মোৰ জীৱনৰ লক্ষ্য ৰচনা Essay in Assamese
প্রস্তাবনাঃ
মোৰ জীৱনৰ লক্ষ্য, কোনো নির্দিষ্ট স্থান বা অবস্থানত উপনীত হোৱাৰ যাত্ৰাৰ নামেই লক্ষ্য। জীৱনৰ পথত যেতিয়া একো লক্ষ্য থাকে, তেতিয়াহে মানুহৰ যাত্রা সঠিক দিশত আগবঢ়ে। লক্ষ্যহীন ব্যক্তি গুৰিয়াল নোহোৱা নৌকাৰ দৰে। কিন্তু, যিকোনো ব্যক্তিয়ে নিজৰ দক্ষতা, শিক্ষা আৰু আগ্ৰহৰ ওপৰত লক্ষ্য নির্ধাৰণ কৰিব লাগে।
মোৰ লক্ষ্যঃ
বহু গুণা-গথাঁৰ পাছত মই এজন সফল কৃষক হোৱাৰ লক্ষ্য স্থিৰ কৰিছো। মই এক সফল কৃষক হৈ মোৰ খেতি-বাৰীৰ উন্নতি সাধন কৰিব বিচাৰো। মই বিভিন্ন শস্যৰ উৎপাদ পদ্ধতিৰ ওপৰত গভীৰ ৰুচি ৰাখো। সেয়ে মই কৃষি বিষয়ত অধিক অধ্যয়ন কৰি, মাটি আৰু খেতি বিষয়ে আৰু বেছি জনাৰ চেষ্টা কৰি আছোঁ। মই লক্ষ্য কৰিছো যে সমাজত কৃষক এজনৰ বিশেষ ভূমিকা আছে। কৃষকৰ সাধাৰণ জীৱন আৰু পৰিশ্রমে আমাৰ সমাজখনৰ বৰ্তাই ৰাখিছে। মই নিজৰ অভিজ্ঞতাৰে খেতি আৰু মাটিৰ গুণৰ ওপৰত দৃষ্টি ৰাখি নতুন প্রযুক্তি গ্রহণ কৰিবলৈ চেষ্টা কৰিম। মই বিশ্বাস কৰো যে, সফল কৃষক হিচাপে মই মোৰ পৰিয়ালৰ লগতে সমাজৰ উন্নয়নত অবদান আগবঢ়াব পাৰিম।
দেশৰ ভৱিষ্যত আৰু কৃষকৰ ভূমিকাঃ
এখন দেশৰ উন্নতি আৰু ভৱিষ্যত কৃষকৰ ওপৰত নিৰ্ভৰ কৰে। কৃষকৰ পৰিশ্ৰমৰ দ্বাৰা দেশৰ খাদ্যৰ অভাৱ দূৰ হয় আৰু দেশৰ অৰ্থনীতিৰ লগতে সমগ্ৰ সমাজৰ বিকাশ সাধন হয়। মই মোৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যথাসাধ্য চেষ্টা কৰি আছো। (HSLC ’15, ’20)
সামৰণিঃ
মই প্রার্থনা কৰো যাতে ঈশ্বৰে মোক মোৰ লক্ষ্যত উপনীত হোৱাৰ শক্তি আৰু সহায় প্রদান কৰে আৰু এজন সফল কৃষক হৈ দেশ আৰু সমাজখনক উন্নতিৰ দিশত আগবঢ়াই লৈ যাব পাৰোঁ।
👉 Read Also:
- দূৰদৰ্শন (টেলিভিচন) ৰচনা
- পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা
- লক্ষ্মীনাথ বেজবৰুৱা বা মোৰ প্ৰিয় সাহিত্যিকজন ৰচনা
- অসমৰ কুটিৰ শিল্প অসমীয়া ৰচনা
- শৈক্ষিক পৰিৱেশ আৰু বিদ্যার্থী ৰচনা

