Join WhatsApp

Join Now

Join Telegram

Join Now

গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Class 12 Political Science Chapter 18 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Class 12 Political Science Chapter 18 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Class 12 Political Science Chapter 18 Solutions

গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি Class 12 Political Science Chapter 18 Solutions

গণতান্ত্রিক ভাৱনাৰ বৃদ্ধি আৰু মৰ্চা ৰাজনীতি

অধ্যায় – ১ ৮

১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ১)

(ক) ১৯৮৯ চনৰ কেন্দ্ৰত মৰ্চা চৰকাৰখনৰ মুৰব্বী কোন আছিল?

নাইবা

১৯৮৯ চনৰ সংযুক্ত চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল? H.S. ’19

উত্তৰ: বিশ্বনাথ প্রতাপ সিং।

(খ) কোন দলে ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চা চৰকাৰৰ নেতৃত্ব দিছিল?

উত্তৰ: ভাৰতীয় জনতা দলে।

(গ) আদবানিৰ পিছত ভাৰতীয় জনতা দলৰ সভাপতি কোন হৈছিল?

উত্তৰ ৰাজনাথ সিং।

(ঘ) ‘কংগ্ৰেছ ব্যবস্থা’ বুলিলে কি বুজা?

উত্তৰ কংগ্ৰেছ দলে দীর্ঘকালীন শাসন ব্যবস্থাৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰাকে ‘কংগ্ৰেছ ব্যৱস্থা’ বুলি কোৱা হয়।

(ঙ) ‘কৰসেৱা’ কি?

উত্তৰ: অযোধ্যাৰ বিবাদমান বাবৰি মছজিদক কেন্দ্ৰ কৰি বিশ্ব হিন্দু পৰিষদ আৰু ভাৰতীয় জনতা দলে সংগ্ৰাম আৰম্ভ কৰি ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সংগ্ৰহ কৰিবলৈ লোৱা অর্থ বা পুঁজিক ‘কৰসেৱা’ বুলি কোৱা হয়।

(চ) কেইটা দল মিলি ‘নেচনেল ডেমক্রেটিক এলায়েন্স’ গঠন হৈছিল?

উত্তৰ: ১৩ টা।

(ছ) এন. ডি. এ চৰকাৰৰ নেতৃত্ব কোনে দিছিল? H.S. ’12

উত্তৰ  অটল বিহাৰী বাজপেয়ীয়ে।

(জ) ‘মণ্ডল আয়োগ’ কি?

উত্তৰ: ১৯৭৮ চনত বি পি মণ্ডলৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে পিছপৰা শ্ৰেণীৰ লোকসকলক চিনাক্ত কৰি তেওঁলোকৰ সংৰক্ষণৰ বাবে পৰামৰ্শ প্রদান কৰিবলৈ যি আয়োগ গঠন কৰা হৈছিল তাকে ‘মণ্ডল আয়োগ’ বুলি কোৱা হয়।

(ঞ) UPA বুলি কি বুজা?

উত্তৰ: United Progressive Alliance.

(ট) কোন চনত জনতা দল গঠন হৈছিল?

উত্তৰ: ১৯৭৭ চনত।

(ঠ) কোন চনত ভাৰতীয় জনতা দল গঠিত হৈছিল?

উত্তৰ: ১৯৮০ চনত।

(ড) ‘হিন্দুত্ব’ই কি বুজায়?

উত্তৰ: হিন্দু ধৰ্ম আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দিয়া বুজায়।

(ঢ) বিজেপিৰ কোন গৰাকী নেতাই মহম্মদ আলী জিন্নাক ধৰ্মনিৰপেক্ষ নেতা বুলি কৈছিল?

উত্তৰ: অটল বিহাৰী বাজপেয়ীয়ে।

(ণ) ২০০৪ চনৰ নিৰ্বাচনৰ পিছত ভাৰতৰ প্ৰধান মন্ত্রী কোন হৈছিল?

উত্তৰ ডক্টৰ মনমোহন সিং।

(ত) মণ্ডল আয়োগে অ’বিচি ৰ বাবে কিমান শতাংশ সংৰক্ষণৰ পৰামৰ্শ আগবঢ়াইছিল?

উত্তৰঃ ২৭ শতাংশ।

(থ) কিমান চনত ভাৰতত নতুন অর্থনৈতিক নীতি গ্রহণ কৰা হৈছিল?

উত্তৰ: ১৯৯১ চনত।

(দ) নতুন অর্থনৈতিক নীতি বাস্তবায়িত কৰাৰ সময়ত ভাৰতৰ বিত্তমন্ত্রী কোন আছিল?

উত্তৰ: ডক্টৰ মনমোহন সিং।

(ন) ১৯৭৭ চনৰ নিৰ্বাচনত জনতা চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন হৈছিল? H.S. ’14

উত্তৰ: মোৰাৰজী দেশাই।

(ত) কেন্দ্ৰ মৰ্চা চৰকাৰৰ যুগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল? H.S. ’17

উত্তৰঃ ১৯৭৭ চনৰ পৰা।

(থ) NDA ৰ সম্পূর্ণ ৰূপটো লিখা। H.S. ’19

উত্তৰ: National Democratic Alliance.

(দ) ভাৰতত বহুদলীয় ব্যবস্থা আছে। (সত্য নে অসত্য) H.S. ’20

উত্তৰঃ সত্য।

২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

(ক) ইউ পি এ (সংযুক্ত প্রগতিশীল মর্চা) কি?

উত্তৰ: ২০০৪ চনৰ মে মাহত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলবোৰকলৈ গঠিত মৰ্চাটোক ‘সংযুক্ত প্রগতিশীল মর্চা’ বুলি কোৱা হয়। এই সময়ত কংগ্ৰেছৰ সভানেত্রী আছিল ছোনিয়া গান্ধী। কিন্তু প্রধানমন্ত্রী পদত অধিষ্ঠিত হৈছিল ডক্টৰ মনমোহন সিং।

(খ) ‘সাম্প্রদায়িকতাবাদ’ বুলিলে কি বুজা?

উত্তৰ: কোনো এক বিশেষ সম্প্রদায় বা কোনো এক ধর্মীয় আবেগৰ ভিত্তিত গঢ়ি উঠা সাম্প্রদায়িক বা জাতীয় চেতনাক ‘সাম্প্রদায়িকতাবাদ’ বুলি কোৱা হয়। সাম্প্রদায়িকতাবাদ জাতীয় সংহতিৰ প্রতি এক ভাবুকিস্বরূপ।

(গ) কেতিয়া আৰু কিয় পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী সংস্থা গঠিত হৈছিল?

উত্তৰ: ১৯৭৮ চনত পিছপৰা আৰু সংখ্যালঘু শ্ৰেণীৰ কৰ্মচাৰী সংস্থা (BAMCEF) গঠিত হয়। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল পিছপৰা সংখ্যালঘু শ্ৰেণীৰ শ্ৰমিকসকলক উচ্চ শ্ৰেণীৰ পুঁজিপতি বা মালিকসকলৰ শোষণৰ পৰা মুক্ত কৰা।

(ঘ) যোৱা কেইটামান দহকত ভাৰতীয় ৰাজনীতিত সূচনা হোৱা দুটা নতুন ধাৰা উল্লেখ কৰা।

উত্তৰ: (১) মৰ্চা চৰকাৰৰ আবিৰ্ভাব আৰু (২) দল বাগৰা ৰাজনীতি।

(ন) ‘সংযুক্ত চৰকাৰ’ বা ‘মৰ্চা চৰকাৰ’ বুলিলে কি বুজা?

উত্তৰ: সংসদীয় নির্বাচনত যেতিয়া কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা অর্জন কৰিব নোৱাৰে তেতিয়া কেইবাটাও দলে লগ-লাগি যি চৰকাৰ গঠন কৰে তাকে ‘সংযুক্ত চৰকাৰ’ বা ‘মৰ্চা চৰকাৰ’ বুলি কোৱা হয়।

(প) ‘ৰাজনৈতিক দলত্যাগ’ বুলিলে কি বুজায়?

উত্তৰ: যেতিয়া কোনো এটা ৰাজনৈতিক দলৰ সাংসদ বা ৰাজ্যিক বিধান সভাৰ সদস্যই নিজ কার্যকালৰ সময়ছোৱাত নিজৰ দল ত্যাগ কৰি আন কোনো দলত যোগদান কৰে, তেনে কাৰ্যক ‘ৰাজনৈতিক দলত্যাগ’ বুলি কোৱা হয়।

(ফ) কেতিয়া আৰু কিয় মণ্ডল বিষয়টো ভাৰতীয় ৰাজনীতিত উত্থাপন কৰিছিল?

উত্তৰ: ১৯৮৯ চনৰ আগষ্ট মাহত ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰখনে মণ্ডল আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি যেতিয়া পিচপৰা শ্ৰেণীৰ লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত সংৰক্ষণৰ ব্যৱস্থা কৰিছিল তেতিয়া তাৰ প্রতিক্রিয়া হিচাপে মণ্ডল বিষয়টো উদ্ভব হৈছিল।

(ব) মৰ্চা চৰকাৰৰ চৰিটা বৈশিষ্ট্য লিখা। H.S. ’16, ’20

উত্তৰঃ মৰ্চা চৰকাৰৰ দুটা বৈশিষ্ট্য হ’ল-

(ক) ই এক অস্থিৰ চৰকাৰ। ইয়াৰ পতন যিকোনো মূহুর্ততে হ’ব পাৰে।

(খ) মৰ্চা চৰকাৰত আদৰ্শৰ কোনো মিল নাথাকে।

(গ) মৰ্চা চৰকাৰত আঞ্চলিক দলসমূহে প্রাধান্য বিস্তাৰ কৰে।

(ঘ) মৰ্চা চৰকাৰত দুই বা ততোধিক ৰাজনৈতিক দলে অংশ গ্রহণ কৰে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×