আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ ভাৰতৰ বৈদেশিক সম্পর্ক Class 12 Political Science Chapter 13 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
ভাৰতৰ বৈদেশিক সম্পর্ক Class 12 Political Science Chapter 13 Solutions
ভাৰতৰ বৈদেশিক সম্পর্ক (INDIA’S EXTERNAL RELATIONS)
অধ্যায় – ১৩
১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)
(ক) NEFA ই কি সূচায়?
উত্তৰ: North-East Frontier Agency.
(খ) ১৯৬৬ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী আৰু পাকিস্থানৰ ৰাষ্ট্ৰপতি জেনেৰেল আয়ুব খানৰ দ্বাৰা স্বাক্ষৰিত চুক্তিখনৰ নাম কি?
উত্তৰ: তাছখণ্ড চুক্তি।
(গ) কেতিয়া চিমলা চুক্তি কৰা হৈছিল?
উত্তৰঃ ১৯৭২ চনত।
(ঘ) কোন চনত বাংলাদেশ আৰু পাকিস্থানৰ মাজত যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ: ১৯৭১ চনত।
(ঙ) চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন চনত মেকমোহন ৰেখা নির্ধাৰণ কৰা হৈছিল?
উত্তৰঃ ১৯১৪ চনত।
(চ) ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বৈদেশিক নীতিৰ উল্লেখ আছে?
উত্তৰ: ৫১ নং অনুচ্ছেদত।
(ছ) ভাৰতৰ বৈদেশিক নীতিৰ বাটকটীয়া কোন?
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰু।
(জ) কোন চনত চীনে তিব্বতক চামিল কৰি লয়?
উত্তৰঃ ১৯৫০ চনত।
(ঝ) চীনে কেতিয়া ভাৰত আক্রমণ কৰিছিল?
উত্তৰ: ১৯৬২ চনত।
(ঞ) কাশ্মীৰ বিভাজনৰ প্রস্তাব কোনে দিছিল?
উত্তৰ: ৰাষ্ট্ৰসংঘই।
(ট) প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : ইন্দোনেছিয়াৰ বানডাং চহৰত।
(ঠ) ভাৰতৰ বৈদেশিক নীতিৰ মূলনীতি কি?
উত্তৰ: গোষ্ঠীনিবপেক্ষতা।
(ড) ‘বৈদেশিক নীতি’ বুলিলে কি বুজা?
উত্তৰ: কোনো এখন স্বাধীন বাষ্ট্রই আন এখন বাষ্ট্ৰৰ সৈতে সম্পর্ক স্থাপনৰ কৰাৰ বাবে গ্রহণ কৰা নীতিক ‘বৈদেশিক নীতি’ বুলি কোৱা হয়।
(ঢ) পঞ্চশীল নীতি’ স্বাক্ষৰিত হৈছিল ভাৰত আৰু- ৰ মাজত। (খালী ঠাই পূৰণ কৰা)
উত্তৰ: চীন।
(ণ) কার্গিল যুদ্ধ কিমান চনত হৈছিল?
উত্তৰ: ১৯৯৯ চনত।
(ত) কিমান চনত ভাৰতীয় জনতা দল ক্ষমতালৈ আহিছিল?
উত্তৰঃ ১৯৭৭ চনত।
(থ) বৈদেশিক নীতিৰ উপাদানসমূহ কি কি?
উত্তৰ: ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ৰাষ্ট্ৰীয় স্বার্থ।
(দ) ভাৰতৰ বৈদেশিক নীতিৰ মুখ্য স্থপতি বুলি কাক কোৱা হয়?
উত্তৰ জৱাহৰলাল নেহৰু।
(ধ) ১৯৭১ চনত ভাৰতে কোন ৰাষ্ট্ৰৰ লগত ‘বন্ধুত্বমূলক চুক্তি’ত স্বাক্ষৰ কৰিছিল?
উত্তৰ: ছোভিয়েট ইউনিয়নৰ লগত।
(ন) CTBT ৰ সম্পূর্ণ ৰূপটো কি?
উত্তৰ: Comprehensive Test Ban Treaty.
(প) ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণবিক বিস্ফোৰণ ঘটাইছিল? H.S. ’18
উত্তৰঃ ১৮৭৪ চনত।
(ফ) ১৯৭২ চনত ইন্দিৰা গান্ধী আৰু জুলফিকৰ আলি ভুট্টোৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ নাম কি? H.S. ’15
উত্তৰঃ চিমলা চুক্তি।
(ব) স্বাধীন ভাৰতৰ প্রথম গৃহমন্ত্রী কোন আছিল? H.S. ’15
উত্তৰঃ চৰ্দাৰ বল্লভভাই পেটেল।
(ভ) ভাৰতৰ কোনজন প্রধানমন্ত্রীয়ে ‘পঞ্চশীল নীতি’ গ্রহণ কৰিছিল? H.S. ’17
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুয়ে।
২। চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)
(ক) পাকিস্থানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ দুটা মতানৈক্য (উদ্বগ্নতাপূর্ণ দিশ) ব বিষয় উল্লেখ কৰা। H.S. ’15, ’19
উত্তৰ: (১) জম্মু আৰু কাশ্মীৰ বিষয়। (২) বাংলাদেশৰ স্বাধীনতা।
(খ) চীনৰ সৈতে ভাৰতৰ দুটা বিবাদৰ বিষয় উল্লেখ কৰা।
উত্তৰঃ (১) সীমা বিবাদ আৰু (২) দালাই লামাৰ আশ্রয়।
(গ) শান্তিপূর্ণ সহ-অবস্থান বুলিলে কি বুজা?
উত্তৰ ভাৰতৰ বৈদেশিক নীতিৰ অন্তর্গত পঞ্চশীল নীতিৰ এটা অন্যতম নীতি হ’ল সহ-অবস্থানৰ নীতি। সকলো ৰাষ্ট্ৰৰ লগত আভ্যন্তৰীণ আৰু
বহিঃসার্বভৌমত্বৰ প্রতি শ্রদ্ধা জনাই নিজৰ স্বতন্ত্রতা বজাই বখাকে ‘শান্তিপূর্ণ সহ-অবস্থান’ বুলি কোৱা হয়।
(ঘ) ‘গোষ্ঠীনিৰপেক্ষতা’ বুলিলে কি বুজা?
উত্তৰ: গোষ্ঠীনিৰপেক্ষতাই কোনো সামৰিক গোষ্ঠীত অন্তর্ভুক্ত নহৈ স্বাধীনভাবে বৈদেশিক নীতি গ্রহণ কৰাক বুজায়।
(ঙ) ভাৰতৰ আণবিক নীতিৰ দুটা উল্লেখযোগ্য দিশ উল্লেখ কৰা।
উত্তৰঃ (১) শান্তিপূর্ণ উদ্দেশ্যত আণবিক শক্তি প্রয়োগ কৰা।
(২) আণবিক অস্ত্র-শস্ত্রব সর্বাত্মক ধ্বংসৰ বিপক্ষে মত প্রকাশ।
(চ) জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা উদ্দেশ্য উল্লেখ কৰা। H.S. ’18
উত্তৰঃ জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ দুটা প্রধান উদ্দেশ্য হ’ল:
(ক) ভাৰতৰ সাৰ্বভৌমত্ব ৰক্ষা কৰা আৰু (খ) বিদেশী ৰাষ্ট্ৰবোৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰা।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ৪)
(ক) পঞ্চশীল কি? ইয়াৰ মুখ্য নীতিবোৰ কি কি? H.S. ’13
উত্তৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী পণ্ডিত জৱাহৰলাল নেহৰুরে এক ভাষণত ভাৰত-চীন সম্পৰ্কৰ পথনির্দেশক হিচাপে পাঁচটা স্তন্ত উল্লেখ
কৰে। ইয়াকেই ‘পঞ্চশীল’ বুলি কোৱা হয়। এই নীতি পাঁচটা পিছলৈ গোষ্ঠী নিৰপেক্ষ আলোন্দালনৰ ভেটি হিচাপে পৰিগণিত হয়। পঞ্চশীল
নীতিকেইটা হ’ল-
(১) অইন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সার্বভৌমত্বৰ প্রতি পাৰস্পৰিক শ্ৰদ্ধা প্রদর্শন।
(২) পাৰস্পৰিক অনাক্রমণ।
(৩) অইন বাষ্ট্রব আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা।
(৪) সমতা আৰু পাৰস্পৰিক সুবিধা।
(৫) শান্তিপূর্ণ সহাবস্থান।
(খ) ভাৰতৰ বৈদেশিক নীতিৰ প্রধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ কি কি?
নাইবা
ভাৰতৰ বৈদেশিক নীতিৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ ভাৰতৰ বৈদেশিক নীতিৰ প্রধান গুৰুত্বপূর্ণ লক্ষ্যসমূহ হ’ল-
(১) ভৌগোলিক একতা ৰক্ষা কৰা।
(২) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু উৎসাহিত কৰা।
(৩) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পর্ক স্থাপন কৰা।
(৪) ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা।
(৫) অন্যান্য বাষ্ট্ৰৰ সৈতে ব্যৱসায় বৃদ্ধি কৰা।
(৬) ভাৰতৰ আকাশমার্গ আৰু নৌপথ সুচল কৰা।
(৮) জাতিগত বৈষম্যৰ বিৰোধীতা কৰা আৰু জাতি, বর্ণ আৰু ধৰ্মৰ ক্ষেত্ৰত বৈষম্যহীন সমাজবাদী আৰ্হিৰ সমাজৰ বিকাশ কৰা।
(৭) ঔপনিবেশ শাসনৰ অধীনত থকা ৰাষ্ট্ৰসমূহৰ স্বাধীনতাক উৎসাহিত কৰা।
(৯) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূর্ণ সমাধান কৰা।
(১০) আন্তৰাষ্ট্ৰীয় সংগঠনসমূহ, বিশেষকৈ ৰাষ্ট্ৰসংঘৰ সৈতে সহযোগিতা কৰা।
৪। ৰচনাধর্মী প্রশ্নোত্তৰ (প্ৰত্যেকটোৰ মূল্যাংক- ৬)
(ক) ভাৰতৰ বৈদেশিক নীতিসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতৰ বৈদেশিক নীতিসমূহ হ’ল-
(১) গোষ্ঠী নিৰপেক্ষতা: শীতল যুদ্ধৰ সময়ৰ সৈতে খাপ খুৱাবলৈ ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি অবলম্বন কৰিছিল। অৱশ্যে শীতল যুদ্ধৰ
পৰিসমাপ্তিৰ পিছতো এই নীতি ভাৰতৰ বৈদেশিক নীতিৰ অভিন্ন অংশ হৈ আছে।
(২) উপনিবেশবাদ আৰু সাম্রাজ্যবাদৰ বিৰোধীতা: প্রায় ২০০ বছৰ ঔপনিবেশিক শাসনৰ অধীনত থকাৰ
তিক্ত অভিজ্ঞতাৰ বাবে ভাৰতে সদায় উপনিবেশবাদ আৰু সাম্রাজ্যবাদৰ বিৰোধীতা কৰি আহিছে। এই ধাৰণাৰ জৰিয়তে এচিয়া আৰু আফ্রিকাৰ
ৰাষ্ট্ৰসমূহক ঔপনিবেশিক শাসনৰ পৰা মুক্ত কৰাৰ সপক্ষে মত দিছে।
(৩) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমর্থন: ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘৰ অন্যতম প্রতিষ্ঠাপক সদস্যৰাষ্ট্ৰ। ভাবতে বিশ্ব শান্তি স্থাপনৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ
গুৰুত্বৰ ওপৰত সদায় অগ্রাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰতৰ মতে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ ৰাষ্ট্ৰসংঘৰ সীমাৰ ভিতৰত থাকি সমাধান কৰিব লাগে।
(৪) ন্যায়সংগত লক্ষ্য সাধন: মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্রাণিত ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ সমাধানৰ ক্ষেত্রত সদায় ন্যায়সংগত ব্যবস্থা
গ্রহণৰ পক্ষত থিয় দি আহিছে। ভাৰতে যুদ্ধ, হিংসা আৰু ক্ষমতা নীতিৰ বিৰোধীতা কৰে আৰু শান্তিপূর্ণ অহিংস পদ্ধতিক সমর্থন কৰে।
(৫) অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন: কোনো ধৰণৰ সামৰিক মিত্রতাত আবদ্ধ নোহোৱাকৈ ভাৰত অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূর্ণ
সম্পর্ক স্থাপনত বিশ্বাসী।
(খ) চিমলা চুক্তিৰ বিষয়ে চমুকৈ আলোচনা কৰা।
উত্তৰ: ১৯৭২ চনৰ জুন মাহত ভাৰতৰ প্ৰধান মন্ত্রী শ্রীমতী ইন্দিৰা গান্ধী আৰু পাকিস্থানৰ ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভুট্টোৰ মাজত চিমলাত এখন
চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিক ‘চিমলা চুক্তি’ বুলি কোৱা হয়। চুক্তিখনৰ মূল কথাবোৰ আছিল-
(১) দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূর্ণ আলোচনাৰ জৰিয়তে সিহঁতৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব।
(২) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰ জাতীয় একতা, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সার্বভৌম সমতাৰ প্রতি সম্মান প্রদর্শন কৰিব।
(৩) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্রয়োগ নকৰিব। ভাবতে যদিও কোনো দিন প্রথমে সংঘাত সৃষ্টি কৰা নাই,
পাকিস্থানে চিমলা চুক্তিৰ পিছতো বিভিন্ন সময়ত ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্রমূলক কার্যত উদ্গনি যোগাই আহিছে। আজিলৈকে পাকিস্থানে ভাৰতত
বহুত আপত্তিকৰ সন্ত্রাসী কার্য-কলাপ চলাইছে।
(গ) ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি কোন আছিল? জৱাহৰলাল নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ ব্যাখ্যা কৰা।
উত্তৰ: ভাৰতৰ বৈদেশিক নীতিৰ স্থপতিজন আছিল জৱাহৰলাল নেহৰু।
নেহৰুৰ বৈদেশিক নীতিৰ মূল উদ্দেশ্যসমূহ হ’ল-
(১) নেহঝবে সদায় ভাৰতৰ সার্বভৌমত্ব ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ইয়াৰ বাবে গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰি দেশৰ স্বাধীনতা যাতে
কোনো বিদেশী শক্তিৰ দ্বাৰা বিনষ্ট নহয় তাৰ চেষ্টা কৰিছিল।
(২) বিভাজিত হৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষই যাতে পুনৰবাৰ বিভাজিত হ’ব নালগে তাৰ বাবে নেহৰুবে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ লগত সুসম্পর্ক
স্থাপনত জোৰ দিছিল।
(৩) দেশখনৰ দ্রুত অর্থনৈতিক বিকাশৰ বাবে নেহঝবে বিশ্বৰ উন্নত দেশবোৰৰ সৈতে বাণিজ্যিক আৰু কাৰিকৰী সহযোগিতা বৃদ্ধি কৰাৰ সপক্ষে
মাত মাতিছিল।
(ঘ) ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছিল? আলোচনা কৰা। H.S. ’14, 16, 19
উত্তৰ: দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট বাছিয়াৰ মাজত চলি থকা শীতল যুদ্ধৰ সময়ত ভাবতে গোষ্ঠী নিৰপেক্ষ নীতি
গ্রহণ কৰিছিল। ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰাৰ মূল কাৰণবোৰ আছিল-
(১) স্বাধীনতা লাভ কৰাৰ সময়ত ভাৰত সামৰিক শক্তিত শক্তিশালী নাছিল। সেয়ে ই গোষ্ঠী নিৰপেক্ষ নীতি অর্থাৎ বিশ্বৰ প্রধান দুই শক্তি আমেৰিকা
যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট বাছিয়া কোনোটোৰে লগত যোগ নিদি যুদ্ধৰ ভয়াবহতাৰ পৰা নিজকে নিৰপেক্ষ ৰখা আৰু যুদ্ধ এৰাই চলাৰ বাবে ভাৰতে
গোষ্ঠী নিৰপেক্ষনীতি গ্রহণ কৰিছিল।
(চ) ভাৰতৰ আৰ্থিক উন্নয়নৰ বাবে শান্তিপূর্ণ পৰিৱেশৰ প্রয়োজন। সেয়ে ই কোনো গোষ্ঠীৰ লগত যোগ নিদি সকলো ৰাষ্ট্ৰৰ লগত বন্ধুত্বপূর্ণ সম্পর্ক
বজাই ৰাখিবলৈ চেষ্টা কৰি গোষ্ঠী নিৰপেক্ষ নীতি গ্রহণ কৰিছিল।
(৩) ভাৰত এখন বিশাল দেশ। সেয়ে ই স্বাধীনভাবে থাকি স্বাধীনভাবে বৈদেশিক নীতি গ্রহণ কৰি বিশ্বৰ ৰাজনীতিত সন্মানসূচক আসন পাব বুলি
নেতাসকলে দৃঢ় বিশ্বাস কৰিছিল।
(৪) শান্তিপূর্ণ ভাৰতীয় জনসাধাৰণেও ভাৰত চৰকাৰে গ্ৰহণ কৰা গোষ্ঠী নিৰপেক্ষ নীতিক অভিনন্দন জনাইছিল। কাৰণ গোষ্ঠীনিৰপেক্ষতাই
ভাৰতীয় সভ্যতা, সংস্কৃতি, ঐতিহ্য, দর্শন আদিৰ বাহক।
(ঙ) ভাৰতৰ পাৰমাণবিক নীতিৰ পথপ্রদর্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণবিক নীতিৰ বিষয়ে লিখা। H.S. ’20
নাইবা
ভাৰতৰ পাৰমাণিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। H.S. ’14, ’18
উত্তৰ: হোমী জাহাঙ্গীৰ ভাবাক ভাৰতৰ পাৰমাণৱিক নীতিৰ পথপ্রদর্শক বুলি কব পাৰি। ভাৰতৰ এক শক্তিশালী পাৰমাণবিক নীতি আছে। স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী জৱাহৰলাল নেহৰুরে আধুনিক ভাৰত নিৰ্মাণৰ বাবে বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ওপৰত যথেষ্ট বিশ্বাস বাখিছিল। নেহৰু আৰু ভাৰতৰ বাবে সৌভাগ্য যে ভাৰতত হোমী জাহাঙ্গীৰ ভাবাৰ দৰে বিজ্ঞানী আছিল। ১৯৪০ ৰ দহকৰ শেষৰ ফালে হোমী জাহাঙ্গীৰ ভাবাৰ নেতৃত্বত ভাৰতত পাৰমাণবিক কার্যসূচী আৰম্ভ হয়।
জৱাহৰলাল নেহৰু পাৰমাণবিক যুদ্ধাস্ত্র বিৰোধী আছিল। সেই কাৰণে তেওঁ ‘সুসংহত পাৰমাণবিক নিৰস্ত্ৰীকৰণ’ অনুমোদন জনাই আহিছিল। ১৯৬৪ চনৰ অক্টোবৰ মাহত চীনে পাৰমাণবিক পৰীক্ষা কৰে। ইতিমধ্যে বিশ্বত পাৰমাণৱিক যুদ্ধাস্ত্র নির্মাণৰ হাৰ বৃদ্ধি পাবলৈ ধৰে। এনে অৱস্থাত ৰাষ্ট্ৰসংঘই ‘পাৰমাণবিক নিৰস্ত্ৰীকৰণ চুক্তিত স্বাক্ষৰ কৰিবলৈ আহ্বান জনায়।
ভাৰতে আজিলৈকে এই চুক্তিত স্বাক্ষৰ কৰাৰ পৰা বিৰত আছে। কাৰণ, ভাবতে ভাবে যে চুক্তিখন বৈষম্যমূলক। অৱশ্যে ভাৰতে ১৯৬৩ চনত ‘আংশিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি’ত স্বাক্ষৰ কৰিছে আৰু ১৯৭৪ আৰু ১৯৯৮ চনত দুবাৰকৈ ভাৰতে পাৰমাণবিক পৰীক্ষা সম্পাদন কৰিছে। ১৯৯৯ চনত ভাৰতে বিশ্বাসযোগ্য ন্যূনতম প্ৰতিৰোধৰ ওপৰত এটা পাৰমাণবিক মতবাদ আৰম্ভ কৰে। ভাবতে ঘোষণা কৰে যে ৰাষ্ট্ৰখনে কেতিয়াও প্রথমে পাৰমাণবিক অস্ত্র ব্যৱহাৰ নকৰিব।
(চ) পাকিস্থানৰ সৈতে ভাৰতৰ পৰিৱৰ্তনশীল সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। H.S. ’15
উত্তৰঃ ১৯৪৭ চনৰ ১৪ আগষ্টৰ দিনা পাকিস্থান আৰু তাৰ এদিন পিছত অর্থাৎ ১৫ আগষ্টৰ দিনা ভাৰতবৰ্ষ ইংৰাজসকলৰ হাতৰ পৰা স্বাধীন হয়। স্বাধীনতাৰ ঠিক সেই সময়ৰ পৰাই ভাৰত আৰু পাকিস্থানৰ সম্পৰ্ক তিক্ততাৰে ভৰপুৰ। এই তিক্ততাৰ প্রধান বিষয়বোৰ হৈছে কাশ্মীৰ প্ৰসংগ, পাকিস্থানৰ দ্বাৰা চলাই অহা বিভিন্ন সাম্প্রদায়িক কার্যকলাপ, সন্ত্রাসবাদী ক্রিয়া কাণ্ড আৰু পাৰামণবিক পৰীক্ষণ ইত্যাদি।
১৯৬০ চনত দুয়োখন দেশৰ মাজত সিন্ধু জল চুক্তি স্বাক্ষৰিত হয়। ১৯৬৫ চনত পাকিস্থানে কাশ্মীৰ বিবাদক লৈ ভাৰত-পাকিস্থান সীমান্তত আক্রমণ চলায়। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা বিষয়ক লৈ ভাৰত আৰু পাকিস্থনৰ মাজত যুদ্ধ হয় যদিও ১৯৭২ চনত দুয়ো দেশৰ মাজত ‘চিমলা চুক্তি’ স্বাক্ষৰিত হৈ সম্পৰ্কৰ কিছু উন্নত হয়। কিন্তু ইয়াৰ পিছৰ পৰা পাকিস্থান আৰু ভাৰতৰ সম্পৰ্ক অধিক বেয়াৰ পিনে ঢাল খায়। উদাহৰণ স্বৰূপে পাকিস্থানৰ প্ৰৰোচনাত আৰু পৃষ্ঠপোষকতাত ১৯৯৩ চনত মুম্বাইত ভয়াবহ বিস্ফোৰণ, ১৯৯৯ চনৰ কার্গিল যুদ্ধ, ২০০১ চনত
ভাৰতৰ সংসদ ভবনত পাকিস্থানী সন্ত্রাসবাদীৰ দ্বাৰা আক্ৰমণ, ২০০৯ চনৰ মুম্বাইত ভয়াবহ সন্ত্রাসবাদী আক্রমণ আদি।
এনেদৰে এটাৰ পিছত এটাকৈ পাকিস্থানে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত অস্থিৰতাপূর্ণ পৰিস্থিতিৰ চেষ্টা কৰি অহা সত্বেও ভাবতে পাকিস্থানৰ সৈতে সম্পর্ক উন্নত কৰিবলৈ চেষ্টা চলাই আছে।