অসমীয়া যতি চিহ্ন Assamese Punctuation Mark
👉 Read also:
- যতি চিহ্নৰ ব্যৱহাৰ Use of Punctuation in Assamese
- অসমীয়া উপসৰ্গ Prefix in Assamese uposorgo
- অসমীয়াত স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ কেইটা আৰু কি কি
- বিশেষণ পদৰ শ্ৰেণী বিভাগ Classification of Adjective
- সৰ্বনাম পদৰ শ্ৰেণী বিভাগ Classification of Assamese Pronoun
(যতি চিহ্ন Assamese Punctuation Mark) আমি সাধাৰণতে কথা পাতোতে বা লিখোতে আমাৰ বক্তব্য অধিক বোধগম্য আৰু অৰ্থবহ কৰি তুলিবৰ বাবে মাজে মাজে বিৰতি লওঁ। এই বিৰতি কেতিয়াবা কম সময়ৰ হয় আৰু কেতিয়াবা সময়ৰ বাবে হয়। লিখিত ৰূপত সেই বিৰতি বুজাবলৈ কিছুমান চিন ব্যৱহাৰ কৰা হয়, যাক অসমীয়াত ‘যতি চিহ্ন’ (Punctuation) বুলি কোৱা হয়। যতি চিহ্নৰ ব্যৱহাৰে বাক্য এটিক অধিক বোধগম্য, স্পষ্ট, সাৱলীল আৰু অৰ্থপূৰ্ণ কৰি তোলে। যতি চিহ্ন কেইবাটাও আছে, যেনে–
(১) দাৰি (।)
(২) কমা (,)
(৩) ছেমি কলন (;)
(৪) কলন (ঃ)
(৫) প্রশ্নবোধক চিন (?)
(৬) ভাববোধক চিন (!)
(৭) হাইফেন (-)
(৮) ড্যাচ (—-)
(৯) উৰ্দ্ধকমা ( “—-”)
(১০) বন্ধনী ( )। আদি
তলত এইবোৰৰ ব্যৱহাৰ আলোচনা কৰা হ’ল।
দাৰি (।)
কোনো বাক্য সম্পূৰ্ণ হোৱাৰ পিছত দাৰি (। ) ব্যৱহাৰ কৰা হয়। ই হৈছে আটাতিকৈ দীৰ্ঘ সময় বিৰতিৰ চিন। যেনে–
আমি আজি বজাৰলৈ নাযায়।
নবীনে ৰামায়ণ পঢ়িছে।
সিহঁতে আম আৰু আপেল ভাল পায়।
কমা (,)
কমা সদায় বাক্য এটাৰ ভিতৰত আবদ্ধ থাকে। ই হৈছে আটাইতকৈ কম সময় বিৰতিৰ চিন। তলত দিয়া ক্ষেত্ৰত এই চিন ব্যৱাহৰ কৰা হয়।
(ক) একে জাতীয় শব্দৰ তিনিটা বা তাতকৈ বেছি শব্দক এটাক আনটোৰ পৰা পৃথক কৰিবলৈ, যেনে —
যাদৱ, মাধৱ আৰু হৰ বন্ধু।
কানাডা, ফ্রান্স, জাৰ্মান আৰু ইংল্যান্ড চহকী দেশ।
(খ) ‘আৰু’ ৰ দ্বাৰা সংযোগ হোৱা কেইবাটাও শব্দ সমষ্টিৰ (pair of words) মাজত, যেনে —
উচ্চ আৰু নীচ, জ্ঞানী আৰু মূৰ্খ, ধনী আৰু দুখীয়া সকলোৱে এদিন মৰিব লাগিব।
উক্ত বাক্যটোত ‘উচ্চ আৰু নীচ’, ‘জ্ঞানী আৰু মৰ্খ’ ‘ধনী আৰু দুখীয়া’ এইবোৰ হৈছে যোৰ শব্দ ((pair of words))।
(গ) সম্বোধন পদ (Nominative of Address) ‘কমা’ৰে পৃথক কৰা হয়। যেনে —
হে বোপা, ইয়ালৈ আহা।
বন্ধু, তুমি কেনে আছা ?
(ঘ) একেলগে বহা এটাতকৈ বেছি বিশেষণ বা বিশেষণীয় শব্দ (adverb or adverbials) ৰ মাজত, যেনে —
তেতিয়া, অৱশেষত সিহঁত আহিল।
সবৰ্বশেষত, যদিও সন্ধিয়া হ’ল, আমি যাবলৈ ওলালো।
(ঙ) উদ্ধৃতিৰ আগত, যেনে —
ককাই ক’লে, “মই বজাৰলৈ নাযাওঁ।”
চক্ৰেটিছে কৈছিল, “মোক শান্তিত মৰিবলৈ দিয়া।”
(চ) কিছুমান নিৰ্দিষ্ট শব্দ বা শব্দ সমষ্টি যেতিয়া এটা বাক্যত একেলগে বহে তেতিয়া সিহঁতৰ আগত আৰু পিছত কমা (,) বহে। তেনেকুৱা শব্দ কিছুমান হৈছে –প্ৰথমতে, দ্বিতীয়তে, অৱশ্যে, সম্প্ৰতি, মুঠতে, সামৰণিত ক’বলৈ গ’লে, সঁচা কথা ক’বলৈ হ’লে ইত্যাদি। যেনে —
মই তোমাক অনুৰোধ কৰো, সঁচা কথা ক’বলৈ হ’লে, তুমি আকৌ ইয়ালৈ আহিবা।
তেওঁৰ আচৰণ, অৱশ্যে, সন্তোষজনক আছিল।
(ছ) ব্যক্তি এজনৰ নাম উল্লেখ কৰি পিছত তেওঁৰ বিষয়ে সংক্ষিপ্ত কিছু বৰ্ণনা দি বাক্য এটা সম্পূৰ্ণ কৰিলে সেই ব্যক্তিৰ নামৰ পিছত, যেনে-
মিল্টন, ইংৰাজ কবিয়ে ‘পাৰাডাইজ লষ্ট’ মহাকাব্যখন ৰচনা কৰিছিল।
ছাদ্দাম হুছেইন, ইৰাকৰ প্ৰাক্তন প্ৰেচিডেন্ট, বিংশ শতাব্দীৰ এজন সাহসী একনায়ক আছিল।
(জ) ‘হয়’, আৰু ‘নহয়’ -ক বাক্যৰ বাকী অংশৰ পৰা পৃথক কৰিবলৈ, যেনে —
হয়, মই তোমাক সহায় কৰিম ।
নহয়, তুমি যাব নোঁৱাৰা।
(ঝ) মিশ্ৰ বাক্যত সৰু সৰু খণ্ডবাক্য থাকিলে সিবোৰৰ মাজত, যেনে —
আমি গৈছিলোঁ, ৰামে গৈছিল, আটায়ে গৈছিলো।
মই আহিছিলো, দেখিছিলো, জয় কৰিছিলো।
(ঞ) কোনো বাক্যৰ প্ৰথমতে থকা দীঘল কৰ্তাক ইয়াৰ ক্ৰিয়াৰ পৰা পৃথক কৰিবলৈ, যেনে —
ল’ৰাজন, যিজন যোৱাকালি আহিছিল, মোৰ ভাইটি।
সুন্দৰ উপহাৰখন, যিটো যদুয়ে বিয়াত দিছিল, আটায়ে প্ৰশংসা কৰিছিল।
ছেমি কলন (;)
দাৰি (।) তকৈ কম আৰু কমা (,) তকৈ অলপ বেছি সময় ৰবলৈ ছেমি কলন (;) চিনটি ব্যৱহাৰ কৰা হয়। ছেমি কলন তলত দিয়া নিয়মানুসৰি ব্যৱহাৰ হয়–
(ক) দুটা বাক্যৰ মাজত পৰস্পৰ সম্পৰ্ক বুজাবলৈ, যেনে —
মানুহে পাঙে; ঈশ্বৰে ভাঙে।
আশা আছে; জীৱন আছে।
(খ) একে বিষয়ৰ বিভিন্ন বাক্যক একেলগে সংযোগ কৰিবলৈ, যেনে-
তুমি হাস্য ৰসিক; তোমাৰ দাদা গম্ভীৰ।
কলন (ঃ)
ছেমি কলন তকৈ বেছি সময় বিৰতি ল’বলৈ কলন (ঃ) ব্যৱহাৰ হয়। তলত উল্লেখ কৰা স্থানত কলনৰ যথাযথ প্ৰয়োগ কৰা হয়–
(ক) কিছুমান ঘটনা বা নাম গণনা কৰিবলৈ, যেনে-
বেজবৰুৱাই ৰচনা কৰা কিছুমান পুথি হ’ল– সুৰভি, জোনেবলি, কেহেঁকলি, বুঢ়ী আইৰ সাধু আদি।
(খ) তালিকা (List) উল্লেখ কৰোতে, যেনে —
তেওঁৰ কিছুমান বস্তুৰ প্ৰয়োজন, যথা– কিতাপ, কাগজ, কলম, পেঞ্চিল, চোলা ইত্যাদি।
(গ) উদাহৰণ (example) উল্লেখ কৰিবলৈ, যেনে-
বাক্যত সাধাৰণতে কৰ্তাটো আগত বহে, যেনে: মই ভাত খাওঁ।
(ঘ) আগত উল্লেখ কৰা কোনো ঘটনাৰ ব্যাখ্যা দিবলৈ । যেনে —
সি আহিব নোৱাৰে, কাৰণ: তেওঁৰ অসুখ।
কোনেও সম্পূর্ণ সাধু নহয়: সকলোৱে ভুল কৰে।
(ঙ ) উদ্ধৃতি (Quotation) দিবলৈ । যেনে —
চক্ৰেটিছে কৈছিল: “ মানুহ যুক্তিৰ দ্বাৰা পৰিচালিত হ’ব লাগে।”
প্লেটোৱে কৈছিল: “পোহৰ হ’ল ঈশ্বৰৰ ছাঁ।”
(চ) পৰস্পৰ বিৰোধী দুটা ভাবৰ বাক্যৰ মাজত সংযোজক অব্যয় নাথাকিলে, যেনে —
নানা মুনি:নানা মত।
মানুহে পাঙে ঃ ঈশ্বৰে ভাঙে।
(ছ) কোনো কিতাপৰ নামৰ সৈতে লিখকৰ নাম লিখিবলৈ হ’লে লিখকৰ নামৰ পিছত, যেনে —
শেক্সপীয়াৰ: মেকবেথ ।
ৰাজা ৰাও ঃ কান্থাপুৰা।
প্ৰশ্নেবাধক চিন (?)
প্ৰশ্ন সুধিবলৈ প্ৰশ্নবোধক চিন (Question mark -‘?’) ব্যৱহাৰ কৰা হয়। যেনে —
তোমাৰ দেউতাৰ নাম কি?
সিহঁতে কি পঢ়ি আছে?
তুমিনো কোন?
মোক এখন কলম দিবনে?
ভাববোধক চিন (!)
মনৰ উচ্ছাস, আবেগ বা বিস্ময় প্ৰকাশ কৰিবলৈ ভাববোধক চিন (!) ব্যৱহাৰ হয়)। যেনে —
হায়! মোৰ সবৰ্বনাশ হ’ল।
বা! আমি খেলত জিকিলো।
কি সুন্দৰ বাগিছা !
কেতিয়াবা সম্বোধন কৰিবলৈ সম্বোধন কৰা ব্যক্তিৰ পিছত ভাববোধক চিন ব্যৱহাৰ কৰা হয়। যেনে –
হেৰি ডাঙৰীয়া! আপুনি ভালনে ?
হেৰ বোপাই ! এইফালে আহা।
কবিতা ! তুমিনো কি কৰিলা?
হাইফেন (-)
তলত দিয়া স্থানত হাইফেন (-) ব্যৱহাৰ কৰা হয়।
(ক) কেইবাটাও শব্দৰ যোগত এটা শব্দ (Compound word) হ’লে, যেনে —
ঘৰ-দুৱাৰ, কাঁহি-বাটি, খাল-বিল, তামোল-পান, খোৱা-লোৱা, কাপোৰ-কানি।
(খ) অনুৰূপ আৰু অনুকাৰ শব্দৰ মাজত, যেনে —
ভাত-চাত, মাছ-তাচ, মাতা-পিতা, ল’ৰা-ছোৱালী।
ড্যাচ (—-)
তলত দিয়া স্থানত ড্যাস (—) ব্যৱহাৰ কৰা হয়।
(ক) বিৰতি বা চিন্তাৰ হঠাৎ পৰিৱৰ্তন নিৰ্দ্দেশ কৰিবলৈ, যেনে-
সি মৰা নাই — কিয় কান্দিছা?
লীলা, মিনা, শীলা — সকলো ভালে আছে।
(খ) গণনা কৰাৰ আগতে বস্তুসমূহৰ তালিকা দিবলৈ, যেনে —
তোমাৰ সকলো আছে — কলম, কাগজ, কিতাপ,পেঞ্চিল, ডাষ্টাৰ আদি।
(গ) কথাৰ মাজত উত্তেজনা বা ইতঃস্তত বোধ প্ৰকাশ কৰিবলৈ, যেনে —
মই গৈছিলো – মই কৰিছিলো – মই ওভতি আহিছিলো।
মিষ্টাৰ দাস – আপোনাক লগ পাইছিলো।
উৰ্দ্ধকমা ( “—-”)
(ক) বক্তাৰ কথাৰ হুবহু বৰ্ণনা দিবলৈ বা উদ্ধৃতি দিবলৈ, যেনে —
নেহৰুৱে কৈছিল, “ আমাৰ গনতন্ত্ৰ বিপদাপন্ন: ইয়াক ৰক্ষা কৰা।”
কীট্চে কৈছিল, “সত্যই সুন্দৰ, সুন্দৰেই সত্য ।”
বন্ধনী ( )
বাক্যৰ ভিতৰত কোনো ভাঙনি, অপৰিচিত শব্দৰ ব্যখ্যা আদিৰ বাবে বন্ধনী চিন ব্যৱহাৰ কৰা হয়। যেনে–
মোৰ বন্ধু (হীৰা, প্রবীন আৰু নবিন) য়ে মোক সহায় কৰিছিল।
মোৰ লিখাৰ সামগ্ৰী (কলম, কাগজ, পেঞ্চিল) সকলো আছে উত্তৰ-পূৱ ভাৰতত (বিশেষকৈ মেঘালয়ত ) খাৰুৱা তেল পোৱা যায়।
অনুশীলনী
(১) যতি চিহ্ন বুলিলে ?
(২) তলত দিয়া বাক্যবোৰত যতি চিহ্ন ব্যৱহাৰ কৰা।
আমেৰিকা, জাপান, ইংল্যান্ড আৰু কানাডা চহকী দেশ
জন কীটচে কৈছিল সত্যই সুন্দৰ আৰু সু্ন্দৰেই সত্য
তোমাৰ নাম কি
সি ভাল খেলুৱৈ
ভালদৰে পঢ়া ভাল ফল লাভ কৰা।
মোৰ সকলো আছে ঘৰ বাৰী কাপোৰ কানি
সিহঁতে ক্রিকেট খেলি আছে
বা কি সুন্দৰ দৃশ্য
কীটচে কৈছিল সত্যই সুন্দৰ
তেওঁ আহিব নোৱাৰে কাৰণ তেওঁৰ অসুখ
তুমি ক’লৈ গৈছিলা।
👉 Read also:
- অসমীয়াত সন্ধি Conjunction in Assamese
- কাৰক কাক বোলে অসমীয়া কাৰক Case in Assamese
- অসমীয়াত দ্বন্দ্ব সমাস Samas in Assamese কাক বোলে
- অনুসৰ্গ আৰু উপশব্দ Anusarga and Subword in Assamese
- অসমীয়া শব্দৰ আধাৰ আৰু প্ৰকৰণ in Assamese