্চ’ (অসীম প্রসাৰিত অভিযান) বুলিলে কি বুজা?

উত্তৰ: ‘অল-কাইদা’ নামৰ সন্ত্রাসী সংগঠনটোৱে এবাৰ নাইৰোবি আৰু তানজানিয়াৰ ডাৰ-ই-চালামত থকা আমেৰিকাৰ দূতাবাসত বোমা বর্ষণ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাপে সেই সময়ৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টনে চুডান আৰু আফগানিস্থানত থকা অল-কাইদাৰ ঘাটিবোৰত নিৰৱচ্ছিন্নভাবে মিছাইল নিক্ষেপ কৰাৰ বাবে নির্দেশ দিছিল। এই অভিযানটোকে অপাৰেচন ইনফিনিট বীচ্চ অর্থাৎ ‘অসীম প্ৰসাৰিত অভিযান’ বুলি কোৱা হয়।

(খ) আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিন্টনে গুৰুত্ব দিয়া নমনীয় বিষয় দুটা উল্লেখ কৰা।

উত্তৰ: বিল ক্লিন্টনে গুৰুত্ব দিয়া নমনীয় বিষয় দুটা হ’ল-

এক, গণতন্ত্র প্রতিষ্ঠা

দুই, বিশ্ব বাণিজ্য।

(গ) ‘অল-কাইদাৰ’ নেতা ওচামা- বিন-লাডেনক কেতিয়া ক’ত হত্যা কৰা হৈছিল?

উত্তৰ: ২০১১ চনত ২ মেত মার্কিন নৌসেনাই অল-কাইদাৰ নেতা ওচামা-বি- লাডেনক পাকিস্থানৰ ওবাটাবাদত হত্যা কৰিছিল।

(ঘ) বিশ্ব ৰাজনীতিৰ প্রাধান্য বা আধিপত্য কেইটা আৰু কি কি অৰ্থত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়?

উত্তৰঃ বিশ্ব বাজনীতিত প্রাধান্য বা আধিপত্য তিনিটা অৰ্থত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা যায়, যথা

এক, কঠোৰ বা নির্মম ক্ষমতা হিচাপে।

দুই, গঠনাত্মক ক্ষমতা হিচাপে আৰু

তিনি, নমনীয় ক্ষমতা হিচাপে।

(ঙ) ‘সফল অভিযানৰ কৌশল’ মানে কি?

উত্তৰ: আধিপত্যসূচক প্ৰভাৱ বিস্তাৰ কৰাৰ সুযোগ গ্রহণ কৰিবলৈ হ’লে আন ৰাষ্ট্ৰৰ আধিপত্যসূচক প্রভাৱক বিৰোধ কৰাতকৈ নিজৰ দেশৰ উৎপাদন বৃদ্ধি কৰি বাণিজ্য সম্প্ৰসাৰণ, প্রযুক্তি বিদ্যাৰ উন্নতি আৰু আন ৰাষ্ট্ৰত অর্থ বিনিয়োগ কৰিব লাগে। ইয়াকে ‘সফল অভিযান কৌশল’ (বেগুওৱাগন) বুলি কোৱা হয়।

(চ) ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ দিয়া।

উত্তৰ: ৰাজহুৱা পণ্যৰ দুটা উদাহৰণ হ’ল-

এক, যোগাযোগৰ বাবে সাগৰীয় পথ

দুই, ইন্টাৰনেট।

(ছ) মার্কিন আধিপত্যৰ দুটা ফচল উল্লেখ কৰা।

উত্তৰ: মার্কিন আধিপত্যৰ দুটা ফচল হ’ল-

এক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি।

দুই, বিশ্ব বাণিজ্য সংস্থা।

(জ) Purchasing Power Parity (PPP) কি বুজায়?

উত্তৰ: Purchasing Power Parity (PPP) য়ে দুখন দেশৰ প্ৰচলিত মুদ্রা অনুপাতে দ্রব্য ক্রয়-বিক্ৰয়ৰ অনুপাত আৰু অধিকাৰক বুজায়।

(ছ) ‘সহজ ক্ষমতা হিচাপে আধিপত্য’ কি?

উত্তৰ: বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক আৰু অর্থনৈতিক ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰাৰ উপৰিও আদর্শগত আৰু সাংস্কৃতিক ক্ষেত্রতো আধিপত্য বিস্তাৰ কৰিছে। এনেদৰে সাংস্কৃতিক ক্ষেত্ৰত অর্থাৎ আচৰণ, পোছাক-পৰিচ্ছদ, জীৱন শৈলী আদিৰ দ্বাৰা আনক প্ৰভাৱ পেলাব পৰাকেই ‘সহজ ক্ষমতা হিচাপে আধিপত্য’ বুলি কোৱা হয়।

(জ) আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য কেতিয়া আৰু কিয় আৰম্ভ হৈছিল?

উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে আৰম্ভহৈছিল।

৩। মজলীয়া দৈৰ্ঘৰ প্ৰপ্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) ‘গুৱান্টামাম বে’ কি? ইয়াৰ তাৎপর্য লিখা।

উত্তৰ: ‘গুৱান্টামাম বে’ হ’ল কিউবাৰ এটি নৌঘাটি। যুক্তৰাষ্ট্ৰৰ ‘৯/১১’ ৰ সন্ত্রাসবাদী আক্রমণটোৰ প্রত্যুত্তৰ আছিল অতি দ্রুত আৰু নিষ্ঠুৰ। আমেৰিকাই এই আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে গোটেই পৃথিৱীৰ সন্দেযুক্ত সন্ত্রাসবাদীসকলক আটক আৰু দেশান্তৰিত কৰি জেলত ভৰাইছিল। ইয়াৰ কিছুমানক কিউবাৰ গুৱান্টানাম নৌ ঘাটিত ৰাখিছিল। এই বন্দীসকল অতি দুর্দশাগ্রস্ত অৱস্থাত ৰখা হৈছিল।

যেনে

সিহঁতে আন্তর্জাতিক আইনৰ পৰা কোনো ধৰণৰ ৰক্ষণাবেক্ষণ পোৱা নাছিল।

ৰাষ্ট্ৰসংঘৰ প্রতিনিধিসকলকো এওঁলোকক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল।

(খ) মার্কিন যুক্তৰাষ্ট্ৰই কিয় ইৰাক আক্ৰমণ কৰিছিল?

উত্তৰ: ২০০৩ চনৰ ৩ মাৰ্চত আমেৰিকাই ইৰাকৰ বিৰুদ্ধে সামৰিক অভিযান আৰম্ভ কৰিছিল। আমেৰিকাৰ এই অভিযান ৰাষ্ট্ৰসংঘই অনুমতি দিয়া নাছিল যদিও আমেৰিকাৰ নেতৃত্বত অন্যান্য চল্লিশখনতকৈ অধিক ৰাষ্ট্ৰৰ সমর্থনত আমেৰিকাই এই আক্রমণ চলাইছিল। আমেৰিকাই ইৰাকৰ বিধ্বংসী অস্ত্র বিকাশত বাধা প্রদান কৰিবলৈ এই আক্রমণ কৰিছিল বুলি কোৱা হৈছিল যদিও ইয়াৰ প্রধান উদ্দেশ্য আছিল ইৰাকৰ তৈল ক্ষেত্ৰসমূহ দখল কৰা আৰু ইৰাকৰ ওপৰত ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰা।

(গ) সমসাময়িক কালত আমেৰিকাৰ আধিপত্য বুলিলে কি বুজা? আমেৰিকাৰ আধিপত্যৰ দুটা প্রত্যাহ্বান উল্লেখ কৰা।

উত্তৰ: সমসাময়িক কালত আমেৰিকাৰ আধিপত্যই বিশ্ব ৰাজনীতিত আমেৰিকাৰ প্ৰভাৱৰ কথাকেই বুজায়।
আমেৰিকাৰ আধিপত্যৰ দুটা প্রত্যহ্বান হ’ল-

এক, সংবিধানে আমেৰিকাৰ কাৰ্যপালিকা, আইন বিভাগ আৰু ন্যায় পালিকাক স্বতন্ত্ৰ কৰি দিয়াৰ লগতে এটা বিভাগে আনটো বিভাগক নিয়ন্ত্রণ আৰোপ কৰিব পাৰে। এই পৰিপ্ৰেক্ষিতত কোনো সময়ত কার্যপালিকাই গ্রহণ কৰা সিদ্ধান্তৰ ওপৰত আইন বিভাগে বাধা আৰোপ কৰিব পাৰে।

দুই, আমেৰিকাৰ গণমাধ্যমে দেশৰ আভ্যন্তৰীণ নীতিৰ ওপৰত জনমত গঠন কৰি আমেৰিকাৰ কাৰ্য-পালিকাৰ আধিপত্যসূচক কাম-কাজ নিয়ন্ত্ৰণ কৰিব পাৰে।

(ঘ) আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পর্ক চমুকৈ লিখা। H.S. ’16, ’18 

নাইবা

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ শেহতীয়া ধাৰাৰ বিষয়ে আলোচনা কৰা। H.S. ’20

উত্তৰ: আমেৰিকা আৰু ভাৰতৰ মাজৰ সম্পর্ক অতি ভাল বা অতি বেয়া বুলিও ক’ব নোৱাৰি। দুয়োৰে মাজত কিছুমান বিৰোধী বিষয় আৰু কিছুমান সহযোগিতাৰ বিষয়ো আছে।

ইয়াৰ সহযোগিতাৰ বিষয়সমূহ প্রধানকৈ ব্যৱসায়িক আৰু অর্থনৈতিক, যেনে-

এক, ভাৰতবৰ্ষই ছফটৱেৰ খণ্ডত ৰপ্তানি কৰা শতকৰা ৬৫ ভাগ আমেৰিকা যুক্তৰাষ্ট্ৰই লয়।

দুই, বোয়িংৰ শতকৰা ৩৫ ভাগ কাৰিকৰী কৰ্মচাৰী হ’ল ভাৰতীয় মূলৰ।

তিনি, চিলিকন উপত্যকাত তিনি লাখ ভাৰতীয়ই কাম কৰে।

চাৰি, শতকৰা ১৫ ভাগ উচ্চ প্রযুক্তি ভাৰতীয় আৰু আমেৰিকাৰ দ্বাৰা পৰিচালিত হয়। আমেৰিকা আৰু ভাৰতৰ মাজত বিৰোধৰ বিষয়সমূহ হ’ল- এক, আমেৰিকাই ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিক ভাল চকুৰে নাচায়। দুই, পাকিস্থানৰ প্রতি আমেৰিকাৰ বন্ধুত্বপূর্ণ ব্যৱহাৰত ভাৰতে সন্দেহৰ চকুৰে চায়। সম্প্রতি নৰেন্দ্ৰ মোডি চৰকাৰৰ দিনত আমেৰিকা আৰু ভাৰতৰ মাজত সম্পৰ্ক অধিক উন্নত হোৱা বুলি ক’ব পাৰি। ইয়াৰ কাৰণ পাকিস্থানে চীনৰ লগত কৰা বন্ধুত্বপূর্ণ সম্পর্ক আৰু জম্মু আৰু কাশ্মীৰ বিষয় লৈ ভাৰতৰ লগত পাকিস্থানৰ লগত হৈ থকা মনোমালিন্য তথা সংঘাত।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

(ক) আধিপত্যৰ বিভিন্ন প্রকাৰ উল্লেখ কৰা। প্রত্যেকটোৰ উদাহৰণ দিয়া।

উত্তৰ: আধিপত্য চাৰি প্ৰকাৰৰ হ’ব পাৰে, যেনে (১) সামৰিক আধিপত্য (২) অর্থনৈতিক আধিপত্য, (৩) ৰাজনৈতিক আধিপত্য আৰু (৪) সাংস্কৃতিক আধিপত্য। এই চাৰিটা আধিপত্য আকৌ তিনিটা অর্থত প্রয়োগ হোৱা দেখিবলৈ পোৱা যায়।

যেনে-

(ক) কঠোৰ বা নিৰ্মম আধিপত্য: বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক একাধিপত্যৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্রহণ কৰিছে। এই ক্ষেত্ৰত সামৰিক আধিপত্যই পৃথিৱীৰ যিকোনো ঠাইত সঠিক সময়ত শত্রুপক্ষক আঘাত কৰিব পাৰে। উদাহৰণস্বৰূপে আমেৰিকাৰ ইৰাক আক্ৰমণত ব্যৱহাৰ কৰা চেইন বোমাৰ বর্ষণ।

(খ) গাঁথনিক আধিপত্য: আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্ব অর্থনীতিত নিজৰ প্রভাৱ খটুৱাবলৈ শৃঙ্খলাবদ্ধ আৰু নির্দিষ্ট বিধি তৈয়াৰ কৰিছে। উদাহৰণ- আমেৰিকাই মুক্ত অর্থনীতিৰ পৃষ্ঠপোষকতা কৰিছে।

(গ) নৰম শক্তি হিচাপে আধিপত্য: বিশ্বত কোনো এখন ৰাষ্ট্ৰৰ সামাজিক, ৰাজনৈতিক, বিশেষকৈ বিচাৰধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত অন্যান্য ৰাষ্ট্ৰৰ ওপৰত নিজৰ প্ৰভাৱশালী ক্ষমতা কাৰ্যকৰী কৰা। উদাহৰণ স্বৰূপে শীতল যুদ্ধৰ কালছোৱাত আমেৰিকাৰ প্রতিদ্বন্দ্বী দেশ ৰাছিয়াত এযোৰ ‘ব্লু জিনচ’ বিদেশী অতিথিসকলৰ পৰা ক্ৰয় কৰিবৰ বাবে এজন আমেৰিকাই নিজৰ গোটেই বছৰৰ দৰ্মহা খৰচ কৰিবলৈয়ো কুণ্ঠাবোধ কৰা নাছিল।

(খ) ‘আমেৰিকাৰ আধিপত্যৰ সৰ্ববৃহৎ প্রতিবন্ধকতাটো ইয়াৰ আধিপত্যৰ অভ্যন্তৰতেই আছে’-আমেৰিকাৰ ক্ষমতাৰ তিনিটা প্রতিবন্ধক চিনাক্ত কৰা। H.S. ’16

নাইবা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্রাধান্য বা আধিপত্যৰ ক্ষেত্ৰত প্রতিবন্ধকতামূহৰ বিষয়ে আলোচনা কৰা। H.S. ’20

নাইবা

মার্কিন আধিপত্যৰ ওপৰত থকা দুটা প্রতিবন্ধকতা লিখা।

উত্তৰ: আমেৰিকাই সমগ্র বিশ্বত আধিপত্য বিস্তাৰ কৰিছে যদিও ইয়াৰ আধিপত্য বিস্তাৰত প্রতিবন্ধক নথকাও নহয়। ইয়াৰ আধিপত্যৰ বাটত দেখা দিব পৰা প্রতিবন্ধক তিনিট হ’ল-

(১) আমেৰিকাৰ শক্তি প্রয়োগৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব পৰা এটি আন্তর্জাতিক সীমাবদ্ধতা হ’ল নাটো (NATO)। এই ক্ষেত্ৰত আমেৰিকাই এই সংগঠনটোৰ সদস্যসকলক সন্তুষ্ট কৰি ৰাখিব বিচাৰে যদিও সংগঠনটোৰ দেশসমূহে প্রয়োজনত ভাবুকিৰ দ্বাৰা আমেৰিকাক নিয়ন্ত্রণ কৰিব পাৰে।

(২) সংবিধানে আমেৰিকাৰ কাৰ্যপালিকা, আইন বিভাগ আৰু ন্যায় পালিকাক স্বতন্ত্ৰ কৰি দিয়াৰ লগতে এটা বিভাগে আনটো বিভাগক নিয়ন্ত্রণ আৰোপ কৰিব পাৰে। এই পৰিপ্ৰেক্ষিতত কোনো সময়ত কার্যপালিকাই গ্রহণ কৰা সিদ্ধান্তৰ ওপৰত আইন বিভাগে বাধা আৰোপ কৰিব পাৰে।

(৩) আমেৰিকাৰ গণমাধ্যমে দেশৰ আভ্যন্তৰীণ নীতিৰ ওপৰত জনমত গঠন কৰি আমেৰিকাৰ কাৰ্যপালিকাৰ আধিপত্যসূচক কাম-কাজ নিয়ন্ত্রণ কৰিব পাৰে। মুঠতে আমেৰিকাৰ আধিপত্যৰ সৰ্ববৃহৎ প্রতিবন্ধকতা ইয়াৰ আধিপত্যৰ আভ্যন্তৰতেই আছে।

(গ) কঠিন ক্ষমতা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ আলোচনা কৰা। ই বিশ্বৰ বাবে ভাল বুলি কোৱা নে? H.S. ’17

উত্তৰ: বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক একাধিপত্যৰ ক্ষেত্ৰত শক্তিশালী ভূমিকা গ্রহণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই আফ্রিকা আৰু ইউৰোপৰ বিভিন্ন দেশত সামৰিক ঘাটি স্থান কৰি বিশ্ব ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আছে। এই সামৰিক আধিপত্যই পৃথিৱীৰ যিকোনো ঠাইত সঠিক সময়ত শত্রুপক্ষক আঘাত কৰিব পাৰে। উদাহৰণস্বৰূপে আমেৰিকাৰ ইৰাক আক্রমণত ব্যৱহাৰ কৰা চেইন বোমাৰ বৰ্ষণ

আমেৰিকাৰ আধিপত্যৰ বাবে ইৰাক আৰু আফগানিস্থানৰ দৰে দেশ বিধ্বস্ত হ’ল আৰু লাখ লাখ লোকে প্রাণ হেৰুৱালে। বর্তমান মধ্যপ্রাচ্যৰ ইছলামীয় দেশ যথা, চিৰিয়া, ইয়েমেন, লিবিয়া আদিত চলি থকা আভ্যন্তৰীণ বিদ্ৰোহৰ পটভূমিত আমেৰিকাৰ ৰাজনৈতিক শক্তি জড়িত আছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য বিশ্ববাসীৰ বাবে অশুভ। কিয়নো আমেৰিকাৰ আধিপত্যৰ বাবেই মধ্য প্রাচ্যৰ ৰাষ্ট্ৰসমূহত অশান্তি বিৰাজ কৰি আছে। ইজৰাইলে পেলেষ্টাইনৰ ভূমি দখল কৰি আছে। বিশ্বত ইছলামীয় শক্তি আৰু অনা-ইছলামী শক্তিসমূহৰ বিৰোধৰ পটভূমিতো আমেৰিকাৰ আধিপত্যই কাম কৰি আছে। সেয়ে আমেৰিকাৰ আধিপত্য বিশ্বৰ বাবে ভাল বুলি ক’ব নোৱাৰি।

(ঘ) অর্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্য আলোচনা কৰা। H.S. ’19 

উত্তৰ: ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতন হোৱাৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ একমাত্র পাৰাশক্তিত পৰিণত হয় আৰু গোটেই বিশ্বত ক্ষমতাৰ একাধিপত্য বিস্তাৰ কৰিবলৈ লয়। এই একাধিপত্যসমূহৰ ভিতৰত অর্থনৈতিক একাধিপত্য অন্যতম। এই একাধিপত্য বিভিন্ন দিশত চলোৱা দেখা যায়।

প্রথমতে, আমেৰিকা যুক্তৰাষ্ট্ৰই আৰ্কীয় দেশসমূহৰ তেলসম্পদত সম্পদত বিনিয়োগ কৰি আর্থিকভাবে লাভৱান হোৱাৰ লগতে সেই দেশসমূহৰ অর্থনৈতিক অৱস্থা দ্রুত বিকশিত কৰাত বিশেষ ভূমিকা পালন কৰে।

দ্বিতীয়তে, আমেৰিকাই সমৰাস্ত্ৰ উদ্যোগত প্রতিষ্ঠিত হয় আৰু বিশ্বজুৰি সমৰাস্ত্ৰৰ বজাৰ বিস্তাৰ কৰে। বিশেষকৈ মধ্যপ্রাশ্চ্য আমেৰিকাৰ যুদ্ধাস্ত্র বিক্ৰিৰ এক লাভজনক বজাৰত পৰিণত হয়।

তৃতীয়তে, এচিয়া আৰু আফ্রিকা মহাদেশৰ দেশসমূহত প্ৰযুক্তিৰ বিনিয়োগ কৰি বিশ্ব অর্থনীতিত প্রভৃত প্রভাৱ পেলায়। ভাৰত, চীন আদি দেশৰ লগত বাণিজ্যিক চুক্তিত আবদ্ধ হয়।

চতুৰ্থতে, আমেৰিকাই বিশ্ব বেংকত বুজন পৰিমাণৰ অৰ্থৰ যোগান ধৰি অনুন্নত দেশসমূহক ঋণ প্রদানৰ ব্যবস্থা কৰে।

পঞ্চমতে, বিশ্বৰ দুৰ্বল দেশসমূহৰ পুনৰ গঠনৰ বাবে আৰু উদ্যোগিক দিশত আগবঢ়াই নিয়াৰ বাবে আর্থিক সাহার্য আগবঢ়াই আছে।
মুঠতে অর্থনৈতিক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰই গোটেই বিশ্বতে প্রভুত্ব বিস্তাৰ কৰি আছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×