আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ বন্ধুত্ব জাতি আৰু শ্ৰেণী, প্ৰাৰম্ভিক সমাজ (খৃঃ পূঃ ৬০০-৬০০ খৃঃলৈ) Class 12 History Chapter 3 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
বন্ধুত্ব জাতি আৰু শ্ৰেণী Class 12 History Chapter 3 Solutions
বন্ধুত্ব, জাতি আৰু শ্ৰেণী, প্ৰাৰম্ভিক সমাজ (খৃঃ পূঃ ৬০০-৬০০ খৃঃলৈ)
তৃতীয় অধ্যায়
ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
১। মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণ কাৰ নেতৃত্বত আৰম্ভ হৈছিল?
উত্তৰ: ভি. এচ. সুকথাঙ্কৰৰ দ্বাৰা ১৯১৯ চনত মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণ আৰম্ভ হৈছিল।
২। মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণৰ কাম সম্পূৰ্ণ হ’বলৈ কিমান বছৰ লাগিছিল?
উত্তৰঃ ৪৭ বছৰ।
৩। ‘স্বজনীয়তা’ কাক বোলে?
উত্তৰ যি সম্বন্ধই কিছুমান মানুহক এটা সমূহ হিচাপে বান্ধি ৰাখে তেনে সম্বন্ধকেই ‘স্বজনীয়তা (King-ship) বোলে।
৪। বহির্বিবাহ’ প্রথা বুলিলে কি বুজা? H. S. ’18
উত্তৰ: কন্যা সন্তানক নিজ গোত্ৰৰ বাহিৰত বিয়া দিয়া প্রথাটোক ‘বহির্বিবাহ’ বুলি কোৱা হয়।
৫। ‘মনুস্মৃতি’ কেতিয়া ৰচিত হয়?
উত্তৰঃ খৃঃ পুঃ ২০০ ৰ পৰা খৃঃ ২০০ ৰ ভিতৰত।
৬। ‘অর্চ বিবাহ’ কাক কয়?
উত্তৰ : সু-পুত্ৰ লাভৰ বাবে ঋষি-মুনিয়ে কন্যা বিবাহ দিয়া প্রথাটোক ‘অর্চ বিবাহ’ বুলি কোৱা হয়।
৭। ভাৰতত গোত্র পদ্ধতিৰ প্ৰচলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ খৃঃ পূঃ ১০০০ মানৰ পৰা গোত্র বিভাজন পদ্ধতি আৰম্ভ হৈছিল।
৮। ‘পুতা’ শব্দৰ অর্থ কি?
উত্তৰ: ‘পুতা’ শব্দৰ অৰ্থ হ’ল পুত্র। উদাহৰণ: ‘গৌতমী পুতা’ অর্থাৎ গৌতমৰ পুত্র।
৯। জাতি (Caste) শব্দটো কোনে প্রথমে ব্যৱহাৰ কৰিছিল?
উত্তৰ: ১৬ শ শতিকাত ভাৰতলৈ অহা পর্তুগীজসকলে।
১০। ব্রাহ্মণ্য সাহিত্যত মৌর্য শাসকসকলক কি বংশজাত বুলি উল্লেখ আছে?
উত্তৰ সাধাৰণ বা নিম্ন বংশজাত।
১১। মধ্য এচিয়াৰ পৰা ভাৰতলৈ অহা শকসকলক কি জাতি বুলি ব্রাহ্মণসকলে নামাকৰণ কৰিছিল?
উত্তৰ: ম্লেছ (বৰ্বৰ বা বিদেশী)।
১২। ‘মৃচ্ছকটিকা’ গ্রন্থখনৰ ৰচকজনৰ নাম কি?
উত্তৰ: শূদ্রক।
১৩। হিড়িম্বাক কোনে বিয়া কৰাইছিল?
উত্তৰ: দ্বিতীয় পাগুর ভীমে।
১৪। ইতিহাসবিদসকলৰ মতে কোনসকল লোকক ‘বাক্ষস’ বুলি কোৱা হৈছিল?
উত্তৰ: ইতিহাসবিদসকলৰ মতে ব্রাহ্মণ্য গ্রন্থসমূহত বর্ণিত ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ পালন নকৰা লোকসকলক ‘ৰাক্ষস’ বুলি কোৱা হৈছিল।
১৫। ‘মনুস্মৃতি’ত কোনসকল ব্যক্তিক ‘চণ্ডাল’ বুলি কোৱা হৈছিল?
উত্তৰ: মৃত জীব-জন্তু পেলোৱা আৰু মৃতদেহ সৎকাৰ কৰা লোকসকলক ‘চণ্ডাল’ বুলি কোৱা হৈছিল।
১৬। দ্রৌপদী কোন আছিল?
উত্তৰ: দ্রৌপদী আছিল পাঞ্চালৰাজ দ্রৌপদৰ কন্যা। তাইক পঞ্চপাণ্ডবে বিয়া কৰাইছিল।
১৭। বহুপতি গ্রহণ কৰা প্রথা এতিয়াও ক’ত প্রচলন আছে?
উত্তৰ: হিমালয় অঞ্চলৰ কিছু অংশত।
১৮। সংস্কৃত ব্যাকৰণ ‘অষ্ঠাধায়ী’ কাৰ ৰচনা?
উত্তৰ: পাণিনীৰ।
১৯। ‘সু-শ্রুত সংহিতা’ কেতিয়া ৰচিত হয়?
উত্তৰঃ ১০০ খৃঃ পুঃ ত।
২০। মহাভাৰতত কিমান শ্লোক আছে?
উত্তৰ : এক লাখৰো অধিক।
২১। আন্তর্বিবাহ কাক কয়?
উত্তৰ যি বিবাহ নিজ গোত্র, জাতি আদিৰ মাজত হয় তাকে ‘আন্তর্বিবাহ’ বোলে।
২২। বর্ণধর্ম বা আদর্শ জীৱিকা কাক বোলে? H. S. ’18
উত্তৰ ধৰ্মসূত্ৰ আৰু ধর্মশাস্ত্রসমূহে চাৰিওটা বৰ্ণই কৰিবলগীয়া কাম-কাজসমূহ বর্ণনা কৰিছে। এই কামসমূহকে বর্ণ ধর্ম বা আদর্শ জীবিকা বোলে।
২৩। ‘মুদ্রাৰাক্ষস’ নাটকখন কোনে ৰচনা কৰিছিল?
উত্তৰ: বিশাখাদত্ত।
২৪। কাক ‘বাঘ সদৃশ পতি’ বুলি কোৱা হৈছিল?
উত্তৰ: ভীমক।
২৫। ঘটোৎকচ কাৰ পুত্ৰ আছিল?
উত্তৰ: ঘটোৎকচ ভীম আৰু হিড়িম্বাৰ পুত্র আছিল।
২৬। ‘কুন্তী আৰু নিষাদী’ নামৰ চুটিগল্পৰ ৰচক কোন?
উত্তৰ: মহাশ্বেতা দেবী।
২৭। কৌৰৱসকলৰ মাতৃৰ নাম কি আছিল? H. S. ’15
উত্তৰ : গান্ধাৰী।
২৮। গৌতম বুদ্ধৰ জন্মস্থন ক’ত আছিল? H. S. ’16
উত্তৰ: কপিলাবস্তুৰ ওচৰৰ লুম্বিনী নামে গাওঁত।
২৯। কৌৰৱসকলৰ মাতৃৰ নাম কি আছিল? H. S. ’15
উত্তৰ: কপিলাবস্তুৰ ওচৰৰ লুম্বিনী নামৰ গাওঁত।
৩০। ত্রিপিটক শব্দৰ অৰ্থ কি? H. S. ’18
উত্তৰ তিনিটা পাঁচি।
৩১। খেৰী বুলি কাক কোৱা হৈছিল?
উত্তৰ: নির্বাণ বা মুক্তি পোৱা বৌদ্ধ মহিলাক খেৰী বুলি কোৱা হৈছিল।
৩২। চণ্ডালসকলৰ বাবে ‘মনুস্মৃতি ‘য়ে নির্ধাৰণ কৰা যিকোনো দুটা কর্তব্য লিখা।
উত্তৰ: চণ্ডালসকলৰ বাবে মনুস্মৃতিয়ে নির্ধাৰণ কৰা দুটা কৰ্তব্য হ’ল-
(ক) মৃত জীৱ-জন্তু পেলোৱা আৰু H. S. ’17
(খ) মৃতদেহ সৎকাৰ কৰা।
৩৩। মধ্যযুগৰ ভাৰতৰ যিকোনো দুজন চুফী সন্তপুৰুষৰ নাম লিখা। H. S. ’19
উত্তৰ: মাইনুদ্দিন চিস্তি আৰু কুতুবুদ্দিন বখতিয়াৰ কাকী।
খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)
১। কিয় আৰু কাৰ কাৰ মাজত মহাভাৰতৰ যুদ্ধ হৈছিল?
উত্তৰ: কৌৰৱ আৰু পাণ্ডৱসকলৰ মাজত হস্তিনাপুৰৰ সিংহাসন বিষয়ক লৈ মহাভাৰতৰ যুদ্ধ হৈছিল।
২। মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণৰ কাম কোনে কেতিয়া আৰম্ভ কৰিছিল?
উত্তৰ: ভি. এচ. সুকথাঙ্কৰৰ দ্বাৰা ১৯১৯ চনত মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণৰ কাম আৰম্ভহৈছিল।
৩। পিতৃপ্রধান আৰু মাতৃপ্রধান পৰিয়ালৰ প্রধান বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ পিতৃ প্রধান পৰিয়ালৰ স্বজনীয় সম্বন্ধবোৰ পিতৃৰ ফালৰ পৰা হয়।
আনহাতে মাতৃপ্রধান পৰিয়ালৰ স্বজনীয় সম্বন্ধবোৰ মাতৃৰ ফালৰ পৰা হয়।
৪। বহুপতি আৰু বহুপত্নী বিবাহ কাক বোলে?
উত্তৰ: এজনী নাৰীয়ে বহু পতি গ্রহণ কৰা পদ্ধতিক ‘বহুপতি বিবাহ’ বোলে।
আনহাতে এজন পুৰুষে এজনীতকৈ অধিক পত্নী গ্রহণ কৰা প্ৰথাক ‘বহুপত্নী বিবাহ’ বুলি কোৱ হয়।
৫। বিবাহ কেই প্রকাৰৰ আৰু কি কি? ব্রাহ্ম বিবাহ, দৈৱ বিবাহ, অর্চ বিবাহ,
উত্তৰ: ভাৰতৰ প্ৰাচীন ধর্মসূত্রমতে বিবাহ আঠ প্ৰকাৰৰ, যথা প্রজাপত্য বিবাহ, গন্ধর্ব বিবাহ, অসুৰ বিবাহ, ৰাক্ষস বিবাহ আৰু পিশাচ বিবাহ।
৬। গোত্ৰৰ সৃষ্টি কেনেকৈ হৈছিল?
উত্তৰ: প্রাচীন ভাৰতবৰ্ষত প্রায় এহেজাৰ খ্ৰীঃপূঃৰ পৰা সমাজত শ্রেণী বিভাজনৰ কাৰণে গোত্ৰ পদ্ধতিৰ প্ৰচলন আৰম্ভ হয়। ব্রাহ্মণসকলৰ শ্ৰেণী বিভাজন কৰাই আছিল এনে গোত্র পদ্ধতি প্রচলনৰ প্ৰধান উদ্দেশ্য। এজন ঋষিৰ নামেৰে প্ৰতিটো গোত্র নামাকৰণ কৰা হৈছিল আৰু একোটা গোত্ৰৰ সদস্যসকলক একোজন ঋষিৰ বংশধৰ বুলি গণ্য কৰা হৈছিল। গোত্র পদ্ধতিত কন্যা সন্তান বিবাহৰ পিছত পিতৃ গোত্র ত্যাগ কৰি স্বামীৰ গোত্র গ্রহণ কৰিছিল। সমগোত্রীয় লোকসকসলৰ মাজত বিবাহ নিষিদ্ধ আছিল।
৭। গোত্ৰৰ দুটা বিশেষ নিয়ম উল্লেখ কৰা।
উত্তৰ : গোত্ৰৰ বিশেষ দুটা নিয়ম হ’ল:
(ক) গোত্র পদ্ধতিৰ নিয়মানুসৰি কন্যা সন্তান বিবাহৰ পিছত পিতৃ গোত্র ত্যাগ কৰি স্বামীৰ গোত্র গ্রহণ কৰিছিল।
(খ) সমগোত্রীয় লোকসকলৰ মাজত বিবাহ নিষিদ্ধ আছিল।
৮। গান্ধাৰী কোন আছিল? তেওঁ দুর্যোধনক কি উপদেশ দিছিল? H. S. ’18
উত্তৰ : গান্ধাৰী আছিল ধৃতৰাষ্ট্ৰৰ পত্নী আৰু কৌৰৱসকলৰ মাতৃ। গান্ধাৰীয়ে নিজ পুত্র দুর্যোধনক পাণ্ডৱসকলৰ বিৰুদ্ধে যুদ্ধত অবতীর্ণ নহ’বলৈ উপদেশ দিছিল।
৯। ‘মনুস্মৃতি’ অনুসৰি পুৰুষে কি কি উপায়েৰে সম্পত্তি আহৰণ কৰিব পাৰে?
উত্তৰ: ‘মনুস্মৃতি’য়ে পুরুষে সম্পত্তি আহৰণ কৰিবলৈ সাত প্ৰকাৰৰ উপায় বান্ধি দিছে। যেনেঃ উত্তৰাধিকাৰী সূত্রে, বিচাৰি পোৱা ধন, ক্ৰয় কৰি, বিনিয়োগ কৰি, জয় কৰি, কাম কৰি আৰু উপহাৰ গ্ৰহণ কৰি।
এই উপায়বোৰে পুৰুষ আৰু মহিলাৰ মাজত বৈষম্যৰ সৃষ্টি কৰিছিল।
১০। দ্রোণ আৰু একলব্য কোন আছিল?
উত্তৰ: দ্রোণ বা দ্রোণাচার্য পাণ্ডব আৰু কৌৰৱসকলৰ শিক্ষা গুৰু আছিল। তেওঁ সিহঁতক ধনুর্বিদ্যা শিকাইছিল।
একলব্য এজন ব্যাধৰ পুত্ৰ আছিল। তেওঁ দ্রোণাচাৰ্যৰ ওচৰত ধনুর্বিদ্যা শিকিব খুজিছিল যদিও দ্রোণাচার্যই তেওঁক শিষ্য হিচাপে গ্রহণ কৰা নাছিল।
১১। ঘটোৎকচ কোন আছিল?
উত্তৰ: ঘটোৎকচ ভীম আৰু হিড়িম্বাৰ পুত্ৰ আছিল। তেওঁ মহাভাৰতৰ যুদ্ধত অংশ গ্রহণ কৰিছিল।
১২। মাতঙ্গ কোন আছিল?
উত্তৰ: মাতঙ্গ এজন চণ্ডালৰ পুত্ৰ আছিল। তেওঁ পূর্ব জনমত ‘বোধিসত্ব’ নামেৰে জনাজাত আছিল।
১৩। চণ্ডালসকলৰ কাম কি আছিল?
নাইবা
চণ্ডালসলকৰ বাবে মনুস্মৃতিয়ে নিৰ্দ্ধাৰণ কৰা যিকোনো দুটা কর্তব্য লিখা। H. S. ’17
উত্তৰ: মনুস্মৃতি মতে চণ্ডালসকলৰ কাম আছিল অকলশৰীয়া আৰু অসহায় ব্যক্তিৰ অন্তেষ্টিক্রিয়া সম্পন্ন কৰা। সিহঁতে মাটিৰ পাত্ৰ ব্যৱহাৰ, মৃত লোকৰ কাপোৰ আৰু লোৰ অলংকাৰ ব্যৱহাৰ কৰাৰ নিয়ম আছিল।
১৪। ‘স্ত্রীধন’ মানে কি বুজা?
উত্তৰ: নাৰীয়ে বিবাহৰ সময়ত উপহাৰ স্বৰূপে পোৱা ধনক ‘স্ত্রীধন’ বুলি কোৱা হয়। এনে ধনৰ ওপৰত স্বামীৰ কোনো ধৰণৰ অধিকাৰ নাই।
১৫। ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনী ভাগক কি দুটা ভাগত ভাগ কৰিছে?
উত্তৰ: ইতিহাসবিদসকলে মহাভাৰতৰ কাহিনী ভাগক দুটা ভাগত ভাগ কৰিছে যেনে বর্ণনাত্মক আৰু উপদেশমূলক।
১৬। অশ্বত্থামা কোন আছিল?
উত্তৰ: অশ্বত্থামা আছিল পাণ্ডৱসকলৰ এজন সেনাপতি কৃপাচাৰ্যৰ পুত্ৰ আছিল।
১৭। ব্রাহ্মণসকলৰ সামাজিক দায়িত্ব কি আছিল?
উত্তৰ ভাৰতীয় সমাজত অতীজৰে পৰা চলি অহ চাৰিটা বৰ্ণ প্ৰথাৰ প্ৰথমত আছিল ব্রাহ্মণসকল। সিহঁত স্থান আছিল সকলোৰে ওপৰত। তেওঁলোকৰ দায়িত্ব আছিল পূজা-পাতল কৰা আৰু সমাজৰ সকলো প্ৰকাৰৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰা। সিহঁতে বেদ অধ্যয়ন কৰিছিল আৰু আনৰ পৰা দান গ্রহণ কৰিছিল।
১৮। ব্রাহ্মণসকলে কেনেকৈ সমাজত নিজকে সুপ্রতিষ্ঠিত কৰিছিল?
উত্তৰ: ভাৰতীয় সমাজত ব্রাহ্মণসকলৰ স্থান আছিল অতি উচ্চ আৰু সিহঁতে সমাজত সুবিধাবাদীৰ ভূমিকা গ্রহণ কৰিছিল। সমাজত সিহঁতৰ স্থান উচ্চ কৰি ৰাখিবলৈ ধৰ্ম গ্ৰন্থ ৰচনা কৰিছিল আৰু সেইবোৰত ব্রাহ্মণসকল ব্ৰহ্মাৰ পছন্দনীয় সৃষ্টি বুলি জাহিৰ কৰিছিল। সিহঁতে ধর্ম গ্রন্থ পাঠ কৰিছিল, সমাজৰ পূজা-পাতল আদি আচাৰ-অনুষ্ঠানৰ লগত জড়িত আছিল। সকলো বৰ্ণৰ লোক ব্রাহ্মণসকলৰ সেৱাৰ বাবে সৃষ্টি কৰা হৈছিল বুলি সিহঁতে মতাদর্শ প্ৰচাৰ কৰিছিল। দেশৰ শাসকসকলেও ব্রাহ্মণসকলৰ প্ৰভাৱত পৰিছিল আৰু ব্রাহ্মণসকলৰ সামাজিক স্থান আৰু উচ্চ মর্যদা বজাই ৰখাৰ বাবে প্রজাসাধাৰণক বাধ্য কৰাইছিল। এনেদৰে ব্রাহ্মণসকলে সমাজত নিজকে প্রতিষ্ঠা কৰিছিল।
১৯। মনুস্মৃতিয়ে ৰজাৰ মৃত্যুৰ পিছত সম্পত্তি কেনেদৰে ভাগ হ’ব লাগে বুলি মতদান কৰিছিল?
উত্তৰ: মনুস্মৃতিৰ মতে ৰজাৰ মৃত্যুৰ পিছত ৰজাৰ সম্পত্তি তেওঁৰ পুত্ৰসকলৰ মাজত ভাগ হ’ব আৰু জৈষ্ঠ্যপুত্রই সম্পত্তিৰ এটা অংশ সন্মান হিচাপে লাভ কৰিব। কিন্তু কন্যা সন্তানে কোনো ভাগ নাপাব।
২০। যজ্ঞ বুলিলে কি বুজা?
উত্তৰ: যজ্ঞ আছিল প্রাচীন যুগত ৰজা, মহাৰজা বা সমাজৰ বিশেষ প্রতিপত্তি থকা মানুহে পালন কৰিব লগীয়া এক আচাৰ-অনুষ্ঠান। ই এক জটিল প্রক্রিয়া আছিল আৰু পুৰোহিত অবিহনে এই কাম আনে সম্পন্ন কৰিব পৰা নাছিল। যুদ্ধ জয়, খেতি পথাৰৰ মংগল কামনা কৰা, দীর্ঘ জীবন লাভ কৰা, বীৰত্ব ঘোষণা কৰা আদিৰ বাবে যজ্ঞৰ আয়োজন কৰা হৈছিল। যজ্ঞত বহুতো মানুহক একেলগে খাবলৈ দিয়া হৈছিল। লগতে দুখীয়া আৰু ব্রাহ্মণসকলক দান দক্ষিণা দিয়া হৈছিল।
২১। গৌতম বুদ্ধৰ মতে অষ্টমার্গ কি? H. S. ’15
উত্তৰ: গৌতম বুদ্ধৰ মতে অষ্টমার্গ হ’ল- সৎ বাক্য, সৎ কার্য, সৎ জীৱন, সৎ প্রচেষ্টা, সৎ চিন্তা, সৎ চেতনা, সৎ প্রতিজ্ঞা আৰু সৎ দর্শন।
২২। মহাবীৰৰ দুটা বাণী লিখা। H. S. ’16
উত্তৰ সঁচা কথা কোৱা আৰু চুৰি নকৰা।
গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
১। মহাভাৰত এজন লিখকৰ দ্বাৰা ৰচনা কৰাটো সম্ভব আছিল নে আলোচনা কৰা।
উত্তৰ: মহাকবি ব্যাসদেবে ‘মহাভাৰত’ নামৰ কাব্যখন ৰচনা কৰিছিল বুলি পৰম্পৰাগতভাৱে বিশ্বাস কৰা হয় যদিও পণ্ডিতসকলে এইখন এজন লিখকৰ দ্বাৰা ৰচিত হোৱা নাছিল বুলি যুক্তি প্রদর্শন কৰে। কাৰণ মহাভাতত প্ৰাৰম্ভিক অবস্থাত মাত্র ১০,০০০ শ্লোকহে আছিল। কালক্রমত ইয়াৰ শ্লোকৰ সংখ্যা এক লাখবো অধিক হয়গৈ। কিছুমান পণ্ডিতে ক’ব খোজে যে এইখন গ্রন্থ ভাট মাৰাঠী নামৰ এজন সূতে ৰচনা কৰিছিল। সুতসকল এক প্ৰকাৰৰ চাৰণ কবি আছিল। সিহঁতে ক্ষৈত্রিয় যোদ্ধাসকলৰ সৈতে ৰণক্ষেত্ৰলৈ গৈ ৰণক্ষেত্ৰৰ ঘটনাৰাজিক লৈ মুখেমুখে কাব্য ৰচনা কৰিছিল। এই ৰচনাবোৰ মৌখিকৰূপত পৰুষানুক্রমে চলি অহাৰ বহু বছৰ পিছত ব্রাহ্মণসকলে এইবোৰ লিপিবদ্ধ কৰে। মহাভাৰতত বিভিন্ন সময়ৰ বিভিন্ন ৰজাৰ বিৱৰণ পোৱা যায় বাবে ই যে এজন ৰচকৰ দ্বাৰা ৰচিত নহয় তাত সন্দেহ কৰাৰ থল আছে।
২। চীনা বৌদ্ধ যাত্রীসকলে চণ্ডালসকলৰ বিষয়ে কি উল্লেখ কৰিছে?
উত্তৰ: চীনা বৌদ্ধ পৰিৱাজক ফাহিয়েনে তেওঁৰ বিৱৰণীত উল্লেখ কৰিছে যে সেই সময়ত ভাৰতত অস্পৃশ্য নীতি চলি আছিল। চণ্ডালসকলক নিম্ন জাতি বুলি গণ্য কৰা হৈছিল। তেওঁ উল্লেখ কৰিছে যে কোনো চণ্ডাল ৰাস্তাৰে গ’লে হাততালি বজাই যাব লাগিছিল যাতে অন্যান্য লোকে তেওঁলোকৰ প্রতি দৃষ্টি নিক্ষেপ নকৰে। আন এজন চীনা পৰিব্রাজক জুৱান জাঙে উল্লেখ কৰিছে যে কচাই আৰু হৰিজনসকলক নগৰৰ ভিতৰত বাস কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। মুঠতে চীন তীর্থযাত্ৰীসকলৰ বৰ্ণনাৰ পৰা জনা যায় যে প্রাচীন যুগত নিম্ন শ্রেণীৰ লোকসকলৰ কোনো সামাজিক অধিকাৰ নাছিল।
৩। ধর্ম শাস্ত্ৰ আৰু ধর্ম সূত্রসমূহে বিধান দিয়া চাৰিওটা বৰ্ণৰ আদর্শ বৃত্তিসমূহ কি কি আছিল? H. S. ’20
উত্তৰ: প্রাচীন ভাৰতীয় সমাজ চাৰিটা বর্ণত বিভক্ত আছিল, যথা ব্রাহ্মণ, ক্ষৈত্রিয়, বৈশ্য আৰু শূদ্র। ভাৰতীয়ধর্মসূত্ৰসমূহে বিধান দিয়া মতে চাৰিওটা বৰ্ণৰ আদৰ্শ বৃত্তিসমূহ আছিল নিম্নরূপ-
(ক) ব্রাহ্মণ: ব্রাহ্মণসকলে যাগ-যজ্ঞ, পূজা-পাতল আদি ধর্মীয় কার্য সম্পদান কৰিব লাগিছিল।
(খ) ক্ষত্রিয়: ক্ষত্রিয়সকলে যুদ্ধ-বিগ্রহ, প্রতিৰক্ষা, শাসন কৰা আদি কাৰ্য সম্পাদন কৰিছিল।
(গ) বৈশ্য: বৈশ্যসকলে কৃষি, বেহা-বেপাৰ আৰু পশু পালন বৃত্তি গ্রহণ কৰিব লাগিছিল।
(ঘ) শূদ্র: শূদ্রসকলে উপৰোক্ত তিনিও শ্রেণীৰ সেৱা-শুশ্রূষা কৰিব লাগিছিল।
ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
১। সাহিত্যিক সমলবোৰ বিশ্লেষণ কৰোতে ইতিহাসবিদসকলে কি কি কথাত গুৰুত্ব দিছিল? H. S. ’16
উত্তৰ: সাহিত্যিক সমলবোৰ বিশ্লেষণ কৰোতে ইতিহাসবিদসকলে তলত দিয়া কথাত গুৰুত্ব দিছিল
প্রথমতে, ইতিহাসবিদসকলে জানিব খোজে যে সিহঁতে বিশ্লেষণ কৰিবলৈ লোৱা সাহিত্যিক সমলবোৰ পালি, তামিল, প্রাকৃত আদি ভাষাত ৰচিত নে সংস্কৃত ভাষাত ৰচিত।
দ্বিতীয়তে, সিহঁতে জানিব খোজে গ্রন্থসমূহ কেতিয়া ৰচিত হৈছিল বা প্রকাশ পাইছিল। সিহঁতে আৰু জানিব বিচাৰে যে সেই গ্ৰন্থবোৰ ধৰ্মীয় অনুষ্ঠানত উচ্চাৰিত মন্ত্র আছিল নে সর্বসাধাৰণৰ বাবে ৰচিত সাধুকথা আছিল।
তৃতীয়তে, ইতিহাসবিদসকলে জানিব খোজে যে সেই গ্রন্থবোৰ লিখকসকলে কি দৃষ্টিকোণ আগত ৰাখি ৰচনা কৰিছিল। কিয়নো যিকোনো লিখনীত লিখকৰ দৃষ্টিভংগী আৰু চিন্তাচৰ্চাৰ প্রতিফলন ঘটে। লিখকজনৰ মনোভাৱ ঠেক হ’লে তেওঁৰ দ্বাৰা ৰচিত গ্রন্থত পক্ষপাতিত্বৰ দোষ থাকিব পাৰে।
২। ‘মনুস্মৃতি’ অনুসৰি পুৰুষ আৰু মহিলাই কি কি উপায়েৰে সম্পদ আহৰৰণ কৰিব পাৰিছিল? এই উপায়বোৰে পুৰুষ আৰু মহিলাক পৃথক কৰিছে বুলি তুমি ভাবানে? H. S. ’18
উত্তৰ: মনুস্মৃতিয়ে পুৰুষসকলৰ আহৰণৰ সাতটা উপায় ঘোষণা কৰিছে, সেইকেইটি হ’ল: উত্তৰাধিকাৰ সূত্রে, বিচাৰ তথা অনুসন্ধান কৰি উলিওৱা, ক্রয়, বিজয়, কোনো কামত খটোৱা, কৰ্ম আৰু সজ্জনৰ পৰা উপহাৰ গ্ৰহণ।
নাৰীৰ ক্ষেত্ৰত এনে মুঠ ছয়টা উপায়ৰ অন্যতম হ’ল: (বিবাহৰ সময়ত) অগ্নিক সাক্ষী কৰি আগবঢ়োৱা সম্পদ, শোভাযাত্রা কৰি কইনা অনাৰ সয়ত নাইবা মৰম-চেনেহৰে দিয়া বিভিন্ন উপহাৰ, পিতৃ-মাতৃ আৰু ভাতৃৰ পৰা পৰা প্ৰাপ্ত ধন-সোণ আদি। ইয়াৰ উপৰি (বিবাহৰ পিষত) প্রাপ্ত উপহাৰ আৰু মৰমিয়াল স্বামীয়ে যি দিয়ে সকলোবোৰ নাৰীৰ সম্পদ বুলি ধৰা হয়।
সম্পদ আহৰণৰ উপায়ে পুৰুষ আৰু মহিলাক পৃথক কৰিছিল বুলি ক’ব পাৰি। সম্পদ আহৰণৰ ক্ষেত্রত পুৰুষসকলে উত্তৰাধিকী সূত্রে পোৱা সম্পদৰ উপৰিও সিহঁতে নিজে নিজে উপর্জন কৰিব পাৰিছিল, ব্যবসায় বাণিজ্য কৰিব পাৰিছিল। কিন্তু নাৰীয়ে আনৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছিল। সিহঁতে নিজে কোনো উপার্জন কৰিব পৰা নাছিল। এই ব্যৱস্থাই নাৰীক পুৰুষৰ বা আনৰ মুখাপেক্ষী কৰি ৰাখিছিল।
৩। বুৰঞ্জীৰ গুৰুত্ব ব্যাখ্যা কৰা। H. S. ’19
উত্তৰ: ‘বুৰঞ্জী’ বুলিলে ক্রমিকভাবে লিখি ৰখা কোনো এক সময়ৰ ঘটনাৰাজিৰ বিৱৰণক বুজোৱা হয়।
বুৰঞ্জীত অতীতৰ ঘটি যোৱা ঘটনাৰ প্রতিফলন হয়। মানৱ সভ্যতাৰ অগ্রগতিত বুৰঞ্জী অধ্যয়নৰ যথেষ্ট গুৰুত্ব আছে।
প্রথমতে, বুৰঞ্জীয়ে আমাক কোনো এক অঞ্চলৰ ৰাজনৈতিক পদ্ধতিৰ বিষয়ে জানিবলৈ দিয়ে।
দ্বিতীয়তে, বুৰঞ্জীয়ে অতীতৰ লগত বর্তমানক ৰিজাই চোৱাত দাপোণৰ দৰে কাম কৰে।
তৃিতীয়তে, বুৰঞ্জীয়ে অতীতৰ ভুলবোৰ এৰাই চলিবলৈ সুযোগ প্রদান কৰে।
চতুৰ্থতে, বুৰঞ্জীত মানুহৰ আৰু সিহঁতৰ কাৰ্যকলাপৰ বিষয়ে আলোচনা কৰা হয়। সেইবোৰ অধ্যয়ন কৰি কি কামৰ কি ফল সেয়া অৱগত হ’ব পাৰি।
পঞ্চমতে, বুৰঞ্জীয়ে অতীতৰ প্ৰতি থকা আমাৰ কৌতূহল নিবৃত কৰে।
ষষ্টতে, বৰ্তমানৰ বা ভৱিষ্যতৰ জীৱন ধাৰাৰ গতি নিৰ্মাণ কৰাত বুৰঞ্জীয়ে আমাক সমলৰ যোগান ধৰে।
সপ্তমতে, বুৰঞ্জী হৈছে জ্ঞানৰ ভাণ্ডাৰ। ইয়াত ৰাজনৈতিক ঘটনাৰ বৰ্ণনা থকাৰ লগতে সামাজিক অর্থনৈতিক, সাংস্কৃতিক আদি দিশৰো প্রতিফলন ঘটে।