Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া সন্ধি আৰু সমাস Sandhi Aru Samas 2026

By Nzmina Begum

Published On:

অসমীয়া সন্ধি আৰু সমাস Sandhi Aru Samas

অসমীয়া সন্ধি আৰু সমাস Sandhi Aru Samas

👉 Read also:

অসমীয়া সন্ধি আৰু সমাস Sandhi Aru Samas: অসমীয়া ভাষাত সন্ধি আৰু সমাস ব্যাকৰণৰ দুটা গুৰুত্বপূর্ণ অংশ। এইবোৰৰ সহায়ত শব্দ গঠন আৰু বাক্যৰ সৌন্দৰ্য বৃদ্ধি পায়। সন্ধিৰ সহায়ত শব্দবোৰ যুক্ত হয়, যাৰ ফলত নতুন শব্দ উৎপন্ন হয়। সমাসত একাধিক শব্দ মিলি নতুন আৰু সংক্ষিপ্ত শব্দ সৃষ্টি কৰে। সন্ধি মানে দুটা শব্দ বা ধ্বনিসমূহৰ মিলন, যাৰ ফলত নতুন শব্দ গঠিত হয়।

১। সন্ধি আৰু সমাসৰ সাদৃশ্য

(১) বৈয়াকৰণিক নিয়মৰ মাজেদি সন্ধি আৰু সমাসে বাক্য এটা চুটি আৰু শুৱলা কৰে।

(২) সন্ধি আৰু সমাসে নতুন নতুন শব্দ সৃষ্টি কৰি ভাষা এটিক চহকী কৰে।

(৩) সন্ধি আৰু সমাস উভয়ে ভাষাৰ একোবিধ অলংকাৰ।

(৪) উভয়ে নিজস্ব ক্ষেত্ৰত ব্যাকৰণৰ কিছুমান নীতি-নিয়ম মানি চলে।

২। সন্ধি আৰু সমাসৰ বৈশাদৃশ্য

(১) সন্ধিত দুটা পদ বা প্ৰত্যয় সিদ্ধ হৈ এটা পদ হয়; কিন্তু সমাসত দুটা বা অধিক পদ বা বাক্যাংশ মিলি এটা পদ হয়।

(২) সন্ধিত পদবোৰৰ অৰ্থ একে থাকে; কিন্তু সমাসত কেতিয়াবা  পদবোৰে নিজস্ব অৰ্থ হেৰুৱাই আন অৰ্থ প্রকাশ কৰে।

(৩) সন্ধিত বিভক্তিৰ চিন লোপ নহয়; কিন্তু সমাসত বিভক্তিৰ চিন লোপ পায়।

(৪) সন্ধি সিদ্ধ হওঁতে পদৰ বিলুপ্তি নহয়; কিন্তু সমাস সিদ্ধ হওঁতে ব্যাস বাক্যৰ কিছুমান পদৰ বিলুপ্তি হয়।

অনুশীলনী

(১) সন্ধি আৰু সমাস বুলিলে কি বুজা ? দুয়োৰে মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্যবোৰ  লিখা ?

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment