Join WhatsApp

Join Now

Join Telegram

Join Now

বৰগীত  (উঠৰে উঠ বাপু গোপাল হে Class 12 Assamese Chapter 9 Solutions 25-26

By Rabbi Masrur

Published On:

Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক বৰগীত  (উঠৰে উঠ বাপু গোপাল হে Class 12 Assamese Chapter 9 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

বৰগীত  (উঠৰে উঠ বাপু গোপাল হে Class 12 Assamese Chapter 9 Solutions

বৰগীত  (উঠৰে উঠ বাপু গোপাল হে Class 12 Assamese Chapter 9 Solutions

বৰগীত (উঠৰে উঠ বাপু গোপাল হে) – মাধৱদেৱ

গোট- ২ নির্বাচিত

কবিতা (নম্বৰ ২৫)

কবি পৰিচয়ঃ শ্রী শ্রী মাধবদেৱ হৈছে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্রীশ্রী শংকৰদেৱৰ প্ৰধান শিষ্য আৰু এজন বৈষ্ণৱী সাহিত্যিক। তেওঁৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত। তেওঁ গোটেই জীবন চিৰকুমাৰী হিচাপে কটাই গুৰু শ্রীশংকৰদেৱৰ লগত ছায়াৰ দৰে থাকি অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্রহণ কৰে। তেওঁৰ সাহিত্য কৰ্মৰ ভিতৰত ‘নামঘোষা’ শ্রেষ্ঠ ৰচনা। তেওঁৰ আন আন ৰচনা সমূহ হ’ল:

আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য। তত্ত্বমূলক ৰচনা: নাম মালিকা, ভক্তি ৰত্নাৱলী, জন্ম বহস্য।

নাটক: অর্জুন ভঞ্জন, চোৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি। ইয়াৰ উপৰিও তেওঁ কেইবা কুৰি গীত ৰচনা কৰিছিল যিবোৰক ‘বৰগীত’ বুলি কোৱা হয়। তেওঁৰ ৰচনাৰাজিত সহজ সৰল ঘৰুৱা ভাৱ আৰু ঘৰুৱা শব্দৰ ব্যৱহাৰ পোৱা যায়। কৃষ্ণ মহাত্ম্য প্রকাশ কৰাই তেওঁৰ ৰচনাৰাজিৰ প্রধান বিষয়।

১৫৯৬ চনত কোচবিহাৰত মাধৱদেৱৰ বৈকুণ্ঠ প্রয়াণ ঘটে।

কঠিন শব্দৰ অৰ্থর্থঃ

নিশিঃ বাতি, নিশা। পৰভাত: প্রভাত, ৰাতিপুৱা। তেজঃ ত্যাগ কৰা। নিন্দঃ নিদ্রা, টোপনি। সূচান্দ: চন্দ্ৰটোৰ দৰে সুন্দৰ। বয়ন: মুখ। ভূষণঃ অলংকাৰ। মগন: মগ্ন, নিমজ্জিত হোৱা। সোঃ সেই, (ইয়াত সেইজন অর্থত)। ত্রিজগত পতি: স্বর্গ, মর্ত্য, পাতাল: এই তিনি জগতৰ অধিকাৰী, ভগবান শ্রী কৃষ্ণ। মুৰুখ: মূর্খ।

পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:

(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)

১। মাধৱদেৱৰ ক’ত জন্ম হৈছিল? H.S. ’18

উত্তৰ: মাধৱদেৱৰ জন্ম হৈছিল লক্ষিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

২। শংকৰদেৱ আৰু মাধবদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰ: শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক ‘মণি-কাঞ্চন সংযোগ’ বুলি অভিহিত কৰা হয়।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰ: ‘নামঘোষা’ নামৰ গ্ৰন্থখনক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়।

৪। মাধবদেবে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰ: মাধৱদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।

৫। উঠবে উঠ বাপু গোপাল হে’ বৰগীতটি কি ৰাগত বন্ধা?

উত্তৰঃ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটি ‘কৌ’ ৰাগত বন্ধা।

(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)

১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়-বস্তুক কেইটা ভাগত ভাগ কৰিব পাৰি? ভাগসমূহ উল্লেখ কৰা। H.S. ’17

উত্তৰ: মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিনীযুক্ত গীতসমূহক ‘বৰগীত’ বুলি কোৱা হয়।
বৰগীতৰ বিষয়-বস্তুক ছয় শ্রেণীত ভাগ কৰিব পাৰি, যেনে-

(ক) পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা বিষয়ক।

(খ) কৃষ্ণ আৰু গোপী সকলৰ মাজত হোৱা বিৰহ বিষয়ক।

(গ) সংসাৰৰ প্রতি বিৰক্তি বিষয়ক।

(ঘ) পৰমাৰ্থ বিষয়ক।

(ঙ) শ্রীকৃষ্ণৰ চৌৰ্য কার্য বিষয়ক আৰু

(চ) শ্রীকৃষ্ণৰ চাতুৰি বিষয়ক।

শ্রীকৃষ্ণৰ অৱতাৰী লীলা বিষয়ক গীতবোৰৰ আকৌ চাৰিটা উপভাগ আছে, যেনে জাগৰন, চলন, খেলন আৰু নৃত্যন।

২। ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble Numbers’ বুলি কৈছে?

উত্তৰ : বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাবৰ প্রবাহ লক্ষ্য কৰা যায়। সেইবাবে ড’ বাণীকান্ত কাকতিয়ে বৰগীতসমূহক ‘Noble Numbers’ বুলি কৈছে।

৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি? H.S. ’17, ’24

উত্তৰ : বাৎসল্য ভাবৰ প্ৰকাশ মাধৱদেৱৰ বৰগীতসমূহৰ প্ৰধান বৈশিষ্ট্য। ‘বৎস’ মানে শিশু। ভগৱান শ্রীকৃষ্ণৰ শিশুকালৰ নানান ক্রিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীতসমূহক বাৎসল্য ভাবপ্রধান বুলি কোৱা হয়।

৪। ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে? H.S. ’19

উত্তৰ: ইয়াত শ্রীকৃষ্ণক মাতৃ যশোদাই সকলোৰে শিৰৰ ভূষণ অর্থাৎ সৃষ্টি জগতৰ আৰাধ্য দেৱতা বুলি কৈছে। মাতৃ যশোদাই পুত্র কৃষ্ণক ‘সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোৱাৰ কাৰণ হ’ল কৃষ্ণ হৈছে মানৱ ৰূপত ভগৱান। ভগৱানক আৰাধনা কৰাই হৈছে সকলো ধৰ্মৰ মূল। মাতৃ যশোদাই ভাগ্যব গুণত আৰাধ্য ভগবানক নিজ পুত্ররূপে কোলাত পাইছে।

৫। ‘সিদ্ধ মুনিগণে চিন্তিয়া নপাবে সো হৰি যশোৱা কোলে। – সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে পালে বুজাই লিখা।

উত্তৰ: শ্রীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগবানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্র রূপে লাভকৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪/৫)

১। মাধৱদেৱৰ ‘উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটিৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰ: মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠবে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে যশোদাৰ পুত্র স্নেহৰ লগতে ভগৱান শ্রীকৃষ্ণৰ মানবীয় আৰু ঐশ্বৰিক মহিমা প্রকাশ কৰিছে। যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ শ্রীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাবটি ধৰি বাৰে বাৰে চুমা খাইছে। এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্রকাশ পাইছে।

দ্বিতীয়তে, বৰগীতটিৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্রতিভাত হৈ উঠিছে। সিদ্ধ মনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্র ৰূপে লাভ কৰিছে।
ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰ: মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠবে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটিৰ মাজেদি কবিয়ে যশোদাৰ মাতৃস্নেহৰ এক মনোমুগ্ধকৰ ছবি অংকন কৰিছে। যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ, পৰম আৰাধ্য, যিজনক ঋষি-মনিসকলে বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে সেইজন শ্রীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাবটি ধৰি বাৰে বাৰে চুমা খাইছে। এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্রকাশ পাইছে।

৩। বৰগীতটিৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানবীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা। H.S. ’18

উত্তৰ: মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে শ্রীকৃষ্ণৰ মানবীয় ৰূপ আৰু ঐশ্বৰিক মহিমা প্রকাশ কৰিছে। প্রথমতে, বৰগীতটিত শ্রীকৃষ্ণৰ মানবীয় ৰূপ প্রকাশ পাইছে।

যশোদাই বাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্রিজগতৰ ঈশ্বৰ শ্রীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাবটি ধৰি বাৰে বাৰে চুমা খাইছে।

দ্বিতীয়তে, বৰগীতটিৰ মাজেদি কৃষ্ণৰ ঐশ্বৰিক ৰূপ আৰু মাহাত্ম্যৰ কথাও প্রতিভাত হৈ উঠিছে। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগবানক পৰম ভক্তিৰ বলত যশোদাই পুত্র ৰূপে লাভ কৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা দাঙি ধৰা হৈছে।

৪। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উত্তৰ: মাধৱদেৱৰ দ্বাৰা বিৰচিত ‘উঠবে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটি এটি বাৎসল্য ভাৱৰ বৰগীত। বৰগীতটিৰ জৰিয়তে কবিয়ে ভক্তৰ অধীন যে ভগৱান সেই কথা প্রকাশ কৰিছে।

শ্রীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ। সিদ্ধ মুনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্র ৰূপে লাভকৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা সুন্দৰকৈ দাঙি ধৰা হৈছে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ ত্রিজগত পতি ভকতি মিলিল মূখ মাধবে বোলে। H.S. 19

উত্তৰ: উপৰোদ্ধৃত কবিতা ফাকি মহাপুৰুষ মাধদেৱ বিৰচিত ‘উপৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটোৰ পৰা তুলি দিয়া হৈছে।
উদ্ধৃত কবিতা ফাকিৰ জৰিয়তে ভক্তৰ অধীন যে ভগৱান সেই গুঢ় সত্য কথাষাৰ দাঙি ধৰিবলৈ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে।
শ্রীকৃষ্ণ হৈছে মানৱ ৰূপত ভগৱানৰ অৱতাৰ। তেওঁ হৈছে ত্ৰিজগতৰ ঈশ্বৰ, সকলো আৰাধনাৰ মূল। সিদ্ধ মনি আৰু ঋষিসকলে যিজন ভগৱানক বহু সাধনাৰ পাছতো লাভ কৰিব নোৱাৰে, সেইজন ভগৱানক পৰম ভক্তিৰ বলত যশোদাই পুত্র ৰূপে লাভকৰিছে। ইয়াৰ জৰিয়তে ভক্তিৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰি ভগৱান যে ভক্তৰ অধীন সেই কথা সুন্দৰকৈ দাঙি ধৰা হৈছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ:

১। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়াঃ

(ক) কোন শ্ৰেণীৰ গীতক ‘বৰগীত’ আখ্যা দিয়া হয়?

উত্তৰ: মহাপুৰুষ শ্রী শংকৰদেৱ আৰু মাধৱদেৱে ভক্তি ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে চৈধ্য প্রসংগত গাব পৰাকৈ ভগৱান শ্রীকৃষ্ণ আৰু ৰামৰ লীলা মাহাত্ম্য প্রকাশ কৰি ৰচনা কৰা আধ্যাত্মিক ভাবসম্পন্ন গীতসমূহক ‘বৰগীত’ বুলি কোৱা হয়।

(খ) শংকৰদেৱ-মাধবদেৱে বিৰচিত গীতসমূহক কিয় ‘বৰগীত’ বুলি কোৱা হয়?

উত্তৰ: শংকৰ-মাধৱদেৱে ৰচনা কৰা আধ্যাত্মিক গীতসমূহ ভার, ভাষা, ৰাগ আৰু তালত সমসায়িক অন্যান্য গীতসমূহৰ পৰা পৃথক আছিল বাবে বৈষ্ণব ভক্তসকলে সেই গীতবোৰক ‘বৰগীত’ অর্থাৎ শ্রেষ্ঠ গীত বুলি নামকৰণ কৰিছিল।

(গ) বৰগীতসমূহ কি ভাষাত ৰচিত? H.S. ’19

উত্তৰ : বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত।

(ঘ) মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড ভাঙনি কৰিছিল? H.S. ’20

উত্তৰ মাধৱদেৱে ৰামায়ণৰ আদিকাণ্ড অসমীয়ালৈ ভাঙনি কৰিছিল।

(ঙ) শংকৰদেৱ আৰু মাধৱদেবে মুঠ কেইটা বৰগীত ৰচনা কৰিছিল? H.S. ’19

উত্তৰ ঃ শংকৰদেৱে মুঠ বাৰকুৰি বৰগীত বচনা কৰিছিল যদিও বর্তমান একুৰি চৈধ্যটা পোৱা গৈছে। আনহাতে মাধৱদেৱে মুঠ ১৫৭ টা বৰগীত ৰচনা কৰিছিল।

(চ) মাধৱদেৱৰ বৰগীতক ভাৰতীয় আন কোন দুগৰাকী কবিৰ গীতৰ লগত তুলনা কৰিব পাৰি? H.S. ’20

উত্তৰ: মাধৱদেৱৰ বৰগীতক ভাৰতীয় কবিৰ দাস আৰু তুলসী দাস নামৰ দুগৰাকী কবিৰ গীতৰ লগৰত তুলনা কৰিব পাৰি।

(চ) প্রসংগ সংগতি দর্শাই বাখ্যা কৰাঃ উঠৰে উঠ বাপু গোপাল হেনিশি পৰভাত ভৈল। কমল নয়ন, বুলি ঘনে ঘন, যশোৱা ডাকিতে লৈল।’ H.S. ’20

উত্তৰ: উপৰোদ্ধৃত কবিতা ফাকি মহাপুৰুষ মাধদেৱ বিৰচিত ‘উপৰে উঠ বাপু গোপাল হে’ শিৰোনামাৰ বৰগীতটোৰ পৰা তুলি দিয়া হৈছে।
উদ্ধৃত কবিতাফাকিৰ মাজেদি বালক শ্রীকৃষ্ণৰ প্রতি যশোদাৰ মাতৃস্নেহৰ এক মনোমুগ্ধকৰ ছবি অংকিত হৈছে। যশোদাই ৰাতিপুৱাৰ লগে লগে মৰমতে পুত্র কৃষ্ণক বাপু, কমল নয়ন, প্রাণধন, গোপাল আদি বিভিন্ন নামেৰে বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছে। ত্ৰিজগতৰ ঈশ্বৰ, পৰম আৰাধ্য, যিজনক ঋষি-মনিসকলে বহু সাধনাৰ পাছতো লাভকৰিব নোৱাৰে সেইজন শ্রীকৃষ্ণক নিজৰ পুত্ৰ ৰূপে পাই যশোদা পৰম আনন্দিত। তেওঁ কৃষ্ণক বুকুত সাবটি ধৰি বাৰে বাৰে চুমা খাইছে। এনেদৰে বৰগীতটিৰ মাজেদি যশোদাৰ মাতৃ স্নেহ প্রকাশ পাইছে।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment

×