উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘স্বাধীনতা‘ পাঠটিৰ Class 11 Political Science Chapter 12 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
স্বাধীনতা Class 11 Political Science Chapter 12 Solutions
👉 Read Also:
- বিকাশ প্রশ্ন উত্তৰ
- শান্তি প্রশ্ন উত্তৰ
- ধৰ্মনিৰপেক্ষতাবাদ প্রশ্ন উত্তৰ
- জাতীয়তাবাদ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ
স্বাধীনতা
শাখা-খ অধ্যায়-২
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)
১। স্বাধীনতাৰ ইংৰাজী প্রতিশব্দ ‘Liberty’ কোন ভাষাৰ পৰা আহিছে?
উত্তৰঃ লেটিন শব্দ ‘Liber’ পৰা।
২। ‘সদা জাগ্রত অবস্থাই স্বাধীনতা’- কথাষাৰ কোনে কৈছিল?
উত্তৰঃ জেফাৰচনে।
৩। ‘স্বাধীনতা আৰু আইন পৰস্পৰ বিৰোধী’ কথাষাৰ কোনে কৈছিল?
উত্তৰঃ লর্ড একটনে।
৪। ‘অন লিবার্টি’ (On Liberty) নামৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ জন স্টুৱাৰ্ট মিল।
৫। ‘স্বাধীনতা আমাৰ জন্মগত অধিকাৰ। আমি ইয়াক পাবই লাগিব।’ উক্তিটো কাৰ?
উত্তৰঃ বাল গংগাধৰ তিলকৰ।
৬। ‘স্বৰাজ’ মানে কি?
উত্তৰঃ ‘স্ব’ মানে নিজা আৰু ‘ৰাজ’ মানে শাসন। সেয়ে স্বৰাজ মানে নিজক নিজে কৰা শাসন ব্যবস্থা।
৭। ‘লং বাক টু ফ্রিডম’ (Long Walk to Freedom) গ্রন্থখনৰ লিখক কোন?
উত্তৰঃ নেলচন মেন্ডেলা।
৮। ‘ফ্রিডম ফ্রম ফেয়াৰ’ (Fredom from Fear) গ্রন্থখনৰ লিখক কোন?
উত্তৰঃ আং চাং ছ্যু কী।
৯। মহাত্মা গান্ধীয়ে ‘হিন্দ স্বৰাজ’ (Hind Swaraj) গ্রন্থখন কেতিয়া ৰচনা কৰিছিল?
উত্তৰঃ ১৯০৯ চনত।
১০। মহাত্মা গান্ধীয়ে স্বৰাজ সম্পৰ্কে ৰচনা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ হিন্দ স্বৰাজ।
১১। ‘ৰামায়ণ বিটোল্ড’ (Ramayana Retold) কিতাপখনৰ ৰচক কোন?
উত্তৰঃ ঔব্রে মেনন।
১২। ‘এক মর্যদাপূর্ণ জীবন নির্বাহৰ বাবে আমি ভয়ৰ পৰা মুক্ত হোৱাটো দৰকাৰ।’- উক্তিটো কাৰ?
উত্তৰঃ আং চাং ছ্যু কীৰ।
১৩। ‘জন ষ্টুৱার্ট মিল উদাৰতাবাদৰ সমৰ্থক আছিল’ -কথাষাৰ সঁচানে?
উত্তৰঃ সঁচা।
১৪। আং চাং ছ্যু কীৰ মতে প্রকৃত স্বাধীনতা কি?
উত্তৰঃ ভয়ৰ পৰা মুক্তি।
১৫। ‘সর্বাত্মক চৰকাৰৰ বিপৰীত ধাৰণাই স্বাধীনতা’ -কোনে কৈছিল?
উত্তৰঃ চিলীয়ে।
১৬। ‘লিবাৰ’ (Liber) শব্দৰ অৰ্থ কি?
উত্তৰঃ মুক্ত।
১৭। ‘স্বাধীনতা অতি শাসন বিৰোধী’ কথাষাৰ কোনে কৈছিল?
উত্তৰঃ চিলিয়ে।
১৮। ‘ৰাজনৈতিক স্বাধীনতাৰ অৰ্থ হ’ল ৰাষ্ট্ৰৰ কাৰ্যকলাপত সক্রিয় হোৱাৰ ক্ষমতা’: উক্তিটো কাৰ?
উত্তৰঃ লাস্কিৰ।
১৯। ‘অর্থনৈতিক স্বাধীনতা অবিহনে ৰাজনৈতিক স্বাধীনতা অর্থহীন’- উক্তিটো কাৰ?
উত্তৰঃ চি ই এম জ’দৰ।
২০। প্রাকৃতিক স্বাধীনতাৰ এজন সমৰ্থকৰ নাম লিখা।
উত্তৰঃ কছো।
২১। ‘য’ত আইন নাই তাত স্বাধীনতাও নাই’- উক্তিটো কাৰ?
উত্তৰঃ জন লকৰ।
২৩। ‘স্বাধীনতাই যুক্তিযুক্ত বাধাৰ উপস্থিতিক বুজায়’ -কথাষাৰ সঁচানে?
উত্তৰঃ সঁচা।
২৪। ‘আইন স্বাধীনতাৰ চৰ্ত’ সঁচানে?
উত্তৰঃ সঁচা।
২৪। ‘আইন স্বাধীনতাৰ পৰিপূৰক’ সঁচানে?
উত্তৰঃ সঁচা
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)
১। স্বাধীনতা সম্পর্কে লাস্কিয়ে দিয়া সংজ্ঞাটো লিখা।
উত্তৰঃ স্বাধীনতা সম্পর্কে লাস্কিয়ে এক সন্তোষজনক সংজ্ঞা আগবঢ়াইছে। তেওঁৰ মতে,
‘স্বাধীনতা বুলিলে এনে এটা পৰিবেশৰ সযত্ন সংৰক্ষণক বুজায় য’ত ব্যক্তিয়ে ব্যক্তিত্ব প্রকাশৰ পূৰ্ণ সুযোগ পায়।’
২। প্রাকৃতিক স্বাধীনতাৰ দুজন সমৰ্থকৰ নাম লিখা।
উত্তৰঃ প্রাকৃতিক স্বাধীনতাৰ দুজন সমর্থক হ’ল- জন ল’ক আৰু ৰুছো।
৩। স্বাধীনতাৰ সাকাৰাত্মক ধাৰণাটো সমর্থক কৰা দুজন চিন্তাবিদৰ নাম লিখা।
উত্তৰঃ স্বাধীনতাৰ সকাৰাত্মক ধাৰণা সমর্থন কৰা দুজন চিন্তাবিদৰ নাম হ’ল লাস্কি আৰু গ্রীণ।
৪। স্বাধীনতাৰ নকাৰাত্মক ধাৰণাটোৰ দুজন সমৰ্থকৰ নাম লিখা।
হ’ল
উত্তৰঃ স্বাধীনতাৰ নকাৰাত্মক ধাৰণাটোৰ দুজন সমৰ্থকৰ নাম জন ষ্টুৱাৰ্ট মিল আৰু আডাম স্মিথ।
👉 Read Also:
- অধিকাৰ প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
৫। প্রাকৃতিক স্বাধীনতাৰ ধাৰণাটো তুমি গ্রহণযোগ্য বুলি ভাবানে? যুক্তি দিয়া।
উত্তৰঃ ৰাষ্ট্ৰৰ জন্মৰ আগতে মানুহে যি অবাধ স্বাধীনতা ভোগ কৰিছিল সেই স্বাধীনতাকে প্রাকৃতিক স্বাধীনতা বুলি কোৱা হয়। অর্থাৎ এনে স্বাধীনতাত আনৰ অধিকাৰৰ প্ৰতি লক্ষ্য নকৰি নিজ ইচ্ছামতে যি ইচ্ছা তাকে কৰাটো বুাজয়। এনে স্বাধীনতাক আমি সমৰ্থন কৰিব নোৱাৰো। কাৰণ-
প্রাকৃতিক স্বাধীনতাই সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰিব। ‘জোৰ যাৰ মুলুক তাৰ’ নীতি আজিৰ যুগত গ্রহণযোগ্য নহয়।
ব্যক্তি স্বাধীনতা সুৰক্ষাৰ বাবে এক সার্বজনীন অনুষ্ঠানৰ প্রয়োজন। ৰাষ্ট্ৰ হৈছে এনে এক অনুষ্ঠান। ৰাষ্ট্ৰই কিছুমান চর্ত সাপেক্ষে জনসাধাৰণক স্বাধীনতা উপভোগ কৰাৰ সুবিধা আৰু পৰিবেশ সৃষ্টি কৰি দিয়ে। গতিকে প্রাকৃতিক স্বাধীনতা অসম্ভৱ।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। নকৰাত্মক আৰু সকৰাত্মক স্বাধীনতাৰ মাজত পার্থক্য কি কি?
উত্তৰঃ নকাৰাত্মক আৰু সকাৰাত্মক স্বাধীনতাৰ মাজত থকা পার্থক্যবোৰ হ’লঃ
(ক) নকৰাত্মক স্বাধীনতাই সীমাহীন স্বাধীনতাক সমর্থন কৰে। আনহাতে সকাৰাত্মক স্বাধীনতাই নিয়ন্ত্রিত স্বাধীনতাক সমর্থন কৰে।
(খ) নকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক অপ্রয়োজীনয় বুলি গণ্য কৰে।
আনহাতে সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰক প্রয়োজনীয় অনুষ্ঠান বুলি বিবেচনা কৰে।
(গ) নকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি সমর্থন কৰে।
আনহাতে সকাৰাত্মক স্বাধীনতাই ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰু সম্প্ৰসাৰণ নীতি সমর্থন কৰে।
২। আইন আৰু স্বাধীনতাৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
অথবা
‘আইন হৈছে স্বাধীনতাৰ চৰ্ত’: আলোচনা কৰা।
উত্তৰঃ কিছুমান চিন্তাবিদে আইন আৰু স্বাধীনতা পৰস্পৰ বিৰোধী ধাৰণা বুলি মত প্রকাশ কৰে। সিহঁতে যুক্তি দর্শায় যে আইনে স্বাধীনতা উপভোগ কৰাত হস্তক্ষেপ কৰে। আকৌ আন কিছুমান চিন্তাবিদে কয় যে আইনে যুক্তিসংগত নিয়ন্ত্রণ আৰোপ কৰি স্বাধীনতা উপভোগ কৰাৰ সুবিধা কৰি দিয়ে। যিয়েই নহওক আইন আৰু স্বাধীনতাৰ মাজত ওতঃপ্রোত সম্পর্ক আছে। কাৰণ –
(ক) আইনে প্রতিজন ব্যক্তিৰ স্বাধীনতাক আনৰ হস্তক্ষেপৰ পৰা ৰক্ষা কৰে।
(খ) আইনে সমাজত শান্তি-শৃঙ্খলা আৰু সুস্থ পৰিবেশ বজাই ৰাখি জনসাধাৰণক স্বাধীনতা উপভোগ কৰাত সহায় কৰে।
(গ) সাংবিধানিক আইনে মৌলিক অধিকাৰ সুৰক্ষাৰ জৰিয়তে নাগৰিকৰ স্বাধীনতা ভোগ কৰাৰ সুযোগ কৰি দিয়ে।
মুঠতে আইন হৈছে এক চর্ত যি যুক্তিসংগতভাবে স্বাধীনতা উপভোগ কৰাৰ সুযোগ বা পৰিবেশ সৃষ্টি কৰে।
কৰা। ১। স্বাধীনতা কি? স্বাধীনতাৰ বিভিন্ন প্রকাৰসমূহ আলোচনা
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)
উত্তৰঃ অসমীয়া ‘স্বাধীনতা’ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল ‘লির্বাটি’ (Liberty)। আকৌ ইংৰাজী লিবার্টি’ (Liberty) শব্দটো লেটিন শব্দ ‘লিবাৰ’ (Liber) ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল মুক্ত। গতিকে উৎপত্তিগত অৰ্থৰ পিনৰ পৰা স্বাধীনতা মানে কোনো নিয়ন্ত্রণত নাথাকি বাধাহীনভাবে নিজ ইচ্ছামতে যিকোনো কাম কৰিব পৰা অৱস্থাকে বুজায়। কিন্তু স্বতন্ত্রতাই নিয়ন্ত্রণহীন অৱস্থাক নুবুজায়। আচলতে সমাজত ব্যক্তিয়ে আনৰ অধিকাৰত হস্তক্ষেপ নকৰাকৈ নিজৰ অধিকাৰ ভোগ কৰাকে স্বাধীনতা’ বা ‘স্বতন্ত্রতা’ বুলি কোৱা হয়। প্রকৃতি অনুসৰি স্বাধীনতাক পাঁচ ভাগত ভাগ কৰিব পাৰি। যেনে – প্রাকৃতিক স্বাধীনতা, নাগৰিক স্বাধীনতা, ৰাজনৈতিক স্বাধীনতা, ৰাষ্ট্ৰীয় স্বাধীনতা আৰু অর্থনৈতিক স্বাধীনতা। তলত এইবেৰৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-
(ক) প্রাকৃতিক স্বাধীনতা: ৰাষ্ট্ৰৰ উৎপত্তিৰ আগতে প্রাকৃতিক অৱস্থাত মানুহে যি স্বাধীনতা ভোগ কৰিছিল সেয়াই আছিল প্রাকৃতিক স্বাধীনতা। প্রাকৃতিক স্বাধীনতা অবাধ আছিল। এই স্বাধীনতা অনুসৰি মানুহে বাধাহীনভাবে জীৱন-যাপন কৰিব পাৰিছিল।
(খ) নাগৰিক স্বাধীনতা: যিবোৰ সুযোগ-সুবিধা উপভোগৰ দ্বাৰা নাগৰিকে সমাজত ব্যক্তিত্ব আৰু প্ৰতিভাৰ বিকাশ সাধন কৰিব পাৰে তাকে নাগৰিক স্বাধীনতা বোলে। নাগৰিক স্বাধীনতা হ’ল ৰাষ্ট্ৰৰ অৱদান। ইয়াৰ উৎস হ’ল ৰাষ্ট্ৰ।
(গ) ৰাজনৈতিক স্বাধীনতা: নাগৰিকসকলে ৰাষ্ট্ৰ শাসন পৰিচালনাত অংশ গ্রহণ কৰিব পৰা অধিকাৰকে ৰাজনৈতিক স্বাধীনতা বোলে। ভোটদানৰ অধিকাৰটো হ’ল নাগৰিকৰ ৰাজনৈতিক স্বাধীনতা। এই স্বাধীনতাৰ জৰিয়তে নাগৰিকে চৰকাৰ গঠন কৰিব পাৰে, নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে, চৰকাৰী পদবীৰ বাবে আবেদন কৰিব পাৰে বা অৰ্হতা অনুসৰি যিকোনো চৰকাৰী পেশা গ্রহণ কৰিব পাৰে।
(ঘ) ৰাষ্ট্ৰীয় স্বাধীনতা: ৰাষ্ট্ৰীয় স্বতন্ত্রতা মানে কোনো বিদেশী নিয়ন্ত্ৰণৰ পৰা মুক্ত হোৱা অৱস্থাকে বুজায়। অর্থাৎ ৰাষ্ট্ৰীয় স্বাধীনতাই দেশ এখনৰ সাৰ্বভৌম ক্ষমতাৰ অধিকাৰী হোৱা বুজায়।
(ঙ) অর্থনৈতিক স্বাধীনতা: অর্থনৈতিক স্বাধীনতাৰ অৰ্থ হ’ল আর্থিকভাবে নাগৰিকসকল স্বতন্ত্র হোৱাকে বুজায়। আইনসংগতভাবে যিকোনো কাম কৰাৰ স্বাধীনতা, উপযুক্ত মজুৰি পোৱাৰ স্বাধীনতা আদি অর্থনৈতিক স্বাধীনতাৰ উদাহৰণ।
২। স্বাধীনতা ৰক্ষাৰ উপায়সমূহ আলোচনা কৰা।
উত্তৰঃ অসমীয়া ‘স্বাধীনতা’ শব্দৰ ইংৰাজী প্রতিশব্দ হ’ল ‘লির্বাটি’ (Liberty)। আকৌ ইংৰাজী লিবার্টি’ (Liberty) শব্দটো লেটিন শব্দ ‘লিবাৰ’ (Liber) ৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ’ল মুক্ত। গতিকে উৎপত্তিগত অৰ্থৰ পিনৰ পৰা স্বাধীনতা মানে কোনো নিয়ন্ত্রণত নাথাকি বাধাহীনভাবে নিজ ইচ্ছামতে যিকোনো কাম কৰিব পৰা অৱস্থাকে বুজায়। কিন্তু স্বতন্ত্রতাই নিয়ন্ত্রণহীন অৱস্থাক নুবুজায়। আচলতে সমাজত ব্যক্তিয়ে আনৰ অধিকাৰত হস্তক্ষেপ নকৰাকৈ নিজৰ অধিকাৰ ভোগ কৰাকে স্বাধীনতা’ বা ‘স্বতন্ত্রতা’ বুলি ক’ব পাৰি। স্বাধীনতা ৰক্ষাৰ বিভিন্ন উপায় আছে। তলত এই উপায়সমূহ আলোচনা কৰা হ’ল-
(ক) সংবিধানত মৌলিক অধিকাৰৰ অন্তৰ্ভূক্তি: নাগৰিকৰ স্বাধীনতা সংৰক্ষণৰ বাবে সংবিধানত মৌলিক অধিকাৰ অন্তর্ভুক্ত কৰিব পাৰি। ইতিমধ্যে আমেৰিকা, ফ্রান্স, ভাৰতবৰ্ষ আদি দেশৰ সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভূক্ত কৰি নাগৰিকৰ স্বাধীনতা ৰক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে। মৌলিক অধিকাৰবোৰ বাদযোগ্য হোৱা বাবে নাগৰিকে এই অধিকাৰ ৰক্ষাৰ বাবে আইনৰ ওচৰ চাপিব পাৰে।
(খ) আইনৰৰ অনুশাসন: দেশত আইনৰ শাসন প্রতিষ্ঠা কৰিও স্বাধীনতা সুৰক্ষিত কৰিব পাৰি। আইনৰ শাসন চলিবলৈ এক সুস্থ আৰু কল্যাণমুখী আদর্শবান সংবিধানৰ প্ৰয়োজন। আইনৰ অনুশাসন চলিলে ‘আইনৰ চকুত সকলো সমান’ নীতি কার্যকৰী হয় বাবে নাগৰিকৰ স্বাধীনতা সুৰক্ষিত হ’ব পাৰে।
(গ) গণতান্ত্রিক শাসন ব্যৱস্থা: গণতান্ত্রিক শাসন ব্যৱস্থাত স্বাধীনতা সহজে সুৰক্ষিত হ’ব পাৰে। কাৰণ গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাইজে নিজৰ পছন্দ অনুযায়ী নিজকে শাসনৰ বাবে প্রতিনিধি নিৰ্বাচন কৰি আইন সভালৈ পঠিয়ায়। নির্বাচিত প্রতিনিধিজন নাগৰিকৰ প্ৰতি দায়িত্বশীল থাকে। গতিকে গণতান্ত্রিক শাসন ব্যৱস্থাৰ দ্বাৰাও স্বাধীনতা ৰক্ষা কৰিব পাৰি।
(ঘ) নিৰপেক্ষ বিচাৰ বিভাগ: দেশত স্বাধীন আৰু নিৰপেক্ষ বিচাৰ বিভাগ স্থাপন কৰিও স্বাধীনতা ভোগ কৰিব পাৰি। কিন্তু বিচাৰ বিভাগে মুক্ত আৰু স্বাধীনভাৱে ন্যায় প্রদান কৰিবলৈ হ’লে ই কাৰ্যপালিকা আৰু বিধান মণ্ডলৰ প্ৰভাৱৰ পৰা মুক্ত হ’ব লাগিব।
(ঙ) ক্ষমতাৰ বিকেন্দ্ৰীকৰণ: ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে নাগৰিকে ৰাজনীতিত অংশ গ্রহণ কৰাৰ সুবিধা পায়। ফলত নাগৰিকসকলৰ মাজত ৰাজনৈতিক সচেতনতা গঢ়ি উঠে।
স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থাই ক্ষমতাৰ বিকেন্দ্ৰীকৰণক সূচায়। বিশ্বৰ বহুতো দেশত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নীতি গ্রহণ কৰি নাগৰিকৰ স্বতন্ত্রতা সুৰক্ষিত কৰিছে।
(চ) আইনৰ নিম্নতম জ্ঞান: ব্যক্তি স্বাধীনতা ৰক্ষা কৰিবলৈ হ’লে নাগৰিকসলকৰ আইনৰ বিষয়ে নুন্যতম জ্ঞান থাকিব লাগিব। আইনৰ জ্ঞান অবিহনে ব্যক্তি স্বাধীনতা ৰক্ষা কৰা আৰু উপভোগ কৰাটো অসম্ভৱ হৈ পৰে।
(ছ) চিৰসজাগতা: স্বাধীনতা ৰক্ষাৰ এক উপায় হৈছে চিৰসজাগতা। নাগৰিকসকল সদায় সজাগ হৈ থাকিলে কোনেও স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰাৰ সাহস নাপায়। ফলত স্বাধীনতা সুৰক্ষিত হয়। অৱশ্যে চিৰ সজাগতাৰ বাবে সার্বজনীন শিক্ষা লাভ কৰাৰ সুবিধা থকা প্রয়োজন।
👉 Read Also:
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ