আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ পৰিকল্পিত উন্নয়নৰ ৰাজনীতি Class 12 Political Science Chapter 12 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
পৰিকল্পিত উন্নয়নৰ ৰাজনীতি Class 12 Political Science Chapter 12 Solutions
পৰিকল্পিত উন্নয়নৰ ৰাজনীতি (POLITICS OF PLANNED DEVELOPMENT)
অধ্যায় – ১ ২
১। অতি চমু প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ১)
(ক) ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্ৰতিষ্ঠপক কোন আছিল?
উত্তৰ: পি. চি. মহলানবীশ।
(খ) ‘ভাৰতৰ গোৱাল’ বুলি কাক কোৱা হৈছিল?
উত্তৰ: ভার্গিজ কুৰিয়েনক।
(গ) AMUL ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: Anand Milk Union Limited.
(ঘ) পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?
উত্তৰ: এখন ৰাষ্ট্ৰত কি ধৰণে, কি কি ক্ষেত্রত কেনেকৈ উন্নয়ন হ’ব তাৰ এক আর্হি প্রস্তুত কৰাকে ‘পৰিকল্পিত উন্নয়ন’ বুলি কোৱা হয়।
(ঙ) POSCO সম্পূর্ণ ৰূপটো কি?
উত্তৰ: Pohang Iron and Steel Company.
(চ) ভাৰতৰ পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৫০ চনৰ ১৫ মাৰ্চত।।
(ছ) উন্নয়নৰ দুটা আদর্শ আছেঃ এটা হ’ল উদাৰ পুঁজিবাদী আদর্শ আৰু আনটো কি?
উত্তৰ: সমাজবাদী আদর্শ।
(জ) প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? H.S. ’18
উত্তৰঃ ১৯৫১ চনত।
(ঝ) FYP মানে কি?
উত্তৰ: Five Year Plan.
(ঞ) প্রথম পঞ্চবার্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্রকল্পৰ নাম লিখা।
উত্তৰ: ভাক্রানাঙ্গল বান্ধ।
(ট) ভাৰতত পঞ্চবার্ষিক পৰিকল্পনাৰ ধাৰণাটো ক’ৰ পৰা লোৱা হৈছিল?
উত্তৰ: ছোভিয়েট ৰাছিয়াৰ পৰা।
(ঠ) প্রথম পঞ্চবার্ষিক পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ: কৃষিৰ বিকাশ সাধন কৰা।
(ড) ভাৰতে পঞ্চবার্ষিক পৰিকল্পনা কিয় গ্রহণ কৰিছে?
উত্তৰ: দেশখনৰ সামগ্রিক বিকাশ ত্বৰান্বিত কৰাৰ বাবে।
(ঢ) ভাৰতৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন?
উত্তৰ ভাৰতৰ প্ৰধান মন্ত্রী।
(ণ) ভাৰতৰ দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত কি খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছিল?
উত্তৰ: গধুৰ উদ্যোগৰ ওপৰত।
(ত) ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা কোনে প্রস্তুত কৰে?
উত্তৰ: পৰিকল্পনা আয়োগে।
(থ) পৰিকল্পনা আয়োগক এটা সাংবিধানিক সংস্থা ক’ব পাৰিনে?
উত্তৰ: নোৱাৰি।
(দ) ‘কেৰেলা মডেল’ বা ‘কেৰেলা আর্হি’ কি?
উত্তৰ ভাৰতৰ কেৰেলা চৰকাৰে ৰাজ্যখনৰ বিকাশৰ বাবে গ্রহণ কৰা এক আৰ্হি হ’ল ‘কেৰেলা আর্হি।
(ধ) সোঁ দল আৰু বাওঁ দল বুলিলে কি বুজা?
উত্তৰ: ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনাৰ ক্ষেত্ৰত উদাৰ অৰ্থনৈতিক আৰ্হিৰ সমর্থনকাৰী লোকসকলক ‘সোঁ দল’ আৰু সাম্যবাদী আৰ্হিৰ সমর্থকসকলক ‘বাওঁ দল’ বুলি কোৱা হয়।
(ন) চৰকাৰৰ বাজেটক দুটা ভাগত ভাগ কৰা হয়, সেই দুটা কি কি?
উত্তৰ: (১) পৰিকল্পনাভূত বাজেট আৰু (২) পৰিকল্পনা বহির্ভূত বাজেট।
(প) বর্তমান ভাৰতত পৰিকল্পনা আয়োগৰ সলনি কোনটো প্রতিষ্ঠান গঢ়ি তোলা হৈছে? H.S. ’17
উত্তৰঃ নীতি আয়োগ (NITI Ayog)
(ফ) ভৰত সেউজ বিপ্লৱৰ পিতৃ কাক আখ্যা দিয়া হয়? H.S. ’16
উত্তৰঃ ড° নৰ্মান বৰলাউগ।
(ব) ‘শ্বেত বিল্পব’ কি?
উত্তৰঃ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত দ্রব্যক কেন্দ্র কৰি সংঘটিত হোৱা বিপ্লৱক ‘শ্বেত বিপ্লব’ বুলি কোৱা হয়। ১৯৭০ দশকত গুজৰাটত শ্বেত বিপ্লৱ সংঘটিত হৈছিল।
(ভ) নির্বাচন আয়োগে কোন চনত EVM ৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? H.S. ’19
উত্তৰঃ ১৯৯০ চনত।
(ম) ভাৰত চৰকাৰে মণ্ডল আয়োগ H.S. ’19
উত্তৰঃ ১৯৭৯ চনত। চনত নিযুক্তি দিছিল। (খালী ঠাই পূৰণ কৰা।)
(য) ভাৰতীয় জনসংঘ কেতিয়া গঠিত হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰঃ ১৯৫১ চনত। ইয়াৰ প্ৰতিষ্ঠাপক সভাপতি আছিল শ্যামা প্রসাদ মুখার্জী।
২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ২)
(ক) ‘বোম্বে পৰিকল্পনা’ কি? H.S. ’19
উত্তৰ: ১৯৪৪ চনত ভাৰতৰ কিছুমান উদ্যোগপতিয়ে বোম্বাই মহানগৰীত মিলিত হৈ ভাৰতত পৰিকল্পিত অর্থনীতি প্রতিষ্ঠা কৰাৰ বাবে এটা যুটীয়া প্ৰস্তাৱৰ খচৰা প্ৰস্তুত কৰিছিল। সেই প্রস্তাৱক ‘বোম্বে পৰিকল্পনা’ বুলি কোৱা হয়।
(খ) ‘মিশ্র অর্থনীতি’ বুলিলে কি বুজা?
উত্তৰ: যি অর্থনীতিত সমাজবাদী আৰু পুঁজিবাদী- এই দুয়োটা আৰ্হিৰ অৱস্থিতি পোৱা যায় তেনে অর্থনীতিক ‘মিশ্র অর্থনীতি’ বুলি কোৱা হয়।
(গ) পৰিকল্পনা আয়োগক কিয় সংবিধান বহির্ভূত নিকায় বুলি কোৱা হয়?
উত্তৰ: ১৯৫০ চনত গঠন কৰা ভাৰতৰ পৰিকল্পনা আয়োগ সম্পর্কে ভাৰতীয় সংবিধানৰ কোনো ঠাইত কোনো কথা উল্লেখ নাই বাবে ইয়াক সংবিধানৰ ‘বর্হিভূত সংস্থা’ বুলি কোৱা হয়।
(ঘ) কোন চনত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগৰ প্ৰথমজন অধ্যক্ষ কোন আছিল।
উত্তৰ: ১৯৫০ চনত। ইয়াৰ প্ৰথম অধ্যক্ষজন আছিল সেই সময়ৰ ভাৰতৰ প্ৰধান মন্ত্রী পণ্ডিত জাৱাহৰলাল নেহক।
(ঙ) পৰিকল্পনাৰ দুটা সুবিধা (উদ্দেশ্য) উল্লেখ কৰা। H.S. ’15
উত্তৰ: পৰিকল্পনাৰ দুটা সুবিধা হ’ল
(ব) জনগণৰ জীৱনৰ মানদণ্ড উন্নত কৰা আৰু
(চ) জাতীয় আয় বৃদ্ধি কৰা।
(চ) পৰিকল্পিত বাজেট কি?
উত্তৰ: ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা বাজেট প্ৰধানকৈ দুই ধৰণৰ পৰিকল্পনা অর্ন্তভুক্ত বাজেট আৰু পৰিকল্পনা বহির্ভূত বাজেট। ইয়াৰ পৰিকল্পনা অন্তর্ভুক্ত বাজেটক অর্থাৎ যি বাজেট পৰিকল্পনা আৰু নির্দিষ্ট আঁচনি অনুযায়ী প্রস্তুত কৰা হয় তাকে ‘পৰিকল্পিত বাজেট’ বুলি কোৱা হয়।
(ছ) ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ দুটা বৈশিষ্ট্য হ’ল- (১) উদাৰীকৰণ আৰু (২) গোলকীকৰণ।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক- ৪)
(ক) অর্থনৈতিক পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা।
নাইবা
বিশ্বায়নৰ যুগত পৰিকল্পনা কিমান দূৰ প্রাসঙ্গিক? H.S. ’17
উত্তৰ: ৰাষ্ট্ৰ এখনৰ অৰ্থনৈতিক বিকাশত পৰিকল্পনাৰ গুৰুত্ব অসীম। তলত পৰিকল্পনাৰ গুৰুত্ব আলোচনা কৰা হ’ল-
(১) অর্থনৈতিক পৰিকল্পনা অর্থনৈতিক সম্পদৰ সু-ব্যৱহাৰ কৰাত যথেষ্ট সহায়ক হয়। ই সীমিত উৎসৰ জৰিয়তে ন্যূনতম প্রয়োজনসমূহ সমাধান কৰাত গুৰুত্ব দিয়ে।
(২) পৰিকল্পনাৰ দ্বাৰা এক নির্ধাৰিত সময়ত নির্দিষ্ট কার্য আৰু ফল পোৱাত সহায়ক হয়।
(৩) অর্থনৈতিক পৰিকল্পনাই উৎপাদন আৰু বিতৰণৰ মাজত এক ভাৰসাম্য আৰু সমতা প্রতিষ্ঠা কৰাত সহায় কৰে।
(৫) পৰিকল্পনাৰ দ্বাৰা যিকোনো সমস্যা এক সুসংহত আঁচনিৰ জৰিয়তে সমাধান কৰাত বিশেষ সহায়ক হয়।
(৪) পৰিকল্পনাৰ জৰিয়তে এখন সমাজৰ সন্তুলিত অর্থনৈতিক বিকাশ সাধন হয়।
(খ) সেউজ বিপ্লৱৰ ৰাজনৈতিক ফলাফল আলোচনা কৰা। H.S. ’17, ’20
উত্তৰ ভাৰতবৰ্ষত ষাঠিৰ দহকৰ মাজ ভাগৰ পৰা সেউজ বিপ্লৱ আৰম্ভ হয়। ইয়াৰ ৰাজনৈতিক ফলাফলসমূহ হ’ল-
(১) সেউজ বিপ্লৱৰ জৰিয়তে ভাৰতবৰ্ষ এখন ভোকাতুৰ ৰাষ্ট্ৰৰ পৰা খাদ্য শস্য ৰপ্তানি কৰাৰ সামৰ্থ থকা ৰাষ্ট্ৰৰূপে পৰিগণিত হয়। ভাৰতে এই সফলতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ৰ পৰা সম্ভ্রম আদায় কৰিবলৈ সমর্থ হয়।
(২) সেউজ বিপ্লবে ৰাজনৈতিক ক্ষেত্ৰত ভাৰতীয় জাতীয় কংগ্ৰেছ দলক শক্তিশালী দল ৰূপে থিয় কৰাত পৰোক্ষভাৱে সহায় কৰিছে।
(গ) সেউজ বিপ্লৱৰ (অর্থনৈতিক) ফলাফল আলোচনা কৰা।
উত্তৰ: ভাৰতত সেউজ বিপ্লৱৰ অর্থনৈতিক ফলাফল প্রশংসনীয়। যেনে-
(১) সেউজ বিপ্লবে ভাৰতত ধান আৰু ঘেহঁৰ উৎপাদন অভাবনীয় ভাবে বৃদ্ধি কৰিছে। H.S. ’17, ’20
(২) সেউজ বিপ্লৱৰ ফলস্বৰূপে ভাৰতৰ কৃষিকাৰ্যৰ পদ্ধতিৰ তাৎপর্যপূর্ণভাবে উন্নতি হৈছে।
(৩) সেউজ বিপ্লবে ভাৰতত স্থানীয় উৎপাদন খণ্ডৰ বৃদ্ধিত বৰঙণি যোগাইছে।
(৪) সেউজ বিপ্লৱৰ ফলত ভাৰতে খাদ্য শস্য উৎপাদনত আত্মনির্ভৰশীল হৈ উঠে আৰু বিশ্ব বেংকৰ পৰা লোৱা সমুদায় ঋণ পৰিশোধ কৰাৰ স্থিতিত উপনীত হৈছে।
(ঘ) সেউজ বিপ্লব কি? চমুকৈ আলোচনা কৰা। H.S. ’18
উত্তৰ: ভাৰতৰ কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰাৰ বাবে ১৯৬০ দহকৰ মাজ ভাগৰ পৰা যি প্রচেষ্টা হাতত লোৱা হৈছিল তাকে ‘সেউজ বিপ্লব’ বুলি কোৱা হয়। ১৯৬০ ৰ দহকত দেখা দিয়া ভাৰতৰ খাদ্য সংকটৰ বাবে দেশখনে বিদেশৰ ওপৰত বিশেষকৈ আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছিল। ইয়াৰ সুবিধা গ্রহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ বিভিন্ন নীতিত আনকি আভ্যন্তৰীণ দিশতো হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত ভাৰতে খাদ্য শস্য উৎপাদনত আত্মনির্ভৰশীল হ’বলৈ সিদ্ধান্ত গ্রহণ কৰি কৃষিকার্য আধুনিকীকৰণ কৰা আৰম্ভ কৰে। অর্থাৎ উন্নত বীজৰ যোগান, ৰাসায়নিক সাৰৰ প্ৰয়োগ, বৈজ্ঞানিক সা-সঁজুলিৰ আদিৰ ব্যৱহাৰ হ’বলৈ ধৰে। সেউজ বিপ্লৱৰ ফলত ভাৰতত খাদ্যশস্যৰ উৎপাদন যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)
(ক) ভাৰতত পঞ্চবার্ষিক পৰিকল্পনাৰ সফলতা আৰু বিফলতাসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতবৰ্ষই সর্বাত্মকভাৱে অর্থনৈতিক বিকাশ সাধনৰ উদ্দেশ্য আগত ৰাখি ১৯৫১ চনৰ পৰা পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰিছে। ইয়াৰ সফলতা আৰু বিফলতা তলত আলোচনা কৰা হ’ল।
সফলতাসমূহ:
(১) ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা আৰম্ভ কৰাৰ পৰা ইয়াৰ অর্থনৈতিক বিকাশ দ্রুত হৈছে। ১৯৫১ চনৰ পৰা ১৯৮৬ চনলৈ ভাৰতৰ জনমূৰি আয় ৩.৫ শতাংশ বৃদ্ধি পাইছে।
(২) কৃষিৰ ক্ষেত্ৰতো ভাৰতৰ যথেষ্ট বিকাশ হৈছে। খাদ্য সমস্যা বহুত পৰিমাণে লাঘৱ হৈছে। উৎপাদন যথেষ্ট বৃদ্ধি পাইছে।
(৩) ঔদ্যোগিক ক্ষেত্ৰত ভাৰতৰ বিকাশ উল্লেখনীয়। ১৯৫০-৫১ চনত জাতীয় আয়লৈ উদ্যোগৰ অৱদান আছিল ২৪.৫ শতাংশ। ১৯৮৬-৮৭ চনত ইয়াৰ পৰিমাণ ২৭.৫ শতাংশলৈ বৃদ্ধি পায়।
(৪) শৈক্ষিক খণ্ডত ভাৰতত পৰিকল্পিত অর্থনীতিৰ জৰিয়তে যথেষ্ট বিকাশ হৈছে। স্বাধীনতাৰ সময়ত ভাৰতত স্বাক্ষৰতাৰ হাৰ আছিল ১৬.৬৭ শতাংশ। বর্তমান ৬৫.৩৮ শতাংশলৈ বৃদ্ধি পাইছে।
(৫) অর্থনৈতিক পৰিকল্পনাৰ কালছোৱাত ভাৰতে বৃহৎ উদ্যোগৰ ক্ষেত্ৰত বিশেষ সাফল্য অর্জন কৰিছে। বর্তমান অধিকাংশ ঔদ্যোগিক যন্ত্র-পাতি ভাৰতত তৈয়াৰ হয়। আনকি ভাৰতত বিমান নির্মাণ উদ্যোগো গঢ়ি উঠিছে। বিফলতাসমূহ: (১) ভাৰতত দৰিদ্ৰতা নির্মূলকৰণৰ ক্ষেত্ৰত পৰিকল্পিত অর্থনীতিয়ে সফলতা লাভ কৰা নাই। ভাৰতত দৰিদ্ৰতাই এক তীব্র প্রত্যাহ্বান হিচাপে থিয় দিছে। দৰিদ্ৰতাৰ বাবে আত্ম হত্যা কৰা লোকৰ সংখ্যাও ভাৰত তাকৰ নহয়।
(২) বিভিন্ন শৈক্ষিক বিকাশ কৰ্মসূচীৰ জৰিয়তে ভাৰতত শিক্ষিতৰ হাৰ বৃদ্ধি কৰাৰ চেষ্টা কৰা সত্বেও আজিলৈকে শিক্ষিতৰ হাৰ শতাংশৰ ঘৰ পোৱাহি নাই।
(৩) ভাৰতত জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনাসমূহ সফল হ’ব পৰা নাই।
(৪) অর্থনীতিৰ উদাৰীকৰণৰ জৰিয়তে নিয়োগৰ সুবিধা বৃদ্ধি পাইছে যদিও সেয়া পর্যাপ্ত নহয়। নিবনুৱা সমস্যাই বর্তমান জটিল ৰূপ লৈছে।
(খ) পৰিকল্পনা আয়োগৰ কার্যাবলী চমুকৈ আলোচনা কৰা।
নাইবা
পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বর্তমান পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে গঠন কৰা সংগঠনটোৰ নাম কি? H.S. ’19
উত্তৰ: স্বাধীন ভাৰতত ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল।
ভাৰতবৰ্ষত পৰিকল্পিত অর্থনীতিৰ বিকাশৰ বাবে পৰিকল্পনা আয়োগে বিভিন্ন ধৰণৰ কাৰ্য সম্পাদন কৰিবলগীয়া হয়। তলত পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী (ভূমিকা) সংক্ষেপে আলোচনা কৰা হ’ল-
(১) সম্পদৰ মূল্যায়ন: কোনো এক আঁচনি প্ৰস্তুত কৰাৰ আগতে পৰিকল্পনা আয়োগে দেশৰ সম্পদৰ এক মূল্যায়ন কৰে। ‘সম্পদ’ বুলি কওঁতে মুদ্রাগত আৰু মানৱ সম্পদ দুয়োটাকে বুজোৱা হয়।
(২) পৰিকল্পনা প্রস্তুত: সম্পদৰ মূল্যায়নৰ পিছত পৰিকল্পনা আয়োগে এক খচৰা পৰিকল্পনা প্রস্তুত কৰে। দেশৰ সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ ভিত্তিতেই খচৰাখন প্রস্তুত কৰা হয়।
(৩) অগ্রাধিকাৰ ক্ষেত্ৰ নিৰ্ধাৰণ: পৰিকল্পনা আয়োগে অগ্রাধিকাৰ ক্ষেত্ৰসমূহ পৰিকল্পনাত স্পষ্টকৈ নির্ধাৰণ কৰে। অর্থাৎ কোনটো ক্ষেত্রত অগ্রাধিকাৰ দিয়া হ’ব সেইটো নির্ধাৰণ কৰা পৰিকল্পনা আয়োগৰ কাম।
(৪) পৰামৰ্শদান: এক পৰামৰ্শদানকাৰী অনুষ্ঠান হিচাপে পৰিকল্পনা আয়োগে ভাৰত চৰকাৰক অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰামৰ্শ দিয়ে।
(৫) আঁচনিৰ মূল্যায়ন: উন্নয়নৰ আঁচনিসমূহ বাস্তৱত ৰূপায়িত হোৱাৰ লগে লগে সেইবোৰক নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে মূল্যায়ন কৰাটোও পৰিকল্পনা আয়োগৰ এটা কাৰ্য।
সম্প্রতি নৰেন্দ্ৰ মোডী চৰকাৰে পৰিকল্পনা আয়োগৰ পৰিৱৰ্তে নাতি আয়োগ (NITI Ayog) নামেৰে এটি সংগঠন সৃষ্টি কৰিছে।
(গ) ভাৰতৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত মূল বিতৰ্কসমূহৰ বিষয়ে আলোচনা কৰা। H.S. ’15, ’17
নাইবা
স্বাধীনতাৰ পিছত পৰিকল্পিত বিকাশক লৈ সৃষ্টি হোৱা বিতৰ্কসমূহৰ বিষয়ে চমুকৈ লিখা। H.S. ’19
নাইবা
দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত উদ্যোগীকৰণ আৰু কৃষি বিকাশৰ মাজৰ উদ্ভৱ হোৱা বিতৰ্কৰ বর্ণনা কৰা। H.S. ’20
উত্তৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছিল, যেনে-
(১) কৃষি খণ্ড আৰু উদ্যোগ খণ্ড: পৰিকল্পনাৰ জৰিয়তে ভাৰতৰ কৃষি খণ্ড নে উদ্যোগ খণ্ডৰ ওপৰত গুৰুত্ব দিয়া হ’ব, সেই বিষয় লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। সেয়ে প্রথম পঞ্চবার্ষিক পৰিকল্পনাত কৃষি খণ্ড আৰু দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত উদ্যোগ খণ্ডত গুৰুত্ব দিয়া হৈছিল। অবশ্যে পৰিকল্পনা প্রস্তুতকাৰীসকলে দ্রুত উদ্যোগিকৰণৰ সপক্ষে মত আগবঢ়াইছিল।
(২) ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড: ভাৰতৰ অর্থনীতিত ৰাজহুৱা খণ্ড নে ব্যক্তিগত খণ্ডৰ ওপৰত জোৰ দিয়া হ’ব, সেই বিষয় লৈয়ো এক বিতৰ্কৰ সূচনা হৈছিল। আৰম্ভণিতে পুঁজিবাদী অর্থনীতি আৰু সমাজবাদী অর্থনীতি গ্রহণক লৈ বিতর্ক সৃষ্টি হৈছিল যদিও অৱশেষত মিশ্র অর্থনীতি গ্রহণ কৰা হৈছিল।
এনে বিতৰ্কৰ মীমাংসা হিচাপে ভাৰতে দুয়োটা খণ্ডৰ ওপৰত গুৰুত্ব দিছিল যদিও ১৯৮০ ৰ দহকলৈ সামগ্রিকভাবে ৰাজহুৱা খণ্ডই প্রাধান্য লাভ কৰিছিল। পিছত চৰকাৰৰ এই সিদ্ধান্ত তীব্রভাবে সমালোচিত হোৱাত ১৯৯১ চনত ভাৰতে অর্থনৈতিক সংস্কাৰ নীতি গ্রহণ কৰে আৰু ক্ৰমাৎ ব্যক্তিগত খণ্ডই গুরুত্ব লাভকৰিবলৈ আৰম্ভ কৰে।
(ঘ) ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ আলোচনা কৰা।
উত্তৰ: ভাৰতত পৰিকল্পনাৰ উদ্দেশ্যসমূহ হ’ল-
(১) জনগণৰ জীৱনৰ মানদণ্ড উন্নত কৰা আৰু
(২) জাতীয় আয় বৃদ্ধি কৰা।
(৩) সম্পদৰ সঠিক ব্যৱহাৰ কৰা।
(৪) ৰাষ্ট্ৰীয় উন্নয়ন দ্রুত কৰা।
(৫) অর্থনৈতিক সমতা প্রতিষ্ঠা কৰি সামাজিক ন্যায় প্রতিষ্ঠা কৰা। H.S. ’16
(খ) পৰিকল্পিত বিকাশ মানে কি? ভাৰতৰ বিকশত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। H.S. 16, ’18
উত্তৰ: এখন ৰাষ্ট্ৰত কি ধৰণে, কি কি ক্ষেত্রত কেনেকৈ উন্নয়ন হ’ব তাৰ এক আৰ্হি প্ৰস্তুত কৰাকে ‘পৰিকল্পিত বিকাশ’ বুলি কোৱা হয়। স্বাধীন ভাৰতত ১৯৫০ চনৰ ১৫ মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল।
ভাৰতবৰ্ষত পৰিকল্পিত অর্থনীতিৰ বিকাশৰ বাবে পৰিকল্পনা আয়োগে বিভিন্ন ধৰণৰ কাৰ্য (ভূমিকা) পালন সম্পাদন কৰিবলগীয়া হয়। তলত পৰিকল্পনা আয়োগৰ কাৰ্যাৱলী (ভূমিকা) সংক্ষেপে আলোচনা কৰা হ’ল-
(১) সম্পদৰ মূল্যায়ন: কোনো এক আঁচনি প্ৰস্তুত কৰাৰ আগতে পৰিকল্পনা আয়োগে দেশৰ সম্পদৰ এক মূল্যায়ন কৰে। ‘সম্পদ’ বুলি কওঁতে মুদ্রাগত আৰু মানৱ সম্পদ দুয়োটাকে বুজোৱা হয়।
(২) পৰিকল্পনা প্রস্তুত: সম্পদৰ মূল্যায়নৰ পিছত পৰিকল্পনা আয়োগে এক খচৰা পৰিকল্পনা প্রস্তুত কৰে। দেশৰ সম্পদসমূহ কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ ভিত্তিতেই খচৰাখন প্রস্তুত কৰা হয়।
(৩) অগ্রাধিকাৰ ক্ষেত্ৰ নিৰ্ধাৰণ: পৰিকল্পনা আয়োগে অগ্রাধিকাৰ ক্ষেত্ৰসমূহ পৰিকল্পনাত স্পষ্টকৈ নির্ধাৰণ কৰে। অর্থাৎ কোনটো ক্ষেত্রত অগ্রাধিকাৰ দিয়া হ’ব সেইটো নির্ধাৰণ কৰা পৰিকল্পনা আয়োগৰ কাম।
(৪) পৰামৰ্শদান: এক পৰামৰ্শদানকাৰী অনুষ্ঠান হিচাপে পৰিকল্পনা আয়োগে ভাৰত চৰকাৰক অর্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰামৰ্শ দিয়ে।
(৫) আঁচনিৰ মূল্যায়ন: উন্নয়নৰ আঁচনিসমূহ বাস্তৱত ৰূপায়িত হোৱাৰ লগে লগে সেইবোৰক নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে মূল্যায়ন কৰাটোও পৰিকল্পনা আয়োগৰ এটা কাৰ্য।