Join WhatsApp

Join Now

Join Telegram

Join Now

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Class 12 Assamese Chapter 18 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Class 12 Assamese Chapter 18 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Class 12 Assamese Chapter 18 Solutions

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা Class 12 Assamese Chapter 18 Solutions

কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা – ডক্টৰ স্বৰ্ণলতা দাস

লেখক পৰিচয়ঃ ড° স্বর্ণলতা দাস (১৯৪৯-) অসমৰ এজন শিক্ষাবিদ, পাঠ্যপুথি প্রণেতা, গবেষক আৰু প্ৰৱন্ধকাৰ। তেওঁ এগৰাকী অধ্যাপিকা হিচাপে গুৱাহাটীৰ সন্দিকৈ মহাবিদ্যালয় আৰু পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগত যোগদান কৰে। উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষা বিষয়ৰ পাঠ্যপুথি ৰচনাত জড়িত দাসৰ কুৰিখনতকৈয়ো অধিক গৱেষণাপত্র বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পত্রিকাত প্রকাশিত হৈছে।

কঠিন শব্দৰ অৰ্থঃ

অভাবনীয়: যাক ভাবিব নোৱাৰি, অচিন্তনীয়। সার্বজনীন: বাজহুৱা, ৰাইজ সম্বন্ধীয়। দিবাস্বপ্ন (H.S. ’18): অবাস্তব কল্পনা। অলীক: অবাস্তব। প্রতীতি (H.S. ’20): বিশ্বাস, ধাৰণা।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)

১। কৈশোৰ কালৰ এটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ হয়।

২। কোনছোৱা সময়ক কৈশোৰ কাল বুলি জনা যায়।  H.S. ’17

উত্তৰ: সাধাৰণতে ১০-১১ বছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সৰ সময়খিনিক ‘কৈশোৰ কাল’ বুলি জনা যায়। অর্থাৎ বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা হ’ল কৈশোৰ কাল।

৩। মানৱ জীৱনৰ কোনছোৱা কালক ‘ৰূপান্তৰ কাল’ বুলি অভিহিত কৰিব পাৰি?

উত্তৰ: মানব জীৱনৰ কৈশোৰ কালছোৱাক ‘ৰূপান্তৰ কাল’ বুলি অভিহিত কৰিব পাৰি।

৪। নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰীৰ মনত কেনে ভাবৰ উন্মেষ হোৱাত সহায় কৰে?

উত্তৰ: নৈতিকতাৰ বিকাশে কিশোৰ-কিশোৰী মনত নিজস্ব মতাদর্শ উন্মেষ হোৱাত সহায় কৰে।

৫। কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক কি শিক্ষা বুলি কোৱা হয়?

উত্তৰ: কৈশোৰ কালৰ বাবে প্রচলিত শিক্ষাক ‘মাধ্যমিক শিক্ষা’ বুলি কোৱা হয়।

(খ) চমু প্রশ্ন (প্ৰতিটোৰ মূল্যাংক: ২। ৩)

১। কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ: কৈশোৰ কালত দ্রুত শাৰীৰিক বিকাশ সহজেই লক্ষণীয় বিষয়। যৌৱন প্রাপ্তিৰ লগে লগে হোৱা জৈৱিক পৰিৱৰ্তনে ল’ৰা-ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈর্ঘ্য বৃদ্ধি কৰাৰ লগে লগে নাৰী-পুৰুষৰ দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। প্রজনন ক্ষমতাপ্রাপ্তি কৈশোৰ কালৰ এক প্রধান বৈশিষ্ট্য আৰু তাৰ ফলত শৰীৰৰ বিভিন্ন পৰিৱৰ্তন, কণ্ঠস্বৰ পৰিৱৰ্তন আদিয়ে দেখা দিয়ে। এই অভাবনীয় পৰিৱৰ্তনসমূহে কিশোৰ-কিশোৰীৰ মনলৈ আত্মসচেতনতাৰ ভাব জগাই দিয়ে।

২। কৈশোৰ কালত কিশোৰ কিশোৰীৰ মাজত পৰিলক্ষিত হোৱা নৈতিক পৰিবৰ্তনসমূহ ফঁহিয়াই লিখা।

উত্তৰ: কৈশোৰ কালছোৱাত মানুহৰ নিজস্ব মতাদর্শ গঢ়ি উঠে আৰু নৈতিক ক্ষেত্ৰত তাৰ কিছু প্ৰভাৱ পৰে। ধৰ্মৰ প্ৰতি, দৰ্শনৰ প্ৰতি বা জীৱনৰ লক্ষ্য-উদ্দেশ্যৰ প্রতি উৎকণ্ঠা জাগি উঠে। ফলস্বৰূপে মানসিক দ্বন্দ্বৰো সৃষ্টি হয়। কিছু ক্ষেত্রত পিতৃ-মাতৃ বা বয়োজেষ্ঠ্যজনৰ মতাদৰ্শৰ পৰা ফালৰি কাটি নিজৰ যুক্তি-বিবেচনাৰে এক নৈতিকতাসমৃদ্ধ সমাজ গঢ়িব বিচাৰে। ন্যায়ৰ হকে যুঁজিবলৈ লোৱা মনোভাবৰ বাবেই বিশ্বৰ বহু সামাজিক বিপ্লবত অংশ গ্রহণ কৰা লোকসকলৰ অধিকাংশই কিশোৰ-কিশোৰী। নৈতিকতাৰ এনে বিকাশে সমাজিক দায়বদ্ধতা, দেশপ্রেম আদি ভাৱৰ উন্মেষ হোৱাত সহায় কৰে।

৩। ‘কৈশোৰ কালছোবাত মানসিক বিকাশ কেনেদৰে হয়?

উত্তৰ: ‘কৈশোৰ কালছোৱাত মানসিক শক্তিৰ বিকাশ হয়। মানসিক শক্তি মানে বুদ্ধি, বিমূর্ত চিন্তনৰ ক্ষমতা, যুক্তিশক্তি, বিভিন্ন ক্ষেত্রত আগ্রহ আদিক বুজায়। কৈশোৰৰ আৰম্ভণিতে যদিও বৌদ্ধিক বিকাশৰ গতি কিছু মন্থৰ হয়, শেষৰ পিনে ই দ্রুততৰ গতি লয়। এই সময়ত শৈশৱকালৰ অনুকৰণ শিক্ষাৰ সলনি নিজৰ বিচাৰ বুদ্ধিৰে যুক্তিসংগতভাবে চিন্তা কৰিব পৰা শক্তিৰো বিকাশ হয়।

৪। কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা মৌলিক বিষয় কি কি? H.S. ’24

উত্তৰ: কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক পাঠ্যক্রমত চাৰিটা মৌলিক বিষয় থকা প্রয়োজনীয়। সেই বিষয়কেইটা হ’ল: ভাষা শিক্ষণ, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান।

৫। ‘কিশোৰ সংস্কৃতি’ কি?

উত্তৰ: কৈশোৰ কালত সামাজিক বিকাশ এক লেখত লবলগীয়া বিষয়। দলীয় মনোভাৱৰ লগত সহমর্মিতাৰ উন্মেষ হয় এই কালছোৱাত। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ মনোভাৱ গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক উপ-সংস্কৃতি যাক ‘কিশোৰ সংস্কৃতি’ বুলি অভিহিত কৰা হয়।

(গ) দীঘল প্রশ্ন (প্রতিটোৰ মূল্যাংক: ৪। ৫)

১। কৈশোৰ কালৰ আৱেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই লিখা।

উত্তৰ: মানৱ জীৱনৰ কৈশোৰ কালছোৱা হৈছে অতি গুৰুত্ব পূর্ণ সময়। ই হৈছে বাল্যকাল আৰু প্রাপ্তবয়স্কৰ মাজৰ সময়ছোৱা। এই কালছোৱাত শাৰীৰিক, মানসিক, আবেগিক, সামাজিক, নৈতিক আদি বিভিন্ন দিশৰ বিকাশ সাধন হয়। তলত কৈশোৰ কালৰ আবেগিক আৰু সামাজিক বিকাশৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল।

আবেগিক বিকাশ: কৈশোৰ কালছোৱাত কিশোৰ-কিশোৰীৰ পূৰ্ণতম আবেগিক বিকাশ হয়। ফলত সিহঁতৰ মনোজগতত আলোড়নৰ সৃষ্টি হয়। মন হৈ পৰে কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাবে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্রোহী মনোভাবাপন্ন। পৰিয়ালৰ প্ৰতি, সমাজৰ প্রতি নেতিবচাক মনোভাব পোষণ কৰা এনে কিশোৰ-কিশোৰীক সুশিক্ষা দিব নোৱাৰিলে সিহঁতৰ মনত অপৰাধপ্ৰৱণতাৰ সৃষ্টি হয়।

সামাজিক বিকাশ: কৈশোৰ কালত কিশোৰ-কিশোৰীৰ মাজত সামাজিক বিকাশ এক লেখতলবলগীয়া বিষয়। দলীয় মনোভাবৰ লগতে সহমর্মিতাৰ উন্মেষ হয়। সমনীয়াৰ মাজত গভীৰ বন্ধুত্ব আৰু সহযোগিতাৰ ভাব গঢ়ি উঠে। সমনীয়াৰ সৈতে হোৱা প্রতিযোগিতা-সহযোগিতাৰ অন্তৰালত গঢ়ি উঠে এক ‘উপ-সংস্কৃতি’ যাক ‘কিশোৰ সংস্কৃতি’ বুলি অভিহিত কৰা হয়। কিশোৰ অৱস্থাৰ চাল-চলন, সাজপাৰ, বাক-ভংগী, ধ্যান-ধাৰণা আনকি ৰাজনৈতিক মতাদর্শ আদিতো এই সংস্কৃতিয়ে যথেষ্ট প্রভাৱ পেলায়। মন কৰিবলগীয়া কথা যে বেছি ভাগ ক্ষেত্ৰত কিশোৰ-সংস্কৃতি ধনাত্মক দিশতকৈ ঋণাত্মক দিশটোৰ প্রতিহে ধাৱমান হয়। এই সময়ত কিশোৰ-কিশোৰী সমাজত দেখা দিয়া সামাজিক ব্যাধিস্বৰূপ মাদক দ্রব্যৰ ব্যৱহাৰ, ড্ৰাগছৰ প্রতি আসক্ত হোৱাৰ সম্ভবনা থাকে। সেয়ে এই সময়ছোৱাত কিশোৰ-কিশোৰীহঁতক সুশিক্ষা দিয়া অতি প্রয়োজন।

২। কৈশোৰ কালৰ বাবে কেনধৰণৰ শিক্ষা উপযোগী? উদাহৰণসহ বর্ণনা কৰা। H.S. ’18

উত্তৰ: কৈশোৰ কালৰ বাবে উপযোগী শিক্ষা হ’ল মাধ্যমিক শিক্ষা। ব্যক্তি জীৱনৰ জটিলতাপূর্ণ কৈশোৰ কালক সামৰি লোৱা মাধ্যমিক শিক্ষা ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। কিয়নো মাধ্যমিক শিক্ষাৰ জৰিয়তে জাতি এটিৰ লক্ষ্য আৰু আদর্শক উপলব্ধি কৰিব পাৰি।

ভাৰতবৰ্ষত স্বাধীনতাৰ পৰৱৰ্তী দহকত গঠিত হোৱা মাধ্যমিক শিক্ষা আয়োগে (১৯৫২-৫৩) মাধ্যমিক শিক্ষাৰ তিনিটা লক্ষ্যৰ বিষয়ে উনুকিয়াইছে।
সেইকেইটা হ’ল-

(১) দেশৰ সমসাময়িক ৰাজনৈতিক, সামাজিক বা অর্থনৈতিক সমস্যাৰ পটভূমিত বৰ্তমানৰ আৰু ভৱিষ্যতৰ দাবী পূৰণ কৰিব পৰাকৈ শিক্ষা ব্যৱস্থাক গঢ় দিয়া।

(২) ধৰ্মনিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্রয়োজনীয় গুণ আয়ত্ব কৰি অৰ্থনৈতিক অগ্রগতিত সহায় কৰা।

(৩) জাতীয় সংহতিৰ বিকাশ সাধন কৰা। এক কথাত ক’বলৈ গ’লে, মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিস্তাৰ ঘটাই উচ্চ স্তৰৰ শিক্ষাত প্ৰৱেশৰ অধিকাৰ সাব্যক্ত কৰাৰ বাবে উপযোগী কৰি তোলে। মাধ্যমিক জ্বৰৰ শিক্ষাৰ দুটা বিশেষত্ব আছে, যেনে-

(১) এই স্তৰত কোনো বিশেষীকৰণ পাঠ্যক্রম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাবে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই।

(২) এই কালছোৱাৰ ছাত্ৰ-ছাত্ৰীসকল হ’ল কৈশোৰ বা বয়ঃসন্ধি কালৰ। এই সময়ত ব্যক্তিৰ বুদ্ধিমত্তা বৃদ্ধি হয়। প্রকৃতিৰ বিষয়ে গভীৰভাবে জানিবলৈ তেওঁলোক কৌতুহলী হৈ পৰে।

সমাজখনৰ প্ৰতিও তেওঁলোকৰ আগ্রহ বাঢ়ি যায়। নানা কৌতুহল, অনুভূতি আৰু আকাংখাৰ ফলস্বৰূপে কৈশোৰৰ মনত সৃষ্টি হোৱা আলোড়নৰ পৰিপ্ৰেক্ষিতত নানা ধৰণৰ চাহিদাৰ উদ্ভৱ হয়। কৈশোৰৰ শাৰীৰিক, মানসিক, আবেগিক অথবা

সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে পাৰস্পৰিক সম্পর্ক স্থাপনত গুৰুত্ব দিয়া হয়। এই ক্ষেত্রত ‘বাষ্ট্রীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে’ প্ৰস্তুত কৰা জাতীয় পাঠ্যক্রম গাঁথনি, ২০০৫ ৰ পৰামৰ্শবলী বিশেষভাবে প্রযোজ্য।

কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় আছে, যেনে (১) ভাষা শিক্ষণ, (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান।

ইয়াৰ উপৰিও কাৰিকৰী শিক্ষা, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষা, পৰিৱেশ বিজ্ঞান শিক্ষা, মূল্যবোধ শিক্ষা, যৌন শিক্ষা, জন শিক্ষা আদি ও পৰঞ্চি বিষয়বোৰো শিকোৱা হয়।

৩। চমুটোকা লিখাঃ দিবাস্বপ্ন, বীৰ পূজা, অপৰাধপ্ৰৱণ কিশোৰ।

উত্তৰ দিবাস্বপ্ন: দিবাস্বপ্ন বা অলীক কল্পনা হ’ল কৈশোৰ কালৰ এক বৈশিষ্ট্য। এই সময়ত কিশোৰ-কিশোৰীৰ মনত কল্পনা শক্তিৰ অভূতপূর্ব বিকাশ সাধন হয়। ফলত সিহঁত বাস্তৱৰ পৰা ফালৰি কাটি কল্পনাৰ জগতত বিচৰণ কৰিবলৈ হাবিয়াস কৰা দেখা যায়। অৱশ্যে দিবাস্বপ্নৰ যোগাত্মক দিশো আছে। এই শক্তিয়ে কিশোৰ-কিশোৰীৰ মনত সৃজনী প্রতিভাৰ বিকাশ ঘটায়। মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতে নানা ধৰণৰ শিল্প চর্চ্চা কৰিবলৈ লয়। কিছুমানে সাহিত্য, সংগীত, চিত্রকলা আদি চৰ্চাৰ প্ৰতি ঢাল খায়।

বীৰপূজা (H.S. ’18): বীৰপূজাৰ প্রবৃত্তি কৈশোৰ কালৰ এক বিশেষ বৈশিষ্ট্য। নিজৰ ভাললগা ব্যক্তিৰ জীৱনৰ আদর্শ গ্রহণৰ প্রবৃত্তি এই সময়ত প্রৱল হৈ উঠে আৰু সেইসকল ব্যক্তিৰ ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কিশোৰ-কিশোৰীয়ে কৰিবলৈ লয়। কিশোৰ-কিশোৰীয়ে আদর্শ ব্যক্তি হিচাপে গ্রহণ কৰা দেখা যায় সচৰাচৰ ছবিজগতৰ নতুবা খেল জগতৰ ব্যক্তিসকলক। বীৰপূজাৰ এই প্রবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী অন্তৰ্ভূক্ত কৰা হয়।

অপৰাধপ্রবণ কিশোৰ (H.S. ’17): কিশোৰ কালছোৱাত কিশোৰ-কিশোৰীৰ পূৰ্ণতম আৱেগিক বিকাশ হয়। ফলত সিহঁতৰ মনোজগতত আলোড়নৰ সৃষ্টি হয়। মন হৈ পৰে কেতিয়াবা আশাবাদী আৰু কেতিয়াবা নিৰাশাবাদী। আশা-নিৰাশাৰ দোমোজাত পৰি বহুতৰে অন্যৰ লগত মিলিব নোৱাৰা সমস্যাই দেখা দিয়ে। সুস্থভাবে নিজৰ মনক পৰিচালিত কৰিব নোৱাৰি বহু সময়ত কিশোৰ-কিশোৰী হৈ পৰে বিদ্রোহী মনোভাবাপন্ন। পৰিয়ালৰ প্ৰতি, সমাজৰ প্রতি নেতিবচাক মনোভার পোষণ কৰা এনে কিশোৰ-কিশোৰীক সুশিক্ষা দিব নোৱাৰিলে সিহঁতৰ মনত অপৰাধপ্ৰৱণতাৰ সৃষ্টি হয়।

৪। ‘কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল পৰিচিতিৰ সংঘাত।’- ব্যাখ্যা কৰা। H.S. ’20, 24

উত্তৰ: কিশোৰ-কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্য হ’ল ‘পৰিচিতিৰ সংঘাত’ (Iden-tity Crisis)। বিপৰীত ভাবাপন্ন বিভিন্ন অনুভূতিৰ প্রভাৱত কিশোৰ-কিশোৰীৰ মনত এই সংঘাতৰ উদয় হয়। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শৰ বাস্তৱ জগতৰ লগত অমিলখিনি কিশোৰ-কিশোৰীয়ে নিজৰ চিন্তা, বুদ্ধি বা বিচাৰ-বিবেচনাৰে ফাঁহিয়াই চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদর্শবাদৰ লগত বাস্তৱতাৰ সংঘাতে জন্ম দিয়ে ‘পৰিচিতিৰ সংঘাত’। সমাজ গঠনত এনে ধৰণৰ সংঘাতে জোঁৱাৰৰ সৃষ্টি কৰে।

৫। বিপৰীত লিংগকামিতা কৈশোৰ কালৰ আন এক প্রধান বৈশিষ্ট্য।’ চমুকৈ আলোচনা কৰা।

উত্তৰ: বিপৰীত লিংগকামিতা কৈশোৰ কালৰ এক প্রধান বৈশিষ্ট্য। এই সময়ত কিশোৰ-কিশোৰীসকল শাৰীৰিকভাৱে পৈণত অৱস্থা পায়। এই কালছোৱাত দেহত থকা অন্তঃস্রাবী গ্রন্থিসমূহৰ নিঃসবন আৰম্ভ হয় বাবে জৈৱ ৰাসায়নিক পৰিৱর্তনে দেখা দিয়ে। এই প্রক্রিয়াত দেহৰ যৌন গ্রন্থিসমূহ সক্রিয় হৈ উঠি কিশোৰ-কিশোৰীক যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী কৰি তোলে। ফলত সিহঁতে বিপৰীত লিংগৰ প্ৰতি প্ৰৱলভাৱে আকর্ষণ অনুভব কৰে। বিপৰীত লিংগকামিতাৰ বাবে বহুত কিশোৰ-কিশোৰীয়ে এই কালছোৱাত অঘটন ঘটোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই সময়ছোৱাত কিশোৰ-কিশোৰীক সুপথে পৰিচালিত কৰাৰ বাবে অভিভাবক-অভিভাবিকাসকল সচেতন হোৱা অতি জৰুৰী।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (মূল্যাংকঃ ১)

(ক) ‘কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’ পাঠটি কোনে ৰচনা কৰিছে?

উত্তৰ: ‘কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা’ পাঠটি ডক্টৰ স্বর্ণলতা দাসে ৰচনা কৰিছে।

(খ) স্বর্ণলতা দাসে কোনখন শিক্ষানুষ্ঠানত কর্মজীৱনৰ পাতনি মেলিছিল?

উত্তৰ: ‘স্বর্ণলতা দাসে গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত কর্মজীৱনৰ পাতনি মেলিছিল।

(গ) ‘কৈশোৰ কাল’ক আন কি নামেৰে জনা H.S. ’19

উত্তৰ: কৈশোৰকালক ‘বয়ঃসন্ধি কাল’ বুলিও জনা যায়।

(ঘ) ‘কৈশোৰ কালক কি কাল বুলি অভিহিত কৰিব পাৰি?

উত্তৰ: কৈশোৰ কালক ‘ৰূপান্তৰ কাল’ বুলি অভিহিত কৰিব পাৰি।

(ঙ) কোনছোৱা সময়ক কৈশোৰ কাল বুলি কোৱা হয়?

উত্তৰ: সচৰাচৰ ১০-১১ বছৰ বয়সৰ পৰা ১৮ ১৯ বছৰ বয়সলৈকে কৈশোৰ কাল বুলি কোৱা হয়।

(চ) শিক্ষাক কিহৰ অন্য এক প্রকাশ বুলিব পাৰি?

উত্তৰ: শিক্ষাক স্নেহৰেই অন্য এক প্রকাশ বুলি ক’ব পাৰি।

(ছ) ভাৰত চৰকাৰে কোন চনত ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কবে?

উত্তৰঃ ১৯৮৬ চনত ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি ঘোষণা কৰে।

(জ) আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাৰ সময়ছোৱা জীৱনৰ কেনেধৰণৰ সময় বুলি অভিহিত কৰিছে? H.S. ’19

উত্তৰ: আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ (Crossroads of Life) বুলি অভিহিত কৰিছে।

(ঝ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি? H.S. ’19

উত্তৰ : আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগে মাধ্যমিক শিক্ষাক ‘জীৱনৰ আলি-দোমোজা’ (Crossroads of Life) বুলি অভিহিত কৰিছে।

(ঝ) মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি? H.S. ’19

(১) এই স্তৰত কোনো বিশেষীকৰণ পাঠ্যক্রম নাই। মানৱ জাতিৰ বৃহত্তৰ অভিৰুচি অনুসাবে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি এই স্তৰতেই।

(২) কৈশোৰৰ শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিক চাহিদাসমূহ পূৰণৰ অৰ্থে পাৰস্পৰিক সম্পর্ক স্থাপনত এই স্তৰৰ শিক্ষা ব্যৱস্থাত গুৰুত্ব দিয়া হয়। এই ক্ষেত্ৰত ‘ৰাষ্ট্ৰীয় শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদে’ প্রস্তুত কৰা জাতীয় পাঠ্যক্রম গাঁথনি, ২০০৫ -ৰ পৰামৰ্শৱলী বিশেষভাবে প্রযোজ্য।

(ঞ) কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমৰ প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি কি? H.S. ’19

নাইবা

মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক বিষয় কি কি? H.S. ’20

উত্তৰঃ কৈশোৰ কালৰ বাবে প্রস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা চাৰিটা প্রাথমিক আৰু মৌলিক হ’ল (১) ভাষা শিক্ষণ, (২) গণিত, (৩) বিজ্ঞান আৰু (৪) সমাজ বিজ্ঞান।

(ট) কৈশোৰ কালে কোন দুখন জগত সংযোগ কবে? H.S. ’20

উত্তৰঃ ‘কৈশোৰ কালে’ বাল্যকাল আৰু প্রাপ্তবয়স্ক কালৰ জগত দুখন সংযোগ কৰে।

(ঠ) ভাৰতৰ সংবিধানে ভাৰতবৰ্ষক কেনে ধৰণৰ ৰাষ্ট্ৰ হিচাপে প্রতিষ্ঠা কৰিছে?

উত্তৰঃ ভাৰতৰ সংবিধানে ভাৰতবর্ষক এখন সার্বভৌম, সমাজবাদী, ধর্মনিৰপেক্ষ, কল্যাণকর্মী, গণতান্ত্রিক গণৰাজ্য হিচাপে প্রতিষ্ঠা কৰিছে।

(ড) মানসিক শক্তি মানে কি? H.S. ’20

উত্তৰঃ মানসিক শক্তি বুলিলে সাধাৰণতে আমি দৈনন্দিন জীৱনত সম্মুখীন হোৱা সমস্যাসমূহ বিশ্লেষণ কৰাৰ আৰু সেইসমস্যাসমূহ সমাধানৰ অর্থে সুস্থভাবে চিন্তা-চৰ্চা কৰাৰ শক্তি সামর্থ্যক বুজায়। ই আমাৰ মানসিক শক্তিক সংহত কৰাৰ ধাৰণ ক্ষমতাৰ নির্দেশ কৰে।

(খ) ‘আজিৰ যুগ বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ।’ ব্যাখ্যা কৰা। H.S. ’19

উত্তৰ: আজিৰ যুগ হৈছে বিজ্ঞানৰ চৰম উন্নতিৰ যুগ। বিজ্ঞানে মানব সভ্যতালৈ ইমানেই অবদান আগবঢ়াইছে যে আজিৰ যুগটোক বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়যাত্ৰাৰ যুগ’ বুলি কোৱা হয়। আজি বিজ্ঞানে যোগাযোগৰ মাধ্যম হিচাপে, ৰেডিঅ’, টেলিভিচন, ইন্টাৰনেট, মোবাইল, ফে’ক্স আদি নানান বস্তু আৱিষ্কাৰ কৰিছে। ফলত বিশ্বখন সংকুচিত হৈ এখন গোলকীয় গাওঁত পৰিণত হৈছে। ইয়াৰ উপৰিও বিজ্ঞানে নানান ধৰণৰ কল-কাৰখানা, যন্ত্র-পাতি আৱিষ্কাৰ কৰি মানৱ জীৱনটো অধিক সূচল আৰু আৰামদায়ক কৰি তুলিছে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ অবদান ইমানেই বিশাল যে আজি কোনো ৰোগেই দূৰাৰোগ্য হৈ থকা নাই। মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰতো বিজ্ঞানৰ বিজয় ডংকা উৰিছে। আমি আজি চন্দ্রক জয় কৰি অইন গ্রহটো অভিযান চলাব পৰা হৈছো। বিজ্ঞানৰ ইমানবোৰ অৱদানৰ বাবে আজিৰ যুগক বিশ্বায়নৰ যুগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ বুলি কোৱা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×