উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘স্থানীয় চৰকাৰ‘ পাঠটিৰ Class 11 Political Science Chapter 8 Solutions Notes, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
স্থানীয় চৰকাৰ Class 11 Political Science Chapter 8 Solutions Notes
👉 Read Also:
- সংবিধানঃ কিয় আৰু কেনেকৈ প্রশ্ন উত্তৰ
- ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ প্রশ্ন উত্তৰ
- নির্বাচন আৰু প্রতিনিধিত্ব প্রশ্ন উত্তৰ
- কার্যপালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ
স্থানীয় চৰকাৰ
শাখা-ক অধ্যায়- ৮
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)
১। ভাৰতত স্থানীয় স্বায়ত্ব শাসনৰ পিতৃ বুলি কাক কোৱা হয়?
উত্তৰঃলর্ড ৰিপনক।
২। স্থানীয় স্বায়ত্ব শাসন প্রতিষ্ঠানসমূহ চৰকাৰৰ ক্ষুদ্ৰ সংস্কৰণ হয়নে?
উত্তৰঃ হয়।
৩। স্থানীয় চৰকাৰৰ সাৰ্বভৌমত্ব আছেনে?
উত্তৰঃ নাই।
৪। গাঁও পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰঃ ৫ বছৰ।
৫। স্থানীয় স্বায়ত্ব শাসন স্থানীয় সমস্যাৰ লগত জড়িত হয়
উত্তৰঃ হয়।
৬। ‘প্রশাসনত বিকেন্দ্ৰীকৰণৰ ফলত স্থানীয় শাসনৰ সৃষ্টি হৈছে।’ কথাষাৰ সঁচানে?
উত্তৰঃ সঁচা।
৭। স্থানীয় শাসত্ব শাসন ৰাজ্য চৰকাৰৰ অংশ হয়নে?
উত্তৰঃ হয়।
৮। ‘সামুহিক উন্নয়ন আঁচনি’ কেতিয়া গ্রহণ কৰা হৈছিল?
উত্তৰঃ ১৯৫২ চনত।
৯। গাওঁ পঞ্চায়তে আইন প্রণয়ন কৰিব পাৰে নে?
উত্তৰঃ নোৱাৰে।
১০। পৌৰ নিগমৰ সদস্যসকলক কি নামেৰে জনা যায়?
উত্তৰঃ কাউন্সিলৰ।
১১। গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ ১০ জন।
১২। মুঠ আসনৰ কিমান শতাংশ আসন মহিলাসকলৰ বাবে সংৰক্ষিত?
উত্তৰঃ মুঠ আসনৰ ১/৩ অংশ (৩৩%)।
১৩। বৃটিছ শাসনৰ সময়ত প্রথমে ক’ত পৌৰসভা গঠন কৰা হৈছিল?
উত্তৰঃ মাদ্রাজত।
১৪। চহৰ অঞ্চলত থকা স্বায়ত্ব শাসিত অনুষ্ঠান কেইটা কি কি?
উত্তৰঃ পৌৰ নিগম, পৌৰ সভা, নগৰ সমিতি।
১৫। গুৱাহাটী পৌৰ নিগম কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৭৪ চনত।
১৬। গুৱাহাটী পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান?
উত্তৰঃ ৬০ জন।
১৭। বর্তমান ভাৰতত কেই তৰপীয়া পঞ্চায়তৰ ব্যৱস্থা আছে?
উত্তৰঃ ৩ তৰপীয়া।
১৮। গুৱাহাটী পৌৰ নিগম আইনখন কেতিয়া গৃহীত হয়?
উত্তৰঃ ১৯৬৯ চনত।
১৯। গাঁও পঞ্চায়তৰ সদস্যসকলক কোনে নির্বাচন কৰে?
উত্তৰঃ গাঁও পঞ্চায়তৰ ভোটাৰসকলে।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-২)
১। ভাৰতৰ স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানবোৰ কি কি?
উত্তৰঃ স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানবোৰ হ’ল:
(১) চহৰ অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসিত অনুষ্ঠান। যেনেঃ পৌৰ নিগম, পৌৰ সভা আৰু নগৰ সমিতি।
(২) গাওঁ অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসিত অনুষ্ঠান। যেনেঃ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাওঁ পঞ্চায়ত।
২। গাওঁসভাৰ দুটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ গাওঁসভাৰ দুটা কাৰ্য হ’ল:
(ক) গাওঁৰ বিভিন্ন উন্নয়নৰ আঁচনি প্ৰস্তুত কৰা।
(খ) গাওঁৰ বাৰ্ষিক বাজেট অনুমোদন কৰা।
চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৪)
১। জিলা পৰিষদৰ গঠন আৰু কার্যাবলী আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ গণতান্ত্রিক বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ শীর্ষত আছে জিলা পৰিষদ। জিলা পৰিষদৰ সদ্যসকল প্রত্যক্ষভাবে জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয়।
জিলা পৰিষদৰ কাৰ্যাৱলী তলত দিয়া ধৰণৰ হয় –
(ক) পঞ্চায়ত সমিতিৰ বাজেট পৰীক্ষা কৰি অনুমোদন জনোৱা।
(খ) পঞ্চায়ত সমিতিয়ে যাতে দক্ষতাৰে কাম কৰে তাৰ তদাৰক কৰা।
(গ) পঞ্চায়ত সমিতিৰ উন্নয়নমূলক আঁচনিসমূহৰ মাজত সমন্বয়তা ৰক্ষা কৰা।
(ঘ) জিলাখনৰ উন্নয়নমূলক কার্যাবলী সম্পৰ্কে চৰকাৰক পৰামর্শ দান কৰা। ইত্যাদি।
১। স্থানীয় স্বায়ত্ব শাসনৰ কৃতকাৰ্যতাৰ প্রয়োজনীয় চর্ত উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষত আধুনিক স্বায়ত্ব শাসন বৃটিছসকলৰ অৱদান বুলি কোৱা হয়। ১৮৮২ চনত গৱৰ্ণৰ জেনেৰেল লর্ড ৰিপনে ভাৰতবৰ্ষত স্থানীয় শাসন ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি স্থানীয় স্বায়ত্ব শাসনৰ সূচনা কৰে। স্থানীয় স্বায়ত্ব শাসনৰ কৃতকাৰ্যতাৰ কাৰণে প্রয়োজনীয় চর্ত কেইটামান হ’ল-
(ক) স্থানীয় স্বায়ত্ব শাসন কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰে। কেন্দ্রীয় চৰকাৰৰ অনুপ্ৰেৰণা আৰু সুব্যৱস্থাৰ ওপৰত স্থানীয় চৰকাৰৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে।
(খ) স্থানীয় সমস্যাসমূহ সমাধান কল্পে চৰকাৰে আৱশ্যকীযা ধনৰ যোগান ধৰা উচিত।
(গ) স্থানীয় শাসন কৃতকার্য হ’বলৈ প্রশাসক কর্তৃপক্ষ সুস্থভাৱে অর্থাৎ কোনো ধৰণৰ দুৰ্নীতিৰ আশ্রয় নলৈ উন্নয়নমূলক কার্য সম্পাদন কৰিব লাগিব।
(ঘ) স্থানীয় জনসাধাৰণৰ বুদ্ধিমত্তা, বিচক্ষণতা আৰু শিক্ষাৰ ওপৰত স্থানীয় শাসনৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে।
(ঙ) ৰাজ্য চৰকাৰে সময়ে সময়ে স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠানসমূহৰ কাৰ্যকলাপ পৰিদৰ্শন কৰিব লাগে আৰু দিহা পৰামৰ্শ আগবঢ়াব লাগে।
👉 Read Also:
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
৩। স্থানীয় স্বায়ত্ব শাসনৰ গুৰুত্ব আলোচনা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত গণতান্ত্রিক বিকেন্দ্রীকৰণৰ ব্যৱস্থা হিচাপে স্থানীয় স্বায়ত্ব শাসনৰ সৃষ্টি কৰা হৈছে। বৃটিছৰ দিনতে সূত্রপাত হোৱা স্থানীয় স্বায়ত্ব শাসনৰ গুৰুত্ব দিনক দিনে বৃদ্ধি পাইছে। ইয়াৰ গুৰত্ব তলত উল্লেখ কৰা হ’ল:
(ক) স্থানীয় শাসন ব্যৱস্থাই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ কামৰ বোজা হ্রাস কৰে। ই স্থানীয় সমস্যাসমূহৰ পৰা ৰাষ্ট্ৰীয় চৰকাৰক কিছু অব্যাহতি দিয়ে।
(খ) স্থানীয় প্রশাসনে জনসাধাৰণক প্রশাসনীয় আৰু ৰাজনৈতিক শিক্ষা প্রদান কৰে।
(গ) স্থানীয় প্রশাসনৰ দ্বাৰা গাওঁ ভূঁইৰ চুকে-কোণে উন্নয়ন সম্ভব হয়।
(ঘ) স্থানীয় স্বায়ত্ব শাসনে গণতন্ত্ৰৰ ভেটি শক্তিশালী কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-৬)
১। স্থানীয় স্বায়ত্ব শাসনৰ বৈশিষ্ট্য আলোচনা কৰা।
উত্তৰঃ কোনো এটা বিশেষ অঞ্চলৰ গাঁও, নগৰ বা চহৰৰ সমস্যা সমাধানকল্পে তাৰ স্থানীয় অর্হতাসম্পন্ন লোকসকলৰ দ্বাৰা নির্বাচিত আৰু চৰকাৰৰ মনোনীত সদস্যক লৈ গঠিত প্রশাসনীয় অনুষ্ঠানকে ‘স্থানীয় স্বায়ত্ব শাসন’ বোলে। স্থানীয় স্বায়ত্ব শাসনৰ কিছুমান বৈশিষ্ট্য আছে। যেনেঃ
(ক) স্থানীয় স্বায়ত্ব শাসন এক বিধিগত সংগঠিত অনুষ্ঠান। ইয়াৰ নিজস্ব আইনগত ক্ষমতা আৰু কাৰ্য আছে।
(খ) স্থানীয় স্বায়ত্ব শাসন এক স্বতন্ত্র অনুষ্ঠান। প্রশাসনীয় আৰু অর্থনৈতিক- দুয়ো দিশতে ইয়াৰ স্বতন্ত্রতা আছে।
(গ) স্থানীয় স্বায়ত্ব শাসন স্থানীয় সমস্যাৰ লগত জড়িত। স্থানীয় অঞ্চলৰ উন্নয়নকল্পে ইয়াৰ সৃষ্টি হৈছে।
(ঘ) স্থানীয় স্বায়ত্ব শাসন অনুষ্ঠান স্থানীয় ভোটাৰসকলে নির্বাচিত কৰা স্থানীয় প্রতিনিধিৰ দ্বাৰা গঠিত হয়।
(ঙ) স্থানীয় বঢ়ঙণি স্থানীয় স্বায়ত্ব শাসনৰ এক বৈশিষ্ট্য। স্থানীয় কর্তৃপক্ষই কৰা উন্নয়নমূলক কাম-কাজবোৰত ব্যয় হোৱা অর্থ সেই অঞ্চলৰ লোকসকলে কৰ হিচাপে আগবঢ়াব লাগে।
২। পৌৰসভা গঠন আৰু কার্যাবলী আলোচনা কৰা।
উত্তৰঃ ১৯৫৬ চনত অসম চৰকাৰে অসম পৌৰ নিগম আইন গ্ৰহণ কৰে। এই আইন মতে যিবোৰ পৌৰ এলেকাত দহ হাজাৰতকৈ অধিক জনসংখ্যা আছে, তাত পৌৰ সভা গঠন কৰা হয়। পৌৰসভাৰ মুঠ সদস্য সংখ্যা ৩০ জনতকৈ অধিক আৰু ১০ জনতকৈ কম হ’ব নোৱাৰে। পৌৰসভাত দুই ধৰণৰ সদস্য থাকে। যেনেঃ নির্বাচিত সদস্য আৰু মনোনীত সদস্য। ইয়াৰ নির্বাচিত সদস্যসকলক স্থানীয় ভোটাৰসকলে নির্বাচন কৰে। ইয়াৰ কিছু সদস্য চৰকাৰে মনোনীত কৰে। সদস্যসকলৰ নিৰ্বাচনৰ উদ্দেশ্যে পৌৰসভা অঞ্চলক কেইবাটাও বার্ডত ভাগ কৰি প্ৰতি বাৰ্ডৰ পৰা এজনকৈ সদস্য নির্বাচন কৰা হয়।
পৌৰসভাৰ কাৰ্যাবলী তলত উল্লেখ কৰা ধৰণৰ হয়-
(ক) পৌৰসভা ইয়াৰ স্থানীয় এলেকাৰ ভিতৰত জনস্বাস্থ্য আৰু স্থানীয় সমস্যা সমাধানৰ লগত জড়িত।
(খ) চহৰৰ বাস্তা-ঘাট, দলং, সাঁকো, কালভার্ট সংৰক্ষণ আৰু ইয়াৰ উন্নয়নৰ কাম কৰে।
(গ) নগৰ অঞ্চলত পানী যোগান ধৰা ইয়াৰ অন্যতম কাম।
(ঘ) পৌৰসভাই ইয়াৰ এলেকাৰ ভিতৰত শিক্ষা প্ৰসাৰ কৰাৰ লগতো জড়িত। ইপ্রাথমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক পর্যায়লৈ বিদ্যালয় স্থাপন কৰিব পাৰে।
(চ) পৌৰ সভাই নিজ এলেকাৰ ভিতৰত অগ্নি নির্বাপক আৰু প্ৰতিৰোধৰ অৰ্থে অগ্নিনির্বাপক কেন্দ্ৰ স্থাপন কৰে।
২। পৌৰ নিগমৰ গঠন আৰু কার্যাবলী আলোচনা কৰা।
উত্তৰঃ পৌৰ নিগম সাধাৰণতে বৃহৎ আকাৰৰ চহৰত প্ৰতিষ্ঠা কৰা হয়। পৌৰ নিগম নিজ এলেকা বা চহৰৰ ভোটাৰসকলে নির্বাচন কৰি দিয়া প্রতিনিধিসকলৰ দ্বাৰা গঠিত হয়। পৌৰ নিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা ৬০ জন। সদস্যসকলৰ নিৰ্বাচনৰ উদ্দেশ্যে পৌৰ নিগম অঞ্চলক কেইবাটাও বার্ডত ভাগ কৰি লোৱা হয়। সাধাৰণতে ৭,৫০০ জন জনসংখ্যাৰ মাজৰ পৰা এজনকৈ কাউন্সিলৰ নিৰ্বাচিত হয়। যদি অনুসূচীত জাতি আৰু জনজাতিৰ পৰা কোনো লোক নির্বাচিত নহয়, তেন্তে এজন অসূচীত জাতিৰ পৰা আৰু আন এজন অনুসূচীত জনজাতিৰ পৰা সদস্য ল’ব পাৰে।
আইন পৌৰ নিগমৰ দুটা শাখা বা ভাগ থাকে। যেনে সমন্বীয় শাখা আৰু কাৰ্যবাহী শাখা। নিগমৰ পৰিষদ, স্থায়ী সমিতি আৰু মেয়ৰক লৈ আইন সমন্ধীয় শাখাটো গঠিত হয়।
তলত দিয়া কার্যসমূহ পৌৰ নিগমৰ কাৰ্যাৱলীৰ ভিতৰত পৰে।
যেনে
(ক) নিজ অঞ্চলৰ ৰাইজৰ জনস্বাস্থ্য সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্রহণ কৰা।
(খ) চহৰৰ ৰাস্তা-ঘাট, দলং, সাঁকো, কালভার্ট সংৰক্ষণ আৰু ইয়াৰ উন্নয়নৰ কাম কৰা।
(গ) চহৰ অঞ্চলৰ লোকসকলক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা।
(ঘ) মাতৃমঙ্গল আৰু শিশু কল্যাণ কেন্দ্ৰ স্থাপন কৰা।
(ঙ) নগৰৰ পৰিকল্পনা কৰা।
(চ) অগ্নি নির্বাপক সেৱা আগবঢ়োৱা।
(ছ) নগৰ বনানীকৰণ, পৰিবেশ সংৰক্ষণ আদি কাম কৰা।
(জ) দৰিদ্ৰতা নির্মূল কৰা।
(ঝ) জন্ম-মৃত্যুৰ পঞ্জীয়ন কৰা।
(ঞ) নিজ এলেকাৰ লোকসকলৰ মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে ৰাজহুৱা স্থানত আমোদ-প্রমোদৰ ব্যৱস্থা কৰা।
ব্যায়ামাগাৰ প্ৰতিষ্ঠা কৰা।
(ত) শাৰীৰিকভাবে অক্ষম আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত ব্যক্তিসকলক ৰক্ষণাবেক্ষণ দিয়া।
৩। ১৯৯৪ চনৰ অসম পঞ্চায়ত আইন অনুসৰি গাওঁ পঞ্চায়তৰ গঠন আৰু কার্যাবলী আলোচনা কৰা।
উত্তৰঃ ১৯৯৪ চনৰ ‘অসম পঞ্চায়ত আইন’ অনুসৰি ১০ জন সদস্যৰে গাওঁ পঞ্চায়ত গঠিত হয়। ইয়াৰ এক-তৃতীয়াংশ সদস্য মহিলা হ’ব লাগে। এই আইনে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবেও ব্যৱস্থা ৰাখিছে। গাওঁ পঞ্চায়তৰ এজন সভাপতি আৰু এজন উপসভাপতি থাকে। ইয়াৰ কাৰ্যকাল ৫ বছৰ।
গাওঁ পঞ্চায়তৰ কাৰ্যবোৰ তলত উল্লেখ কৰা ধৰণৰ হয়
(ক) কৃষি ৰ উন্নয়ন আৰু সম্প্ৰসাৰণ কৰা।
(খ) পশুধন, দুগ্ধ আৰু হাঁহ-কুকুৰাৰ উন্নয়ন কৰা।
(গ) ভূমি উন্নয়ন, ভূমি সংস্কাৰ আঁচনি প্ৰৱৰ্তন আৰু ভূমি সংৰক্ষণ কৰা।
(ঘ) ক্ষুদ্র জলসিঞ্চনৰ ব্যৱস্থা কৰা।
(ঙ) সামাজিক বনানীকৰণ আৰু পাম বনানীকৰণ কৰা।
(চ) নিজ এলেকাত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা।
(ছ) গ্রাম্য বৈদ্যুতিকৰণ।
(জ) দৰিদ্ৰতা নির্মূল আঁচনি ৰূপায়ণ।
(জ) পুথিভঁৰাল স্থাপন কৰা।
(ঝ) পৰিয়াল পৰিকল্পনা বাস্তৱায়িত কৰা।
(ঞ) প্রাথমিক শিক্ষা আৰু প্রাপ্ত বয়স্ক শিক্ষাৰ ব্যৱস্থা কৰা।
(ট) কুটিৰ শিল্পৰ উন্নয়ন কৰা।
(ঠ) শাৰীৰিকভাৱে অক্ষম লোকৰ কল্যাণমূলক আঁচনি গ্রহণ
(ড) বাট-পথ, নলা-নর্মদা আদিৰ উন্নয়ন সাধন কৰা।
👉 Read Also:
- স্বাধীনতা প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ