Join WhatsApp

Join Now

Join Telegram

Join Now

What is a উগাণ্ডা । Uganda Country in Assamese

By Nzmina Begum

Published On:

What is a উগাণ্ডা । Uganda Country in Assamese

What is a উগাণ্ডা । Uganda Country in Assamese

পূব আফ্ৰিকাৰ নিৰক্ষীয় অঞ্চলৰ দেশ। দেশখনৰ উত্তৰে ছুডান; পূবে কেনিয়া; দক্ষিণে টাঞ্জিয়া; দক্ষিণ-পশ্চিমে ৰুৱাণ্ডা আৰু পশ্চিমে জাইৰে।

দেশখনৰ পশ্চিম অংশ পৰ্বতময়; উত্তৰ অংশ শুকান; অৱশিষ্ট অংশ বন আৰু তৃণভূমি। সবেৰ্বাচ্চ পৰ্বতশৃংগ মাউণ্ট মৰ্ঘেৰিটা ৫,১১০ মিটাৰ ওখ। নীল, কাফু দেশখনৰ প্ৰধান নদী।

কেইবাটাও উল্লেখযোগ্য হ্ৰদৰ বাবে উগাণ্ডা বিখ্যাত। ইয়াৰ ভিতৰত ভিক্টোৰিয়া, এডৱাৰ্ড, এলবাৰ্ট আদি উল্লেখযোগ্য। কেউটা হ্ৰদ দেশখনৰ সীমান্তত অৱস্থিত। দেশখনৰ সোঁমাজত অৱস্থিত কিয়াগো হ্ৰদ।

উগাণ্ডাৰ দক্ষিণ অংশইদি বিষুৱ ৰেখা পাৰ হৈ গৈছে। অৱশ্যে উচ্চতা বেছি হোৱা বাবে ইয়াৰ জলবায়ু ঘাইকৈ নাতিশীতোষ্ণ। বাৰ্ষিক গড় উষ্ণতা দক্ষিণ অংশ ১২-১৩ ডিগ্ৰী চেলছিয়াছ। বাৰ্ষিক গড় বৃষ্টিপাত ৫০ চেণ্টিমিটাৰ।

দেশখনৰ মুঠ মাটিকালিৰ  ২৩.৩ শতাংশ অৰণ্যাঞ্চল। ইয়াৰ বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তুৰ ভিতৰত জেব্ৰা, হাতী, বনৰীয়া, ম’হ, এণ্টিলোপ, কুম্ভীৰ, জলহস্তী আদি প্ৰধান। কিন্তু ক্ৰমাগত অৰণ্য হনন আৰু প্ৰদূষণৰ বাবে দেশখনত অৰণ্য আৰু বন্যপ্ৰাণী ক্ৰমশঃ হ্ৰাস হৈ আহিছে।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment