Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া লোকাচাৰ Assamese folklore

By Nzmina Begum

Published On:

অসমীয়া লোকাচাৰ

অসমীয়া লোকাচাৰ Assamese folklore

(অসমীয়া লোকাচাৰ Assamese folklore) অতি পুৰণি কালৰে পৰা অসমীয়া সমাজত বিভিন্ন বিশ্বাস আৰু সংস্কাৰ জড়িত হৈ আছে। এইবোৰক কেন্দ্ৰ কৰিয়েই বহু সামাজিক প্ৰথা, লোকাচাৰ (Assamese folklore) আদিৰ উৎপত্তি হৈছে।

এইবোৰৰ ভিতৰত বিভিন্ন অশৰীৰী দেৱ-দেৱীক কৰা বিশ্বাস, গছ, অগ্নি, গৰু আদিৰ পূজা-উপাসনাই প্ৰধান। অসমীয়া সমাজত থকা এই বিশ্বাসবোৰৰ বেছিভাগেই অন্ধবিশ্বাস যদিও এইবোৰে পুৰণিকালত মানুহক একগোট কৰাত সহায় কৰিছিল।

অসমীয়া সমাজত অগ্নি আৰু গছক পবিত্ৰ জ্ঞান কৰা হয়। ধৰ্মীয় আৰু সামাজিক উৎসৱ-অনুষ্ঠানত অগ্নিৰ বিশেষ ব্যৱহাৰ আছে। সন্তান জন্মৰ পাছত মাকৰ কাষত তুঁহ-জুই আৰু গোবৰ-খুঁটিৰ জুই একেৰাহে জ্বলাই থোৱাৰ নিয়ম প্ৰচলিত।

এনে কৰিলে ভূত-প্ৰেতে সন্তানৰ অপকাৰ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। সেইদৰে জুইত সৰিয়হ দি মুখলগা ভঙা আৰু ভূত-প্ৰেত খেদোৱা হয়। তেলত ভজা পিঠা আদিও প্ৰথমবাৰ খোৱাৰ আগতে মুখ নালাগিবৰ বাবে জুইত দিয়া নিয়ম।

👉 Read Also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

2 thoughts on “অসমীয়া লোকাচাৰ Assamese folklore”

Leave a Comment