উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিক অসমীয়া বিষয়ৰ ‘ধৰ্মনিৰপেক্ষতা‘ পাঠটিৰ Class 11 Political Science Chapter 18 Solutions, নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
ধৰ্মনিৰপেক্ষতা Class 11 Political Science Chapter 18 Solutions
👉 Read Also:
- বিকাশ প্রশ্ন উত্তৰ
- শান্তি প্রশ্ন উত্তৰ
- জাতীয়তাবাদ প্রশ্ন উত্তৰ
- নাগৰিকত্ব প্রশ্ন উত্তৰ
- অধিকাৰ প্রশ্ন উত্তৰ
ধৰ্মনিৰপেক্ষতা
শাখা-খ অধ্যায়-৮
অতি চমু প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক-১)
১। ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীত ‘ধৰ্মনিৰপেক্ষ’ শব্দটো সংযোজন কৰা হৈছে?
উত্তৰঃ ৪২ তম সংশোধনীত।
২। ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে?
উত্তৰঃ হয়।
৩। ভাৰতৰ কোনটো ৰাজনৈতিক দল ধৰ্মনিৰপেক্ষ দল নহয়?
উত্তৰঃ হিন্দু মহাসভা।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-২)
১। ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় নে? যুক্তি দিয়া।
উত্তৰঃ ভাৰতীয় সংবিধান মতে ভাৰত এখন ধৰ্মনিৰপক্ষে ৰাষ্ট্ৰ। কাৰণ ৰাষ্ট্ৰীয় বা চৰকাৰৰ তপৰ পৰা পৰা কোনো ধর্মকে পৃষ্ঠপোষকতা কৰা নহয়। ইয়াত সকলো ধৰ্মৰ মানুহে নিজ নিজ ধর্ম পালন আৰু প্ৰচাৰ কৰাৰ স্বাধীনতা উপভোগ কৰে।
২। ধৰ্ম্মনিৰপেক্ষতা ধর্ম বিৰোধী হয় নে?
উত্তৰঃ ধৰ্মনিৰপেক্ষতা ধৰ্ম বিৰোধী নহয়। ধৰ্মনিৰপেক্ষতা এক আদর্শ। এই আদর্শ মতে ৰাষ্ট্ৰৰ পিনৰ পৰা কোনো ধৰ্মৰ প্ৰতি বিশেষ সহানুভূতি দেখুৱা বা পৃষ্ঠপোষকতা কৰা নহয় যদিও সকলোৱে নিজ নিজ ধর্ম পালনত স্বাধীনতা ভোগ কৰে।
৩। জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান উল্লেখ কৰা।
উত্তৰঃ জাতীয়তাবাদৰ দুটা বাহ্যিক উপাদান হ’ল-
(ক) উমৈহতীয়া ধৰ্ম আৰু
(খ) উমৈহতীয়া ভাষা।
চমু প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৪)
১। ধৰ্মনিৰপেক্ষতাৰ বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ধৰ্মনিৰপক্ষেতাৰ কিছুমান বৈশিষ্ট্য আছে। যেনে
(ক) ধৰ্মনিৰপেক্ষতাই কোনো ধর্মকে চৰকাৰীভাৱে বা ৰাষ্ট্ৰীয়ভাৱে স্বীকৃতি নিদিয়ে।
(খ) ধৰ্মনিৰপেক্ষতাই সকলো ধৰ্মৰ প্ৰতি সমব্যৱহাৰ কৰা নীতিৰ পোষকতা কৰে।
(গ) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত ধর্মীয় স্বাধীনতা থাকে। প্রত্যেক ব্যক্তিয়ে স্বাধীনভাৱে নিজৰ ধৰ্ম পালন আৰু প্ৰচাৰ কৰিব পাৰে।
(ঘ) ধৰ্মনিৰপেক্ষতাই ধৰ্মৰ ভিত্তিত কোনো সাম্প্রদায়িক বৈষম্য সৃষ্টি হোৱা মানসকিতাক প্রশ্রয় নিদিয়ে।
২। ভাৰতীয় ধৰ্মনিৰপক্ষেতাৰ প্ৰতি অহা ভাবুকি উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ এক অন্যতম বৃহৎ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ভাৰতীয় সংবিধানে দেশখনক ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিছে যদিও ভাৰতীয় ধৰ্মনিৰপেক্ষতাই কিছুমান ভাবুকিৰ সম্মুখীন হৈছে। যেনে-
(ক) ভাৰতবৰ্ষত নানা ভাষা-ভাষী, বর্ণ, গোষ্ঠী আদিৰ লোক বসবাস কৰে। সেইসলকৰ বিশ্বাস আৰু সংস্কৃতিও সুকীয়া সুকীয়া। ফলত বহু সময়ত সাম্প্রদায়িকতাই গা কৰি উঠি ভাৰতীয় ধৰ্মনিৰপেক্ষ আদর্শত আঘাত হানিছে।
(খ) ভাৰতত জাতি ভিত্তিত দল গঠনৰ প্ৰৱণতা আৰু জাতিৰ ভিত্তিত নির্বাচনত প্রতিদ্বিন্দ্বিতা কৰাটোও ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকিস্বৰূপ।
(গ) সাম্প্রতিক সময়ত ৰাজনৈতিক দলসমূহে আৰু কিছুমান স্বার্থান্বেষী ৰাজনৈতিক নেতাই ধৰ্মক ৰাজনৈতিক লক্ষ্য পূৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আছে। ফলত ধৰ্মনিৰপেক্ষতাই ভাবুকিৰ সম্মুখীন হৈছে।
(ঘ) সামাজিক অসমতায়ো ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ জীয়াই ৰখাত প্রতিবন্ধকতাৰ সৃষ্টি কৰিছে।
👉 Read Also:
- সামাজিক ন্যায় প্রশ্ন উত্তৰ
- সমতা প্রশ্ন উত্তৰ
- স্বাধীনতা প্রশ্ন উত্তৰ
- ৰাজনৈতিক তত্ত্বঃ এক পৰিচয় প্রশ্ন উত্তৰ
- সাংবিধানিক দর্শন প্রশ্ন উত্তৰ
৩। ধৰ্মনিৰপেক্ষতাক অধিক কার্যক্ষম কৰিবৰ বাবে কিছুমান ব্যৱস্থা উল্লেখ কৰা।
উত্তৰঃ ধৰ্মনিৰপেক্ষতাক অধিক কার্যক্ষম কৰি তুলিবলৈ আমি তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰিব পাৰোঁ। যেনে-
(ক) যুৱ প্ৰজন্মক ধৰ্মনিৰপেক্ষতাৰ শিক্ষা দিয়াৰ উদ্দেশ্যে পাঠ্যপুথিত ধর্মীয় বিদ্বেষমূলক বিষয় সন্নিবিষ্ট নকৰি ধৰ্মীয় সহনশীলতা শিক্ষাৰ পাঠ সন্নিবিষ্ট কৰা উচিত।
(খ) ধৰ্মক ৰাজনীতিৰ পৰা পৃথক কৰি ধৰ্মক সাঙুৰি লোৱা ৰাজনৈতিক দলবোৰক অসাংবিধানিক বুলি ঘোষণা কৰি ধৰ্মনিৰপেক্ষতাৰ আদৰ্শ বজাই ৰাখিব লাগে।
(গ) ধর্মীয় মৌলবাদী সংগঠনসমূহ বন্ধ কৰি দিব লাগে। আৰু ধর্মীয় বিবাদ সৃষ্টি কৰা সংগঠন বা ব্যক্তিক কঠোৰভাৱে নিয়ন্ত্রণ কৰিব লাগিব।
(ঘ) চৰকাৰী সংগঠনসমূহৰ লগতে বেচৰকাৰী সংগঠন বা অনুষ্ঠানসমূহে ধৰ্মনিৰপেক্ষতাৰ ভাৱধাৰা বিকাশৰ বাবে ভূমিকা পালন কৰিব লাগে।
৪। পশ্চিমীয়া ধৰ্মনিৰপেক্ষতা আৰু ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ মাজত পাৰ্থক্য আছেনে? যদি আছে উল্লেখ কৰা।
উত্তৰঃ ধৰ্মনিৰপেক্ষতা ধাৰণাৰ জন্ম পাশ্চাত্য দেশবোৰত হয় যদিও ভাৰতীয় ধৰ্মনিৰপেক্ষতা আৰু পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ মাজত কিছুমন পার্থক্য আছে। যেনে-
(ক) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাই ধর্মীয় পৰম্পৰাৰ কাম কাজত হস্তক্ষেপ নকৰে।
ভাৰতীয় ধৰ্মনিৰপেক্ষতাই ধর্মীয় পৰম্পৰাৰ সংস্কাৰৰ পোষকতা কৰে।
(খ) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাই এটা ধৰ্মৰ বিভিন্ন সম্প্রদায় মাজত সমতা বজাই ৰখাত গুৰুত্ব দিয়ে।
আনহাতে ভাৰতীয় ধৰ্মনিৰপেক্ষতাই বিভিন্ন ধর্মীয় গোটসমূহৰ মাজত সমতা আৰু একতা বজাই ৰখাত গুৰুত্ব দিয়ে।
(গ) পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাত সম্প্রদায় ভিত্তিত অধিকাৰ ৰক্ষাত গুৰুত্ব দিয়ে।
আনহাতে ভাৰতীয় ধৰ্মনিৰপেক্ষতাত সাম্প্রদায়িক অধিকাৰ ৰক্ষাৰ প্ৰতি মনোযোগ দিয়া দেখা নাযায়।
(ঘ) পশ্চিমীয়া ধর্মনিৰপেক্ষতাই ধৰ্মৰ প্ৰভাৱ নুই কৰি চলে।
আনহাতে ভাৰতীয় ধৰ্মনিৰপেক্ষতাই সামাজিক জীৱনত ধৰ্মৰ প্রভাৱক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ (প্ৰত্যেকটোৰ মূল্যাংক-৬)
১। ধৰ্ম নিৰপক্ষেতা মানে কি? আধুনিক যুগত ধৰ্মনিৰপেক্ষতাৰ প্ৰয়োজন আছে নে? আলোচনা কৰা।
উত্তৰঃ ধৰ্মনিৰপেক্ষতা’ শব্দটো পোন প্রথমতে পাশ্চাত্য দেশবোৰত ব্যৱহাৰ হয়। বিশেষকৈ যেতিয়া খ্রীষ্টান ধৰ্মৰ চাৰ্চক ৰাষ্ট্ৰৰ পৰা পৃথক কৰা হয়, তেতিয়া এই ধৰ্মনিৰপেক্ষ ধাৰণাটোরে গা কৰি উঠে। ১৮৪৬ চনত জর্জ হলিয়কে প্রথম ‘ধৰ্মনিৰপেক্ষ’ শব্দটো উদ্ভাৱন কৰে। ধৰ্মনিৰপেক্ষতাই সাধাৰণতে চৰকাৰীভাবে কোনো ধৰ্মৰ স্বীকৃতি নিদিয়াৰ কথাটোক নির্দেশ কৰে। অর্থাৎ ধৰ্মনিৰপেক্ষতাই ৰাষ্ট্ৰৰ পিনৰ পৰা কোনো ধৰ্মৰ প্ৰতি পৃষ্ঠপোষকতা নকৰা অৱস্থাক বুজায়।
আধুনিক যুগত ধৰ্মনিৰপেক্ষতাৰ প্ৰয়োজন আছে। কাৰণ –
(১) ধৰ্মনিৰপেক্ষতাই ধর্মীয় স্বেচ্ছাচাৰীতাৰ অন্ত পেলায়। কিয়নো ৰাষ্ট্ৰই কোনো বিশেষ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিলে অন্যান্য ধৰ্মৰ লোকসকলৰ ধর্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰণ কৰাত ব্যঘাত ঘটিব পৰে।
(২) ধৰ্মনিৰপেক্ষতাই ধর্মীয় স্বাধীনতাক মানি লয়। ফলত এখন ৰাষ্ট্ৰত বাসবাস কৰি থকা সকলো ধৰ্মৰ লোকে নিজ নিজ ধর্ম বাধাহীনভাৱে পালন কৰাৰ সুবিধা পায়।
(৩) এখন গণতান্ত্রিক ৰাষ্ট্ৰত বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহ বসবাস কৰে। সেয়ে ধর্ম নিৰপক্ষে নীতি বাহাল থাকিলে দেশখন ধর্মীয় কন্দলৰ মুখামুখি হোৱাৰ পৰা নিৰাপদ থাকে। ফলস্বৰূপে ৰাষ্ট্ৰখনে ইয়াৰ উমৈহতীয়া আদৰ্শৰ পিনে দ্রুতগতিত আগুৱাই যাব পাৰে।
(৪) ধৰ্মনিৰপেক্ষতাই বিশ্ব ভাতৃত্ববোধ গঢ়াত ইন্ধন যোগায়।
(৫) ধৰ্মনিৰপেক্ষতাই সহনশীলতা আৰু নৈতিকতাক সমর্থন কৰে। কাৰণ ই মানবীয় গুণৰ সাৰ্বজনীন নীতি যেনেঃ সত্যবাদিতা, সহনশীলতা, ধৈর্য, পৰোপকাৰ, ভাতৃত্ববোধ আদিৰ শিক্ষা দিয়ে।
👉 Read Also:
- জীৱন্ত দলিলৰ ৰূপত সংবিধান প্রশ্ন উত্তৰ
- স্থানীয় চৰকাৰ প্রশ্ন উত্তৰ
- যুক্তৰাষ্ট্ৰবাদ প্রশ্ন উত্তৰ
- ন্যায়পালিকা প্রশ্ন উত্তৰ
- বিধানমণ্ডল প্রশ্ন উত্তৰ