Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়াত অসম সাহিত্য সভাৰ বিষয় বিশেষ আলোচনা

By Nzmina Begum

Published On:

অসমীয়াত অসম সাহিত্য সভাৰ বিষয় বিশেষ আলোচনা

অসমীয়াত অসম সাহিত্য সভাৰ বিষয় বিশেষ আলোচনা

‘অসম সাহিত্য সভা’ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে গঠিত অসমৰ এক বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান। 1917 চনৰ 26 ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়।

তেতিয়া ইয়াৰ নাম আছিল ‘সদৌ আসাম সাহিত্য সন্মিলনী’। 1924 চনৰ 5 মে’ত ই ‘আসাম সাহিত্য সভা’ হিচাপে পঞ্জীয়ন ভুক্ত হয় আৰু 1944 চনত সভাৰ নাম ‘অসম সাহিত্য সভা’ কৰা হয়।

অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি তথা, অসমৰ থলুৱা ভাষা-সাহিত্য, সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাই হ’ল অসম সাহিত্য সভাৰ উদ্দেশ্য।

অসম সাহিত্য সভাৰ বৰ্তমানৰ প্ৰতীকটো 1960 খ্ৰীষ্টাব্দৰ 28 অক্টোবৰত গ্ৰহণ কৰা হয়। প্ৰতীকটো আঁকিছিল শিল্পী যুগল দাসে। প্ৰতীকটো এনেধৰণৰ– এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ লিখা আছে, তলত এটি ঠগা। ঠগাৰ তলৰ ভূমিত ‘অসম সাহিত্য সভা’ লিখা আছে।

লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘অসম সংগীত’তৰ প্ৰথম স্তৱকটি সভাৰ পতাকা-উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। মিত্ৰদেৱ মহন্ত ৰচিত ‘চিৰ  চেনেহী মোৰ ভাষা জননী’ গীতটি সভাৰ অনুষ্ঠানৰ আৰম্ভণী গীত হিচাপে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি সভাৰ সামৰণী গীত হিচাপে ব্যৱহাৰ কৰা হয়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment