Join WhatsApp

Join Now

Join Telegram

Join Now

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 Political Science Chapter 7 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 Political Science Chapter 7 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 Political Science Chapter 7 Solutions

সাম্প্রতিক বিশ্বত নিৰাপত্তা Class 12 Political Science Chapter 7 Solutions

সাম্প্রতিক বিশ্বত নিৰাপত্তা  (SECURITY IN THE CONTMEPORARY WORLD)

অধ্যায় – ৭

১। অতি প্রশ্নোত্তর: (প্রত্যেকটোৰ মূল্যাংক- ১)

(ক) গোলকীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দুটা কাৰক উল্লেখ কৰা।

নাইবা

মানৱ জাতিয়ে সম্মুখীন হোৱা দুটা ভাবুকিৰ নাম উল্লেখ কৰা।

উত্তৰ: দৰিদ্ৰতা আৰু সন্ত্রাসবাদ।

(খ) কেতিয়া সন্ত্রাসবাদীয়ে ভাৰতৰ সংসদ ভবনত আক্ৰমণ কৰিছিল?

উত্তৰঃ ২০০১ চনত।

(গ) আধুনিক বিশ্বত দেখা দিয়া এটা ভয়ৰ উৎস উল্লেখ কৰা।

উত্তৰ: সন্ত্রাসবাদ।

(ঘ) ‘নিৰাপত্তা’ বুলিলে কি বুজা? H.S. ’16

উত্তৰ: ‘নিৰাপত্তা’ বুলিলে সাধাৰণতে ভাবুকি বা বিপর্যয়ক প্রতিহত কৰাৰ বাবে গ্রহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায়।

(ঙ) পৰম্পৰাগত নিৰপত্তা কৌশলৰ এটা উপাদান উল্লেখ কৰা।

উত্তৰ: ক্ষমতাৰ ভাৰসাম্য।

(চ) আণবিক শক্তি সম্পন্ন দুখন দেশৰ নাম উল্লেখ কৰা।

উত্তৰ: চীন আৰু ভাৰত।

(ছ) কেতিয়া আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রসাবাদীয়ে আক্রমণ কৰিছিল?

উত্তৰ: ২০০১ চনৰ ১১ চেপ্তেম্বত।

(জ) প্ৰব্ৰজনৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰ: দৰিদ্ৰতা।

(ঝ) ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণবিক পৰীক্ষা সম্পন্ন কৰিছিল?

উত্তৰ: ১৯৭৪ চনত।

(ঞ) The Anti-Ballistic Missile Treaty কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰঃ ১৯৭২ চনত।

(ট) অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্রণ বুলিলে কি বুজা?

উত্তৰ: অস্ত্র-শস্ত্ৰৰ উদ্ভাৱন আৰু সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰাকে ‘অস্ত্র-শস্ত্র নিয়ন্ত্রণ’ বুলি কোৱা হয়।

(ঠ) ‘নিৰাপত্তা প্রতিষ্ঠা ব্যৱস্থা’ বুলিলে কি বুজা?

উত্তৰ: নিৰাপত্তাজনিত বিষয়ত ৰাষ্ট্ৰসমূহৰ মাজত নিয়মিতভাবে তথ্য বিনিময় প্রক্রিয়াক ‘নিৰাপত্তা প্রতিষ্ঠা ব্যবস্থা’ বুলি কোৱা হয়।

(ড) ‘মৈত্রী সংঘ’ বুলিলে কি বুজা?

উত্তৰ: সামৰিক আক্রমণ প্রতিহত কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠা সামৰিক মিত্রতাকে ‘মৈত্রী সংঘ’ বুলি কোৱা হয়।

(ঢ) আভ্যন্তৰীণভাবে স্থানান্তৰিত লোক বুলিলে কি বুজা?

উত্তৰ যিবোৰ মানুহে বিভিন্ন কাৰণত বা নিৰাপত্তাহীনতাৰ বাবে দেশৰ চাৰিসীমাৰ ভিতৰত থাকি নিজৰ ঘৰ এৰি যায়, তেওঁলোকক আভ্যন্তৰীণভাবে স্থানচ্যুত লোক বুলি কোৱা হয়।

(ণ) মানবীয় নিৰাপত্তাই কি বুজায়?

উত্তৰ: মানুহক ভয়, ত্রাস, অভাৱ আদিৰ পৰা সুৰক্ষা দি মানবীয় মর্যাদা সহকাৰে জীৱন-যাপন কৰিবলৈ উপযুক্ত পৰিৱেশ দিয়া ব্যৱস্থাক ‘মানবীয় নিৰাপত্তা’ বুলি কোৱা হয়।

(ত) ভাৰতে পাৰমাণবিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্য কি?

উত্তৰ ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ প্ৰধান উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰা।

(থ) গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া।

উত্তৰ: গোলকীয় উষ্ণতা বৃদ্ধি।

(দ) কিহে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰে?

উত্তৰ: জনসংখ্যা হ্রাস আৰু উচ্চ জনমূৰি আয় বৃদ্ধিয়ে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰে।

(ধ) মানুহ কিয় প্রব্রজন কবে?

উত্তৰ: উন্নত আৰু নিৰাপদ জীবনৰ সন্ধানত মানুহে প্ৰব্ৰজন কৰে।

(ন) কেতিয়া পাৰমাণবিক অস্ত্র-নিসম্প্ৰসাৰণ চুক্তি সম্পাদিত হৈছিল?

উত্তৰঃ ১৯৬৮ চনত।

(প) প্রদূষণ কি?

উত্তৰ: প্রাকৃতিক পৰিৱেশ জীৱন-ধাৰণৰ প্ৰতিকূলে যোৱা অবস্থাকে ‘প্রদূষণ’ বুলি কোৱা হয়।

(ফ) ‘ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ চুক্তি’ত কিমানখন ৰাষ্ট্ৰই সন্মতি দিছিল?

উত্তৰঃ ১৮১ খন।

(ব) সকলো সমাজতে নিৰাপত্তাৰ ধাৰণা একেনে?

উত্তৰ সকলো সমাজতে নিৰাপত্তাৰ ধাৰণা একে নহয়।

(ভ) ৰাষ্ট্ৰসংঘৰ কোনটো সংস্থাই পাৰমাণৱিক প্রযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূর্ণ ব্যৱহাৰৰ দিশটো চোৱা-চিতা কবে? H.S. ’18

উত্তৰঃ আন্তর্জাতিক আণবিক ইন্ধন এজেন্সিয়ে।

(ম) মানৰ নিৰাপত্তাৰ যিকোনো এটা ভাবুকিৰ নাম উল্লেখ কৰা। H.S. ’17

উত্তৰঃ দৰিদ্রতা।

২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)

(ক) প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পার্থক্য কি? H.S. ’15, 17, 19

উত্তৰ: এক উন্নত জীৱন-যাপনৰ বাবে বা কর্মসংস্থান বিচাৰি মানুহে নিজৰ দেশ বা অঞ্চল এৰি অন্য অঞ্চল বা বিদেশলৈ স্থায়ীভাবে থাকিবলৈ যোৱাকে ‘প্রব্রজন’ বোলে। আনহাতে, প্রাকৃতিক দুর্যোগৰ বাবে, যুদ্ধৰ বাবে বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ পলাই যোৱা লোকক ‘শৰণাৰ্থী’ বোলে। প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিবলৈ চৰকাৰ বাধ্য নহয়। কিন্তু শৰণাৰ্থীসকলে সদায় ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰে।

(খ) পাৰস্পৰিক আৰু অপাৰস্পৰিক (পৰম্পৰাগত আৰু অপৰম্পৰাগত) নিৰাপত্তাৰ মাজত পাৰ্থক্য কি? H.S. ’14, ’20

উত্তৰ পাৰস্পৰিক নিৰাপত্তাই ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা সুচায়। ইয়াত প্ৰধানকৈ নিৰাপত্তাৰ সামৰিক দিশটো ধৰা হয়।
আনহাতে অপাৰস্পৰিক নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্রম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াবহতা আৰু ভাবুকিৰ বিৰুদ্ধে গ্রহণ কৰা নিৰাপত্তাক সামৰি লয়।

(গ) দুটা স্বাস্থ্যজনিত ভয়াবহ মহামাৰীৰ উল্লেখ কৰা।

উত্তৰ: এইচ আৰু কৰোণা ভাইৰাচ জনিত ৰোগ।

(ঘ) ভাবুকিৰ দুটা নতুন উৎসৰ উদাহৰণ দিয়া।

উত্তৰ: (১) আন্তঃর্জাতিক সন্ত্রাসবাদ আৰু

(২) গোলকীয় উষ্ণতা।

(ঙ) মানৱ অধিকাৰৰ বিভিন্ন শ্রেণীবোৰ কি কি?

উত্তৰ: মানৱ অধিকাৰৰ বিভিন্ন শ্রেণীবোৰ হ’ল-

(১) ৰাজনৈতিক অধিকাৰ,

(২) অর্থনৈতিক আৰু সামাজিক অধিকাৰ

(৩) সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক যেনে- শিশুৰ অধিকাৰ, শৰণাৰ্থীৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ আদি।

(চ) মানব অধিকাৰ বুলিলে কি বুজা?

উত্তৰ: বিশ্বত বসবাস কৰা জাতি, বর্ণ, ধর্ম, সম্প্রদায়, লিঙ্গ আদি নির্বিশেষে সকলো লোকেই মানুহ হিচাপে জীয়াই থাকিবলৈ প্রয়োজন হোৱা সুযোগ-সুবিধাকে ‘মানৱ অধিকাৰ’ বোলে।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) বহিঃ ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? H.S. ’14

উদাহৰণ দিয়া।

উত্তৰ: বহিঃ ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ চাৰিটা উপাদান হ’ল-

(১) অৱৰোধ: ইয়াৰ অৰ্থ হ’ল যুদ্ধৰ আশংকাক প্ৰতিৰোধ কৰা। এই ক্ষেত্ৰত ভাৰতৰ পাৰৰ্মাণবিক পৰীক্ষণৰ বিষয়ে উল্লেখ কৰিব পাৰি।

(২) ৰক্ষাঃ যুদ্ধক সীমিত কৰা বা সমাপ্ত কৰাক ৰক্ষা বুলি কোৱা হয়। যেনে ভাৰত আৰু চীনৰ মাজত হোৱা ১৯৬১ চনৰ যুদ্ধ।

(৩) ক্ষমতাৰ ভাৰসাম্য: প্রতিখন দেশে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰি চলিব লাগে। যেনে- ভাৰত আৰু বাংলাদেশ।

(৪) মিত্রগোট গঠন: কেইখনমান ৰাষ্ট্ৰৰ মাজত মিত্র গোট গঠন কৰি নিজৰ নিজৰ কাৰ্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত হোৱাত বাধা সৃষ্টি কৰিব পাৰি। যেনে চেন্টো, নেটো আদি।

(খ) ভাৰতৰ নিৰাপত্তা কৌশলৰ চাৰিটা উপাদান উল্লেখ কৰা। H.S. ’19

উত্তৰ: ভাৰতৰ নিৰাপত্তা কৌশলৰ চাৰিটা উপাদান হ’ল-

(১) সামৰিক দক্ষতা বৃদ্ধি কৰাটো ভাৰতৰ নিৰাপত্তা কৌশলৰ প্ৰথম উপাদান। ইয়াৰ বাবে ভাৰতে প্রয়োজনীয় যুদ্ধ জাহাজ, যুদ্ধ বিমান, সামৰিক শক্তি বৃদ্ধি, সামৰিক বাহিনীৰ আধুনিকীকৰণ আদি কাৰ্যসূচী হাতত লৈছে। (২) ভাৰতৰ নিৰাপত্তা কৌশলৰ দ্বিতীয় উপাদানটো হ’ল আন্তর্জাতিক অনুষ্ঠানসমূহ শক্তিশালী কৰি ভাৰতৰ নিৰাপত্তা সুনিশ্চিত কৰা। সেয়ে আৰম্ভণিৰ পৰাই ভাৰতে ৰাষ্ট্ৰসংঘৰ প্ৰতি আস্থা প্রদর্শন কৰি আহিছে।

(৩) তৃতীয় উপাদানটো হ’ল ভাৰতে ইয়াৰ ঐক্য আৰু সংহতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে।

(৪) ভাৰতৰ নিৰাপত্তা কৌশলৰ চতুৰ্থ উপাদান হিচাপে ইয়াৰ অৰ্থনৈতিক দিশটো উনুকিয়াব পাৰি। অর্থনৈতিক বিকাশৰ বাবে ভাৰতে পঞ্চবার্ষিক পৰিকল্পনা গ্রহণ কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি যেনে শিক্ষাৰ সম্প্ৰসাৰণ, দৰিদ্ৰতা দুঢ়ীকৰণ, উদ্যোগৰ সম্প্ৰসাৰণ, কৃষিৰ বিকাশ আদি গ্রহণ কৰিছে।

(গ) শৰণাৰ্থীৰ ওপৰত এটি টোকা লিখা।

উত্তৰ: প্রাকৃতিক দুর্যোগৰ বাবে, যুদ্ধৰ বাবে বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ পলাই যোৱা লোকসকলক ‘শৰণাৰ্থী’ বোলে। ১৯৯০ চনত সাম্প্রদায়িক সংঘৰ্ষৰ বাবে বহু কাশ্মীৰী পণ্ডিতে নিজৰ গৃহভূমি এৰি ভাৰতৰ অন্য ৰাজ্যত আশ্রয় গ্রহণ কৰিছিল। এই লোকসকলক আভ্যন্তৰীণভাবে বিতাড়িত লোক বোলা হয়।

বহু সময়ত শৰণাৰ্থীসকলৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাই মূৰ দাঙি উঠে। ফলত সিহঁতে সমগ্র জীৱনটো দুখ আৰু অভাৱৰ মাজত কটাবলীয়া হয়। বর্তমান শৰণাৰ্থী সমস্যাই আন্তজার্তিক স্তৰত এক ভাবুকিৰ সৃষ্টি কৰিছে। বিশ্বৰ বহু দেশত বহু লোক শৰণাৰ্থী হিচাপে আছে। উহদাহৰণ হিচাপে বাংলাদেশত ম্যানমাৰৰ পৰা অহা শৰণাৰ্থী। উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকৰ পৰা ইংলগুলৈ যোৱা শৰণাৰ্থী।

(ঘ) ‘মানৱ নিৰাপত্তাই ভয় আৰু অভাবৰ পৰা মুক্ত হোৱাক বুজায়’- ব্যাখ্যা কৰা।

উত্তৰ: মানুহ হিচাপে জীয়াই থকাৰ বাবে যিবোৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক অর্থনৈতিক নিৰাপত্তাৰ প্রয়োজন সেইবোৰ উপাদান স্বাভাবিকভাবে পোৱা অবস্থাকে ‘মানব নিৰাপত্তা’ বুলি ক’ব পাৰি। ভয় আৰু অভাৱৰ পৰা মুক্ত কৰাটো মানৱ নিৰাপত্তাৰ প্ৰথম চৰ্ত। কিয়নো ভয় আৰু অভাৱ- এই দুয়োটা হৈছে অন্যান্য নিৰাপত্তা উপভোগ কৰাৰ ক্ষেত্ৰত মূল অন্তৰায়। যদি মানুহে ভয় আৰু অভাৱ বা দৰিদ্ৰতাৰ মাজত থাকে তেন্তে সি কোনো অধিকাৰকে ভোগ কৰিব নোৱাৰে। অর্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক বিকাশো সম্ভব নহয়। সেয়ে মানৱ নিৰাপত্তা বুলিলে প্রথমে ভয় আৰু অভাৱৰ পৰা মুক্ত অৱস্থাক বুজোৱা হয়।

(ঙ) বিশ্ব দৰিদ্ৰতাৰ ওপৰত এটি টোকা লিখা। H.S. ’15, ’18

উত্তৰ: ৰাষ্ট্ৰ এখনত যেতিয়া কর্মসংস্থাপনৰ অভাৱ হয় বা উপাৰ্জন কৰাৰ কোনো পথ নাথাকে তেতিয়া জনসাধাৰণৰ জীৱনলৈ নামি আহে দৰিদ্ৰতা। দৰিদ্ৰতা মানৱ সমাজৰ বাবে এক অপ্রত্যাশিত অভিশাপস্বৰূপ। দৰিদ্ৰতাই মানুহক জীয়াতু ভোগায়। ইয়াৰ কৱলত পৰা সমাজ বা পৰিয়াল এটি দুবেলা দুমুঠি খাবলৈ নাপায়, পিন্ধিবলৈ কাপোৰ নাপায়, ল’ৰা-ছোৱালীক শিক্ষা দিব নোৱাৰে, বেমাৰত চিকিৎসাৰ পৰাও বঞ্চিত হয়। দৰিদ্ৰতা বৰ্তমান বিশ্বৰ এক জলন্ত সমস্যা। বিশ্বৰ মুঠ জনসংখ্যাৰ প্রায় ৪০ শতাংশ লোক দৰিদ্র-পীড়িত। মনকৰিবলগীয়া যে বিশ্বৰ দৰিদ্ৰ দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। অহা পঞ্চাশ বছৰত বিশ্বৰ জনসংখ্যা তিনিগুণলৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)

(ক) স্বাক্ষৰতাই কেনেদৰে মানৱ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে? আলোচনা কৰা।

উত্তৰ স্বাক্ষৰতাই তলত উল্লেখ কৰা ধৰণে মানৱ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। যেনে-

প্রথম, নিৰক্ষতাই মানুহৰ জীৱনলৈ নিৰাপত্তাহীনতা কঢ়িয়াই আনে। মানুহৰ জীৱনৰ পৰা নিৰাপত্তাহীনতাক আঁতৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই পোনপটীয়া ভূমিকা গ্রহণ কৰে।

দ্বিতীয়, শিক্ষাৰ জৰিয়তে কর্মসংস্থান পোৱাও সহজ। ফলত নিৰাপত্তা আহে।

তৃতীয়, ৰাজনৈতিক নেতাসকলে অশিক্ষিত লোকসকলক অভুৱা ভৰাৰ সম্ভাৱনা থাকে। শিক্ষিত লোকক নেতাসকলে সহজে ভুৱা দিব নোৱাৰে।

চতুর্থতে, শিক্ষাই মহিলাসকলক অর্থনৈতিকভাবে স্বাৱলম্বী হোৱাত সহায় কৰে। মহিলা শিক্ষিত হ’লে পৰিয়ালত সু-পৰিৱেশ স্থাপন হয়। ফলত নিৰাপত্তাৰ কাৰকবোৰৰ প্ৰতি সকলোবে সচেতন হ’ব পাৰে।

(খ) বর্তমান বিশ্বত দেখা দিয়া ভয়াবহ সন্ত্রাসবাদ দমনৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা।

উত্তৰ: সন্ত্রাসবাদ হ’ল বর্তমান বিশ্বই সম্মুখীন হোৱা এক ভয়াবহ সমস্যা। ইয়াক দমন কৰাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্রহণ কৰিব পাৰি।

যেনে-

সন্ত্রাসবাদৰ বিৰুদ্ধে প্ৰথমতে ল’ব পৰা ব্যৱস্থাটো হ’ল ইয়াৰ বিৰুদ্ধে বিশ্ব জুৰি এক জনমত গঢ়ি তুলিব লাগিব। যিসকল বাষ্ট্রই সন্ত্রাসবাদক প্রশ্রয় দিয়ে সেইবোৰ ৰাষ্ট্ৰক এনে কাৰ্যৰ পৰা বিৰত কৰিবলৈ আন্তর্জাতিক চাপ সৃষ্টি কৰিব লাগিব।

দ্বিতীয়তে, নিৰাপত্তা বাহিনীক আধুনিকীকৰণ কৰিব লাগিব যাতে সিহঁতে আধুনিক সমৰ কৌশলৰ সহায়ত সহজে সন্ত্রাসবাদৰ মোকাবিলা কৰিব পাৰে।

তৃতীয়তে, সন্ত্রাসবাদ আৰু হিংসাক নিয়ন্ত্ৰণ কৰিব লাগিলে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগিব আৰু সন্ত্রাসীসকলক নিদর্শনমূলক শাস্তি প্রদান কৰিব লাগিব।

চতুৰ্থতে, সমাজৰ পৰা সন্ত্রাসবাদ সৃষ্টিৰ কাৰকসমূহ আঁতৰ কৰিব লাগিব।

পঞ্চমতে, সন্ত্রাসবাদ নির্মূল কৰণত জনসাধাৰণে চৰকাৰক সহায়-সহযোগ কৰিব লাগিব।

ষষ্ঠতে, বিভিন্ন জাতি, গোষ্ঠী, সম্প্রদায়, ভাষা-ভাষী লোকসকলৰ মাজত মিলা-প্রীতি, সংহতি, ভাতৃত্ববোধ স্থাপন কৰিব লাগিব।

(গ) অপৰম্পৰাগত অথবা মানবীয় নিৰাপত্তা মানে কি বুজা? মানবীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা। H.S. ’13

উত্তৰ: মানুহক ভয়, ত্রাস, অভাব, আদিৰ পৰা সুৰক্ষা দি মানবীয় মর্যাদা সহকাৰে জীৱন-যাপন কৰিবলৈ উপযুক্ত পৰিৱেশ দিয়াকেই ‘মানবীয় নিৰাপত্তা’ বুলি কোৱা হয়।

মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰা উপাদানবোৰ হ’ল-

(১) অৱৰোধ: ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাৰ বাধা দিয়া। এই ক্ষেত্ৰত ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ বিষয়ে উল্লেখ কৰিব পাৰি।

(২) মিত্রগোট গঠন: মিত্রগোট হৈছে কেইখনমান ৰাষ্ট্ৰৰ সন্মিলন যিৰাষ্ট্ৰবোৰে নিজৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংগঠিত হোৱাত বাধা দিব পাৰে।

(৩) ৰক্ষাঃ যুদ্ধক সীমিত ৰখা বা ইয়াক সমাপ্ত কৰাকে ৰক্ষা বুলি কোৱা হয়।

(৪) ক্ষমতাৰ ভাৰসাম্যঃ প্রতিখন ৰাষ্ট্ৰই আন আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰি চলিব বিচাৰে।

(ঘ) প্ৰব্ৰজনকাৰী আৰু মানৱ নিৰাপত্তাৰ মাজত সম্পর্ক আলোচনা কৰা। H.S. ’16

উত্তৰ: এক উন্নত জীৱন-যাপনৰ বাবে বা কর্মসংস্থান বিচাৰি মানুহে নিজৰ দেশ বা অঞ্চল এৰি অন্য অঞ্চল বা বিদেশলৈ স্থায়ীভাবে থাকিবলৈ যোৱাকে ‘প্রব্রজন’ বোলে। দেখা যায় প্ৰব্ৰজনকাৰীসকলক ৰাষ্ট্ৰই নিৰাপত্তা দিয়াৰ বাবে বাধ্য নহয়। ফলত প্ৰব্ৰজনকাৰীসকলক লৈ বহুতো সমস্যাৰ সৃষ্টি হৈছে। উদাৰণস্বৰূপে উন্নত জীৱন যাপনৰ আশাত নেপাল, ভুটান, আফগানিস্থান, বাংলাদেশ আদি দেশৰ পৰা ভাৰতলৈ বহুতো লোকৰ প্ৰব্ৰজন ঘটিছে। ই ভাৰতৰ আৰ্থিক, সামাজিক আনকি ৰাজনৈতিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে।

যিহেতু প্ৰব্ৰজনকীৰসকলক চৰকাৰে নিৰাপত্তা দিয়াৰ বাবে বাধ্য নহয় সেয়ে সিহঁত বিভিন্ন সমস্যাৰ লগতে নিৰাপত্তৰাহীনতাত ভূগিছে। বহু সময়ত প্রব্ৰজনকাৰী আৰু স্বদেশী লোকৰ মাজত সংঘাতৰ সৃষ্টি হৈ সামাজিক শান্তি বিঘ্নিত হৈছে। কিন্তু প্ৰব্ৰজনকীৰসকলেও মানুহ। সেয়ে সিহঁতেও মানৱীয় নিৰাপত্তা পোৱাৰ অধিকাৰ আছে। ইয়াৰ বাবে ৰাষ্ট্ৰই প্ৰব্ৰজনকাৰীসকলক স্বদেশলৈ ঘূৰাই পঠাবলৈ উদ্যোগ ল’ব পাৰে। আৰু সম্ভব হ’লে স্থায়ী নাগৰিকত্ব প্রদান কৰি কৰ্মসংস্থানৰ দিহা কৰিব লাগে।

সাধাৰণতে উন্নত জীৱন যাপন, প্রাকৃতিক দুর্যোগ, যুদ্ধ বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি মানুহে অন্য ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে। প্ৰব্ৰজন ৰোধ কৰিবলৈ অর্থনৈতিক আৰু ৰাজনৈতিক সুস্থিৰতাৰ পৰিৱেশ সৃষ্টিৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে একগোট হৈ কাম কৰিব লাগে। অন্যথা প্ৰব্ৰজন সমস্যাই ভয়াবহ ভাবুকিৰ সৃষ্টি কৰিব।

(ঙ) মানবীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজৰ সম্পৰ্ক কি? চমুকৈ আলোচনা কৰা। H.S. ’17, ’20

উত্তৰ: মানুহ হিচাপে জীয়াই থকাৰ বাবে যিবোৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, অর্থনৈতিক নিৰাপত্তাৰ প্রয়োজন সেইবোৰ উপাদান স্বাভাবিকভাবে পোৱা অৱস্থাকে ‘মানৱ নিৰাপত্তা’ বুলি ক’ব পাৰি। মানবীয় নিৰাপত্তা আৰু স্বাস্থ্যৰ মাজত এক নিবিড় সম্পর্ক আছে। কিয়নো নিৰাপত্তা বিষয়টোরে মানবীয় স্বাস্থ্যকো সামৰি লয়। স্বাস্থ্য ভালে নাথাকিলে মানুহে সুন্দৰ জীৱন যাপন কৰিবলৈ অপাৰগ হয়।

সেয়ে অন্ন, বস্ত্র আৰু বাসস্থানৰ উপৰিও সুস্বাস্থ্যৰ অধিকাৰী হোৱাও মানুহৰ এক মৌলিক বিষয়। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে বিশ্বত বহুতো বেমাৰ নির্মূল হৈছে যদিও কিছুমান নতুন নতুন বেমাৰৰ আবির্ভার হৈছে। যেনে এইডচ্, কৰোণা ভাইৰাচ, শ্বোৱাইন ফ্লো, পক্ষীজ্বৰ, এবলা ভাইৰাচ, জিকা ভাইৰাচ ইত্যাদি। এইবোৰ বেমাৰৰ যথাযথ প্রতিষেধক আজিলৈকে উদ্ভাবন হোৱা নাই।

ফলত মানৱ জাতিৰ প্ৰতি এইবোৰে এক ভাবুকিৰ সৃষ্টি কৰিছে। ২০০৩ চনৰ এক সমীক্ষা মতে বিশ্বৰ প্রায় ৪ কোটি লোক এইডত আক্রান্ত হৈছে। সম্প্রতি কৰোণা ভাইৰাছে বিশ্বৰ কেইবা লাখ মানুহৰ প্ৰাণ হৰণ কৰাৰ লগতে মানৱ জাতিক এক শ্বাসৰুদ্ধকৰ অৱস্থাত ৰাখিছে। সেয়ে দেখা যায় মানৰ নিৰাপত্তাৰ লগত স্বাস্থ্যৰ নিৰাপত্তাও জড়িত।

সম্প্রতি বিশ্বত মানৱ নিৰাপত্তা সুদৃঢ় কৰিবলৈ মানৱ স্বাস্থ্যৰ ওপৰত নজৰ দিয়াৰ অতীব প্রয়োজন আৰু ইয়াৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগতে বিশ্ব স্বাস্থ্য সংস্থাই অনিবিলম্বে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×