Class 12 Assamese Question Answer ৰ প্ৰশ্নোত্তৰ, নোট বা সহায়িকা বিচাৰি আছে। হয়, চিন্তাৰ কোনো কাৰণ নাই। আমাৰ এই লিখনিত Assamese বিষয়ৰ পাঠভিত্তিক বৈজ্ঞানিক কিদৰে গঢ়িব পাৰোঁ মানসিকতা Class 12 Assamese Chapter 8 Solutions ৰ প্ৰশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
বৈজ্ঞানিক কিদৰে গঢ়িব পাৰোঁ মানসিকতা Class 12 Assamese Chapter 8 Solutions
বৈজ্ঞানিক কিদৰে গঢ়িব পাৰোঁ মানসিকতা – ড° দীনেশ চন্দ্র গোস্বামী
লেখক পৰিচয়: ড. দীনেশ চন্দ্র গোস্বামী (১৯৪৯) এজন অসমীয়া বিজ্ঞানী আৰু প্রখ্যাত বিজ্ঞান বিষয়ক লিখক। ড° দীনেশ চন্দ্র গোস্বামীৰ জন্ম হয় ১৯৪৯ চনত। তেওঁ ৰঙিয়া হাই স্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীর্ণ হৈ গুৱাহাটীৰ কটন কলেজত কলেজীয়া শিক্ষা লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ আৰু পি. এইচ. ডি. ডিগ্রী লাভ কৰে। গুৱাহাটীৰ বি. বৰুৱা কলেজত শিক্ষকতাৰে কৰ্ম জীৱনৰ পাতনি মেলা ডক্টৰ গোস্বামীয়ে পিছৰ কালছোৱা কটন কলেজত শিক্ষক হিচাপে, নতুন দিল্লীৰ বৈজ্ঞানিক আৰু উদ্দ্যোগিক গৱেষণা পৰষিদ আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰত বৈজ্ঞানিক হিচাপে সেবা আগবঢ়ায়। আঞ্চলিক গবেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে ২০০৯ চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।
অসমীয়া বিজ্ঞান সাহিত্যলৈ গোস্বামীৰ বিশেষ অবদান আছে। তেওঁ জনপ্রিয় বিজ্ঞান আৰু কল্প বিজ্ঞান বিষয়ক প্রায় আঢ়ৈ কুৰিমান গ্রন্থ ৰচনা কৰিছে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য গ্রন্থবোৰ হ’ল-বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানী, জোনাকীৰ জিলিকনি, উষ্ণ প্রবাহ, মোহনীয় বিশ্বব্রহ্মাণ্ড আদি। এইবোৰ গ্ৰন্থৰ উপৰিও তেওঁৰ ১৭ খন অনুবাদ গ্রন্থও প্রকাশ পাইছে। ‘দৃষ্টি’ নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেখেত কেইবাবছৰো সম্পাদক আছিল। অসম সাহিত্য সভাই প্রকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ৰ তিনিটাখণ্ডৰ তেওঁ মুখ্য সম্পাদক আছিল।
কঠিন শব্দৰ অৰ্থঃ
উপকল্পঃ উপবিধি। আঁকোৰ-গোজঃ যি কথা বা কামত নিজৰ মতৰ পৰা কোনোপধ্যেই আঁতৰি নাযায়।
পাঠভিত্তিক (আর্হি) প্রশ্ন-উত্তৰ:
(ক) অতি চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ১)
১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? H.S. ’17
উত্তৰ: ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্রবন্ধটি লিখৰ ড’ দীনেশ চন্দ্র গোস্বামীৰ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।
২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ কি? H.S. ’18
উত্তৰ: বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে- ই অতি ক্ষুদ্র ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে ছিটা আৱিষ্কাৰ কৰিছে।
৩। আমৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যবস্থাটোক কি বুলি কোৱা হয়?
উত্তৰ: আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যবস্থাটোক ‘বিজ্ঞান’ বুলি কোৱা হয়।
৪। যাদু-মন্ত্র বা তাবিজ প্রভৃতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?
উত্তৰ: যাদু-মন্ত্র বা তাবিজ প্রভৃতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।
৫। ড° দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।
উত্তৰ: ড° দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ’ল ‘দৃষ্টি’।
(খ) চমু প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ২/৩)
১। সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?
উত্তৰ: সপোন হৈছে মানুহৰ অৱচেতন মনৰ এক অস্পষ্ট ধাৰণাহে। ইয়াৰ কোনো বাস্তর ভিত্তি নাই। কিছুমান মানুহে সপোনত কোনো ৰোগৰ ঔষধ পোৱা বুলি দাবি কৰে যদিও সেইবোৰ গ্ৰহণ কৰা উচিত নহয়। কাৰণ কোনো ৰোগৰ ঔষধ বিবিধ পৰীক্ষা-নিৰীক্ষা কৰিহে প্ৰস্তুত কৰা হয়। কিন্তু সপোনত ৰোগ আৰু ঔষধৰ কোনো সামঞ্জস্য নাথাকে। সেয়ে সপোনত পোৱা ঔষধ গ্রহণ কৰিলে হিতৰ বিপৰীতে ৰোগীৰ প্ৰাণ নাশৰ শংকা থাকে।
সেয়ে সপোনত পোৱা বুলি দাবী কৰা ঔষধ ব্যৱহাৰ কৰা অনুচিত।
২। বাহ্যিক জীবনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যবান অবদান কি?
নাইবা
বিজ্ঞানৰ মানব জাতিলৈ বহু বেছি মূল্যবান অবদান কি কি? H.S. ’20
উত্তৰ: বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মল্যবান অবদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোনো বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সজাই-পৰাই এটি উপকল্প বা ধাৰণা প্রস্তুত কৰে। পিছত নতুন তথ্য আৰু পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্রহণ কৰে।
৩। মুকলি মন মানে কি?
উত্তৰ: আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মানসিকতাই হ’ল ‘মুকলি মন’।
৪। ভূত-প্রেত, দেবতা-অপদেবতা আদিৰ বাস্তৱ ভিত্তি আছে নে?
উত্তৰ: ভূত-প্রেত, দেবতা-অপদেবতা আদিৰ কোনো বাস্তব ভিত্তি নাই। এইবোৰ মানুহৰ অন্ধবিশ্বাসহে।
৫। আদিম মানুহে জুইৰ ব্যৱহাৰ কিদৰে কৰিছিল?
উত্তৰ: আদিম মানুহ এজনে শিল দলিয়াই থাকোঁতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্রক্রিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্তলৈ আহিল যে শিলে শিলে ঘর্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যযন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে।
(গ) দীঘল প্রশ্ন (প্রতিটো প্ৰশ্নৰ মূল্যাংক: ৪। ৫)
১। আমাৰবিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন কৰাটোৱেই হ’ল বিজ্ঞান’ কথাষাৰ বুজাই লিখা। H.S. ’20
উত্তৰ: আমৰ বিশ্ব ব্রহ্মাণ্ডখন ৰহস্যৰে ভৰপুৰ। অর্থাৎ আমি বিশ্ব ব্রহ্মাণ্ডত যিবোৰ ঘটনা ঘটি থকা দেখি আছে সেইবোৰ ঘটি থকাৰ কিবা নহয় কিবা কাৰণ আছে। আমি সাধাৰণ ধাৰণাৰে সেইবোৰ ৰহস্যৰ কোনো সুউত্তৰ পাব নোৱাৰো। বিজ্ঞানে সেইবোৰ ঘটনাৰ আঁৰত থকা ৰহস্য উদ্ঘাটনৰ বাবে চেষ্টা কৰে। ইয়াৰ বাবে বিজ্ঞানে পর্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা এক সাধাৰণ সিদ্ধান্তত উপনীত হয় আৰু সিদ্ধান্তটো একে জাতীয় আৰু একে পৰিস্থিতিত সঁচা বুলি মানি লোৱা হয়। বর্তমাৈেল বিজ্ঞানে পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বহুত ৰহস্যৰ উদ্ঘাটন কৰিছে। উদাহৰণ স্বৰূপে আমাৰ পৃথিৱীখনত ঋতু পৰিৱৰ্তন কিয় হয় সেয়া বিজ্ঞানে পর্যবেক্ষণ আৰু পৰীক্ষা-নীৰিক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছে যে ই পৃথিৱীৰ আহ্নিক গতি আৰু বার্ষিক গতিৰ ফলত সংঘটিত হয়।
সেয়ে আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন কৰা পৰীক্ষা-নিৰীক্ষাটোকেই বিজ্ঞান বুলি কোৱা হয়।
২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা।
নাইবা
বৈজ্ঞানিক মানসিকতা কাক বোলে? H.S. ’19
উত্তৰ: বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ উচ্চ ডিগ্রীধাৰী হোৱাৰ প্ৰয়োজন নাই। বিজ্ঞানৰ উচ্চ ডিগ্রীধাৰী হ’লেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে অৰ্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ নিৰক্ষৰ হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে।
৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়? H. S. ’24
উত্তৰ: পৰ্যবেক্ষণ আৰু পৰক্ষা-নিৰীক্ষাৰ দ্বাৰা কোনো ঘটনাৰ আঁৰত থকা ৰহস্য উদ্ঘাটনৰ প্ৰচেষ্টাই হ’ল বিজ্ঞান আৰু বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনো ঘটনা বা বস্তু বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াও ভূত-প্রেত, দেবতা-অপদেবতা আদি বিশ্বাস নকৰে যদিয়ে এইবোৰ বিচাৰ বিশ্লেষণৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি। তেনেদৰে বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ তেওঁ জানে যে কোনো বেমাৰৰ ঔষধ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰাহে প্ৰস্তুত কৰা হয়। সেয়ে বৈজ্ঞানিক মানসিকতাই মানুহক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰি সমাজৰ প্ৰগতিত অৰিহণা যোগায়।
৪। প্রসংগ সংগতি দর্শোই ব্যাখ্যা কৰাঃ বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।’ H.S. ’19
উত্তৰ: উক্ত কথাফাকি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত ড° দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক প্ৰৱন্ধৰ পৰা লোৱা হৈছে।
বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে যে মুকলি মনৰ অধিকাৰী হোৱাটো মূল চর্ত তাকে ক’বলৈ গৈ লিখকে উক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
বৈজ্ঞানিক মানসিকতা আকোঁৱালি ল’বলৈ মুক্ত বা মুকলি মনৰ প্ৰয়োজন। পুৰণি চিন্তাধাৰা, অন্ধবিশ্বাস যুক্তিহীন ভাবে খামুচি ধৰি থাকিলে কোনেও কেতিয়াও বৈজ্ঞানিক মানসিকতা গঢ়িব নোৱাৰে। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পূৰ্বৰ বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পর্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্ৰহ কৰি ধাৰণাটোৰ সঁচা-মিছা নির্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত উপনীত হয়। বৈজ্ঞানিকসকলৰ মন সদায় যুক্তি-যুক্তভাবে নতুন আৰু সঁচাটোক আকোঁৱালি ল’বলৈ প্রস্তুত থাকে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনৰ গুৰুত্ব বৰ বেছি।
৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।
উত্তৰ: বৈজ্ঞানক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো অন্ধবিশ্বাস চলি আছে। উদাহৰণ স্বৰূপে মানুহে কিছুমান বেমাৰ ভূত-প্রেত বা কোনো অপদেৱতাৰ বাবে হয় বুলি বিশ্বাস কৰি যাদু-মন্ত্র, তাবিজ-করচ আদি গ্রহণ কৰে।
বৈজ্ঞানিক মানসিকতাৰ অভাৱত মানুহে দূষিত পানী ব্যৱহাৰ কৰি ডায়েৰীয়া, মেলেৰীয়া, জণ্ডিছ আদি নানা বেমাৰৰ দ্বাৰা আক্ৰান্ত হয়।
বৈজ্ঞানিক মানসিকতাৰ অভাৱত মানুহে আঙুলি কাটি তেজ ওলালে তেজখিনি শোহা মাৰি খাই থয়। কিন্তু তেজ চলাচল কৰা তন্ত্রটো আমাৰ আহাৰ জীন নিওৱা তন্ত্রটোৰ পৰা যে পৃথক সেই কথা তেওঁ নাজানে।
অতিৰিক্ত প্রশ্ন-উত্তৰ :
১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া:
(ক) আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লিখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান?
উত্তৰ: আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লিখকৰ মতে ধর্মীয় অনুষ্ঠান।
(খ) দাঁতৰ পোকবোৰ প্ৰকৃততে কি?
উত্তৰ: দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰৰ অণুজীব।
(গ) বসন্ত ৰোগ কিহ’ৰ পৰা হয়?
উত্তৰ: বসন্ত ৰোগ এবিধ ক্ষুদ্র ভাইৰাছৰ পৰা হয়।
(ঘ) বিজ্ঞান বুলিলে কি বুজা?
উত্তৰ: বিভিন্ন ঘটনা পর্যবেক্ষণ কৰা, জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা আৰু বস্তু বা ঘটনা এটিৰ বিষয়ে সুস্থিৰ সিদ্ধান্তলৈ অহাটোৱেই বিজ্ঞান।
(ঙ) বিশুদ্ধ খোৱা পানীৰ অভাৱত কি কি ৰোগ হ’ব পাৰে?
উত্তৰ: বিশুদ্ধ খোৱা পানীৰ অভাৱত ডায়েৰিয়া, মেলেৰিয়ী, জণ্ডিচ আদি ৰোগ হ’ব পাৰে।
(চ) কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে?
উত্তৰ: বুদ্ধি আৰু অনুসন্ধিৎসু- এই দুটা গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে।
(ছ) আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থলে শৰীৰৰ উপকাৰ হয়নে?
উত্তৰ: আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থলে শৰীৰৰ কোনো উপকাৰ নহয়। কাৰণ আমাৰ শৰীৰৰ তেজ চলাচল কৰা তন্ত্রটো আৰু আহাৰ জীন নিওবা তন্ত্র দুটা সম্পূর্ণ বেলেগ বেলেগ।
(জ) তিৰোতা মানুহৰ মাহেকীয়াটো প্রকৃততে কি?
উত্তৰ: তিৰোতা মানুহৰ মাহেকীয়াটো প্রকৃততে এক স্বাভাবিক প্রক্রিয়া। ই কোনো ৰোগ নহয় আৰু ইয়াৰ লগত কোনো জীবাণুও জড়িত নাথাকে। এই সময়ত সিহঁতে দৈনন্দিন কাম কাজ কৰিব পাৰে। মাথো গধুৰ পাত্ৰ দণ্ডা, দৌৰা-দৌৰি আদি কাম কৰিব নালাগে। স্বাস্থ্যকৰ পৰিৱেশত থাকিব লাগে।
(ঝ) আমাৰ সমাজৰ অমানবীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লেখ কৰা ঘটনাটো কি?
উত্তৰ: আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লখ কৰা ঘটনাটো হ’ল ডাইনী হত্যা।
(জ) বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটিৰ লিখক কোন?
উত্তৰ: ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীর্ষক পাঠটিৰ লিখক ডক্টৰ দীনেশ চন্দ্র গোস্বামী।
(ঞ) ডক্টৰ দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ: দীনেশ চন্দ্র গোস্বামীয়ে ৰচনা কৰা দুখন গ্রন্থৰ নাম হ’ল ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ আৰু ‘উষ্ণ প্রবাহ’।
(ঙ) শিশুক দিয়া বেজী-ছিটাৰ কাম কি?
উত্তৰ: শিশুৰ ৰোগ প্ৰতিৰোধ কৰাই বেজী-ছিটাৰ কাম।
২। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়াঃ
(ক) আমি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰোঁ, বুজাই লিখা। H.S. ’17, ’18
উত্তৰ: বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ হলে আমাৰ মন মুকলি হ’ব লাগিব। সকলো কথা যুক্তিৰে চালি-জাৰি চাবলৈ শিকিব লাগিব। আজোককাৰ দিনৰ পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্রগতিত বাধা সৃষ্টিকাৰী প্রথাবোৰ ত্যাগ কৰিব লাগিব। আকৌ কিছুমান মানুহে ভাগ্যক ধিয়াই বহি থাকে। এনে মনোভাব এৰিব লাগিব। এনেদৰে মানুহে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰে।
(খ) প্রাচীন কালত মানুহে বসন্ত ৰোগ হোৱাৰ কাৰণ কি বুলি ভাবিছিল?
উত্তৰ: প্রাচীন কালত বসন্ত ৰোগ শীতলা দেরী বা অন্য দেৱীৰ ৰোষত হোৱা বুলি ভবা হৈছিল। তেনে দেবীক সন্তুষ্ট কৰি ৰোগ আৰোগ্য কৰিবলৈ নানা পূজা, নাম সবাহ আদিৰ আয়োজন কৰা হৈছিল।
(গ) ভূত-প্রেত, দেবতা-অপদেবতা আদিৰ বাস্তৱ ভিত্তি আছেনে? কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, আলোচনা কৰা।
উত্তৰ: ভূত-প্রেত, দেবতা- অপদেবতা আদিৰ কোনো বাস্তব ভিত্তি নাই। প্রাচীন কালৰ পৰাই কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস স্থাপন কৰি আহিছে। এনে বিশ্বাসৰ ফলত সমাজত নানান সমস্যাৰ সৃষ্টি হয়। কেতিয়াবা কোনো লোকৰ ৰোগ হ’লে কিছুমান দুষ্ট মানুহে মানুহৰ অজ্ঞতাৰ সুবিধা লৈ ভূত বা দেবতাই লম্বা বুলি কৈ জৰা-ফুকা দি ধন সংগ্ৰহ কৰে। আকৌ ‘ডাইনী হত্যা’ৰ দৰে জঘন্য অপৰাধো আমাৰ সমাজত ঘটি থাকে।
(ঘ) বিজ্ঞানীসকলে পৰীক্ষা আৰু পর্যবেক্ষণ কার্যত ব্যৱহাৰ কৰা দুটা যন্ত্ৰৰ নাম লিখা। H. S. ’24
উত্তৰ: বিজ্ঞানীসকলে পৰীক্ষা আৰু পর্যবেক্ষণ কৰা কাৰ্যত ব্যৱহাৰ কৰা দুটা যন্ত্ৰৰ নাম হ’ল অনুবীক্ষণ যন্ত্ৰ আৰু দূৰবীণ।
(ঙ) বিজ্ঞানীৰ কাম কি? H.S. ’17
উত্তৰ: বিভিন্ন ঘটনা পর্যবেক্ষণ কৰা, জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনা এটিৰ বিষয়ে সুস্থিৰ সিদ্ধান্তলৈ অহাটোৱেই বিজ্ঞানীৰ কাম।
(ঝ) ‘পদার্থ কণা-ত্বৰক’ কাক বোলে? H.S. ’18, ’20
উত্তৰঃ পদাৰ্থৰ ক্ষুদ্রতম কণাসমূহৰ বেগ ক্রমে বঢ়াই দিয়া যন্ত্র বিশেষক ‘পদার্থ কণা-ত্বৰক’ বোলে।
(ঞ) ‘সর্বঢাক’ মন্ত্র কি? H.S. ’18
উত্তৰঃ সকলো ৰোগ আৰোগ্য কৰা মন্ত্রক ‘সর্বঢাক মন্ত্র’ বোলে।
(জ) বসন্ত ৰোগ প্ৰধানকৈ কোন গৰাকী দেৱৰী ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল? H.S. ’19, ’24
উত্তৰঃ বসন্ত ৰোগ শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল।
(বা) ‘উপকল্প’ শব্দটিৰ অৰ্থ লিখা। H.S. ’20
উত্তৰ: ‘উপকল্প’ শব্দটির অর্থ হ’ল উপবিধি (কোনো বস্তু বা ঘটনা সম্পর্কে প্রাথমিক ধাৰণা)।
(ট) ‘বৃদ্ধাবন’ নামৰ গল্প সংকলনটোৰ ৰচক কোন? H.S. ’19
উত্তৰ: ড° ভবেন্দ্রনাথ শইকীয়া।
(ঠ) ‘প্রকৃষ্ট’ আৰু ‘অনিয়া অনি’ শব্দ দুটাৰ অৰ্থ কি? H.S. ’19
উত্তৰ: ‘প্রকৃষ্ট’ শব্দৰ অৰ্থ হ’ল- উৎকৃষ্ট বা শ্রেষ্ঠ। ‘অনিয়া অনি’ৰ অৰ্থ পৰস্পৰে দায়িত্ব অস্বীকাৰ কৰা।
(ড) প্রকৃত বিজ্ঞানীৰ কাম কেনে হোৱা উচিত পাঠৰ আধাৰত আলোচনা কৰা। H.S. ’20
উত্তৰ: পর্যবেক্ষণ আৰু পৰক্ষা-নিৰীক্ষাৰ দ্বাৰা কোনো ঘটনাৰ আঁৰত থকা ৰহস্য উদ্ঘাটনৰ প্ৰচেষ্টাই হ’ল বিজ্ঞান আৰু বিজ্ঞানসম্মত চিন্তা-চৰ্চাৰে কোনো ঘটনা বা বস্তু বিচাৰ-বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। প্রকৃত বিজ্ঞানীৰ প্ৰথম আৰু প্রধান কাম হৈছে সকলো পূর্ব ধাৰণা বা অন্ধবিশ্বাসক কাতি কৰি থৈ বৈজ্ঞানিক মানসিকতা গঠন কৰা। আন কথাত বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ হলে আমাৰ মন মুকলি হ’ব লাগিব। সকলো কথা যুক্তিৰে চালি-জাৰি চাবলৈ শিকিব লাগিব। আজোককাৰ দিনৰ পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্রগতিত বাধা সৃষ্টিকাৰী প্রথাবোৰ ত্যাগ কৰিব লাগিব। তেওঁ কোনো ৰহস্য বা সমস্যাৰ সমাধান বিচাৰোতে পর্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাক প্রধান ভিত্তি হিচাপে গ্রহণ কৰিব লাগিব। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াও ভূত-প্রেত, দেৱতা-অপদেৱতা আদি বিশ্বাস নকৰে যদিয়ে এইবোৰ বিচাৰ বিশ্লেষণৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি।
(ঘ) বর্তমান যুগটো কিহৰ যুগ? H. S. ’24
উত্তৰ: বিজ্ঞানৰ যুগ।