Join WhatsApp

Join Now

Join Telegram

Join Now

উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-১৯৯০) Class 12 Economics Chapter 6 Solutions

By Rabbi Masrur

Published On:

Class 12 Economics Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Economics বিষয়ৰ পাঠভিত্তিক উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা Class 12 Economics Chapter 6 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-১৯৯০) Class 12 Economics Chapter 6 Solutions

উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-১৯৯০) Class 12 Economics Chapter 6 Solutions

দ্বিতীয় খণ্ড

প্রথম অধ্যায়

উন্নয়নৰ নীতিসমূহ আৰু অভিজ্ঞতা (১৯৪৭-১৯৯০)

ক. অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ১)

১। মলমলখাচৰ অৰ্থ কি?

উত্তৰ: মলমলখাচ হ’ল ৰাজ পৰিয়ালৰ লোকে পৰিধান কৰা এক প্ৰকাৰৰ কাপোৰ।

২। মচলিন মানে কি?

উত্তৰ: মচলিন হ’ল এক প্ৰকাৰৰ উন্নতমানৰ কপাহী কাপোৰ।

৩। প্রাক স্বাধীনতাৰ সময়ত ভাৰতৰ মানুহৰ প্ৰধান ব্যৱসায় কি আছিল?

উত্তৰ: কৃষি।

৪। আমদানিৰ ওপৰত বহুৱা কৰক কি বোলে?

উত্তৰ: শুদ্ধ।

৫। ভাৰতৰ প্ৰথম ‘আইৰণ এণ্ড ষ্টীল’ উদ্যোগ ক’ত স্থপন কৰা হয়?

উত্তৰ: জামছেদপুৰত।

৬। অর্থনীতিৰ প্ৰাথমিক খণ্ডই কি সামৰি লয়?

উত্তৰ : কৃষি

৭। স্বাধীনতাৰ আগতে ভাৰতৰ জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ কিমান আছিল?

উত্তৰঃ ০.৫%।

৮। স্বাধীনতাৰ আগতে ভাৰতৰ মানুহৰ প্রত্যাশিত আয়ুস কিমান আছিল?

উত্তৰঃ ৩২ বছৰ।

৯। সেৱা খণ্ডৰ অন্য নাম কি?

উত্তৰ: দ্বিতীয় শ্ৰেণীৰ ঔদ্যোগিক খণ্ড।

১০। ভাৰতৰ ব্যৱসায়িক গঠন কেই খণ্ডত ভাগ কৰা হৈছে?

উত্তৰ তিনিটা খণ্ডত।

১১। টাটা এয়াৰ লাইনচ কোন চনত প্রতিষ্ঠিত হৈছিল?

উত্তৰ: ১৯৩২ চনত।

১২। ভাৰতবৰ্ষত কিমান চনত ৰেলপথৰ সূচনা হয়?

উত্তৰ: ১৮৫০ চনত।

১৩। ভাৰতৰ প্ৰথম ৰেলপথটোৱে কোন কোন অঞ্চলক সংলগ্ন কৰিছিল?

উত্তৰ: মুম্বাই আৰু থানেক।

১৪। ঔপনিবেশিক শাসন কালত ভাৰতৰ মুঠ শ্ৰমিকৰ কিমান অংশ কৃষি খণ্ডত নিয়োজিত আছিল?

উত্তৰঃ ৭০-৭৫ শতাংশ।

১৫। বৃটিছ শাসনকালত মহিলাৰ সাক্ষৰতাৰ হাৰ কিমান আছিল?

উত্তৰ: ৭ শতাংশ।

১৬। চুয়েজ খাল কি?

উত্তৰ: উত্তৰ-পূৱ ইজিপ্তৰ জুয়েজ যোজকৰ মাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ বোৱাই নিয়া এটা কৃত্রিম জলপথ।

১৭। ‘Poverty and Famine” পুথিখনৰ ৰচকজন কোন?

উত্তৰ: অমর্ত্য সেন।

১৮। ছুয়েজ খালে কোন কোন সাগৰক সংযোগ কৰিছে?

উত্তৰ : ভূমধ্য সাগৰৰ চেইড বন্দৰ আৰু লোহিত সাগৰৰ ছুয়েজ উপসাগৰক।

১৯। বৃটিছ শাসন কালত ভাৰতবৰ্ষৰ জনসংখ্যা সম্পর্কীয় তথ্য পোন প্রথমে কোন চনত সংগ্ৰহ কৰা হৈছিল?

উত্তৰ: ১৮৮১ চনত।

২০। কুৰি শতিকাৰ প্ৰথমার্ধত ভাৰতৰ মুঠ জনমূৰি আয়ৰ বছৰি বৃদ্ধিৰ হাৰ কিমান আছিল?

উত্তৰঃ ০.০৫%।

২১। ভাৰতবৰ্ষত কোন চনত ঔদ্যোগিক নীতি আৰম্ভ কৰা হৈছিল?

উত্তৰ: ১৯৪৮ চনত।

২২। কোন চনত ভাৰতবৰ্ষত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৫০ চনত।

২৩। ভাৰতবৰ্ষৰ পৰিকল্পনাৰ নিৰ্মাতা কোন?

উত্তৰ: প্ৰশান্ত চন্দ্র মহলানবিচ।

২৪। পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?

উত্তৰ ভাৰতৰ প্ৰধান মন্ত্রী।

২৫। ভাৰতবৰ্ষৰ পঞ্চবার্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য কি?

উত্তৰ: ভাৰতবৰ্ষৰ পঞ্চ বার্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্য হ’ল জীৱনৰ মানদণ্ড উন্নত কৰা, আধুনিকীকৰণ, আত্মনিৰ্ভৰশীলতা আৰু অর্থনৈতিক সমতা স্থাপন কৰা।

২৬। বর্তমান বিশ্বত প্রচলিত থকা তিনিটা অর্থনৈতিক ব্যবস্থা কি কি?

উত্তৰ: পুঁজিবাদ, সমাজবাদ আৰু মিশ্র অর্থনৈতিক ব্যবস্থা।

২৭। স্বাধীনতাৰ সময়ত দেশখনৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ লোক কৃষি নিৰ্ভৰশীল আছিল?

উত্তৰঃ ৭৫%।

২৮। অর্থনৈতিক সমস্যাৰ তিনিটা ধৰণ কি কি?

উত্তৰ: কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব আৰু কাৰ বাবে উৎপাদন কৰিব।

২৯। ভাৰতবৰ্ষৰ পৰিকল্পনাক কি পৰিকল্পনা বুলি কোৱা হয়?

উত্তৰ: পঞ্চবার্ষিক পৰিকল্পনা।

৩০। পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা বুলিলে কি বুজায়?

উত্তৰ : এটা দীর্ঘকালীন (প্রায় ২০ বছৰ) পৰিকল্পনাক ‘পৰিপ্ৰেক্ষাত্মক পৰিকল্পনা’ বোলে।

৩১। ১৯৯০ চনত সেবা খণ্ডই মুঠ ঘৰুৱা উৎপাদনলৈ কিমান বৰঙণি আগবঢ়াইছিল?

উত্তৰঃ ৪০.৫৯ শতাংশ।

৩২। কি পৰিকল্পনাই পৰিপ্ৰেক্ষাত্মক পৰিকল্পনাৰ ভেটি ৰচনা কৰে?

উত্তৰ: পঞ্চবার্ষিক পৰিকল্পনাই।

৩৩। মহলানবিচে প্রকাশ কৰা মুখপত্ৰখনৰ নাম কি?

উত্তৰ: ‘সংখ্যা’।

৩৪। ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠান কোনে, ক’ত স্থাপন কৰিছিল?

উত্তৰ: মহলানবিচে কলকাতাত প্রতিষ্ঠা কৰিছিল।

৩৫। বজাৰ বিক্রীত উদ্বৃত্ত বুলিলে কি বুজা?

উত্তৰ: কৃষি উৎপাদনৰ যিটো অংশ কৃষকসকলে বজাৰত বিক্ৰী কৰে, সেই অংশটোক ‘বজাৰ বিক্রীত উদ্বৃত্ত’ বুলি কোৱা হয়।

৩৬। লো আৰু তীখাৰ প্ৰকল্প থকা ভাৰতৰ দুখন ঠাইৰ নাম লিখা।

উত্তৰ: কলকাতা আৰু জামছেদপুৰ।

৩৭। বিশ্ব ৰপ্তানি বাণিজ্যত ভাৰতৰ অংশ কিমান?

উত্তৰঃ ০.৪ শতাংশ।

৩৮। ১৯৫৬ চনৰ ঔদ্যোগিক নীতিত কিমানটা উদ্যোগ ৰাজহুৱা খণ্ডৰ বাবে মুকলি কৰি ৰখা হৈছিল?

উত্তৰ: ১৭ টা।

৩৯। ১৯৯০ চনত ভাৰতবৰ্ষত কিমান শতাংশ লোক কৃষিকার্যত নিয়োজিত হৈ আছিল?

উত্তৰ: ৬৫ শতাংশ।

৪০। ‘বাষ্ট্রীয় উন্নয়ন পৰিষদ’ কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ: ১৯৫৯ চনত।

৪১। ‘People Plan‘ কোনে গঠন কৰিছিল?

উত্তৰ: এম. এন. বয়।

৪২। ক্ষুদ্র উদ্যোগৰ বিনিয়োগৰ পৰিমাণ কিমান?

উত্তৰ: এক কোটি।

৪৩। কোন চনত নতুন অর্থনীতি প্রচলন কৰা হয়?

উত্তৰ: ১৯৯১ চনত।

৪৪। আমদানিকৃত সামগ্ৰীৰ ওপৰত লগোৱা এবিধ কৰৰ নাম উল্লেখ কৰা।

উত্তৰ: আমদানি শুল্ক।

খ. চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক- ২)

১। কৃষিখণ্ডৰ স্থবিৰতা বুলিলে কি বুজা?

উত্তৰ: কৃষি খণ্ডৰ স্থবিৰতা বুলিলে কৃষি খণ্ডৰ অতি মন্থৰ গতিত উন্নয়ন বা উন্নয়নৰ অভাৱক বুজায়।

২। কৃষিৰ বাণিজ্যিকীকৰণ বুলিলে কি বুজা?

উত্তৰ: কৃষিৰ বাণিজ্যিকীকৰণ বুলিলে কৃষকসকলে খাদ্য শস্য উৎপাদন কৰাৰ ঠাইত মুদ্রা উপার্জনকাৰী শস্য উৎপাদন কৰাক বুজায়।

৩। প্রাথমিক খণ্ড বুলিলে কি বুজা?

উত্তৰ: প্রাথমিক খণ্ড বুলিলে প্ৰকৃতিৰ পৰা পোৱা সম্পদৰ ওপৰত ভিত্তি কৰি উৎপাদিত হোৱা সামগ্রীক বুজায়। ইয়াৰ ভিতৰত কৃষি, খনিজ, বনজ, মীন আদি অন্তর্ভুক্ত।

৪। ঔপনিবেশিক ভাৰতবৰ্ষত ভাৰতৰ বৈদেশিক বাণিজ্য কোন কোন ৰাষ্ট্ৰৰ লগত আছিল?

উত্তৰ: ঔপনিবেশ ভাৰতবৰ্ষত ভাৰতৰ বৈদেশিক বাণিজ্য প্রধানকৈ ইংলণ্ডৰ লগত আছিল যদিও চীন, শ্রীলংকা, ইৰাণ আদি দেশৰ লগতো কিছু পৰিমাণে আছিল।

৫। ঔপনিবেশ কালত ভাৰত বৰ্ষই আমদানি কৰা কিছুমান দ্রব্যৰ নাম উল্লেখ কৰা।

উত্তৰ: ঔপনিবেশ কালত ভাৰতবৰ্ষই আমদানি কৰা কিছুমান দ্রব্য হ’ল চেনি, নীল আদি। কপাহ, ৰেচম, উণ, মৰাপাট,

৬। তৃতীয় শ্ৰেণীৰ খণ্ড কি?

উত্তৰ যি খণ্ডই পৰিবহন, যোগাযোগ, বাণিজ্য আদি সেৱা প্ৰদান কৰে, তাক ‘তৃতীয় শ্ৰেণীৰ খণ্ড’ বোলে।

৭। মাধ্যমিক খণ্ড বুলিলে কি বুজা?

উত্তৰ: মাধ্যমিক খণ্ড বুলিলে সেই খণ্ডক বুজায় য’ত এক ধৰণৰ সামগ্ৰীক অন্য এক ধৰণৰ সামগ্ৰীলৈ ৰূপান্তৰ কৰা হয়।

৮। ভাৰতয়বৰ্ষত ইংৰাজসকলৰ কিবা ইতিবাচক বঢ়ঙণি আছিল নে?

উত্তৰ: শিল্প, বাণিজ্য আৰু যোগাযোগ ক্ষেত্ৰত ভাৰতবৰ্ষত ইংৰাজসকলৰ কিছু ইতিবাচক বৰঙণি আছিল। কৃষিৰ ক্ষেত্ৰত বাণিজ্যিকীকৰণ আৰম্ভ হৈছিল। মুদ্রাগত শস্য উৎপাদনৰ পৰিমাণ বৃদ্ধি পাইছিল। দ্বিতীয়মহাসমৰৰ পিছত চেনি, চিমেন্ট, কাগজ আদি সৰু সৰু উদ্যোগ গঢ়ি উঠিছিল। ভাৰতবৰ্ষৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে পথ আৰু ৰেল পৰিবহনৰ বাট মুকলি হৈছিল।

৯। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ গুৰুত্বপূৰ্ণ অর্থনৈতিক প্রত্যাহ্বান কেইটামান চিহ্নিত কৰা।

উত্তৰ : স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষই মুখামুখি হোৱা গুৰুত্বপূর্ণ অর্থনৈতিক প্রত্যাহ্বান কেইটামান হ’ল কৃষিখণ্ডত স্থবিৰতাই দেখা দিয়ে। অত্যধিক

জনসংখ্যাৰ হেঁচাত উৎপাদন ক্ষমতা কমি যায়।

হস্তশিল্প উদ্যোগ ধ্বংসৰ গৰাহত পৰিছিল।

বৈদেশিক বাণিজ্য অতি সীমিত আছিল।

জনমূৰি আয়ৰ হাৰ অতি কম আছিল।

১০। ঔপনিবেশিক শাসনকালত ভাৰতীয় সম্পদ নিগর্মন বুলিলে কি বুজা?

উত্তৰ: ঔপনিবেশিক শাসন কালত ভাৰতীয় সম্পদৰ নিগমন বুলিলে ভাৰতৰ পৰা বৃহৎ পৰিমাণৰ সম্পদ ইংলগুলৈ পঠোৱা কাৰ্যক বুজাইছিল।

১১। ঔপনিবেশিক শাসনকালত ভাৰতীয় কৃষিৰ স্থবিৰতাৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰ: ঔপনিবেশিক শাসন কালত ভাৰতীয় কৃষিত স্থবিৰতাই দেখা দিয়াৰ কাৰণ ইংৰাজসকলে ভাৰতত জমিদাৰী ব্যৱস্থা প্রবর্তন কৰাত কৃষিখণ্ডৰ পৰা হোৱা লাভ কৃষকৰ পৰিবৰ্তে জমিদাৰসকলৰ হাতলৈ গৈছিল। জমিদাৰসকলৰ শোষণৰ ফলত কৃষকসকলে অশেষ যাতনা ভোগ কৰিছিল। ইয়াৰ উপৰিও কৃষিখণ্ডত নিম্ন মানৰ পৰম্পৰাগত প্ৰযুক্তিৰ ব্যৱহাৰ, জলসিঞ্চনৰ অভাব, আদিৰ বাবে কৃষিখণ্ডত বিপর্যয়ে দেখা দিছিল।

১১। ঔপনিবেশিক শাসনকালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইগৰাকীমান ব্যক্তিৰ নাম উল্লেখ কৰা।

উত্তৰ: ঔপনিবেশিক শাসন কালত ভাৰতৰ জাতীয় আয় গণনা কৰা কেইগৰাকীমান ব্যক্তি দাদাভাই নৌৰজী, উইলিয়াম ডিগবি, ফিগুলে চিৰাচ, ভি.

কে. আৰ. ভি. বাও, আৰ. চি. দেশাই।

১২। দেশ বিভাজনৰ ফলত ভাৰতৰ মৰাপাট উদ্যোগসমূহ কিয় ক্ষতিগ্রস্ত হৈছিল?

উত্তৰ: দেশ বিভাজনৰ সময়ত মৰাপাট উৎপাদন হোৱা প্ৰায়ভাগ অঞ্চলেই পূর্ব পাকিস্থান (বর্তমান বাংলাদেশ)ৰ অন্তর্ভুক্ত হয়। ফলত কেঁচা মালৰ অভাৱত ভাৰতৰ মৰাপাট উদ্যোগসমূহ ক্ষতিগ্রস্ত হৈছিল।

১৩। বৃটিছ শাসনকালত কৃষি বাণিজ্যকৰণৰ দুটা প্রভাব উল্লেখ কৰা।

উত্তৰ বৃটিছ শাসন কালত কৃষিৰ বাণিজ্যিকীকৰণৰ দুটা প্রভাব হ’ল:

(ক) জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।

(খ) বাণিজ্যিক ভিত্তিত কৰা কৃষিয়ে কৃষকৰ অৱস্থাৰ পৰিৱৰ্তন অনাৰ পৰিৱৰ্তে জমিদাৰসকলৰ শোষণৰ পথ মোকলাই দিছিল।

১৪। ক্ষুদ্র উদ্যোগ বুলিলে কি বুজা?

উত্তৰ যি উদ্যোগ গোটে সর্বোচ্চ এক কোটি টকালৈকে বিনিয়োগ কৰিব পাৰে, তাকে ‘ক্ষুদ্র উদ্যোগ’ বুলি কোৱা হয়। (১৯৫০ চনত ক্ষুদ্র উদ্যোগত বিনিয়োগৰ সৰ্বোচ্চ টকাৰ পৰিমাণ আছিল পাঁচ লাখ)।

১৫। ক্ষুদ্র উদ্যোগৰ এটা সুবিধা উল্লেখ কৰা।

উত্তৰ: ক্ষুদ্র উদ্যোগে অধিক শ্রম ব্যৱহাৰ কৰে বাবে ইয়াৰ দ্বাৰা অধিকক লোকে কর্ম সংস্থান পায়।

১৬। কৃষি খণ্ডত মূল নীতি বিষয়ক পদক্ষেপসমূহ কি কি?

উত্তৰ: কৃষি খণ্ডত মূল নীতিবিষয়ক পদক্ষেপসমূহ হ’ল ভূমি সংস্কাৰ আৰু সেউজ বিপ্লব।

১৭। ভাৰতৰ পাঁচবিধ ৰপ্তানিজাত সামগ্ৰীৰ নাম উল্লেখ কৰা।

উত্তৰ ভাৰতৰ পাঁচবিধ ৰপ্তানিজাত সামগ্রী হ’ল: চাহ, কফি, মৰাপাট, কপাহী সূতা আৰু চেনি।

১৮। বিস্ময়কৰ বীজ কি?

উত্তৰ: উচ্চ উৎপাদনক্ষম বীজকেই ‘বিস্ময়কৰ বীজ’ বুলি কোৱা হয়।

১৯। মুঠ দেশীয় উৎপাদন বুলিলে কি বুজা?

উত্তৰ: এটা অর্থ ব্যৱস্থাত নির্দিষ্ট বছৰত উৎপাদিত সকলো অন্তিম ব্যৱহাৰযোগ্য সামগ্ৰী আৰু সেৱাৰ মুদ্রা মূল্যকেই ‘মুঠ দেশীয় উৎপাদন’ বুলি কোৱা হয়।

২০। টেৰিফ আৰু কোটাৰ এটা সুবিধা উল্লেখ কৰা।

উত্তৰ: টেবিফ আৰু কোটাই আমদানি সীমিত কৰে আৰু ঘৰুৱা ব্যবসায় প্রতিষ্ঠানসমূহক বিদেশী প্রতিযোগিতাৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে।

২১। ভাৰতৰ তিনিবিধ আমদানিজাত সামগ্ৰীৰ নাম লিখা।

উত্তৰ: ভাৰতৰ তিনিবিধ আমদানিজাত সামগ্ৰী হ’ল ৰাসায়নিক সাৰ, পেট্ৰ’ল আৰু আভিযান্ত্রিক সঁজুলি।

২২। ভাৰতীয় অর্থনীতিক কিয় মিশ্র অর্থনীতি কোৱা হয়?

উত্তৰ: ভাৰতীয় অর্থনীতিত ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ সহ-অবস্থান দেখা যায় বাবে ভাৰতীয় অর্থনীতিক ‘মিশ্র অর্থনীতি’ বুলি কোৱা হয়।

২৩। ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ অনুমোদন জনোৱা কর্তৃপক্ষৰ নাম কি?

উত্তৰ: ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাৰ অনুমোদন জনোৱা কৰ্তৃপক্ষৰ নাম হ’ল ‘ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ’।

২৪। আমদানি প্রতিকল্পন কি?

উত্তৰ: আমদানিকৃত উচ্চ ব্যয় সম্পন্ন বস্তু বা সেৱাৰ ঘৰৱাভাৱে উৎপাদন কৰি আমদানিৰ পৰিমাণ হ্রাস কৰাকে ‘আমদানি প্রতিকল্পন’ বোলে।

২৫। কোটা কি?

উত্তৰ: ‘কোটা’ বুলিলে সাধাৰণতে এটা নির্দিষ্ট পৰিমাণৰ বা নির্দিষ্ট মূল্যৰ সামগ্রী আমদানি আৰু ৰপ্তানি কৰাক বুজায়।

২৬। ৰাজ সাহাৰ্য বুলিলে কি বুজা?

উত্তৰ: ‘বাজ সাহার্য’ বুলিলে এজন ব্যক্তি বা প্রতিষ্ঠানে ক্রয় কৰিবলগা বস্তু বা সেৱাৰ যিটো অংশ চৰকাৰে প্ৰদান কৰে তাকে বুজায়।

২৭। ঔদ্যোগিক নীতি বুলিলে কি বুজা?

উত্তৰ: ‘ঔদ্যোগিক নীতি’ বুলিলে ঔদ্যোগিক উন্নয়ন সম্পর্কিত সকলো নীতি, কাৰ্য আৰু নিয়মক বুজায়।

২৮। সেউজ বিপ্লব বুলিলে কি বুজা?

উত্তৰ: ‘সেউজ বিপ্লব’ বুলিলে কৃষি ক্ষেত্ৰত উন্নত বীজ, ৰাসায়নিক সাৰ, জলসিঞ্চন, উন্নত উৎপাদন কৌশল আদিৰ ব্যৱহাৰ কৰি কৃষিৰ উৎপাদন আশাতীতভাবে বৃদ্ধি কৰাকে বুজায়।

২৯। ভূমি সংস্কাৰ বুলিলে কি বুজা?

উত্তৰ: ভূমি সংস্কাৰ বুলিলে প্রাচীন কালৰ পৰা চলি অহা ভূমি প্ৰথাৰ সংস্কাৰ কৰাক বুজায়। কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু সামাজিক ন্যায় প্রতিষ্ঠাৰ বাবে ভূমি সংস্কাৰৰ গুৰুত্ব উপলব্ধি কৰি ভাৰতবৰ্ষত স্বাধীনোত্তৰ কালত ভূমি সংস্কাৰ আইন প্রণয়ন কৰা হয়।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক -৪)

১। ইংৰাজসকলে ভাৰতত চলোৱা শোষণমূলক শাসনৰ ফলত ভাৰতীয় অর্থনীতিৰ ওপৰত কেনেধৰণৰ প্রভার পৰিছিল?

উত্তৰ ইংৰাজসকলে ভাৰতবৰ্ষক প্রায় দুইশ বছৰ শাসন কৰিছিল। ভাৰতবৰ্ষক অর্থনৈতিকভাবে শোষণ কৰাই আছিল সিহঁতৰ প্ৰধান ৰাজনৈতিক উদ্দেশ্য। সিহঁতৰ শোষণমূলক শাসনৰ ফলত ভাৰতীয় অর্থনীতিত তলত দিয়া ধৰণে প্রভাৱ পৰিছিল

(ক) ভাৰত প্ৰধানকৈ কৃষি প্রধান দেশ হিচাপে গঢ়ি উঠিছিল। কিছু পৰিমাণে বাণিজ্যিক শস্যৰ প্ৰসাৰ হৈছিল।

(খ) দেশৰ কুটিৰ আৰু হস্তশিল্পসমূহ ধ্বংসৰ গৰাহত পৰিছিল।

(গ) বৃটিছসকলে ভাৰতীয় বজাৰৰ ওপৰত সম্পূর্ণ নিয়ন্ত্ৰণৰ কর্তৃত্ব পাইছিল। ফলত বাণিজ্যিকীকৰণত পৃথকীকৰণ নীতি প্রবর্তিত হৈছিল।

(ঘ) ভাৰতত স্থাপন কৰা ভোগ্য দ্রব্য উদ্যোগসমূহৰ মুঠ লাভৰ ৫০ শতাংশ ইংৰাজসকলে বনাচ হিচাপে আত্মসাৎ কৰিছিল।

২। ‘সদাগৰী মূলধন কাল’ বুলিলে কি বুজা?

উত্তৰ: ১৭৫৭ চনৰ পলাচী যুদ্ধৰ সময়ৰ পৰা ওঠৰ শতিকাৰ শেষ ভাগলৈকে এই সময়ছোৱাক ‘সদাগৰী মূলধন কাল’ বুলি কোৱা হয়। কাৰণ এই সময়ৰ পৰা ইংৰাজসকলে ভাৰতত ৰাজনৈতিকভাবে খোপনি পুতিবলৈ আৰম্ভ কৰে। লগেলগে উদ্দেশ্যপ্রণোদিতভাৱে ভাৰতীয় অর্থনীতিৰ প্ৰগতিৰ পথ ৰোধ কৰাও আৰম্ভ কৰে। ফলত বাণিজ্যিকভাবে সিহঁতে যথেষ্ট পৰিমাণে মুনাফা লাভৰ পথ মুকলি হয়। উচ্চ হাৰত ভূমি ৰাজহ ধাৰ্য কৰি কৃষকসকলক শোষণ কৰাৰ লগতে ভাৰতীয় অর্থনীতি বিপর্যস্ত কৰিছিল।

৩। ঔপনিবেশিক শাসন বুলিলে কি বুজা?

উত্তৰ: যেতিয়া কোনো বিদেশী শাসকে দেশৰ ৰাজনৈতিক ক্ষমতা দখল কৰি দেশৰ অর্থনৈতিক নীতিসমূহ নির্ধাৰণ কৰি শাসক দেশৰ স্বাৰ্থত সেইবোৰ পৰিচালনা কৰে, তেতিয়া তেনে শাসন ব্যৱস্থাক ‘ঔপনিবেশিক শাসন’ বোলে। ঔপনিবেশিক শাসন ব্যৱস্থাৰ প্রকাশ্য নীতি হৈছে বিদেশী শাসকে শাসিত দেশখনৰ সকলো সম্পদ আৰু উন্নয়নৰ খণ্ডসমূহ শোষণ কৰা অৰ্থাৎ কেঁচা মাল কম দামত ক্ৰয় কৰি নিজ দেশত উৎপাদিত উদ্যোগজাত সামগ্রীসমূহৰ বজাৰ হিচাপে শাসিত দেশক ব্যৱহাৰ কৰা। ভাৰতবৰ্ষত ১৭৫৭চনৰ পৰা ১৯৪৭ চনলৈ ইংৰাজসকলৰ ঔপনিবেশিক শাসন চলিছিল।

৪। বৃটিছ শাসন কালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা।

উত্তৰ : বৃটিছ শাসন কালত ভাৰতৰ হস্তশিল্পৰ পতনৰ কাৰণবোৰ হ’ল

(ক) বৃটিছ শাসন কালত দেশীয় ৰজা-মহাৰজাসকলৰ আধিপত্য নথকাত হস্ত শিল্প আৰু কুটিৰ শিল্পই চৰকাৰী পৃষ্ঠপোষকতাৰ পৰা বঞ্চিত হৈছিল।

(খ) ইংলণ্ডত উৎপাদিত শিল্পজাত দ্রব্যসমূহ ভাৰতলৈ আমদানি কৰাত ভাৰতৰ হস্তশিল্পজাত সামগ্রীয়ে প্রতিযোগিতাত তিষ্ঠিব নোৱাৰি মৃত্যুমুখত পৰে।

(গ) বৃটিছসকলৰ প্রভাৱত ভাৰতবৰ্ষত এটা নতুন শ্ৰেণীৰ লোকৰ আবিৰ্ভাৱ হৈছিল। তেওঁলোকে ভাৰতত উৎপাদিত সামগ্রীসমূহক হেয় চকুৰে চাইছিল। ফলত ভাৰতীয় হস্তশিল্পৰ অবনতি ঘটাত সহায়ক হৈছিল।

(ঘ) ইংৰাজসকলৰ উন্নত পদ্ধতিৰে বিশাল আকাৰৰ উদ্দ্যোগত উৎপাদিত দ্রব্যৰ তুলনাত ভাৰতীয় হস্তশিল্পত উৎপাদিত দ্রব্যৰ মূল্য বেছি হোৱা বাবে ভাৰতীয় হস্তশিল্পজাত দ্রব্যৰ চাহিদা কমি গৈছিল।

৫। বৃটিছ শাসনকালত ভাৰতত বেচৰকাৰী উদ্যোগৰ বিকাশৰ যিকোনো তিনিটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰ বৃটিছ শাসন কালত ভাৰতত বেচৰকাৰী উদ্যোগৰ বিকাশৰ কাৰণ হ’ল:

(ক) ইংৰাজ চৰকাৰে সেই সময়ত মুক্ত বাণিজ্য নীতি অনুসৰণ কৰিছিল।

(খ) ভাৰতীয় উদ্যোগসমূহৰ মাজত প্রতিযোগিতা আৰম্ভ হৈছিল।

(গ) ইংৰাজ শাসন কালত ব্যবসায় বাণিজ্যত দালালী ব্যৱস্থাই গা কৰি উঠিছিল। দালালবোৰে বেচৰকাৰী খণ্ডত বিনিয়োগ বৃদ্ধি কৰাত বেচৰকাৰী উদ্যোগৰ বিকাশ হৈছিল।

৬। বৃটিছ শাসনকালত ভাৰতবৰ্ষত পুঁজিবাদী উদ্যোগ বিকাশৰ ওপৰত এটি চমু টোকা লিখা।

উত্তৰ: বৃটিছ শাসন কালত ভাৰতবৰ্ষত পুঁজিবাদী উদ্যোগৰ বিকাশ হৈছিল। ইংৰাজসকলে ভাৰতবৰ্ষত পুঁজিবাদী নীতিত উদ্যোগ গঢ়ি তুলিছিল। সিহঁতে পুঁজিপতি সকলৰ বাহিৰে আনক শিল্প স্থাপনৰ বাবে বিনিয়োগ কৰিবলৈ সুবিধা দিয়া নাছিল। আনহাতে প্রথম বিশ্বযুদ্ধৰ সময়ত বিদেশৰ পৰা বস্তুৰ আমদানি হ্রাস হোৱাত দেশত উৎপাদিত সামগ্ৰীৰ চাহিদা বৃদ্ধি পাইছিল। তাৰোপৰি ইংৰাজসকলে যাতায়তৰ উন্নয়নৰ বাবে মনোযোগ দিছিল। ৰেলপথৰ বিকাশ হৈছিল। ভাৰতীয় ব্যবসায়ী শ্রেণীটোরেও মুনাফা লাভৰ বাবে উদ্যোগ স্থাপন কৰিছিল। ফলত ভাৰতবৰ্ষত পুঁজিবাদী উদ্যোগৰ বিকাশ সম্ভৱ হৈছিল।

৭। বৃটিছ শাসনকালত ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ঔদ্যোগিক নীতিৰ চাৰিটামান ত্রুটি উল্লেখ কৰা।

উত্তৰ: বৃটিছ শাসন কালত ইংৰাজসকলে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা ঔদ্যোগিক নীতিৰ ত্রুটিসমূহ হ’ল

(ক) দেশীয় হস্তশিল্পৰ পতন।

(খ) মূলধনীজাত উদ্যোগৰ অভাব।

(গ) ভাৰতবৰ্ষত আধুনিক শিল্প স্থাপন কৰাত ইংৰাজসকলৰ অনীহা।

(ঘ) বাণিজ্যিক ভিত্তিত কৰা কৃষিয়ে কৃষকৰ অৱস্থাৰ পৰিৱৰ্তন অনাৰ পৰিৱৰ্তে জমিদাৰসকলৰ শোষণৰ পথ মোকলাই দিয়ে।

৮। ইংৰাজসকলে ভাৰত বৰ্ষত আন্তঃগাঁথনি উন্নয়নৰ নীতিৰ জৰিয়তে কি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছিল?

উত্তৰ: ইংৰাজসকলে ভাৰতবৰ্ষত আন্তঃগাঁথনি উন্নয়ন নীতিৰ জৰিয়তে তলত দিয়া উদ্দেশ্যসমূহ পূৰণ কৰিব বিচাৰিছিল

(ক) সিহঁতে ভাৰতবৰ্ষক এখন উদ্যোগৰ বাবে কেঁচা সামগ্রী উৎপাদন কৰা দেশ হিচাপে গঢ়ি তুলিব বিচাৰিছিল।

(খ) আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে ভাৰতবৰ্ষক ইংলণ্ডত উৎপাদিত সামগ্ৰীৰ বজাৰ ৰূপে গঢ় দিব বিচিাৰিছিল।

(গ) ভাৰতবৰ্ষক সর্বাতো প্রকাৰে অর্থনৈতিক শোষণ কৰিব বিচাৰিছিল।

৯। অনুন্নত অর্থনীতি হিচাপে ভাৰতীয় অর্থনীতিৰ চাৰিটা লক্ষণ উল্লেখ কৰা।

উত্তৰ: অনুন্নত অর্থনীতি হিচাপে ভাৰতীয় অর্থনীতিৰ চাৰিটা লক্ষণ হ’ল:

(ক) দুর্বল অর্থনৈতিক অন্তর্বিন্যাস।

(খ) তাকৰীয়া জনমূৰি আয়।

(গ) মূলধনৰ দুষ্প্রাপ্যতা।

(ঘ) কৃষি ভিত্তিক অর্থনীতি।

৯। পৰিকল্পনাৰ সময়ত ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক কিয় অগ্রণী ভূমিকা প্রদান কৰা হৈছে?

উত্তৰ: ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক অগ্রণী ভূমিকা প্রদান কৰা হৈছে। ইয়াৰ কাৰণ স্বৰূপে অর্থনীতিবিদসকলে দেখুৱাইছে যে উদ্যোগে দেশত কর্ম সংস্থাপন বৃদ্ধি কৰে, উৎপাদন উভৈনদী কৰে। বিভিন্ন উদ্যোগিক সামগ্ৰীৰ বজাৰত প্ৰতিযোগিতাৰ পৰিবেশৰ সৃষ্টি কৰে। ফলত জনসাধাৰণে কিছু কম মূল্যত সামগ্রী ক্রয় কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পাৰে। তাৰোপৰি উদ্যোগে দেশৰ কৃষিজাত, বনজাত, খনিজাত কেঁচা সামগ্ৰীসমূহৰ উপযোগীতা বৃদ্ধি কৰে। উদ্যোগজাত বা শিল্পজাত বস্তুৰ উদ্ধৃত্তখিনি বিদেশলৈ ৰপ্তানি কৰি বৈদেশিক মুদ্রা অর্জন কৰিব পাৰে। সেয়ে পৰিকল্পনাৰ সময়ত ঔদ্যোগিক উন্নয়নৰ বাবে ৰাজহুৱা খণ্ডক অগ্রণী ভূমিকা প্রদান কৰা হৈছে।

১০। আমদানি বিকল্পকৰণে দেশীয় উদ্যোগসমূহক কিদৰে ৰক্ষণাবেক্ষণ দিব পাৰে? আলোচনা কৰা।

উত্তৰ: আমদানি বিকল্পকৰণ নীতিৰ উদ্দেশ্য হ’ল আমদানিকৃত সামগ্ৰীসমূহৰ সলনি ঘৰুৱা সামগ্ৰীৰ সৰবৰাহ বৃদ্ধি কৰা। এই নীতিৰ অধীনত শুল্ক আৰু কোটাৰ জৰিয়তে আমদানিকৃত দ্রব্যৰ মূল্য বৃদ্ধি কৰা হয়। ফলত তুলনামূলকভাৱে ঘৰুৱা উৎপাদিত সামগ্ৰীৰ মূল্য হ্রাস পায় আৰু চাহিদাও বৃদ্ধি পায়। আনকি বৈদেশিক সামগ্ৰীৰ লগত ঘৰুৱা সামগ্রীয়েও প্রতিযোগিতাত তিষ্টি থাকিব পাৰে। এনেদৰে আমদানি বিকল্পকৰণে দেশীয় উদ্যোগসমূহৰ ৰক্ষণাবেক্ষণ দিয়ে।

১১। কৃষি খণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তা উল্লেখ কৰা।

উত্তৰ: কৃষিখণ্ডত প্ৰৱৰ্তন কৰা ভূমি সংস্কাৰ ব্যৱস্থাৱলীৰ প্ৰয়োজনীয়তা তলত উল্লেখ কৰা হ’ল:

(ক) ভূমিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।

(খ) কৃষিৰ উন্নয়নৰ পথত থকা বাধাসমূহ আঁতৰ কৰা।

(গ) প্রকৃত কৃষকক ভূমিৰ ওপৰত অধিকাৰ দিয়া।

(ঘ) সামাজিক অসমতা আঁতৰ কৰা।

(ঙ) সমবায় ভিত্তিত কৃষি কৰাৰ বাবে কৃষকসকলক উৎসাহ দিয়া।

১২। ভাৰতবৰ্ষত ভূমি সংস্কাৰ কাৰ্যকৰী কৰাৰ বাবে কেইটামান পৰামৰ্শ আ গবঢ়োৱা।

উত্তৰ ভাৰতবৰ্ষত ভূমি সংস্কাৰ কাৰ্যকৰী কৰাৰ বাবে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব পাৰি

(ক) চিলিং আইনৰ ক্ষেত্ৰত বিভিন্ন ৰাজ্য চৰকাৰবোৰৰ মাজত সমতা স্থাপন কৰা।

(খ) যিবিলাক ৰাজ্যত ৰায়তসকলক মাটিৰ মালিকীস্বত্ব প্ৰদানৰ কাৰণে উপযুক্ত আইন প্রণয়ন কৰা হোৱা নাই, সেইবোৰ ৰাজ্যত শীঘ্রেই উপযুক্ত আইন প্রণয়ন কৰি তাক কাৰ্যকৰী কৰা।

(গ) কৃষিৰ উৎপাদন বৃদ্ধিৰ বাবে ভূমিৰ একত্ৰীকৰণ ব্যৱস্থা অনতিপলমে বাস্তবায়িত কৰা।

(ঘ) ভূমি সংক্রান্ত সকলো নথি-পত্র প্রণালীবদ্ধভাবে ৰখা।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৫। ৬)

১। ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষৰ কৃষি অর্থনীতিৰ স্থবিৰতাৰ কাৰণবোৰ আলোচনা কৰা।

উত্তৰ: ইংৰাজ ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষৰ কৃষি খণ্ডই স্থবিৰতাত ভূগিছিল। ইয়াৰ মূল কাৰণবোৰ হ’ল:

(ক) ইংৰাজসকলে ভাৰতবৰ্ষত কৃষি ব্যৱস্থা আধুনিকীকৰণ কৰাৰ ওপৰত অনীহা প্রকাশ কৰিছিল। কৃষকসকলে পৰম্পৰাগত কৃষি পদ্ধতিৰে কৃষি কার্য চলাই থকাত কৃষিৰ উন্নয়ন হোৱা নাছিল।

(খ) ঔপনিবেশ শাসন কালত ইংৰাজসকলে বেংগল প্রেচিডেন্সী প্রনয়ণ কৰি জমিদাৰী ব্যৱস্থা প্রবর্তন কৰাত কৃষি ভূমি কৃষকসকলৰ পৰিৱৰ্তে জমিদাৰসকলৰ হস্তগত হৈছিল।

(গ) জমিদাৰসকলে কৃষিৰ উন্নয়নৰ বাবে কোনো উদ্যোগ গ্রহণ কৰা নাছিল।

(ঘ) কৃষকসকলৰ অৱস্থাৰ কোনো বিবেচনা নকৰাকৈ জোৰ-জুলুম কৰি সিহঁতৰ পৰা খাজনা আদায় কৰিছিল।

(ঙ) ইংৰাজসকলে খাদ্য শস্য উৎপাদন কৰাতকৈ বাণিজ্যিক শস্য উৎপাদনত জোৰ দিছিল।
এইবোৰ কৰণতে ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষৰ কৃষি অর্থনীতি স্থবিৰ হৈ পৰিছিল।

২। ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষৰ ঔদ্যোগিক খণ্ডৰ অবস্থা আলোচনা কৰা।

উত্তৰ: ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষত ঔদ্যোগিক খণ্ডৰ উন্নয়ন অতি মন্থৰ গতিত হয়।
ইংৰাজসকলে ভাৰতবৰ্ষত ঔদ্যোগিক খণ্ডত বৈষম্যমূলক নীতি গ্রহণ কৰিছিল।

(ক) ভাৰত প্ৰধানকৈ কৃষি প্রধান দেশ হিচাপে গঢ়ি উঠিছিল। কিছু পৰিমাণে বাণিজ্যিক শস্যৰ প্ৰসাৰ হৈছিল।

(খ) দেশৰ কুটিৰ আৰু হস্তশিল্পসমূহ ধ্বংসৰ গৰাহত পৰিছিল।

(গ) বৃটিছসকলে ভাৰতীয় বজাৰৰ ওপৰত সম্পূর্ণ নিয়ন্ত্ৰণৰ কর্তৃত্ব পাইছিল। ফলত বাণিজ্যিকীকৰণত পৃথকীকৰণ নীতি প্ৰৱৰ্তিত হৈছিল।

(ঘ) ভাৰতত স্থাপন কৰা ভোগ্য দ্রব্য উদ্যোগসমূহৰ মুঠ লাভৰ ৫০ শতাংশ ইংৰাজসকলে বনাচ হিচাপে আত্মসাৎ কৰিছিল। অৱশ্যে উনৈশ শতিকাৰ দ্বিতীয়ার্ধত আধুনিক উদ্যোগ ভাৰতবৰ্ষত স্থাপন হ’বলৈ ধৰে যদিও ইয়াৰ বিকাশ অতি লেহেমীয়া আছিল। ইয়াৰ বিকাশ মাত্র কপাহী বস্ত্ৰ আৰু মৰাপাট কল আদি সৰু-সুৰা উদ্যোগ স্থাপনতে সীমাবদ্ধ আছিল। দ্বিতীয় মহাসমৰৰ পিছত কেতবোৰ কাগজ উদ্যোগ গঢ়ি উঠিছিল যদিও কোনো মূলধন জাতীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি উঠা নাছিল।

৩। ঔপনিবেশ শাসন কালত ভাৰতবৰ্ষত অর্থনৈতিক পৰিবৰ্তনসমূহ আলোচনা কৰা।

উত্তৰ: ঔপনিবেশিক শাসন কালত ভাৰতীয় অর্থনৈতিক পৰিৱৰ্তনৰ কাৰণসমূহ তলত উল্লেখ কৰা হ’ল:

(ক) গড়কাপ্তানি বিভাগ আৰু ৰেল’পথ স্থাপন: ইংৰাজ গৱৰ্ণৰ জেনেৰেল লর্ড ডেলহাউচীৰ শাসন কালত ভাৰতত গড় কাপ্তানি বিভাগ স্থাপন হয়। এই বিভাগে ৰাস্তা-ঘাটৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ১৮৫০ চনত ৰলপথ নির্মাণ কৰা হয়। ইয়াৰ ফলত দেশৰ ভিতৰত বিভিন্ন অঞ্চলৰ লগত সংযোগ স্থাপন আৰু দেশী-বিদেশী সামগ্রী ক্রয়-বিক্রয়ৰ বজাৰৰ পৰিসৰ বৃদ্ধি হয়।

(খ) পশ্চিমীয়া ভাৱধাৰাৰ আমদানি: ইংৰাজসকলৰ ৰাজত্বৰ কালছোৱাত ভাৰতবৰ্ষত পশ্চিমীয়া ভাৱধাৰা, আইন, শিক্ষা, মুক্ত চিন্তা আদিৰ আমদানি হোৱাত ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে চলি অহা মূল্যবোধ আৰু জীৱনৰ প্রতি দৃষ্টিভংগীৰ যথেষ্ট পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনশীল ভাৱধাৰাই ভাৰতত পৰম্পৰাগতভাবে চলি অহা অর্থনীতিৰ ওপৰত প্রত্যক্ষ আৰু পৰোক্ষ প্রভাব পেলায়।

(গ) বিদেশী উদ্যোগ আৰু মূলধনৰ বিনিয়োগ: ইংৰাজ ৰাজত্বৰ শেষার্ধত ভাৰতত যথেষ্ট পৰিমাণে বিদেশী মূলধন বিনিয়োগ হয়। ভাৰতত কফি উদ্যোগ, মৰাপাট উদ্যোগ, কয়লা উৎপাদন, নীল খেতি আদি আৰম্ভ হয় আৰু সেইবোৰত বিদেশী মূলধনৰ বিনিয়োগৰ হ’বলৈ ধৰে। ফলত ভাৰতৰ অৰ্থনীতিৰ বিকাশৰ স্থবিৰতা কিছু পৰিমাণে শাম কাটে।

(ঘ) ইংলণ্ডৰ শিল্প বিপ্লব: ১৭৫০ চনত ইংলণ্ডত শিল্প বিপ্লৱ সংঘটিত হয়। এই বিল্পৱৰ ফলস্বৰূপে ইংলণ্ডত প্রস্তুত সামগ্রী বিক্ৰীৰ এক বহল বজাৰ হয়গৈ ভাৰতবৰ্ষ। ইয়াৰ পৰিণতিত ভাৰতৰ থলুৱা হস্তশিল্পৰ পতন ঘটে।

এনেদৰে ইংৰাজ ৰাজত্ব কালত ভাৰতবৰ্ষৰ অর্থনৈতিক আন্তঃগাঁথনিৰ পৰিৱৰ্তনৰ সূচনা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×