মোৰ প্ৰিয় গ্রন্থ ৰচনা Essay in Assamese
মোৰ প্ৰিয় গ্রন্থ ৰচনা Essay in Assamese: গ্রন্থ সভ্যতাৰ পৰিচায়ক। ই মানুহক জ্ঞানৰ পথত ধাৱমান কৰে আৰু মনক শান্তি প্রদান কৰে। গ্রন্থ অধ্যয়নে দুখ-কষ্ট পাহৰাই আনন্দ আনে। সেইবাবে গ্রন্থ পঢ়াক নিয়মীয়া অভ্যাস হিচাপে গঢ়ি তোলা উচিত। প্রিয় গ্রন্থ ‘মিৰি।
👉 Read Also:
- অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা
- অসমৰ বানপানী ৰচনা
- শিক্ষা আৰু মূল্যবোধ ৰচনা
- দৈনন্দিন জীৱনত বিজ্ঞান ৰচনা
- দূৰদৰ্শন (টেলিভিচন) ৰচনা
জীয়ৰী’ঃ
মোৰ প্ৰিয় গ্ৰন্থসমূহৰ ভিতৰত ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী’ হৈছে অন্যতম। এই উপন্যাসখনে মিৰি সমাজৰ জীৱন, প্রথা আৰু সংস্কৃতিৰ বাস্তৱ প্ৰতিফলন দাঙি ধৰিছে।
মিৰি জীয়ৰীৰ কাহিনীঃ
‘মিৰি জীয়ৰী’ এখন সামাজিক উপন্যাস, য’ত জঙ্কি আৰু পানেইৰ কৰুণ প্ৰেমৰ কাহিনী বর্ণনা কৰা হৈছে। দুয়ো শৈশৱত লগৰী হৈ ডাঙৰ হয় আৰু পৰস্পৰৰ প্ৰেমত পৰে। কিন্তু পানেইৰ পিতৃ তামেদে নিজৰ সিদ্ধান্তত তাইৰ বিয়া কুমুদৰ সৈতে বন্দোবস্ত কৰে। জঙ্কিয়ে পানেইক সংগ দিবৰ চেষ্টা কৰে, কিন্তু মিৰি সমাজৰ কঠোৰ নিয়ম আৰু পৰম্পৰাই তেওঁলোকক মিলত বাধা দিয়ে। অৱশেষত, জঙ্কি-পানেইৰ প্ৰেম সমাজৰ স্বীকৃতি নাপাই, মৃত্যুক সাৱটি ল’বলৈ বাধ্য হয়।
পটভূমি আৰু চৰিত্ৰঃ
উপন্যাসখনৰ পটভূমিয়ে মিৰি সমাজৰ জীৱনক চমৎকাৰভাৱে চিত্রিত কৰিছে। জঙ্কি-পানেইৰ লগতে ত্যাগময় ডালিমী আৰু কঠোৰ তামেদৰ দৰে চৰিত্ৰসমূহ উপন্যাসখনৰ গাঁথনি মজবুত কৰিছে।
উপন্যাসৰ বিশেষত্বঃ
‘মিৰি জীয়ৰী’ মাত্ৰ প্ৰেম কাহিনী নহয়, ই মিৰি সমাজৰ জীৱনধাৰা আৰু মিৰি সমাজৰ সমস্যা কেৰুণসমূহ দাঙি ধৰিছে। লেখকে উপণয়াসৰ জৰিয়তে আশা কৰিছে যে সমাজে এনে ঘটনাবোৰৰ পুনৰাবৃত্তি নহ’বলৈ চেষ্টা কৰিব। কাহিনী, চৰিত্ৰ আৰু আঞ্চলিক বৈশিষ্ট্যৰে সমৃদ্ধ এই উপন্যাসখন অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। HSLC ’16, 18, 24
👉 Read Also:
- পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
- মোৰ জীৱনৰ লক্ষ্য ৰচনা
- লক্ষ্মীনাথ বেজবৰুৱা বা মোৰ প্ৰিয় সাহিত্যিকজন ৰচনা
- অসমৰ কুটিৰ শিল্প অসমীয়া ৰচনা
- শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা

