Join WhatsApp

Join Now

Join Telegram

Join Now

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Political Science Chapter 5 Solutions

By Rabbi Masrur

Published On:

আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Political Science Chapter 5 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Political Science Chapter 5 Solutions

সাম্প্রতিক দক্ষিণ এছিয়া Class 12 Political Science Chapter 5 Solutions

সাম্প্রতিক দক্ষিণ এছিয়া (CONTEMPORARY SOUTH ASIA)

অধ্যায় – ৫

১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ১)

(ক) SAARC-ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: South Asian Association of Regional Co-operation.

(খ) ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্ষ সম্মিলনত SAFTA স্বাক্ষৰ কৰা হৈছিল’- উক্তিটো শুদ্ধনে?

উত্তৰ: শুদ্ধ।

(গ) শ্রীলংকাৰ ৰাজনীতি সংখ্যাগুৰু সম্প্ৰদায়ৰ দ্বাৰা অবদমিত। (খালী ঠাই পূৰণ কৰা)।

উত্তৰ: সিংহলি।

(ঘ) ভাৰতৰ ‘পূৱলৈ চোৱা নীতি’ৰ এটা অংশ কোনদেশ?

উত্তৰ: বাংলাদেশ।

(ঙ) দক্ষিণ এছিয়াই কি সূচায়?

উত্তৰ: দক্ষিণ এছিয়া বুলিলে বাংলাদেশ, ভুটান, মালদ্বীপ, ভাৰত, নেপাল, পাকিস্থান, আৰু শ্রীলংকা-এই সাতখন দেশক বুজায়।

(চ) চীন দক্ষিণ এছিয়াৰ এটা অংশ হয়নে?

উত্তৰ: চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয়।

(ছ) দক্ষিণ এছিয়া মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?

উত্তৰ: শ্রীলংকা।

(জ) চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?

উত্তৰ: মাও চে টুং।

(ঝ) ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণবিক পৰীক্ষা সম্পন্ন কৰিছিল?

উত্তৰ: গুজৰাটৰ পোষৰাণত।

(ঞ) SAARC ৰ মূল উদ্দেশ্য কি?

উত্তৰ: দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগ স্থাপন তথা ৰাজনৈতিক, অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞান বিষয়ত সহযোগিতা সৃষ্টি কৰা।

(ট) কোন ঠাইত চতুর্দশ SAARC শীর্ষ সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰ: নতুন দিল্লীত, ২০০৭ চনত।

(ঠ) কোন গৰাকী ভাৰতীয় প্রধান মন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্রা কৰিছিল?

উত্তৰ: অটল বিহাৰী বাজপেয়ী।

(ড) ক’ত পঞ্চদশ SAARC শীর্ষ সম্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰ: কলম্বোত, ২০০৮ চনত।।

(ঢ) (ন) SAARC ৰ প্ৰথম সম্মিলন ক’ত অনুষ্ঠিত হৈছি?

উত্তৰ: ঢাকাত, ১৯৮৫ চনত।

(ণ) SAARC কেতিয়া গঠিত হৈছিল? H.S. ’18 

উত্তৰঃ ১৯৮৫ চনত।

(ত) কোন চনত শ্রীলংকা স্বাধীন হৈছিল?

উত্তৰ: ১৯৪৮ চনত।

(থ) কোন চনত ভাৰত আৰু পাকিস্থানে পাৰমাণবিক পৰীক্ষণ সম্পন্ন কৰিছিল?

উত্তৰঃ ১৯৯৮ চনত।

(দ) কোন চনত ভাৰতে শ্রীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৯৮৭ চনত।

(ধ) তলৰ বাক্যটোৰ খালী ঠাই পূৰণ কৰা বাংলাদেশ চনৰ পৰা চনলৈ পাকিস্থানৰ অংশ আছিল।

উত্তৰঃ ১৯৪৭ ৰ পৰা ১৯৭১ চনলৈ।

(ন) ভাৰতৰ ‘পূবলৈ চোৱা নীতি’ৰ অংশীদাৰী ৰাষ্ট্ৰ কোনখন? H.S. ’18 

উত্তৰ: শ্রীলংকা।

(প) WTO-ৰ সম্পূৰ্ণ ৰূপ কি? H.S. ’18 

উত্তৰ: World Trade Organisation.

২। চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ২)

(ক) ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ দুটা ক্ষেত্র উল্লেখ কৰা।

উত্তৰ: (১) দুয়োখন দেশে অর্থনীতি, বিত্ত, ব্যৱসায়-বাণিজ্য, যাতায়ত, যোগাযোগ আদিৰ উন্নয়নৰ ক্ষেত্রত সম্মিলিত প্রচেষ্টা চলাব বুলি আশা ব্যক্ত কৰিছে।

(২) দুয়োখন ৰাষ্ট্ৰই সিহঁতৰ নিজ নিজ দেশৰ মাটি সন্ত্রাসবাদীক ব্যৱহাৰ কৰিব নিদিব বুলি মত প্রকাশ কৰিছে।

(খ) পাকিস্থানে ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ ক্ষেত্ৰত কি ধৰণৰ প্ৰতিক্রিয়া ব্যক্ত কৰিছে?

উত্তৰ: ১৯৯৮ চনত ভাৰতে গুজৰাটৰ পোখৰাণত আণবিক পৰীক্ষা কৰে। ইয়াৰ প্রতিক্রিয়া হিচাপে পাকিস্থানেও ইয়াৰ কিছুদিন পিছত ছাগাই পাহাৰত আণৱিক পৰীক্ষা কৰে। তেতিয়াৰ পৰা দুয়ো দেশৰ মাজত এনে এক সামৰিক সম্পৰ্ক স্থাপন হ’ল যে প্রত্যক্ষ আৰু পূৰ্ণ যুদ্ধ হোৱাৰ আশংকা কমি গ’ল।

(গ) শ্রীলংকাৰ পৰস্পৰ বিবাদমান দুটা গোটৰ নাম কি?

উত্তৰ সিংহলি আৰু তামিল।

(ঘ) Look East Policy (পূর্বলৈ চোৱা নীতি) কি?

উত্তৰ ভাৰতবৰ্ষই দক্ষিণ-পূৱ এছিয়াৰ পাঁচখন ৰাষ্ট্র যেনে- ইণ্ডোনেচিয়া, মালয়েছিয়া, ফিলিপাইনছ, চিংগাপুৰ আৰু থাইলেণ্ডৰ লগত অর্থনৈতিক সম্পর্ক বৃদ্ধিৰ এক নীতি গ্রহণ কৰিছে। এই নীতিকেই ‘Look East Policy (পূর্বলৈ চোৱা নীতি) বুলি কোৱা হয়।

(ঙ) ভাবত আৰু নেপালৰ মাজত বিশেষ সম্পর্ক আছে বুলি ভাবানে?

উত্তৰ ভাৰত আৰু নেপালৰ মাজত কিছু বিভেদ থকা সত্বেও দুয়োখন দেশৰ মাজত এক বিশেষ সম্পর্ক আছে। উদাহৰণ স্বৰূপে দুয়োখন দেশৰ মাজত এনে চুক্তি সম্পন্ন হৈছে যে পাচপ’ৰ্ট আৰু ভিছা নোেহাৱাকৈয়ে দুয়ো দেশৰ নাগৰিকে যাতায়ত আৰু কাম কৰাৰ অনুমতি আছে।
দ্বিতীয়তে, ব্যৱসায়-বাণিজ্য, বৈজ্ঞানিক সহযোগ, উমৈহতীয়া প্রাকৃতিক সহযোগ, বিদ্যুৎ উৎপাদন আদি ক্ষেত্ৰত দুয়োখন দেশৰ মাজত পূর্ণ সহযোগিতা আছে।

(চ) SAFTA -ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ: South Asia Free Trade Area.

(ছ) LTTE কি?

উত্তৰ: Liberation of Tamil Tigers’ Elam.

(জ) নেপালত কিদৰে গণতন্ত্র প্ৰৱৰ্তন হৈছে? H.S. ’18

উত্তৰ: ২০০৬ চনলৈকে নেপালত ৰাজতন্ত্র প্রচলন আছিল। এই ৰাজতন্ত্ৰত ৰজাৰ হাতত অসীম ক্ষমতা আছিল। কিন্তু ১৯৯০ চনৰ পৰা নেপালত ঘটা বহুতো আভ্যন্তৰীণ বিবাদৰ মাজত ৰজাই বিভিন্ন পদক্ষেপ গ্রহণ কৰিছিল যদিও ২০০৬ চনত গণতন্ত্রবাদীসকলে প্রবল আন্দোলন গঢ়ি তোলাত প্রতিনিধিত্বমূলক সদনৰ ব্যৱস্থা বাহাল ৰাখিছিল। পিছত ২০০৭ চনৰ ২৩ ডিচেম্বৰত হোৱা চুক্তি অনুসৰি নেপালত সম্পূর্ণ ৰূপে ৰাজতন্ত্ৰৰ অৱসান ঘটে আৰু যুক্তৰাষ্ট্ৰীয় প্রজাতন্ত্র প্রতিষ্ঠা হয়।

(ঝ) ছাৰ্কৰ দুখন পর্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ ছাৰ্কৰ দুখন পর্যবেক্ষক ৰাষ্ট্ৰৰ নাম হ’ল

(১) চীন আৰু

(২) জাপান।

(ঞ) ভাৰত আৰু পাকিস্থানৰ মাজত সংঘাতৰ যিকোনো দুটা ক্ষেত্র উল্লেখ কৰা।

উত্তৰঃ (১) জম্মু আৰু কাশ্মীৰক লৈ সীমা বিবাদ আৰু

(২) ভাৰতৰ বিৰুদ্ধে পাকিস্থানে সন্ত্রাসবাদীক দিয়া উচটনি।

(ট) ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতা আৰু সংঘাতৰ এটাকৈ দিশ উল্লেখ কৰা।

উত্তৰ: ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ এটা দিশ হ’ল- দুয়োখন দেশে বেহা-বেপাৰৰ বাবে ভালেমান ব্যৱস্থা হাতত লৈছে।
আনহাতে দুয়োখন দেশৰ মাজত সংঘাতৰ এটা বিষয় হৈছে বাংলাদেশৰ পৰা বহুত লোক অসমলৈ প্ৰব্ৰজন কৰি ৰাজনৈতিক সমস্যাৰ সৃষ্টি কৰিছে।

(ঠ) ভাৰত আৰু পাকিস্থানৰ মাজৰ সংঘাতৰ দুটাকৈ দিশ উল্লেখ কৰা।

উত্তৰ: ভাৰত আৰু পাকিস্থানৰ মাজৰ সংঘাতৰ দুটা দিশ হ’ল:

(ক) জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাত।

(খ) সন্ত্রাসবাদ সমস্যাক লৈ হোৱা সংঘাত।

(ঠ) শ্রীলংকাত সংঘাতত লিপ্ত দুটা দুটা সম্প্ৰদায়ৰ নাম উল্লেখ কৰা। H.S. ’18 

উত্তৰ: তামিল আৰু সিংহলী।

(ড) ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্র উল্লেখ কৰা। H.S. ’15, ’20 

উত্তৰ ভাৰত আৰু বাংলাদেশৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্র হৈছে-

(ক) বাংলাদেশৰ পৰা বহুত লোক অসমলৈ প্রব্রজন। H.S. ’19

(খ) অসমৰ সন্ত্রাসবাদী সংগঠনবোৰৰ বাংলাদেশত আশ্রয় দান।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)

(ক) ছাৰ্ক গঠনৰ মৌলিক যুক্তিবোৰ কি আছিল?

নাইবা

সহযোগিতা স্থাপনৰ সংগঠন হিচাপে ছাৰ্কৰ ভূমিকা আলোচনা কৰা। H.S. ’12, 17 

উত্তৰ: সহযোগিতা স্থাপনৰ সংগঠক হিচাপে ছাৰ্কৰ ভূমিকাসমূহ হ’ল-

(১) দক্ষিণ এছিয়াৰ লোকসকলৰ কল্যাণ সাধন কৰা।

(২) জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা।

(৩) সামুহিক আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰা।

(৪) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা।

(৫) পাৰস্পৰিক বিশ্বাস আৰু বুজা-বুজিৰ সৃষ্টি কৰা।

(৬) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা।

(৭) বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে সহযোগিতা স্থাপন কৰা।

(খ) সুস্থিৰ গণতন্ত্র গঢ়ি তোলাত পাকিস্থানৰ ব্যৰ্থতাৰ কাৰকসমূহ উল্লেখ কৰা।

উত্তৰ: পাকিস্থানত সুস্থিৰ গণতন্ত্র গঢ়ি তোলাত কিছুমান কাৰকে বাধাৰ সৃষ্টি কৰিছে। সামৰিক বাহিনী, পুৰোহিত শ্রেণী, মাটিৰ গৰাকী আৰু অভিজাত শ্ৰেণীৰ লোকসকলৰ আধিপত্যই সঘনে নির্বাচিত চৰকাৰৰ পতন ঘটায়। ভাৰতৰ লগত হোৱা সংঘাতে সামৰিক বাহিনীৰ ক্ষেত্ৰত পাকিস্থান বেছি সক্রিয়। ইয়াৰ উপৰিও ৰাজনৈতিক দল আৰু গণতন্ত্ৰৰ সোৱাহপূর্ণ নীতিৰ ফলত শাসকীয় চৰকাৰখন গণতন্ত্ৰৰ বিপৰীতে সামৰিক বাহিনীৰ শাসনহে অধিক উপযুক্ত বুলি ভাবে।

(গ) ২০০১ চনৰ আগ্রা শীর্ষ সম্মিলনৰ ওপৰত এটি টোকা লিখা।

উত্তৰ: ২০০১ চনৰ ১৪-১৫ জুলাইত ভাৰত আৰু পাকিস্থানৰ মাজত ভাৰতৰ আগ্ৰাত এক ঐতিহাসিক সম্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত নিউক্লিয় অস্ত্র-শস্ত্র, কাশ্মীৰ সমস্যা আৰু ভাৰত-পাকিস্থান সীমা সম্পর্কে কেতবোৰ প্রস্তাৱ লোৱা হয়।

(ঘ) পূৱ পাকিস্থানৰ জনসাধাৰণে এক মুক্তি আন্দোলনৰ পথ গ্রহণ কৰিবলগীয়া হোৱাৰ কাৰণবোৰ আঙুলিয়াই দিয়া। H.S. ’15

উত্তৰ: ১৯৪৭ চনৰ ১৪ আগষ্ট তাৰিখে পাকিস্থান ইংৰাজসকলৰ কৱলৰ পৰা স্বাধীনতা লাভ কৰে। পাকিস্থান ভাৰতৰ দুই দিশত আছিল পশ্চিম দিশত আৰু পুর দিশত। পূৱত থকা অংশটি (বর্তমান বাংলাদেশ) ১৯৭১ চনলৈ পাকিস্থানৰ অংশ আছিল। এই অংশটি বৃটিছ ভাৰতৰ পৰা অসম আৰু বংগক পৃথক কৰা ভূখণ্ডক লৈ গঠিত। এই অঞ্চলৰ জনসাধাৰণৰ মাতৃভাষা ‘বাংলা’। ইয়াৰ সংস্কৃতিৰ লগত পশ্চিম পাকিস্থানৰ সংস্কৃতিৰ সাদৃশ্য নাছিল। কিন্তু পশ্চিম পাকিস্থানে বাংলা ভাষী পূৱ পাকিস্থানৰ ওপৰত সিহঁতৰ উর্দু ভাষা আৰু সংস্কৃতি জাপি দিছিল। ফলত পূর্ব পাকিস্থানৰ জনসাধাৰণে ইয়াৰ বিৰোধীতা কৰিবলৈ লয় আৰু শাসন ব্যৱস্থাত সিহঁতৰ উচিত প্রতিনিধিত্বৰো দাবী কৰিলে।

ইতিমধ্যে ১৯৭০ চনৰ নিৰ্বাচনত শ্বেইখ মজিবৰৰ নেতৃত্বত আবামী লীগে সকলো আসন দখল কৰে আৰু প্রস্তাবিত পাকিস্থানৰ সংবিধান সভাত সংখ্যাগৰিষ্ঠতা নিশ্চিত কৰে। কিন্তু পশ্চিম পাকিস্থানৰ নেতৃবৃন্দই সংবিধান সভা পতাৰ অনুমতি নিদিলে। শেইখ মজিবৰক পাকিস্থানে গ্রেপ্তাৰ কৰে।

এনেবোৰ কাৰণত পূব পাকিস্থানৰ জনসাধাৰণে এক মুক্তি আন্দোলন আৰম্ভ কৰিবলগীয়া হৈছিল যি আন্দোলনৰ ফলশ্রুতিত ১৯৭১ চনত স্বাধীন বাংলাদেশৰ জন্ম হয়।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)

(ক) ছাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতাৰ বিষয়ে লিখা।

উত্তৰ: ১৯৮৫ চনত ছার্ক (South Asian Association of Regional Co-operation) নামৰ এক আঞ্চলিক সংগঠন গঢ়ি উঠে। ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰ হ’ল ভাৰত, পাকিস্থান, নেপাল, বাংলাদেশ, ভুটান, শ্রীলংকা আৰু মালদ্বীপ। ছাৰ্কত ভাৰতৰ বিশেষ ভূমিকা আৰু মর্যাদা আছে। দক্ষিণ এচিয়াৰ ৭২ শতাংশ অঞ্চল ভাৰতৰ অন্তৰ্ভূক্ত। ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰ। এনে পৰিপ্ৰেক্ষিতত ভাৰতে ছাৰ্কত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। ভাৰতে ছাৰ্কৰ অধিবেশনসমূহত বিভিন্ন ধৰণৰ ধাৰণা যেনে- পৰিৱেশৰ ভিন্নতা, জলবায়ুৰ পৰিবৰ্তন, অজ’ন স্তৰৰ ৰক্ষণ আদি দাঙি ধৰিছে।

ছাৰ্কৰ এখন সম্মিলনত দক্ষিণ এচিয়া মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছিল। ছাৰ্কৰ বিশেষ অধিবেশনসমূহত কৃষি, বিজ্ঞান, কাৰিকৰী আদি বিষয়লৈয়ো আলোচনা হৈছে।

অৱশ্যে ছাৰ্কৰ সফলতাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰায় আছে। ইয়াৰ অন্তৰ্ভূক্ত ৰাষ্ট্ৰবোৰৰ উন্নয়নশীল পদক্ষেপ লোৱাৰ বাবে ধনৰ অভাব। ইয়াৰ উপৰিও পৰস্পৰৰ মাজত অবিশ্বাস, আলোচনাৰ মাজত দ্বিপক্ষীয় বিষয়ৰ উত্থাপন আদিয়ে ছাৰ্কৰ সম্মিলনক সাফল্যমণ্ডিত কৰাত বাধাৰ সৃষ্টি কৰিছে।

ভাৰতৰ সীমা আৰু ইয়াৰ ক্ষমতাক লক্ষ্য কৰি আন আন সদস্য ৰাষ্ট্ৰই ভাৰতক ককায়েক সদৃশ ব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰে। তেওঁলোকে ভাবে যে ভাৰতে তেওঁলোকক দমন কৰি তেওঁলোকৰ সার্বভৌমত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে।

(খ) ছাফটা (SAFTA) কি উদ্দেশ্যৰে গঠিত হৈছে? ছাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। H.S. ’16 

উত্তৰ: পাকিস্থানৰ ইছলামাবাদত অনুষ্ঠিত হোৱা ছাৰ্কৰ দ্বাদশ শীর্ষ সম্মিলনত আন্তঃ আঞ্চলিক বাণিজ্য ব্যবস্থা উন্নীতকৰণৰ বাবে ‘দক্ষিণ এছীয় মুক্ত বাণিজ্য’ (চমুকৈ ছাফটা) গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। সেই মর্মে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহে ২০০৪ চনত চুক্তিবদ্ধ হয় আৰু ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হয়। ‘ছাফটাৰ’ মূল লক্ষ্য হ’ল সমগ্র দক্ষিণ এছিয়াক মুক্ত বাণিজ্য অঞ্চল হিচাপে গঢ় দিয়া।

দক্ষিণ এছিয়াত শান্তি আৰু সহযোগিতাৰ এক নতুন অধ্যায়ৰ সূচনা হ’ব যদিহে ইয়াৰ প্রত্যেকখন ৰাষ্ট্ৰই নিজৰ ক্ষেত্ৰৰ বাহিৰত মুক্ত বাণিজ্য কৰাৰ অনুমতি প্রদান কৰে। ছাফটাৰ এটা উদ্দেশ্য আছিল মুক্ত বাণিজ্যৰ জৰিয়তে দক্ষিণ এচিয়াৰ বাণিজ্যিক মূল্য ২০ শতাংশ হ্রাস কৰা। অৱশ্যে কিছুমান ৰাষ্ট্ৰই ভাবিছিল যে ছাফটাৰ জৰিয়তে ভাৰতে অন্য ৰাষ্ট্ৰত প্ৰৱেশ কৰি বাণিজ্যিক বজাৰ গঢ়ি তোলাৰ লগতে সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত হস্তক্ষেপ কৰিব। কিন্তু ভাৰতৰ মতে ছাফটাৰ জৰিয়তে দক্ষিণ এছিয়াৰ প্রত্যেকখন ৰাষ্ট্ৰৰ প্রকৃত অর্থনৈতিক উন্নতি হোৱাৰ লগতে ৰাজনৈতিক সমস্যাবোৰো দূৰ হ’ব।

(গ) দক্ষিণ এছিয়াত স্থায়ী শান্তি কেনেকৈ প্রতিষ্ঠা কৰিব পাৰি? চমুকৈ লিখা।

উত্তৰ: বিশ্বৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে দক্ষিণ এছিয়াই বর্তমান বিভিন্ন অশান্তি আৰু অৰাজকতাৰ সম্মুখীন হৈছে। এই অঞ্চলত তলত উল্লেখ কৰা উপায়সমূহ গ্রহণ কৰি স্থায়ী শান্তি স্থাপন কৰিব পাৰি-

(ক) দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰি।

(খ) সন্ত্রাসবাদক নিৰাময় কৰি।

(গ) দেশসমূহৰ মাজত থকা দ্বিপাক্ষিক সংঘাতসমূহ দূৰ কৰি।

(ঘ) কোনো ৰাষ্ট্ৰৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰি আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ প্ৰতি আহ্বান কৰি।

(ঙ) বাণিজ্যিক তথা প্রযুক্তিমূলক সহযোগিতা বৃদ্ধিৰ জৰিয়তে কৰি উন্নয়ন তৰান্বিত কৰি।

(ঘ) ভাৰত আৰু পাকিস্থানৰ মাজৰ শেহতীয়া সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। H.S. ’17 

নাইবা

ভাৰত আৰু পাকিস্থানৰ মাজত সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। H.S. ’20 

উত্তৰ ভাৰত আৰু পাকিস্থান দুখন প্রতিবেশী ৰাষ্ট্ৰ যদিও দুয়োৰে মাজত কিছুমান বিষয়ত সংঘাতৰ সৃষ্টি হৈছে। ইয়াৰ প্ৰধান বিষয় দুটা

(ক) জম্মু আৰু কাশ্মীৰক লৈ সৃষ্টি হোৱা সংঘাত।

(খ) সন্ত্রাসবাদ সমস্যাক লৈ হোৱা সংঘাত।

কিন্তু শেহতীয়াভাবে দুয়োখন দেশৰ মাজত সংঘাতে চৰম ৰূপ ধাৰণ কৰিছে। ইয়াৰ মূল বিষয় হৈছে ভাৰতৰ এক অংগ হিচাপে বিবেচিত জম্মু আৰু কাশ্মীৰকলৈ। এই অঞ্চলটো ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি ভাৰতে দাবী কৰিলেও পাকিস্থানে এই অঞ্চলটো নিজৰ কৰি ল’বলৈ ইয়াৰ অধিবাসীসকলক ভাৰতৰ প্ৰতি বিদ্বেষী কৰি তুলিবলৈ নানা ষড়যন্ত্ৰ কৰি আছে। পাকিস্থানৰ উচটনিত অঞ্চল দুখনত সন্ত্রাসী কার্যকলাপ বৃদ্ধি পাইছে। ফলত ভাৰত আৰু পাকিস্থানৰ মাজত মাজে মাজে খণ্ড যুদ্ধ সংঘটিত হৈছে। উদাহৰণস্বৰূপে কার্গিল যুদ্ধ। আৰু সম্প্রতি লাডখ লৈ সীমান্ত উত্তেজনা চলি আছে। পাকিস্থানে ভাৰতৰ বিৰুদ্ধে চীনক বন্ধু ৰাষ্ট্ৰ হিচাপে গ্ৰহ কৰিছে আৰু ভাৰতেও আমেৰিকাৰ লগত বন্ধুত্ব স্থাপন কৰিছে। কিন্তু প্রতিবেশী ৰাষ্ট্ৰ হিচাপে ভাৰত আৰু পাকিস্থানৰ মাজত সু-সম্পর্ক স্থাপন কৰা অতি জৰুৰী বিষয় বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে।

(ঙ) আছিয়ান (ASEAN) ৰ লক্ষ্য আৰু সাফল্য বর্ণনা কৰা। H.S. ’20 

উত্তৰ: আছিয়ান (Association of South East Asian Nations) ১৯৬৭ চনত গঠন কৰা হয় আৰু তেতিয়াৰ পৰা ই এছিয় ৰাষ্ট্ৰসমূহত ৰাজনৈতিক আৰু অর্থনৈতিক উন্নয়নমূলক কাম-কাজ চলাই থকাৰ উপৰিও আঞ্চলিক সুস্থিৰতা স্থাপন কৰাত অগ্রগতি লাভ কৰিছে। ইয়াৰ লক্ষ্য আৰু সাফল্য তলত উল্লেখ কৰা হ’ল-

(ক) আছিয়ানৰ প্ৰধান লক্ষ্য হ’ল আন্তঃচৰকাৰী সহযোগিতা বৃদ্ধি কৰি অৰ্থনৈতিক উন্নয়ন সাধন কৰা।

(খ) শৈক্ষিক আৰু সামাজিক-সাংস্কৃতিক আদান-প্রদানৰ জৰিয়তে ৰাষ্ট্ৰবোৰৰ মাজত সমন্বয় সাধন কৰা।

(গ) আঞ্চলিক বিবাদসমূহ বুজা-পৰাৰ জৰিয়তে মীমাংসা কৰা।

(ঘ) ৰাজনৈতিক নিৰাপত্তা সুদৃঢ় কৰা আৰু সদস্য ৰাষ্ট্ৰবোৰৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি কৰা।

( ঙ) ই অন্তর্দৃষ্টি-২০২০ ৰ জৰিয়তে আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত বর্হিমুখী দৃষ্টিভংগীৰ ভূমিকা গ্রহণ কৰিছে।

বর্তমানলৈ আছিয়ানে ইয়াৰ কাম-কাজ চলাই আছে যদিও ই সম্পূর্ণরূপে সাফল্যমণ্ডিত হৈছে বুলি ক’ব নোৱাৰি।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×