Class 10 Social Science Political Part 3 Chapter 2 Solutions ২০২৫

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত আন্তঃর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Class 10 Social Science Political Part 3 Chapter 2 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Social Science Political Part 3 Chapter 2 Solutions

আন্তঃর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য Class 10 Social Science Political Part 3 Chapter 2 Solutions

 

অধ্যায়-২

আন্তঃর্জাতিক সংস্থা: ৰাষ্ট্ৰসংঘ আৰু অন্যান্য

নির্বাচিত প্রশ্নোত্তৰ

অতি চমু প্রশ্নোত্তৰঃ

১। এমনেষ্টি ইন্টাৰনেচনেলৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ লণ্ডনত।

২। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় কেতিয়া?

উত্তৰঃ ১৯৪৬ চনত।

৩। কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়? HSLC ’17

উত্তৰঃ ১০ ডিচেম্বৰ।

৪। বিশ্বত শান্তি স্থাপনৰ বাবে গঠন কৰা প্ৰথম আন্তঃর্জাতিক সংস্থাটো কি আছিল?

উত্তৰঃ জাতিসংঘ।

৫। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত গঠন হোৱা আন্তর্জাতিক সংস্থাটো কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘ।

৬। ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগটো কি?

উত্তৰঃ সাধাৰণ সভা।

৭। সাধাৰণ সভাৰ অধিবেশন বছৰেকত কিমান বাৰ হয়?

উত্তৰঃ এবাৰ।

৮। ভেটো কি?

উত্তৰঃ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ এক বিশেষ ক্ষমতাই হ’ল ভেটো। স্থায়ী সদস্যৰ ভেটো প্রয়োগে কোনো বিষয়ত সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে।

৯। ফিফা’ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?

উত্তৰঃ জুৰিক চহৰত।

১০। ইন্টাৰনেচনেল ক্রিকেট কাউন্সিলৰ প্ৰধান কার্যালয় ক’ত অবস্থিত?

উত্তৰঃ ডুবাই।

১১। আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা কিমান? HSLC ’17

উত্তৰঃ ১৫ জন।

চমু প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল? HSLC ’20

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু শৃঙ্খলা প্রতিষ্ঠা কৰাৰ উদ্দেশ্যে ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হয়।

২। ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা। HSLC ’20

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য হ’ল:

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা আৰু

(খ) সমান অধিকাৰ আৰু আত্ম নিয়ন্ত্ৰণৰ ভিত্তিত দেশখনৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক স্থাপন কৰা।

৩। ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম কি?

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অংগকেইটা হ’ল: (ক) সাধাৰণ সভা, (খ) নিৰাপত্তা পৰিষদ, (গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ, (ঘ) ন্যাসৰক্ষী পৰিষদ, (ঙ) আন্তঃর্জাতিক ন্যায়ালয় আৰু (চ) সচিবালয়।

৪। ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেঞ্চিৰ নাম লিখা।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেঞ্চি হ’লঃ (ক) বিশ্ব স্বাস্থ্য সংস্থা (খ) আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থা।

৫। নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।

উত্তৰঃ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম হ’ল: (ক) পাৰমাণৱিক অস্ত্র সংকোচন চুক্তি আৰু (খ) সমুদ্রতলি নিয়ন্ত্রণ চুক্তি।

৬। বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা প্রধান আইনগত ব্যবস্থা উল্লেখ কৰা। HSLC ’17

উত্তৰঃ বিশ্ব বাণিজ্য সংস্থাৰ তিনিটা আইনগত ব্যৱস্থা হ’ল:

(ক) সেৱা আৰু বাণিজ্য সংক্রান্ত সাধাৰণ চুক্তি।

(খ) শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি

(গ) বুদ্ধি-বৃত্তি সম্পর্কিত সম্পদৰ অধিকাৰসমূহৰ সাধাৰণ চুক্তি।

৭। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই কেতিয়া মানব অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে? মানৱ অধিকাৰ ঘোষণা পত্ৰৰ প্ৰধান উদ্দেশ্য কি? HSLC ’17

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত মানৱ অধিকাৰ ঘোষণাপত্র গ্রহণ কৰে। মানৱ অধিকাৰ ঘোষণাপত্ৰৰ প্ৰধান উদ্দেশ্য হ’ল- প্রত্যেকজন ব্যক্তিয়ে মর্যদাপূর্ণ জীৱন যাপনৰ বাবে প্রেেয়াজন হোৱা কিছুমান অধিকাৰক সুৰক্ষা দিয়া।

৮। তলত উল্লেখ কৰা আন্তর্জাতিক অনুষ্ঠান কেইটাৰ মুখ্য কাৰ্যালয়ৰ নাম লিখা? HSLC ’18

(ক) দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা

(খ) আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ

উত্তৰঃ (ক) কাঠমাণ্ডু (

খ) ডুবাই।

৯। ৰাষ্ট্ৰসংঘৰ সচিব প্রধনজনক কিদৰে নিয়োগ কৰা হয়? ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধানজন কোন আছিল? HSLC ’19

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজনক নিয়োগ কৰে। ৰাষ্ট্ৰসংঘৰ প্ৰথমজন সচিব প্রধানজন আছিল নৰৱেৰ ট্ৰাইভ হাল্ডান।

৭। তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা: ভাৰতীয় সংবিধানৰ ১৯৭৬ চনত হোৱা সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্রস্তাৱনাত সংযোজিত কৰা হৈছিল? HSLC ’20

(i) সার্বভৌম
(ii) গণতান্ত্রিক
(iii) গণৰাজ্য
(iv) সমাজবাদী
উত্তৰঃ (iv) সমাজবাদী

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতিকেইটা আলোচনা কৰা।

উত্তৰঃ ১৯৪৬ চনত আন্তঃর্জাতিক শান্তি আৰু শৃঙ্খলা ৰক্ষাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘ গঠন হয়। ইয়াৰ চনদত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদত ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য সন্নিবিষ্ট কৰা হৈছে, যেনে-

(ক) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক প্রতিষ্ঠা কৰা।

(গ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহ সমাধান কৰা আৰু প্রত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।

(ঘ) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্রতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কার্য সম্পাদন কৰা।
ৰাষ্ট্ৰসংঘৰ প্ৰধান নীতিসমূহ হ’ল:

(ক) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সার্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্রতিষ্ঠা হ’ব।

(খ) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।

(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনো আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূর্ণভাৱে মীমাংসা কৰিব লাগিব।

(ঘ) আন্তঃজাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বার্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্রয়োগ কৰিব নোৱাৰিব।

(ঙ) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্রহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায় কৰিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।

২। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটা টোকা লিখা। HSLC ’19

উত্তৰঃ নিৰাপত্তা পৰিষদ ৰাষ্ট্ৰসংঘৰ এক গুৰুত্বপূর্ণ অংগ হ’ল। ৰাষ্ট্ৰসংঘ গঠন হোৱা সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচ জন আৰু অস্থায়ী সদস্যৰ সংখ্যা আছিল ছয় জন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদৰ ২৩ নং অনুচ্ছেদৰ সংশোধন কৰি অস্থায়ী সদস্যৰ সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয়। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল: আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্রেট ব্রিটেইন, ফ্রান্স, ৰাছিয়া আৰু চীন। কোনো গুৰুত্বপূর্ণ বিষয়ত সিদ্ধান্ত ল’বলৈ হ’লে স্থায়ী পাঁচজন সদস্যসহ মুঠ ন জন সদস্যৰ সন্মতি থাকিব লাগিব। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্রয়োগৰ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী ‘ভেটো’ দিলে সিদ্ধান্ত গ্রহণ নহয়।

৪। ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পর্কত এটা টোকা লিখা। HSLC ’15, 18, ’20

উত্তৰঃ ১৯৯৩ চনৰ ৮ জানুৱাৰীত ‘মানৱ অধিকাৰ সংৰক্ষণ আইন’ৰ জৰিয়তে ভাৰতত ‘ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ’ গঠন কৰা হয়। এই আয়োগখনত তলত উল্লেখ কৰা ধৰণৰ সদস্য থাকে:

(ক) অধ্যক্ষজন উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হ’ব লাগিব।

(খ) উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ইয়াৰ সদস্য হ’ব লাগিব।

(গ) উপৰি উক্ত ব্যক্তিসকলৰ উপৰিও দুজন মানৱ অধিকাৰৰ বিষয়ে অভিজ্ঞ লোক সদস্য হিচাপে নির্বাচন কৰা হ’ব। ই সংখ্যালঘুৰ জাতীয় আয়োগ, অনুসূচীত জাতি আৰু জনজাতীয় আয়োগ, মহিলা জাতীয় আয়োগৰ অধ্যক্ষসকলে মানৱ অধিকাৰ ভংগৰ বাবে দিয়া গোচৰৰ শুনানি ল’ব নোৱাৰিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাৰ্য আৰু ক্ষমতাসমূহ হ’ল।

(ক) সংবিধানে দিয়া মানৱ অধিকাৰ ৰক্ষণাবেক্ষণ পর্যালোচনা কৰি প্রয়োজন হ’লে তাৰ বাবে পৰামৰ্শ দিব পাৰে।

(খ) ৰাজ্যিক চৰকাৰৰ তত্বাৱধানত থকা কাৰাগাৰ পৰিদৰ্শন কৰি বন্দীসকলৰ অৱস্থাৰ বুজ ল’ব পাৰে। প্রয়োজন সাপেক্ষে তাৰ কিবা পৰিৱৰ্তন কৰিবলগীয়া থাকিলে পৰামৰ্শ দিব পাৰে।

(গ) সন্ত্রাসবাদৰ বিৰুদ্ধে প্রয়োগ কৰা কার্যব্যৱস্থাৰো পৰ্যালোচনা কৰিব পাৰে।

(চ) মানৱ অধিকাৰ ক্ষেত্ৰত কৰা কোনো আন্তর্জাতিক সন্ধি আদিৰো পর্যালোচনা কৰিব পাৰে।

(ছ) কোনো ন্যায়ালয়ত মানৱ অধিকাৰ লংঘনৰ বিপক্ষে কোনো গোচৰ চলি থাকিলে সেই ন্যায়ালয়ৰ অনুমতি সাপেক্ষে আয়োগে হস্তক্ষেপ কৰিব পাৰিব।

(জ) কোনো চৰকাৰী সংস্থাই মানৱ অধিকাৰ ৰক্ষাৰ বাবে কাম কৰিলে তাক উৎসাহ প্রদান কৰিব লাগে।

৫। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ক্ষমতা আৰু কাৰ্য আলোচনা কৰা? HSLC ’16

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ ভিতৰত সাধাৰণ পৰিষদ অন্যতম। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰৰে এই পৰিষদ গঠিত। প্রতি সদস্য ৰাষ্ট্ৰই এই পৰিষদলৈ পাঁচজনকৈ সদস্য পঠাব পাৰে যদিও একোখন ৰাষ্ট্ৰৰ মাথোন এটাকৈ ভোট থাকে। সাধাৰণ পৰিষদৰ কিছু নির্দিষ্ট কার্য আৰু ক্ষমতা আছে, যেনে-

(১) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ বাজেট গ্রহণ কৰিব লাগে। ইয়াৰ বাজেট এই সভাই গ্রহণ নকৰিলে কাৰ্যকৰী নহয়।

(২) সাধাৰণ পৰিষদে নিৰাপত্তা পৰিষদৰ লগলাগি সচিব প্রধান আৰু আন্তর্জাতিক ন্যায়ালয়ৰ বিচাৰকসকলক নির্বাচন কৰে।

(৩) ৰাষ্ট্ৰসংঘৰ চনদৰ সংশোধন ক্ষমতা সাধাৰণ পৰিষদৰ হাতত ন্যাস্ত আছে। চনদৰ সংশোধন কৰিবৰ বাবে দুই-তৃতীয়াংশ ভোটত গৃহীত হোৱাৰ উপৰিও নিৰাপত্তা পৰিষদৰ সকলো সদস্যই অনুমোদন জনাব লাগে।

(৪) ৰাষ্ট্ৰসংঘৰ সকলো চনদত উল্লেখ থকা সকলো বিষয়তে ই আলোচনা কৰিব পাৰে আৰু নিৰাপত্তা পৰিষদলৈ ই পৰামৰ্শ আগবঢ়াব পাৰে। ই কোনো বিষয়ত নিৰাপত্তা পৰিষদৰ দৃষ্টি আকর্ষণ কৰিব পাৰে।

(৫) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য আৰু লক্ষ্য সাধনৰ বাবে কিছু নীতি নির্ধাৰণ কৰিব পাৰে। ই সদস্য ৰাষ্ট্ৰসমূহক মানৱ অধিকাৰৰ বিষয়েও নির্দেশ দিব পাৰে।

(৬) সাধাৰণ পৰিষদে ৰাষ্ট্ৰসংঘৰ অন্যান্য অংগসমূহৰ কাৰ্য পৰিদৰ্শন কৰিব পাৰে। ৰাষ্ট্ৰসংঘৰ বাকীবোৰ অংগৰ নিজৰ বছৰেকীয়া প্রতিবেদন সাধাৰণ পৰিষদত দাখিল কৰিব লাগে। সেইদৰে সচিব প্রধানেও বছৰেকীয়া প্রতিবেদন সাধাৰণ পৰিষদত দাখিল কৰিব লাগে।

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):

প্রশ্ন: ‘ৰাষ্ট্ৰসংঘৰ’ বৰ্তমান সচিব প্রধানগৰাকী কোন?

(ক) এনটুনিও
(খ) এনটনিও ওরেটেছে
(গ) এন্টনিও
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)

প্রশ্নঃ ‘ৰাষ্ট্ৰসংঘৰ দিৱস’ৰ তাৰিখটো উল্লেখ কৰা। HSLC ’24

(ক) ২০ অক্টোবৰ
(খ) ২২ অক্টোবৰ
(গ) ২৩ অক্টোবৰ
(ঘ) ২৪ অক্টোবৰ
উত্তৰঃ (ঘ)

প্রশ্ন: প্রথম বিশ্বযুদ্ধ কেতিয়া হয়?

(ক) ১৯১১
(খ) ১৯১২ (গ) ১৯১৩
(ঘ) ১৯১৪
উত্তৰঃ (ঘ)

প্রশ্ন: ‘জাতি সংঘ’ কেতিয়া গঠন কৰা হয়?

(ক) ১৯১০ চনৰ ২০ জানুৱাৰীত
(খ) ১৯২০ চনৰ ২০ জানুৱাৰীত
(গ) ১৯১৫ চনৰ ১৫ জানুৱাৰীত
(ঘ) ১৯২০ চনৰ ১৫ জানুৱাৰীত
উত্তৰঃ (খ)

প্রশ্নঃ বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্য সংখ্যা কিমান? HSLC ’24

(ক) ১৯০ খন
(খ) ১৯১ খন
(গ) ১৯৩ খন
(ঘ) ১৯৪ খন
উত্তৰঃ (গ)

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ মুখ্য কার্যালয় ক’ত?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ক চহৰত
(খ) চীনত
(গ) নতুন দিল্লীত
(ঘ) ৰাছিয়াত
উত্তৰঃ (ক)

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ কেইটা?

(ক) ৫ টা
(খ) ৬ টা
(গ) ৭ টা
উত্তৰঃ (খ)
(ঘ) ১০ টা

প্রশ্ন: জাতিসমূহৰ সংঘৰ মুখ্য কাৰ্য্যালয় ক’ত অৱস্থিত?

(ক) ব্রুচেলছত
(খ) ছিংগাপুৰত
(গ) কাঠমাণ্ডু
(ঘ) লণ্ডনত
উত্তৰঃ (ঘ)

প্রশ্নঃ ৰাষ্ট্ৰসংঘ গঠনৰ সময়ত অর্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য আছিল-

(ক) ১৫ জন
(খ) ১৮ জন
(গ) ১৯ জন
(ঘ) ২০ জন
উত্তৰঃ (খ)

প্রশ্ন : ILO বা আন্তর্জাতিক বনুৱা সংস্থাৰ ১৯৭০ চনৰ সভাত যোগদান কৰা ভাৰতীয় ৰাষ্ট্ৰপতি গৰাকী কোন আছিল?

(ক) ফকরুদ্দিন আলি আহমেদ
(খ) ড° ভি.ভি.গিৰি
হ’ল-
(গ) ৰাধাকৃষ্ণ
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ)

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত নথকা এজেন্সিটো

(ক) জাতি সংঘ
(খ) বিশ্ব অর্থনৈতিক মঞ্চ
(গ) বিশ্ব স্বাস্থ্য সংস্থা
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক)

প্রশ্নঃ আন্তর্জাতিক ন্যায়ালয়ৰ ন্যায়াধীশৰ মুঠ সংখ্যা হ’ল-

(ক) ১১ জন
(খ) ১৫ জন
(গ) ৯ জন
(ঘ) ৫ জন
উত্তৰঃ (খ)

প্রশ্নঃ কোনটো দিন বিশ্ব মানৱ অধিকাৰ দিবস হিচাপে পালন কৰা হয়?

(ক) ২৪ অক্টোবৰ
(খ) ২৭ ছেপ্টেম্বৰ
(গ) ৫ জুন
(ঘ) ১০ ডিচেম্বৰ
উত্তৰঃ (ঘ)

প্রশ্ন: ‘ৰাষ্ট্ৰ সংঘ’ কেতিয়া গঠন কৰা হয়?

(ক) ১৯৪৫ চনৰ ২৪ অক্টোবৰত
(খ) ১৯৪৬ চনৰ ২৫ অক্টোবৰত
(গ) ১৯৫৫ চনৰ ২৫ অক্টোবৰত
(ঘ) ১৯৫৫ চনৰ ২৪ অক্টোবৰত
উত্তৰঃ (ক)

প্রশ্নঃ ৰাষ্ট্ৰসংঘৰ চনদত কিমানকেইখন দেশে স্বাক্ষৰ প্ৰদান কৰে?

(ক) ২০ খন ৰাষ্ট্ৰই
(খ) ৫১ খন ৰাষ্ট্ৰই
(গ) ৫২ খন ৰাষ্ট্ৰই
(ঘ) ৫৩ খন ৰাষ্ট্ৰই

উত্তৰঃ (খ)

প্রশ্ন: ৰাষ্ট্ৰসংঘৰ চনদত কিমানটা অনুচ্ছেদ আছে?

(ক) ১০৯ টা
(খ) ১১০ টা
(গ) ১১১ টা
(ঘ) ১১২ টা
উত্তৰঃ (গ)

প্রশ্ন: বছৰৰ কোনটো দিন ‘মানৱ অধিকাৰ দিবস’ স্বৰূপে পালন কৰা হয়?

(ক) ১০ জানুৱাৰীত
(খ) ১০ ফেব্ৰুৱাৰীত
(গ) ১০ ডিচেম্বৰত
(ঘ) ১০ অক্টোবৰত
উত্তৰঃ (গ)

প্রশ্নঃ বিশ্ব শান্তি স্থাপনৰ বাবে গঠন হোৱা প্রথম সংস্থাটো কি?

(ক) ৰাষ্ট্ৰসংঘ
(খ) জাতি সংঘ
(গ) আন্তঃৰাষ্ট্ৰীয় সংঘ
(ঘ) এটাও নহয়
উত্তৰঃ (খ)

প্রশ্ন: বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ মুখ্য কাৰ্য্যালয় কত? 

(ক) জুৰিকত
(খ) কাঠমাণ্ডুত
(গ) জেনেভাত
(ঘ) ডুবাইত
উত্তৰঃ (গ)

Leave a Comment

" target="_blank" rel="nofollow">