Join WhatsApp

Join Now

Join Telegram

Join Now

কৃষক আৰু নগৰসমূহ Class 12 History Chapter 2 Solutions ২০২৫

By Rabbi Masrur

Published On:

আজি আমি এই লিখনিত আপোনালোকৰ বাবে দ্বাদশ শ্রেণীৰ কৃষক আৰু নগৰসমূহ Class 12 History Chapter 2 Solutions, প্রশ্ন উত্তৰ দিবলৈ প্রাইস কৰিছো আশা কৰো সহায় হব।

কৃষক আৰু নগৰসমূহ Class 12 History Chapter 2 Solutions

কৃষক আৰু নগৰসমূহ Class 12 History Chapter 2 Solutions ২০২৫

ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অর্থব্যৱস্থা (খ্রীঃপূঃ ৬০০)

ক-অংশ

দ্বিতীয় অধ্যায়

ক. অতি চমু উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ১)

১। ‘অর্থশাস্ত্ৰ’ৰ ৰচন কোন?

উত্তৰ: কৌটিল্য (চাণক্য)।

২। আটাইতকৈ শক্তিশালী মহজান পদখনৰ নাম কি?

উত্তৰ: মগধ।

৩। মগধৰ প্ৰাৰম্ভিক ৰাজধানীখনৰ নাম কি আছিল?

উত্তৰ : ৰাজগৃহ।

৪। ‘ইণ্ডিকা’ নামৰ পুথিখনৰ ৰচিয়তা কোন?

উত্তৰ: মেগাস্থেনিছ।

৫। ভাৰতৰ প্ৰাচীন ইতিহাস চৰ্চাৰ অন্যতম প্রধান সমল কি?

উত্তৰ: লিপি।

৬। দেৱনাম দিয়া ‘পিয়াদর্শ’ উপাধি পোৱা ৰজাজন কোন আছিল?

উত্তৰ: অশোক।

৭। ‘মেগালিথ’ মানে কি?

উত্তৰ: ‘মেগালিথ’ মানে শিলৰ বিস্তৃত গাঁথনি দিয়াৰ ব্যবস্থা।

৮। কোনে সুদর্শন হ্রদ নিৰ্মাণ কৰাইছিল?

উত্তৰ: ‘সুদর্শন হ্রদ’টো পোনতে মৌর্য যুগৰ এজন প্রশাসকে নির্মাণ কৰাইছিল। পিছত ই নষ্ট হৈ যোৱাত ৰুদ্র দমনে দ্বিতীয়বাৰ নিৰ্মাণ কৰায়।

৯। অশোকৰ সৰহ সংখ্যক লিপি কি ভাষাত লিখা হৈছিল? H. S. ’18

উত্তৰ: প্রাকৃত ভাষাত।

১০। ‘পেৰিপ্লাছ অৱ দ্য ইৰিথ্রিয়ান’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?

উত্তৰ এজন গ্রীক নাবিকে খ্রীষ্টিয় প্রথম শতাব্দীত।

১১। খাৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল? H. S. ’17

উত্তৰ: জেমছ প্রিন্সচেপে।

১২। ব্রহ্মলিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল?

উত্তৰ: জেমছ প্রিন্সচেপে।

১৩। কেতিয়া আৰু কোনে প্রথম সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল?

উত্তৰ: কুশান ৰজাসকলে খ্রীঃপূঃ প্রথম শতাব্দীত।

১৪। মৌর্য সাম্রাজ্য কিমান বছৰ ধৰি বৰ্তি আছিল?

উত্তৰ: আনুমানিক ১৫০ বছৰ।

১৫। ‘দেৱতাৰ সন্তান’ উপাধি কোনে গ্রহণ কৰিছিল?

উত্তৰ: কুশান বংশৰ বহু ৰজাই।

১৬। পাটলিপুত্ৰৰ বিকাশ ক’ৰ পৰা হৈছিল?

উত্তৰ: পাটলিগ্রাম নামৰ এখন সৰু গাওঁৰ পৰা।

১৭। প্রভাবতী গুপ্তা কোন আছিল?

উত্তৰ : গুপ্ত ৰজা দ্বিতীয় চন্দ্রগুপ্তৰ জীয়ৰী আছিল।

১৮। কেতিয়া মৌর্য যুগৰ পতন ঘটিছিল?

উত্তৰ: খ্ৰীষ্টপূর্ব ১৮৫ ৩।

১৯। গুপ্ত যুগৰ আৰম্ভ হয় কেতিয়া?

উত্তৰঃ ৩২০ খৃঃত।

২০। মগধ ৰাজ্যখন কেনেকৈ ১৬ খন মহাজন পদবোৰৰ ভিতৰত অতি শক্তিশালী হৈ পৰিছিল? H. S. ’15

উত্তৰ: মগধ ৰাজ্যখন বছ খন মজাহনপদবোৰৰ ভিতৰত অতি শক্তিশালী হৈ উঠাৰ কাৰণ কৌটিল্যব নামৰ মন্ত্ৰীজনৰ সজ পৰামৰ্শ আৰু কৌশলপূর্ণ প্রশাসন ব্যৱস্থা।

২১। লিপি বুৰঞ্জীৰ কি সমলৰ অন্তৰ্ভূক্ত? H. S. ’18

উত্তৰ: লিপি বুৰঞ্জীৰ প্ৰত্নতাত্বিক সমলৰ অন্তৰ্ভূক্ত।

২১। অশোকৰ লিপিত কি কি আখৰ ব্যৱহাৰ কৰা হৈছিল? H. S. ’18

উত্তৰ: অশোকৰ লিপিত প্রাকৃত আৰু খৰোষ্ঠী আখৰ ব্যৱহাৰ কৰা হৈছিল।

২২। মৌৰ্যসকলৰ পিছত ক্ষমতাত অধিষ্ঠিত হোৱা ৰাজবংশ দুটাৰ নাম লিখা। H. S. ’20

উত্তৰ: শুংগ বংশ আৰু কাম্ব বংশ।

২২। হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম লিখা। H. S. ’20

উত্তৰ : গম।

২৩। গুপ্ত সম্রাট সমুদ্রগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল? H. S. ’20

উত্তৰ: হৰিসেন।

২৪। শূদ্ৰকৰ ৰচিত বিখ্যাত সংস্কৃত গ্ৰন্থখনৰ নাম লিখা। H. S. ’20

উত্তৰ: মৃচ্ছকটিকা।

২৫। জৈন ভিক্ষু আৰু ভিক্ষুণীসকলে কৰা পাঁচটা অংগীকাৰৰ যিকোনো এটা উল্লেখ কৰা। H. S. ’20

উত্তৰ: কেতিয়াও মিছা কথা নোকোৱা।

খ. চমু উত্তৰৰ প্ৰশ্ন: (প্রত্যেকটোৰ মূল্যাংক- ২)

১। মহাজনপদ বুলিলে কি বুজা?

উত্তৰ: খ্ৰীঃপূঃ ষষ্ঠ শতাব্দীত ভাৰতবৰ্ষত কিছুমান সৰু সৰু ৰাজ্যৰ জন্ম হৈছিল সেইবোৰক ‘মহাজনপদ’ বুলি কোৱা হয়। কেইখনমান মহাজনপদ হ’ল: কাশী, কোশল, অংগ, মগধ, পাঞ্চাল, কুৰু, বৎস, চেদী, মল্ল আদি।

২। ‘সংগম সাহিত্য’ মানে কি?

উত্তৰ: প্রাচীনকালত ভাৰতৰ চোল ৰজাসকলৰ দিনত প্রায় তিনিৰ পৰা চাৰি শতিকা জুৰি এক প্ৰকাৰৰ সাহিত্যই বিকাশ লাভ কৰিছিল। সেইবোৰ সাহিত্যক ‘সংগম সাহিত্য’ বুলি কোৱা হয়। এই সাহিত্যৰ লগত জড়িত কবি-সাহিত্যিকসকলে চোল ৰজাসকলৰ ৰাজসভাত মিলিত হৈছিল।

৩। ‘পিয়দাসী ‘মানে কি? ইয়াৰ যোগেদি কাক বুজোৱা হৈছে?

উত্তৰ: ‘পিয়দাসী’ মানে দেৱতাসকলৰ প্রিয়। ইয়াৰ যোগেদি সম্রাট অশোকৰ নাম আৰু উপাধি বুজোৱা হৈছে।

৪। মৌর্য সাম্ৰাজ্যৰ পতনৰ পিছত উত্থান হোৱা কেইটামান আঞ্চলিক শক্তিৰ নাম লিখা।

উত্তৰ: মৌর্য সাম্ৰাজ্যৰ পতনৰ পিছত উত্থান হোৱা কেইটামান আঞ্চলিক শক্তি হ’ল: কাম্ব বংশ, যবনসকল, শুংগ বংশ, মানসকল, বাহিলক গ্রীক ৰজাসকল আদি।

৫। গীল্ড বা শ্রেণী মানে কি?

উত্তৰ: মৌর্য যুগত শিল্পী আৰু কাৰিকৰসকলৰ নেতৃত্বত বিভিন্ন ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল। লগে লগে একে বৃত্তিৰ শিল্পী বা কাৰিকৰসকলৰ মাজত সিহঁতৰ স্বাৰ্থ ৰক্ষাৰ্থে কিছুমান সংঘ গঢ়ি উঠিছিল। সেই সংঘবোৰক ‘গীল্ড’ বুলি কোৱা হৈছিল।

৬। মহাজনপদ আৰু গণসংঘৰ দুটা প্রধান বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ: মহাজনপদবোৰ সাধাৰণতে ৰাজতান্ত্রিক আছিল। আনহাতে গণসংঘবোৰ পৰিচালনাৰ বাবে একো একোখন পৰিষদ আছিল।
মহাজনপদবোৰৰ স্থায়ীত্ব কম আছিল। আনহাতে গণসংঘবোৰৰ কিছুমান এহেজাৰ বছৰ পৰ্যন্ত বর্তি থকাৰ প্ৰমাণ পোৱা যায়।

৭। ধর্মসূত্ৰবোৰৰ ৰচক কোন? ধর্মসূত্ৰবোৰত কি লিখা হৈছিল?

উত্তৰ: ধর্মসূত্ৰবোৰৰ ৰচক আছিল ব্রাহ্মণসকল। ধর্মসূত্ৰবোৰত দেশৰ শাসক আৰু প্রজাসাধাৰণৰ বাবে কিছুমান নীতি-নিয়ম নির্ধাৰণ কৰা হৈছিল। সেই শাস্ত্ৰবোৰত ৰজাসকল যে দক্ষতাপূর্ণ হ’ব লাগে সেই বিষয়ে উল্লেখ কৰিছিল আৰু বিভিন্ন পক্ষৰ পৰা ৰজাই উঠাব লগা কৰৰ বিষয়েও উল্লেখ কৰিছিল।

৮। ষোল্লখন মহাজনপদবোৰৰ নাম কি কি?

উত্তৰ: যোল্লখন মহাজনপদবোৰৰ নাম হ’ল: কোশল, কাশী, কম্বোজ, কুৰু, অংগ, মগধ, বিজ্জি, মল্ল, চেদী, বৎস, পাঞ্চাল, মৎস্য, শূৰসেন, অশ্মক, অবন্তী আৰু গান্ধাৰ।

৯। মনুস্মৃতি কি? ইয়াত ৰজাসকলৰ প্ৰতি কি উপদেশ দিয়া হৈছিল?

উত্তৰ: ‘মনুস্মৃতি’ হৈছে মনুয়ে ৰচনা কৰা এখন আইন বিষয়ক গ্রন্থ। এইখন সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল। এই গ্রন্থখনত ৰজাক দেশৰ সীমা নির্ধাৰণৰ বাবে কিছুমান উপদেশ দিয়া হৈছে। উপদেশত কোৱা হৈছিল যে ৰাজ্যৰ সীমা লঙ্ঘন কৰাৰ বাবে দেশত বাৰে বাৰে বিবাদ হোৱা দেখা গৈছিল। সেয়ে ৰজাই ৰাজ্যৰ সীমা চিনাক্তকৰণৰ বাবে কিছুমান গোপন চিন মাটিত পুতি ৰাখিব লাগে।

১০। লিপি বুলিলে কি বুজা? H. S. ’16

উত্তৰ: শিল, ধাতু নাইবা হস্তনির্মিত পাত্ৰাদিৰ পৃষ্ঠ তথা বহিঃপার্শ্বৰ কঠিন ভাগত খোদাই কৰা লেখনিসমূহক ‘লিপি’ বুলি কোৱা হয়। প্রাচীন ৰজাসকলৰ দিনত বহুতো লিপি লিখা হৈছিল। সাধাৰণতে লিপিবোৰত ৰজা বা নেতৃস্থানীয় ব্যক্তিৰ কৃতিত্ব, কার্যকলাপ আৰু লিপিকাৰসকলক নিয়োজিত কৰা ব্যক্তিৰ বিষয়ে বিৱৰণ পোৱা যায়। ৰজাৰ কীৰ্তি বা পৱিত্ৰ স্থানত কোনো মানুহে দান আগবঢ়ালেও সেইবোৰ লিপিত খোদিত কৰা হৈছিল। কিছুমান লিপিত চন, তাৰিখ দিয়া হৈছিল।

১১। ‘এলাহাবাদ প্রশস্তি’ বা শিলালিপিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ হৰিসেন নামৰ এজন সংস্কৃত পণ্ডিতে ‘এলাহাবাদ প্রশক্তি’ নামৰ শিলালিপিটো ৰচনা কৰিছিল। এই লিপিখনত গুপ্ত সম্রাট সমুদ্রগুপ্ত আৰু তেওঁৰ শাসনকালৰ বিষয়ে বর্ণনা আছে। লিপিটোত লিখা আছে যে সমুদ্রগুপ্ত অকল এজন দিগ্বিজয়ী বীৰেই নাছিল, তেওঁ আছিল তীক্ষ্ণ বুদ্ধিসম্পন্ন, সুদক্ষ প্রশাসক, কবি, সংগীতজ্ঞ আৰু প্রতিভাসম্পন্ন ব্যক্তি।

১২। নায়কসকল কোন আছিল?

উত্তৰ: নায়কসকল আছিল দাক্ষিণাত্যৰ একো একোজন শক্তিশালী ব্যক্তি। সিহঁতৰ প্রধান কাম আছিল ধর্মীয় অনুষ্ঠান পৰিচালনা কৰা, যুদ্ধৰ সময়ত নেতৃত্ব দিয়া আৰু বিবাদ মীমাংসা কৰা। নায়কসকলে তেওঁলোকৰ অনুগামীসকলৰ পৰা উপঢৌকন লৈছিল। সিহঁতৰ পদবোৰ বংশানুক্রমিক আছিল নে নাই সেই বিষয়ে একো জানিব পৰা হোৱা নাই।

১৩। ‘হর্ষচৰিত’ৰ লিখক কোন? এই গ্রন্থৰ বিষয়-বস্তু কি?

উত্তৰ: ‘হৰ্ষচৰিত’ৰ লিখক হ’ল বাণভট্ট। এই গ্রন্থখন ৰজা হর্ষবর্ধনৰ জীৱনী। ইয়াত তেওঁৰ ৰাজত্বকালৰ বিষয়ে বর্ণনা থকাৰ উপৰিও বিন্ধ্য পৰ্বতৰ এখন কাষৰীয়া সৰু গাওঁৰ জীৱন ধাৰাৰ বিষয়ে বর্ণনা পোৱা যায়।

১৪। গুজৰাটৰ গিৰিণা বা সুদর্শন হ্ৰদৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ : বৰ্তমান গুজৰাটৰ গিৰিণা নামে ঠাইত প্রাচীন কালত এটি অতি মনোমোহা কৃত্রিম হ্রদ আছিল বুলি দ্বিতীয় শতিকাৰ এখন শিলালিপিৰ পৰা জানিব পৰা যায়। শিলালিপিৰ মতে হ্রদটো মৌর্য যুগত খনন কৰা হৈছিল। ইয়াৰ চাৰিওপিনে মাথাউৰি নিৰ্মাণ কৰা হৈছিল। প্রয়োজন অনুসৰি হ্ৰদটোৰ পৰা নলীৰে পানী বোৱাই নি খেতি-পথাৰত যোগান ধৰা হৈছিল। কিন্তু কালক্ৰমত প্রাকৃতিক কাৰণত হৃদটোৰ বিস্তৰ ক্ষতি হোৱাত শকবংশৰ ৰজা ৰুদ্র দমনে হ্রদটো পুনৰ খনন কৰিছিল।

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক- ৪)

১। পাটলিপুত্ৰ নগৰখনৰ চমু বিৱৰণ দিয়া। H. S. ’20

উত্তৰ: মগধৰ ৰাজধানী আছিল পাটলিপুত্র। মেগাস্থেনিছৰ বিৱৰণৰ পৰা জনা যায় যে এইখন সোণ আৰু গংগাৰ সংগম স্থলত নিৰ্মাণ কৰা হৈছিল। নগৰখনৰ চাৰিওফালে গড়খাৱৈ আছিল আৰু প্ৰাচীৰৰ দ্বাৰা আগুৰা আছিল। ইয়াত প্রায় ৬৪ খন দুৱাৰ আৰু ৫৭০ খন স্তম্ভ আছিল। ই দীঘলে ন মাইল আৰু বহলে ডেৰ মাইল আছিল। ইয়াত বহুতো উদ্যান আছিল। নগৰখন নির্মাণত প্রধানকৈ কাঠ ব্যৱহাৰ কৰা হৈছিল।

২। লিপিতত্ত্ববিদসকলে সম্মুখীন হোৱা সমস্যাবোৰ কি কি?

উত্তৰ : লিপিতত্ত্ববিদসকলে সততে তলত দিয়া সমস্যাসমূহৰ সন্মুখীন হয়-

(ক) লিপিৰ আখৰবোৰ অস্পষ্ট আৰু ভালদৰে খোদিত নোহারাত পাঠোদ্ধাৰত অসুবিধাই দেখা দিয়ে।

(খ) লিপিবোৰ ভালদৰে সংৰক্ষিত হৈ নথকাত সেইবোৰৰ বহুতো অংশ জহি-খহি গৈছে ফলত পঢ়াত আৰু বুজাত অসুবিধা হয়।

(গ) লিপিবোৰত ৰজাৰ বা শাসনকর্তাসকলৰ বিষয়ে প্রশংসামূলক বাণীয়ে প্রাধান্য পোৱাত ৰাজনৈতিক আৰু অর্থনৈতক অৱস্থাৰ বিষয়ে জানিব পৰা নাযায়।

(ঘ) লিপিবোৰৰ সমসাময়িক যুগৰ অন্যান্য তথ্যৰ অভাৱ হোৱা বাবে এক সুস্পষ্ট সিদ্ধান্তত উপনীত হোৱাত অসুবিধা হয়।

ঘ. ৰচনাধৰ্মী উত্তৰৰ প্ৰশ্ন: (প্ৰত্যেকটোৰ মূল্যাংক – ৬)

১। মগধৰ উত্থানৰ কাৰণবোৰ আলোচনা কৰা। H. S. ’15, ’17

উত্তৰ: খ্ৰীষ্টপূর্ব ষষ্ঠ শতিকাত ভাৰতত প্ৰথম ৰাষ্ট্ৰ গঠন প্রক্রিয়া আৰম্ভ হয়। সেই সময়ত ভাৰতত বিভিন্ন প্রান্তত ষোল্লখন সৰু ডাঙৰ ৰাজ্য গঠন হৈছিল। সেইবোৰক ‘মহাজনপদ’ বুলি কোৱা হয়। সেই ষোল্লখন মহাজনপদবোৰৰ ভিতৰত ‘মগধ’ নামৰ ৰাজ্যখন বিশেষ শক্তিশালী হৈ উঠিছিল। মগধৰ উত্থানৰ প্রধান কাৰণবোৰ আছিল

(ক) মগধ ৰাজ্যখনৰ ভূমি অতি সাৰুৱা আছিল। ফলত উভৈনদী শস্য উৎপাদন হৈছিল আৰু অর্থনৈতিক স্বাৱলম্বীতাৰ বাবে মগধৰ উত্থান সহজতৰ হৈছিল।

(খ) প্রাকৃতিকভাৱে মগধখন চাৰিওফালে পাহাৰৰ দ্বাৰা সুৰক্ষিত আছিল। ফলত বাহিৰা শত্ৰুৰ পৰা ই নিৰাপদ হোৱাত এক সুস্থ ৰাজনৈতিক ব্যবস্থা গঢ় লৈ উঠিব পাৰিছিল।

(গ) মগধ ৰাজ্যখন খনিজ সম্পদত চহকী আছিল। ইয়াত প্ৰচুৰ পৰিমাণে লো পোৱা গৈছিল। লোৰ সহায়ত ইয়াৰ লোকসকলে অস্ত্র-শস্ত্র নির্মাণ কৰি যুদ্ধ-বিগ্রহত পার্গত হৈ উঠিছিল।

(ঘ) মগধ ৰাজ্যত সেই সময়ত বহুতো হাতী পোৱা গৈছিল। শাসকসকলে হাতীক প্রশিক্ষিত কৰি যুদ্ধত ব্যৱহাৰ কৰিছিল। ফলত বাহিৰা শত্রুক সৈমান কৰিব পাৰিছিল।

(ঙ) মগধবাসীসকলে গংগা আৰু ইয়াৰ উপনৈসমূহৰ জৰিয়তে অন্যান্য ৰাজ্য আৰু বিদেশৰ সৈতে সহজে বেপাৰ-বাণিজ্য কৰিব পাৰিছিল আৰু অর্থনৈতিকভাৱে চহকী ৰাজ্যত পৰিণত হৈছিল।

(চ) ইয়াৰ উপৰিও মগধ ৰাজ্যত বহুত পণ্ডিত আৰু যোগ্য নেতাৰ আৱিৰ্ভাব হৈছিল যিসকলে ৰাজ্যখনৰ বৌদ্ধিক আৰু ৰাজনৈতিক দিশত বিশেষ প্রভাৱ পেলাইছিল।

২। মৌর্য ইতিহাসৰ সমলবোৰ আলোচনা কৰা।

উত্তৰ: মৌর্য ইতিহাসৰ সমলবোৰ দুটা ভাগত ভাগ কৰিব পাৰি, যেনে লিখিত সমল আৰু প্রত্নতাত্ত্বিকমল। লিখিত সমলবোৰৰ ভিতৰত কৌটিল্যৰ অৰ্থশাস্ত্র, মেগাস্থিনিচৰ ‘ইণ্ডিকা’ নামৰ ভ্ৰমণ বৃত্তান্ত, বৌদ্ধ আৰু জৈন সাহিত্য, পৌৰাণিক সাহিত্য, মুদ্রাৰাক্ষক আদি উল্লেখযোগ্য। আনহাতে প্রত্নতাত্ত্বিক সমলসমূহৰ ভিতৰত অশোকৰ শিলালিপি, স্তম্ভ লিপি, গুহালিপি, স্থাপত্য ভাস্কৰ্ষৰ অবশেষ আদি উল্লেখযোগ্য। লিখিত সমলবোৰৰ ভিতৰত কৌটিল্যৰ অর্থশাস্ত্র অন্যতম। কৌটিল্য আছিল চন্দ্রগুপ্ত মৌর্যৰ মন্ত্রী তথা পৰামৰ্শদাতা। এই গ্ৰন্থখনত মৌৰ্যসকলৰ শাসন ব্যৱস্থাৰ বিভিন্ন বিষয় যেনে ৰাজহ ব্যৱস্থা, ৰাজ কর্তব্য, প্রশাসনীয় বিষয় আদিৰ আলোচনা আছে।

এইখন অধ্যয়ন কৰি সেই যুগৰ ৰাজনৈতিক আৰু অর্থনৈতিক অৱস্থাৰ বিষয়ে জানিব পাৰি। তেনেদৰে চন্দ্রগুপ্ত মৌৰ্যৰ ৰাজ্য ভ্ৰমণ কৰা গ্ৰীক কটকী মেগাস্থেনিচৰ ‘ইণ্ডিকা’ নামৰ গ্ৰন্থখনৰ পৰা সেই সময়ৰ ভাৰতৰ বিষয়ে বহু কথা জানিব পাৰি। মৌর্য যুগৰ বৌদ্ধ আৰু জৈন সাহিত্যৰ লগতে কল্পসূত্র, মহাভাগ্য, গার্গী সাহিত্য, বিষ্ণু পুৰাণ, বিশাখাদত্তৰ মুদ্রাৰাক্ষক আদি গ্ৰন্থৰ পৰা মৌর্য যুগৰ বিষয়ে বিভিন্ন তথ্য জানিব পাৰি। ইয়াৰ ওপৰিও অশোকে ভালেমান ধর্মলিপি প্রস্তুত কৰাই দেশৰ নানা স্থানত স্থাপন কৰিছিল। সেইবোৰৰ পৰা সেই সময়ৰ বিভিন্ন সামাজিক, ধর্মীয় আৰু সাংস্কৃতিক দিশৰ বিষয়ে এক ধাৰণা লাভ কৰিব পাৰি।

৩। মৌর্য শাসন ব্যৱস্থাৰ প্রধান বৈশিষ্ট্যসমূহৰ বিষয়ে লিখা।

উত্তৰ: প্রাচীন ভাৰতৰ এক শক্তিশালী সাম্রাজ্য আছিল মৌর্য সাম্রাজ্য। এই সামাজ্যৰ বিষয়ে কৌটিল্য অর্থশাস্ত্ৰ আৰু গ্ৰীক পর্যটক মেগাস্থেনিচৰ ভ্ৰমণ বৃত্তান্তৰ পৰা বহুতো তথ্য পোৱা যায়। এই তথ্যমতে মৌর্য শাসন ব্যৱস্থাৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-

(ক) এক কেন্দ্রীয় শাসন ব্যৱস্থা: মৌর্য শাসন ব্যবস্থাত ৰজাজনেই আছিল ৰাষ্ট্ৰ তথা শাসনৰ প্ৰধান মুৰব্বী। ৰজাজনক সহায় কৰিবলৈ এক মন্ত্রী পৰিষদ আছিল যদিও ৰজাই সিহঁতৰ পৰামৰ্শ মানি চলাটো বাধ্যতামূলক নাছিল।

(খ) প্রাদেশিক শাসন ব্যৱস্থা: শাসনৰ সুবিধাৰ বাবে মৌর্য সাম্রাজ্যখন কেইবাটাও প্রদেশত বিভক্ত আছিল। এই প্রদেশবোৰৰ শাসন কাৰ্য পৰিচালনাৰ বাবে ৰাজবংশৰ লোকক নিয়োগ কৰা হৈছিল।

(গ) স্থানীয় শাসন ব্যৱস্থা: মৌর্য যুগত স্থানীয় শাসন ব্যৱস্থাৰ প্ৰচলন আছিল। বিশেষকৈ তিনিখন প্রধান নগৰ যেনে পাটলিপুত্র, কৌশম্বী আৰু তক্ষশীলাত স্থানীয় শাসনৰ ব্যৱস্থা আছিল। এনে স্থানীয় শাসন ব্যৱস্থাৰ সমিতিত ছয়জন সদস্য আছিল। গাওঁবোৰ পঞ্চায়তী ব্যৱস্থাৰ দ্বাৰা পৰিচালিত হৈছিল।

(ঘ) বিচাৰ ব্যৱস্থা: মৌয্য যুগত দেৱানী আৰু ফৌজদাৰী বিচাৰ ব্যৱস্থাৰ প্ৰচলন আছিল। ফৌজদাৰী আইন অতি কঠোৰ আছিল। এনে আইনৰ অধীনত অপৰাধীক প্রাণদণ্ড, অংগচ্ছেদ আদি শাস্তি দিয়া হৈছিল।

(ঙ) সৈন্য বাহিনী: মৌর্য শাসন ব্যবস্থাত এক শক্তিশালী আৰু সুপৰিচালিত সৈন্য বাহিনী আছিল। সামৰিক বিভাগটো ছয় খন সমিতিৰ দ্বাৰা পৰিচালিত হৈছিল। সেনা বাহিনীত পদাতিক বাহিনীৰ লগে লগে হাতী বাহিনী আছিল বুলি জনা যায়।

৪। হর্ষ চৰিতত উল্লেখ থকা এখন সৰু গাঁৱৰ বিষয়ে চমুটোকা লিখা।

উত্তৰ: ‘হৰ্ষ চৰিত’ গ্রন্থখন বাণভট্টই ৰচনা কৰা সম্রাট হর্ষবর্ধনৰ এখন জীৱনীমূলক গ্রন্থ। এই গ্রন্থখনত হর্ষবর্ধনৰ জীৱনীৰ লগতে বিন্ধ্য পৰ্বতৰ সমীপৰ এখন গাওঁৰ বিষয়ে বর্ণনা আছে। বানভট্টৰ বৰ্ণনাৰ পৰা জনা যায় যে সেই গাওঁৰ লোকসকলে কোৰেৰে মাটি চহাই খেতি কৰিছিল। নাঙলৰ ব্যৱহাৰ আছিল যদিও সেই ঠাইৰ ভূমি নাঙলেৰে চহ কৰাৰ উপযোগী নাছিল। ভূমিবোৰ জোপোহা বনেৰে আগুৰি আছিল। কৃষকসকলে সিহঁতৰ ভূমিত নানা ধৰণৰ খাদ্য শস্য উৎপাদন কৰিছিল আৰু উদ্বৃত শস্যবোৰ মুৰত কঢ়িয়াই লৈ নিকটবর্তী অঞ্চলসমূহত বিক্রি কৰিছিল।

৫। ‘লিপিসমূহৰ সাখ্যৰ সীমাবদ্ধতা সম্পর্কে ব্যাখ্যা কৰা। H. S. ’19

উত্তৰ: শিল, ধাতু নাইবা হস্তনির্মিত পাত্রাদিৰ পৃষ্ঠ তথা বহিঃপার্শ্বৰ কঠিন ভাগত খোদাই কৰা লেখনিসমূহক ‘লিপি’ বুলি কোৱা হয়। প্রাচীন ৰজাসকলৰ দিনত বহুতো লিপি লিখা হৈছিল। সাধাৰণতে লিপিবোৰত ৰজা বা নেতৃস্থানীয় ব্যক্তিৰ কৃতিত্ব, কার্যকলাপ আৰু লিপিকাৰসকলক নিয়োজিত কৰা ব্যক্তিৰ বিষয়ে বিৱৰণ পোৱা যায়। ৰজাৰ কীৰ্তি বা পবিত্র স্থানত কোনো মানুহে দান আগবঢ়ালেও সেইবোৰ লিপিত খোদিত কৰা হৈছিল। কিছুমান লিপিত চন, তাৰিখ দিয়া হৈছিল। লিপিসমূহ বুৰঞ্জীৰ প্ৰধানসমলৰ বুলি গ্রহণ কৰা হয় যদিও ইয়াৰ সাখ্যৰ কিছুমানসীমাবদ্ধতা আছে, যথা

(ক) লিপিবোৰ বহু পুৰণি বাবে ইয়াৰ পাঠোদ্ধাৰ বৰ কষ্টকৰ।

(খ) লিপিসমূহত মানুহৰ সামাজিক জীৱনৰ বিষয়ে তথ্য পোৱা নাযায়। কিছুমান বিক্ষিপ্ত ৰাজনৈতিক বা ধর্মীয় দিশৰ কথাহে লিপিসমূহত পোৱা যায়।

(গ) লিপিসমূহ যুগ যুগ ধৰি পৰিত্যক্ত অৱস্থাত থকা বাবে তাত খোদিত কৰা আখৰবোৰ ভালদৰে পঢ়িব পৰা নাযায়।

(ঘ) লিপিসমূহৰ সৰহভাগ ৰাজকীয় পৃষ্ঠপোষকতাত লিখা হৈছিল বাবে তাত থকা তথ্যসমূহত পক্ষপাতিত্বৰ দোষ থকাৰ আশংকা আছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×