Join WhatsApp

Join Now

Join Telegram

Join Now

অসম নামৰ উৎপত্তি ইতিহাস আৰু চমু পৰিচয়

By Nzmina Begum

Published On:

অসম নামৰ উৎপত্তি ইতিহাস আৰু চমু পৰিচয় ‘অসম’ নামটোৰ উৎপত্তি সম্বন্ধে সঠিককৈ জানিব নোৱাৰি। পূৰ্বতে এই ভূখণ্ড ‘কামৰূপ‘ আৰু ‘প্ৰাগজ্যোতিষপুৰ‘ নামেৰে জনাজাত আছিল আৰু তাৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ (পূবৰ পোহৰৰ নগৰ) আছিল।

অসম নামৰ উৎপত্তি ইতিহাস আৰু চমু পৰিচয়

অসম নামৰ উৎপত্তি ইতিহাস আৰু চমু পৰিচয়

👉 Read also:

ই আজিৰ গুৱাহাটী বা তাৰ দাঁতি-কাষৰীয়া অঞ্চলক বুজায়। ত্ৰয়োদশ শতিকামানত আহোমসকলে এই ভূখণ্ড জয় কৰাৰ পাছত ‘অসম’ নামটোৰ প্ৰচলন হয়।

আহোম স্বৰ্গদেউসকলৰ দিনত ৰচিত বুৰঞ্জী, সাহিত্য, চৰিত পুথি আৰু বৈষ্ণৱ সাহিত্যত পঞ্চদশ শতিকামানৰ পৰা অছম, আছাম, অসম, আসম, আসাম, অহম, আহম, আহোম আদি শব্দৰ প্ৰচলন লক্ষ্য কৰা যায়।

অসম নামৰ উৎপত্তি সম্বন্ধে কোনো কোনো পণ্ডিতে মত পোষণ কৰে যে, এই ভূখণ্ড পৰ্বত-পাহাৰেৰে অসমান হোৱা বাবেই ইয়াৰ নাম ‘অসম’ হ’ল।

আনহাতে, এনেকুৱাও হ’ব পাৰে যে, প্ৰাকৃতিক সৌন্দৰ্যত অসমৰ সমতুল্য আৰু কোনো অঞ্চল নাই বাবে অসমৰ নাম ‘অ-সম’ হ’ল। আন কোনো কোনো পণ্ডিতৰ মতে আহোম ৰজাসকলে শাসন কৰিছিল বাবেই ‘আহোম’ শব্দটোৰ পৰা অসম হৈছে।

কিন্তু ‘অসম’ শব্দটোৰ পৰা ‘আহোম’ হৈছেনে, আহোম শব্দটোৰ পৰা অসম হৈছে, তাক সঠিককৈ ক’ত নোৱাৰি। সংস্কৃতত ‘অ-সম’ শব্দটোৰ অৰ্থ ‘যাৰ সমান কোনো নাই’ অথবা প্ৰতিদ্বন্দ্বীহীন, অদ্বিতীয়।

অৰ্থাৎ, এই ভূখণ্ডত বাস কৰা মানুহখিনিৰ সমান আৰু কোনো ক’তো নাই। ডঃ বাণীকান্ত কাকতিৰ মতেও অপৰাজেয় আৰু অদ্বিতীয় অৰ্থ বুজাবৰ বাবেহে ‘আ-ছাম’ শব্দৰ জন্ম হৈছে। টাই আৰু প্ৰাচীন আহোম ভাষাত ‘ছাম’ মানে পৰাজিত।

তাৰ লগত অসমীয়া ‘আ’ উপসৰ্গ যোগ কৰিলে হয় ‘আ-ছাম’, অৰ্থাৎ, অপৰাজেয় অথবা বিজয়ী।

পণ্ডিত বেডেন পাৱেলে তেওঁৰ ‘ইণ্ডিয়ান ভিলেজ কমিউনিটি’ নামৰ গ্ৰন্থত অসম নামটো এই ভূখণ্ডৰ আদিম জনগোষ্টী বড়োসকলৰ ‘ছো-ছাম’ শব্দৰ পৰা আহিছে বুলি কৈছে।

অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পাছৰ পৰা ‘আছাম’ আৰু ‘আসাম’ শব্দ দুটা প্ৰচলিত হয় আৰু শেষত এই ভূখণ্ড ‘অসম’ আৰু ইয়াত বাস কৰা অধিবাসীসকলক ‘অসমীয়া’ বোলা হয়।

ইংৰাজসকলেই ‘অসম’ বা ‘আসাম’ক ইংৰাজীলৈ ‘Assam‘ বুলি লিপ্যন্তৰ কৰে। বৰ্তমান অসমৰ নামটো ইংৰাজীত ‘Asom বা Axom‘ বুলিও লিখা হয়।

👉 Read also:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment