Join WhatsApp

Join Now

Join Telegram

Join Now

অসমীয়া ভাওনা মঞ্চ Assamese Bhaona Manch

By Nzmina Begum

Published On:

অসমীয়া ভাওনা মঞ্চ

অসমীয়া ভাওনা মঞ্চ Assamese Bhaona Manch

অসমৰ মঞ্চৰ ইতিহাস প্ৰাচীন আৰু ইয়াৰ এক সমৃদ্ধ পৰম্পৰা আছে। প্ৰাচীন ওজাপালি আৰু পুতলা নাচ অনুষ্ঠানেৰে অসমত মঞ্চ পৰম্পৰাৰ সূচনা হয় বুলিব পাৰি। ঘাইকৈ নামনি অসমত আজিও প্ৰচলিত ওজাপালিত ওজা আৰু চাৰি-পাঁচজনমান পালিয়ে ৰামায়ণ, মহাভাৰত, ভাগৱত, পুৰাণ আদিৰ পৌৰাণিক কাহিনী একোটা অংগী-ভংগী কৰি, নাচ, মুদ্ৰাদি সুৰ লগাই গায়। বাদ্যযন্ত্ৰ হিচাপে সাধাৰণতে কেৱল খুঁটিতাল ব্যৱহাৰ কৰা ওজাপালিয়ে গীতৰ লগতে কথোপকথন, নাচ, অংগী-ভংগী, মুদ্ৰা আদিৰে ওজাপালিয়ে একপ্ৰকাৰ নাটকত অভিনয় কৰাৰ দৰেই কৰে।

অসমত মঞ্চকলাৰ বিকাশত অহিৰণা যোগোৱা আন এক অনুষ্ঠান হ’ল পুতলা নাচ। পুতলা নাচ কেৱল অসমৰে নহয়, ভাৰতৰ বিভিন্ন ঠাইত পুৰণি কালৰে পৰা চলি থকা এক লোক-অনুষ্ঠান। এই অনুষ্ঠানত অনেক সৰু-বৰ পুতলা সাজি মঞ্চত একোটি কাহিনীৰ অভিনয় কৰোৱা হয়। মঞ্চৰ আঁৰৰ পৰা ক’লা মিহি সূতাৰ সহায়ত পুতলাৰ চাল-চলন, নাচ আদি পৰিচালনা কৰি জীৱন্ত অনুষ্ঠানৰ দৰে পুতলা নাচ দেখুওৱা হয়।

You May Like:

Nzmina Begum

Nazmina Begum is the Co-Founder and Administrator of AmarAxom.com, an educational platform serving students across Assam. Based in Nizarapar, Noonmati, Guwahati, she holds an M.A., B.Ed., and PGDCA. She is passionate about education, digital learning, and content development, working to provide quality academic resources and learning opportunities for students.

 

Leave a Comment