আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ নব্য সামাজিক আন্দোলনৰ উত্থান Class 12 Political Science Chapter 17 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
নব্য সামাজিক আন্দোলনৰ উত্থান Class 12 Political Science Chapter 17 Solutions
নব্য সামাজিক আন্দোলনৰ উত্থান
অধ্যায় – ১ ৭
১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ১)
(ক) কৃষকসকলৰ যিকোনো এটি সংগঠনৰ নাম লিখা।
উত্তৰ ভাৰতীয় কিষাণ ইউনিয়ন।
(খ) NFF ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: National Fish Workers’ Forum.
(গ) ভাৰতৰ কোনখন ৰাজ্যত আৰাক বিৰোধী (সুৰা বিৰোধী) আন্দোলন আৰম্ভ হৈছিল? H.S. ’18
উত্তৰ: অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত।
(ঘ) ‘নর্মদা বাচাও’ আন্দোলনৰ নেতাগৰাকীৰ নাম কি?
উত্তৰ: মেধা পাটেকাৰ।
(ঙ) MKSS ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: Mazdoor Kishan Sakti Sangathan.
(চ) চিপকো আন্দোলন কোন ৰাজ্যত আৰম্ভ হৈছিল?
উত্তৰ: উত্তৰাখণ্ডত।
(ছ) নামদেও ধাছাল কোন আছিল?
উত্তৰ: এজন মাৰাঠী বিপ্লবী কবি।
(জ) তথ্য জনাৰ অধিকাৰ আন্দোলনৰ আৰম্ভণি কেতিয়া হৈছিল?
উত্তৰঃ ২০০৫ চনত।
(ঝ) চিপক’ আন্দোলনৰ মূল হোতা কোন আছিল?
উত্তৰ: সুন্দৰলাল বহুগুনা।
(ঞ) দলিত পেন্থাৰৰ আদৰ্শ কি আছিল?
উত্তৰ সমাজৰ পৰা জাতিভেদ প্রথা আঁতৰ কৰা।
(ট) ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল?
উত্তৰ: মহেন্দ্ৰ সিং টিকাইট।
(ঠ) চিপকো আন্দোলনৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰ: গছ কটা বন্ধ কৰি পাৰিপার্শ্বিকতা আন্দোলন গঢ়ি তোলা।
(ড) POW ৰ সম্পূর্ণ ৰূপটো কি?
উত্তৰ: Prisoner of War.
(ঢ) কোনটো সংগঠনে তথ্য জনাৰ অধিকাৰ আন্দোলনৰ সূচনা কৰিছিল?
উত্তৰ: মজদুৰ কিষাণ শক্তি সংগঠনে।
(ণ) কোন বছৰত ‘সৰ্বভাৰতীয় কিষাণ সভা’ প্রতিষ্ঠা হৈছিল?
উত্তৰ: ১৯৩৬ চনত।
(ত) ‘কৃষক আন্দোলন দল ভিত্তিক আন্দোলন’ সঁচানে মিছা কোৱা।
উত্তৰ: মিছা।
(থ) নেল্লোৰ জিলাত নিলাম কিমানবাৰ স্থগিত কৰা হৈছিল?
উত্তৰ: সোতৰবাৰ।
(দ) ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল?
উত্তৰ: চৌধাৰী চৰণ সিং।
(ধ) শ্বেতকাৰী সংঘটনা কোন ৰাজ্যৰ?
উত্তৰ: মহাৰাষ্ট্ৰ।
(ন) ভাৰতত নাৰী আন্দোলনৰ পিতৃ কোন?
উত্তৰ: পণ্ডিত ৰামা বাই।
(প) ‘এন্টি এৰাক মুভমেন্ট’ কিহৰ লগত জড়িত?
উত্তৰ: সুৰাৰ লগত।
(ফ) ভাৰতৰ কোনখন ৰাজ্যত ‘নর নির্মাণ আন্দোলন’ আৰম্ভ হৈছিল? H.S. ’17
উত্তৰঃ গুজৰাটত।
(ব) আৰাক বিৰোধী আন্দোলনক নাৰী আন্দোলন বুলি ক’ব পাৰি। (শুদ্ধ নে অশুদ্ধ) H.S. ’16
উত্তৰঃ শুদ্ধ।
২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)
(ক) ‘সামাজিক আন্দোলন’ৰ অৰ্থ কি?
উত্তৰ: ‘সামাজিক আন্দোলন হ’ল কোনো পৰিবৰ্তনৰ উদ্দেশ্যে অথবা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এক সমূহীয়া প্রচেষ্টা। উদাহৰণ চিপকো আন্দোলন।
(খ) দলিত সকলৰ ওপৰত কোনে কবিতা ৰচনা কৰিছিল?
উত্তৰ: দলিত সকলৰ ওপৰত মাৰাঠা কবি ধাচালে কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাৰ জৰিয়তে দলিতসকলক বর্ণবাদৰ বিৰুদ্ধে সচেতন কৰি তুলিছিল।
(গ) চিপক’ আন্দোলন কিয় আৰম্ভ হৈছিল? H.S. ’17
উত্তৰ চৰকাৰৰ বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চল ধ্বংস কৰাৰ বাবে চলোৱা চক্রান্ত বোধ কৰাৰ কাৰণে আৰু বনাঞ্চলৰ ওপৰত আধিবাসীসকলৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উত্তৰাখণ্ডৰ এখন গাওঁৰ মহিলাসকলে প্রথমে চিপক’ আন্দোলন আৰম্ভ কৰিছিল।
(ঘ) ‘নর্মদা বচাও আন্দোলন’ কি? ইয়াৰ নেতৃত্ব কোনে দিছিল?
উত্তৰঃ বৃহৎ জলবিদ্যুত প্রকল্প নিৰ্মাণৰ বাবে মধ্য ভাৰতৰ নর্মদা নদীত চৰকাৰে বন্ধ দিয়াৰ পৰিকল্পনাৰ বিৰুদ্ধে এটি প্রতিবাদী আন্দোনলন গঢ়ি উঠিছিল। এই আন্দোলনক ‘নর্মদা বচাও আন্দোলন’ বুলি কোৱা হয়। এই আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
(খ) ‘ভাৰতীয় কিষাণ ইউনিয়ন’য়ে চৰকাৰৰ ওপৰত কি কি অর্থনৈতিক দাবী উত্থাপন কৰিছিল?
উত্তৰ: ‘ভাৰতীয় কিষাণ ইউনিয়নে চৰকাৰৰ ওচৰত কিছুমান অর্থনৈতিক দাবী উত্থাপন কৰিছিল। সেইবোৰ হ’ল-
(১) খাদ্যশস্য চলাচলৰ ক্ষেত্ৰত মাগুলিক বাধা-নিষেধৰ সমাপ্তি।
(২) বিদ্যুৎ নিৰিখ অথবা মূল্য হ্রাস।
(৩) কুঁহিয়াৰ আৰু গাখীৰৰ মূল্য বৃদ্ধি।
(৪) নলা-নর্দমাৰ বাবে পঞ্জাৱৰ কৃষকসকলে চৰকাৰক দিবলগীয়া কৰ বাতিল।
(৫) প্রাকৃতিক দুর্যোগৰ সময়ত পর্যাপ্ত সাহায্য।
(৬) উৎপাদিত সামগ্রী বিক্ৰিৰ বাবে চৰকাৰৰ দায়িত্ব গ্রহণ।
(গ) ‘চৰ্দাৰ সৰোবৰ প্ৰকল্প’ কি?
উত্তৰ: দক্ষিণ ভাৰতৰ নর্মদা নদীৰ ওপৰত নির্মিত বান্ধটোক ‘চৰ্দাৰ সৰোবৰ প্ৰকল্প’ বুলি কোৱা হয়। বান্ধটো গুজৰাটত স্থাপন কৰা হৈছে। এইটো স্থাপনৰ মুখ্য উদ্দেশ্যটো হৈছে জলবিদ্যুৎ উৎপাদন কৰা। কিন্তু ইয়াৰ জৰিয়তে বহুতো ক্ষতি হোৱাৰ সম্ভাৱনাক কেন্দ্ৰ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন গঢ়ি উঠিছে।
(ঘ) নগদ ভিত্তিক শস্য বজাৰ কিয় সংকটত পৰিছিল?
উত্তৰ: নগদ ভিত্তিক শস্য বজাৰ সংকটত পৰাৰ কাৰণ হ’ল-
(ব) উদাৰীকৰণ আৰু মুক্ত বেপাৰ-বাণিজ্য নীতি গ্রহণ।
(চ) বিভিন্ন অঞ্চলত হোৱা প্রাকৃতিক দুর্যোগ।
(ঙ) চিপক’ আন্দোলনৰ দাবীসমূহ কি কি আছিল?
উত্তৰ: ১৯৭০ দহকত আৰম্ভ হোৱা চিপক’ আন্দোলনৰ প্ৰধান দাবীসমূহ আছিল-
(১) বনাঞ্চল ধ্বংস কৰা কোনো ঠিকাদাৰ বা বাহিৰাগত ঠিকাদাৰক দিয়া বন্ধ কৰা।
(২) ভূমি, পানী, বনাঞ্চল আদি প্রাকৃতিক সম্পদৰ ওপৰত থলুৱা লোকৰ অধিকাৰ সাব্যস্ত কৰা।
(৩) জীৱিকাৰ উৎস হিচাপে বনাঞ্চলৰ ওপৰত স্থানীয় লোকৰ অধিকাৰ প্ৰদান কৰা।
(৪) বনাঞ্চলৰ ওপৰত ভিত্তি কৰি ক্ষুদ্র উদ্যোগ প্রতিষ্ঠাৰ বাবে স্থানীয় লোকক অনুমতি প্রদান কৰা যাতে পৰিৱেশ বিনষ্ট নকৰাকৈ অঞ্চলটোৰ বিকাশ সাধন কৰিব পাৰি।
(চ) সামাজিক আন্দোলনৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰ: সামাজিক আন্দালনৰ যথেষ্ট গুৰত্ব আছে। যেনে-
(১) সামাজিক আন্দোলনসমুহে ব্যক্তি আৰু সমাজৰ মাজত সম্পর্ক স্থাপন কৰে। এই আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণ বিভিন্ন ধৰণৰ
সামাজিক সমস্যা সম্পর্কে সজাগ হয়।
(২) সামাজিক আন্দোলনসমূহ জনসাধাৰণক শিক্ষাদান আৰু গতিশীল কৰাত যথেষ্ট গুৰত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে। এই আন্দোলনসমূহে বিভিন্ন গুৰুত্বপূর্ণ সমস্যা, নীতি আৰু পৰিকল্পনাৰ অৰ্থ আৰু প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰে। এনে আন্দোলনে বিকাশৰ নতুন ধাৰা আৰু বিকল্প আর্হিও উদ্ভাৱন কৰে। (৩) সামাজিক আন্দোলনসমূহে জনসাধাৰণৰ চিন্তা, আশা আৰু প্রয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে।
(ছ) আৰাক বিৰোধী আন্দোলনটোক তুমি মহিলাৰ আন্দোলন বুলি ভাৱা নেকি? কিয়? H.S. ’17
উত্তৰ: অন্ধ্রপ্রদেশৰ নেল্লোৰ জিলাত ‘আৰাক বিৰোধী’ আন্দোলন হৈছিল। এই আন্দোলনক মহিলাৰ আন্দোলন বুলি ক’ব পাৰি। কাৰণ মহিলাসকলে ‘আৰাক’ নামৰ স্থানীয় সুৰা সেৱনৰ বিৰুদ্ধে এই আন্দোলন আৰম্ভ কৰিছিল। পুৰুষসকলে ‘আৰাক’ নামৰ সুৰা সেৱন কৰি মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নির্যাতন চলাইছিল। ইয়াৰ প্রতিবাদ স্বৰূপে পোনপ্রথমতে নেল্লোৰ জিলাত এই আন্দোলন আৰম্ভ হয় যদিও ই অন্ধ্রপ্রদেশৰ সকলো অঞ্চলতে বিয়পি পৰিছিল। মহিলাসকলৰ এই সবল প্রতিবাদৰ ফলস্বৰূপে নেল্লোৰ জিলাত সোতৰবাৰকৈ আৰাকৰ নিলাম পিছুৱাই দিবলগা হৈছিল।
যদিও এই আন্দোলন আৰাকৰ বিৰুদ্ধে হৈছিল তথাপি আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে সম্মুখীন হৈ থকা অন্যান্য সমস্যাৰ বিষয়েও ৰাইজ আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিল।
সেয়ে আৰাক বিৰোধী আন্দোলনটোক মহিলাসকলৰ আন্দোলন বুলি ক’ব পাৰি।
(জ) গুজৰাটৰ ‘নৱনির্মাণ আন্দোলন’ৰ ওপৰত এটি টোকা লিখা। H.S. ’14
উত্তৰ: ১৯৭৪ চনৰ জানুৱাৰী মাহত গুজৰাটত খাদ্যৰ নাটনি, খাদ্য-সামগ্রীৰ মূল্যবৃদ্ধি, প্রশাসনত দুনীর্তি আদিৰ বিৰুদ্ধে ছাত্ৰসকলে আন্দোলনৰ সূচনা কৰে। এই আন্দোলনক ‘নবনির্মাণ আন্দোলন’ বুলি কোৱা হয়। এই আন্দোলনটো আৰম্ভ হৈছিল এল. ডি. কলেজ অফ ইঞ্জিনিয়াৰিং নামৰ অভিযান্ত্রিক শিক্ষানুষ্ঠানৰ হোষ্টেলৰ মাচুল ২০ শতাংশ বৃদ্ধিৰ প্রতিবাদ হিচাপে।
এই আন্দোলনত বহুতো ৰাজনৈতিক নেতায়ো সহযোগ কৰিছিল। কংগ্ৰেছ বিৰোধী দলসমূহে বিধানসভাৰ নির্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়। সেইসময়ৰ কংগ্রেছ দলৰ নেতা মোৰাৰজী দেশায়ে বিৰোধী ৰাজনৈতিক দলবোৰৰ প্রতি সমর্থন আগবঢ়ায়। পৰিশেষত ছাত্র সমাজ আৰু বিৰোধী ৰাজনৈতিক দলসমূহৰ ক্ৰমাগত হেঁচাত চৰকাৰে গুজৰাটত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য হয়। ১৯৭৫ চনৰ জুন মাহত অনুষ্ঠিত হোৱা এই নির্বাচনত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয় হয়।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)
(ক) ভাৰতত নাৰীবাদী আন্দোলনৰ ওপৰত এখন ৰচনা লিখা।
উত্তৰ: পুৰুষ প্ৰধান ভাৰতীয় সমাজ ব্যবস্থাত মহিলাসকলে অতীজৰে পৰা শোষণ, বঞ্চনা আৰু অত্যাচাৰৰ বলি হৈ আহিছে। এই শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে বিভিন্ন সময়ত মহিলাসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছে। ইংৰাজ শাসন কালত বহুতো ব্যক্তিয়ে নাৰীসকলৰ সামাজিক মর্যাদা ৰক্ষাৰ বাবে মাত মাতি আহিছিল। সেইসকলৰ ভিতৰত ৰাজা ৰামমোহন ৰায়, দয়ানন্দ স্বৰস্বতী, ঈশ্বৰচন্দ্র বিদ্যাসাগৰ আৰু বহুতো। ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত নাৰীসমাজক গতিশীলতা প্রদান কৰিবলৈ ‘অল ইণ্ডিয়া উমেনচ কনফাৰেন্স’, ‘নেচনেল ফেডাৰেচন অফ ইন্ডিয়ান উমেন’ গঠন কৰা হয়।
স্বাধীনতাৰ পিছত ভাৰতীয় সংবিধানে পুৰুষ-মহিলা উভয়কে সম-অধিকাৰ দি আহিছে যদিও সমাজত মহিলাসকলৰ স্থান আৰু মৰ্যাদাৰ বিশেষ কোনো উন্নতি পৰিলক্ষিত হোৱা নাই। বিগত চাৰিটা দহকত ভাৰতত কিছুমান নাৰীবাদী আন্দোলন গঢ়ি উঠিছে। ১৯৭২ চনত ইলা ভাটৰ প্ৰচেষ্টাত ‘স্বনিয়োজিত মহিলা সংগঠন’, ‘মহিলা প্রগতিশীল সংগঠন’, ‘ঐক্যবদ্ধ মহিলাৰ মূল্যবৃদ্ধি বিৰোধ’ আদি সংগঠনসমূহ গঢ়ি উঠছে। এই সংগঠনসমূহে নাৰীয়ে ন্যায্য মর্যাদা পোৱাৰ হকে বহুত সংগ্রাম কৰি আহিছে। নাৰীসকলৰ সংগ্ৰামৰ ভিত্তিত চৰকাৰে বিভিন্ন সময়ত নানান আইন প্রণয়ন কৰিবলৈ বাধ্য হৈছে। যেনে হিন্দু বিবাহ আইন,
উত্তৰাধিকাৰী আইন, গার্হস্থ্য হিংসা আইন, বাল্য বিবাহ প্ৰতিৰোধ আইন ইত্যাদি।
ইয়াৰ উপৰিও ২০০১ চনত চৰকাৰে ৰাষ্ট্ৰৰ মহিলা সবলীকৰণ নীতি গ্রহণ কৰে আৰু ২০০৫ চনত ঘৰুৱা হিংসাৰ বিৰুদ্ধে মহিলাৰ অধিকাৰ সম্পর্কীয় আইন বলবৎ কৰি সমগ্ৰ ভাৰততে মহিলাসকলৰ অধিকাৰ সাব্যস্ত কৰে।
(খ) সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজত পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰ: সামাজিক আন্দোলন আৰু ৰাজনৈতিক আন্দোলনৰ মাজত কিছু পার্থক্য আছে, যেনে-
(১) সামাজিক আন্দোলনৰ জৰিয়তে সামাজিক সমস্যাসমূহ সমাধান বা সমাজৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ প্রতিবাদী কার্যসূচী গ্ৰহণ কৰা হয়।
আনহাতে ৰাজনৈতিক আন্দোলন ৰাজনৈতিক দলৰ আদৰ্শৰ লগত সম্পর্ক থাকে। (২) সামাজিক আন্দোলনৰ দাবীসমূহ ৰাজনৈতিক দলৰ পৰিৱৰ্তে জনগণৰ দ্বাৰা গঠনৰ চেষ্টা কৰা হয়। আনহাতে ৰাজনৈতিক আন্দোলন ৰাজনৈতিক ক্ষমতাৰ লগত জড়িত।
(৩) সামাজিক আন্দোলন সাধাৰণতে অঞ্চল ভিত্তিত আৰম্ভ হয়। আনহাতে ৰাজনৈতিক আন্দোলন বিশাল ভিত্তিত বা ৰাষ্ট্ৰৰ বৃহৎ স্বাৰ্থ পূৰণৰ উদ্দেশ্যে আৰম্ভ হয়।
(৪) সামাজিক আন্দোলন সাধাৰণতে তৃণমূল পর্যায়ৰ পৰা আৰম্ভ হয়।
আনহাতে ৰাজনৈতিক আন্দোলন প্রভাবশালী নেতা বা গোটৰ দ্বাৰা সংগঠিত হয়।
(৫) সামজিক আন্দোলনৰ ৰাজনৈতিক লক্ষ্যতকৈ সামাজিক আৰু মানৱ প্ৰমূল্যৰ লগত জড়িত।
আনহাতে ৰাজনৈতিক আন্দোলনসমূহ বৈষয়িক বিষয়ৰ লগত জড়িত।
(৬) সামাজিক আন্দোলন সাধাৰণতে শান্তিপূর্ণ হোৱা দেখা যায়।
আনহাতে ৰাজনৈতিক আন্দোলনসমূহ বহু সময়ত হিংসাত্মক ৰূপ লোৱা দেখা যায়।
(ঙ) চিপক’ আন্দোলনৰ বিষয়ে লিখা। এই আন্দোলনৰ প্ৰভাৱ কি আছিল? H.S. ’18, ’20
উত্তৰ চৰকাৰৰ বন বিভাগে ঠিকাদাৰৰ জৰিয়তে বনাঞ্চল ধ্বংস কৰাৰ বাবে চলোৱা চক্রান্ত বোধ কৰাৰ কাৰণে আৰু বনাঞ্চলৰ ওপৰত অধিবাসীসকলৰ অধিকাৰ সাব্যস্ত কৰিবলৈ উত্তৰাখণ্ডৰ এখন গাওঁৰ মহিলাসকলে প্রথমে চিপক’ আন্দোলন আৰম্ভ কৰিছিল।
১৯৭০ দহকত আৰম্ভ হোৱা চিপক’ আন্দোলনৰ প্ৰধান দাবীসমূহ আছিল-
(১) কোনো ঠিকাদাৰ বা বাহিৰাগত ঠিকাদাৰক বনাঞ্চল ঠিকা দিয়া বন্ধ কৰা।
(২) ভূমি, পানী, বনাঞ্চল আদি প্রাকৃতিক সম্পদৰ ওপৰত থলুৱা লোকৰ অধিকাৰ সাব্যস্ত কৰা।
(৩) জীৱিকাৰ উৎস হিচাপে বনাঞ্চলৰ ওপৰত স্থানীয় লোকৰ অধিকাৰ প্ৰদান কৰা।
(৪) বনাঞ্চলৰ ওপৰত ভিত্তি কৰি ক্ষুদ্র উদ্যোগ প্রতিষ্ঠাৰ বাবে স্থানীয় লোকক অনুমতি প্রদান কৰা যাতে পৰিৱেশ বিনষ্ট নকৰাকৈ অঞ্চলটোৰ বিকাশ সাধন কৰিব পাৰি।
চিপকো আন্দোলনৰ প্ৰভাৱ আছিল সুদূৰপ্ৰসাৰী। এই আন্দোলনৰ ফলস্বৰূপে হিমালয় অঞ্চলত পর্যাপ্ত পৰিমাণে গছ-গছনি নোহোৱালৈকে ১৫ বছৰৰ বাবে গছ কটাত নিষেধাজ্ঞা আৰোপ কৰে। এই আন্দোলনৰ এক অন্যতম প্রভাব হ’ল ই ভাৰতৰৰ বিভিন্ন স্থানৰ সামাজিক বিষয় আৰু সমস্যা সমাধানৰ উদ্দেশ্যে সামাজিক আন্দোলন আৰু গণ প্রতিবাদ সাব্যস্ত কবিৰলৈ প্ৰেৰণা যোগাই আছে।
(চ) ভাৰতত সামজিক আন্দোলনৰ গুৰুত্ব আছে বুলি তুমি ভাবানে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রদর্শন কৰা। H.S. ’15
উত্তৰ: ‘সামাজিক আন্দোলন হ’ল কোনো পৰিবৰ্তনৰ উদ্দেশ্যে অথবা কোনো পৰিবৰ্তনক বাধা দিবলৈ কৰা এক সমূহীয়া প্রচেষ্টা। উদাহৰণ চিপকো আন্দোলন।
ভাৰতত সামাজিক আন্দোলনৰ যথেষ্ট গুৰত্ব আছে। যেনে-
(১) সামাজিক আন্দোলনসমূহে ব্যক্তি আৰু সমাজৰ মাজত সম্পর্ক স্থাপন কৰে। এই আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণ বিভিন্ন ধৰণৰ সামাজিক সমস্যা সম্পর্কে সজাগ হয়।
(২) সামাজিক আন্দোলনসমূহ জনসাধাৰণক শিক্ষাদান আৰু গতিশীল কৰাত যথেষ্ট গুৰত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে। এই আন্দোলনসমূহে বিভিন্ন গুৰুত্বপূর্ণ সমস্যা, নীতি আৰু পৰিকল্পনাৰ অৰ্থ আৰু প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰে। এনে আন্দোলনে বিকাশৰ নতুন ধাৰা আৰু বিকল্প আর্হিও উদ্ভাৱন কৰে।
(৩) সামাজিক আন্দোলনসমূহে জনসাধাৰণৰ চিন্তা, আশা আৰু প্রয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে।
(৪) সামাজিক আন্দোলন এক বিপ্লৱ স্বরূপ। এনে আন্দোলনে সমাজত এক সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনে কিয়নো এনে আন্দোলন প্রায়ে সংস্কাৰমুখী হয়। ভাৰতবৰ্ষৰ দৰে বিশাল দেশ এখনত সামাজিক আন্দোলনে সমাজ বা দেশক আধুনিকীকৰণলৈ আগবঢ়াই লৈ যোৱাত বিশেষ ইন্ধনৰ দৰে কাম কৰে।
(ছ) ‘নর্মদা বচাও আন্দোলন’ৰ বিষয়ে চমুকৈ আলোচনা কৰা। H.S. ’16
উত্তৰঃ বৃহৎ জলবিদ্যুত প্রকল্প নিৰ্মাণৰ বাবে মধ্য ভাৰতৰ নর্মদা নদীত চৰকাৰে বন্ধ দিয়াৰ পৰিকল্পনাৰ বিৰুদ্ধে এটি প্রতিবাদী আন্দোনলন গঢ়ি উঠিছিল। এই আন্দোলনক ‘নর্মদা বচাও আন্দোলন’ বুলি কোৱা হয়। এই আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটেকাৰে। নর্মদা আন্দোলন বহুদিন ধৰি চলি আছিল। এই আন্দোলন প্রতিহত কৰিবলৈ চৰকাৰে বহু চেষ্টা কৰিছিল যদিও অৱশেষত চৰকাৰে জনসাধাৰণৰ যুক্তি মানি ল’বলৈ বাধ্য হৈছিল। এই আন্দোলনৰ যুক্তিযুক্ততা আছিল, কাৰণ (ক) নর্মদা নদীৰ ওপৰত নিৰ্মাণ কৰিব খোজা বৃহৎ বান্ধে ভবিষ্যতে ইয়াৰ উপত্যকা অঞ্চলত সশ্য উৎপাদনত পানীৰ অভাৱ হোৱাৰ আশংকা আছিল।
(খ) এই প্রকল্পৰ বাবে বৃহৎ অঞ্চল জুৰি পাৰিৱেশিক ভাৰসাম্য নষ্ট হোৱাৰ ভয় আছিল।
(গ) এই প্ৰকল্পৰ ফলত সৃষ্টি হোৱা নিঝুৱাসকলৰ পুনৰ সংস্থাপনৰ বাবে চৰকাৰে কোনো পদক্ষেপ লোৱা নাছিল।
(ঘ) এই আন্দোলনে ভবিষ্যতে গণবিৰুধী প্রকল্প হাতত লোৱাৰ পৰা চৰকাৰক সচেতন কৰি দিছিল।
(জ) ২০০১ চনৰ ৰাষ্ট্ৰীয় মহিলা সবলীকৰণ নীতিৰ চাৰিটা উদ্দেশ্য লিখা। H.S. ’16
উত্তৰ: ২০০১ চনত চৰকাৰে ৰাষ্ট্ৰৰ মহিলা সবলীকৰণ নীতি গ্রহণ। ইয়াৰ চাৰিটা প্রধান উদ্দেশ্য হ’ল-
(ক) মহিলাসকলৰ বিৰদ্ধে বৈষম্যমূলক আচৰণ নির্মূল কৰি এক কার্যদক্ষ ন্যায়িক ব্যৱস্থাৰ সৃষ্টি কৰা।
(খ) মহিলাসকলেপূর্ণ বিকশ লাভ কৰিব পৰাকৈ সমাজত এক ইতিবাচক পৰিৱেশ ৰচনা কৰা।
(গ) মহিলাসকলক সামাজিক নিৰাপত্তা প্রদান কৰাৰ লগতে নিয়োগ, সম-পদবী, স্বাস্থ্য আৰু সুবিধাব প্রদান কৰা।
(ঘ) পুৰুষৰ লগতে মহিলাসকলোকো সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু পৌৰ অধিকাৰ সাব্যস্ত কৰা।