আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক অসমীয়া বিষয়ৰ ছাত্র বা ছাত্রী হয়, তেন্তে নিচ্ছয় আপুনি স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা Class 12 Education Chapter 1 Question Answer Solutions ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Education বিষয়ৰ পাঠভিত্তিক Class 12 Education Chapter 1 Question Answer Solutions ৰ পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Education Chapter 1 স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
অধ্যায় – ১
স্বাধীনোত্তৰ কালৰ ভাৰত বৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা
ক. চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ১)
সত্যনে অসত্য লিখা:
(১) ভাৰতত শিক্ষা আয়োগখন ১৯৬৪-৬৬ চনত প্ৰৱৰ্তন কৰা হৈছিল।
উত্তৰঃ অসত্য।
(২) ‘শিক্ষা প্রত্যাহ্বান: এক দূৰদৰ্শী আঁচনি’ এই সমলখিনি ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ লগত জড়িত।
উত্তৰঃ অসত্য।
(৩) শিক্ষা আয়োগে স্কুলীয়া শিক্ষাক তিনিটা স্তৰত ভাগ কৰিছিল।
উত্তৰঃ সত্য।
(৪) মুডালিয়াৰ আয়োগে প্রথম অধ্যায়ৰ প্রতিবেদনত মাধ্যমিক শিক্ষাৰ লক্ষ্যৰ বিষয়ে পৰামৰ্শ আগবঢ়াইছিল।
উত্তৰঃ সত্য।
(৫) অসমৰ মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল ১৯৬২ চনত।
উত্তৰঃ অসত্য।
(৬) ৰাষ্ট্ৰীয় শিক্ষানীতি পুননির্ধাৰণ কৰা হৈছিল ১৯৯২ চনত।
উত্তৰঃ অসত্য।
(৭) মুডালিয়াৰ আয়োগখন গঠন কৰা হৈছিল ড° লক্ষণস্বামী মুডালিয়াৰৰ সভাপতিত্বত।
উত্তৰঃ সত্য।
(৮) কোঠাৰী আয়োগ গঠন কৰা হৈছিল ১৯৬৪ চনৰ ১ জানুৱাৰী তাৰিখে।
উত্তৰঃ অসত্য।
(৯) ভাৰতীয় শিক্ষা আয়োগে (১৯৬৪-৬৬) উৎপাদনমুখিতাৰ ওপৰত গুৰুত্ব দিছিল।
উত্তৰঃ সত্য।
(১০) নতুন জাতীয় শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত বৃত্তিমূলক শিক্ষাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে।
উত্তৰঃ সত্য।
(১১) বর্তমান ভাৰত বৰ্ষত ১০+২+৩ শিক্ষা গাঁথনি প্রবর্তন কৰা হৈছে।
উত্তৰঃ অসত্য।
(১২) গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয় ১৯৪৮ চনত।
উত্তৰঃ সত্য।
(১৩) ৰাজ্যিক মাধ্যমিক শিক্ষা সংস্থা (State Board of Secondary Education) ১৯৬২ চনত গঠন কৰা হয়।
উত্তৰঃ সত্য।
(১৪) অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ গঠন কৰা হয় ১৯৮৪ চনত। H. S. ’15
উত্তৰঃ সত্য।
(১৫) ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰামৰ্শ মর্মে প্রথমতে ১০ খন নবোদয় বিদ্যালয় স্থাপন কৰা হৈছিল।
উত্তৰঃ অসত্য।
(১৬) অসমত মাধ্যমিক শিক্ষাৰ এটা উল্লেখযোগ্য সমস্যা হ’ল ইংৰাজী ভাষাৰ প্ৰতি থকা অকৃতকার্যতা।
উত্তৰঃ সত্য।
(১৭) ভাৰত চৰকাৰে ১৯৮৮ চনত নতুন শিক্ষানীতি প্রবর্তন কৰে।
উত্তৰঃ অসত্য।
(১৮) অসম মাধ্যমিক শিক্ষা আইনখন গৃহীত হৈছিল ১৯৬২ চনত।
উত্তৰঃ অসত্য।
(১৯) মুডালিয়াৰ আয়োগৰ সৰ্বমুঠ সদস্যৰ সংখ্যা আছিল ৯ জন।
উত্তৰঃ সত্য।
(২০) মুডালিয়াৰ আয়োগ গঠন হয় ১৯৬২ চনৰ ২৩ ছেপ্তেম্বৰ তাৰিখে।
উত্তৰ: সত্য।
(২১) কোনখন শিক্ষা আয়োগে ১০+২+৩ শিক্ষা গাঁঠনিৰ পৰৰামৰ্শ দিছিল? H. S. ’15, ’20
উত্তৰ: কোঠাৰী আয়োগে।
খ. খালী ঠাই পূৰ্ণ কৰা: (প্রত্যেকটোৰ মূল্যাংক- ১)
(১) মুডালিয়াৰ আয়োগক বুলি — জনা যায়।
উত্তৰ: মাধ্যমিক শিক্ষা আয়োগ।
(২) কোঠাৰী আয়োগৰ প্রতিবেদন — দাখিল কৰা হৈছিল।
উত্তৰ: ১৯৬৬ চনৰ ২৯ জুনত।
(৩) ‘চাকৰীৰ পৰা ডিগ্রী পৃথকীকৰণ’ বিষয়ে পৰামৰ্শ দিছিল — ।
উত্তৰ: বাষ্ট্ৰীয় শিক্ষা নীতিয়ে ১৯৮৬।
(৪) ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৮৬ৰ চূড়ান্ত আচঁনি উপস্থাপন কৰা হয় —।
উত্তৰ: মে’ মাহত।
(৫) অসম মাধ্যমিক শিক্ষা আইনখন — চনত গৃহীত হৈছিল।
উত্তৰ: ১৯৬১ চনত।
(৬) অসম মাধ্যমিক শিক্ষা আইনে — ক মাধ্যমিক শিক্ষা বোর্ডৰ সচিব স্বৰূপে পৰামৰ্শ দিয়ে।
উত্তৰ: শিক্ষাধিকর্তা।
(৭) অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয় — চনত স্থাপন হৈছিল।
উত্তৰ: ১৮৩৫ চনত।
(৮) অসমত মাধ্যমিক শিক্ষাৰ নিয়ন্ত্রণ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ — চনত হস্তান্তৰ কৰা হৈছিল।
উত্তৰঃ ১৯৪৮ চনত।
(৯) অসম মাধ্যমিক শিক্ষা বোর্ডৰ কাৰ্যালয় — ত অবস্থিত।
উত্তৰ গুৱাহাটী (বামুণীমৈদাম)।
(১০) ১৯৬৯-৭০ চনত অসমত বহুমুখী বিদ্যালয়ৰ সংখ্যা — আছিল।
উত্তৰঃ ৭০ খন।
(১১) মুডালিয়াৰ আয়োগৰ প্ৰতিবেদনত — টা অধ্যায় সন্নিবিষ্ট কৰা হৈছে।
উত্তৰঃ ১৫ টা।
(১২) মুডালিয়াৰ আয়োগৰ প্রতিবেদনৰ তৃতীয় অধ্যায়ৰ দ্বিতীয় অংশত মাধ্যমিক শিক্ষাৰ — উপস্থাপন কৰা হৈছে।
উত্তৰঃ লক্ষ্য আৰু উদ্দেশ্য।
(১৩) কোঠাৰী আয়োগৰ মতে প্রথম বহিঃ পৰীক্ষা অনুষ্ঠিত হ’ব লাগে — বছৰীয়া স্কুলীয়া শিক্ষাৰ অন্তত।
উত্তৰ: ১০ (দহ)।
(১৪) নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে ১৯৯২চনত — কমিটি সংশোধন কৰে।
উত্তৰ: ৰামমূর্তি।
(১৫) বৰ্তমানৰ কটন কলেজিয়েটব প্রকৃত নাম আছিল —।
উত্তৰঃ গুৱাহাটী ছেমিনাৰী।
(১৬) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ — আয়োগৰ পৰামৰ্শ মতে গঠন কৰা হৈছিল।
উত্তৰ: ১৯৬৪-৬৬ চনৰ কোঠাৰী।
(১৭) প্রাক বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়ৰ পৰা বিচ্ছিন্ন কৰি বিদ্যালয় স্তৰলৈ আনিব লাগে বুলি — আয়োগে পৰামৰ্শ দিছিল।
উত্তৰ: কোঠাৰী আয়োগ।
(১৮) ভাৰত চৰকাৰে ১৯৬৪ চনত গঠন কৰা আয়োগখনৰ সভাপতি আছিল —।
উত্তৰ: ডি. এছ, কোঠাৰী।
(১৯) মাধ্যমিক শিক্ষা আয়োগৰ সভাপতি আছিল —।
উত্তৰ: ড° লক্ষ্মণস্বামী মুডালিয়াৰ।
(২০) মুডালিয়াৰ আয়োগ নিয়োগ কৰা হৈছিল —।
উত্তৰঃ ১৯৫২ চনত।
(২১) মুডালিয়াৰ আয়োগখন — নামে জনা যায়।
উত্তৰ: মাধ্যমিক শিক্ষা আয়োগ।
(২২) ভাৰতৰ ভাগ্য এতিয়া শ্রেণী কোঠাত গঠন হ’ব।’ এই উক্তিটো কৰিছিল —।
উত্তৰ: কোঠাৰী আয়োগে।
(২৩) অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চনত — স্থাপন কৰা হৈছিল। H. S. ’15
উত্তৰঃ ১৯৮৪।
(২৪) জাতীয় শিক্ষানীতি গ্রহণৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰা ব্যক্তিজন কোন আছিল? H. S. ’16
উত্তৰ: ৰাজীৱ গান্ধী।
(২৪) অসম মাধ্যমিক শিক্ষা বোর্ড — ৰ নিৰ্দেশ মর্মে স্থাপন কৰা হৈছিল। H. S. ’19
উত্তৰঃ কোঠাৰী আয়োগ
(২৫) বিশ্বৰ দ্বিতীয় বৃহৎ মুক্ত বিশ্ববিদ্যালখনৰ নাম হৈছে — H. S. ’19
উত্তৰঃ ইন্দৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়।
(২৬) ‘বিশ্ব জনসংখ্যা দিবস’ — তাৰিখে পালন কৰা হয়। H. S. ’19
উত্তৰঃ ১২ জুলাই।
(২৭) তিবিলিচি আন্তর্জাতিক পৰিবেশ শিক্ষা সম্মিলন — চনত অনুষ্ঠিত হৈছিল।
উত্তৰঃ ১৯৭৭
গ. চমুকৈ উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক – ২)
(১) নবোদয় বিদ্যালয় বুলিলে কি বুজা? H. S. ’19
উত্তৰ : ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্রদান কৰা পৰামৰ্শ অনুযায়ী গ্রামাঞ্চলৰ বৌদ্ধিকভাৱে উন্নত ছাত্রই যাতে আর্থিক অভাৱৰ বাবে শিক্ষাৰ পৰা বঞ্চিত নহয় তাৰ ব্যৱস্থা কৰা এক শ্ৰেণীৰ বিদ্যালয হৈছে ‘নবোদয় বিদ্যালয়’। উৎকর্ষ সাধন, গুণমানবিশিষ্টতা আৰু সামাজিক ন্যায় স্থাপন আদি নবোদয় বিদ্যালয়ৰ আদর্শ। নবোদয় বিদ্যালয়বোৰ আবাসিক আৰু বিনামূলীয়া।
(২) নবোদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ কি কি?
উত্তৰ: নবোদয় বিদ্যালয়ৰ উদ্দেশ্যসমূহ তলত উল্লেখ কৰা হ’ল-
(১) গ্রামাঞ্চলৰ ল’ৰা-ছোৱালীক উন্নত শিক্ষা দিয়া।
(২) বিনামূলীয়া শিক্ষা প্রদান।
(৩) দৰিদ্ৰতাই বাধাগ্রস্ত কৰা সকলক শিক্ষাৰ সুযোগ দিয়া।
(৩) ‘অপাৰেচন ব্লেকবোর্ড’ মানে কি?
উত্তৰ: ‘অপাৰেচন ব্লেকবোর্ড’ হৈছে এখন আঁচনি যাৰদ্বাৰা প্ৰাথমিক বিদ্যালয় সমূহত প্রয়োজনীয় সা-সঁজুলি যোগান ধৰাৰ ওপৰিও প্রতিখন স্কুলত দুজনকৈ শিক্ষক (এগৰাকী মহিলা) নিয়োগৰ ব্যবস্থা কৰা হয়।
(8) ECCE মানে কি বুজাই লিখা? H. S. ’15, ’17
উত্তৰ: ECCE অর্থাৎ Early Childhood Care and Education মানে হ’ল আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা। ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কণ কণ শিশুহঁতে যাতে আনন্দমুখৰ পৰিবেশৰ মাজত বিকাশ লাভ কৰিব পাৰে তাৰ ব্যৱস্থা লোৱাৰ বাবে সুষম স্বাস্থ্যসম্মত খাদ্যৰ যোগান দিয়া হয় লাগতে সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব প্রদান কৰে।
(৫) ১৯৮৬ চনৰ নতুন শিক্ষানীতিয়ে পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে আগবঢ়োৱা দুটা পৰামৰ্শ লিখা।
উত্তৰ: পৰীক্ষা সংস্কাৰৰ নামত নতুন শিক্ষানীতিয়ে আগবঢ়োৱা পৰামৰ্শ দুটা উল্লেখ কৰা হ’ল-
(১) অবিৰত সামুহিক মূল্যায়ন ব্যৱস্থাৰ প্ৰবৰ্তন।
(২) আংকিক মানৰ পৰিৱৰ্তে গ্রেড প্রদানৰ ব্যৱস্থা কৰা।
(৬) জাতীয় শিক্ষা ব্যবস্থা বুলিলে কি বুজা? H. S. ’16
উত্তৰ: কোঠাৰী আয়োগে জাতীয় বিকাশৰ দিশত সফলতা অর্জন কৰিবৰ বাবে দেশৰ সমস্যা সমাধানৰ ক্ষমতা অকল শিক্ষাতহে নিহিত হৈ থকাৰ কথা অনুভৱ কৰে। সেইকাৰণে আয়োগে জাতীয় শিক্ষা ব্যৱস্থাক ইয়াৰ গুণগত আৰু সংখ্যাগত দিশত সু-সংগঠিত কৰি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্রদান কৰে।
(৭) কর্ম অভিজ্ঞতা মানে কি বুজা?
নাইবা
কোঠাৰী আয়োগৰ পৰামৰ্শ মতে কর্ম অভিজ্ঞতা কি? H. S. ’15
উত্তৰ: কর্ম অভিজ্ঞতা হ’ল শিক্ষা আৰু কৰ্মৰ মাজত সমন্বয় সাধনকাৰী বিষয়। ইয়াৰ সহায়ত গৃহ, বিদ্যালয়, কর্মশালা আদি সকলোতে অংশগ্রহণ কৰিব পাৰি। কর্ম অভিজ্ঞতা সাধাৰণ আৰু বৃত্তিমূলক দুয়ো ধৰণৰ হ’ব পাৰে। কোঠাৰী আয়োগে মতামত প্রকাশ কৰিছিল যে কর্ম অভিজ্ঞতা সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ শিক্ষা অবিচ্ছেদ্য অংগ হোৱা উচিত।
(৮) ১৯৬৪ চনৰ কোঠাৰী আয়োগৰ মতে প্রাথমিক শিক্ষাৰ গাঁথনিৰ বিষয়ে লিখা।
উত্তৰ: কোঠাৰী আয়োগৰ মতে প্রাথমিক শিক্ষাৰ গঠনমূলক প্রক্রিয়া আছিল ৭-৮ বছৰলৈ প্রাথমিক পর্যায়। ইয়াত ৪/৫ বছৰৰ বাবে নিম্ন প্রাথমিক আৰু উচ্চ মাধ্যমিক সাধাৰণ শিক্ষা ২ বছৰৰ।
(৯) কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ গাঁথনিৰ বিষয়ে লিখা। H. S. ’16
উত্তৰ: কোঠাৰী আয়োগৰ মতে নিম্ন মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বা ৩ বছৰৰ বাবে আৰু বৃত্তীয় শিক্ষা ১ৰ পৰা ৩ বছৰলৈ। আনহাতে, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ৰ পৰা ৩ বছৰলৈ।
(১০) নতুন জাতীয় শিক্ষা নীতি, ১৯৮৬ ৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ (পৰামৰ্শ) উল্লেখ কৰা। H. S. ’15
উত্তৰ: জাতীয় শিক্ষা নীতি, ১৯৮৬ চনৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ হ’ল-
(ক) নির্দিষ্ট পর্যায় এটালৈকে ছাত্র-ছাত্রীসকলে জাতি, বর্ণ, লিংগ, স্থান নির্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব লাগে।
(খ) সমগ্র দেশতে ১০+২+৩ শিক্ষা গাঁথনি প্ৰৱৰ্তন কৰিব লাগে।
(গ) উচ্চ শিক্ষা আৰু কাৰীকৰি শিক্ষাৰ অনুষ্ঠানবোৰৰ মিজত আদান-প্রদানৰ ব্যৱস্থা কৰিব লাগে।
(ঘ) পাঠ্যক্ৰম প্ৰস্তুতিৰ দ্বাৰা সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সমতা, ধর্ম নিৰপেক্ষতা আৰু এক শ্রেণীবিহীন সমাজ ব্যবস্থা গঢ় দি তুলিব লাগে।
১১। ‘অসম উচ্চচতৰ মাধ্যমিক শিক্ষা সংসদ’ৰ বিষয়ে এটা চমু টোকা লিখা।
উত্তৰ: ১৯৮৪ চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত ‘অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ’ গঠন কৰা হয়। এই পৰিষদে মাধ্যমিক শিক্ষা পৰ্যায়ৰ প্ৰশাসনীয় আৰু শৈক্ষিক দায়িত্ব বহন কৰে। ইয়াৰ ফলতেই উচ্চতৰ মাধ্যমিক পৰিচালনা, নিয়ন্ত্রণ আৰু প্ৰশাসনৰ দায়িত্ব পৰিষদৰ হাতলৈ যায়।
১২। ভাৰতীয় শিক্ষা নীতি, ১৯৮৬ ৰ পৰামৰ্শ অনুযায়ী ভাৰতত প্রাথমিক শিক্ষাৰ উন্নতিৰ বাবে গ্ৰহণ কৰা আঁচনিখনৰ নাম কি আছিল? H. S. ’15
উত্তৰ: অপাৰেচন ব্লেক বোর্ড।
১৩। ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। H. S. ’16
উত্তৰ: ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগৰ দুটা পৰামৰ্শ হ’ল-
(ক) অনুশাসনৰ প্রশিক্ষণ আৰু
(খ) নেতৃত্বৰ প্রশিক্ষণ।
১৪। মুডালিয়াৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা। H. S. ’16
উত্তৰ: মুডায়িাৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন হ’ল-
(ক) অসমত বহুমুখী বিদ্যালয় প্রতিষ্ঠা কৰা আৰু
(খ) অসমত মাধ্যমিক শিক্ষা আইন বলবৎ কৰা।
১৫। মাধ্যমিকি শিক্ষাৰ লক্ষ্য হিচাপে ‘বৃত্তিমূলক যোগ্যতা বিকাশ’ সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ কি আছিল? H. S. ’17, ’20
উত্তৰ: মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতা বিকাশ সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শ হৈছে –
(ক) শিক্ষার্থীসকলে কামৰ সৰু-বৰ লক্ষ্য নকৰি কামৰ প্ৰতি মনত শ্রদ্ধাভাৱৰ গঢ় দিব লাগিব। মাধ্যমিক শিক্ষাৰ যোগেদি এনে শিক্ষা দিয়া উচিত।
(খ) শিক্ষাৰ সকলো দিশতে কাৰিকৰী দিশৰ নিপুণতা আৰু যোগ্যতা বিকশাই তুলিবৰ বাবে ছাত্র-ছাত্রী সকলক প্রশিক্ষণ প্রাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ় দিব লাগিব।
১৬। মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা ত্রুটি লিখা।
উত্তৰ: মুডালিয়াৰ আয়োগে উল্লেখ কৰা শিক্ষাৰ দুটা ত্রুটি হৈছে
(ক) মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম বাস্তৱ জীৱনৰ লগত জড়িত নহয়।
(খ) মাধ্যমিক শিক্ষা ব্যৱস্থাত শিক্ষার্থীৰ পূৰ্ণ ব্যক্তিত্ব বিকাশৰ সুবিধা নাই। H. S. ’18
১৭। অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ দুটা উল্লেখযোগ্য প্রভাব উল্লেখ কৰা।
উত্তৰ: অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ উল্লেখযোগ্য পৰামর্শ হ’ল-
(ক) ১২ বছৰীয়া স্কুলীয়া শিক্ষাৰ প্ৰৱৰ্তন।
(খ) উচ্চতৰ মাধ্যমিক শিক্ষা দুবছৰীয়া।
১৮। অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয়। দুটা কাৰণ লিখা। H.S. ’19
উত্তৰ: অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয়। কিয়নো যিসকল লোকে কিবা কাৰণত আনুষ্ঠানিক শিক্ষা লাভৰ পৰা বঞ্চিত হয়, তেনে লোকে অগতানুগতিক বা অনানুষ্ঠানিক শিক্ষা গ্রহণকৰি শিক্ষিত হ’ব পাৰে। এনে শিক্ষা ব্যবস্থা নমনীয়, কম খৰচী আৰু জীৱনৰ যিকোনো সময়তে লাভ কৰিব পাৰি। অর্থাৎ গতানুগতিক শিক্ষাৰ লাভৰ পৰা বঞ্চিত হোৱা লোকে অগতানুগতিক শিক্ষা লাভ কৰি শিক্ষা লাভৰ অভাৱ পূৰণকৰিব পাৰে বাবে অগতানুগতিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ পৰিপূৰক বুলি কোৱা হয়।
ঘ. উত্তৰ দিয়া: (প্রত্যেকটোৰ মূল্যাংক ৩)
(১) মাধ্যমিক শিক্ষা আয়োগে মাধ্যমিক শিক্ষাত নাগৰিকত্বৰ বিকাশ সাধনৰ বাবে কেনেধৰণৰ পৰামৰ্শ আগবঢ়াইছিল ব্যাখ্যা কৰা। H. S. ’17
উত্তৰ: গণতান্ত্রিক দেশ এখনত সু-নাগৰিক গঢ় দি তোলাই হৈছে মাধ্যমিক শিক্ষাৰ প্রধান লক্ষ্য। মাধ্যমিক স্তৰত শিক্ষার্থীসকলক পুৰণি ৰীতি-নীতিৰ মাজত আৱন্ধ নাৰাখি বিজ্ঞানভিত্তিক জ্ঞান প্রদান কৰাটো অতি প্রয়োজনীয়। এনে ধৰণৰ জ্ঞানে শিক্ষার্থীক বস্তুনিষ্ঠ মনোভাব গঢ় দি তোলাত সহায় কৰে।
গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ সাধন হ’বলৈ প্রত্যেকজন নাগৰিকৰে বহু গুণৰ প্রয়োজন, সেয়া হ’ল-
(ক) সুস্থ চিন্তাধাৰা।
(খ) সুস্থ সামাজিক সমাযোজন।
(গ) সামাজিক ন্যায়।
(ঘ) বাক পটুতা আৰু লিখনীৰ স্পষ্টতা।
(ঙ) সহনশীলতা আৰু
(চ) প্রকৃত স্বদেশপ্রেম।
(২) মুডালিয়াৰ আয়োগে নির্দেশনা দিয়া গণতন্ত্রত নেতৃত্বৰ শিক্ষাৰ প্রয়োজনীয়তাৰ সম্পৰ্কে বহলাই ব্যাখ্যা কৰা।
উত্তৰঃ গণতন্ত্ৰৰ বিকাশৰ বাবে নেতৃত্বৰ শিক্ষা অতি প্রয়োজনীয় বুলি মুডালিয়াৰ আয়োগে অনুভৱ কৰে। নেতৃত্বৰ শিক্ষাৰ ক্ষেত্ৰত মুডালিয়াৰ আয়োগে উল্লেখিত দিশসমূহৰ ওপৰত গুৰুত্ব প্রদান কৰে-
(১) মাধ্যমিক স্তৰৰ শিক্ষার্থীসকলে তেওঁলোকৰ নিজ নিজ অঞ্চলৰ আৰু সম্প্রদায়সমূহৰ মাজত সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক দিশত নেতৃত্ব দিব পাৰিব লাগে।
(২) মাধ্যমিক শিক্ষাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সমাজৰ মধ্যস্থ পর্যায়ত নেতৃত্ব দিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।
(৩) মাধ্যমিক স্তৰত অনুশাসন আৰু নেতৃত্বৰ শিক্ষা প্রদান কৰিব লাগে।
(৪) তেওঁলোকে নাগৰিক আৰু বৃত্তিগত যোগ্যতা আৰু চৰিত্ৰৰ গুণসমূহ আহৰণ কৰি জাতীয় জীবন উন্নত কৰি তুলিব পাৰিব লাগে।
(৩) ১৯৬৪ চনৰ কোঠাৰী আয়োগৰ মতে প্রাথমিক শিক্ষাৰ গাঁথনি কেনে ধৰণৰ হোৱা উচিত? বর্ণনা কৰা।
উত্তৰঃ ১৯৬৪ চনৰ কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি ১০+২+৩ ৰ ভিত্তিত হোৱাৰ ওপৰত গুৰুত্ব প্রদান কৰে। আয়োগৰ মতে প্রাথমিক শিক্ষাৰ গাঁথনি হ’ব লাগে নিম্নোক্ত ধৰণৰ-
(ক) সম্ভৱপৰ হ’লে প্রাথমিক শিক্ষাৰ পূৰ্বে ১ বছৰৰ পৰা ৩ বছৰলৈ প্রাক্-প্রাথমিক শিক্ষা প্রদান কৰিব লাগে।
(খ) প্রাথমিক স্কুলত প্রথম শ্রেণীত নাম ভৰ্ত্তিৰ বয়স সাধাৰণতে ৬ বছৰৰ কম হ’ব নালাগে।
(গ) প্রাথমিক পর্যায় ৭-৮ বছৰলৈ। ইয়াক দুটা উপ-পর্যায় হিচাপে ভাগ কৰি নিম্ন প্রাথমিক ৪-৫ বছৰৰ আৰু উচ্চ প্রাথমিক ৩ বছৰৰ কৰিব লাগে।
(৪) ১৯৮৬ চনৰ নতুন শিক্ষানীতিয়ে শিক্ষাৰ গাঁথনিৰ পৰিবৰ্তনৰ ক্ষেত্ৰত কি পৰামৰ্শ আগবঢ়াইছিল? H. S. ’15
উত্তৰ: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থাত সকলোৰে বাবে সাধাৰণ শিক্ষাৰ গাঁথনিৰ কথা কোৱা হৈছে। দেশৰ সমগ্র অঞ্চলতে ১০+২+৩ সূত্ৰৰ আৰ্হিত শিক্ষা প্ৰদানৰ ওপৰত মতপোষণ কৰে। ইয়াৰে প্ৰথম দহ বছৰৰ পাঁচ বছৰ প্ৰাথমিক শিক্ষা, তিনি বছৰ উচ্চ প্রাথমিক শিক্ষা আৰু দুই বছৰীয়া মাধ্যমিক শিক্ষাৰ কথা কোৱা হৈছে। দহ বছৰীয়া স্কুলীয়া শিক্ষাৰ অন্তত ২ বছৰীয়া উচ্চতৰ মাধ্যমিক শিক্ষা আৰু ডিগ্রী পাঠ্যক্রম হ’ব সম্পূর্ণ তিনি বছৰীয়া হ’ব লাগে।
(৫) মাধ্যমিক শিক্ষা আয়োগ গঠন কৰাৰ অন্তৰালত কি কাৰণ নিহিত হৈ আছে উল্লেখ কৰা।
উত্তৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেখা যায় যে- মাধ্যমিক শিক্ষাই শিক্ষার্থীক কেৱল বিশ্ববিদ্যালয়ৰ শিক্ষা আহৰণৰ বাবেহে উপযুক্ত কৰি তোলে। অর্থাৎ এই শিক্ষাই শিক্ষার্থীসকলক যেনে ধৰণৰ আদৰ্শ আৰু প্ৰেৰণা দি গঢ়ি তুলিব লাগিছিল তেনে ধৰণে সফলতা লাভ কৰিব পৰা নাই। এই শিক্ষাই শিক্ষার্থীৰ মাজত সমাজৰ প্রতি থকা তেওঁলোকৰ দায়িত্ব তথা কর্তব্য, মূল্যবোধ আৰু নেতৃত্ববোধৰ মনোভাব জাগৃত কৰিব পৰা নাই। ১৯৪৮ চনৰ কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদৰ বৈঠকত ভাৰতৰ শিক্ষাৰ দায়িত্বত থকা মন্ত্রী মৌলানা আবুল কালাম আজাদে কৈছিল- “প্রচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল। নতুন সূত্র উদ্ভাৱন কৰিব লাগিব।” কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠন আৰু মূল্যায়নৰ কথা উপলব্ধি কৰি ১৯৪৯ চনতেই এখন মাধ্যমিক শিক্ষা আয়োগ গঠনৰ বাবে চৰকাৰৰ ওচৰত প্রস্তাব দাঙি ধৰিছিল।
(৬) ১৯৮৬ চনৰ (নতুন জাতীয় শিক্ষানীতি, ১৯৮৬) পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ কি কি? H. S. ’12
উত্তৰ: ১৯৮৬ চনৰ পৰামৰ্শ অনুযায়ী শিক্ষাৰ লক্ষ্যসমূহ হ’ল-
(ক) নির্দিষ্ট পর্যায় এটালৈকে ছাত্র-ছাত্রীসকলে জাতি-বর্ণ, লিংগ, স্থান নির্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব লাগে।
(খ) সমগ্র দেশতে ১০+২+৩ শিক্ষা গাঁথনি গ্রহণ কৰিব লাগে।
(গ) উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ অনুষ্ঠানবোৰৰ মাজত আদান-প্রদানৰ ব্যৱস্থা কৰিব লাগে।
(ঘ) পাঠ্যক্রম প্রস্তুতিৰ দ্বাৰা সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সমতা, ধৰ্মনিৰপেক্ষতা আৰু এক শ্রেণীবিহীন সমাজ ব্যৱস্থা গঢ় দিব লাগে।
(৭) নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ‘সমতাৰ বাবে শিক্ষা’ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শ লিখা। H. S. ’18
উত্তৰ: নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাৰ ক্ষেত্ৰত থকা কেতবোৰ বৈষম্য দূৰীকৰণৰ বাবে ‘সমতাৰ বাবে শিক্ষা’ প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল আৰু স্ত্রী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰিছিল। লগতে অনুসূচিত জাতি, জনজাতি, সংখ্যালঘু, বাধাগ্রস্ত আৰু প্রাপ্তবয়স্ক লোকসকলৰ বাবেও শিক্ষা প্ৰদানৰ কাৰণে কেতবোৰ বব্যস্থা গ্রহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। বাধাগ্ৰস্তুসকলৰ বাবে প্রতিখন জিলাতে আবাসিক বিদ্যালয় স্থাপনৰ কথাত এই শিক্ষানীতিয়ে ঘোষণা কৰিছিল।
(৮) কি চৰ্তৰ ভিত্তিত ১৯৮৬ চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্রস্তুত কৰা হৈছিল? ব্যাখ্যা কৰা।
উত্তৰ: দেশৰ মানৱ সম্পদৰ সম্পূর্ণ বিকাশ সাধন কৰিবলৈ হ’লে এক পৰিকল্পিত তথা সুস্থিৰ শিক্ষা ব্যৱস্থা কাৰ্যকৰীকৰণৰ অতি প্রয়োজন। এই প্রয়োজন পুৰণ কৰিবলৈ দেশত শিক্ষানীতি প্ৰৱৰ্তন কৰা হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ মাজেৰে নৱপ্ৰজন্মক ২১শতিকাৰ বাবে প্রস্তুত কৰি তোলাৰ উদ্দেশ্যে ১৯৮৫ চনৰ ‘শিক্ষা প্রত্যাহ্বান’ নামৰ এখন শিক্ষা সম্পর্কীয় পত্র প্রকাশ কৰে। ‘শিক্ষা ৰাষ্ট্ৰৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংযোজনৰ ক্ষেত্ৰত এক অদ্বিতীয় আৰু উল্লেখযোগ্য অৱস্থা’ এই তত্ত্বৰ ওপৰত ভিত্তি কৰি ১৯৮৬ চনৰ মে’ মাহত সংসদৰ দুয়োখন অধিৱেশনত নতুন বাষ্ট্রীয় শিক্ষানীতি গ্রহণ কৰা হয়।
(৮) ১০+২+৩ গাঁথনি কি?
নাইবা
মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা। H. S. ’20
উত্তৰ: কোঠাৰী আয়োগে শিক্ষাৰ গাঁথনি ১০+২+৩ৰ ভিত্তিত হ’ব লাগে বুলি গুৰুত্ব প্রদান কৰিছে। এই গাঁথনি পর্যায়ক্রমে ২০ বছৰৰ ভিতৰত কাৰ্যকৰীকৰণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। নতুন আঁচনি অনুসৰি একাদশ শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা বিশেষীকৰণ কৰা। প্রাক-বিশ্ববিদ্যালয় অধ্যয়ন সূচী বিশ্ববিদ্যালয় আৰু সংবদ্ধ কলেজবোৰৰ পৰা মাধ্যমিক বিদ্যালয়লৈ স্থানান্তৰিত কৰাৰ ওপৰত গুৰুত্ব প্রদান কৰা হয়। আয়োগৰ দৃষ্টিগোচৰ হোৱা নমনীয় নতুন শিক্ষা গাঁথনি আছিল তলত দিয়া ধৰণৰ-
(১) প্রাক-প্রাথমিক শিক্ষা ১ বছৰৰ পৰা ৩ বছৰলৈ।
(২) প্রাথমিক শিক্ষা ৭/৮ বছৰলৈ।
(৩) নিম্ন মাধ্যমিক বা হাইস্কুলৰ শিক্ষা ২ বা ৩ বছৰ আৰু বৃত্তীয় শিক্ষা ১ বছৰৰ পৰা ৩ বছৰ হ’ব লাগে।
(৪) উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু
(৫) ৩ বছৰীয়া ডিগ্রী পাঠ্যক্রম।
(১০) উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ বুলিলে কি বুজা?
উত্তৰ: ১৯৮৪ চনত কোঠাৰী আয়োগৰ পৰামৰ্শৰ ভিত্তিত “অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ” গঠন কৰা হয়। এই পৰিষদে মাধ্যমিক শিক্ষা পর্যায়ৰ প্ৰশাসনীয় আৰু শৈক্ষিক দায়িত্ব বহন কৰে। ইয়াৰ ফলতেই উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰিচালনা, নিয়ন্ত্ৰণ আৰু প্ৰশাসনৰ দায়িত্ব পৰিষদৰ হাতলৈ আহে। তেতিয়াৰ পৰা আগতে গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হাতত থকা উচ্চতৰ মাধ্যমিক শিক্ষাৰ পাঠ্যক্রম প্রস্তুতি, পাঠ্যপুথি প্রণয়ন, পৰীক্ষণ আদিৰ সকলো দায়িত্ব পৰিষদৰ হাতলৈ যায়। স্কুলৰ বাহিৰেও মহাবিদ্যালয় পর্যায়তো উচ্চ মাধ্যমিক শ্রেণী দুটা সংলগ্ন হৈ আছে যদিও ইয়াৰ সম্পূৰ্ণ দায়িত্ব উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ হাতত থাকে।
৯। শিক্ষাৰ বৃত্তিমূক্ষ্মী কৰণ বুলিলে কি বুজা? H. S. ’15, ’20
উত্তৰঃ শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে এনে শিক্ষা ব্যৱস্থাক সুচোৱা হয় যি শিক্ষাৰ জৰিয়তে ব্যক্তিক দৈনন্দিন জীৱনত প্রয়োজন হোৱাকৈ বৃত্তি বা কর্ম শিক্ষাব পৰা যায়। এনে শিক্ষা ব্যৱস্থাৰ দ্বাৰা দেশৰ নিবনুৱা সমস্যা সমাধান কৰিবলৈ প্ৰয়াস কৰা হয়। শিক্ষাক বৃত্তিমুখী কৰিবলৈ হ’লে দেশৰ মাধ্যমিক আৰু উচ্চ শিক্ষা পর্যায়ত বিজ্ঞান ভিত্তিক কাৰীকৰি শিক্ষা প্রদান কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। ভাৰতবৰ্ষত কোঠাৰী আয়োগে বৃত্তিমুখী শিক্ষাৰ ওপৰত অধিক জোৰ দিছিল।
১০। কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী ‘কর্ম অভিজ্ঞতা’ কি? H. S. ’15
উত্তৰ: ‘কর্ম অভিজ্ঞতা’ সম্পর্কে কোঠাৰী আয়োগৰ পৰামৰ্শ আছিল যে শিক্ষাৰ অংশ হিচাপে সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ শিক্ষাত কর্ম অভিজ্ঞতাক অন্তর্ভুক্ত কৰিব লাগে। কর্ম অভিজ্ঞতা শিক্ষাইহে ল’ৰা-ছোৱালীক কর্মসংস্থানৰ পথ মুকলি কৰিব।
১১। মাধ্যমিক শিক্ষাৰ সংগঠন সম্পর্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ চমুকৈ লিখা। H. S. ’18
উত্তৰ: কোঠাৰী আয়োগৰ মতে প্রাথমিক শিক্ষাৰ গঠনমূলক প্রক্রিয়া আছিল ৭-৮ বছৰলৈ প্রাথমিক পর্যায়। ইয়াত ৪/৫ বছৰৰ বাবে নিম্ন প্ৰাথমিক আৰু উচ্চ মাধ্যমিক সাধাৰণ শিক্ষা ২ বছৰৰ। কোঠাৰী আয়োগৰ মতে নিম্ন মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বা ৩ বছৰৰ বাবে আৰু বৃত্তীয় শিক্ষা ১ৰ পৰা ৩ বছৰলৈ। আনহাতে, উচ্চতৰ মাধ্যমিকৰ সাধাৰণ শিক্ষা ২ বছৰৰ আৰু বৃত্তীয় শিক্ষা ১ৰ পৰা ৩ বছৰলৈ। মুডায়িাৰ আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংঘটিত হোৱা দুটা পৰিৱৰ্তন হ’ল-
(ক) অসমত বহুমুখী বিদ্যালয় প্রতিষ্ঠা কৰা আৰু
(খ) অসমত মাধ্যমিক শিক্ষা আইন বলবৎ কৰা।
(গ) শিক্ষার্থীসকলে কামৰ সৰু-বৰ লক্ষ্য নকৰি কামৰ প্ৰতি মনত শ্রদ্ধাভাৱৰ গঢ় দিব লাগিব। মাধ্যমিক শিক্ষাৰ যোগেদি এনে শিক্ষা দিয়া উচিত।
(ঘ) শিক্ষাৰ সকলো দিশতে কাৰিকৰী দিশৰ নিপুণতা আৰু যোগ্যতা বিকশাই তুলিবৰ বাবে ছাত্র-ছাত্রী সকলক প্রশিক্ষণ প্রাপ্ত আৰু যোগ্য ব্যক্তি হিচাপে গঢ় দিব লাগিব।
৩. দীঘলীয়া প্রশ্ন: (প্রত্যেকটোৰ মূল্যাংক – ৪/৫
(১) মাধ্যমিক শিক্ষাৰ সমস্যা আঁতৰোবাৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা। H. S. ’15
উত্তৰ: মাধ্যমিক শিক্ষাত দেখা দিয়া সমস্যাসমূহ আঁতৰ কৰিবলৈ হ’লে নিম্নোক্ত ব্যৱস্থাবোৰ গ্রহণযোগ্য-
(ক) প্রশিক্ষণপ্রাপ্ত শিক্ষক নিযুক্তি দিয়া।
(খ) পাঠ্যক্রমসমূহ বাস্তৱ জীৱনৰ লগত সংগতি ৰাখি প্রস্তুত কৰিব লাগে।
(গ) মাধ্যমিক শিক্ষাত বৃত্তিমূলক বিষয়ৰ ওপৰত গুৰুত্ব প্রদান কৰিব লাগে।
(ঘ) শিক্ষাৰ ক্ষেত্ৰত থকা বৈষম্য আঁতৰ কৰি গুণগত মানবিশিষ্ট শিক্ষা প্রদান কৰিব লাগে।
(২) কি অবস্থাত মুডালিয়াৰ আয়োগ গঠন কৰা হৈছিল?
উত্তৰ: কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠন আৰু মূল্যায়নৰ কথা চিন্তা কৰি ১৯৪৯ চনতেই মাধ্যমিক শিক্ষাৰ আয়োগ গঠনৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰে। এনেধৰণৰ প্ৰস্তাৱ পুনৰ ১৯৫১ চনত পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উপস্থাপন কৰে। ফলত ১৯৫২ চনৰ ২৩ চেপ্টেম্বৰ তাৰিখে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰা হয়। ড° লক্ষণস্বামী মুডালিয়াৰৰ অধ্যক্ষতাত এই আয়োগ গঠন কৰা হয় আৰু তেখেতৰ নাম অনুসৰি এই আয়োগখনক ‘মুডালিয়াৰ আয়োগ’ বুলি কোৱা হয়। সমগ্র দেশৰ পৰাই কেতবোৰ তথ্য সংগ্ৰহ কৰি আয়োগে মুঠ ৩০০ পৃষ্ঠাজোৰা প্রতিবেদনখনক মুঠ ১৫ টা বিভাগত বিভক্ত কৰি ১৯৫৩ চনৰ ২৫ আগষ্ট তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ হাতত অর্পণ কৰে।
(৩) কোঠাৰী আয়োগ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিষয়ে লিখা। H. S. ’19
উত্তৰ: কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি অসমৰ মাধ্যমিক শিক্ষাৰ পুনৰ সাংগঠনিক পৰিৱৰ্তন সাধন কৰা হয়। আয়োগৰ ১০+২+৩ শিক্ষা গাঁথনি অসমতো প্রযোজ্য হয়। এই পৰামৰ্শ অনুযায়ী ১০ বছৰীয়া মাধ্যমিক স্কুল আৰু ২ বছৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ শিক্ষা ব্যৱস্থা অসম মাধ্যমিক শিক্ষা সংস্থাই গ্রহণ কৰে আৰু ১৯৭৩ চনৰ পৰা তাৰ কাৰ্যকৰীকৰণ কৰা হয়। ইতিমধ্যে ৬৭ খন মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিকলৈ উন্নীতকৰণ কৰা হয়। ছাত্র-ছাত্রীৰ সংখ্যাত (১১-১৪ আৰু১৪-১৮) ১৯৪৭-৪৮ চনৰ ৬৫১১৩ আৰু ৩১০০৩ ৰ পৰা ১৯৬৪-৬৫ চনৰ ৩০১৩৫৭ আৰু ১৯৮১১৯ জন হয়।
১৯৮৪ চনৰ কোঠাৰী আয়োগৰ পৰামৰ্শমতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ গঠন কৰা হয়। কোঠাৰী আয়োগৰ পৰামৰ্শমতেই বিদ্যালয়ত এই স্তৰত বিজ্ঞান আৰু গণিত বাধ্যতামূলক বিষয় হিচাপে, ভূগোল আৰু বুৰঞ্জী ঐচ্ছিক বিষয় হিচাপে অন্তৰ্ভূক্ত কৰাৰ লগতে কর্মঅভিজ্ঞতাও অন্তর্ভুক্ত কৰা হয়।
(৪) অসম মাধ্যমিক শিক্ষা আইন ১৯৬১ৰ চাৰিটা ব্যৱস্থা (দফা)ৰ বিষয়ে লিখা। H. S. ’17, ’20
উত্তৰ: মাধ্যমিক শিক্ষাৰ দ্রুত সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি ১৯৬১ চনত মাধ্যমিক শিক্ষা আইন প্রস্তুত কৰা হয়। ইয়াৰ প্রধান উদ্দেশ্য হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক মাধ্যমিক পর্যায়ৰ শিক্ষা প্রশাসনৰ দায়িত্বৰ পৰা ৰেহাই দিয়া। এই আইনখনৰ অন্তৰ্গত ব্যবস্থাসমূহ আছিল তলত দিয়া ধৰণৰ –
(১) এই আইনখন সমগ্ৰ অসমৰ বাবে প্রযোজ্য হ’ব।
(২) অসমৰ সকলোবোৰ মাধ্যমিক শিক্ষাৰ অনুষ্ঠান অসমৰ মাধ্যমিক শিক্ষা সংস্থাৰ অধীনলৈ আহিব। এই সমূহৰ ওপৰত পূর্বে থকা গুৱাহাটী বিশ্ববিদ্যালয় অথবা আন কোনো সংস্থাৰ প্ৰভাৱ নাথাকিব।
(৩) চৰকাৰে জাননীৰ যোগে মাধ্যমিক শিক্ষা সংস্থা গঠন কৰিব আৰু বিকাশ সাধনৰ দায়িত্ব প্রদান কৰিব।
(৪) শিক্ষা বিভাগৰ সঞ্চালক এই সংস্থাৰ সভাপতি হ’ব। ইয়াৰ উপৰিও কৃষি, কাৰিকৰী, স্বাস্থ্য, শিল্প বিভাগ আদিৰ সঞ্চালক, বিশ্ববিদ্যালয়ৰ কলাগুৰুসকল, স্ত্রী শিক্ষাৰ শিক্ষাধিকাৰ আৰু চৰকাৰৰ দ্বাৰা নিযুক্ত আৰু মনোনীত সদস্যসকল থাকিব। সংস্থাৰ সচিব চৰকাৰে নিযুক্ত কৰিব, যিজন তাত এজন সদস্য স্বৰূপে থাকিব।
(৫) অসম মাধ্যমিক শিক্ষা সংস্থাৰ কাৰ্যাৱলী বর্ণনা কৰা।
উত্তৰ: অসম মাধ্যমিক শিক্ষা সংস্থাৰ প্রধান কার্যাবলী হ’ল-
(১) মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বাবে পাঠ্যক্রম প্রস্তুতকৰণ।
(২) পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ লগতে ছাত্র-ছাত্রীক যোগ্যতাৰ মানপত্র প্রদান কৰা, পুৰস্কাৰ দিয়া আৰু বৃত্তি প্রদান কৰা।
(৩) শিক্ষকসকলৰ অৰ্হতা নির্ধাৰণ কৰা।
(৪) মাধ্যমিক বিদ্যালয়সমূহৰ স্বীকৃতি প্রদানৰ বাবে প্রয়োজনীয় নীতি-নিয়ম স্থিৰ কৰা, স্বীকৃতি দিয়া আৰু স্বীকৃতি তুলি লোৱা। (৫) স্নাতক ডিগ্রী গ্রহণ নকৰা শিক্ষকসকলৰ প্ৰশিক্ষণৰ পাঠ্যক্রম প্রস্তুত কৰা আৰু তেওঁলোকৰ পৰীক্ষা লোৱা।
(৬) চৰকাৰী সাহায্য সংস্থাই গ্রহণ কৰিব পাৰিব।
(৬) অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা সম্পর্কে আলোচনা কৰা।
নাইবা
মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া অনুসৰি ভাৰতৰ মাধ্যমিক শিক্ষাৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা। H. S. ’16
উত্তৰ: অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যা (আসোঁৱাহ) সমূহ তলত আলোচনা কৰা হ’ল-
(১) যিহেতু মাধ্যমিক শিক্ষা চৰকাৰীভাবে, বেচৰকাৰীভাৱে আৰু মহাবিদ্যালয়তো প্রদান কৰা হয় গতিকে শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ মানদণ্ড, সা-সুবিধা, অনুশাসন আদি বৈষম্যমূলক হোৱা দেখা যায়।
(২) মাধ্যমিক পর্যায়ত অকৃতকার্য হোৱা ছাত্ৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই অহা দেখা যায়। অকৃতকার্যতাৰ হাৰ বৃদ্ধিয়ে নিবনুৱা সমস্যা অধিক জটিলতৰ কৰি তোলে।
(৩) প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ অভাৱো হৈছে মাধ্যমিক শিক্ষাৰ আন এক প্রধান সমস্যা। বর্তমান মাধ্যমিক স্তৰত ৬০ শতাংশতকৈ অধিক শিক্ষক প্রশিক্ষণপ্রাপ্ত নহয়।
(৪) মাধ্যমিক স্তৰৰ শিক্ষা ব্যৱস্থাত নিয়মিতভাৱে হ’ব লগা পৰিদৰ্শনৰ অভাৱ দেখা যায়। পৰিদৰ্শকৰ সংখ্যা কম হোৱা বাবে বিদ্যালয়সমূহত পৰিদৰ্শন প্রয়োজন অনুযায়ী নহয়।
(৫) মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্রম ছাত্ৰ-ছাত্ৰীৰ বাবে উপযুক্ত নহয়। পাঠ্যক্রম প্রয়োগিক বিধৰ নোহোৱা বাবে ছাত্র-ছাত্রীসকলৰ প্ৰয়োজন পুৰণ কৰিব পৰা নাযায়।
(৭) ১৯৮৬ চনৰ শিক্ষানীতিয়ে সমতাৰ বাবে শিক্ষাৰ ক্ষেত্ৰত কি ব্যৱস্থাৰ কথা কৈছে লিখা? H. S. ’18 উত্তৰ: ১৯৮৬ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাৰ সমবিতৰণৰ ক্ষেত্ৰত তলত দিয়া দিশসমূহ আলোচনা কৰিছে-
(১) স্ত্রী শিক্ষা: ভাৰতীয় মহিলাসকলৰ সামাজিক অসমতাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলক বৃত্তিয়, কাৰিকৰী আৰু ব্যৱসায়িক শিক্ষা গ্রহণৰ ওপৰত জোৰ দিয়া হয়।
(২) অনুসূচিত জাতি: অনুসূচিত জাতিৰ লোকসকলে সমাজত সমানে বিকাশ লাভ কৰিব পৰাকৈ তেওঁলোকৰ ল’ৰা-ছোৱালীক নিয়মিতভাবে স্কুললৈ পঠোৱা, প্রৱেশিকা পৰীক্ষাত পর্যাপ্ত বৃত্তি প্রদান কৰা, শিক্ষক পদত নিযুক্তি দিয়া আৰু অন্যান্য শিক্ষাৰ সা-সুবিধা দিয়া হ’ব।
(৩) সংখ্যালঘুসকল: সংখ্যালঘু শ্রেণীৰ লোকসকলেও তেওঁলোকক সংবিধানে প্রদান কৰা চৰ্ত অনুসৰি শিক্ষাৰ সা-সুবিধা লাভ কৰিব পাৰিব।
(৪) বাধাগ্রস্তসকল: দৈহিক আৰু মানসিকভাবে বাধাগ্রস্তসকলে তেওঁলোকৰ জীৱনৰ অৱস্থা সাহস আৰু আত্ম-বিশ্বাসেবে গ্রহণ কৰিব পৰাকৈ প্রয়োজনীয় শিক্ষাৰ সুবিধা দিয়া হ’ব।
(৫) প্রাপ্তবয়স্কৰ শিক্ষা: প্রাপ্তবয়স্ক নিৰক্ষৰ সকলে তেওঁলোকৰ দৰিদ্ৰতা, অজ্ঞতা আদি গুচাই জাতীয় সংহতি স্থাপন কৰিবৰ বাবে আৰু পৰিয়াল পৰিকল্পনা কার্যকৰী কৰি তুলিবৰ ভাৱে শিক্ষাৰ ব্যৱস্থা কৰা হ’ব। ১৫ ৰ পৰা ৩৬ বছৰ বয়সৰ লোকসকলৰ অজ্ঞতা আৰু দৰিদ্ৰতা গুচোৱাৰ বাৱে বিশেষ গুৰুত্ব দিয়া হ’ব।
৮। শিক্ষাক উৎপাদনশীলতাৰ লগত সম্পকিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ কি কি আছিল? H. S. ’16
উত্তৰ: শিক্ষাক উৎপাদনশীলতাৰ লগত সম্পর্কিত কৰিবলৈ কোঠাৰী আয়োগে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াইছিল-
(ক) বৃত্তিমুখী কৰণ: উৎপাদনমুখী শিক্ষাৰ বিকাশৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালী কৰা উচিত। শিক্ষাক বৃত্তিমুখীকৰণৰ ওপৰত জোৰ দি কোঠাৰী আয়োগে কয় যে ভৱিষ্যতে সাধাৰণ শিক্ষা আৰু বৃত্তিমুখী শিক্ষা পৃথক কৰি ৰখাটো অসম্ভৱ হ’ব।
(খ) কর্ম অভিজ্ঞতা: কোঠাৰী আয়োগে মত পোষণ কৰে যে কর্ম অভিজ্ঞতা সাধাৰণ আৰু বৃত্তিমূলক সকলোবোৰ বিষয়ৰ শিক্ষাৰ অংশ হ’ব লাগে। কর্ম অভিজ্ঞতা প্রবর্তনে আধুনিক শিক্ষাত থকা কর্ম বিমুখিতাৰ দুর্বলতা গুচাব।
(গ) বিজ্ঞান ভিত্তিক শিক্ষা: বিজ্ঞান শিক্ষা স্কুলীয়া শিক্ষাৰ অংগ স্বৰূপ হ’ব লাগে। বিজ্ঞান প্রয়োগৰ যোগেদি দেশৰ মুঠ জাতীয় উৎপাদন বৃদ্ধি কৰি তুলিব লাগে।
(ঘ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধন: আয়োগৰ মতে, দেশৰ জাতীয় অর্থনীতি পৰিকল্পিতভাৱে বিকাশ কৰিবলৈ বিজ্ঞান আৰু কাৰিকৰী শিক্ষা উন্নত কৰিব লাগিবই। অভিযান্ত্রিক আৰু কৃষি বিষয়ত ছাত্ৰৰ সংখ্যা বর্তমানতকৈ অধিক হাৰত বৃদ্ধি কৰি তুলিব লাগিব। দেশৰ শিক্ষা আৰু গৱেষণা কাৰ্যৰ গুণমানো উন্নত কৰি তুলিব লাগিব।
৯। ১৯৮৬ চনৰ নতুন জাতীয় শিক্ষানীতিৰ পাঁচটা গুৰুত্বপূৰ্ণ পৰামৰ্শৰ বিষয়ে লিখা। H. S. ’16
নাইবা
মাধ্যমিক শিক্ষা সন্দর্ভত জাতীয় শিক্ষানীতি ১৯৮৬ ৰ পৰামৰ্শসমূহ লিখা। H. S. ’17
উত্তৰ: দেশৰ মানৱ সম্পদৰ সম্পূৰ্ণ বিকাশ সাধন কৰিবলৈ হ’লে এক পৰিকল্পিত তথা সুস্থিৰ শিক্ষা ব্যৱস্থা কাৰ্যকৰীকৰণৰ অতি প্রয়োজন। এই প্রয়োজন পূৰণ কৰিবলৈ দেশত শিক্ষানীতি প্ৰৱৰ্তন কৰা হয়। ভাৰতৰ শিক্ষা ব্যৱস্থাই নতুন চিন্তাধাৰা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ মাজেৰে নৱপ্ৰজন্মক ২১ শতিকাৰ বাবে প্ৰস্তুত কৰি তোলাৰ উদ্দেশ্যে ১৯৮৫ চনৰ ‘শিক্ষা প্রত্যাহ্বান’ নামৰ এখন শিক্ষা সম্পর্কীয় পত্র প্রকাশ কৰে। ‘শিক্ষা ৰাষ্ট্ৰৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংযোজনৰ ক্ষেত্ৰত এক অদ্বিতীয় আৰু উল্লেখযোগ্য অৱস্থা’ এই তত্ত্বৰ ওপৰত ভিত্তি কৰি ১৯৮৬ চনৰ মে’ মাহত সংসদৰ দুয়োখন অধিৱেশনত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি গ্রহণ কৰা হয়। এই শিক্ষানীতি প্রধান পৰামৰ্শ আছিল-
(ক) আগতীয় বাল্যকালৰ যতন আৰু শিক্ষা।
(খ) সার্বজনীন নাম ভর্তিকৰণ।
(গ) অগানুগতিক শিক্ষা।
(ঘ) গ্রাম্য বিশ্ববিদ্যালয় স্থাপন।
১০। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে মুডালিয়াৰ আয়োগৰ পৰামৰ্শসমূহ লিখা।
নাইবা
মুডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে আগবঢ়োৱা পৰামৰ্শসমূহ কি আছিল? H. S. ’19
উত্তৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেখা যায় যে- মাধ্যমিক শিক্ষাই শিক্ষার্থীক কেৱল বিশ্ববিদ্যালয়ৰ শিক্ষা আহৰণৰ বাবেহে উপযুক্ত কৰি তোলে। অর্থাৎ এই শিক্ষাই শিক্ষার্থীসকলক যেনে ধৰণৰ আদৰ্শ আৰু প্ৰেৰণা দি গঢ়ি তুলিব লাগিছিল তেনে ধৰণে সফলতা লাভ কৰিব পৰা নাই। এই শিক্ষাই শিক্ষার্থীৰ মাজত সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব তথা কর্তব্য, মূল্যবোধ আৰু নেতৃত্ববোধৰ মনোভাব জাগৃত কৰিব পৰা নাই। ১৯৪৮ চনৰ কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদৰ বৈঠকত ভাৰতৰ শিক্ষাৰ দায়িত্বত থকা মন্ত্রী মৌলানা আবুল কালাম আজাদে কৈছিল- “প্রচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল। নতুন সূত্র উদ্ভাৱন কৰিব লাগিব।” কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠন আৰু মূল্যায়নৰ কথা উপলব্ধি কৰি ১৯৪৯ চনতেই এখন মাধ্যমিক শিক্ষা আয়োগ গঠনৰ বাবে চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাঙি ধৰিছিল। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পর্কে মুডালিয়াৰ আয়োগে আগবঢ়োৱা পৰামৰ্শসমূহ হৈছে
(ক) গণতান্ত্রিক নাগৰিকত্বৰ বিকাশ।
(খ) বৃত্তিগত যোগ্যতাৰ উন্নীতকৰণ।
(গ) ব্যক্তিত্বৰ বিকাশ সাধন।
(ঘ) নেতৃত্বৰ শিক্ষা প্রদান আদি।
(৫) মাধ্যমিক শিক্ষা আয়োগ গঠন কৰাৰ অন্তৰালত কি কাৰণ নিহিত হৈ আছে উল্লেখ কৰা।
উত্তৰ: ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পাছত দেখা যায় যে- মাধ্যমিক শিক্ষাই শিক্ষার্থীক কেৱল বিশ্ববিদ্যালয়ৰ শিক্ষা আহৰণৰ বাবেহে উপযুক্ত কৰি তোলে। অর্থাৎ এই শিক্ষাই শিক্ষার্থীসকলক যেনে ধৰণৰ আদৰ্শ আৰু প্ৰেৰণা দি গঢ়ি তুলিব লাগিছিল তেনে ধৰণে সফলতা লাভ কৰিব পৰা নাই। এই শিক্ষাই শিক্ষার্থীৰ মাজত সমাজৰ প্ৰতি থকা তেওঁলোকৰ দায়িত্ব তথা কর্তব্য, মূল্যবোধ আৰু নেতৃত্ববোধৰ মনোভাব জাগৃত কৰিব পৰা নাই। ১৯৪৮ চনৰ কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদৰ বৈঠকত ভাৰতৰ শিক্ষাৰ দায়িত্বত থকা মন্ত্রী মৌলানা আবুল কালাম আজাদে কৈছিল- “প্রচলিত পদ্ধতিৰে শিক্ষা সমস্যা সমাধান কৰাৰ দিন উকলিল। নতুন সূত্র উদ্ভাৱন কৰিব লাগিব।” কেন্দ্রীয় শিক্ষা উপদেষ্টা পৰিষদে মাধ্যমিক শিক্ষাৰ পুনৰ সংগঠন আৰু মূল্যায়নৰ কথা উপলব্ধি কৰি ১৯৪৯ চনতেই এখন মাধ্যমিক শিক্ষা আয়োগ গঠনৰ বাবে চৰকাৰৰ ওচৰত প্রস্তাৱ দাঙি ধৰিছিল।