Join WhatsApp

Join Now

Join Telegram

Join Now

[100+ Latest] অসমৰ যোগাযোগ কুইজ Assam Communication Quiz

By Nzmina Begum

Published On:

অসমৰ যোগাযোগ কুইজ Assam Communication Quiz

[100+ Latest] অসমৰ যোগাযোগ কুইজ Assam Communication Quiz

আজি আমি অসমৰ যোগাযোগ কুইজ Assam Communication Quizৰ বিষয় আলোচনা কৰিম। যোগাযোগ মানুহৰ জীৱনৰ অতি প্ৰয়োজনীয় অংশ। অসমত বহু পৰম্পৰাগত আৰু আধুনিক যোগাযোগ ব্যৱস্থা আছে। যোগাযোগৰ মাধ্যমৰ বিষয়ে জানিবলৈ কুইজ সহায়ক। শিক্ষাৰ্থীয়ে এই কুইজৰ দ্বাৰা সঠিক তথ্য আহৰণ কৰিব পাৰে।

তলত কিছুমান অসমৰ যোগাযোগ কুইজ উল্লেখ কৰা হল।

প্রশ্নঃ অসমৰ মূল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো?

উত্তৰঃ ৰাষ্ট্ৰীয় পথ নং ৩১।

প্রশ্নঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয় ক’ত?

উত্তৰঃ গুৱাহাটীৰ মালিগাঁৱত।

প্রশ্নঃ অসমত কেতিয়া আধুনিক যোগাযোগ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ পৰা।

প্রশ্নঃ অসমত কেতিয়া প্ৰতিষ্ঠা হৈছিল ৰাষ্ট্ৰীয় ঘাইপথ ?

উত্তৰঃ ১৮৬৬ চন।

প্রশ্নঃ গুৱাহাটী আৰু শিলচৰ মাজৰ পথ সংযোগ কেতিয়াৰ পৰা আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৭৭ চন।

প্রশ্নঃ অসমত কোনে প্ৰথমে ৰে’ল যোগাযোগ আৰম্ভ কৰিছিল?

উত্তৰঃ ৰেলৱে আৰু বাণিজ্যিক কোম্পানী।

প্রশ্নঃ অসমত কেতিয়া শিপিং আৰম্ভ হয়?

উত্তৰঃ ১৮৪৭ চন।

প্রশ্নঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ ডিজাইন আৰু পৰিকল্পনা কোনে কৰিছিল?

উত্তৰঃ এ বি চি গাংগুলী।

প্রশ্নঃ অসমৰ প্ৰথম বিমানৰ পাইলট কোন আছিল?

উত্তৰঃ মহানন্দ দাস।

প্রশ্নঃ ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত থকা শৰাইঘাট দলংখন কোনে উদ্বোধন কৰিছিল?

উত্তৰঃ জৱাহৰলাল নেহৰু (১৯৬২)।

প্রশ্নঃ ‘ডিব্ৰুগড় ৰে’লৱে কৰ্মশালা’ কেতিয়া নিৰ্মাণ কৰা হৈছিল? উত্তৰঃ ১৮৮১ চন।

প্রশ্নঃ শৰাইঘাট দলং কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰঃ ১৯৬৩ চন।

প্রশ্নঃ অসমৰ মুঠ পথৰ দৈৰ্ঘ্য কিমান?

উঃ ২০৪৪ কিলোমিটাৰ।

প্রশ্নঃ এ এছ আৰ টি চিৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ অসম ৰাজ্যিক পথ পৰিবহণ নিগম।

প্রশ্নঃ এন এফ আৰ ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ উত্তৰ-পূব সীমান্ত ৰেলৱে।

প্রশ্নঃ গুৱাহাটীত কেতিয়া প্ৰথম ব্ৰডগেজ স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৯৮৪ চনৰ ২৪ এপ্ৰিল। অসমৰ যোগাযোগ কুইজ

প্রশ্নঃ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মিত দ্বিতীয়খন দলং কোনখন?

উত্তৰঃ কলিয়া-ভেমোৰা দলং।

প্রশ্নঃ ছিলচৰ বিমানবন্দৰ ক’ত অৱস্থিত?

উত্তৰঃ কুম্ভীৰগ্ৰামত।

প্রশ্নঃ অসমৰ কামৰূপ জিলাৰ বিমানবন্দৰটোৰ নাম কি?

উত্তৰঃ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

প্রশ্নঃ অসমত কিমান বিমানবন্দৰ আছে ?

উত্তৰঃ ৬ টা।

প্রশ্নঃ ডিব্রুগড় জিলাত বিমানবন্দৰটো ক’ত অৱস্থিত?

উত্তৰঃ মোহনবাৰীত।

প্রশ্নঃ অসমত কোন বছৰত ৰেলপথ স্থাপন কৰা হৈছিল?

উত্তৰঃ ১৮৮৫ চন।

প্রশ্নঃ শোণিতপুৰ জিলাৰ বিমানবন্দৰটো ক’ত অৱস্থিত?

উত্তৰঃ শালনী।

প্রশ্নঃ লখিমপুৰ জিলাত বিমানবন্দৰটো ক’ত অৱস্থিত?

উত্তৰঃ লীলাবাৰী।

প্রশ্নঃ যোৰহাট জিলাত বিমানবন্দৰটো ক’ত অৱস্থিত?

উত্তৰঃ ৰ’ৰইয়া।

প্রশ্নঃ অসমত কেতিয়া টেলিফোন আৰু টেলিগ্ৰাফ সেৱা আৰম্ভ হৈছিল?

উত্তৰঃ ১৮৬৬ চন।

প্রশ্নঃ অসমৰ ক’ত ৰে’ল ইঞ্জিন মেৰামতি কৰা হয়?

উত্তৰঃ ডিব্ৰুগড় আৰু বঙাইগাঁৱত।

প্রশ্নঃ অসমৰ আটাইতকৈ ব্যস্ত ৰেল ষ্টেচন কোনটো?

উত্তৰঃ জাতিংগা।

প্রশ্নঃ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ কোনটো?

উত্তৰঃ অসমৰ কামৰূপ জিলাৰ গোপীনাথ বৰদলাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

You May Like:

সামৰণি:

অসমৰ যোগাযোগ ব্যৱস্থা ভাৰতৰ অন্য অঞ্চলৰ সৈতে সঁচাকৈয়েই উন্নত। কুইজৰ সহায়ত শিক্ষাৰ্থী ইয়াৰ বিষয়ে অধিক জানিব পাৰে। যোগাযোগে অসমৰ বিকাশৰ হাৰত ভূমিকা ৰাখিছে। শিক্ষাৰ্থী কুইজৰ সহায়ত নিজে পাৰদৰ্শী হ’ব পাৰে।

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

2 thoughts on “[100+ Latest] অসমৰ যোগাযোগ কুইজ Assam Communication Quiz”

Leave a Comment