আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ আঞ্চলিক প্রত্যাশা আৰু সংঘাত Class 12 Political Science Chapter 16 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
আঞ্চলিক প্রত্যাশা আৰু সংঘাত Class 12 Political Science Chapter 16 Solutions
আঞ্চলিক প্রত্যাশা আৰু সংঘাত
অধ্যায় – ৭
১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ১)
(ক) ‘অসম আন্দোলন’ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ১৯৭৯ চনত।
(খ) কোন চনত গোৱা ভাৰতৰ এখন অংগ ৰাজ্য হিচাপে চামিল হৈছিল?
উত্তৰ: ১৯৮৭ চনত।
(গ) নগানেচনেল কাউন্সিলৰ নায়ক কোন?
উত্তৰ: এ জেদ ফিজো।
(ঘ) ‘আনন্দপুৰ চাহিব প্রস্তাব’ কেতিয়া গৃহীত হৈছিল?
উত্তৰঃ ১৯৭৩ চনত।
(ঙ) হৰি সিং কোন আছিল?
উত্তৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত জম্মু আৰু কাশ্মীৰৰ ৰজা আছিল।
(চ) ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰৰ বিষয়ে উল্লেখ আছে?
উত্তৰঃ ৩৭০ নং অনুচ্ছেদত।
(ছ) পঞ্জাৱৰ ‘আকালি দল’ কিমান চনত গঠন কৰা হৈছিল?
উত্তৰ: ১৯২০ চনত।
(জ) লালডেংগা কোন আছিল?
উত্তৰ: লালডেংগা মিজো জাতীয় মৰ্চাৰ জন্মদাতা আছিল।
(ঝ) ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যদা প্ৰদান কৰা হৈছে? H.S. ’16
উত্তৰঃ ৩৭০ নং অনুচ্ছেদত।
(ঞ) ভাৰত চৰকাৰে কেতিয়া ‘অপাৰেচন ব্লু ষ্টাৰ’ চলাইছিল?
উত্তৰ: ১৯৮৪ চনত।
(ট) চিকিমত কেতিয়া প্রথম বিধানসভা নির্বাচন হৈছিল?
উত্তৰ: ১৯৭৪ চনত।
(ঠ) চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল?
উত্তৰ: ১৯৭৫ চনত।
(ড) AASU ৰ সম্পূর্ণ ৰূপটো কি?
উত্তৰ: All Assam Students Union.
(ঢ) নেচনেল কনফাৰেন্স কেতিয়া গঠন হৈছিল?
উত্তৰ: ১৯৪৮ চনত।
(ণ) ‘তেলেগু দেশম’ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰ: এন টি বৰামাৰাও।
(ত) কোন চনত নাগালেণ্ড ৰাজ্য গঠিত হৈছিল?
উত্তৰ: ১৯৬০ চনত।
(থ) আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনো এটা কাৰক উল্লেখ কৰা।
উত্তৰ: অর্থনৈতিক বৈষম্য।
(দ) কিমান চনত উত্তৰ-পূৰ্বাঞ্চলৰ পুনৰ গঠন সম্পূৰ্ণ হৈছিল?
উত্তৰঃ ১৯৮৭ চনত।
(খ) চিকিম ভাৰতৰ তম ৰাজ্য। (খালী ঠাই পূৰণ কৰা)।
উত্তৰঃ ২২ তম।
(ন) MNF ৰ সম্পূর্ণ ৰূপটো কি?
উত্তৰ: Mizo Nationalist Front.
(প) MGP ৰ সম্পূর্ণ ৰূপটো কি।
উত্তৰ: Maharastrabadi Gomntok Party.
(ফ) ‘পঞ্জাবী চুবা’ গঠনৰ দাবীত কেতিয়া আন্দোলন হৈছিল?
উত্তৰ: ১৯৬০ চনত।
(ব) ‘পঞ্জার একর্ড’ কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ: ১৯৮৫ চনত।
(ভ) ইন্দিৰা গান্ধী কেতিয়া আততায়ীৰ হাতত নিহত হৈছিল?
উত্তৰঃ ১৯৮৪ চনৰ ৩১ অক্টোবৰত।
(ম) ১৯৬১ চনৰ আগলৈকে গোৱা ৰাজ্যখন কাৰ অধীনত আছিল?
উত্তৰ: পর্তুগীজসকলৰ।
(ঘ) ‘অসম চুক্তি’কেতিয়া স্বাক্ষৰিত হৈছিল? H.S. ’20
উত্তৰ: ১৯৮৫ চনত।
(4) ভাৰতৰ কোনো এক ৰাজ্যত প্রথমে গঠন হোৱা আঞ্চলিক দলটোৰ নাম লিখা। H.S. ’16
উত্তৰঃ ডি. এম কে. (দ্রাবিড় মুনেত্রা কাজাগাম)
(ব) NFA ৰ সম্পূৰ্ণ ৰূপটো কি।
উত্তৰ: North Eastern Frontier Agency.
(শ) ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ভাৰত আৰু-মাজত। (খালী ঠাই পূৰণ কৰা।) H.S. ’16
উত্তৰঃ পাকিস্থান
(ঘ) প্রথম গোষ্ঠী নিৰপেক্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল? H.S. ’20
উত্তৰঃ বেলগ্রেডত।
(স) ‘নেদা’ (NEDA) ৰ সম্পূৰ্ণ ৰূপটো লিখা। H.S. ’20
উত্তৰ: North East Democratic Alliance.
২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)
(ক) ‘অপাৰেচন ব্লু ষ্টাৰ’ কি?
উত্তৰ: আকালি দলৰ কিছুসংখ্যক নেতাই পৃথক শিখ ৰাজ্য খালিস্থান দাবী কৰি আৰম্ভ কৰা সন্ত্রাসবাদী আন্দোলনৰ বিৰুদ্ধে ভাৰত চৰকাৰে ১৯৮৪ চনৰ জুন মাহত চলোৱা সামৰিক অভিযানকে ‘অপাৰেচন ব্লু ষ্টাৰ’ বুলি কোৱা হয়। সন্ত্রাসবাদীসকলে অমৃতস্বৰত থকা শিখসকলৰ স্বৰ্ণ মন্দিৰত সিহঁতৰ ঘাটি স্থাপন কৰিছিল। অপাৰেচন ব্লু ষ্টাৰৰ সময়ত এই মন্দিৰটোৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু আকালি নেতা আটক হৈছিল।
(খ) ‘অসম চুক্তি’ কেতিয়া কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰ: ‘অসম চুক্তি’ ১৯৮৫ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্র সংস্থাৰ মাজত স্বাক্ষৰিত হৈছিল।
(গ) অসম আন্দোলনৰ দুটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰ: অসম আন্দোলনৰ দুটা প্ৰধান কাৰণ হ’ল-
(১) বিদেশী প্রব্রজন আৰু
(২) অর্থনৈতিক বৈষম্য।
(ঘ) ‘আঞ্চলিকতাবাদ’ বুলিলে কি বুজা?
উত্তৰ: কোনো এক অঞ্চলৰ জনসাধাৰণে ৰাষ্ট্ৰীয় স্বাৰ্থৰ তুলনাত নিজ অঞ্চলৰ স্বাৰ্থক অধিক গুৰুত্ব দি গঢ়ি তোলা সংকীর্ণ আঞ্চলিকতাবাদী মনোভাৱক ‘আঞ্চলিকতাবাদ’ বুলি কোৱা হয়।
(ঙ) সংবিধানৰ ৩৭০ নং অনুচ্ছেদৰ তাৎপর্য উল্লেখ কৰা।
উত্তৰ: সংবিধানৰ ৩৭০ নং অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যাদা প্রদান কৰিছে। এই অনুচ্ছেদ অনুযায়ী ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত জম্মু-কাশ্মীৰক অধিক স্বায়ত্ব শাসন প্রদান কৰা হৈছে। এই ৰাজ্যখনৰ এখন নিজা সংবিধান আছে। ভাৰতৰ সংবিধানৰ সকলো অধ্যায় এই ৰাজ্যখনত প্রযোজ্য নহয়।
(চ) ‘সাতভনী’ বুলিলে কি বুজা?
উত্তৰ: উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য যেনে অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয়, অৰুণাচল প্রদেশ, মিজুৰাম আৰু নাগালেণ্ডক একেলগে ‘সাতভনী’ বুলি কোৱা হয়।
(ছ) ভাৰতৰ যিকোনো চাৰিটা আঞ্চলিক দলৰ নাম উল্লেখ কৰা। H.S. ’15, ’17
উত্তৰ ভাৰতৰ চাৰিটা আঞ্চলিক দলৰ নাম হ’ল-
(১) অসম গণ পৰিষদ
(২) আকালী দল
(৩) ডি. এম. কে.
(৪) তেলেগু দেশম পার্টী।
(জ) ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ ক্রমবর্ধমান গুৰুত্বৰ দুটা কাৰক লিখা। H.S.’14, 15, 17, 19
নাইবা
ভাৰতত আঞ্চলিকতাবাদৰ উৎপত্তিৰ দুটা কাৰণ লিখা। H.S. ’13, ’16
উত্তৰ: ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব ক্রমান্বয়ে বৃদ্ধি পাই আছে। ইয়াৰ দুটি কাৰক হ’ল-
(১) আঞ্চলিক প্রত্যাশা।
(২) আঞ্চলিক সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰীয় দলবোৰৰ অনীহা।
(ঝ) ভাৰতীয় সংবিধানৰ কোন দুটা অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক অধিক স্বতন্ত্রতা প্রদান কৰিছে? H.S. ’15
উত্তৰঃ ৩৭০ আৰু ৩৭১ নং অনুচ্ছেদে।
(ঞ) উত্তৰ-পূৱ ভাৰতত আঞ্চলিক আন্দোলন আৰম্ভ হোৱাৰ দুটা কাৰণ লিখা।
উত্তৰঃ (ক) উত্তৰ-পূৱ ভাৰতৰ আঞ্চলিক সমস্যা সমাধানত কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা। (খ) অঞ্চলটিৰ স্বতন্ত্র সভ্যতা আৰু সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিয়া।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
(ক) ‘আনন্দপুৰ চাহিব প্রস্তাব’ কি? ইয়াৰ লক্ষ্যসমূহ আলোচনা কৰা। H.S. ’17
উত্তৰ: ১৯৭২ চনৰ ১১ ডিচেম্বৰত আকালি দলে ৰাজ্যখনৰ পৰিস্থিতি পর্যালোচনা আৰু দলৰ নীতি আৰু কাৰ্যসূচী পুনৰীক্ষণৰ বাবে ১২ জনীয়া সমিতি এখন গঠন কৰে। এই সমিতিয়ে পর্যালোচনাৰ পিছত এখন প্রস্তাব গ্রহণ কৰে। সেই প্রস্তাৱকে ‘আনন্দপুৰ চাহিব প্রস্তাৱ’ বুলি কোৱা হয়। এই প্রস্তাৱত আকালি দলৰ প্ৰধান নীতি, আঁচনি আৰু কাৰ্যসূচী সন্নিবিষ্ট কৰা হৈছিল। এই প্রস্তাৱৰ সাতটা লক্ষ্য আছিল। যেনে-
(১) চণ্ডীগড়ক যুক্তৰাষ্ট্ৰীয় প্রশাসনৰ অধীনত পঞ্জাবলৈ হস্তান্তৰিতকৰণ।
(২) পঞ্জাবী ভাষা কোৱা আৰু পঞ্জাৱী লোকে কাম কৰা অঞ্চলসমূহ পঞ্জাৱক অর্পণ।
(৩ ) কেন্দ্ৰীয় চৰকাৰৰ ভূমিকা সীমিত কৰি বৰ্তমানৰ সংবিধানৰ অধীনত ৰাজ্যসমূহৰ বিকেন্দ্ৰীকৰণ।
(৪) পঞ্জাৱৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ অধিকাৰৰ সুৰক্ষা প্ৰদানৰ লগতে ৰাজ্যখনৰ ভূমি সংস্কাৰকৰণ আৰু উদ্যোগীকৰণ।
(৫) সৰ্বভাৰতীয় গুৰুদ্ধাৰ আইনৰ প্ৰণয়ন।
(৬) ভাৰতৰ চাৰিসীমাৰ ভিতৰত, কিন্তু পঞ্জাবৰ বাহিৰত বাস কৰা সংখ্যালঘুসকলৰ ৰক্ষণাবেক্ষণ।
(৭) সেনা বাহিনীত শিখসকলৰ বাবে সংৰক্ষিত পদত চৰকাৰী প্ৰৱেশন নীতি পুনৰীক্ষণ।
(খ) ৰাজীৱ গান্ধী-লংগোবাল চুক্তি’ কি? ইয়াৰ প্ৰধান ব্যবস্থাসমূহ লিখা।
উত্তৰ: ১৯৮৫ চনৰ ২৪ জুলাইত সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰু আকালি দলৰ সভাপতি হৰছান্দ সিং লংগোৱালৰ মাজত এখন চুক্তি সম্পাদিত হয়। এই চুক্তিখনক ‘ৰাজীব গান্ধী-লংগোৱাল চুক্তি’ বা ‘পঞ্জাব চুক্তি’ বুলি কোৱা হয়। পঞ্জাৱ চুক্তিৰ ব্যবস্থাসমূহ আছিল এনেধৰণৰ –
(১) চণ্ডীগড় পঞ্জাবলৈ হস্তান্তৰিত কৰা হ’ব।
(২) পঞ্জাৱ আৰু হাৰিয়ানাৰ সীমা বিবাদৰ সমাধানৰ অর্থে এটি আয়োগ গঠন কৰা হ’ব।
(৩) পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানৰ মাজত ৰবি-বিয়াছ নদীৰ পানী বণ্টনৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ অর্থে এখন ট্রিবুনেল গঠন কৰা হ’ব।
(৪) পঞ্জাৱত চলি থকা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্রত্যাহাৰ কৰা হ’ব।
(৫) পঞ্জাৱত সন্ত্রাসবাদীৰ দ্বাৰা ক্ষতিগ্রস্তসকলক উন্নত সা-সুবিধা আগবঢ়োৱা হ’ব।
(গ) আঞ্চলিকতাবাদৰ দাবীয়ে ভাৰতত কেনেদৰে বৈচিত্ৰৰ মাজত ঐক্যৰ নিদৰ্শন দাঙি ধৰে? আলোচনা কৰা।
উত্তৰ: বৈচিত্ৰতাৰ মাজত ঐক্য হৈছে ভাৰতীয় জাতিৰ বৈশিষ্ট্য। আঞ্চলিকতাবাদৰ দাবীয়ে এই বৈচিত্ৰৰ সাক্ষ্য দাঙি ধৰে। যেনে-
(১) আঞ্চলিক প্রত্যাশা গণতান্ত্রিক ব্যৱস্থাৰ এটি অংগ। ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্রিক ৰাষ্ট্র। গণতান্ত্রিক ব্যৱস্থাটো সবল হোৱাৰ বাবে দক্ষতাৰে আঞ্চলিক প্রত্যাশাৰ সন্মুখীন হোৱা উচিত।
(২) আঞ্চলিক প্রত্যাশাৰ প্রতি সঁহাৰি প্ৰদৰ্শনৰ সৰ্বশ্রেষ্ঠ কৌশল হ’ল গণতান্ত্রিক আলোচনাৰ জৰিয়তে বিভিন্ন গোষ্ঠীৰ মাজত বুজাপৰাৰ সৃষ্টি কৰা। আঞ্চলিক প্রত্যাশা বলপূর্বকভাৱে দমন কৰিবলৈ চেষ্টা কৰিলে জাতীয় সংহতি বিনষ্ট হোৱাৰ আশংকা থাকে।
(৩) আঞ্চলিক প্রত্যাশা ক্ষমতাৰ ভাগ-বটোৱাৰাৰ জৰিয়তে পূৰণ কৰিব পাৰি। ৰাষ্ট্ৰ এখনৰ বিকাশত প্রত্যেক অঞ্চলৰে বিশেষ ভূমিকা থাকে। সেয়ে ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰত আঞ্চলিক দলসমূহৰ প্রতিনিধিত্ব থকাটো প্রয়োজন।
(৪) অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত আঞ্চলিক অসমতাই আঞ্চলিক বৈষম্যৰ সৃষ্টি কৰিব পাৰে। সেয়ে কেন্দ্রই অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে।
(ঘ) ‘অসম গণ পৰিষদ’ দল গঠনৰ মুখ্য উদ্দেশ্যসমূহ কি আছিল?
উত্তৰ: ১৯৮৫ চনত অসমত ‘অসম গণ পৰিষদ’ নামে এক আঞ্চলিক দল গঠন হয়। ইয়াৰ মুখ্য উদ্দেশ্যসমূহ আছিল-
(১) অসমলৈ বিদেশী অনুপ্রবেশকাৰীৰ সোঁত বন্ধ কৰা।
(২) অসমত বাস কৰি থকা বিদেশীসকলক চিনাক্ত কৰি বহিস্কাৰ কৰা।
(৩) অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰা।
(৪) অসমক আর্থিক ক্ষেত্রত অন্যান্য ৰাজ্যৰ সমানে অগ্রাধিকাৰ দিয়া।
(৪ ) যাতায়তৰ সুবিধাৰ বাবে ব্ৰহ্মপুত্র নদীৰ ওপৰত নতুন দুখন দলং নিৰ্মাণ কৰা।
(৫) অসমত দুখন কেন্দ্রীয় বিশ্ববিদ্যালয় আৰু এখন সৰ্বভাৰতীয় কাৰিকৰী অনুষ্ঠান স্থাপন কৰা।
(৬) এখন কলাক্ষেত্র স্থাপন কৰা।
(৭) বাংলাদেশ আৰু অসমৰ সীমাত কাঁটা তাঁৰৰ বেৰ দিয়াৰ ব্যৱস্থা কৰা।
(ঘ) কাশ্মীৰ সমস্যাৰ ওপৰত এটি টোকা লিখা। H.S. ’17
উত্তৰ: ভাৰতবৰ্ষ ইংৰাজৰ হাতৰ পৰা স্বাধীনতা লাভ কৰাৰ সময়ত কাশ্মীৰ স্বতন্ত্র হিচাপে আছিল। তেতিয়া পাকিস্থানে সুযোগ বুজি কাশ্মীৰ আক্ৰমণ কৰিবলৈ উদ্ধত হয়। কিন্তু ৰজা হৰি সিঙে পাকিস্থানী আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰতৰ সৈতে চামিলকৰণ চুক্তিত স্বাক্ষৰ কৰে।
ঠিক তেতিয়াৰ পৰাই কাশ্মীৰ বিষয়ক লৈ ভাৰত আৰু পাকিস্থানৰ লগত মনোমালিন্য আৰু বিবাদ চলি আছে। সময়ে সময়ে দুয়োখন দেশে কেইবাটাও যুদ্ধত লিপ্ত হৈছে। যেনে ১৯৬২ চনৰ যুদ্ধ, ১৯৭১ চনৰ যুদ্ধ, ১৯৯৯ চনৰ কার্গিল যুদ্ধ আদি। ১৯৪৭ চনত পাকিস্থানে কাশ্মীৰৰ লাডাখ অঞ্চলটো নিজৰ দখললৈ লয় আৰু লাডাখ অঞ্চলৰ বাহিৰত থকা জম্মু আৰু কাশ্মীৰত পাকিস্থানে প্রায়ে সন্ত্রাসবাদী কার্যকলাপ চলাই আছে।
ফলত এই বিষয়লৈ দুয়োখন দেশৰ সংঘাত স্বাধীনতাৰ সময়ৰ পৰাই চলি আছে। ভাৰতে পাকিস্থানৰ সৈতে ইয়াৰ এক শান্তিপূর্ণ মীমাংসাত উপনীত হোৱাৰ বাবে বাৰে বাৰে চেষ্টা কৰি আহিছে যদিও পাকিস্থানে সহাঁৰি জনোৱা নাই। বর্তমান জম্বু আৰু কাশ্মীৰ সমস্যাটো ভাৰতৰ জলন্ত ৰাজনৈতিক সমস্যাবোৰৰ মাজত এটি গুৰুত্বপূর্ণ সমস্যা।
(ঙ) নর্মদা বাচাও আন্দোলন সম্পর্কে চমুকৈ আলোচনা কৰা। তুমি এই আন্দোলনটোক যুক্তিসঙ্গত বুলি ভাবানে? তোমাৰ যুক্তিৰ কাৰণ দশোৱা।
উত্তৰ: ১৯৮০ ৰ দহকত মধ্য ভাৰতৰ নর্মদা উপত্যকাত এটা বৃহৎ উন্নয়নমূলক প্রকল্প আৰম্ভ হয়। ইয়াৰ বাবে নর্মদা নদীত সৰু ডাঙৰ বহুতো নদী বান্ধৰ প্রয়োজন হৈছিল। তেতিয়া এই বান্ধবোৰৰ সুদূৰপ্ৰসাৰী কু প্রভাৱৰ বিষয়ে সচেতন হৈ স্থানীয় লোকসকলে এক আন্দোলন গঢ়ি তোলে। এই আন্দোলনকে ‘নর্মদা বচাও আন্দোলন’ বোলে। মেধা পাটেকাৰ এই আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। পিছত বুকাৰ বঁটা বিজয়ী সাহিত্যিক অৰুন্ধতী ৰয়েও এই আন্দোলনত যোগ দিয়ে। নর্মদা নদীত নির্মাণ হ’বলগীয়া বান্ধ প্ৰকল্পৰ জৰিয়তে মধ্য প্রদেশ, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ লোকসকল অধিক উপকৃত হ’ব বুলি কোৱা হৈছিল। কিন্তু ইয়াৰ বিৰোধীতা কৰা লোকসকলৰ মতে ইয়াৰ দ্বাৰা অঞ্চলটোত অধিক ভয়াবহ পৰিৱৰ্তন ঘটাৰ আশংকা আছে। সেয়ে স্থানীয় জনসাধাৰণে নদীবান্ধৰ বিৰোধীতা কৰিবলৈ আন্দোলন আৰম্ভ কৰে। আন্দালনকাৰীসকলে দাবী কৰে যে প্ৰকল্পৰ দ্বাৰায় প্রত্যক্ষ আৰু পৰোভাবে ক্ষতিগ্রস্ত লোকসকলক চৰকাৰে উপযুক্ত পুনৰসংস্থান আৰু ক্ষতিপূৰণ দিব লাগিব। ইয়াৰ উপৰিও আন্দোলনকাৰীসকলে পানী, ভূমি, বননি আদি প্রাকৃতিক সম্পদৰ ওপৰত স্থানীয় অধিবাসীসকলৰ নিয়ন্ত্ৰণৰ দাবী জনায়।
নর্মদা বচাও আন্দোলনটো যথেষ্ট যুক্তিপূর্ণ। কিয়নো এই আন্দোলনৰ দ্বাৰা নর্মদা উপত্যকাত বসবাস কৰা লোকসকলে ভবিষ্যতে সম্মুখীন হ’ব লগা এক ভয়াবহ দুর্যোগৰ পৰা হাত সাৰিবলৈ বিচাৰিছে। সেয়ে সিহঁতৰ এই আন্দোলনটো ন্যায়সংগত।
(চ) ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ স্বতন্ত্ৰতাৰ দাবীৰ বিষয়ে আলোচনা কৰা। H.S. ’20
নাইবা
উত্তৰ পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহ আলোচনা কৰা। H.S. ’18, 19
উত্তৰ: ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতে উত্তৰ-পূৱ অঞ্চলত স্বতন্ত্রতাৰ দাবী উত্থাপিত হয়। প্রায় প্রতিখন ৰাজ্যতে আঞ্চলিকতাবাদৰ নামত আন্দোলন সংগঠিত হয় যিসকলৰ প্ৰধান দাবী হ’ল স্বায়ত্ব শাসন লাভ কৰা।
স্বাধীনতাৰ সময়ছোৱাত একমাত্র মণিপুৰ আৰু ত্ৰিপুৰাক বাদ দি আন ৰাজ্যবোৰ বৰ অসমৰ অংশ আছিল। বহু ভাষিক আৰু বহু জাতিক বৰ অসমত অসমীয়া ভাষা-সংস্কৃতি সকলোৰে ওপৰত বলপূর্বকভাৱে জাপি দিয়াৰ প্রচেষ্টাই অনা-অসমীয়া জনজাতীয়সকলৰ মনত ক্ষোভৰ সৃষ্টি কৰে। ফলস্বৰূপে উত্তৰ-পূৱৰ ৰাজ্যসমূহ স্বতন্ত্র হ’বলৈ আৰম্ভ কৰে। অসম ৰাজ্যিক ভাষা আইন পাছ হোৱাৰ পাছত ১৯৭২ চনত গাৰো, খাচী আৰু জয়ন্তীয়া জনগোষ্ঠীসকলৰ সম্মিলিত আন্দোলনৰ প্ৰচেষ্টাৰ ফলত মেঘালয় ৰাজ্যৰ সৃষ্টি হয়। সেইদৰে বিভিন্ন আন্দোলনৰ পৰিণতিত ১৯৮০ চনত নাগালেণ্ড আৰু ১৯৮৭ চনত মিজোৰাম ৰাজ্যৰ সৃষ্টি হয়। বর্তমানে অসমত বড়ো, কার্বি, কোচ, ডিমাচা, কোচ ৰাজবংশী আদি লোকসকলে নিজ নিজ ৰাজ্য দাবী কৰি আছে।
(ছ) ভাৰতীয় দলীয় ব্যৱস্থাত দল ত্যাগৰ বিষয়ে চমুকৈ লিখা। H.S. ’19
উত্তৰ: কোনো এটা দলৰ পৰা নিজৰ স্বাৰ্থ সিদ্ধি বা আন কিবা কাৰণত আন এটা দলত যোগদান কৰাৰে ‘দলত্যাগ’ বুলি কোৱা হয়। ভাৰতীয় দলীয় ব্যৱস্থাত দলত্যাগ এটা সাধাৰণ ঘটনা। দলত্যাগ ব্যৱস্থা ভাৰতত ১৯৬৭ চনৰ পৰা সক্ৰিয় ৰূপত দেখা যায়। ভাৰতীয় দলীয় ব্যৱস্থাত দলত্যাগৰ প্ৰৱণতাক ব্যাংগাত্মকভাবে ‘আয়া ৰাম, গয়া ৰাম’ বুলি কোৱা হয়। দলত্যাগ কৰাৰ যিয়ে কাৰণ নাথাকক কিয় দলত্যাগ কৰা প্রথাই নেতা এজনৰ ৰাজনৈতিক ভাবমূর্তি নষ্ট কৰে। কেতিয়াৱা দলীয় নেতাসলকলৰ মাজতো ঐক্য বিনষ্ট হয়। দেশ এখনৰ ৰাজনীতিত দল ত্যাগ এক শুভ লক্ষণ নহয়। সেয়ে চৰকাৰে আইন প্ৰণয়ন কৰি দলত্যাগ ব্যৱস্থা ৰহিত কৰা উচিত।
(জ) ভাৰতত সাম্প্রদায়িকতা ৰোধ কৰাৰ বাবে দুটা পৰামৰ্শ দিয়া। H.S. ’19
উত্তৰ: সম্প্রতি ভাৰতত সাম্প্রদায়িকতা এক সাধাৰণ ঘটনাত পৰিণত হৈছে। ই দেশৰ প্ৰগতি আৰু ঐক্যৰ ক্ষেত্ৰত এক বিৰাট ভাবুকি স্বৰূপ। সাম্প্রদায়িকতা ৰোধ কৰাৰ বাবে আমি তলত দিয়া পৰামৰ্শ দুটা আগবঢ়াব পাৰোঁ।
(ক) সকলো সম্প্রদায়ৰ লোকৰ সম উন্নয়ন আৰু বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে।
(খ) সাম্প্রদায়িকতা বিয়পোৱা ব্যক্তি, সংগঠন, অনুষ্ঠান আদি নিষিদ্ধ ঘোষণা কৰি সিহঁতৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্রহণ কৰিব লাগে।
৪। ৰচনাধর্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
(ক) আঞ্চলিক ৰাজনৈতিক দলসমূহৰ উত্থানৰ কাৰণসমূহ আলোচনা কৰা। H.S. ’20
উত্তৰ: ভাৰতবৰ্ষত কেইবাটাও শক্তিশালী ৰাষ্ট্ৰীয় দল থকা সত্বেও বহু কেইটা আঞ্চলিক দলৰ অস্তিত্ব বিদ্যমান। আঞ্চলিক দলৰ উত্থানৰ কেইবাটাও কাৰণ আছে।
যেনে
(১) কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা: ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ ইয়াৰ অংগ ৰাজ্যসমূহৰ প্রতি সমানে সহানুভূতিশীল নহয়। ফলত অৱহেলিত ৰাজ্যসমূহে নিজৰ প্ৰাপ্য আদায়ৰ বাবে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা দেখা যায়।
(২) ধর্মীয় কাৰণ: ভাৰতবৰ্ষত কেতিয়াবা ধর্মক উৎস হিচাপে লৈ আঞ্চলিক দল গঠন হোৱা দেখা যায়। একেটা অঞ্চলত একে ধর্মীয় লোকসকলে বসবাস কৰি নিজৰ ধৰ্মৰ সম্প্ৰসাৰণ নাইবা অস্তিত্ব বক্ষার্থে সভ্য ভর্তিৰ জৰিয়তে একগোট হয় আৰু কালক্ৰমত আঞ্চলিক দলত পৰিণত হয়।
(৩) ভাষা: ভাৰতবৰ্ষ নানান ভাষা-ভাষী লোকৰ বাসস্থান। কেন্দ্ৰীয় চৰকাৰ নাইবা ৰাজ্যিক চৰকাৰে কোনো এটা বিশেষ ভাষা আন কোনো বিশেষ ভাষীক লোকৰ ওপৰত জাপি দিব বিচাৰিলে, সেই অঞ্চলৰ লোকসকলে নিজৰ ভাষাৰ অস্তিত্ব ৰক্ষাৰ্থে লগ-লাগি আঞ্চলিক দল গঠন কৰা দেখা যায়। উদাহৰণ স্বৰূপে কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাত, ইয়াৰ বিৰোধিতা কৰি তামিলানাভূত ডি এম কে দলৰ জন্ম হৈছিল।
(৪) নেতাসকলৰ মাজত ৰাজনৈতিক উচ্চাভিলাষ: আঞ্চলিক দল গঠনৰ আন এক কাৰণ হ’ল ৰাষ্ট্ৰীয় দলত বিশেষ স্থান নোপোৱা বা আশা কৰা মতে উচ্চ পদ লাভ কৰিব নোৱাৰাত কিছুসংখ্যক নেতাই নিজৰ উচ্চাভিলাষ পূৰণৰ অর্থে আঞ্চলিক দল গঠন কৰে।
(৫) সমস্যা সমাধানত বিলম্ব: কেন্দ্রীয় চৰকাৰে আঞ্চলিক সমস্যা সমাধান কৰাত বহু সময়ত বিলম্ব কৰে বা অবহেলা কৰে। ইয়াৰ ফলত তেনেবোৰ ৰাজ্যত তুৰন্তে সমস্যা সমাধান কৰাৰ উদ্দেশ্যে আঞ্চলিক দল গঠন হয়।
(৬) ভৌগোলিক বিভিন্নতা: ভৌগোলিক বিভিন্নতাৰ বাবেও কোনো কোনো বিশেষ অঞ্চলৰ বাসিন্দাসকলে নিজ অঞ্চলৰ সংস্কৃতি, ঐতিহ্য ৰক্ষণাবেক্ষণৰ বাবেও আঞ্চলিক দল গঠন কৰে। উদাহৰণ স্বৰূপে অসমত থকা গাৰো পাহাৰ, খাচীয়া পাহাৰ, নগা পাহাৰ, জয়ন্তীয়া পাহাৰ আদি জিলাসমূহত আঞ্চলিক দল গঠন কৰি নিজস্ব সমস্যাসমূহ দাঙি ধৰিছিল।
(খ) আঞ্চলিকতাবাদৰ সমস্যা সমাধানৰ বাবে পৰামৰ্শ আগবঢ়োৱা।
উত্তৰ: আঞ্চলিকতাবাদ ভাৰতবৰ্ষৰ সংহতিৰ ক্ষেত্ৰত এক ডাঙৰ প্ৰত্যাহ্বান। আঞ্চলিকাতাবাদৰ সমস্যা সমাধানৰ বাবে তলত দিয়া পৰামৰ্শবোৰ আগবঢ়াব পাৰি-
(১) আঞ্চলিকাতাবাদে যাতে চৰম সীমাত উপনীত হৈ দেশলৈ বিপদ মাতি আনিব নোৱাৰে তাৰ বাবে সঠিক অর্থনৈতিক নীতি প্রস্তুত কৰা উচিত।
(২) সমগ্র দেশৰ সম উন্নয়নৰ ওপৰত গুৰুত্ব দি উদ্যোগসমূহ বিকেন্দ্রীভূত কৰা উচিত।
(৩) কেন্দ্ৰীয় চৰকাৰে সীমামুৰীয়া অঞ্চলবোৰৰ প্রতি অবহেলামূলক আৰু দমনমূলক নীতি ত্যাগ কৰা উচিত।
(৪) আঞ্চলিকাতাবাদ ৰোধ কৰিবলৈ আঞ্চলিক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু ৰাজনৈতিক দলসমূহে বিশেষ তৎপৰতা গ্রহণ কৰা উচিত।
(৬) দেশখনত বিদ্যমান বিচিত্রতা নাশ কৰিবলৈ চেষ্টা নকৰি ইয়াক জাতীয় ঐতিহ্য বুলি স্বীকাৰ কৰি বিচিত্ৰতাৰ মাজত ঐক্য স্থাপন কৰাৰ চেষ্টা কৰা উচিত।
(৬৭) ক্ষমতাৰ বিকেন্দ্রীকৰণ প্রবণতা বন্ধ কৰি ৰাজ্যসমূহক অধিক স্বায়ত্ব শাসন প্রদান কৰা উচিত।