আশা কৰো ভালেই আছে। আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ জাতি নির্মাণত প্রত্যাহ্বানসমূহ Class 12 Political Science Chapter 11 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।
জাতি নির্মাণত প্রত্যাহ্বানসমূহ Class 12 Political Science Chapter 11 Solutions
জাতি নির্মাণত প্রত্যাহ্বানসমূহ (CHALLANGES OF NATION BUILDING)
অধ্যায় – ২
১। অতি চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ১)
(ক) দেশ বিভাজনৰ সময়ত সাম্প্রদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা।
উত্তৰ লাহোৰ আৰু কলিকতা।
(খ) স্বাধীন ভাৰতৰ প্ৰথমজন গৃহমন্ত্রী (উপ-প্রধানমন্ত্রী) কোন আছিল?
উত্তৰ চৰ্দাৰ বল্লভভাই পেটেল।
(গ) ভাৰতে স্বাধীনতা পোৱাৰ সময়ত মণিপুৰৰ ৰজা কোন আছিল?
উত্তৰ: মহাৰাজা বোধচন্দ্র সিং।
(ঘ) দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য অধিক ক্ষতিগ্রস্ত হৈছিল?
উত্তৰ: পঞ্জাৱ আৰু কাশ্মীৰ।
(ঙ) ‘স্ট্রাগ’ল ফৰ ছার্ভিভেল’ কোন চনত প্রকাশিত হৈছিল?
উত্তৰ: ১৯৫২ চনত।
(চ) স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী কোন আছিল?
উত্তৰ: পণ্ডিত জৱাহৰলাল নেহৰু।
(ছ) ১৯৪৭ চনৰ ১৪-১৫ আগষ্টত দুখন ৰাষ্ট্ৰৰ জন্ম হৈছিল এখন পাকিস্থান আৰু আনখন কি আছিল?
উত্তৰ: ভাৰত।
(জ) স্বাধীন ভাৰতৰ দ্বিতীয় প্রধানমন্ত্রী কোন আছিল?
উত্তৰ: লাল বাহাদুৰ শাস্ত্রী।
(ঝ) ‘দ্বিৰাষ্ট্ৰ সূত্ৰ’ ৰ ধাৰণাটো উল্লেখ কৰা।
উত্তৰ: ইংৰাজ শাসিত ভাৰতবৰ্ষক হিন্দু ধর্ম আৰু ইছলাম ধৰ্মৰ ওপৰত ভিত্তি কৰি অৱশেষত ভাৰতবৰ্ষ আৰু পাকিস্থান নামেৰে দুখন দেশ হিচাপে স্বাধীনতা প্রদান কৰাকে ‘দ্বিৰাষ্ট্ৰ সূত্র’ বুলি কোৱা হয়।
(ঞ) হায়দৰাবাদৰ জনসাধাৰণে কিয় নিজামৰ বিৰোধীতা কৰিছিল?
উত্তৰ: হায়দৰাবাদৰ নিজামে কৃষকসকলক শোষণ আৰু উৎপীড়ন কৰিছিল বাবে জনসাধাৰণে নিজামৰ বিৰোধীতা কৰিছিল।
(ট) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত কোনখন ৰাজকীয় ৰাজ্যই কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল?
উত্তৰ: মণিপুৰ।
(ঠ) ‘চামিলকৰণৰ দলিল’ চুক্তিখনৰ মূল বিধানসমূহ কি আছিল?
উত্তৰ: ‘চামিলকৰণৰ দলিল’ চুক্তিৰ বিধানমতে ভাৰতৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ দেশীয় শাসকৰ সৈতে চহী কৰি সেইবোৰ ভাৰতীয় সংঘৰ সৈতে চামিলকৰণ কৰা হৈছিল।
(ড) কোন তাৰিখে জম্মু আৰু কাশ্মীৰৰ মহাৰজাই ভাৰতৰ ‘চামিলকৰণ দলিল’ত চহী কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ২৬ অক্টোবৰত।
(ঢ) মুছলিম লীগ‘ কেতিয়া প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰ: ১৯০৬ চনত।
(ণ) ৰাজ্য পুনৰ গঠন আয়োগ কিয় গঠন কৰা হৈছিল?
উত্তৰ: ৰাজ্যসমূহৰ সীমা নতুনকৈ নিৰ্ধাৰণ কৰিবৰ বাবে।
(ত) ‘সীমান্ত গান্ধী’ বুলিলে কাক বুজায়?
উত্তৰঃ খান আব্দুল গফুৰ খান।
(থ) ভাৰতৰ সংবিধান সভাৰ সভাপতি কোন আছিল?
উত্তৰ: ডক্টৰ ৰাজেন্দ্ৰ প্রসাদ।
(দ) ভাৰত বিভাজনৰ সময়ত ভাৰতত মুঠ জনসংখ্যাৰ কিমান শতাংশ মুছলিম আছিল?
উত্তৰ: ১২ শতাংশ।
(খ) কেবিনেট মিছনৰ আঁচনি অনুসৰি গঠন কৰা অন্তঃবর্তীকালীন চৰকাৰৰ মুৰব্বী কোন আছিল?
উত্তৰ: জৱাহৰলাল নেহৰু।
(ন) ভাৰতৰ লগত চামিল হোৱাৰ আগতে গোৱা কাৰ অধীনত আছিল?
উত্তৰ: পর্তুগীজ শাসনৰ অধীনত।
(প) ভাৰতৰ কোনখন ৰাজ্যৰ পৃথক সংবিধান আছে?
উত্তৰ: জম্মু আৰু কাশ্মীৰ।
(ফ) ২০০০ চনত নতুনকৈ সৃষ্টি কৰা তিনিখন ৰাজ্য কি কি?
উত্তৰ: ঝাৰখণ্ড, ছট্টিশগড় আৰু উত্তৰাঞ্চল।
(ব) ভাষাৰ ভিত্তিত সৃষ্টি কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য কোনটো আছিল?
উত্তৰ: অন্ধ্রপ্রদেশ।
(ভ) কিহৰ ভিত্তিত ভাৰতবৰ্ষক বিভাজন কৰা হৈছিল?
উত্তৰ: ধৰ্মৰ ভিত্তিত।
(ম) দেশীয় ৰাজ্যবোৰৰ ভিতৰত ভাৰত স্বাধীন হোৱাৰ সময়ত সর্ববৃহৎ ৰাজ্য কোনটো আছিল?
উত্তৰ: হায়দৰাবাদ।
(ঘ) ‘মোৰ শবদেহৰ ওপৰত পাকিস্থানৰ সৃষ্টি হ’ব’- কথাষাৰ কোনে কৈছিল?
উত্তৰ: মহাত্মা গান্ধী।
(ব) ‘জাতি গঠন’ বুলিলে কি বুজা?
উত্তৰ: এখন দেশৰ সামাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি সকলো দিশতে একতা প্রতিষ্ঠা কৰাকে ‘জাতি গঠন’ বুলি কোৱা হয়।
(ব) ১৯৫৬ চনৰ ৰাজ্য পুনৰ গঠন আইনৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্যৰ নাম লিখা। H.S. ’18
উত্তৰঃ বিহাৰ।
(শ) ৰাজ্য পুনৰ গঠন আইন কেতিয়া গ্রহণ কৰা হৈছিল? H.S. ’17
উত্তৰঃ ১৯৫৬ চনত।
(স) তেলেঙ্গনা ৰাজ্য ভাৰতৰ —- তম ৰাজ্য। (খালী ঠাই পূৰণ কৰা।) H.S. ’15
উত্তৰঃ ২৯ তম।
(য) ‘ভাৰতীয় সংবিধানৰ নম্বৰ অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিশেষ মর্যদা প্রদান কৰিছিল।
উত্তৰঃ ৩৭০ নং অনুচ্ছেদত।
(হ) সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মর্যদা প্রদান কৰা হৈছিল? H.S. ’16
(ব) সংবিধান পৰিষদৰ খচৰা প্ৰস্তুতি সমিতিৰ অধ্যক্ষ কোন আছিল? H.S. ’20
উত্তৰঃ ড° ভীম ৰাও আম্বেদকাৰ।
(ল) ভাৰতৰ নিৰ্বাচিনী আয়োগ কেতিয়া গঠন কৰা হৈছিল? ভাৰতৰ প্ৰথমগৰাকী মুখ্য নির্বাচনী আযুক্ত কোন আছিল? H.S. ’20
উত্তৰঃ ভাৰতৰ নিৰ্বাচনী আয়োগ গঠন কৰা হৈছিল ১৯৫০ চনৰ ২৫ জানুৱাৰীত। ইয়াৰ মুখ্য নির্বাচনী আযুক্তজন আছিল সুকুমাৰ সেন।
(ব) কোন দুখন কেন্দ্রীয় শাসিত অঞ্চলক ১৯৭২ চনত পূর্ণাংগ ৰাজ্যৰ মৰ্যদা দিয়া হৈছিল? H.S. ’19
উত্তৰঃ মণিপুৰ আৰু ত্ৰিপুৰা।
(শ) কোন তাৰিখে ভাৰতীয় সংবিধানৰ খচৰাত স্বাক্ষৰ কৰা হৈছিল আৰু ই কেতিয়া বলবৎ কৰা হৈছিল? H.S. ’19
উত্তৰঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানৰ খচৰাত চহী কৰা হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ইয়াক বলবৎ কৰা হৈছিল।
২। চমু প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক- ২)
(ক) স্বাধীনতাৰ পিছত ভাৰতে সম্মুখীন হোৱা তিনিটা প্রত্যাহ্বান উল্লেখ কৰা।
উত্তৰ: স্বাধীনতা পোৱাৰ পিছত ভাৰতে সম্মুখীন হোৱা প্রধান তিনিটা প্রত্যাহ্বান হ’ল-
(১) বিভিন্ন জাতি, ধর্ম, ভাষা-গোষ্ঠীৰ লোকে বসবাস কৰা ভাৰতত ঐক্য আৰু সংহতি প্রতিষ্ঠা কৰা।
(২) সকলো ৰাজ্য একত্রিত কৰি গণতন্ত্র প্রতিষ্ঠা কৰা।
(৩) দেশৰ উন্নয়ন সাধন কৰা আৰু সকলো লোককে সমান অধিকাৰ প্ৰদান কৰা।
(খ) ভাৰতবৰ্ষত গণতন্ত্র প্রতিষ্ঠাৰ বাবে গ্রহণ কৰা তিনিটা ব্যৱস্থা উল্লেখ কৰা।
উত্তৰ: ভাৰতবৰ্ষত গণতন্ত্র প্রতিষ্ঠা কৰাৰ বাবে গ্রহণ কৰা তিনিটা ব্যৱস্থা হ’ল-
(১) সংবিধানত মৌলিক অধিকাৰৰ অন্তৰ্ভূক্ত কৰা।
(২) প্রাপ্তবয়স্ক সকলো পুৰুষ-মহিলাক ভোটাধিকাৰ প্ৰদান কৰা।
(৩) প্রতিনিধিমূলক সংসদীয় গণতন্ত্র প্রতিষ্ঠা কৰা।
(গ) ভাৰত বিভাজনৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰ: ভাৰত বিভাজনৰ দুটা কাৰণ হ’ল- (১) ইংৰাজসকলৰ বিভাজন আৰু শাসন নীতি।
(২) মুছলিম লীগৰ সাম্প্রদায়িক ৰাজনীতি।
(ঘ) ৰাজ্যৰ পনর্গঠন আয়োগৰ অধীনত কিমানখন ৰাজ্য আৰু কিমানখন কেন্দ্রীয় শাসিত অঞ্চল সৃষ্টি কৰা হৈছিল?
উত্তৰ: ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত ৰাজ্য।
(ঙ) ৰাজ্যৰ পুনৰ গঠন আয়োগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শটো কি আছিল?
উত্তৰঃ ১৯৫৩ চনত গঠন কৰা ৰাজ্যৰ পুনৰ গঠন আয়োগে ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহক পুনৰ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। সেই মর্মে ১৪ খন ৰাজ্য আৰু ৬ খন কেন্দ্রীয় শাসিত ৰাজ্য গঠন কৰা হয়।
(চ) দ্বিজাতি তত্ত্বৰ অন্তৰ্ভূক্ত কৰা ৰাষ্ট্ৰ দুখনৰ নাম কি? H.S. ’18
উত্তৰঃ ভাৰত আৰু পাকিস্থান।
(ছ) ৰাজ্য পুনৰ গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই আইনৰ অধীনত সৃষ্টি হোৱা এখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ বিহাৰ।
৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ: (প্ৰত্যেকটোৰ মূল্যাংক – ৪)
(ক) দেশীয় ৰাজ্যসমূহ ভাৰত যুক্তৰাষ্ট্ৰৰ লগত চামিলকৰণৰ ক্ষেত্ৰত চৰ্দাৰ পেটেলৰ ভূমিকা আলোচনা H.S. ’17
উত্তৰ: দেশীয় ৰাজ্যসমূহ ভাৰত যুক্তৰাষ্ট্ৰৰ লগত চামিলকৰণৰ ক্ষেত্ৰত চৰ্দাৰ পেটেলে এক গুৰুত্বপূর্ণ ভূমিকা লৈছিল। ভাৰতৰ ঐক্য, সংহতি আৰু প্ৰতিৰক্ষাৰ বাবে ৰাজ্যসমূহ ভাৰতৰ লগত চামিল কৰাটো বৰ জৰৰী হৈ পৰিছিল। চৰ্দাৰ পেটেলে এই গুৰুত্ব উপলব্ধি কৰি ভাৰতীয় ৰাজ্যবিলাকৰ শাসকসকলক ভাৰতৰ লগত চামিল হ’বলৈ আহ্বান জনাইছিল আৰু ইয়াৰ বিনিময়ত শাসকসকলক ভাট্টা দিয়াৰ কথাও ঘোষণা কৰিছিল। চৰ্দাৰ পেটেলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বেছিভাগ দেশীয় ৰজাই ভাৰতৰ লগত চামিল হৈছিল। কিন্তু কেইখনমান ৰাজ্য যেনে- কাশ্মীৰ, হায়দৰাবাদ, জুনাগড়, আদিয়ে স্বাধীনভাবে থকাৰ সিদ্ধান্ত লৈছিল। কিন্তু চৰ্দাৰ পেটেলে লোৱা কৌশলপূর্ণ তথা বিচক্ষণ ভূমিকাৰ বাবে এই কাম সফল হৈছিল। অবশ্যে এই কামত পেটেলক কেইবাজনো নেতাই সহায় কৰিছিল।
(খ) দুইজাতি তত্ত্বৰ বিষয়ে চমুকৈ আলোচনা কৰা। H.S. ’16
উত্তৰ: ১৯০৬ চনত জন্ম লোৱা মুছলিম লীগে ‘দুইজাতি তত্ত্ব’ আগবঢ়াইছিল। এই তত্ত্ব মতে ভাৰতবৰ্ষত প্রধানকৈ হিন্দু আৰু মুছলমান এই দুটা জাতিৰ লোকে বসবাস কৰে। এই তত্ত্ব অনুসৰি ইংৰাজসকলে ভাৰতবৰ্ষক দুটা ভাগত বিভক্ত কৰি স্বাধীনতা প্রদান কৰিব লাগে বুলি ইয়াৰ সমর্থকসকলে দাবী জনাইছিল।। মহম্মদ আলি জিন্নাই এই দ্বিজাতি তত্ত্বৰ ভিত্তিত ‘পাকিস্থান’ নামৰ মুছলিম ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল। ইংৰাজসকলেও এই তত্ত্বৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্থান নামৰ দুই ৰাষ্ট্ৰৰ সৃষ্টি কৰি স্বাধীনতা প্রদান কৰে।
৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ: (প্রত্যেকটোৰ মূল্যাংক – ৬)
(ক) দেশ বিভাজনৰ ফলাফল (পৰিণতিসমূহ) সমূহ আলোচনা কৰা। H.S. ’20
উত্তৰঃ বৃটিছ চৰকাৰে ১৯৪৭ চনৰ ১৪ আগষ্ট আৰু ১৫ আগষ্ট তাৰিখে দ্বিজাতি তত্ত্বৰ ওপৰত ভিত্তি কৰি পাকিস্থান আৰু ভাৰতবৰ্ষক স্বাধীনতা প্রদান কৰে। এই বিভাজনৰ ফলত দেশখনে বহুত সমস্যাৰ সন্মুখীন হয় যাৰ প্ৰভাৱ আছিল সুদূৰ প্ৰসাৰী। তলত দেশ বিভাজনৰ ফলাফলবোৰ আলোচনা কৰা হ’ল-
(১) হিন্দু আৰু মুছলমান সম্প্রদায়ৰ মাজত সংঘর্ষ সৃষ্টি হৈ প্রায় পাঁচ লাখ লোকৰ প্ৰাণ হানি হয়।
(২) ভাৰত আৰু পাকিস্থান- দুয়োখন দেশতে শৰণার্থী সমস্যাই প্রকট ৰূপ ধাৰণ কৰে। বহুতো লোক নিজ দেশ এৰি চুবুৰীয়া ৰাষ্ট্ৰতো শৰণাৰ্থী
হিচাপে থাকিবলগীয়া হৈছিল। বহুতো লোক নিজ পৰিয়ালৰ সদস্যসকলৰ পৰা বিচ্ছিন্ন হৈছিল।
(৩) দেশ বিভাজনৰ ফলস্বৰূপে দেশীয় ৰাজ্যবোৰৰ স্থিতিয়েও এক ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছিল।
বিশেষকৈ হায়দৰাবাদ, মণিপুৰ, জুনাগড়, কাশ্মীৰ আদি ৰাজ্যক লৈ দুয়োখন ৰাষ্ট্ৰতে সংহতিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ উদ্ভব হৈছিল।
(৪) দেশ বিভাজনৰ ফলত ৰাজ্য পুনৰ গঠন আয়োগ গঠন কৰিব লগা হৈছিল যি আয়োগে ৰাজ্যসমূহক ভাষাৰ ভিত্তিত পুনৰ গঠন কৰিছিল।
(৫) দেশ বিভাজনে ৰাষ্ট্ৰৰ সম্পদবোৰ ভাৰত আৰু পাকিস্থানৰ মাজত ভগাই লোৱাৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হৈছিল।
(৬) ধৰ্মৰ ভিত্তিত দেশ বিভাজন হোৱা বাবে হিন্দু আৰু মুছলমানৰ মাজত বিভেদৰ সৃষ্টি হয় যাৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। ভাৰতত হিন্দু সাম্প্রদায়িকতা
আৰু পাকিস্থানত মুছলিম সাম্প্রদায়িকতাবাদৰ সৃষ্টি হৈছিল।
(খ) লর্ড মাউন্ট বেটেন আঁচনিৰ বিষয়-বস্তুবোৰ আলোচনা কৰা।
উত্তৰ: ১৯৪৭ চনত মাউন্ট বেটেন ভাৰতৰ ভাইচৰয় হৈ আহে। তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰি কংগ্ৰেছ আৰু মুচলিম লীগৰ নেতৃবৃন্দৰ সৈতে ক্ষমতা
হস্তান্তৰৰ বিষয়ে আলোচনা কৰি এখন আঁচনি ঘোষণা কৰে। এই আঁচনিৰ মূল বিষয়-বস্তু আছিল-
(১) ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্থান নামৰ দুখন ৰাষ্ট্ৰ গঠন কৰা হ’ব।
(২) বংগ আৰু পঞ্জাৱৰ কোন কোন অংশ পাকিস্থানৰ সৈতে চামিল হ’ব সেয়া নির্ধাৰণৰ বাবে এখন সীমা নির্ধাৰণ আয়োগ গঠন কৰা হ’ব।
(৩) মুছলমান সম্প্রদায়ৰ সংখ্যাগৰিষ্ঠতা থকা অসমৰ ছিলেট জিলা আৰু উত্তৰ-পশ্চিম সীমান্ত প্রদেশ পাকিস্থানৰ লগত সংযুক্ত হ’ব নে নহ’ব সেয়া সেই দুই অঞ্চলৰ জনসাধাৰণৰ গণভোটৰ জৰিয়তে নির্ধাৰণ কৰা হ’ব।
(৪) সিন্ধু প্রদেশৰ বিধানসভাই ভোটদানৰ জৰিয়তে যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিব।
(৫) দেশীয় ৰাজ্যসমূহে স্ব-ইচ্ছাই যিকোনো এখন ৰাষ্ট্ৰৰ সৈতে যোগদান কৰিব অথবা স্বাধীনভাবে থাকিব পাৰিব।
(গ) স্বাধীনতাৰ সময়ত ভাৰতে সম্মুখীন হোৱা তিনিটা প্রত্যাহ্বানৰ বিষয়ে বর্ণনা কৰা। H.S. ’15, ’19
উত্তৰ: স্বাধীনতাৰ সময়ত ভাৰতে তিনিটা ডাঙৰ প্ৰত্যাহ্বানৰ সম্মুখীন হয়, যথাঃ
প্রথম প্রত্যাহ্বানটো আছিল ভাৰতৰ বিশালতা আৰু বৈচিত্ৰতা। ভাৰতবৰ্ষত অসংখ্য ভাষা-ভাষীৰ লোক বসবাস কৰাৰ উপৰিও সংস্কৃতি আৰু ধৰ্মৰ ক্ষেত্ৰতো বিভিন্নতা বিদ্যমান। এই বিভিন্নতা আৰু ভৌগোলিক বিশালতাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতৰ ভৱিষ্যত সম্পর্কে সংশয়ৰ সৃষ্টি কৰিছিল।
দ্বিতীয় প্রত্যাহ্বানটো আছিল গণতন্ত্র প্রতিষ্ঠাৰ প্ৰত্যাহ্বান। ভাৰতৰ সংবিধানত মৌলিক অধিকাৰ আৰু প্রাপ্তবয়স্ক ভোটাধিকাৰ দিয়া হৈছে। সংবিধানখনে আক্ষৰিক আৰু প্রায়োগিক দিশতে গণতন্ত্র প্রতিষ্ঠাৰ চেষ্টা কৰিছিল। সংবিধানখন সংসদীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থাৰ ওপৰত আধাৰিত হৈছিল যাতে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্রতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হয় আৰু ইয়াৰ জৰিয়তে ভাৰতৰ নতুনকৈ স্বাধীনতাৰ সোৱাদ লাভ কৰা জনসাধাৰণে গণতান্ত্রিক শিক্ষা লাভ কৰিব পাৰে।
তৃতীয়তে ভাৰতৰ নেতৃবৰ্গৰ বাবে সমগ্র দেশৰ মঙ্গল আৰু বিকাশ সাধন কৰাটো আছিল আন এক প্রত্যাহ্বান। এই প্রত্যহানৰ সন্মুখীন হোৱাকৈ ভাৰতীয় সংবিধানত বিভিন্ন ব্যবস্থা সন্নিবিষ্ট কৰা হয়। সমতাৰ নীতি, পিছপৰা জাতি বা গোষ্ঠীৰ সংৰক্ষণৰ নীতি, ন্যায় প্রদান, ধর্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা আদিৰ বাবে সংবিধানে ব্যৱস্থা কৰিবলগা হয়। এই প্রত্যাহ্বনসমূহৰ সুমীমাংসা পোৱাৰ বাবে আৰু ভাৰতীয় গণতন্ত্র সুচাৰুৰূপে বর্তি থাকিবলৈ লোৱা ব্যৱস্থাসমূহৰ বাবেই ভাৰতৰ সংবিধানখন বিশ্বৰ এক জটিল আৰু বৃহৎ সংবিধানত পৰিণত হৈছে।