আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেন্তে নিচ্ছই আপুনি ইন্টাৰনেটত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। Class 10 Social History Chapter 4 Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 Social History Chapter 4 Solutions
স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
নির্বাচিত প্রশ্নোত্তৰ
অতি চমু প্রশ্নোত্তৰঃ
১। কোন চনত মহাত্মা গান্ধীয়ে অসমলৈ আহিছিল?
উত্তৰঃ ১৯২১ চনত।
২। কোন চনত ‘আসাম চুতীয়া সম্মিলন’ৰ উৎপত্তি হৈছিল?
উত্তৰঃ ১৯২৫ চনত।
৩। কোন চনত বড়োসকলৰ মাজত বড়ো- কছাৰী মহাসম্মিলনৰ জন্ম হৈছিল?
উত্তৰঃ ১৯২৩ চনত।
৪। ৰায়ত সভাসমূহৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰঃ ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল গ্রেজিং কৰা বন্ধ কৰা, মাটিৰ খাজনা হ্রাস কৰা আৰু পূর্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা।
৫। সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৩ চনত।
৬। আহোম সভাৰ সম্পাদক কোন আছিল?
উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱা।
৭। যোৰহাটৰ সাৰ্বজনিক সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰঃ ১৮৮৪ চনত, জগন্নাথ বৰুৱাৰ নেতৃত্বত।
৮। অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল?
উত্তৰঃ অসম প্রদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ।
৯। অসম প্রদেশ কংগ্ৰেছ কমিটি ৰ আনুষ্ঠানিকভাবে নির্বাচিত প্রথমজন সভাপতি কোন আছিল?
উত্তৰঃ বিষ্ণুৰাম মেধি।
১০। কোন চনত কোঁচ-ৰাজবংশী ক্ষত্রিয় সম্মিলনৰ উৎপত্তি হৈছিল?
উত্তৰঃ ১৯১২ চনত।
১১। অসমত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে চেষ্টা কৰি সফল হৈছিল?
উত্তৰঃআছাম এছ’ছিয়েচনে।
১২। আছাম এছ’চিয়েছনৰ কোনটো অধিবেশনত পোনতে বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী উত্থাপন কৰা হৈছিল?
উত্তৰঃ ১৯১৭ চনত শিৱসাগৰত বহা আছাম এছ’চিয়েচনৰ অধিবেশনত।
১৩। কোন চনত যোৰহাট সার্বজনিক সভাৰ • সংগঠন গঢ়ি তোলা হৈছিল?
উত্তৰঃ ১৮৮৬ চনত।
১৪। অসম এছ’চিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনৰ ক’ত অনুষ্ঠিত হৈছিল? HSLC ’18
উত্তৰঃ ডিব্ৰুগড়ত।
১৫। ‘জোনাকী’ কাকতৰ প্ৰথমজন সম্পাদন কোন আছিল? HSLC ’19
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।
১৬। অসম এছ’চিয়েছনৰ প্ৰথমখন • অধিবেশনত নির্বাচিত হোৱা সভাপতি আৰু সম্পাদক কোন কোন আছিল? HSLC ’19
উত্তৰঃ সভাপতি আছিল ৰাজা প্রভাত চন্দ্র বৰুৱা আৰু সম্পাদক আছিল মানিক চন্দ্ৰ বৰুৱা।
১৭। ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন গঠন কৰিছিল? (শুদ্ধ উত্তৰটো বাছি উলিওৱা): HSLC ’20
(i) পদ্মনাথ গোহাঁই বৰুৱা
(ii) হেমচন্দ্র গোস্বামী
(ii) নবীনচন্দ্ৰ বৰদলৈ
(iv) মাণিক চন্দ্ৰ বৰুৱা
উত্তৰঃ মাণিক চন্দ্ৰ বৰুৱা
১৮। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৬ চনত।
১৯। কোম্পানীৰ আমোল বুলিলে কোনটো সময়ক বুজায়?
উত্তৰঃ ১৮২৬ চনৰ পৰা ১৮৫৮ চনলৈ।
২০। অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৩৭ চনৰ পৰা।
২১। বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
উত্তৰঃ ১৮৭৩ চনত।
২২। অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰঃ ড’ নাথান বাউন।
২৩। অসম ছাত্র সম্মিলনৰ মুখপত্ৰখন কি আছিল?
উত্তৰঃ মিলন।
২৪। অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি?
উত্তৰঃ তিলক সোঁৱৰণী স্কুল।
২৫। কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিল?
উত্তৰঃ বৰপথাৰত ৰেল বগৰোৱা অপৰাধত কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল?
২৬। গৌহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত।
২৭। অসম চিকিৎসা মহাবিদ্যালয় আনুষ্ঠানিকভাবে কেতিয়া নামাংকিত হয়?
উত্তৰঃ ১৯৪৭ চনৰ ৩ নবেম্বৰত।
২৮। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া আনুষ্ঠানিকভাবে আৰম্ভ হয়?
উত্তৰঃ ১৯৬০ চনৰ ২০ চেপ্তেম্বৰত।
চমু প্রশ্নোত্তৰ:
১। কানিৰ প্ৰচলন সম্পর্কে যোৰহাট সার্বজনিক সভাৰ স্থিতি কি আছিল চমুকৈ লিখা।
উত্তৰঃ চাহ খেতিয়ক জগন্নাথ বৰুৱাৰ নেতৃত্বত ১৮৮৬ চনত সার্বজনিক সভাৰ জন্ম হয়। এই সভাই অসমৰ মুখ্য সচিবৰ জৰিয়তে ৰাজকীয় কানি আয়োগলৈ স্মাৰক পত্র প্রদান কৰে। এই পত্রযোগে কানিৰ একাধিক উপকাৰিতা বিৱৰি চৰকাৰৰ কানি নীতিৰ পৰিৱৰ্তন বা কানি নিবাৰণৰ প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল।
২। আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কার্যসূচী কি আছিল? HSLC ’20
উত্তৰঃ পদ্মনাথ গোঁহাঞিবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভা প্রতিতষ্ঠত হয়। এই সভাৰ ৰাজনৈতিক দাবী আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্রদায়ৰ মৰ্যাদা প্রদান কৰি তেওঁলোকৰ বাবে বিধানসভাৰ আসন সংৰক্ষণ কৰিব লাগে আৰু পৃথক সমষ্টি গঠন কৰিব লাগে।
৩। আছাম এছ’চিয়েছনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়সমূহ কি আছিল?
উত্তৰঃ আছাম এছ’ছিয়েচনে ব্ৰিটিছ চৰকাৰৰ ওচৰত উত্থাপন কৰা বিষয়বোৰ আছিল: (ক) স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰা।
(খ) বর্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰা।
(গ) পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল ব’ৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰা।
(ঘ) শিক্ষাৰ দিশত অসমক আসাম এছ’ছিয়েচনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন কৰা।
ৰচনাধৰ্মী প্রশ্নোত্তৰঃ
১। অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। HSLC ’22
উত্তৰঃ কলিকতাত অধ্যয়নৰত কিছুমান অসমীয়া ছাত্ৰৰ উদ্যোগত ১৮৮৮ চনত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ই জন্ম লাভ কৰে। এই সভা স্থাপনৰ উদ্যোক্তা আছিল হেমচন্দ্র বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, কনকলাল বৰুৱা, ৰমাকান্ত বৰকাকতি আদি ব্যক্তিসকল। এই সভাৰ মূল উদ্দেশ্য আছিল নিম্ন ৰূপঃ
(ক) অসমীয়া ভাষাক এক স্বতন্ত্র ভাষা হিচাপে মর্যদা দিয়া আৰু প্ৰতিষ্ঠা কৰা।
(খ) অসমীয়া ভাষা সাহিত্যৰ বিকাশ ঘটোৱা।
(গ) অসমীয়া ভাষাৰ এক বিজ্ঞানসন্মত ব্যাকৰণ প্রনয়ণ কৰা।
(ঘ) অসমীয়া ভাষাৰ এক অভিধান ৰচনা কৰা।
(ঙ) অসমত জাতীয়তাবাদৰ বিকাশ কৰা।
‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ উদ্যোগত হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ প্ৰথম বিজ্ঞানসন্মত অভিধান ‘হেমকোষ’ প্রনয়ণ কৰে। সেইদৰে সত্যনাথ বৰাদেৱেৰ ‘বহল ব্যাকৰণ’ ৰচনা কৰি অসমীয়া ভাষাৰ আখৰ জোঁটনি, বাক্য গঠন আদিৰ দিশত অসমীয়া ভাষা যে বাংলা ভাষাৰ অপভ্রংশ নহয় তাৰ প্ৰমাণ দাঙি ধৰে। এই সভাৰ নেপথ্যত থকা ব্যক্তিসকলেই ১৮৮৯ চনত ‘জোনাকী’ নামৰ এক আলোচনী উলিয়াই অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত এক সোণালী যুগৰ উদ্ভোধন কৰে।
‘অঃ ভাঃ উঃ সাঃ সভা’ৰ প্ৰচেষ্টাত এই সভাৰ বহুতো উপশাখা অসমৰ ভিন ভিন ঠাইত প্রতিষ্ঠা হয়। বহুতো অসমীয়া যুৱকে কলিকতাত শিক্ষা সাং কৰি অসমলৈ ঘুৰি আহি কোহিমা, তেজপুৰ, ডিব্ৰুগড়, শিৱসাগৰ, নগাওঁ যোৰহাট, বৰপেটা গোৱালপাৰা, গুৱাহাটী আদি ঠাইত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ শাখা গঠনত অগ্রগণী ভূমিকা গ্রহণ কৰি অসমীয়া ভাষাক স্বতন্ত্র ভাষা হিচাপে প্রতিষ্ঠাত উদ্যোগ গ্রহণ কৰে।
২। আসাম এছ’চিয়েচনৰ ব্ৰিটিছ শাসনাধীন অসমত সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। HSLC ’17
উত্তৰঃ অসমত ঊনবিংশ শতিকাৰ পৰা নতুন আৰ্হিৰ সামাজিক-ৰাজনৈতিক সংস্থা তথা সংগঠনৰ জন্ম হয়। এনে সংগঠনসমূহৰ ভিতৰত “আসাম এছোছিয়েচন” আছিল অন্যতম। এই সংগঠনটো ১৮৬৭ চনত গুৱাহাটীৰ চৰকাৰী ইংলিছ ছেমিনাৰী প্রাঙ্গনত এখন ৰাজহুৱা সভাত জন্ম দিয়া হৈছিল। ইয়াৰ সভাপতি আছিল ৰজা কন্দপেশ্বৰ সিংহ আৰু সম্পাদক আছিল গংগাগোবিন্দ ফুকন।
এই এছোছিয়েচনৰ দ্বিতীয় সম্মিলন হৈছিল ১৮৮০ চনত আৰু তৃতীয় সম্মিলন ১৮৮২ চনত অনুষ্ঠিত হৈছিল। পিছৰ দুয়োখন সন্মিলনত সভাপতিত্ব কৰিছিল ডাঙৰীয়া দীননাথ বেজবৰুৱাই। ইয়াৰ পিছত আসাম এছোচিয়েছনৰ বহু বছৰ নিষ্ক্রিয় হৈ আছিল।
পুনৰ ১৯০৩ চনত এই এছোচিয়েছনৰ আবির্ভার হয়। আসাম এছোচিয়ে ছনক ইংৰাজসকলৰ অনুগত অনুষ্ঠান ৰূপে গঢ়ি তোলা হৈছিল। ই চৰকাৰৰ সহযোগত অসমত স্থানীয় স্থায়ত্ব শাসন গঢ়ি তোলা, নগৰ পালিকাৰ উন্নয়ন সাধন কৰা, শিক্ষিত যুৱকৰ বাবে চৰকাৰী বিভাগ তথা দপ্তৰত অধিক কর্মসংস্থাপনৰ ব্যৱস্থা কৰা, আধুনিক শিক্ষানুষ্ঠান স্থাপন কৰা, যুৱকসকলৰ মাজত শিল্প আৰু ব্যৱসায় বাণিজ্যত অংশ গ্ৰহণৰ বাবে প্ৰচাৰ চলোৱা, অসমীয়া ভাষা সাহিত্যৰ উন্নয়ন সাধন কৰা আদি কাৰ্য ৰূপায়ণ কৰাত মনোনিবেশ কৰিছিল।
১৯১৭ চনত শিৱসাগৰত বহা আসাম এছোচিয়েছনৰ অধিবেশনত সভাপতি সত্যনাথ বৰাই পোন প্রথমবাৰৰ বাবে অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল।
৩। স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। HSLC ’20
উত্তৰঃ ১৯০৫ চনত ভাৰতৰ ভাইচৰয় লর্ড কাৰ্জনৰ বংগভংগ আঁচনিৰ প্রতিবাদ স্বৰূপে আন্দোলন আৰম্ভ হয়। অসমৰ তেজপুৰ, ধুবুৰী, বৰপেটা আদি বিভিন্ন ঠাইত বিদেশী বস্তু বৰ্জনৰ সপক্ষে প্রতিবাদী সভা অনুষ্ঠিত হৈছিল। বিভিন্ন সম্প্ৰদায়ৰ লোকে এই প্রতিবাদী সভাসমূহত অংশ গ্রহণ কৰিছিল। বিদেশী বস্ত্ৰ আৰু সামগ্রী বর্জন, জাতীয় শিক্ষানুষ্ঠান স্থাপন আৰু থলুৱা সামগ্ৰীৰ ব্যৱহাৰ স্বদেশী আন্দোলনৰ মুখ্য বিষয় আছিল। বংগদেশতকৈ ব্রহ্মপুত্র উপত্যকাত এই আন্দোলন পৃথক আছিল। সেই সময়ত অসমৰ জনসাধাৰণে নিমখৰ পৰিৱৰ্তে খাৰ, বিদেশী চেনিৰ সলনি বেনাৰসৰ চেনি আৰু বিদেশী বস্ত্ৰৰ পৰিৱৰ্তে থলুৱা বস্ত্ৰ ব্যৱহাৰ কৰিছিল।
৪। অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল?
নাইবা
অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত হৈছিল আলোচনা কৰা। HSLC ’16
উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিবেশনত ১৯২০ চনত অসহযোগ আন্দোলনৰ সিদ্ধান্ত গ্রহণ কৰা হয়। চৰকাৰৰ সৈতে সহযোগ নকৰি চৰকাৰক ব্যর্থ কৰাটোৱেই আছিল এই আন্দোলনৰ প্রধান উদ্দেশ্য। মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলন দ্রুতবেগত সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰ লাভ কৰে।
অসম ছাত্র সম্মিলনে সক্রিয়ভাবে এই আন্দোলনত যোগদান কৰে। অসহযোগ আন্দোলনত যোগদান কৰা অসমৰ প্ৰধান নেতাসকল আছিল গোপীনাথ বৰদলৈ, তৰুন ৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, মহম্মদ তৈয়বুল্লা, বিষ্ণুৰাম মেধি, নিধিৰাম দাস, কুলধৰ চলিহা আৰু অন্যান্য বহুতো।
অসমৰ চাহ বাগিছাৰ শ্রমিক আৰু জনজাতিসমূহেও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰিছিল। উত্তৰ কামৰূপৰ বাক্সা আৰু দক্ষিণ কামৰূপৰ বকো অঞ্চলৰ বড়ো-কছাৰী জনজাতিৰ কৃষকসকলে অসহযোগৰ লগত খাজনা বন্ধ আন্দোলনৰ সূচনা কৰিছিল।
অৱশ্যে অসহযোগ আন্দোলন চলি থকা সময়তে উত্তৰ প্ৰদেশৰ চৌৰীচৌৰাত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে ১২ ফেব্ৰুৱাৰীৰ দিনা অসহযোগ আন্দোলন বন্ধ কৰে।
৫। আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
নাইবা
মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা। HSLC ’17
উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯৩০ চনৰ ১২ মার্চত লোণ আইন ভংগ কৰি ‘আইন অমান্য আন্দোলন’ শুভাৰম্ভ কৰে। অলপ দিনৰ ভিতৰতে এই আইন অমান্য আন্দোলন সমগ্ৰ ভাৰতবৰ্ষতে বিস্তাৰ লাভ কৰে।
অসমৰ ছাত্ৰসকলে আইন অমান্য আন্দোলনত সক্রিয়ভাবে অংশ গ্রহণ কৰিছিল। ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ ভাৰতৰ লগতে অসমতো পূর্ণ স্বাধীনতা বা স্বৰাজ দিৱস পালন কৰা হয়। গুৱাহাটীৰ জুবুলী পাৰ্কত তৰুন ৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, সিদ্ধিনাথ শর্মা আদি নেতাসকলৰ লগত ছাত্রসকলেও মিলিত হৈ আইন অমান্য আন্দোলনৰ কাৰ্যসূচীত অংশ গ্রহণ কৰিছিল। সিদ্ধিনাথ শৰ্মা, অমিয় কুমাৰ দাস আদি নেতাই সমগ্র অসমতে আন্দোলনৰ কাৰ্যসূচী বিয়পাই দিছিল। মহিলাসকলেও এই আন্দোলনত যোগদান কৰিছিল। চন্দ্ৰপ্রভা শইকীয়ানী এই আন্দোলন সিঁচৰতি কৰাত আগভাগ লৈছিল।
১৯৩০ চনৰ ৫ মে তাৰিখে চৰকাৰে মহাত্মা গান্ধীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত আইন অমান্য আন্দোলন জোৰদাৰ কৰি তুলিছিল। ছাত্ৰসকলে আইন অমান্য আন্দোলনত যোগদান কৰা লক্ষ্য কৰি অসমৰ শিক্ষাধিকাৰ কানিংহামে এখন নির্দেশনামা জাৰি কৰিছিল। এই নির্দেশ অনুসৰি তেওঁ ছাত্ৰসকলৰ অভিভাৱকৰ পৰা এখন লিখিত প্রতিশ্রুতি বিচাৰিল এই বুলি যে তেওঁলোকৰ সন্তানে আন্দোলনত যোগদান নকৰি শিক্ষা বিভাগৰ নীতি-নিয়ম মানি চলিব। এই নির্দেশনামৰ প্রতিবাদত ছাত্র সকলে নতুন উদ্যমেৰে আন্দোলনত যোগদান কৰিছিল।
এনেদৰে আইন অমান্য আন্দোলনত অসমে এক বিশেষ ভূমিকা গ্রহণ কৰিছিল।
৬। অসমত ভাৰত ত্যাগ আন্দোলনৰ কার্যাবলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
নাইবা
ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্পর্কে আলোচনা কৰা। HSLC ’15, 19, 23
উত্তৰঃ ১৯৪২ চনৰ ৮ আগষ্টত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ বুম্বাই অধিবেশনত ঐতিহাসিক ‘ভাৰত ত্যাগ’ প্রস্তাৱ গ্ৰহণ কৰা হয়। গান্ধীজীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনত সমগ্র দেশতে বিয়পি পৰে। চৰকাৰ সন্ত্রস্ত হৈ গান্ধীজী, নেহৰু, আজাদ আদি প্রধান নেতাসকলক গ্ৰেপ্তাৰ কৰি কাৰাৰুদ্ধ কৰি থয়। কেন্দ্রীয় নেতাসকল কাৰাৰুদ্ধ হোৱাত জনসাধাৰণে এই আন্দোলন তীব্ৰতৰ কৰি তোলে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো এই আন্দোলন বিয়পি পৰে।
অসমত গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শর্মাক পুলিছে আটক কৰে। অৱশ্যে কিছুসংখ্যক নেতা যেনে-মহেন্দ্র মোহন চৌধুৰী, শংকৰ বৰুৱা, বিমলা প্রসাদ চলিহা, ব্ৰজ শৰ্মা আদিয়ে পুলিচৰ চকুত ধূলি দি আত্মগোপন কৰি থাকি গোপনে আন্দোলন ব্যাপক কৰি তোলে।
আন্দোলনকাৰীসকলে কামৰূপ, দৰং, নগাওঁ, শিৱসাগৰ আদি ঠাইত টেলিফোন সংযোগ ব্যবস্থা বিচ্ছিন্ন কৰে আৰু বহুতো ঠাইত বেল লাইন উঠাই দিয়ে। বহুতো ঠাইৰ সামৰিক ঘাটিবোৰত অগ্নি সংযোগ কৰি লুট-পাট কৰে। চৰকাৰে এই ভাৰত ত্যাগ আন্দোলন ব্যর্থ কৰিবলৈ আন্দোলনকাৰীসকলৰ ওপৰত লাঠি চালনা, গুলিচালনা, গ্রেপ্তাৰ, হত্যা আদি দমনমূলক কাৰ্যসূচী গ্ৰহণ কৰিছিল। এনেদৰে ভাৰত ত্যাগ আন্দোলনত অসমে এক বলিষ্ঠ ভূমিকা গ্রহণ কৰিছিল।
৭। বৰদলৈ মন্ত্ৰী সভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। HSLC ’18
উত্তৰঃ ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্রেছ দলে জয়ী হৈ দলৰ নেতা গোপীনাথ বৰদলৈ অসমৰ প্রথমজন প্রধানমন্ত্রী (মুখ্যমন্ত্রী) হয়। তেখেতৰ দিনত অসমত উচ্চ শিক্ষাৰ কেইবাটাও অনুষ্ঠানৰ জন্ম হয়। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমানৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল।
অসম কৃষি বিশ্ববিদ্যালয়: ১৯১৩ চনত কৰিমগঞ্জত আৰু ১৯২৩ চনত তিতাবৰত কৃষি গৱেষণা কেন্দ্র প্রতিষ্ঠা হয় আৰু ইয়াৰ লগে লগে অসমত কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভণি হোৱা বুলি ক’ব পাৰি। যদিও এই কেন্দ্রসমূহে গৱেষণা আৰু প্রশিক্ষণ অবিৰামভাৱে চলাই আছিল তথাপি এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়ে ১৯৪৮ চনত নগাওঁত ‘অসম পহু মহাবিদ্যালয়’ আৰু যোৰহাটত ‘অসম কৃষি মহাবিদ্যালয়’ প্রতিষ্ঠা কৰা হয়। এই দুয়োখন মহাবিদ্যালয় সামৰি ১৯৬৯ চনত ‘অসম কৃষি বিশ্ববিদ্যালয়’ স্থাপিত হয়।
অসম চিকিৎসা মহাবিদ্যালয়: উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হয় ডিব্ৰুগড়ত। ১৯০০ চনত ড’জন বেৰী হোৱাইটৰ ৫০,০০০ টকাৰ অনুদানেৰে বেৰী হোৱাইট মেডিকেল কলেজ স্থাপন হৈছিল। তেওঁ আছিল লক্ষীমপুৰ জিলাৰ চিভিল চার্জন। ১৯১০ চনত এই চিকিৎসালয়খনলৈ ইংলণ্ডৰ পৰা দুটা এক্সৰে মেচিন আমদানি কৰা হৈছিল। ইয়াৰ লগে লগে তাত ৰেডিঅ’লজি বিভাগ আৰম্ভ হৈছিল। স্বাধীনতাৰ পিছত ১৯৪৭ চনৰ ৩ নৱেম্বৰত এই বিদ্যালয়খনক আনুষ্ঠানিকভাৱে ‘অসম চিকিৎসা মহাবিদ্যালয়’ নামে নামাকৰণ কৰা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ঃ ১৯১৭ চনৰ ডিচেম্বৰ মাহত শিৱসাগৰত অনুষ্ঠিত হোৱা আছাম এছ’ছিয়েচনৰ বাৰ্ষিক অধিবেশনত অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজহুৱা দাবী উত্থাপন কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়।
৮। চমু টোকা লিখাঃ যোৰহাট সার্বজনিক সভাৰ লক্ষ্য আৰু উদ্দেশ্য HSLC ’18
উত্তৰঃ ১৮৮৪ চনত যোৰহাটত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সার্বজনকি সভা গঠন কৰা হয়। এই সার্বজনিক সভাৰ মুখ্য উদ্দেশ্য আছিল-
(ক) দেশৰ শাসক আৰু শাসিতৰ মাজত সু সম্পর্ক বজাই ৰখা।
(খ) চৰকাৰৰ সৈতে যোগসূত্র স্থাপন কৰি জনসাধাৰণৰ ইচ্ছা-আকাংক্ষা চৰকাৰৰ দৃষ্টিগোচৰ কৰা।
(গ) জনসাধাৰণৰ ইচ্ছা আকাঙ্খা পূৰণৰ চেষ্টা কৰা।
(ঘ) চৰকাৰৰ নীতি আৰু উদ্দেশ্য জনসাধাৰণৰ মাজত প্ৰচাৰ কৰা।
(ঙ) জনসাধাৰণৰ অসুবিধা আৰু দুখ-কষ্ট লাঘর কৰাৰ চেষ্টা কৰা।
দৰাচলতে যোৰহাট সার্বজনিক সভাখন আছিল দেশীয় চাহ খেতিয়ক, উকিল-মুক্তিয়াৰ, মাৰোৱাৰী আৰু বঙালী বণিকসকলৰ এক প্রতিনিধিত্বমূলক সংগঠন।
৯। ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? HSLC ‘17,19
উত্তৰঃ উনৈশ শতিকাৰ শেষৰ পিনে অসমৰ কৃষকসকলৰ বিভিন্ন সমস্যা সমাধানকল্পে বিভিন্ন ঠাইত ৰায়ত সভা গঢ়ি উঠে, যথা-
তেজপুৰ ৰায়ত সভা: ১৮৮৪-৮৫ চনত দৰঙত ‘তেজপুৰ ৰায়ত সভা’ৰ সংগঠন গঢ়ি উঠে। এই ৰায়ত সভাসমূহ গঠন কৰাত মধ্যবিত্ত শ্ৰেণীৰ লোকে আগভাগ লৈছিল। এই ৰায়ত সভাৰ মূখ্য উদ্দেশ্য আছিল চৰকাৰে বৃদ্ধি কৰা ভূমি ৰাজহৰ প্রতিবাদ কৰা।
(চ) নগাওঁ ৰায়ত সভা: ১৮৮৬-৮৭ চনত নগাওঁত ‘নগাওঁ ৰায়ত সভা’ৰ সংগঠন গঢ়ি উঠে। এই ৰায়ত সভাৰো মূখ্য উদ্দেশ্য আছিল চৰকাৰে বৃদ্ধি কৰা ভূমি ৰাজহৰ বিৰোধীতা কৰা।
(ছ) অসম ৰায়ত সভা: ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমুদায় ৰায়ত সভাক নেতৃত্ব দিয়াৰ লক্ষ্যৰে ‘অসম ৰায়ত সভা’ সংগঠন গঢ়ি হয়। ক্ষমতা আৰু কৰ্ম আঁচনি নির্ধাৰণৰ ফালৰ পৰা অসম ৰায়ত সভা এক সর্বোচ্চ সংগঠন আছিল।
(জ) আহোম সভা: আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, সামাজিক, অর্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি দিশৰ উন্নতি সাধন কৰাৰ লক্ষ্যৰে ১৮৯৩ চনত পদ্মনাথ গোঁহাই বৰুৱা আৰু আন কেইজনমান শিক্ষিত লোকৰ প্ৰচেষ্টাত ‘আহোম সভা’ (আহোম এছোচিয়েছন) ৰ জন্ম হয়। এই সভাৰ প্রথম সম্পাদক আছিল পদ্মনাথ গোঁহাই বৰুৱা। তেওঁৰ নেতৃত্বত এই সভা ১৯৪৫ চনলৈকে বর্তি আছিল। এই সভাই আহোম জনগোষ্ঠীৰ মাজত প্রচলিত কানিৰ ব্যৱহাৰ নাশ কৰিবলৈ চেষ্টা কৰিছিল।
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ):
প্রশ্ন: আছাম এছচিয়েছনৰ প্ৰথমখন অধিবেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল?
(ক) শিৱসাগৰত
(গ) ডিব্রুগড়ত
উত্তৰঃ (গ)
(খ) যাৰেহাটত
(ঘ) গোলাঘাটত
প্রশ্নঃ অসমত বাংলা ভাষা কেতিয়াৰ পৰা প্রচলন হৈছিল?
(ক) ১৮৩৫ চনৰ পৰা (খ) ১৮৩৬ চনৰ পৰা
(গ) ১৮৭২ চনৰ পৰা
(ঘ) ১৮৭৩ চনৰ পৰা
উত্তৰঃ (খ)
প্রশ্নঃ বাংলা ভাষাৰ ঠাইত অসমত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কেতিয়া হৈছিল?
(ক) ১৮৭১ চনত
(গ) ১৮৭৫ চনত
উত্তৰঃ (খ)
(খ) ১৮৭৩ চনত
(ঘ) ১৮৭৬ চনত
প্রশ্নঃ ১৮৭২ চনত সাহিত্য চর্চাৰ উদ্দেশ্যে গঠন কৰা সংগঠনটোৰ নাম কি আছিল?
(ক) জ্ঞান প্রদায়িনী সভা
(খ) অসমীয়া লিটাৰেী ছ’চাইটী
(গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(ঘ) অসম সাহিত্য সভা
উত্তৰঃ (খ)
প্রশ্নঃ তলৰ কোনজন ‘জোনাকীৰ প্ৰথম সম্পাদক আছিল?
(ক) হেমচন্দ্ৰ বৰুৱা
(খ) হেমচন্দ্র গাস্বোমী
(গ) জগন্নাথ বৰুৱা
(ঘ) চন্দ্ৰ কুমাৰ আগৰৱালা
উত্তৰঃ (ঘ)
প্রশ্নঃ ১৯০৩চনত কোনে ‘আছাম এছচিয়েছন গঠন কৰিছিল?
(ক) পদ্মনাথ গাহোঁই বৰুৱা
(খ) হেমচন্দ্র গাস্বোমী
(গ) নবীনচন্দ্ৰ বৰদলৈ
(ঘ) মাণিক চন্দ্ৰ বৰুৱা
উত্তৰঃ (ঘ)
প্রশ্ন: ১৯২১ চনৰ জুন মাহত গঠন কৰা অসম প্রদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল?
(ক) কুলধৰ চলিহা
(খ) বিষ্ণু ৰাভা
(গ) গোপীনাথ
(ঘ) বিষ্ণুৰাম মেধি।
উত্তৰঃ (ক)
প্রশ্নঃ ‘জ্ঞান প্রদায়িনী সভা’ কেতিয়া প্রতিষ্ঠা হৈছিল?
(ক) ১৮৫১ চনত
(খ) ১৮৫৭ চনত (গ) ১৭৫৮ চনত
(ঘ) ১৮৫৯ চনত
উত্তৰঃ (খ)
প্রশ্নঃ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ কেতিয়া গঠন হৈছিল?
(ক) ১৮৮১ চনত
(খ) ১৮৮১ চনত
(গ) ১৮৮৮ চনত
(ঘ) ১৮৮৯ চনত।
উত্তৰঃ (গ)
প্রশ্নঃ কোনখন সভা গঠন হোৱাৰ পৰা ৪০ বছৰ ধৰি পদ্মনাথ গোঁহাইবৰুৱাই সম্পাদক হৈ আছিল?
(ক) সদৌ অসম ৰায়ত সভা
(খ) অসম ছাত্র সম্মিলন।
(গ) অসমীয়া ভাষা উন্নতি সাধিনী সভা
(ঘ) আহামে সভা
উত্তৰঃ (ঘ)
প্রশ্নঃ অসম ছাত্র সম্মিলনৰ মুখ্যপত্ৰখনৰ নাম কি আছিল?
(ক) মিলন
(খ) বাগ্মী
(গ) স্বদেশ
(ঘ) বাঁহী
উত্তৰঃ (ক)
প্রশ্নঃ আছাম এছচিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল?
(ক) শিৱসাগৰত
(গ) ডিব্ৰুগড়ত
(খ) যাৰেহাটত
(ঘ) গালোঘাটত
উত্তৰঃ (গ)
প্রশ্ন: অসমৰ প্ৰথম প্রধানমন্ত্রীৰূপে কাক নিৰ্বাচন কৰা হৈছিল?
(ক) আকবৰ হাইদৰী
(খ) গোপীনাথ বৰদলৈ
(গ) নবীন চন্দ্ৰ বৰদলৈ
(ঘ) আনোৱাৰা টাইমুৰ
উত্তৰঃ (খ)
প্রশ্নঃ ‘অসম ছাত্র সম্মিলন’ কেতিয়া গঠন হৈছিল? HSLC ’24
(ক) ১৯১১ চনত
(খ) ১৯১৩ চনত
(গ) ১৮১৬ চনত
(ঘ) ১৯২১ চনত
উত্তৰঃ (গ)
প্রশ্নঃ সদৌ অসম ৰায়ত সভা’ কোন চনত গঠন কৰা হৈছিল?
(ক) ১৯২৫ চনত
(খ) ১৯৩৩ চনত
(ঘ) ১৯৩৬ চনত
(গ) ১৯৩৫ চনত
উত্তৰঃ (খ)
প্রশ্নঃ যাৰেহাট সার্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল?
(ক) পদ্মনাথ গোহাঞি বৰুৱা
(খ) জগন্নাথ বৰুৱা
(গ) মাণিক চন্দ্ৰ বৰুৱা
(ঘ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰঃ (খ)
প্রশ্নঃ উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন কৰা হৈছিল? HSLC ’24
(ক) গুৱাহাটীত
(খ) শিলচৰত
(গ) যোৰহাটত
(ঘ) ডিব্ৰুগড়ত
উত্তৰঃ (ঘ)