Join WhatsApp

Join Now

Join Telegram

Join Now

অঘৰী। যাযাবৰ অসমীয়া সমাজৰ এক অনন্য অধ্যায়

By Nzmina Begum

Published On:

অঘৰী। যাযাবৰ

অঘৰী। যাযাবৰ অসমীয়া সমাজৰ এক অনন্য অধ্যায়

(অঘৰী। যাযাবৰ) খাদ্য আৰু জীৱন নিৰ্বাহৰ বাবে এঠাইৰ পৰা আন ঠাইলৈ দল বান্ধি ঘূৰি ফুৰা এক শ্ৰেণীৰ মানুহক অঘৰী বা যাযাবৰ (Nomads) বুলি কোৱা হয়। অঘৰীবোৰৰ স্থায়ী বাসস্থান নাই।

সকলো মানুহে সপৰিয়ালে দল বান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰি অস্থায়ীভাৱে বসবাস কৰি থাকে। অঘৰীবোৰৰ ঘাই জীৱিকা চিকাৰ, মাছ ধৰা, পশুপালন।

কোনো কোনো অঘৰীয়ে অৰণ্যত ফল-মূল আহৰণ কৰি আৰু কোনো কোনোৱে ব্যৱসায়-বাণিজ্য কৰিও জীৱন নিৰ্বাহ কৰে।

এছিয়া, আফ্ৰিকা আৰু দক্ষিণ মেৰু অঞ্চলত ঘাইকৈ অঘৰী লোক দেখা যায়। অঘৰীসকলৰ অৰ্থনৈতিক আৰু সামাজিক জীৱন স্বয়ংসম্পূৰ্ণ। আহাৰ আহৰণ, বিতৰণ আৰু ব্যৱহাৰ তেওঁলোকৰ মাজতেই সীমাবদ্ধ।

এওঁলোকৰ জীৱন পাৰিপাৰ্শ্বিক অৱস্থাৰ ওপৰতে ঘাইকৈ নিৰ্ভৰশীল। প্ৰাকৃতিক সম্পদ, ঋতু, জলবায়ু আদিয়ে এওঁলোকৰ জীৱন-যাপন প্ৰণালী বহু পৰিমাণে নিৰ্ণয় কৰে।

চৌদি আৰবৰ বেদুইন, ছাইবেৰিয়াৰ ইয়াকূট, পূৱ আফ্ৰিকাৰ মাছাই, জিপছি আদি পৃথিৱীৰ কেইটামান উল্লেখযোগ্য অঘৰী প্ৰজাতি।

বৰ্তমান পৃথিৱীত অঘৰী লোকৰ সংখ্যা কমি আহিছে। বহু অঘৰীয়ে খেতি-বাতি কৰি নিগাজীকৈ বসবাস কৰিবলৈ লৈছে।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment